অনুবাদপ্ৰবন্ধ

“মটৰচাইকেল ডায়েৰি” মূল : “দ্য মটৰচাইকেল ডায়েৰিজ” – চ্ছে গুৱেৱাৰা, অসমীয়া ভাঙনি (কিছু অতিৰিক্ত সংযোজন সহিতে) : আৰহান ইনামূল

পাতনি

arhan-cheপুঁজিবাদী মহলেই হওক অথবা পুঁজিবাদক বৰপীৰা পাৰি আদৰণি জনাবলৈ সদা আগ্ৰহী হৈ থকা পুঁজিবাদৰ পৃষ্ঠপোষকসকলেই হওক, যোৱা অৰ্ধ শতিকা জুৰি চেষ্টা চলাই আহিছে সেই কেতিয়াও ম্লান নোহোৱা বৈপ্লৱিক ব্যক্তিত্বৰ ব্যক্তিসকলক জনমানসত ভুল ৰূপত আৰু বিকৃত ৰূপত উপস্থাপন কৰিবলৈ। সেয়া লাগিলে আমাৰ ভাৰতৰ ভগৎ সিঙেই হওক অথবা বিশ্বজুৰি মুক্তিকামী, পুঁজিবাদ-বিৰোধী আন্দোলনক এক অনন্য মাত্ৰালৈ উত্তৰণ ঘটোৱা জনপ্ৰিয় চ্ছে গুৱেৱাৰাই হওক। আনকি আমাৰ অসম মুলুকৰ এক অনন্য সংগ্ৰামী সত্তা বিষ্ণু ৰাভাকো অসমৰেই এটা মহলে বিকৃত ৰূপত উপস্থাপন আৰু প্ৰচাৰ কৰাৰ ফলস্বৰূপে আজিপৰ্যন্ত আমি তেওঁক কেৱল “কলাগুৰু” বুলিহে জানি আহিছো। কাৰণ সেই অৰ্থনৈতিক মুনাফালোভী মহলে সদায়েই ভয় আৰু শংকা প্ৰকাশ কৰি আহিছে যে এই বিপ্লৱী ব্যক্তিসমূহৰ জীৱন আৰু আদৰ্শ সন্দৰ্ভত যদি বিশ্বজুৰি ব্যাপক হাৰত প্ৰকৃত তথ্য আৰু আদৰ্শগত প্ৰচাৰকাৰ্য সম্পন্ন হয় তেন্তে সাধাৰণ লোকসকল যে পুঁজিবাদৰ আভুৱা ভঁৰা স্পষ্ট ৰূপত সচকিত আৰু বিৰাগী হৈ পৰিব সেয়া নিশ্চিত। সেইবাবেইতো এক পৰিকল্পিতভাৱে চ্ছে গুৱেৱাৰাৰ ভাবমূৰ্তি এজন ৰকষ্টাৰ বা নিচাগ্ৰস্থ ফেশ্যন আইকন হিচাপে প্ৰচাৰ কৰি থকা হৈছে। সেয়ে এইটো বৰ্তমান সময়ৰ এক বাস্তৱিক দাবী হৈ পৰিছে যে এই যুগপুৰুষজনক আৰু তেওঁৰ জীৱন তথা আদৰ্শ সাধাৰণ লোকৰ আগ , বিশেষকৈ নৱ প্ৰজন্মৰ আগত (যিসকলে চ্ছেৰ ছবি-সম্বলিত পোছাক পৰিধান কৰে, কিন্তু তেওঁৰ বিষয়ে বিশেষ একো নাজানে) প্ৰকৃত আৰু সত্য ৰূপত উপস্থাপন কৰাটো। সেই উদ্দেশ্যে এয়া সামান্য প্ৰয়াস কৰা হৈছে চ্ছে গুৱেৱাৰাৰ “দ্য মটৰচাইকেল ডায়েৰিজ” (The Motorcycle Diaries) শীৰ্ষক স্মৃতিকথাভিত্তিক কিতাপখন অসমীয়া ভাষাত আগ্ৰহী পাঠকসমাজৰ বাবে প্ৰকাশ কৰিবলৈ। অৱশ্যে এই লিখনিত সেই বিপ্লৱী সত্তাৰ আদৰ্শগত ৰূপটোক সহজ-সৰল ভাষাত প্ৰকাশ কৰাৰ চেষ্টাৰে আৰু তেওঁৰ বৈপ্লৱিক জীৱনটোক অলপ বেছিকৈ গুৰুত্ব আৰোপ কৰি আলোকপাত কৰাৰ মানসিকতাৰে “দ্য মটৰচাইকেল ডায়েৰিজ”খন হুবহু অনুবাদ কৰাৰ সলনি কিছু অতিৰিক্ত অংশ সংলগ্ন কৰি উপস্থাপন কৰিবলৈ প্ৰয়াস কৰা হৈছে।

