ডাইনীজনী

(অনুবাদকৰ টোকা : ৰুছিয়ান লিখক এণ্টন ছেখভৰ নাম নুশুনা গল্প-ৰসিকৰ সংখ্যা কমেই ওলাব পেছাত চিকিৎসক ছেখভৰ বিভিন্ন গল্প সেইবোৰৰ অন্তৰ্নিহিত তীক্ষ্ণ আবেদনৰ বাবে বিখ্যাত; পৃথিৱীৰ নানা ভাষালৈ তেওঁৰ গল্প অনূদিত হৈছেডাইনীজনী (The Witch)” নামৰ এই গল্পটোত ছেখভে ৰাইজা নামৰ এক অপৰিতৃপ্ত নাৰীৰ ছবি অংকন কৰিছে,যাৰ জৈৱিক প্ৰয়োজনসমূহৰ প্ৰতি তেওঁৰ পতি,ছেভলি সম্পূৰ্ণ নিৰাসক্ত ছেভলিৰ নিৰাসক্তিত অতীষ্ঠ ৰাইজাই সেইবাবে পৰপুৰুষৰ আশ্ৰয় বিচাৰে,কিন্তু তাৰ বাবে ছেভলিয়ে তাইক ডাইনী বুলি দোষ দিয়ে শেষ-পৰ্যন্ত ৰাইজাৰ ওচৰত ছেভলি হৈ পৰে মূল্যহীন পঢ়ুৱৈয়ে গল্পটোৰ ৰস আস্বাদন কৰিব নোৱাৰিলে ব্যৰ্থতা অনুবাদকৰ)

 

সন্ধিয়া লাগি আহিছিল । গীৰ্জাৰ ৰখীয়া, ছেভলি গাইকিন গীৰ্জাৰ লগতে লাগি থকা তাৰ জুপুৰিটোৰ প্ৰকাণ্ড পালেংখনত পৰি আছিল । যদিও ফুট-গধূলিতে তাৰ শুই পৰাৰ অভ্যাস, তেতিয়াও তাৰ টোপনি অহা নাছিল । টাপলি-মৰা লেপখনৰ তলৰপৰা এমূৰেদি তাৰ ৰঙা খহটা চুলিখিনি ওলাই আছিল, আৰু আনটো মূৰেদি ওলাই আছিল তাৰ হটঙা লেতেৰা ভৰিহাল । সি কাণ পাতি কিবা শুনি আছিল । গীৰ্জাৰ চৌহদত লাগি থকা তাৰ জুপুৰিটোত থকা একমাত্ৰ খিৰিকীখনৰ দাঁতিতেই আছিল বিস্তীৰ্ণ পথাৰখন । আৰু তাত চলি আছিল এখন প্ৰকৃতিৰ যুদ্ধ । পৃথিৱীৰপৰা কাক নিশ্চিহ্ন কৰিবলৈ, কাক ধ্বংস কৰিবলৈযে প্ৰকৃতিয়ে তাণ্ডৱ চলাই আছিল, কোৱা টান; কিন্তু কোনোবাই নিশ্চয় তাৰ বাবে বাৰুকৈয়ে ভুগি আছিল । বাহিৰত এক প্ৰচণ্ড ধুমুহা বলি আছিল; ধুমুহা কেতিয়াবা পথাৰৰ ওপৰেদি বৈ গৈছিল, কেতিয়াবা গীৰ্জাৰ চালখনত খুন্দিয়াইছিল, কেতিয়াবা উৰি গৈছিল ওচৰৰ হাবিখনৰ ওপৰেদি । হো-হোৱনি, চেঁ-চেঁয়নি... কোনোবাই যেন অন্তৰৰ আঘাতত খিৰিকীৰ পাল্লাবোৰত, ছালখনত বা জুহালখনত উচুপি আছিল । সেয়া কাৰোবাৰ সহায়ৰ বাবে মৰা চিঞৰ নাছিল, সেয়া যেন আছিল কৰোবাৰ দুঃস্বতাৰ কান্দোন, যাৰপৰা কোনো মুক্তি নাই ! সকলোতে এটা পাতল বৰফৰ চামনি পৰিছিল, গলা বৰফৰ পানীবোৰ চকুলোৰ দৰে বোকা-পানী লৈ ৰাস্তাৰে বাগৰি গৈছিল । বৰফ গলিছিল ঠিকেই, কিন্তু স্বৰ্গৰপৰা যেন সেয়া দেখা যোৱা নাছিল আৰু সেইবাবে আকৌ বৰফৰ কণিকাবোৰ সিঁচি দিছিল । বতাহ বলিছিল মাতালৰ দৰে আৰু বৰফৰ কণিকাবোৰক থিৰেৰে থাকিবলৈ দিয়া নাছিল, আন্ধাৰে-মুন্ধাৰে সিহঁতক অঁকাই-পকাই কঢ়িয়াই লৈ ফুৰিছিল ।

খিৰিকীখনৰ কাষত, টুল এখনৰ ওপৰত বহি আছিল ছেভলি গাইকিনৰ ঘৈণীয়েক, ৰাইজা নিল’ভনা । আন এখনৰ ওপৰত ঢিমিক-ঢামাককৈ জ্বলি থকা এটা টিপ-চাকিৰ পোহৰ তাইৰ সুগঢ়ী কান্ধখনত, তাইৰ গাভৰু শৰীৰটোত আৰু তাইৰ মজিয়ালৈকে দীঘল বেণীডালত পৰিছিল । তাই খহটা আঁহেৰে মোনা গুঁঠি আছিল । তাইৰ পাকৈত হাত দুখনে খৰকৈ কাম কৰি আছিল, কিন্তু তাইৰ নিটোল শৰীৰটো, গভীৰ চকু দুটা, বৈ পৰা চেলাউৰি দুটা, মিহি ওঁঠ দুটা, বগা ধুনীয়া ডিঙিটো – সকলো যেন নিঃশব্দে শুই আছিল ! মাজে মাজে মাথোন তাই হাতখন দাঙি ডিঙিটো পোনাইছিল আৰু খিৰিকীখনলৈ চাইছিল, খিৰিকীখনৰ বাহিৰত তেতিয়া বৰফৰ ধুমুহা বলি আছিল – আৰু পুনৰ কামত মনোনিবেশ কৰিছিল । তাইৰ ধুনীয়া নাকটোৰে আৰু গালত থকা টোলটোৰে সৈতে মোহনীয়া মুখখনত আশা, আনন্দ, দুখ – একো ভাবেই প্ৰকাশ পোৱা নাছিল ।

এটা সময়ত তাইৰ কাম শেষ হ’ল । তাই মোনাখন আঁতৰাই থ’লে আৰু আৰামত গাটো টঙাই খিৰিকীখনলৈ নিৰুদ্বেগভাৱে চালে । খিৰিকীখনত বৰষুণৰ পানীবোৰ চকুপানীৰ দৰে বৈ আহিছে, বতাহত চিটিকি পৰা বৰফৰ কণিকাবোৰে যেন ৰাইজালৈ চাই পিছ মুহূৰ্ততে গলি গৈছে... ।

“শুই থাক ।”, ছেভলিয়ে গোৰগোৰালে । ৰাইজা নিমাতে থাকিল । কিন্তু হঠাতে তাইৰ চকু দুটা কঁপি উঠিল আৰু কিবা এটালৈ কাণ পাতিলে । ছেভলিয়ে লেপৰ তলৰপৰা পৰিবৰ্তনটো লক্ষ্য কৰিলে আৰু সুধিলে, “কি হ’ল?”

