স্বাধীন নাৰীৰ এটা সংজ্ঞা লাগে- (প্ৰাণজ্যোতি নাথ)

'মাছৰ টেঙা ৰান্ধিব জানানে? তাৰ বিয়া কৰোৱাৰ এটাই চৰ্ত। ছোৱালী মাছৰ টেঙা বনোৱাত পাকৈত হ'ব লাগিব।" – এইটো আছিল কেৱল সুখী গৃহিণী আৰু যোগ্য মাক হোৱাৰ সপোন দেখা গায়ত্ৰী নামৰ ছোৱালীজনীৰ বাছনি পৰীক্ষা। টেঙা আঞ্জা ৰন্ধাৰ দক্ষতাৰে ছোৱালীজনী আমেৰিকালৈ গৈছিল পেনছিলভেনিয়া ইউনিভাৰছিটিৰ এছ'ছিয়েট প্ৰফেছাৰ সিদ্ধাৰ্থ বৰঠাকুৰৰ পত্নী হৈ। শুভাকাংক্ষীৰ ভাষাত তাইৰ কপালেই ফুলিছিল। কিন্তু দুটি সন্তানৰ মাতৃ হোৱাৰ পাছত জীৱনৰ চৰম বিপৰ্যয়টোৰ সন্মুখীন হৈছিল গায়ত্ৰী।