বিখ্যাত মাৰ্ক্সবাদী বিপ্লৱী আৰ্নেষ্ট’ চ্ছে গুৱেৱাৰা ২৩বছৰীয়া চিকিৎসাবিজ্ঞানৰ ছাত্ৰ হৈ থাকোতে তেওঁৰ বন্ধু আলবাৰ্ট’ গ্ৰানাডৰ সৈতে মাত্ৰ এখন এটা চিলিণ্ডাৰৰ ১৯৩৯ মডেলৰ নৰ্টন ৫০০ চি. চি. মটৰচাইকেলৰে দক্ষিণ আমেৰিকা ভ্ৰমণ কৰাৰ স্মৃতিকথা হ’ল “দ্য মটৰচাইকেল ডায়েৰিজ” ( স্পেনিছ ৰূপ – ডায়েৰিঅ’জ দ্যে মট’চাইক্লেটা)। কিন্তু এইখন কেৱল ভ্ৰমণ কাহিনীমূলক স্মৃতিকথা নহয়, এই বিখ্যাত কিতাপখনৰ যোগেদি আমি জানিব পাৰো কিদৰে চ্ছেৰ জীৱন দৰ্শন সলনি হৈছিল যেতিয়া তেওঁৰ ভ্ৰমণকালত দক্ষিণ আমেৰিকাৰ বিভিন্ন অংশত সাধাৰণ লোকসকল, বিশেষকৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বণিক গোষ্ঠীৰদ্বাৰা পৰিচালিত খনিত কাম কৰা শ্ৰমিকসকল, কমিউনিষ্টসকল, কুষ্ঠৰোগীসকল প্ৰচলিত সমাজ আৰু ৰাজনৈতিক ব্যৱস্থাৰদ্বাৰা প্ৰচলিত সামাজিক অন্যায় আৰু বঞ্চনাৰ বলি হৈ কিদৰে সাধাৰণ মানৱীয় অধিকাৰ আৰু সুবিধাৰপৰা বঞ্চিত হৈ নাৰকীয় জীৱন জীয়াই আছিল সেয়া স্বচক্ষে পৰ্যবেক্ষণ কৰি। আনকি তেওঁ প্ৰত্যক্ষদৰ্শী হৈছিল মহান ইনকা সভ্যতাৰ উত্তৰপুৰুষৰ দুৰৱস্থাৰ। এই স্মৃতিকথাৰ সমাপ্তিখিনি যেন গুৱেৱাৰাৰ বাবে আছিল এক আৰম্ভণি, এক ইতিহাসৰ বাবে যুগান্তকাৰী আৰম্ভণি। কাৰণ এই স্মৃতিকথাৰ শেষত তেওঁ প্ৰকাশ কৰিছে দৰিদ্ৰ আৰু অৱহেলিত শ্ৰেণীৰ বাবে যুঁজি যোৱাৰ ইচ্ছা আৰু সংযুক্ত লেটিন আমেৰিকা গঠনৰ সপোন সঁচা কৰাৰ স্বপ্নৰ কথা।

চ্ছেৰ এক চমু জীৱনী

(‘টাইম’ মেগাজিনৰ সেই বিশেষ সংখ্যাটোৰ ক’ভাৰ)
(‘টাইম’ মেগাজিনৰ সেই বিশেষ সংখ্যাটোৰ ক’ভাৰ)

বিখ্যাত ‘টাইম’ মেগাজিনৰ এটা বিশেষ সংখ্যাত (৮ আগষ্ট, ১৯৬০ চন) “icons Of the century” সন্মানেৰে বিভূষিত কৰা “আৰ্নেষ্ট’ চ্ছে গুৱেৱাৰা ডে লা চাৰ্না”, চমুকৈ “চ্ছে গুৱেৱাৰা”ৰ জন্ম হৈছিল আৰ্জেন্টিনা দেশৰ ৰ’জাৰিঅ’ত ১৯২৮ চনৰ ১৪ জুন তাৰিখে। বুয়েনছ্ আয়াৰছত চিকিৎসাবিজ্ঞান অধ্যয়ন কৰি থকাৰ সময়ছোৱাতেই তেওঁ লেটিন আমেৰিকাৰ মাজেৰে অভিজ্ঞতা আহৰণ কৰিব পৰাকৈ কেইবাবাৰো ভ্ৰমণ কৰিছিল। তাৰেই ভিতৰত তেওঁৰ জীৱনত আটাইতকৈ প্ৰভাৱশালী ভ্ৰমণ আছিল ১৯৫২ চনত তেওঁৰ বন্ধু, পেছাত এজন জৈৱ ৰসায়নবিদ আলবাৰ্ট’ গ্ৰানাডৰ সৈতে মাত্ৰ এখন এটা চিলিণ্ডাৰৰ ১৯৩৯ মডেলৰ নৰ্টন ৫০০ চি. চি. মটৰচাইকেলৰে কৰা দক্ষিণ আমেৰিকা ভ্ৰমণ। এইখিনিতে এটা আমোদজনক তথ্য উল্লেখ কৰাটো উচিত হ’ব যে তেওঁলোকে ভ্ৰমণ কালত ব্যৱহাৰ কৰা “লা-প’ডেৰ’জা” নামৰ নৰ্টন মটৰচাইকেলখনৰ কাৰিকৰী অৱস্থা একেবাৰে পুতৌজনক আছিল, আৰু তেনে এখন বাইকেৰে প্ৰায়েই দুৰ্গম আৰু দুৰৱস্থাত থকা লেটিন আমেৰিকাৰ ভিন্ন পথেৰে যাত্ৰা কৰিবলৈ আগ বঢ়াটো প্ৰকৃতাৰ্থতেই এক দুঃসাহসী কাৰ্য আছিল।