“একো নাই হোৱা... কোনোবা অহা যেন লাগিছে ।”, তাই লাহেকৈ উত্তৰ দিলে ।

ছেভলিয়ে হাত-ভৰি মাৰি লেপখন দলিয়াই বিছনাৰ ওপৰতে আঁঠু কাঢ়ি বহিল আৰু ঘৈণীয়েকৰ ফালে এক অপ্ৰকাশ্য ঘৃণাৰে চাই থাকিল । চাকিটোৰ সামান্য পোহৰে তাৰ নুখুৰোৱা দাড়িৰে ভৰা, আই-দাগ থকা কুৎসিত মুখখন পোহৰাই তুলিলে আৰু তাৰ খহটা চুলিখিনিৰ ওপৰেৰে বাগৰি গ’ল ।

“শুনিছানে?”, ৰাইজাই সুধিলে।

ধুমুহাৰ নিয়মিত হো-হোৱনিৰ মাজতো সি ৰিণিকি ৰিণিকি মহৰ কুন-কুননিৰ দৰে এটা শব্দ শুনিবলৈ পালে, যেন সি কাৰোবাৰ গালত পৰিবলৈ বিচাৰিছে আৰু বাৰে বাৰে বাধা পাই খং উঠিছে!

“সেইটো ডাক-গাড়ীৰ শব্দ ।”, ছেভলিয়ে বিৰবিৰালে আৰু আঁঠু কোঁচাই বহিল ।

গীৰ্জাটোৰ প্ৰায় দুমাইল আঁতৰেদি এটা ডাক-গাড়ীৰ ৰাস্তা গৈছে। বতাহৰ দিনত, ৰাস্তাৰ ফালৰপৰা গীৰ্জাটোৰ ফালে বতাহ বলিলে সিঁহতে ডাক-গাড়ীখনৰপৰা ঘণ্টাৰ শব্দ শুনা পায়।

“হে’ ভগৱান । মানুহে যে কি বতৰত ফুৰিবলৈ ওলায় !” ৰাইজা আচৰিত হ’ল ।

“হু..., এয়া চৰকাৰী কাম । ভাল লাগক নালাগক, যাবতো লাগিবই ।”

লাহে লাহে শব্দটো সৰু হৈ নোহোৱা হ’ল ।

“গাড়ীখন গ’লগৈ ।”, কৈ কৈ ছেভলি নিৰুদ্বেগভাৱে আকৌ বিছনাত উঠিল । কিন্তু সি লেপখন পুনৰ গায়ে-মূৰে টানি ল’লে কি নল’লে, এইবাৰ অলপ ডাঙৰকৈয়ে ঘ্ণ্টাৰ শব্দ এটা শুনিবলৈ পালে । ছেভলিয়ে উদ্বেগেৰে ঘৈণীয়েকৰ ফালে চাই জাঁপ মাৰি বিছনাৰপৰা নামি আহিল আৰু খুপি খুপি জুহালৰ ওচৰত অহা-যোৱা কৰি থাকিল । ঘণ্টাটো কিছু সময় বাজি আকৌ একেবাৰে নাইকিয়া হৈ পৰিল ।

“নুশুনা হ’লো যেনিবা !”, ছেভলিয়ে থমকি ৰৈ ঘৈণীয়েকৰ ফালে চাই চকু দুটা সৰু সৰু কৰি পেংলাইৰ সুৰেৰে কৈ উঠিল । সেই মুহূৰ্ততে বতাহ এজাকত দুৱাৰখন ঠেলা খাই উঠিল, আৰু লগে লগে পুনৰ ঘ্ণ্টাৰ শব্দটো বাজি উঠিল। ছেভলি শেঁতা পৰি গ’ল, গলহেঁকাৰি এটা মাৰি পুনৰ সি মজিয়াত জোৰে জোৰে খোজ কাঢ়িবলৈ ধৰিলে ।

“ডাকোৱালে ধুমুহাত বাট হেৰুৱালে ।”, আতংকিতভাৱে ঘৈণীয়েকলৈ চাই সি বিৰবিৰালে, “শুনিছনে ? ডাকোৱালে ধুমুহাত বাট হেৰুৱালে । ম... মই জানো নহয় ! মই হ’বলা... বুজি পোৱা নাই বুলি ভাবিছ ?”, ছেভলিয়ে কোনোমতে কৈ গ’ল, “হঁয়ে; মই চব বুজি পাইছো, দেই !”

“কি গম পাইছা তুমি?”, ৰাইজাই ভেঁকাহি মাৰি সুধিলে, খিৰিকীখনৰ ওপৰত চকু ৰাখি ৰাখি ।

“এইবোৰ চব তই কৰিছ, চালী ডাইনী ! হতচিৰী যাঁতী ! এই বৰফৰ ধুমুহা, ডাকোৱালে বাট হেৰুউৱা, চব তই কৰিছ – তই !”

“তুমি পাগল হ’লা, মূৰ্খ !”, তাই নিৰুদ্বেগভাৱে ক’লে ।

“মই তোক বহুদিনৰপৰা চাই আছো; আৰু চব দেখা পাই আছো নহয় ! তোক বিয়া কৰোৱাৰ দিন ধৰি দেখিছো, তোৰ গাত কোনোবা ডাইনীৰ তেজ নিশ্চয় আছে ।”

“ফুঃ...”, ৰাইজাই যেন আচৰিত হৈ গাটো জোকাৰি ভগৱানলৈ সেৱা জনালে; আৰু ক’লে, “যোৱা যোৱা, বুৰ্বক ক’ৰবাৰ ।”

“ডাইনী ডাইনীয়েই !”, ছেভলিয়ে তাৰ চোলাটোৰে নাকটো চাফা কৰি গৰগৰাই কৈ গ’ল, “তই মোৰ পত্নী হ’লেও, চৰকাৰী চাকৰিয়ালৰ ঘৰৰ জী হ’লেও, মই দহজনৰ আগত ক’বলৈও ভয় নকৰোঁ । হে ভগৱান, কি দেখিছোঁ এইবোৰ ! যোৱাবছৰো উৎসৱৰ সময়ত যে বৰফৰ ধুমুহা হৈছিল, মনত আছে নহয় ? সেইযে কাৰিকৰটো তোৰ ঘৰ পাইছিলহি । তাৰ পিছত ছেণ্ট আলেক্সি দিৱসৰ দিনা, নদীৰ বৰফ ভাগি গৈছিল আৰু চহৰৰপৰা পুলিছ আহিছিলযে? সেইদিনাও সি, সেই অসভ্যটোৱে, তোৰ লগত কি কৰি আছিল, জানো নহয় । ৰাতিপুৱা উঠি তাক মই দেখিছিলো নহয়, তাৰ উখহা চকু দুটা আৰু ফুলা গাল দুখনযে ! তাৰ পিছত আকৌ যোৱা আগষ্ট মাহৰ উপবাসৰ দিনত দুবাৰ ধুমুহা আহিছিল আৰু দুয়োবাৰেই সেই চিকাৰীটো আহি ওলাইছিল । মই সেই অধমটোক দেখা নাই জানো ? আহ...হা, চোৱা, তাই লাজত কেনেকৈ ৰঙা পৰিছে এতিয়া !”

