স্বৰ্গ ক'ত ! - (ড° প্ৰণৱজ্যোতি চেতিয়া)

কোনো এক ফৰকাল বতৰত ৰাতিৰ আকাশখনলৈ যেতিয়া চাওঁ তেতিয়া তৰা ভৰা আকাশখনে মনৰ নিভৃত কোণত এক আনন্দৰ জোৱাৰ কঢ়িয়াই আনে। জোৱাৰত উটি-ভাহি আহে ল'ৰালিৰ চেঙেলীয়া মনৰ গেঠেলা লগা কেইটামান প্ৰশ্ন। অতীজৰেপৰা হেনো আকাশত তিৰবিৰাই থকা সেই তৰাসমূহৰ সৌন্দৰ্য আৰু নিত্য-নৈমিত্তিক পৰিঘটনাবোৰে মানৱ সভ্যতাক মুগ্ধ কৰি আহিছে। গতিকে এই বিনন্দীয়া বিশ্বব্ৰহ্মাণ্ডৰ বিৰল দৃশ্য বা পৰিঘটনাবোৰৰ সৈতে যেতিয়াই নিজকে একাত্ম কৰাৰ সুযোগ আহে তেতিয়াই মোৰ মনটোৱে সেই ল'ৰালিতে গেঠেলা লগা প্ৰশ্নসমূহৰ উত্তৰ বিচাৰি চেকুৰ ধৰে। সিবিলাকৰ এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন হ'ল - স্বৰ্গ ক'ত?

হয়, ল'ৰালিতে ৰাতিৰ আকাশলৈ যেতিয়া চাওঁ থাউকতে এটা প্ৰশ্ন হয়, সেইবোৰনো কি হয়? পোনতে গৈ প্ৰশ্নটো মা আৰু দেউতাৰ কাণত পৰে। মায়ে কয় সেইবোৰ তৰা। পঢ়াশালিত বিজ্ঞজনে কয়, ঠিক ঠিক, সেইবোৰ তৰা। সন্ধিয়া যেতিয়া আইতাই সাধুকথা কয় তেতিয়া মনত ভাব হয় আইতাৰ মৃত্যু হ'লে কি হ'ব, ক'ত থাকিব ইত্যাদি। লোভ সামৰিব নোৱাৰি আইতাক সুধিয়ে পেলাওঁ। আইতাই কয় - তেওঁ হেনো মৰিলে সেই আকাশত থকা তৰাবোৰৰ স'তে তিৰবিৰাই থাকি মোক সদায় চাই থাকিব। দেউতাৰ স'তে যেতিয়া নামঘৰলৈ যাওঁ ভকত-বৈষ্ণৱে নাম লোৱাৰ মাজে মাজে কিছু গুৰুত্বপূৰ্ণ কথা আলোচনাৰ উমান পাওঁ। ভু লৈ জানিব পাৰো যে এই পৃথিৱীত হেনো বহু দেৱতা আছে। বহুত মানে - মুঠ ৩৩ কোটি দেৱতা। এই দেৱতাসকলক তুষ্ট কৰিব নোৱাৰিলে নিগমে মৰিব লাগিব। খেনোৱে কয় – হয় হয়, সেই আকাশত তিৰবিৰাই থকাবোৰেই হেনো একো একোজন দেৱতা। যেতিয়া বুঢ়া-মেথা এজনৰ স'তে কথা পতাৰ সুবিধা পাওঁ তেতিয়া চুচুক-চামাককৈ সুধিয়ে পেলাওঁ যে - ককা বা বৰ্তা বা নিচাদেউ, দেৱতাসকল ক'ত থাকে? পোনপটীয়া উত্তৰ, “স্বৰ্গত থাকে”। এতিয়া কথা হ'ল, এই স্বৰ্গনো ক'ত। দেৱতাসকলে বাস কৰা স্বৰ্গত কি আছে? তামোলৰ সেলেঙি লগা হাঁহিৰে তেওঁ কৈ যায়, “বোপাই, স্বৰ্গ হ'ল এনে এখন ঠাই য'ত সুন্দৰ তথা মনোৰম পৰিৱেশ বিৰাজমান। আমি মানুহবোৰে তালৈ যাব নোৱাৰোঁ। অৱশ্যে পুণ্য কাম কৰিলে পৰজনমত হয়তো স্বৰ্গ গমন কৰিব পাৰিম।” ঠিকেইতো, ককাজনে সঁচা কথাকে ক'লে - “কিতাপত পঢ়িলোঁ নহয় যে কাশ্মীৰাখন ভাৰতবৰ্ষৰ ভূস্বৰ্গ"। পিছে তাতে আকৌ কেনা লাগিল। ককাই ক'লে স্বৰ্গ, কিতাপত পঢ়িলে ভূস্বৰ্গ। এই 'ভূ'ক লৈ সমস্যাত পৰিলোঁ। পঢ়াশালিত ক'লে যে কাশ্মীৰ হ'ল আমাৰ পৃথিৱীৰ ভূপৃষ্ঠত থকা স্বৰ্গসদৃশ ঠাই। ইয়াৰ প্ৰাকৃতিক পৰিৱেশ অতি মনোৰম কাৰণে ইয়াক ভূস্বৰ্গ বুলি অভিহিত কৰা হয়। তেন্তে আচল স্বৰ্গ ক'ত ? য'ত দেৱতাসকলে বাস কৰে। জল্পনা-কল্পনাৰ অন্ত নোহোৱা দেখি পুনৰ সেই ককাজনে আকাশলৈ তৰ্জনী আঙুলিটো পোনাই লৈ ক'লে – স্বৰ্গ সেয়া। মানে সেই যে শুকুলা মেঘেৰে আবৃত অঞ্চল - তাতেই স্বৰ্গ। এৰা, এতিয়াহে মোৰ মুখলৈ এগৰাহ ভাত আহিল যেন পালোঁ। যি কি নহওক, পঢ়াশালিৰপৰা আহি কৰ্কৰা-পঁইতা দুটামান নাকে-মুখে গুঁজি সমনীয়াৰ স'তে মুকলি পথাৰত লৰা-ঢপৰা কৰি থকাৰ দিনবোৰত কেতিয়াবা দেখিছিলো, আকাশত কিছুমান চৰায়ে পাখিকেইখন মেলি বৃত্তাকাৰ পথেৰে পৰিভ্ৰমণ কৰি থাকে। কেতিয়াবা জন্তুৰ শব্দ কৰি আকাশী পথেৰে উৰি যায় উৰাজাহাজ। হয়, হয় এই চৰাইবোৰ, উৰাজাহাজবোৰ নিশ্চয় স্বৰ্গৰ কাষেৰে পাৰ হৈ যায়। উৰাজাহাজৰপৰা ভুমুকিয়াই চালে হয়তো স্বৰ্গ দেখা পাম। সুবিধা পালে দেৱতাসকলৰ লগত কথাও পাতিব পাৰিম। বদ্ধপৰিকৰ হৈ মনত পাঙিলো, এদিন নিশ্চয় উৰাজাহাজত উঠিম আৰু স্বৰ্গখন হেঁপাহ পলুৱাই চাম। মনতে আকৌ ভাব হ'ল, “ককাই ধেমালি কৰিলে নেকি? ইহ! কেলেই হ'ব, টিভিত দেখিছো নহয়। ৰামায়ণ, মহাভাৰত ছিৰিয়েলবোৰত দেৱতাসকলে ডাৱৰৰ মাজে মাজে ৰথ চলাই ঘূৰি ফুৰে। ককাই ঠিকেই কৈছে, মই কাৰো কথা নুশুনো। উৰাজাহাজত উঠিব পাৰিলেই সকলো হৈ যাব!” এনেকৈ দিন বাগৰিল, মাহ বাগৰিল, বছৰো বাগৰিল। মূৰকত স্কুলীয়া শিক্ষা সাং কৰি মহাবিদ্যালয়ত নাম লগালো। তাৰ পিছত বিশ্ববিদ্যালয়ত। কিন্তু মোৰ মনত গুপুতে স্বৰ্গখনত এভূমুকি