১৯৫৪ চনত গুৱাটেমেলাত গণতান্ত্ৰিকভাৱে নিৰ্বাচিত জেক’ব আৰবেঞ্জৰ চৰকাৰখন CIAৰদ্বাৰা পৰিচালিত এক অপাৰেচনৰ যোগেদি ওফৰাই পেলোৱাৰ সময়লৈকে গুৱেৱাৰাই ইতিমধ্যেই সক্ৰিয় ৰাজনীতিত অংশগ্ৰহণ কৰিছিল। সেই সময়ত তেওঁ গুৱাটেমেলাতেই বাস কৰিছিল। কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ষড়যন্ত্ৰৰ ফলস্বৰূপে গুৱাটেমেলাত গণতান্ত্ৰিক চৰকাৰখন বৰ্খাস্ত হোৱাৰ পিছতেই তেওঁ মেক্সিকোলৈ পলাই যায় আৰু তাতেই তেওঁ মাৰ্ক্সবাদী চিন্তাধাৰা জীৱনৰ মৌলিক আদৰ্শ হিচাপে গ্ৰহণ কৰে।

গুৱাটেমেলা ত্যাগৰ আগতেই চ্ছেই ইতিমধ্যেই কিছু নিৰ্বাসিত কিউবান বিদ্ৰোহীৰ সংস্পৰ্শলৈ আহিছিল। তাৰ ফলস্বৰূপে ১৯৫৫ চনৰ জুলাই মাহত মেক্সিকো চিটিত তেওঁ ফিডেল কাষ্ট্ৰোক লগ পাইছিল। তাৰ পিছতে অকণো বিলম্ব নকৰি তেওঁ কিউবান বিপ্লৱত জঁপিয়াই পৰিছিল, সেই বিপ্লৱৰ উদ্দেশ্য আছিল সেই সময়ত কিউবাত শাসন চলাই থকা ফুলজেনচিঅ’ বাটিষ্টাৰ একনায়কত্ববাদী চৰকাৰখন ওফৰাই তাৰ জনগণক স্বাধীনতাৰ সোৱাদ দিয়া। সেই বিপ্লৱত গুৱেৱাৰা জড়িত হোৱাৰ পিছৰেপৰা তেওঁ কিউবানসকলৰ মাজত ইমানেই জনপ্ৰিয় হৈ পৰিছিল যে তেওঁলোকেই গুৱেৱাৰাক মৰমতে “চ্ছে” উপনাম দি সম্বোধন কৰিছিল, উল্লেখ্য যে “চ্ছে” আৰ্জেন্টিনা’ৰ এক জনপ্ৰিয় উপনাম (NICKNAME)।

১৯৫৬ চনৰ ২৫ জুলাই তাৰিখে গুৱেৱাৰাই এজন চিকিৎসক হিচাপে “গ্ৰানমা” নামৰ সৰু নৌকা (YACHT) এখনেৰে কিউবাৰ মায়েষ্ট্ৰা পৰ্বতত শিবিৰ পাতি সামৰিক বিদ্ৰোহ সূচনা কৰা এটা গেৰিলা গোটত যোগ দিয়াৰ উদ্দেশ্যে যাত্ৰা কৰিছিল। যদিও তেওঁ সেই গোটটোত আঘাতপ্ৰাপ্ত গেৰিলা বিদ্ৰোহী আৰু বাটিষ্টা চৰকাৰৰ হৈ অভিযান চলোৱা আটকাধীন সৈন্যৰ চিকিৎসা সেৱা প্ৰদান কৰিছিল, তথাপিও মাত্ৰ কেইমাহমানৰ ভিতৰতে চ্ছে সেই গেৰিলা গোটৰ কমাণ্ডাৰ পদলৈ উন্নীত হৈছিল। এইখিনিতে সাধাৰণ পঢ়ুৱৈসমাজে এটা কথা অনুধাৱন কৰিব পাৰিছে যে আজিপৰ্যন্ত ইম্পেৰিয়েলিষ্ট মহলৰ পৃষ্ঠপোষকতা লাভ কৰা লিখক, বুদ্ধিজীৱী আৰু বিভিন্ন মাধ্যমে চ্ছে গুৱেৱাৰাক যিদৰে এজন নিষ্ঠুৰ বিপ্লৱী বুলি প্ৰচাৰ কৰি আহিছে সেয়া যে গোকাট মিছা সেয়া প্ৰমাণিত হয় এইটো নিদৰ্শনৰপৰা যে তেওঁ গেৰিলা শিবিৰত নিজৰ বিদ্ৰোহী গোটৰ সেনাসকলক চিকিৎসা প্ৰদান কৰাৰ লগতে শত্ৰু পক্ষৰ আটকাধীন আঘাতপ্ৰাপ্ত সৈন্যসকলকো সমান গুৰুত্ব প্ৰদান কৰি চিকিৎসা কৰিছিল। চ্ছে প্ৰকৃতাৰ্থতেই এজন মানৱতাবাদী বিপ্লৱী আছিল। আনহাতে, তেওঁৰ নেতা হিচাপে, অৰ্থাৎ নেতৃত্ব দিয়াৰ নিপুণতা যে প্ৰশ্নৰ ঊৰ্ধ্বত সেয়া প্ৰকাশিত হয় যোগদান কৰাৰ মাথোঁ কেইমাহ মানৰ ভিতৰতে তেওঁ সেই বিদ্ৰোহী গোটৰ কমাণ্ডাৰ পদ লাভ কৰা ঘটনাই।