“বাদ দিয়া; তুমি একো দেখা নাই ।”

“অ’, হয়নে ? আৰু এইবাৰ খ্ৰীষ্টমাছৰ আগেয়ে শ্বহীদ দিৱসৰ দিনা গোটেই দিন আৰু ৰাতি ধৰি ধুমুহা মাৰিছিল যে – আছেনে মনত ? – সেই পুলিছৰ কেৰাণীটোৱে বাট হেৰুৱালে আৰু পালেহি এইখিনি, কুকুৰটো ।... ফুঃ ! বাৰেঘৰী! তইতো তাৰ কাৰেণেই যাদু কৰি বতৰ বেয়া কৰিছিলি, নহয় জানো ? সেই ফটুৱা, কটীয়া-মটীয়া, কুন্ধচ চেহেৰাৰ কেৰাণীটো ! দেখিবলৈ সি ভাল হ’লেও বেলেগ কথা আছিল । কিন্তু, ধুইৎ । সিটো অসুৰৰ দৰে কুৎচিৎ আছিল দেখাত ।”

ছেভলিৰ ফোঁপনি উঠিল, তভক মাৰি ৰ’ল, মুখখন মচিলে আৰু বাহিৰলৈ কাণ পাতিলে । ঘ্ণ্টাৰ শব্দ শুনা নাই আৰু । কিন্তু বতাহে মূধচখন এতিয়াও কোবাই আছে ।

“আৰু এতিয়াও সেই একেই কথা !”, ছেভলিয়ে কৈ গ’ল, “ডাকোৱালে জানো এনেই বাট হেৰুৱাইছে ! সি যদি তোক বিচাৰি অহা নাই, তেন্তে মোৰ চকু ফুটাই দিবি । হয়তো, বতৰৰ সুযোগতে সি এতিয়া ঘূৰি ঘূৰি এইখিনি পাবহি আৰু তই তাক সহায় কৰিবি । গম পাই আছোঁ মই । হঁয়ে বেটী ডাইনী, তই লুকুৱাব পাৰ, কিন্তু ধুমুহা আৰম্ভ হওঁতেই জানিছোঁ মই চব কথা ।”

“মূৰ্খ !”, ৰাইজাই হাঁহি উঠিল, “কিহে বুৰ্বক, তুমি ভাবিছা তেনে ময়েই ধুমুহা বলাই আছো?”

“হু, কথা শুনা ! ধুমুহা তই বলাৱ বা নবলাৱ, মই এটা কথা জানো যে তোৰ তেজ গৰম হ’লে বতৰ বেয়া হ’বই আৰু বতৰ বেয়া হ’লে পগলা এটা এইখিনি পাবহিয়েই । প্ৰত্যেকেবাৰেই সেই একেই কথা । তেন্তে তোৰ বাহিৰে আৰু কাক দোষ দিম ?”

তাৰ কথাখিনিত অধিক জোৰ দিবলৈ সি কপালত হাতখন লগালে, বাঁও চকুটো বন্ধ কৰিলে আৰু সুৰ লগাই ক’বলৈ ধৰিলে, “হাৰামখোৰ! তই ডাইনী নহৈ মানুহ হোৱাহেঁতেন মই থাকোঁতেও সেই কাৰিকৰ, কেৰাণী বা চিকাৰী পিশাচহঁতৰ লগত হলিগলি কৰাতকৈ সিহঁতৰ কাষেই চাপিব নালাগিছিল, হয়নে নহয় ?”

“তুমি এটা নিৰ্বোধ, ছেভলি”, ৰাইজাই অলপ সহানুভূতিৰে তালৈ চাই ক’লে, “দেউতা জীয়াই থাকোতে ইয়ালৈ সকলোধৰণৰ মানুহ আহিছিল, জ্বৰৰ চিকিৎসা কৰাবলৈ – গাঁৱৰপৰা, পামবোৰৰপৰা, আৰ্মেনিয়ানসকলৰ খাটবোৰৰপৰা । সিহঁত প্ৰায় সদায় আহিছিল, কোনেওতো সিহঁতক পিশাচ বুলি কোৱা নাছিল । তেন্তে, ধুমুহাত পৰি বছৰৰ এদিন কোনোবা এটা আহিলে, তুমি বুৰ্বকৰ দৰে যা-তা কথাবিলাক কেলেই ভাবা !”

ঘৈণীয়েকৰ যুক্তিয়ে যেন ছেভলিক স্পৰ্শ কৰিলে । সি তাৰ খালী ভৰি দুখন বহলকৈ মেলি থিয় হ’ল আৰু চিন্তা কৰিলে । সি এতিয়াও ঘৈণীয়েকৰ কথাত সম্পূৰ্ণকৈ পতিয়ন যোৱা নাই, তাতে ঘৈণীয়কৰ নিৰুদ্বেগ কথা-বতৰাবোৰো তাৰ ভাল লগা নাই । হ’লেও কেইমুহূৰ্তমান ভাবি মূৰটো লৰাই সি ক’লে, “সিহঁততো বুঢ়া বা বিকলাংগ মানুহ নাছিল, ইয়াত আশ্ৰয় বিচাৰি অহা সকলোৱেই সদায় ডেকা মানুহ আছিল, কিয়? আৰু সিহঁতে অকণমান জুই সেকিবলৈ আহিলে বাৰু একো নাই, কিন্তু সিঁহতে কিয় সদায় তোৰ লগত সেইবোৰ কৰিছিল? ওহোঁ, তহঁত তিৰোতাবোৰৰ নিচিনা ধূৰ্ত পৃথিৱীত নাই । সঁচা মগজ তহঁতৰ সামান্যও নাই, কিন্তু বেয়া বুদ্ধি... বাপ্‌ৰে ! হে’ মাতা, ৰক্ষা কৰিবা ।... সেয়া ডাকোৱালৰ ঘণ্টা । ধুমুহা আৰম্ভ হওঁতেই জানিছিলো মই, তোৰ মনত কি আছিল । সেয়া তোৰ ডাইনী-বিদ্যা, হাৰামজাদী ।”

“তুমি মোকে কেলেই গালি পাৰি থাকা ?”, ৰাইজাৰ অৱশেষত ধৈৰ্য হেৰাল । “তুমি কেলেই মোক ইমান খুঁচি-বিন্ধি থাকা ?”

“কেলেই জান ?... ভগৱানে নকৰক, কিন্তু আজি যদি কিবা এটা হয়, শুনিছনে ?... আজি যদি কিবা এটা হয়, কাইলৈ পুৱাই মই চিধা ফাদাৰ নিক’ডিমৰ ওচৰলৈ যাম আৰু সকলো কথা কৈ দিম । মই ক’ম, ‘ফাদাৰ নিক’ডিম, মোক ক্ষমা কৰিব, কিন্তু মোৰ ঘৈণী এজনী ডাইনী ।’ ফাদাৰে সুধিব, ‘কিয় ?’ ‘জানেনে কিয় ? কৈছোঁ, ৰ’ব...’ আৰু মই তেওঁক সকলোবোৰ কৈ দিম । আৰু শুন, সিপুৰীততো পিছৰ কথা, এইপুৰীতে তই উপযুক্ত শাস্তি পাবি । তহঁতৰ নিচিনাবোৰৰ বিৰুদ্ধে সেইকাৰণেই দৈনিক গীৰ্জাত প্ৰাৰ্থনা কৰা হয়, গম পাইছনে ?”