মৰাৰ হেঁপাহটোক জীয়াই ৰাখিলোঁ। ভাগ্য ফুলিল মোৰ। বিখ্যাত বেচৰকাৰী সংস্থা UNICEFঅত কৰ্মসূত্ৰে গুৱাহাটীৰপৰা কলিকতালৈ উৰাজাহাজেৰে যোৱাৰ সুবিধা পালো। দেহ, মন সন্ত্ৰস্ত - কাৰণ উৰাজাহাজৰ খিৰিকিয়েদি মই চাই যাব লাগিব। উৰাজাহাজখনে নিৰ্দিষ্ট সময়ত আকাশলৈ উৰা মাৰিলে। সন্মুখৰ ছিটত সংলগ্ন কৰা আছে এটা টিভিসদৃশ আহিলা। সেই আহিলাটোত নিৰীক্ষণ কৰি গম পালোঁ আমাৰ উৰাজাহাজখন ভূপৃষ্ঠৰপৰা প্ৰায় ৮ কিলোমিটাৰ ওপৰেৰে গৈ আছে। বাহিৰৰ উষ্ণতা প্ৰায় ২৮ ডিগ্ৰি ছেলচিয়াছ। অৰ্থাৎ এই উষ্ণতা বৰফৰ উষ্ণতাকৈও বহু গুণে কম। খিৰিকিৰে ভুমুকিয়াই দেখিলো শুকুলা ডাৱৰৰ ফুলৰ মেলা। ডাৱৰৰ মাজে মাজে (কেতিয়াবা তলে-ওপৰে) আমাৰ উৰাজাহাজ গৈ আছে - কিন্তু ই কি? ডাৱৰৰ বাদে দেখোন একো নাই। তেন্তে ককাই যে কৈছিল, পুনৰ, মনত গেঠেলা লাগিল - স্বৰ্গ ক'ত? নিৰ্ধাৰিত সময়ত উৰাজাহাজে অৱতৰণ কৰিলে। মূৰকত এনে হ'ল ৮-১০ কিলোমিটাৰ ওপৰলৈও গ'লোঁ য'ত ডাৱৰৰ মেলা বহে। কিন্তু স্বৰ্গৰ অস্তিত্ব নাপালো। ঠিকেইতো, মই পাহৰিছিলোৱেই, কিয় ১৯৬৯ চনত নিলহঁত চন্দ্ৰলৈ গৈছিল, তেওঁলোকেতো আকাশৰ ৩ লাখ ৮৪ হাজাৰ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিহে চন্দ্ৰত ভৰি থৈছিল। ক'তা তেওঁলোকেওচোন আজিলৈ স্বৰ্গৰ কথা একো নক'লে। তেতিয়া হ'লে স্বৰ্গ ক'ত? ইয়াতকৈও দূৰৈত আছে নেকি? চন্দ্ৰতকৈ দূৰৈত আছে সূৰ্য। খেনোৱে ইয়াক দেৱতা বুলিও কয়। যিয়েই নহওক, ইয়াৰপৰা কিন্তু আমি পুৱা-গধূলি তাপ আৰু পোহৰ পাওঁ। সূৰ্যটো কি হয়? আকাশত উজলি থকা তৰাসমূহৰ এটা নেকি? ওচৰত থকা কাৰণে আমি তাপ আৰু পোহৰ পাওঁ আৰু সিবিলাকতকৈ অলপ ডাঙৰ দেখোঁ। বিজ্ঞ লোকসকলে বহুদিন জল্পনা-কল্পনা কৰি প্ৰমাণ কৰিলে যে সূৰ্যৰপৰা অহা পোহৰবোৰৰ গতিবেগ হেনো ৩ লাখ কিলোমিটাৰ প্ৰতি ছেকেণ্ডত। সেই পোহৰ আমাৰ পৃথিৱী আহি পাবলৈ সময় লাগে ৮.১৯ মিনিট সময়। তেনেহ'লে পৃথিৱীৰপৰা ইয়াৰ দূৰত্ব হ'ব প্ৰায় ১৪৯ নিযুত কিলোমিটাৰ। বাৰু সেইবোৰ থাকক। মূলতে কথা হ'ল, স্বৰ্গখন ক'ত আছে?