১৯৫৮ চনৰ ছেপ্টেম্বৰ মাহত চিয়েৰা মায়েষ্ট্ৰা পৰ্বতৰপৰা পশ্চিম দিশলৈ চ্ছে গুৱেৱাৰা আৰু কেমিল’ চিয়েনফুয়েগ’জ’য়ে পৃথকে পৃথকে আগ বঢ়াই নিয়া গেৰিলা আক্ৰমণৰ ফলত বাটিষ্টাৰ সেনাবাহিনী যি পৰাজয়ৰ সন্মুখীন হৈ দুৰ্বল হৈ পৰিছিল, সেই গেৰিলা অভিযানত চ্ছেই নিজৰ সুনিপুণ নেতৃত্ব দিয়াৰ গুণ বাকী কমৰেডসকলৰ আগত দাঙি ধৰিছিল, কাৰণ সেই অভিযানত চ্ছেই একমাত্ৰ নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিছিল ।

১৯৫৮ চনৰ ১ জানুৱাৰি তাৰিখে বাটিষ্টাই দেশ এৰি পলাই যোৱাৰ পিছৰেপৰা চ্ছেক কিউবাৰ নতুন বৈপ্লৱিক আদৰ্শগত চৰকাৰখনৰ এজন গুৰুত্বপূৰ্ণ নেতা হিচাপে গণ্য কৰা হৈছিল। প্ৰথমে তেওঁ NATIONAL INSTITUTE OF AGRARIAN REFORM নামৰ চৰকাৰী উদ্যোগ বিভাগৰ অধীনৰ অনুষ্ঠানটোৰ মুখ্য বিষয়া হিচাপে, তাৰ পিছত নেশ্যনেল বেংকৰ সভাপতি হিচাপে দায়িত্ব পালন কৰিছিল। অৱশেষত ১৯৬১ চনৰ ফেব্ৰুৱাৰি মাহত উদ্যোগ খণ্ডৰ মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে। ১৯৬৫ চনত “COMMUNIST PARTY OF CUBA” নাম লোৱা বিপ্লৱী সংগঠনটোৰ কেন্দ্ৰীয় নেতা হিচাপেও চ্ছে গুৱেৱাৰাই দায়িত্ব পালন কৰিছিল।

ওপৰত উল্লেখ কৰা চৰকাৰী তথা অন্য ৰাজনৈতিক দায়িত্বসমূহৰ উপৰিও গুৱেৱাৰাই কিউবাৰ বিপ্লৱী চৰকাৰখনক বিশ্বজুৰি প্ৰতিনিধিত্ব কৰিছিল। সেই দায়িত্ব পালন কৰিয়েই তেওঁ ১৯৬৪ চনত ৰাষ্ট্ৰসংঘ, এছিয়া, আফ্ৰিকা, লেটিন আমেৰিকাৰ বিভিন্ন দেশৰ লগতে বিশ্বৰ সমাজবাদী ব্লকৰ দেশসমূহত আয়োজিত হোৱা বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সন্মিলনত তেওঁ নিজৰ বক্তৃতা প্ৰদান কৰিছিল। ইয়াৰ লগে লগে তেওঁ তৃতীয় বিশ্বৰ দেশসমূহক প্ৰতিনিধিত্ব কৰা এজন নিৰ্ভৰযোগ্য, দৃঢ়বদ্ধ মুখপাত্ৰ-নেতা হিচাপে সন্মান আৰু জনপ্ৰিয়তা অৰ্জন কৰিছিল। বিশেষকৈ উৰুগুৱেৰ পুন্টা ডেল এষ্টেত অনুষ্ঠিত হোৱা “ORGANIZATION OF AMERICAN STATES (OAS)”ৰ কনফাৰেন্সত দিয়া ভাষণৰ পিছৰেপৰা তেওঁৰ জনপ্ৰিয়তা আকাশলংঘী হৈ পৰিছিল, উল্লেখনীয় যে সেই কনফাৰেন্সতেই তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি কেনেডিৰ এলায়েন্সক প্ৰগতিশীলতাৰ শত্ৰু বুলি অভিহিত কৰিছিল।