হঠাৎ খিৰিকীখনত এটা টোকৰ পৰিল । টোকৰতো ইমান ডাঙৰ আৰু অসাধাৰণ ধৰণৰ আছিল যে ভয়তে ছেভলি বগা পৰি গ’ল আৰু পিছফালে প্ৰায় বাগৰি পৰো পৰো হ’ল । ৰাইজাও জাপ মাৰি উঠিল আৰু তায়ো শেঁতা পৰি গ’ল ।

“ভগৱানৰ শপত, আমাক ভিতৰলৈ আহিবলৈ দিয়া আৰু অলপ জুই সেকিবলৈ দিয়া !”, কোনোবাই কঁপা কঁপা মাতেৰে এইদৰে ক’লে । “কোন আছে ভিতৰত ? ঈশ্বৰক দোহাই, আমি ৰাস্তা হেৰুৱাইছো ।”

“কোন সেয়া ?”, ৰাইজাই সুধিলে; খিৰিকীখনলৈ নোচোৱাকৈয়ে ।

“ডাকোৱাল”, আন এজনে উত্তৰ দিলে ।

“তোৰ কৌশল খুব কামত আহিল”, হাতখন লৰাই লৰাই ছেভলিয়ে ক’লে, “মই মিছা কৈছিলোনে ? যা, চাগৈ বাহিৰত ।”

ছেভলি জাঁপ মাৰি বিছনাত উঠিল, তুলিখনৰ ওপৰত চিধাকৈ গা এৰি দিলে আৰু বেৰৰ ফালে মুখ কৰি খঙত ফোঁচফোঁচাই থাকিল । পিছমুহূৰ্ততে সি ডিঙিৰ পিছফালে এছাটি ঠাণ্ডা বতাহ অনুভৱ কৰিলে । দৰ্জাখন খোল খালে আৰু মূৰৰপৰা ভৰিলৈকে বৰফেৰে ঢকা এজন ওখ-পাখ মানুহক দুৱাৰডলিত দেখা গ’ল । তেওঁৰ পিছফালে একেই অৱস্থাৰ আৰু এজনক দেখা গ’ল ।

“টোপোলাবিলাক লৈ আহোঁনে ?”, বহা বহা মাতেৰে দ্বিতীয়জনে সুধিলে ।

“সেইবিলাক বাহিৰত কেনেকৈ ৰাখিবা !”, কৈ কৈ প্ৰথমজনে মূৰৰ পাগুৰিটো খুলিবলৈ চেষ্টা কৰিলে । কিন্তু খুলিব নোৱাৰি তেওঁ চেষ্টা এৰি টুপিৰে সৈতে গোটেই জেকেটটো মূৰেৰে উলিয়াই জুহালৰ গুৰিলৈ দলিয়াই দিলে । তাৰ পিছত তেওঁ গাৰপৰা কোটটোও খুলি খঙেৰে দলি মাৰি দি গৃহস্থৰ লগত কথা এষাৰো নপতাকৈ ঘৰটোৰ এফালৰপৰা আনফাললৈ পায়চাৰি কৰিবলৈ ধৰিলে ।

তেওঁ আছিল এজন সুশ্ৰী ডেকা ডাকোৱাল, চুলিখিনি বগা; তেওঁৰ পিন্ধনত আছিল এযোৰ জধলা ইউনিফৰ্ম আৰু পুৰণি ক’লা এযোৰ ওখ বুটজোতা । পায়চাৰি কৰি কৰি গাটো অলপ গৰম কৰি তেওঁ মেজত বহিলহি, বোকা-লগা ভৰি দুখন চিধাকৈ মেলি দিলে আৰু হাত দুখনৰ ওপৰত থুঁতৰিখন ৰাখিলে । তেওঁৰ শেঁতা মুখখন ঠায়ে ঠায়ে ঠাণ্ডাত ৰঙা পৰিছিল আৰু এইমাত্ৰ যে তেওঁ এক ভয়ংকৰ পৰিস্থিতিৰপৰা বাচি আহিছে, তাৰ চিন তেতিয়াও আছিল। খং, এইমাত্ৰ পোৱা শাৰীৰিক আৰু মানসিক কষ্টৰ পিছতো, আৰু চকুৰ চেলাউৰি, মোচ আৰ চুটি দাড়িখিনিৰপৰা বাগৰি অহা পানীখিনিৰ সত্ত্বেও তেওঁৰ শৰীৰৰ কমনীয়তা ওলাই পৰিছিল ।

“একদম কুকুৰৰ জীৱন, দেই !”, ডাকোৱালজনে ইফালে সিফালে চাই ক’লে । তেওঁ যেন এতিয়াও বিশ্বাস কৰিব পৰা নাই যে তেওঁ গৰম কোঠা এটাত আছে । “আমি প্ৰায় হেৰাইছিলোৱেই ! তোমালোকৰ ঘৰৰ পোহৰ নেদেখা হ’লে কিযে হ’লহেঁতেন ! কেতিয়াযে এই জীৱনৰপৰা মুক্তি পাম, ভগৱানেহে জানে ।”, ৰাইজালৈ চাই আকৌ সুধিলে, “পিছে, এইখিনি কি ঠাই ?”

“এয়া জেনেৰেল কালিন’ভস্কিৰ মাটিৰ গুল্যায়েভস্কি হিল ।”, লাজ লাজকৈ ৰাইজাই ক’লে ।

“ষ্টিফেন, শুনিছানে ? আমি গুল্যায়েভস্কি হিল পালোহি ।”, ডাকোৱালজনে তেওঁৰ চালকজনলৈ চাই ক’লে ।

“হয়, আমি বহুদূৰ পালোহি ।”, কোনোমতে কথাকেইটা কৈ চালকজন ওলাই গ’ল আৰু আৰু এবস্তা চিঠি লৈ আহিল; আকৌ এবাৰ ওলাই গৈ ডাকোৱালজনৰ ডাঙৰ পেটীডালেৰে সৈতে ছবিত দেখাৰ নিচিনা তৰোৱালখন লৈ আহিলগৈ । দেৱালৰ কাষতে চিঠিবিলাক থৈ সি বাহিৰৰ কোঠাটোলৈ গৈ তাৰ পাইপডাল জ্বলাই বহি ল’লে ।

“চাহ একাপ খাব নেকি ?”, ৰাইজাই সুধিলে ।

“চাহ খাই বহি থাকিবলৈ ক’ত সময় আছে ?”, মুখ ফুলাই ডাকোৱালে ক’লে, “লৰালৰিকৈ অলপ গৰম লগাই আমি ওলাব লাগিব, নহ’লে আমি ডাক-ৰে’লখন নাপামগৈ নহয় । দহ মিনিটমান থাকি আমি ওলামেই আৰু; খালী আমাক ৰাস্তাটো দেখুৱাই দিবা ।”

“অহ! কিযে লেতেৰা বতৰ !”

“ওঁ..., পিছে তোমালোকৰ পৰিচয় ?”