সৌ সিদিনা গোটেই পৃথিৱীত তোলপাৰ লাগিল, আমাৰ ভাৰতৰ মহাকাশ গৱেষণা প্ৰতিষ্ঠান ইছৰ'ৱে (ISRO) মংগল গ্ৰহলৈ মহাকাশযান পঠালে। প্ৰায় ৬৮ কোটি কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি মঙ্গল গ্ৰহৰ চাৰিওকাষে ঘূৰিলে। এই দূৰত্ব অতিক্ৰম কৰিবলৈ সময় লাগিল প্ৰায় ১০ মাহ। আমাৰ শ্ৰদ্ধাৰ ড° জিতেন্দ্ৰনাথ গোস্বামী ছাৰৰ দৰে আৰু কেইবাজনো প্ৰসিদ্ধ বিজ্ঞানীৰ এটা দলে ৰাতিক দিন কৰি কৰা পৰিশ্ৰমৰ অন্তত ভাৰতবৰ্ষই এই সাফল্য লাভ কৰিলে। অৰ্থাৎ ৬৮ কোটি কিলোমিটাৰ দূৰলৈও আমাৰ মহাকাশযান গ'ল (মানৱবিহীন হ'লেও)। তথ্যও আহৰণ কৰা হ'ল। কিন্তু স্বৰ্গৰ কিবা উমান পোৱা গ'লনে? তেন্তে ৬৮ কোটি কিলোমিটাৰ দূৰলৈও স্বৰ্গৰ স্থিতি সাৰশূন্য। যদি ইমান দূৰলৈকে নায়েই তেন্তে কিয় ককাহঁতে ক'লে যে স্বৰ্গ সেই শুকুলা ডাৱৰৰ সিপাৰে। পুনৰ সিদিনা 'নিউ হৰাইজন' (New Horizon) নামৰ আন এখন মানৱনিৰ্মিত মহাকাশযান আমাৰ সৌৰজগতৰ বাওনা গ্ৰহ প্লুট' (Pluto)ৰ কাষেৰে পাৰ হৈ গ'ল। ই কি তেন্তে তাতো নাই? তেন্তে কি আছে আমাৰ শুকুলা ডাৱৰৰ সিপাৰে? বিজ্ঞান পঢ়িলে এনে কিছু কথাৰ উমান ল'ব পাৰি, বিশেষকৈ জ্যোতিৰ্বিজ্ঞান। জ্যোতিৰ্বিজ্ঞানে কয়, আমাৰ সৌৰজগত হেনো হাতীপটি তাৰকা ৰাজ্যত থকা এখন ক্ষুদ্ৰ সৌৰজগত। সূৰ্য নামৰ তাৰকাটোক কেন্দ্ৰ কৰিয়েই আমাৰ সৌৰজগত। হাতীপটি তাৰকা ৰাজ্যত এনেকুৱা অজস্ৰ, মানে কোটি কোটি তৰা আছে। কিছুমান প্ৰকাণ্ড, মানে সূৰ্যতকৈও প্ৰকাণ্ড। তেনেহ'লে সেই তাৰকা ৰাজ্যত যে আৰু কিমান কোটি কোটি সৌৰজগত আৰু পৃথিৱীৰ নিচিনা কিমান গ্ৰহ থাকিব পাৰে। নিশ্চয়কৈ পাৰে। মহাকাশ গৱেষণাৰ গুৰি ধৰোতা আন্তৰাষ্ট্ৰীয় সংস্থা নাছা (NASA)ই ২০০৯ চনত মহাকাশলৈ পঠোৱা KEPLER নামৰ মহাকাশযানসদৃশ দূৰবীণটোৱে এনে বহুকেইটা গ্ৰহ আৱিষ্কাৰ কৰিছে। তাৰে ভিতৰত Keppler 186f অন্যতম। আৰু কি আচৰিত, হাতীপটি তাৰকা ৰাজ্যৰ দৰে হেনো আৰু কোটি কোটি তাৰকা ৰাজ্য আছে। সেইবোৰ লগ লাগিহে বিশ্বব্ৰহ্মাণ্ডখন সৃষ্টি হৈছে। য'ত অনন্ত ৰহস্য ব্যাপ্ত হৈ আছে। যি কি নহওক, দূৰবীণৰ কথা আহিল যেতিয়া হাব'ল দূৰবীণৰ কথা নক'লে হ'বনে ? মই স্বৰ্গ-মত্যৰ কথা ভাবি-গুণি সময় নষ্ট কৰি থাকোতেই ১৯৯০ চনৰ ২৪ এপ্ৰিল তাৰিখে NASAই এটা বিশাল দূৰবীণ মহাকাশলৈ পঠালে। সম্প্ৰতি এই দূৰবীণটোৱে প্ৰায় ৫৫৯ কিলোমিটাৰ ওপৰেৰে তথা ৭.