এই গায়ত্ৰী নামৰ ছোৱালীজনীয়েই বিশিষ্ট লেখিকা লীনা শৰ্মাৰ 'সাগৰিকা' (প্ৰকাশক : বনলতা) উপন্যাসখনৰ মূল চৰিত্ৰ। দুটি সন্তান জন্ম হোৱাৰ পাছত যাক স্বামীয়ে পৰিত্যাগ কৰিছিল। এগৰাকী বান্ধৱীৰ সৈতে থাকিবলৈ লৈছিল সিদ্ধাৰ্থ। ল'ৰা-ছোৱালী দুটিৰে সৈতে জীৱন সংগ্ৰাম আৰম্ভ হৈছিল গায়ত্ৰীৰ। আৰ্থিক দৈন্য দশা আঁতৰাবলৈ কাম আৰম্ভ কৰিছিল বেবি ছিটাৰ হিচাপে। এদিন তাড়নাত পৰি মালিকৰ উচ্ছিষ্ট ভক্ষণ কৰাৰ বাবে চাকৰি যোৱা ছোৱালীজনীয়ে মেকড’নাল্ডত নৈশ ডিউটি কৰিবলৈ লৈছিল আৰু জীৱনৰ এই পৰীক্ষাক যোগাত্মক ভাবমূৰ্তিৰে জয় কৰি গৌৰৱ আৰু কাত্যায়নীক মানুহ কৰিছিল। দেউতাকক বিচাৰি ডাঙৰ হোৱা ল'ৰা-ছোৱালী দুটাই এদিন দেউতাকক 'আমাৰ সৰু ঘৰটোত তোমাৰ বাবে ঠাই নহ'ব' বুলি কৈ বিমুখ কৰিব পৰা হৈছিলগৈ। মাক হৈ পৰিছিল সিহঁতৰ পিতৃ, মাতৃ আৰু বন্ধুও। জীৱনৰ দুঃসহ সময়ত কাষত থিয় দিয়া ষ্টিফেনৰ সৈতে থকা মাকৰ আন্তৰিক সম্পৰ্কক এটা নাম দিবলৈ তাগিদা দিব পৰাকৈ গৌৰৱ আৰু কেটি ডাঙৰ হৈছিল। আৰু এই যে গায়ত্ৰীয়ে সৰ্বশেষত এটা সম্পৰ্ক বিচাৰিছিল—একাকী জীৱন কটোৱা মানুহ এজনীৰ এয়া ভুল আছিল নে!!! নিসংগ মানুহ এজনীক সংগ দি এটা যোগাত্মক মেছেজ দিব খোজা ঔপন্যাসিকাক ভাৰতীয় পঢ়ুৱৈয়ে নায়িকাৰ চৰিত্ৰ হননৰ দোষত দোষী কৰি ভণ্ড বুলি যদি কয়, তেন্তে এয়া গায়ত্ৰীৰ প্ৰতি উচিত বিচাৰ হ'বনে!! ‘স্বামী-পৰিত্যক্তা গায়ত্ৰীৰ সুদীৰ্ঘ জীৱন সংগ্ৰামৰ অন্তত সংগসুখৰ কামনা ভণ্ডামি বুলি অভিহিত কিয় কৰা হ'ল?’ … ঠিক এই প্ৰশ্নটোৱেই মই মোৰ খুৰাৰ বয়সৰ এজন ভদ্ৰলোকক পোনপটীয়াকৈ সুধিব খুজিছিলোঁ। যি 'সাগৰিকা' উপন্যাসখন মোৰপৰা পঢ়িবলৈ নিছিল। তেখেতে এটি উচ্চ পৰ্যায়ৰ চৰকাৰী চাকৰি কৰিছিল, তেখেতৰ সহধৰ্মিণী আছিল এখন নামজ্বলা মহাবিদ্যালয়ৰ অধ্যাপিকা। তেখেতে কিতাপখন মোৰপৰা ধাৰলৈ নি প্ৰায় পাছত ঘূৰাই দিছিল আৰু সদম্ভে লেখিকাক ভণ্ড বুলি ঘোষণা কৰোঁতে মই ঠিক ওপৰৰ প্ৰশ্নটোৱেই তেখেতক সুধিব খুজিছিলোঁ। মই উপন্যাসখনৰ খলনায়ক (!) সিদ্ধাৰ্থ বৰঠাকুৰৰ সম্পৰ্কেও তেখেতক দুটা প্ৰশ্ন কৰিব খুজিছিলোঁ। মই তেতিয়া কলেজীয়া ছাত্ৰী মাত্ৰ। মোৰ স্পৰ্ধা দেখি মোৰ মায়ে চকু পকাই মোক বাৰণ কৰিছিল আৰু মানুহজন যোৱাৰ পাছত মোৰ প্ৰশ্নটোত যুক্তি আছে বুলি কৈ মোক সকাহ দিছিল। মোক প্ৰভাৱিত কৰা নায়িকাগৰাকীৰ বিদ্বেষী পুৰুষজনৰ ওপৰত মই জ্বলি-পকি আছিলোঁ আৰু পিছৰবাৰ হ'ষ্টেলৰপৰা ঘৰত থকাকৈ আহোঁতে তেখেতলৈ বুলি 'সাগৰিকা' উপন্যাসখনৰ কপি এটা কিনি আনিছিলোঁ। আৰু উল্লেখ কৰিবলৈ ভাল পাম যে কিতাপখন তেখেতক উপহাৰ দি মই যুদ্ধজয়ৰ আনন্দ পাইছিলোঁ। গায়ত্ৰী আছিল মোৰ বাবে বিদ্ৰোহী নাৰী। স্বাভিমানী চৰিত্ৰ, যুঁজাৰু, স্থিৰ আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল ঋণাত্মক সময়ৰ সৈতে মোকাবিলা কৰাৰ আত্মশক্তি। উচ্ছিষ্ট ভক্ষণ বা নৈৰাশ্য, অথবা গৰ্ভত ধাৰণ কৰা ষ্টিফেনৰ সন্তানৰ কথা ক'বলৈ গৈ আত্মগ্লানিত ভোগা নাই চৰিত্ৰটোৱে। কেৱল মাছৰ টেঙা আঞ্জাৰে সংসাৰৰ হা-হুতাশ দূৰ কৰিব খোজা চৰিত্ৰটোৰ যেন এক জটিল পৰিস্থিতিত মানসিক উত্তৰণ ঘটিছে। যি উত্তৰণ এক বাৰ্তা – সিদ্ধাৰ্থৰ দৰে মনোবৃত্তিৰ নপুংসক সমাজলৈ।