“আমি ? আমি ইয়াতে থাকো, গীৰ্জাটোৰ ওচৰত । আমি পুৰোহিতৰে মানুহ । সেয়া মোৰ গিৰিহঁত । ছেভলি, উঠাচোন, আলহীক সম্বৰ্ধনা জনোৱা ।... ডেৰ বছৰ আগলৈকে এইখন বেলেগ গাঁও আছিল । ডাঙৰ মানুহবিলাক থকালৈকে ইয়ালৈ বেছি মানুহ আহিছিল, গীৰ্জাৰ আয় ভালেই আছিল । কিন্তু, কি ক’ম; গম পাইছাই, তেওঁলোক যোৱাৰ পিছৰপৰাই আমাৰ চলিবলৈ টানেই হৈ আহিছে । ইয়াৰপৰা আটাইতকৈ ওচৰৰ গাঁওখন হ’ল মাৰ্ক’ভ্‌কা, তালৈ প্ৰায় তিনি মাইল দূৰ । ছেভলিয়ে অৱসৰ লোৱাৰ পিছত এতিয়া চকীদাৰৰ কাম কৰে; তেওঁ গীৰ্জাটো চোৱা-চিতা কৰে...।”

ৰাইজাই এই কথাও ক’বলৈ নাপাহৰিলে যে ছেভলি যদি মুখিয়ালজনৰ পত্নীৰ ওচৰলৈ গৈ বিশ্বপলৈ চিঠি এখন লিখাই আনে, সি ভাল চাকৰিয়েই পাব । “কিন্তু তেওঁ মুখিয়ালৰ পত্নীৰ ওচৰলৈ নাযায়, কাৰণ তেওঁ এলেহুৱা আৰু ভয়াতুৰ । যি কি নহওক, আমি পুৰোহিতৰ মানুহেই...।”, ৰাইজাই ক’লে ।

“তোমালোকে কেনেকৈ জীৱন নিৰ্বাহ কৰা ?”, ডাকোৱালজনে সুধিলে ।

“আমাৰ এখন সৰু শাক-পাচলিৰ বাগিছা, আৰু গীৰ্জাৰ অলপ মাটি আছে । পিছে তাৰপৰা বেছি উপাৰ্জন নহয় ।”, ৰাইজাই দুখ কৰিলে । “ওচৰৰ গাঁওখনৰ বুঢ়া-কৃপণ ফাদাৰ নিক’ডিমে ইয়াত গৰমৰ আৰু ঠাণ্ডাৰ ছেন্ট নিক’লাছ দিৱস পালন কৰে আৰু সকলো শস্য চপাই লৈ যায় । আমাৰ হৈ কোনেও নকয় !”

“তই মিছা কথা কৈছ ।”, ছেভলিয়ে গৰ্‌গৰাই উঠিল । “ফাদাৰ নিক’ডিম এজন মহাপুৰুষ, গীৰ্জাৰ এজন প্ৰকৃত ভক্ত। তেওঁ যদি কিবা নিছে, তেন্তে সেয়া তেওঁৰ প্ৰাপ্যই !”

“অহ... কথাবিলাক তাৰমানে এনেকুৱা !”, মিচিকিয়াই হাঁহি এক বুজি পোৱা ভাবত ডাকোৱালজনে ক’লে, “তোমালোকৰ বিয়াৰ পিছে কিমান দিন হ’ল ?”

“তিনি বছৰৰ আগেয়ে ইষ্টাৰৰ আগৰ দেওবাৰৰ দিনা বিয়া হৈছিল আমাৰ । মোৰ দেউতাই ইয়াত আগতে চকীদাৰ কৰিছিল । মৃত্যুৰ আগে আগে তেওঁ গীৰ্জাৰ পৰিচালনা সমিতিক মোৰ বিয়াৰ বাবে এজন বৰলা মানুহৰ বাবে খাতিৰ কৰিলে যাতে তেওঁৰ চাকৰিটো আমাৰ হাততে থাকে । তেতিয়া মই এওঁক বিয়া কৰালো ।”

“আহা... এক গুলীত দুই চিকাৰ !”, ডাকোৱালজনে ছেভলিলৈ চাই ক’লে, “চাকৰিও পালা, ছোৱালীও পালা !”

ছেভলিয়ে ভৰিখন খঙেৰে লৰালে আৰু দেৱালৰ কাষলৈ আৰু চাপি গ’ল । ডাকোৱালজন মেজৰ ওচৰৰপৰা আঁতৰি গ’ল আৰু গাটো পোনাই ডাক-টোপোলাটোৰ ওপৰতে বহিল । অকণমান ভাবি তেঁও টোপোলাটো হাতেৰে চপাই ল’লে, তৰোৱালখন আনফালে ঠেলা মাৰি থ’লে আৰু মজিয়াত ঢলি পৰিল ।

“একদম কুকুৰৰ জীৱন”, কৈ কৈ তেওঁ মূৰৰ পিছফালে হাত দুখন দিলে আৰু চকু দুটা মুদি দিলে, “উস ! মুক্ত টাটাৰ এজনৰ কিযে এয়া জীৱন !”

অচিৰেই সকলো নিজম পৰিল । ছেভলিৰ ফোঁচফোঁচনি আৰু ঘুমন্ত ডাকোৱালজনৰ শব্দ কৰি কৰি লোৱা দীঘলীয়া উশাহৰ শব্দৰ বাহিৰে একো নুশুনা হৈ পৰিল । মাজে মাজে তেওঁৰ ডিঙিৰপৰা চকাৰ কেৰ্‌কেৰণিৰ দৰে এটা শব্দ হৈছিল আৰু মাজে মাজে তেওঁ ভৰিৰে ডাক-টোপোলাটো ঠেলা মাৰি দিছিল । কিছু সময় পাৰ হ’ল । ছেভলিয়ে লেপখনৰ তলতে বাগৰ সলালে আৰু ঘূৰি চালে । তাৰ ঘৈণীয়েকে গালত হাত দুখন থৈ ডাকোৱালজনলৈ তন্ময় হৈ চাই চাই টুলখনত বহি আছিল । থৰ লগা মানুহৰ দৰে তাইৰ মুখখন স্থিৰ হৈ আছিল ।

“অ’ই, কি চাই আছ তই ?”, ছেভলিয়ে খঙেৰে ফুচফুচালে ।

“কেলেই লাগিছে তোমাক ? তুমি শোৱা মানুহ, শুই থাকা !”, ঘৈণীয়েকে মুখখন নুঘূৰোৱাকৈয়ে উত্তৰ দিলে ।

ছেভলিয়ে খঙেৰে বুকুৰপৰা গোটেইখিনি বতাহ ফোঁচকৈ উলিয়াই দি হঠাতে দেৱালৰ ফালে ঘূৰিল । কেইমিনিটমানৰ পিছত সি অধৈৰ্যভাৱে আকৌ ঘূৰি চালে, বিছনাৰ ওপৰতে আঁঠু কাঢ়ি বহিল আৰু গাৰুটোত হাত দুখন দি ঘৈণীয়েকলৈ প্ৰশ্নবোধকভাৱে চাই থাকিল । তাই তেতিয়াও অলৰ-অচৰভাৱে আলহীজনৰ ফালে তধা লাগি চাই আছিল । তাইৰ গালদুখন উজ্জ্বল হৈ আছিল আৰু তাইৰ চকু দুটা কিবা এটা আশাত চিকমিকাই আছিল । ছেভলিয়ে গল হেঁকাৰি মাৰি ডিঙিটো পৰিষ্কাৰ কৰিলে, বিছনাৰ ওপৰত পেটেৰে বগুৱা বাই আগ বাঢ়ি গ’ল আৰু ডাকোৱালজনৰ মুখখন ৰুমাল এখনেৰে ঢাকি দিলে ।