৫ কি.মি./ছেকেণ্ড গতিবেগেৰে আমি বাস কৰা পৃথিৱীখনৰ চাৰিওফালে ঘূৰি থাকে। আমাৰ পৃথিৱীখনক অহৰহ পৰ্যবেক্ষণ কৰাৰ উপৰি আকাশত দেখা আন গ্ৰহ, তৰা বা তাৰকা ৰাজ্য ইত্যাদিবোৰক পৰ্যবেক্ষণ কৰি আলোকচিত্ৰ সংগ্ৰহ কৰি পৃথিৱীলৈ পঠাই থাকে। আৰু সেই আলোকচিত্ৰসমূহৰপৰা আমাৰ বিজ্ঞানীসকলে জ্যোতিৰ্বিজ্ঞানৰ নানা তথ্য উদ্ঘাটন কৰে।

এই কথাবিলাকৰ সৈতে লৰা-ঢপৰা কৰি থাকোঁতে কেতিয়াবা তাহানিৰ সেই সমনীয়াৰ স'তে কটোৱা সময়বোৰৰ কথা মনত পৰে। পুনৰ উভতি যাবৰ মন যায়। নষ্টালজিক হৈ পৰোঁ। আনে কৰিব নোৱৰা কাম এফেৰা যেতিয়া কৰিব পাৰিম বুলি কোৱা হয় তেতিয়া ইতিকিঙৰ কিৰিলিৰ সৈতে কোনোবাজনে কয় - 'হ'ব হ'ব, দেখিম কিমান ফালিব পাৰ।' বয়োজ্যেষ্ঠজনে ধমক এটা লগাই কয় – "যা তহঁতি ভাগে ভাগে আকাশত চাং পতাৰ কথা কৈ নেথাকিবি।” কথাষাৰ চাবলৈ গ'লে হয়। আকাশতনো কোনোবাই চাং পাতিব পাৰেনে? ঘৰৰ পাছফালে বাচন-বৰ্তন ৰ'দাবলৈ পতা চাং এখন আকাশত কেনেকৈ পাতিম? অতি কমেও চাৰিটা খুঁটি লাগিব। হ'লেইবা খুঁটি, ক'ত পাতিম। গাঁত ক'ত খান্দিম। মাটি ক'ত। ওপৰত পাতি লৈ ছাৰ আইজাক নিউটনৰ আগত আপেলটো সৰি পৰাৰ দৰে ঢুপুচকৈ সৰি পৰি মূৰ নাফাটিলেহে ৰক্ষা। আমাৰ পৃথিৱীখনে তাৰ চাৰিওফালে থকা বস্তুসমূহক (বায়ুকো) নিজৰ গৰ্ভলৈ যিহে টানি থাকে। ছাৰ আইজাক নিউটনে আপেলটো সৰি পৰা দেখি ভাবি-শুনি দিন-ৰাতি এক কৰিলতহে উৰহী গছৰ ওৰটো ওলাল যে - এই কাম পৃথিৱীখনেই কৰে। তাকে বোলে "মাধ্যাকৰ্ষণ"। তাৰ উপৰি এই চন্দ্ৰ, সূৰ্য, বুধ, বৃহস্পতি ইত্যাদি মহা মহা বস্তুবোৰ যে পকা আম একোটাৰ দৰে শূন্যতে ওলমি থাকে তাৰ গুৰিৰ কথাও নিউটনেই কৈ গ'ল - "মাধ্যাকৰ্ষণ" বুলি এই কথা চাগে সকলোৰে জ্ঞাত। বাৰু তেতিয়া আমাৰ সৰু সৰু মনবোৰে আকাশত পাতিব নোৱৰা চাং একোখন আমাৰ বিজ্ঞানীসকলে সঁচাসঁচিকৈ হেনো পাতিলে। NASAই আন কেইবাখনো