(ৰাষ্ট্ৰসংঘত ভাষণ দিয়া মুহূৰ্তত)
(ৰাষ্ট্ৰসংঘত ভাষণ দিয়া মুহূৰ্তত)

১৯৬৫ চনৰ এপ্ৰিল মাহত গুৱেৱাৰাই কিউবা ত্যাগ কৰি কংগোত সংগ্ৰাম চলাই থকা বিপ্লৱীসকলক সমৰ্থন আৰু সহায় কৰাৰ লগতে গেৰিলা বিদ্ৰোহ আগ বঢ়াই নিয়াৰ উদ্দেশ্যে কংগোলৈ যায়। সেই একে বছৰৰে ডিচেম্বৰ মাহত বলিভিয়াত যুঁজ দিবলৈ এক গেৰিলা শক্তি সাজু কৰাৰ উদ্দেশ্যে তেওঁ গোপনে কিউবালৈ উভতি আহে। ১৯৬৬ চনত বলিভিয়ালৈ যোৱাৰ পিছতে সম্পূৰ্ণ উদ্যমেৰে তাৰ একনায়কত্ববাদী চৰকাৰখনৰ বিৰুদ্ধে যুঁজত অৱতীৰ্ণ হয়, এই বৈপ্লৱিক সংগ্ৰামখন ইমানেই প্ৰভাৱশালী আছিল যে ইয়াৰ প্ৰভাৱ সমগ্ৰ লেটিন আমেৰিকাতেই বিয়পি পৰিছিল। অৱশেষত ১৯৬৭ চনৰ ৮ অক্টোবৰ তাৰিখে আমেৰিকা যুক্তৰাষ্ট্ৰৰদ্বাৰা প্ৰশিক্ষণপ্ৰাপ্ত আৰু পৰিচালিত বলিভিয়ান প্ৰতি-বিদ্ৰোহী সেনাৰ হাতত চ্ছে ধৰা পৰে আৰু তাৰ পিছদিনাই সেই আমেৰিকা যুক্তৰাষ্ট্ৰ পালিত চৰকাৰৰ সেনাই এই মহান বিপ্লৱীজনক হত্যা কৰাৰ লগতে তেওঁৰ মৃতদেহপৰ্যন্ত লুকুৱাই দিয়ে।

অৱশেষত ১৯৯৭ চনত চ্ছে গুৱেৱাৰাৰ মৃতদেহৰ অৱশিষ্ট অংশ উদ্ধাৰ হয় আৰু সেয়া কিউবালৈ প্ৰেৰণ কৰা হয়। তেওঁৰ স্মৃতিত কিউবাৰ ছাণ্টা-ক্লাৰাত এটা স্মৃতিসৌধ নিৰ্মাণ কৰা হয়, য’ত তেওঁৰ সেই সফল কিউবান বিদ্ৰোহৰ স্মৃতি বিজড়িত আছিল।

(চ্ছেৰ স্মৃতিসৌধ)
(চ্ছেৰ স্মৃতিসৌধ)

আৰ্নেষ্ট’ চ্ছে গুৱেৱাৰাৰ জীৱনৰ এক চমু ঘটনাপঞ্জী

১৯২৮

আৰ্জেন্টিনাৰ ৰ’জাৰিঅ’ চহৰত ১৪ জুন তাৰিখে এইজনা যুগনায়কৰ জন্ম হয়। তেওঁৰ পিতৃ-মাতৃ হ’ল ক্ৰমে “আৰ্নেষ্ট’ গুৱেৱাৰা লিন্স” আৰু “চেইলা ডে লা চেমা”। তেওঁলোক এটা মধ্যবিত্ত পৰিয়ালৰ আছিল।

১৯৩২

গুৱেৱাৰাৰ পৰিয়াল বুয়েন’ছ আয়াৰ্ছৰপৰা আল্টা গ্ৰাচিয়ালৈ স্থানান্তৰ কৰে। উল্লেখযোগ্য যে গুৱেৱাৰা ক্ৰনিক এজমা ৰোগত আক্ৰান্ত হৈ থকা হেতু ক’ৰড’বাৰ (আল্টা গ্ৰাচিয়া, ক’ৰড’বাৰ এখন নগৰ) ওচৰৰ এখন স্পা-ত তেওঁৰ স্বাস্থ্যৰ যতন লোৱাৰ উদ্দেশ্যে পৰিয়ালটোৱে ইয়ালৈ স্থানান্তৰ কৰিছিল। গুৱেৱাৰাৰ এজমা ৰোগে আনকি তেওঁক ৯ বছৰ বয়সলৈকে নিয়মীয়াকৈ বিদ্যালয়ত উপস্থিত থকাৰপৰাও বিৰত ৰাখিছিল।