“কি কৰিছা সেয়া ?”, ৰাইজাই সুধিলে ।

“তেওঁৰ চকু দুটাত পোহৰ নপৰিবলৈ ঢাকি দিছোঁ ।”

“তেন্তে লেম্পটোৱেই নুমুৱাই দিয়া ।”

ছেভলিয়ে সন্দেহেৰে ঘৈণীয়েকলৈ চালে, লেম্পটো ফুৱাই নুমুৱাবলৈ ওঁঠ দুটা আগ বঢ়াই দিলে, কিন্তু হঠাতে তেওঁ সিদ্ধান্ত সলনি কৰিলে । হাত দুখন চেপা মাৰি সি কৈ উঠিল, “ৰাক্ষসৰ দৰে ধূৰ্তালি কৰিছ যে ? উস ! তিৰোতাতকৈ লেতেৰা জীৱ কিবা আছেনে !”

“উস ! দীঘল-ঠেঙীয়া অসুৰ !”, চকু ঘোপা কৰি তীব্ৰ খঙত ৰাইজাই ফোঁচফোঁচাই উঠিল, “অলপ ধৈৰ্য ধৰাচোন ।”

পুনৰ আৰামেৰে বহি লৈ তাই ডাকোৱালজনৰ মুখলৈ তধা লাগি চাই থাকিল ।

ডাকোৱালজনৰ মুখখন যে ঢাক খাই আছিল, সেই কথাটোৱে তাইক আমনি কৰা নাছিল । তেওঁৰ কেৱল মুখতেই নহয়, তেওঁ গোটেই মানুহজনৰ ওপৰতে, তেওঁৰ সমগ্ৰ কমনীয়তাৰ প্ৰতিয়েই তাইৰ মনোযোগ আকৰ্ষিত হৈছিল । তেওঁৰ বুকুখন আছিল বহল আৰু শক্তিশালী, তেওঁৰ হাত দুখন আছিল দীঘল আৰু সুঠাম, তেওঁৰ পেশীবহুল সুগঢ়ী ভৰি দুখন আছিল ছেভলিৰ হটঙা ভৰি দুখনতকৈ বহুত বেছি আকৰ্ষণীয় । আচলতে তেওঁৰ লগত ছেভলিৰ তুলনাই কৰিব নোৱাৰি ।

“যদিও মই দীঘল-ঠেঙীয়া অসুৰ”, ছেভলিয়ে কিছু সময়ৰ পিছত ক’লে, “তথাপিও ইহঁত ইয়াত শোৱাৰ কোনো প্ৰয়োজন নাই... সিহঁত চৰকাৰী চাকৰিয়াল, আমি সিহঁতক ৰখাৰ বাবেও চাগে’ কৈফিয়ৎ দিব লাগিব । তুমি যদি চিঠি নিছা, নিয়া, তুমি শুই থাকিব নোৱাৰা নহয়... এই, তুমি !”, ছেভলিয়ে বাহিৰৰ কোঠাটোলৈ চাই চিঞৰিলে, “হে’ৰা, চালক । কি নাম তোমাৰ ? ৰাস্তাটো দেখুৱাই দিওঁনে তোমালোকক ? উঠা, ডাকোৱাল শুই থাকিলে নহ’ব নহয় !”

ছেভলিয়ে এইবাৰ উত্তেজিতভাবে ডাকোৱালজনৰ ওচৰলৈ দৌৰ মাৰিলে আৰু তেওঁৰ হাতখনত ধৰি টানিবলৈ ধৰিলে ।

“হে’ৰা, ডাঙৰীয়া; তোমালোক নোযোৱা কেলৈ, যোৱাগৈ । এতিয়াই যোৱাগৈ, শুই থাকিব নোৱাৰিবা ।”

ডাকোৱালজন জাঁপ মাৰি উঠিল আৰু বহি পৰিল, অবুজভাৱে কেউফালে চালে আৰু আকৌ শুই পৰিল ।

“কেতিয়া যাবা তোমালোক ?”, ছেভলিয়ে ঢকিয়াই ঢকিয়াই কৈ থাকিল, “ডাক বিভাগৰ কামেই এয়া, সময়ত পৌঁছি যোৱা; শুনিছানে নাই ? মই তোমালোকক লৈ যাম, ব’লা ।”

ডাকোৱালজনে চকু মেলিলে । ধুনীয়াকৈ টোপনি যোৱাৰ পিছত তেওঁ সবল আৰু গৰম অনুভৱ কৰিছিল; টোপনিৰ জালত তেওঁ ৰাইজাৰ বগা ডিঙিটো আৰু স্থিৰ আকৰ্ষণীয় চকু দুটা দেখা পালে । চকু দুটা জপাই তেওঁ মিচিকিয়াই হাঁহিলে, যেন তেওঁ সপোনতো তাকেই দেখি আছিল !

“চোৱা, এনেকুৱা বতৰত তুমি কেনেকৈ যাবা !”, তেওঁ এটা কোমল নাৰী-কণ্ঠ শুনা পালে, “তুমি ভালদৰে টোপনি যোৱা, গাটো ভাল লাগিব ।”

“আৰু ডাক ?”, ছেভলিয়ে চিন্তিতভাৱে সুধিলে, “ডাক কোনে কঢ়িয়াব ? তই নিবি নেকি ?”

ডাকোৱালজনে আকৌ চকু মেলিলে, ৰাইজাৰ গালৰ ধুনীয়া টোল দুটালৈ চালে, তেওঁ ক’ত আছে বুজি পালে, আৰু ছেভলিৰ কথা কাণত পৰিল । এই ঠাণ্ডা আন্ধাৰ ৰাতিখন ওলাই যোৱা চিন্তাত যেন তেওঁ জিকাৰ খাই উঠিল ।

“আৰু পাঁচ মিনিটমান শুই ল’ব পাৰো দেখোন”, তেঁও হামি এটা মাৰি ক’লে, “এনেও দেৰি হ’বই আৰু...।”

“আমি কিজানি সময়তে পামগৈ”, বাহিৰৰ কোঠাটোৰপৰা এটা কণ্ঠ শুনা গ’ল, “কেতিয়াবা ৰে’লখনৰ সময় ব্যতিক্ৰম হ’বও পাৰে, ভাগ্য থাকিলে অলপ দেৰিও হ’ব পাৰে ।”

ডাকোৱালজন উঠিল, হওঁ-নহওঁকৈ থিয় হৈ তেঁও কোটটো পিন্ধিবলৈ ধৰিলে ।

ছেভলিয়ে যেতিয়া দেখিলে যে আলহীসকল যাবলৈ ওলাইছে, আনন্দত সি নাকেৰে শব্দ কৰিবলৈ ধৰিলে ।

“অলপ ধৰি দিয়াচোন”, চালকজনে চিঠিৰ টোপোলা এটা দাঙিবলৈ লৈ চিঞৰিলে । ছেভলি দৌৰি ওলাই গ’ল আৰু তেওঁক চিঠিৰ টোপোলাবিলাক চোতাললৈ নিবলৈ সহায় কৰি দিলে ।

ডাকোৱালজনে তেওঁৰ পাগুৰিটোৰ গাঁঠিটো খুলিবলৈ ধৰিলে । ৰাইজাই তেওঁৰ চকুলৈ চাই থাকিল, যেন তাই এইদৰে তেওঁৰ অন্তৰলৈকে চাই ল’ব খুজিছে!