দেশৰ কেইবাটাও প্ৰতিষ্ঠানৰ সৈতে লগ লাগি ১৯৯৮ চনৰপৰা সেই বিশেষ চাংখন বনোৱা আৰম্ভ কৰি যোৱা ২০১২ চনত সমাপ্ত কৰিলে। পাছে কথা হ'ল, শূন্যতেনো কেনেকৈ সম্ভৱ হ'ল এইবোৰ। বিচাৰ-খোঁচাৰ কৰিলে গম পাব পাৰি যে আকাশত চাং এখন পাতিবলৈ হ'লে গাঁত খান্দিব নালাগে। চাংখন এটা নিৰ্দিষ্ট গতিবেগেৰে, অৱশ্যে উচ্চতা অনুসৰি পৃথিৱীৰ চাৰিওকাষে ঘূৰাই থাকিব লাগে, যেনেকৈ সৰু বল এটা এডাল ৰচীৰে বান্ধি হাত এখনেৰে আমাৰ দেহৰ চাৰিওকাষে ঘূৰাই থাকিব পাৰোঁ। একে কথা চন্দ্ৰটোও তেনেকৈ পৃথিৱীৰ চাৰিওকাষে ১.০২ কিলোমিটাৰ গতিবেগেৰে ঘূৰি আছে। এই কথাবোৰ বুজিবলৈ 'মহাকৰ্ষণ বল' আৰু 'অভিকেন্দ্ৰিক বলৰ” কথা জানি ল'লে বেছি সুবিধা হয়। বাৰু NASAই আকাশত পতা চাংখন দৰাচলতে এখন চাং নহয় - ই এটা প্ৰকাণ্ড ঘৰ এটা -বিজ্ঞানাগাৰ। অৰ্থাৎ গৱেষণা কৰাৰ অৰ্থেহে এই কাম। এই বিজ্ঞানাগাৰটোৰ নাম হ'ল 'অন্তৰীক্ষ মহাকাশ গৱেষণা কেন্দ্ৰ' (International Space Station)। আমাৰ পৃথিৱীৰ উপৰিভাগৰপৰা প্ৰায় ৪০০ কিলোমিটাৰ ওপৰত অৱস্থিত। অৱশ্যে সম্পূৰ্ণ কালত কোনো সময়ত ২৫০ কিলোমিটাৰ তললৈও নামি আহে। এই গৱেষণা কেন্দ্ৰটো দীঘলে এখন ফুটবল ফিল্ডৰ সমান আৰু বহলে প্ৰায় ৭২.৮ মিটাৰ। ইয়াত থকা, খোৱা, গৱেষণা কৰা ইত্যাদিৰ সকলো সু-ব্যৱস্থা আছে। সকলোবিলাক উন্নত বিজ্ঞান আৰু প্ৰযুক্তিৰে সমৃদ্ধ। মহাকাশচাৰীসকল অহৰহ সেই গৱেষণাগাৰটোলৈ অহা-যোৱা কৰি থাকে। অৱশ্যে যাওঁতে মাধ্যাকৰ্ষণ শক্তি ক্ষেত্ৰ ভেদ কৰি যাবলগা হয়, গতিকে ৰকেটৰ সহায়েৰে যাব লাগে। ৰকেটৰ বুকুত বিশেষভাৱে নিৰ্মিত মহাকাশ যানৰ ভিতৰত মহাকাশচাৰীসকল সোমাই যায়। বাৰু ই কি কথা - ককাই তাহানিতে দেখুওৱা স্বৰ্গৰ সিপাৰে দেখোন বিজ্ঞানাগাৰ। মানৱ সভ্যতাৰ সূচনা। কোনে কৰিলে এই কাণ্ড। তাত থকা মহাকাশচাৰীসকলে আৰু বা কি কি কৰিছে কোনে জানে। যি কি নহওক, মানৱ সভ্যতাৰ উত্তৰোত্তৰ উন্নতিৰ কাৰণে যি বিজ্ঞান আৰু প্ৰযুক্তিৰ উদ্ভাৱন তথা পৰীক্ষা-নিৰীক্ষা লাগে সেইবিলাকৰ কাম হয়তো সুপৰিকল্পনাৰে তেওঁলোকে কৰিছে। সেই বিজ্ঞানাগাৰটো বা মহা কেন্দ্ৰটো পৰিভ্ৰমণ কৰি অহা অন্যতম মহাকাশচাৰী হ'ল মাইক ফিংক। আমেৰিকাৰ নিবাসী তেওঁ। কিন্তু অসমৰ জোঁৱাই তেওঁ। মাইক ফিংকে আৰু এটা সাংঘাতিক কাণ্ড কৰিলে তাত। আমাৰ বাপতিসাহোন গামোচা এখন ডিঙিত মেৰিয়াই লৈ তাত এপাক বিহুকে নাচিলে। তেওঁৰ নাচোনত দেখিলোঁ - কঁকালটো ভঙাত কিছু অসুবিধা হৈছে, দেখাত এনেকুৱা লাগিছে, তেওঁ ওপঙি ওপঙিহে নাচিছে। কি কাণ্ড আমি যে ইয়াত তেনেকৈ নাচিব নোৱাৰোঁ। অৱশ্যে কেনেকৈনো পাৰিম - পৃথিৱীয়ে আমাক নিজৰ কেন্দ্ৰ বিন্দুলৈ যেনেকৈহে টানি থাকে। তাত চাগে সেয়া নহয়। হ'লেও বৰ কম হয়। বিজ্ঞানীসকলে পৰীক্ষণ কৰি কোৱা মতে, তাত হেনো মাধ্যাকৰ্ষণৰ পৰিমাণ একেবাৰে নগণ্য। সেই নগণ্য মানৰ মাধ্যাকৰ্ষণ শক্তি থকা পৰিবেশটোক বিজ্ঞানৰ ভাষাত “মাইক্ৰগ্ৰেভিটি পৰিৱেশ" (Microgravity environment)" বুলি কয় আৰু আমাৰ পৃথিৱীৰ উপৰিভাগত থকা পৰিবেশটোক "গ্ৰেভিটেচনেল পৰিবেশ" (Gravitational Environment) বুলি কোৱা হয়। সেইকাৰণে তাত আৰু এটা মজাৰ কাণ্ড হয়। এই পৰিঘটনাটোক "ওজনশূন্যতা" বুলি কোৱা হয়। তাৰ মানে পৃথিৱীৰপৰা দগা-পাল্লাৰ স'তে এটা মতা কুকুৰা (৫ কেজি ওজনৰ) লৈ গৈ যদি তাত ওজন কৰা হয় তেন্তে চাগে তাত ওজনেই নাপাম। পালেও নগণ্য হ'ব। কি মজাৰ কথা, তাত জুখি আনি ইয়াত কুকুৰাটোৰ দাম-দৰ কৰিলে চাগে টকা নিদিয়াকৈয়ে কুকুৰাটো লৈ আনিব পাৰিম। আনহে নালাগে, তাত পানীৰ টোপাল এটাও ওপঙি থাকে। সিদিনা দেখিলো, আমেৰিকাৰ ৰাষ্ট্ৰপতি বাৰাক ওবামাই এজন মহাকাশচাৰীৰ স'তে বাৰ্তালাপ কৰিছে। সেইজন হ'ল আমেৰিকা নিবাসী স্কট কেলি। সম্প্ৰতি তেওঁ ৰাছিয়াৰ আন এজন মহাকাশচাৰী মাইকেল কৰনিয়েংফ'ৰ সৈতে একেলগে সেই গৱেষণা কেন্দ্ৰটোত আছে। তেওঁলোকে তাত সম্পূৰ্ণ এবছৰ কটাব। যোৱা ২৭ মাৰ্চ, ২০১৫ তাৰিখৰপৰা ৩০ ছেপ্টেম্বৰলৈ মুঠ ৬ মাহ দিন সুকলমে অতিবাহিত কৰিছে। সম্পূৰ্ণ এবছৰ কটাব পাৰিলে তেওঁলোক হৈ পৰিব আটাইতকৈ দীঘলীয়া সময় ধৰি মহাকাশত বিচৰণ কৰা মহাকাশচাৰী হিচাপে। তেওঁলোক যেন একো একোজন গিনিপিগ। হয়, তেওঁলোকৰ দেহৰ ওপৰত বিভিন্ন ধৰণৰ পৰীক্ষা-নিৰীক্ষা কৰাৰ কাৰণেই NASAই তেওঁলোকক