১৯৪৮

প্ৰথমে অভিযান্ত্ৰিক শিক্ষা লোৱাৰ সিদ্ধান্ত লৈছিল যদিও পিছত আৰ্নেষ্ট’ই বুয়েন’ছ আয়াৰ্ছ বিশ্ববিদ্যালয়ৰ অধীনৰ এখন মেডিকেল স্কুলতহে নামভৰ্তি কৰে। সেই সময়ছোৱাত তেওঁ বিভিন্ন স্থানত পাৰ্ট-টাইম হিচাপে কাম কৰি অৰ্থ উপাৰ্জন কৰাৰ লগতে এখন এলাৰ্জি চিকিৎসা কৰা ক্লিনিকটো কাম কৰিছিল।

১৯৫০

এখন মটৰ-সংযোজিত চাইকেলেৰে চ্ছে গুৱেৱাৰাই প্ৰায় ৪,৫০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথেৰে উত্তৰ আমেৰিকা ভ্ৰমণ কৰাৰ উদ্দেশ্যে যাত্ৰা আৰম্ভ কৰে।

১৯৫১-৫২

১৯৫১ চনৰ অক্টোবৰত আৰ্নেষ্ট’ আৰু তেওঁৰ বন্ধু আলবাৰ্ট’ গ্ৰানাডৰ সৈতে আলোচনা কৰি আলবাৰ্ট’ৰ “লা-প’ডেৰ’জা-II-The Mighty One” নামৰ মটৰচাইকেলখনেৰে উত্তৰ আমেৰিকা ভ্ৰমণ কৰাৰ আঁচনি তৈয়াৰ কৰে। তেওঁলোকে ডিচেম্বৰ মাহত ক’ৰড’বা ত্যাগ কৰে, তাৰ পিছত নিজৰ পৰিয়ালৰপৰা বিদায় ল’বৰ বাবে বুয়েন’ছ আয়াৰ্ছলৈ যায় । তাৰ পিছৰেপৰাই তেওঁলোকৰ যাত্ৰা আৰম্ভ হয়। এইখিনিতে আলবাৰ্ট’ গ্ৰানাডৰ অলপ পৰিচয় দাঙি ধৰিব বিচৰা হ’ল – আলবাৰ্ট’ গ্ৰানাড পেছাত এজন লেপ্ৰ’লজিৰ বিশেষজ্ঞ আৰু বায়’কেমিষ্ট আছিল । তেওঁৰ কনিষ্ঠ ভাতৃকেইজন চ্ছেৰ স্কুলৰ বন্ধু আছিল।

১৯৫৩

আৰ্নেষ্ট’ই নিজৰ চিকিৎসাবিদ্যা সফলতাৰে সমাপ্ত কৰি “ডাক্তৰ” হিচাপে সন্মানজনক ডিগ্ৰী লাভ কৰি উঠিয়েই পুনৰ লেটিন আমেৰিকা ভ্ৰমণৰ উদ্দেশ্যে ওলাই যায়। এই ভ্ৰমণকালত তেওঁ বলিভিয়া, পেৰু, ইকুৱেডৰ, পানামা, ক’ষ্টাৰিকা আৰু গুৱাটেমেলাৰ মাজেৰে ভ্ৰমণ কৰে। গুৱাটেমেলাতেই তেওঁ এণ্টনিয়’ (নিক’) ল’পেজ নামৰ এগৰাকী যুৱ কিউবান বিপ্লৱীক লগ পাই। তেওঁ বলিভিয়ান বিদ্ৰোহৰ প্ৰত্যক্ষদৰ্শী আছিল। এই ভ্ৰমণকালৰ অভিজ্ঞতাখিনি প্ৰথমতে “OTRA VEZ” (ইংলিছত ‘লেটিন আমেৰিকা ডায়েৰিজ’) নামেৰে প্ৰকাশ কৰিছিল।

১৯৫৪

(হিল্ডিটাৰ সৈতে চ্ছে)
(হিল্ডিটাৰ সৈতে চ্ছে)