“চাহ একাপ খাই যোৱা...”, তাই ক’লে ।

“মই না বুলি নক’লোহেঁতেন..., কিন্তু চোৱা, তেওঁলোক সাজু হৈছেই ।”, ডাকোৱালজনে ক’লে ।

“দেৰি এনেও হৈছেই দেখোন ।”

“থাকা না...”, তাই চকু দুটা তললৈ নমাই তেওঁৰ হাতত ধৰি অনুনয় কৰিলে ।

অৱশেষত ডাকোৱালজনে তেওঁৰ পাগুৰিটো খুলিলে আৰু ওচৰত ৰাইজা থিয় হৈ থকাত ইতস্ততঃ কৰি কাপোৰখন কিলাকুটিৰ ওপৰেদি পেলাই ল’লে । কেইটামান মুহূৰ্ত পাৰ হৈ গ’ল... ।

“তোমাৰ ডিঙিটো ইমান... ধুনীয়া !...” হাতৰ আঙুলিৰে তেওঁ তাইৰ ডিঙিটোত হাত ফুৰালে । তাই বাধা নিদিলে; এইবাৰ তেওঁ তাইৰ ডিঙিটো আৰু কান্ধ দুখন মোহাৰি দিলে ।

“মই কওঁ, তুমি বহুত...”

“তুমি থাকি যোৱানা... অলপ চাহ খোৱা ।...”

“ক’ত দিলা সেইটো ?”, বাহিৰৰপৰা চালকজনৰ কণ্ঠ শুনা গ’ল, “ওঁহো, সেইটো পথালিকৈ দিয়া ।”......

“তুমি থাকি যোৱানা... শুনিছানে, বাহিৰত কেনেকৈ হো-হোৱাই বতাহ বলিছে ?”

ডাকোৱালজনৰ টোপনি ভালকৈ ভগাই নাছিল, কষ্ট আৰু ডেকা বয়সৰ ডাঠ ঘুমটিৰ মায়াজালৰপৰা তেওঁ ভালকৈ মুক্ত হ’বই পৰা নাছিল; হঠাতে তেওঁৰ এনেকুৱা এক ইচ্ছা জাগিল যে তাৰ আগত এই চিঠিৰ টোপোলা, ডাক-ৰে’ল... সকলো অসাৰ লাগিল, সকলো তেওঁ পাহৰি গ’ল । ভূমুকিয়াই তেওঁ দুৱাৰৰ ফালে চালে; আৰু যেন তেওঁ পলাইহে বাচিব খুজিছে, এইদৰে তেওঁ ৰাইজাক কঁকালত দুই হাতেৰে মেৰিয়াই ধৰিলে ! তেওঁ এইবাৰ লেম্পটো নুমুৱাই দিবলৈ উদ্যত হ’ল...। কিন্তু ঠিক তেনেতেই বাহিৰৰ কোঠাটোত জোতাৰ শব্দ হ’ল আৰু চালকজন দুৱাৰমুখত উপস্থিত হ’ল । চালকজনৰ কান্ধৰ ওপৰেদি দেখা গৈছিল ছেভলিক । মুহূৰ্ততে ডকোৱালজনে হাত দুখন নমাই আনিলে আৰু ইতঃস্তত ভাবেৰে থিয় হৈ থাকিল । এইবাৰ তেওঁলোক বাচি গ’ল ।

“সকলো সাজু”, চালকজনে ক’লে । ডাকোৱালজন একমুহূৰ্ত থিয় হৈ থাকিল, লাহে লাহে মূৰ দুপিয়ালে যেন এতিয়াহে তেওঁ ভালকৈ সাৰ পালে, আৰু চালকজনৰ পিছে পিছে ওলাই গ’ল ।

ৰাইজা অকলে থাকি গ’ল ।

“আহাঁ, বহাহি আৰু আমাক ৰাস্তাটো দেখুৱাই দিয়াহি !”, চোতালত তাই গিৰিয়েকক মতা শুনা পালে ।

ডাক-গাড়ীৰ ঘণ্টাটো এবাৰ বাজো-নাবাজোকৈ বাজি উঠিল, আৰু এবাৰ বাজিল; তাৰ পিছত ঘৰটোৰপৰা ঘ্ণ্টাৰ শব্দটো আঁতৰি গৈ থাকিল।

শব্দটো লাহে লাহে নুশুনা হৈ আহিল, ৰাইজাই পৰিশ্ৰান্তভাৱে ইফালে সিফালে খোজ কাঢ়ি ফুৰিলে । প্ৰথমতে তাই শেঁতা পৰিছিল, কিন্তু পাছলৈ তাই গোটেইজনী ৰঙা পৰি আহিল । তাইৰ মুখখন অপূৰ্ণ আশাৰ নিষ্ফল আক্ৰোশত বিকৃত হৈ পৰিল, উশাহ ফোঁপনিলৈ পৰিবৰ্তিত হ’ল, তাইৰ চকু দুটা জান্তৱ, বৰ্বৰ খঙত জ্বলি আহিল । সৰু জুপুৰিটোত পায়চাৰি কৰি ফুৰোঁতে তাইক গৰম লোহাৰে ভয় খুওৱা গৰালত মহটিয়াই ফুৰা বাঘিনী এজনীৰ দৰে দেখাইছিল ।

এক মুহূৰ্তত তাই ৰৈ নিজৰ ঘৰখনলৈ চকু দিলে, ঘৃণাত তাইৰ নাক কোঁচ খাই আহিল । কোঠাটোৰ আধাখিনিমান জুৰি আছে বিছনাখন; দেৱালখনৰ সমগ্ৰ দৈৰ্ঘ জুৰি লেতেৰা তুলিখন, খহটা মটীয়া ৰঙৰ গাৰুকেইটা, এখন লেপ আৰু বহু ধৰণৰ কাপোৰৰ টুকুৰাৰে বিছনাখন থিয় হৈ আছে । বিছনাখন আছিল এক কুন্ধচ, কুৰূপ বস্তু; ছেভলিৰ মূৰত কেতিয়াবা তেল লগাবলৈ মনত পৰিলে থিয় হৈ অহা অবাধ্য চুলিবোৰৰ দৰে । বিছনাখনৰপৰা বাহিৰৰ ঠাণ্ডা কোঠাটোলৈ যোৱা দুৱাৰখনলৈকে আছে ক’লা জুহালখন, তাৰ চাৰিওফালে সিঁচৰতি হৈ পৰি আছে বিভিন্ন পাত্ৰ আৰু বাচন-বৰ্তন । ঘৰত বৰ্তমান অনুপস্থিত ছেভলিকে ধৰি, সকলোবোৰেই লেতেৰা, অপৰিষ্কাৰ, ক’ৰবালৈকে যেন ভেঁকুৰ লগা – এইবোৰৰ মাজত এগৰাকী সুগঢ়ী নাৰীৰ ধুনীয়া বগা ডিঙি এটা অথবা নিপোটল কোমল শৰীৰ এটা যেন কোনোমতেই খাপ নাখায় ।

ৰাইজা বিছনাখনলৈ দৌৰ মাৰি গ’ল, হাত দুখন দলিয়াই দিয়াৰ দৰে মেলি দিলে, জাঁপ মাৰি উঠিল আৰু বিছনাখন টুকুৰা-টুকুৰকৈ ফালি পেলালে । তাৰ পিছত, তাই যেন ধূলিবোৰৰ বাবে ভয়হে খাইছে, সেইদৰে জঁপিয়াই নামি আহিল আৰু পুনৰ ইফালে সিফালে খোজ কাঢ়ি ফুৰিবলৈ ধৰিলে ।

ছেভলি দুঘণ্টামানৰ পিছত পৰিশ্ৰান্ত হৈ, বৰফেৰে ঢাক খাই ঘূৰি আহিল । ৰাইজা কাপোৰ সলাই বিছনাত পৰি আছিল । তাইৰ চকু দুটা বন্ধ আছিল; কিন্তু তাইৰ মুখৰ অভিব্যক্তিৰপৰা সি গম পালে, তাইৰ টোপনি যোৱা নাই ।

ঘূৰি আহোঁতে সি শপত খাই আহিছিল যে অন্ততঃ পিছদিনালৈকে সি তাইক স্পৰ্শ নকৰে, কিন্তু এতিয়া সি তাইক উপলুঙা নকৰাকৈ থাকিব নোৱাৰিলে ।

“তোৰ ডাইনী-বাজিয়ে কাম নিদিলে, সি গ’লগৈ ।”, এক কুটিল হাঁহিৰে সি ক’লে ।

ৰাইজাই একো নক’লে, কিন্তু তাইৰ থুঁতৰিখন সামান্য কঁপি উঠিল । ছেভলিয়ে কাপোৰ সলালে, ৰাইজাৰ ওপৰেৰে পাৰ হৈ গ’ল আৰু দেৱালৰ কাষত শুই পৰিল ।

“কাইলৈ মই ফাদাৰ নিক’ডিমক ক’ম, কেনে চৰিত্ৰৰ পত্নী তই ।”, সি ভোৰভোৰালে আৰু কুঁচি-মুচি ল’লে ।

ৰাইজাই তাৰ ফালে মুখ কৰিলে, তাইৰ চকু দুটা যেন দপ্‌দপাই জ্বলি উঠিল ।

“তোমাৰ বাবেতো চাকৰিটোৱেই যথেষ্ট, ঘৈণী এজনী জংঘলতে বিচাৰি নল’লা কিয় ? জহন্নামে যোৱা তুমি !”, ৰাইজাই ক’লে, “মইতো তোমাৰ পত্নী নহয়, এজনী এলাগী, অষ্পৃশ্য তিৰোতাহে । উস, ভগৱান !”

“হ’ব হ’ব,... শুই থাক এতিয়া ।”

“অহ, মই কিমান দুঃস্থ !”, ৰাইজাই উচুপি উঠিল, “তুমি নোহোৱা হ’লে মই কোনোবা সদাগৰ বা কোনোবা ভদ্ৰলোকক বিয়া কৰালোহেঁতেন ! তুমি নোহোৱা হ’লে মই মোৰ পতিক ভাল পালোহেঁতেন । আৰু তুমি কেতিয়াও নুবুজিলা কেলেই তোমাৰ পত্নীৰ ইচ্ছা-অনিচ্ছাবোৰ, মনৰ কথাবোৰ ? তুমিতো বৰফত পোত খাই থকা পাষাণ নহয়, তুমিতো হাড়-কঁপা শীতত নিথৰ হৈ যোৱা নাই, তেন্তে ইমান নিষ্ঠুৰ কিয় তুমি ?”

ৰাইজাই বহু সময় কান্দি থাকিল । অৱশেষত তাই দীঘলকৈ উশাহ এটা এৰি শান্ত হৈ পৰিল । বাহিৰত ধুমুহা বলিয়েই আছিল । জুহালত, ছিমনিটোত, দেৱালৰ বাহিৰত কিবা এটাই চেঁ-চেঁয়াই উঠিল; ছেভলিৰ এনেকুৱা লাগিল যেন সেই শব্দটো তাৰ ভিতৰৰপৰা, তাৰ কাণৰ ভিতৰৰপৰা আহিছে । আজিৰ সন্ধ্যাটোৱে তাৰ ঘৈণীয়েকৰ প্ৰতি থকা সন্দেহ সঁচা বুলি প্ৰমাণ কৰিলে । তাৰ আৰু সন্দেহ নাই যে তাৰ ঘৈণীয়েকেই কোনোবা ভূত-প্ৰেতৰ লগ লাগি বতাহ আৰু ডাক-গাড়ীবোৰ নিয়ন্ত্ৰণ কৰে । তাৰ বেছিকৈ দুখ লাগিল এই কাৰণে যে, এই ৰহস্য, অলৌকিকতা আৰু আচৰিত শক্তিয়ে তাৰ কাষত থকা নাৰীগৰাকীক এনেকুৱা এক সৌন্দৰ্য প্ৰদান কৰিছে, যাক সি ইমানদিনে অনুভৱ কৰিব পৰা নাছিল । সি অনুভৱ কৰিলে, আচলতে তাৰ মূৰ্খামিৰ বাবে সি তাইৰ চাৰিওফালে এক কাব্যিক ইন্দ্ৰজাল তৰি পেলাইছিল; সি তাইক আৰু অধিক সুশ্ৰী, সুগঢ়ী, ধুনীয়া দেখা পাই আহিছিল । আৰু তাৰ কুন্ধচ ৰূপৰ লগত তুলনা কৰি সি নিজে ইমানদিনে সিহঁত দুটাৰ মাজত এখন দেৱালৰ সৃষ্টি কৰি নিজকে তাইৰ ওচৰলৈ চাপিব নোৱৰা কৰি পেলাইছিল ।

“ডাইনী !”, সি ভোৰভোৰালে, “ফুঃ, ভয়লগা জীৱ !”

আজি, প্ৰথমবাৰৰ বাবে, তাই শান্ত হোৱাৰ পিছত আৰু সাধাৰণভাৱে উশাহ ল’বলৈ আৰম্ভ কৰাৰ পিছত সি আঙুলি এটাৰে তাইৰ গালখন স্পৰ্শ কৰিলে, তাইৰ ডাঠ ৰেশমী চুলিকোছা কিছু সময় হাতত লৈ তাৰ কোমলতা অনুভৱ কৰিলে । তাৰ লাহে লাহে সাহস বাঢ়ি আহিল আৰু তাইৰ ডিঙিটো মোহাৰি দিলে ।

“আঁতৰি যোৱা !”, তাই চিঞৰি উঠিল, আৰু তাৰ নাকত কিলাকুটিৰে ইমান জোৰেৰে খুন্দা মাৰি দিলে যে সি চকুৰে জলক-তবক দেখা পালে । তাৰ নাকৰ বিষটো সোনকালেই ভাল হ’ল। কিন্তু হৃদয়ৰ বেদনাখিনি তেনেকৈয়ে থাকি গ’ল ।

মূল (ৰুছিয়ান) : এণ্টন ছেখভ

অনুবাদ : ড° বসন্ত কুমাৰ বৰা

Share Button
Print Friendly, PDF & Email

No Comments : "ডাইনীজনী"

Leave a Comment

Your email address will not be published. Required fields are marked *