এতিয়া কথা হ’ল, এনে অলপ-অচৰপ যুক্তিৰে ‘সাগৰিকা’ উপন্যাসখন নাৰীবাদী উপন্যাস বুলি কোৱাটো সম্ভৱনে? লেখিকাই 'সাগৰিকা' নাম দিয়াৰ মনস্তত্ত্বক বিচাৰ কৰিলে তাত, সেই নামত বোধহয় কোনো প্ৰতিবাদ, বিদ্ৰোহৰ চিন-মোকাম পোৱা নাযাব। যদি গায়ত্ৰী চৰিত্ৰটোত কোনো সঁচা চৰিত্ৰৰ ছাঁ পৰা নাই, বা এইটো এটি কাল্পনিক চৰিত্ৰ, তেন্তে ক'ব পাৰি নেকি যে ঔপন্যাসিকে ড° ভবেন্দ্ৰনাথ শইকীয়াৰ 'অন্তৰীপ' উপন্যাসৰ মেনকা নামৰ চৰিত্ৰটো মনত কঢ়িয়াই লৈ ফুৰিছিল??? অথবা 'মেনকা'ই তেওঁক প্ৰভাৱিত কৰিছিল বাৰুকৈয়ে আৰু বিদেশৰ মাটিত এক ভিন্ন পটভূমিত 'গায়ত্ৰী' জী উঠিছিল!! প্ৰথিতযশা সমালোচক ড° গোৱিন্দ প্ৰসাদ শৰ্মাদেৱে ১৯৫০ৰ পিছত জন্মা আৰু ২০০৩ৰ ভিতৰৰ নাৰীবাদী উপন্যাস বুলি যি কেইখন উপন্যাসৰ কথা উল্লেখ কৰিছে (‘নাৰীবাদ আৰু অসমীয়া উপন্যাস’ – ড° গোৱিন্দ প্ৰসাদ শৰ্মা, দ্বিতীয় সংস্কৰণ, অসম প্ৰকাশন পৰিষদ) তাত 'সাগৰিকা'ৰ উল্লেখ নাই। এই আলোচনাত তেখেতে 'মধুৰতম সময়' (ৰত্না দত্ত - সহ লেখিকা), 'চাহেবপুৰাৰ বৰষুণ' (অনুৰাধা শৰ্মা পূজাৰী) আৰু 'কল্লোলিনী' (আৰাধনা গোস্বামী)ৰ উল্লেখ কৰিছে যদিও 'কল্লোলিনী'ৰ নায়িকা 'জয়িতা'ৰ বিষয়ে কৈছে যে তেওঁ 'মুক্ত নাৰী হোৱাৰ বাটত আহি থিয় দিও পুনৰ সেই বাটৰপৰা ফালৰি কাটি গ'ল' (‘অসমীয়া উপন্যাসত নতুন নাৰী’ – ড° গোৱিন্দ প্ৰসাদ শৰ্মা)।

এই সকলো কথা অৱতাৰণা কৰাৰ কাৰণ হ'ল এখন বিশেষ কিতাপ পঢ়ি থাকোতে হোৱা অনুভৱ। কিতাপখন হ'ল নাম কৰা লেখিকা মনালিছা শইকীয়াৰ 'আন্দোলিত আকাশ' (তৃতীয় প্ৰকাশ, আঁক-বাক প্ৰকাশন।) উপন্যাসখন পঢ়ি থাকোতে মনলৈ সঘনে অহা ভাবটো হ'ল, মামণিয়ে কিয় দুখবোৰ লুকুৱায়!!! মামণিয়ে কিয় প্ৰতিবাদ নকৰে!!! নিজে দুখী হৈ মাকক নিচুকাব পাৰিবনে মামণিয়ে? নিজে সাহসী নোহোৱাকৈ, পৰিস্থিতিৰ বিপক্ষে প্ৰতিবাদ নকৰাকৈ আৱৰি ৰাখিব পাৰিবনে মাকক! নিজক!!!!?? কোৱা হৈছে, স্কিজ'ফ্ৰেনিয়া ৰোগী মাকক শুশ্ৰূষা কৰি এদিন নিজেই স্কিজ'ফ্ৰেনিয়া ৰোগীলৈ ৰূপান্তৰ হ'ল মামণি। মামণি নামৰ সেই সৰল, অন্তৰ্মুখী চৰিত্ৰটোক কিয় ছাপ্ৰেছ কৰি ৰখা হ'ল, কিয় তাইৰ মুখত প্ৰতিবাদৰ ভাষা দিয়া নহ'ল??? এটা ৰোগক অত্যাচাৰৰ বিৰুদ্ধে মৌন বিপ্লৱ বুলি অভিহিত কৰিব পাৰিনে? দেউতাকৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰত মামণিৰ মাকৰ মৌনতাক, নিৰ্বিকাৰ চেহেৰাক নাৰীবাদী ভাবনা বুলিব পাৰিনে?? পৰিৱৰ্তনৰ বাবে আমি বিদ্ৰোহ কৰোঁ নে জয়ী হ'বৰ বাবে সেইটোও বিচাৰ্য বিষয়। সহজ আত্মতৃপ্তিৰ বাবে ৰণ নে এক সামাজিক অভ্যুত্থানৰ বাবে অঘোষিত যুদ্ধ – কোনটো বাছি ল'লে উপকাৰ হ'ব সিও বিচাৰ্য। শিপাবৰ বাবে যুঁজ নে চলি থাকিবৰ বাবে যুঁজ! এই যে পাঁচ হেজাৰ মানুহ যাৰ অনুৰাগী তেওঁ হিতৰ হকে যুঁজ দিলে সহজেই যে জয়লাভ কৰিব সি নিৰ্ঘাত সত্য। কিন্তু প্ৰথম প্ৰশ্নটো হ'ল, সেই যুঁজৰ বাবে তেওঁ আগ্ৰহীনে! সেই পৰিশ্ৰমৰ বাবে আগ্ৰহীনে!! সততাৰ শক্তিত তেওঁত বিশ্বাসীনে! আমাক নাৰীবাদী চেতনা লাগে। তুমি নাৰী, তুমিয়েই সকলো বহন কৰা, তুমি সকলো সহ্য কৰা, তুমি সকলোৰে মুখত হাঁহি বিৰিঙোৱাৰ আহিলা … এয়াও একপ্ৰকাৰ মানসিক শোষণ নহয়নে! নাৰী শান্ত-সৌম্য, অটুট ধৈৰ্যৰ প্ৰতীক – আমি মোহৰ মাৰি দিলোঁ। এই যে ধুনীয়া শব্দৰ ঘেৰাৰ মাজত তোমাক বন্দী কৰিলোঁ… তাক আমি পৰম্পৰা বুলি কৈ হাতচাপৰি দিলোঁ আৰু অভিমন্যু হৈ যে ৰণত পৰিলা, ধৰাশায়ী হ'লা, মিঠা হাঁহিৰে সেই পৰাজয়ক জয় কৰা, তুমি তাকে কৰিলেই আমি সকলো সুখী। 'বুদ্ধজায়া' পঢ়ি সুখী হৈ থাকিলোঁ বহুতদিন। কিন্তু গোপা ক'ত!!! প্ৰতিবাদী গোপা??? নাৰীবাদী গোপা???? গোপাই পাগলাদিয়াৰ পাৰত থিয় হৈ পৃথিৱী সলাই দিয়ক। সপোন দেখোঁ… কিন্তু এই সপোনো হ'ব পাৰে মানসিক বিকাৰ। গোটেই নাৰীবাদী ধাৰণাটোৱেই মানসিক বিকাৰ নহয়তো? এই প্ৰশ্নটো পাঠকলৈ নহয়, এইটো প্ৰত্যেকেই নিজে নিজক কৰিবলগা, সুধিবলগা প্ৰশ্ন। যদি নহয়, কিয় নহয়? যদি হয়, কিয় হয়?