গুৱাটেমেলাত থকা সময়ছোৱাতেই আৰ্নেষ্ট’ চ্ছে গুৱেৱাৰাৰ ৰাজনৈতিক দৰ্শন সম্পূৰ্ণৰূপে প্ৰভাৱান্বিত হৈছিল যেতিয়া তেওঁ আমেৰিকাৰ পৃষ্ঠপোষকতাত গুৱাটেমেলাত গণতান্ত্ৰিকভাৱে নিৰ্বাচিত জেক’ব আৰবেঞ্জৰ চৰকাৰখন বৰ্খাস্ত কৰা হৈছিল। চ্ছেই এই সমগ্ৰ আমেৰিকাৰ ষড়যন্ত্ৰ ওচৰৰপৰাই পৰ্যবেক্ষণ কৰিছিল, তাৰ ফলতেই তেওঁৰ মনত পুঁজিবাদী শিবিৰটোৰ প্ৰতি বিৰাগ আৰু ঘৃণা ভাব জন্ম হৈছিল। তাৰ পিছতে তেওঁ মেক্সিকোলৈ পলাই যায় আৰু তাত তেওঁ ইতিমধ্যেই নিৰ্বাসন পোৱা কিছু কিউবান বিদ্ৰোহীক লগ দিয়ে। মেক্সিকোতেই তেওঁ পেৰুৱিয়ান মূলৰ হিল্ডা গাডেআৰ লগত বিবাহপাশত আবদ্ধ হয়। উল্লেখযোগ্য যে হিল্ডাৰ এগৰাকী কন্যা আছিল, তেওঁৰ নাম আছিল – হিল্ডিটা।

১৯৫৫

ফিডেল কাষ্ট্ৰোক লোগ পোৱাৰ পিছতেই চ্ছে সন্মত হয় কিউবাত বাটিষ্টাৰ অধীনত চলি থকা একনায়কতন্ত্ৰ ওফৰাই পেলাবৰ বাবে গেৰিলা যুঁজ দি থকা বিদ্ৰোহী গোটটোত যোগ দিয়াৰ বাবে। তাৰ পিছৰেপৰাই তেওঁ “চ্ছে” নামৰ সম্বোধন লাভ কৰে। নৱেম্বৰত তেওঁ “গ্ৰানমা” নামৰ সৰু নৌকা এখনেৰে সেই বিদ্ৰোহী গোট এটাৰ এজন ডাক্তৰ হিচাপে কিউবালৈ যাত্ৰা কৰে।

১৯৫৬-৫৮

কিউবান বিদ্ৰোহী গোটত যোগ দিয়াৰ পিছৰেপৰাই চ্ছেই নিজৰ সামৰিক নিপুণতা আৰু নেতৃত্ব দিয়াৰ কৌশলপূৰ্ণ যোগ্যতা প্ৰদৰ্শন কৰি সকলোকে স্তম্ভিত কৰি তোলে। তাৰ ফলস্বৰূপে ১৯৫৭ চনৰ জুলাই মাহত তেওঁ সেই গোটটোৰ কমাণ্ডাৰ হিচাপে পদোন্নতি লাভ কৰে। ১৯৫৮ চনৰ ডিচেম্বৰ মাহত কেন্দ্ৰীয় কিউবাৰ ছান্টা-ক্লাৰাত বাটিষ্টাৰ সৈন্যবাহিনীক পৰাভূত কৰি বাটিষ্টাক দেশ এৰি পলাই যাবলৈ বাধ্য কৰা আক্ৰমণৰ অভিযানটোত তেওঁ সফল নেতৃত্ব দিয়ে।

১৯৫৯

ফেব্ৰুৱাৰি মাহত চ্ছেক কিউবাৰ স্থায়ী নাগৰিকত্বৰ সন্মান প্ৰদান কৰা হয় তেওঁ কিউবাৰ একনায়কতন্ত্ৰ অন্ত পেলোৱাত যি অৰিহণা আগ বঢ়ালে তাৰ প্ৰতিদানস্বৰূপে। তাৰ পিছতে তেওঁ এলেইডা মাৰ্ছক বিয়া কৰায়, তাৰ পিছতে তেওঁ চাৰিটা সন্তানৰ পিতৃ হয়। অক্টোবৰ মাহত তেওঁ প্ৰথমে তেওঁ NATIONAL INSTITUTE OF AGRARIAN REFORM নামৰ চৰকাৰী উদ্যোগ বিভাগৰ অধীনৰ অনুষ্ঠানটোৰ মুখ্য বিষয়া হিচাপে, তাৰ পিছত নৱেম্বৰত নেশ্যনেল বেংকৰ সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল।

১৯৬০

কিউবাৰ বিপ্লৱী চৰকাৰখনক প্ৰতিনিধিত্ব কৰি চ্ছে ছোভিয়েট ইউনিয়ন, জাৰ্মান ডেম’ক্ৰেটিক ৰিপাব্লিক, চেকোশ্লোভাকিয়া, চীন আৰু উত্তৰ কোৰিয়ালৈ এক দীঘলীয়া ভ্ৰমণসূচী লৈ যায়। সেই ভ্ৰমণকালত তেওঁ কেইবাখনো ব্যৱসায়কেন্দ্ৰিক চুক্তিত স্বাক্ষৰ কৰে।

১৯৬১

সেই বছৰৰ ফেব্ৰুৱাৰি মাহত নতুনকৈ প্ৰতিষ্ঠা কৰা কিউবাৰ উদ্যোগ খণ্ডৰ মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে। আগষ্ট মাহত তেওঁ উৰুগুৱে’ৰ পুন্টা ডেল এষ্টে’ত অনুষ্ঠিত হোৱা “ORGANIZATION OF AMERICAN STATES (OAS)”ত কিউবাৰ প্ৰতিনিধি হিচাপে নিজৰ বক্তব্য দাঙি ধৰে।