তালৈ প্ৰেৰণ কৰিছে। এই পৰীক্ষাসমূহৰপৰা বিভিন্নধৰণৰ তথ্য আহৰণ কৰি প্ৰযুক্তিৰ উদ্ভাৱন তথা প্ৰসাৰণ ঘটাই মানৱ সভ্যতাৰ উত্তৰোত্তৰ উন্নতিৰ পণ লৈ তেওঁলোকক তালৈ পঠোৱা হৈছে। এই যে মানুহ গৈছে, তাত বাস কৰিছে, পৰীক্ষা-নিৰীক্ষা কৰিছে ইত্যাদিৰদ্বাৰা আমি এইটো ক'ব নোৱাৰোনে যে তাত মানৱ সভ্যতাৰ সূচনা হৈছে। তাহানিতে মই স্বৰ্গ বুলি ভাবি থকা ঠাইখনত দেখোন দেৱতাসকলৰ সলনি মহাকাশচাৰীৰহে বিচৰণ। ই কি কথা, য'ত ১০ কিলোমিটাৰ ওপৰলৈ (ভূপৃষ্ঠৰপৰা) স্বৰ্গখন থকাৰ ধাৰণা কৰি অনুসন্ধান কৰি গম ল'ব পাৰিছোঁ, তেনে ক্ষেত্ৰত ৪৭০ কিলোমিটাৰলৈ মহাকাশচাৰীয়ে মানৱ সভ্যতাৰ সূচনা কৰাত ব্যস্তল হৈ পৰিছে। কথাবোৰ কিবা আউল লগা নাইনে ? আউল ভাঙিবলৈ সিদিনা দুজনমান ভব্য-গব্য লোকক প্ৰশ্নটো কৰিলোঁ যে স্বৰ্গ ক'ত? পাঁচজনৰ ভিতৰত চাৰিজনে আঙুলিটো ওপৰলৈ পোনাই লৈ ক'লে যে ওপৰত আছে বুলি ধাৰণা হয়। আনজনে ক'লে যে এইটো এটা মনলোকন কথা। আনহাতে, ৫জন ছাত্ৰ-ছাত্ৰীৰ কেউজনেই ক'লে যে আমি জানো, সেই আকাশত স্বৰ্গ আছে।

বাৰু যি কি নহওক, ভূপৃষ্ঠৰপৰা ৪০০ কিলোমিটাৰ দূৰলৈ মহাকাশচাৰীয়ে বাস কৰিছে। কিন্তু বাস্তৱিক ক্ষেত্ৰত স্বৰ্গৰ উমান পোৱা নাই। আনহাতে, ৩ লাখ ৮৪ হাজাৰ কিলোমিটাৰ দূৰলৈও আমাৰ মহাকাশচাৰী গৈছে, তালৈও স্বৰ্গৰ অৱস্থিতি নাই। তাতকৈ ডাঙৰ কথা ১৯৮৬ কোটি কিলোমিটাৰ দূৰলৈও আমাৰ বিজ্ঞানীসকলে নিৰ্মাণ কৰা মহাকাশযান গৈছে, তাৰদ্বাৰাও স্বৰ্গৰ উমান পাব নোৱাৰি। তেনেহ'লে ই এটা অবাস্তৱ বা অলৌকিক ধাৰণা নেকি ? হওকেই বাৰু আলৌকিক ধাৰণা। কথা হ'ল, ই আমাৰ প্ৰগতিৰ হেঙাৰস্বৰূপ নেকি? বহু ক্ষেত্ৰত দেখা যায়, স্বৰ্গত দেৱতাসকলৰ সৈতে স্থান লাভ কৰিবলৈ কোনোবাই কাৰোবাক হত্যা পৰ্যন্ত কৰিবলৈ কুণ্ঠাবোধ কৰা নাই। গতিকে সমূহীয়াকৈ পুনৰ্বাৰ আমি নিজকে এবাৰ প্ৰশ্ন কৰোঁ আহক - বাস্তৱিকতে স্বৰ্গ ক'ত ?

Share Button
Print Friendly, PDF & Email

No Comments : "স্বৰ্গ ক'ত ! - (ড° প্ৰণৱজ্যোতি চেতিয়া)"

Leave a Comment

Your email address will not be published. Required fields are marked *