প্ৰিয় পুৰুষ পঢ়ুৱৈসকল, গা এৰা নিদিব। কিয় ভাৰতবৰ্ষ এখন পুৰুষতান্ত্ৰিক দেশ? তাৰপৰাই নাৰীবাদ ধাৰণাটিৰ জন্ম হোৱা নাইতো? কিন্তু পোৱা গৈছে, ফৰাচী দাৰ্শনিক কনড'ৰছেহে প্ৰথম উল্লেখ কৰিছিল নাৰীৰ ৰাজনৈতিক অধিকাৰৰ বিষয়ে (The admission of woman to full citizenship, 1790 )। ইংৰাজ মহিলা মেৰি ৱ’লষ্টনক্ৰাফটৰ "Vindication of the Rights of woman" নাৰীবাদৰ প্ৰথম ইস্তাহাৰ। তেন্তে? তেন্তে ক'ব পাৰি ভাৰতীয় পটভূমিত নাৰীবাদৰ জন্ম হোৱা নাই আৰু 'নাৰীবাদৰ জন্ম'… ইয়ে গুৰিতে পুৰুষপ্ৰধান সমাজ এখন থকাৰ কথাটোৱেই প্ৰতিপন্ন কৰে। বোধহয় প্ৰচণ্ড মানসিক শক্তিক আওকাণ কৰি শাৰীৰিক শক্তিৰ দোহাই দি নাৰীক ৰক্ষণাৱেক্ষণ দিয়াৰ এক বতাহ বলিছিল। সেই সোঁতৰ মোৰ সলাবলৈ নাৰীয়েই আগুৱাই আহক। কিন্তু কেৱল নাৰী কিয়?

শেষত কওঁ, স্বাধীনতা সেইটো স্বয়ংক্ৰিয় শক্তি যাক কোনেও কাকো প্ৰদান কৰিব নোৱাৰে, মনৰ দৃঢ়তাৰে আমি আমাৰ কাম-কাজত-চিন্তাত স্বাধীনতাক তৈয়াৰ কৰিব লাগিব। স্বাধীনতা উপভোগ নহৈ বিকাশৰ পশ্চ-শক্তি হওক। এয়ে আন্তৰিক কামনা।

Share Button
Print Friendly, PDF & Email

No Comments : "স্বাধীন নাৰীৰ এটা সংজ্ঞা লাগে- (প্ৰাণজ্যোতি নাথ)"

Leave a Comment

Your email address will not be published. Required fields are marked *