১৯৬২

কিউবাত এক নতুন ভিন্ন বৈপ্লৱিক চিন্তা-মিশ্ৰিত বিদ্ৰোহী সংগঠনৰ এক ফিউজন গঠন হয় আৰু চ্ছেক ৰাষ্টীয় ডিৰেক্টৰেটৰ বাবে নিৰ্বাচিত কৰা হয়। তাৰ পিছতে তেওঁ দ্বিতীয়বাৰৰ বাবে ছোভিয়েট ইউনিয়ন ভ্ৰমণ কৰে।

১৯৬৩

চ্ছেই আলজেৰিয়া ভ্ৰমণ কৰে, উল্লেখযোগ্য যে সেই সময়ত আলজেৰিয়াই আহমেদ বেন বেল্লাৰ নেতৃত্বত ফ্ৰান্সৰ ঔপনিবেশিক শাসনৰপৰা স্বাধীনতা লাভ কৰিছিল।

১৯৬৪

আফ্ৰিকাৰ মাজেৰে এক দীঘলীয়া ভ্ৰমণসূচী লৈ যাত্ৰা কৰাৰ আগতে চ্ছেই ডিচেম্বৰ মাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত নিজৰ ভাষণ প্ৰদান কৰে।

১৯৬৫

পেট্ৰিছ লুমুম্বাৰ নেতৃত্বত কংগোত চলি থকা স্বাধীনতা সংগ্ৰামখন সমৰ্থন আৰু সহায় কৰাৰ উদ্দেশ্যে চ্ছেই কংগোলৈ এক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ অভিযান আৰম্ভ কৰে। উল্লেখযোগ্য সেই সময়ত চ্ছেৰ অৱস্থান সন্দৰ্ভত অৱগত নোহোৱা নতুনকৈ প্ৰতিষ্ঠা হোৱা কিউবান কমিউনিষ্ট পাৰ্টিৰ কেন্দ্ৰীয় কমিটিৰ আগত ফিডেল কাষ্ট্ৰোৱেই চ্ছেৰ বিদায়পত্ৰ পাঠ কৰে। সেই একে বছৰৰে ডিচেম্বৰ মাহত বলিভিয়াত যুঁজ দিবলৈ এক গেৰিলা শক্তি সাজু কৰাৰ উদ্দেশ্যে তেওঁ গোপনে কিউবালৈ উভতি আহে ।

১৯৬৬

সেই বছৰৰ নৱেম্বৰ মাহত চ্ছেই ছদ্মবেশ ধাৰণ কৰি বলিভিয়াত উপস্থিত হয়।

১৯৬৭

এপ্ৰিল মাহত চ্ছেৰ ” MESSAGE TO THE TRICONTINENTAL” প্ৰকাশ হয়। ইয়াৰ যোগেদি তেওঁ প্ৰতীক ৰূপত দুই-তিনি-বহুত ভিয়েটনাম গঠন কৰিবলৈ আহ্বান জনায়। সেই একে মাহতে চ্ছেৰ গেৰিলা গোটটো মূল গোটৰপৰা বিচ্ছিন্ন হৈ পৰে। ৮ অক্টোবৰ তাৰিখে বাকী থকা ১৭জন গেৰিলাক বোমাৰে সেনাবাহিনীয়ে হত্যা কৰে, সেই আক্ৰমণতেই চ্ছে আঘাতপ্ৰাপ্ত হয় আৰু তেওঁক মাৰ্কিন যুক্তৰাষ্ট্ৰ পৰিচালিত বলিভিয়ান চৰকাৰৰ সেনাই আটক কৰে। তাৰ পিছদিনাই ৱাছিংটনৰপৰা অহা পোনপটীয়া নিৰ্দেশমৰ্মে বলিভিয়ান সেনাই চ্ছেক হত্যা কৰে। তেওঁৰ মৃতদেহটোক কোনো চিন নৰখাকৈ অন্য মৃত গেৰিলা সৈন্যৰ সৈতে পুতি দিয়া হয়। সেয়ে ৮ অক্টোবৰ তাৰখে প্ৰতি বছৰে কিউবাত “DAY OF THR HEROIC GUERRILLA” হিচাপে পালন কৰা হয়।

১৯৯৭

অৱশেষত ১৯৯৭ চনত চ্ছে গুৱেৱাৰাৰ মৃতদেহৰ অৱশিষ্ট অংশ উদ্ধাৰ হয় আৰু সেয়া কিউবালৈ প্ৰেৰণ কৰা হয়। তেওঁৰ স্মৃতিত কিউবাৰ ছাণ্টা-ক্লাৰাত এটা স্মৃতিসৌধ নিৰ্মাণ কৰা হয়।

(ক্ৰমশঃ . . .)

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *