বিবিধ চিন্তা

তথ্য প্ৰযুক্তি কোষ(IT Cell)ৰ গুণানুকীৰ্তন (পাৰ্থ প্ৰতীম বৰকটকী)


১৯৯৬ চনৰ ১ মাৰ্চত বিল গেট্‌ছৰ এটা প্ৰবন্ধ প্ৰকাশিত হৈছিল৷ প্ৰবন্ধটোৰ শীৰ্ষক হৈছে – Content is King৷ মূলতঃ যদিও প্ৰবন্ধটোৰ বিষয়বস্তু ইন্টাৰনেটৰ মাধ্যমেৰে অৰ্থ উপাৰ্জনৰ পদ্ধতি কেন্দ্ৰিক আছিল; তাত গেট্‌ছে এটা গুৰুত্বপূৰ্ণ কথা কৈছিল৷ “অৰ্ধশতিকাৰ পূৰ্বে আৰম্ভ হোৱা টেলিভিছন বিপ্লৱে টেলিভিছন উৎপাদনকে মুখ্য কৰি বহুতো উদ্যোগ সৃষ্টি কৰিলে; কিন্তু দীৰ্ঘম্যাদী বিজয়ী সেইসকলহে হ’ল যি তথ্য আৰু মনোৰঞ্জন বিতৰণ কৰিবলৈ এই মাধ্যম ব্যৱহাৰ কৰিলে৷” কোনো কৰ্মসিদ্ধিৰ ক্ষেত্ৰত মাধ্যমৰ ভূমিকা অনস্বীকাৰ্য৷ আজিৰ তাৰিখত জনমত গঠনৰ আটাইতকৈ শক্তিশালী মাধ্যমটো হৈছে সামাজিক মাধ্যম (Social Media)৷ ২০০৮ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত বাৰাক অ’বামাই এই মাধ্যমৰ সহায় লৈ সফল হৈছিল৷ ২০১৪ চনত আমাৰ দেশৰ সাধাৰণ নিৰ্বাচনত ভাজপা আৰু ২০১৫ চনত দিল্লীৰ বিধানসভা নিৰ্বাচনত আম আদমী পাৰ্টীয়েও একেই ৰণনীতি গ্ৰহণ কৰিছিল৷ ভাজপাৰ ৰণনীতি ভেদিবলৈ অন্য দলবোৰেও নিজৰ ৰণনীতি তৈয়াৰ কৰিলে৷ ইয়াৰ বাবে একো একোটা সম্পূৰ্ণৰূপে সমৰ্পিত গোটৰ প্ৰয়োজন হৈছিল৷ কাজেই, প্ৰায় প্ৰতিটো দলে নিজৰ নিজৰ এই বিশেষ গোট গঠন কৰিলে৷ যিবোৰ গোট এই লেখাৰ আলোচ্য বিষয়—-তথ্য-প্ৰযুক্তি কোষ (IT Cell).

বৰ্তমান দেশৰ প্ৰায় প্ৰতিটো দলৰে সক্ৰিয় তথ্য-প্ৰযুক্তি কোষ আছে৷ ইয়াত আমি বিশেষ আচৰিত হ’বলগা একো দেখা নাপাওঁ কাৰণ এতিয়া সামাজিক মাধ্যমক প্ৰায় সকলোৱে বিভিন্ন স্বাৰ্থত ব্যৱহাৰ কৰে৷ দেশত কেতবোৰ আইন-কানুন থকা সত্ত্বেও এই মাধ্যম বাধাহীন৷ ইয়াত দায় সাৰিবলৈ তেনেই সহজ৷ ইয়াত মানুহৰ আৱেগক উদ্দেশ্য প্ৰণোদিতভাৱে পৰিচালিত কৰাটো ভাতৰ লগত পানী খোৱা কথা৷ আইনৰ ৰক্ষকসকলে যদিও কয় যে তেওঁলোকে এই মাধ্যমৰ ওপৰত চকু দি আছে, আমি নকৈ নোৱাৰোঁ তেওঁলোকৰ কথা পুতৌ জাগিব পৰাকৈ হাস্যকৰ৷ এই সংক্ৰান্তত এফাঁকি ফকৰা-যোজনাই প্ৰতি ক্ষণতে আমাৰ মগজুত দোলা দি থাকে—চোৰ গ’লে বুদ্ধি, বৰষুণ গ’লে জাপি৷ নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে ভাজপা ক্ষমতালৈ অহালৈকে আৰু ইয়াৰ পৰৱৰ্তী দুটা বছৰলৈকে কেতবোৰ বিক্ষিপ্ত ঘটনাক আওকাণ কৰিলে কথাবোৰ মোটামুটি ঠিকেই আছিল৷

এই দৃশ্যপটত খেলিমেলিবোৰ তেতিয়াৰ পৰা আৰম্ভ হ’ব ধৰিলে যেতিয়াৰ পৰা শাসকীয় দলে ক্ষমতালৈ অহাৰ পূৰ্বে প্ৰদান কৰা প্ৰতিশ্ৰুতিবোৰ কেৱল ভাষণবাজিতেই সীমাবদ্ধ হৈ ৰ’ল৷ লগতে কেতবোৰ প্ৰতিশ্ৰুতি পূৰণ কৰাতো বাদেই, সিবোৰৰ ক্ষেত্ৰত চৰকাৰৰ স্থিতিয়ে সম্পূৰ্ণ বিপৰীত অৱস্থান ল’লে৷ নিৰ্বাচনৰ পূৰ্বে সমাজিক মাধ্যমৰ লগতে দেশৰ প্ৰায়বোৰ বৈদ্যুতিন সংবাদ মাধ্যমে (গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হোৱাৰ সুবাদত(!!)) জনতাৰ মনত পৰিবৰ্তনৰ এক দুৰ্নিবাৰ আশা সঞ্চাৰিত কৰিছিল৷ সেই আশাত মজিয়েই অতীষ্ঠ জনতাই বিকল্প বিচাৰি ভাজপাৰ হাতত শাসনভাৰ তুলি দিছিল৷ কিন্তু জনতাৰ আশাত দুখলগাকৈ চেঁচাপানী পৰিল৷ আশাহত জনতাই নিজৰ গণতান্ত্ৰিক অধিকাৰ প্ৰয়োগেৰে শাসকীয় পক্ষক প্ৰশ্ন কৰিবলৈ ধৰিলে৷ এই প্ৰক্ৰিয়াৰ প্ৰথম পৰ্যায়ত শাসকগোষ্ঠীৰ নেতৃত্বৰ বিভিন্নজনে নিজৰ সাধ্যানুসাৰে প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ চেষ্টা কৰিছিল৷ কিন্তু এই দৃশ্যপটত অৱস্থা এনেকুৱা হ’ল যেন নানা ঋষি নানা মত৷ ক্ৰমশঃ পৰিস্থিতি এক প্ৰকাৰে নিয়ন্ত্ৰণৰ বাহিৰৈ গতি কৰিলে৷ কাজেই, নতুন পদ্ধতি আৱিষ্কাৰৰ বাবে জোৰদাৰ গৱেষণা চলিল৷ যদিও এই গৱেষণাই নতুনত্বৰ সোৱাদ দিব নোৱাৰিলে; গৱেষেকসকলে কেতবোৰ পুৰণা ফলপ্ৰসূ পদ্ধতিক আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ দ্বাৰা কাৰ্যক্ষেত্ৰত প্ৰয়োগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে৷ ইয়াৰ ভিতৰত আমাৰ চকুত পৰা পদ্ধতিকেইটা হৈছে—–(১) মতবিৰোধী বা প্ৰশ্নকৰ্তাৰ চৰিত্ৰহনন, (২) প্ৰশ্নৰ উত্তৰত প্ৰশ্ন কৰা, (৩) প্ৰশ্ন কৰা আৰু দেশদ্ৰোহিতাক একাকাৰ কৰা (৪) কথাই প্ৰতি সীমান্তত সেনা জোৱানৰ মৃত্যুৰ প্ৰসংগ টানি অনা, (৫) বিকৃত তথ্যৰ জোৰদাৰ প্ৰচাৰ চলোৱা, (৬) আলোচ্য প্ৰসংগক প্ৰতিক্ষণে পথভ্ৰষ্ট কৰিবলৈ চেষ্টা কৰা, (৭) ভুৱা সংবাদ সৃষ্টি আৰু সিবোৰৰ বহুল পৰিৱেশন (৮) একেটা মিছা কথাক বাৰে বাৰে দোহাৰি থকা(গোৱ্বেলচ্ছীয় পদ্ধতি), (৯) কোনো গুৰুত্বপূৰ্ণ আলোচনাৰ মাজত অবান্তৰ আৰু অপ্ৰাসংগিক কথাৰ অৱতাৰণা কৰি আলোচনা পণ্ড কৰা আৰু (১০) সম্পূৰ্ণ সমৰ্পিত সৈন্য দলক সৰ্বক্ষণতে সষ্টম কৰি ৰখা, ইত্যাদি৷ পদ্ধতিৰ এই তালিকাখনত নিঃসন্দেহে আৰু বহু পদ্ধতি সন্নিৱিষ্ট কৰিব পৰাৰ থল আছে৷ হোৱাট্‌ছএপ (Whatsapp) নামৰ উচ্চ পৰ্যায়ৰ বিশ্ববিদ্যালয়খনত এই পদ্ধতিসমূহৰ বিষয়ে নিৰন্তৰ পাঠদান চলিব ধৰিলে৷ য’ত সিবোৰৰ প্ৰণালীবদ্ধ প্ৰয়োগৰ কৰ্মদক্ষতাৰে উচ্চশিক্ষিত বহু সমৰ্পিত সৈনিক কৰ্মক্ষেত্ৰলৈ ওলাই আহিল৷ আজি ই এক নিৰন্তৰ, নিৰৱধি প্ৰক্ৰিয়া৷ এই বিশ্ববিদ্যালয়খনৰ গৱেষণাগাৰৰ মুখ্য সঁজুলিবিধ হৈছে—–এড’ব ফ’টোশ্বপ(Adobe Photoshop)৷ অৱশ্যে সৈনিকসকলে নিজৰ স্মাৰ্টফ’নত এইবিধ সঁজুলি নোহোৱাকৈয়ে তৃণমূল পৰ্যায়ত কাম চলাব পাৰে৷ এইখিনিতে উল্লেখযোগ্য, আপুনি যদি এই বিশ্ববিদ্যালয়ত যোগদান কৰিব বিচাৰে তেন্তে আপুনি নিজৰ মগজুটো বাহিৰত খুলি থৈ যাব লাগিব৷ কাৰণ, এই বিশ্ববিদ্যালয়ত পাঠদান আৰম্ভ কৰাৰ আগতে এক বিশেষভাবে তৈয়াৰী মগজু পূৰ্বৰ মগজুৰ স্থানত সংস্থাপিত কৰা হয়৷ ইংৰাজীত যাক কোৱা হয় Programmed Brain! ইয়াৰ লগতে বিশ্ববিদ্যালয়ত অন্তৰ্ভুক্তিৰ বাবে প্ৰয়োজনীয় পূৰ্বচৰ্তটো হ’ল গুৰুবাদ আৰু একান্ত বাধ্য মানসিকতা৷ অৱশ্যে এয়া অত্যন্ত গুৰুত্বপূৰ্ণ নহয় কিয়নো আপোনাৰ যদিও এইকেইটা গুণ নাথাকে, তেওঁলোকে আপোনাক সেই গুণৰ অধিকাৰী কৰাৰ পিছতহে মূল শ্ৰেণীকোঠাত বহিবলৈ দিব৷ যথেষ্ট দুখ আৰু হতাশাৰে আমি এই কথা ক’বলৈ বাধ্য যে দেশৰ যিকেইটা ৰাজনৈতিক দলৰ তথ্য প্ৰযু্ক্তি কোষে শুদ্ধ তথ্যৰে নিজৰ কাম-কাজ চলাই আছে তেওঁলোক এতিয়াও ভাজপাৰ তথ্য প্ৰযুক্তি কোষৰ প্ৰতিদ্বন্দ্বী হ’ব পৰা নাই৷ মুখ্য বিৰোধী কংগ্ৰেছ দলৰ তথ্য প্ৰযুক্তি কোষৰ অৱস্থা দুখলগা বিধৰ৷ ভাজপাক প্ৰত্যাহ্বান জনাবলৈ যাওঁতে তেওঁলোকেও একেই বাটেৰেই গতি কৰা পৰিলক্ষিত হৈছে৷

তথ্য প্ৰযুক্তি কোষৰ বাবে অতিকৈ অপৰিহাৰ্য সমলটো হৈছে ভুৱা সংবাদ৷ ভুৱা খবৰৰ প্ৰচাৰে তথ্য প্ৰযুক্তি কোষক অভাবনীয়ভাৱে সহায় কৰে৷ ভুৱা খবৰ প্ৰচাৰ কৰি বহুতো সংবাদ মাধ্যম নিজৰ জ্ঞাতে-অজ্ঞাতে তথ্য প্ৰযুক্তি কোষৰ পৰিপূৰক হৈ পৰে৷ ভুৱা সংবাদ সৃষ্টি কৰাটো এক উচ্চস্তৰীয় কৌশলী কৰ্ম৷ যাৰ বাবে সাধাৰণ জনতাৰ মনস্তাত্ত্বিক দিশৰ অধ্যয়ন খুবেই প্ৰয়োজনীয়৷ মন কৰিলে দেখা যায়, সেইবোৰ ঘটনাক ভুৱা খবৰৰ বাবে নিৰ্বাচিত কৰা হয় যিবোৰৰ বিষয়ে জনতাৰ হাতত নিচেই কম তথ্য থাকে আৰু যিবোৰৰ গৰিষ্ঠসংখ্যক ধাৰণাপ্ৰসূত হয়৷ ভুৱা খবৰ কিমান ফলপ্ৰসূ হ’ব পাৰে সেই কথা প্ৰতিপন্ন কৰিবলৈ মই দুটা উদাৰণ দিওঁ৷ (১) ২০১৭ চনৰ গুজৰাট বিধানসভা নিৰ্বাচনৰ প্ৰকাক্ষণত পালনপুৰত অনুষ্ঠিত হোৱা এখন নিৰ্বাচনী প্ৰচাৰ সভাত দেশৰ প্ৰধান সেৱকে (প্ৰধানমন্ত্ৰী বুলি ক’লে তেখেতে বেয়া পায়) নিজৰ ভাষণত কৈছিল—-“…মণি শংকৰ আয়াৰৰ বাসগৃহত পাকিস্তানৰ উচ্চায়ুক্ত, পাকিস্তানৰ এজন প্ৰাক্তন বৈদেশিক মন্ত্ৰী, দেশৰ এজন প্ৰাক্তন উপ ৰাষ্ট্ৰপতি (ড° হামিদ আনচাৰি) আৰু দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী (ড° মনমোহন সিং) এখন গোপন বৈঠকত মিলিত হৈছিল৷ বৈঠকৰ পিছদিনা মণিশংকৰ আয়াৰে কৈছিল যে মোডী এজন নীচ ব্যক্তি৷ মোৰ ভাইভনীসকল (ভাইও অঔৰ বেহ্‌নো) এইটো এটা গম্ভীৰ বিষয়৷ পাকিস্তান এক গম্ভীৰ বিষয়; তেনেস্থলত গুজৰাট নিৰ্বাচনৰ প্ৰাকক্ষণত সেয় উচ্চায়ুক্তৰ লগত হোৱা গোপন বৈঠকৰ কি উদ্দেশ্য হ’ব পাৰে? আৰু এটা কথা: পাকিস্তান সেনাবাহিনীৰ প্ৰাক্তন সঞ্চালক প্ৰধান আৰশ্বাদ ৰফিকে কৈছিল যে গুজৰাটৰ মুখ্যমন্ত্ৰীৰ বাবে আহমেদ পেটেলক সমৰ্থন কৰিব লাগে৷ ভাইভনীসকল, গুজৰাটৰ নিৰ্বাচনত আৰশ্বাদ ৰফিকে মাথা মৰাৰ কি প্ৰয়োজন? আপোনালোকে জানো এই প্ৰশ্নবোৰ কংগ্ৰেছ দলক নকৰিব?…”
ভুৱা সংবাদৰ প্ৰসংগত যে প্ৰধান সেৱকৰ ভাষণৰ উদ্ধৃতি? ইয়াত আচৰিত হ’ব লগা একো নাই বৰঞ্চ এই সন্দৰ্ভত অধিক সচেতনতা অৱলম্বন কৰাটো শ্ৰেয় কাৰণ প্ৰধান সেৱকৰ ভাষণৰ এই অংশটো বিকৃত তথ্য আৰু অৰ্ধসত্যৰে ভৰপূৰ তথা উদ্দেশ্যপ্ৰণোদিত৷ মণি শংকৰ আয়াৰৰ বাসগৃহত কিছু লোক একত্ৰিত হোৱাটো সঁচা৷ সেয়া হৈছিল এক নৈশ ভোজনৰ বাবে৷ য’ত ভাৰতীয় সেনাবাহিনীৰ প্ৰাক্তন সেনাপ্ৰধান আৰু ভাৰতৰ এজন প্ৰাক্তন বৈদেশিক সচিবৰ লগতে অন্য বহু কেইজন সন্মানীয় ব্যক্তি উপস্থিত আছিল৷ সেই নৈশ ভোজনলৈ বহুকেইজন সাংবাদিক নিমন্ত্ৰিত হৈছিল৷ কিন্তু ভাৰত মাতাৰ বাবে সকলো ত্যাগ কৰি ওলাই অহা আমাৰ প্ৰধান সেৱকে অতিথি তালিকাৰ পৰা কেৱল চাৰিজনক বাছি ল’লে৷ নৈশ ভোজনত উপস্থিত থকা ব্যক্তিসকলৰ বক্তব্য মতে সেইদিনা তাত গুজৰাটৰ বিষয়ে কোনো কথাৰ অৱতাৰণা হোৱা নাছিল৷ কিন্তু প্ৰধান সেৱকৰ ভাষণৰ পিছত সমগ্ৰ গুজৰাটত কেৱল নৈশ ভোজনৰ সেই গোপন বৈঠকৰ প্ৰসংগ চলি থাকিল৷ বিভিন্ন সংবাদ মাধ্যমত এই লৈ সৰৱ চৰ্চা চলিল৷ পিছত ৰাজ্যসভাত (মন কৰিব, লোকসভাত নোৱাৰিলে) কংগ্ৰেছ দলৰ প্ৰতিবাদী পদক্ষেপে ভাজপা দলক স্পষ্টীকৰণ দিবলৈ বাধ্য কৰিলে৷ অৰুণ জেট্‌লীয়ে প্ৰদান কৰা সেই স্পষ্টীকৰণটোত (প্ৰকৃতাৰ্থত অস্পষ্টীকৰণ(!)) প্ৰধান সেৱকে ক্ষমা খোজাৰ বিপৰীতে নিজক বাখ্যা কৰিলে৷ প্ৰধান সেৱকৰ এই কাৰ্যই গুজৰাটৰ সাধাৰণ জনতাক কিদৰে প্ৰভাৱিত কৰিলে সেইয়া মই সচেতন পঢ়ুৱৈৰ চিন্তাশক্তিলৈ এৰিলোঁ! (২) এইটো উদাহৰণ আমাৰ অসমৰ পৰাই লোৱা যাওক৷ ইন্ধনৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত বিগত ১০ ছেপ্টেম্বৰত কংগ্ৰেছ দলে ভাৰত বন্ধ আহ্বান কৰিছিল৷ একেদিনাই বাঁওপন্থী দলসমূহেও দেশজোৰা হৰতাল কাৰ্যসূচী হাতত লৈছিল৷ কাজেই, এই প্ৰতিবাদী কাৰ্যসূচী বিফল কৰাৰ দ্বায়িত্ব তথ্য প্ৰযুক্তি কোষৰ কান্ধত পৰিল৷ কোষৰ অক্লান্ত সৈনিকসকলে হোৱাটছ এপ বিশ্ববিদ্যালয়ত লাভ কৰা শিক্ষাৰ ব্যৱহাৰিক প্ৰয়োগৰ দ্বাৰা নিজৰ গুৰু দ্বায়িত্ব পালন কৰাৰ চেষ্টা কৰিলে৷ তেওঁলোকে প্ৰথমে আলু-পিয়াঁজৰ বৰ্তমান মূল্যৰ প্ৰসংগৰে আৰম্ভ কৰি শেষত এখন বিশেষভাৱে সম্পাদিত আলোকচিত্ৰ সৰ্বত্ৰে বিয়পাই দিলে৷ যিখন আলোকচিত্ৰৰ মতে কংগ্ৰেছ দলে ভাৰত বন্ধ কাৰ্যসূচী প্ৰত্যাহাৰ কৰিছে৷ যিটো এক গোকাট মিছা৷

এতিয়া মোৰ মনত প্ৰশ্ন জাগ্ৰত হয় যে দেশত তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰত যিবোৰ আইন আছে, সিবোৰ প্ৰয়োগ এনেবোৰ ক্ষেত্ৰত কিয় হোৱা নাই৷ তথ্য প্ৰযুক্তি কোষবোৰৰ এনে কাৰ্যৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱা দল, সংগঠন অথবা কোনো ব্যক্তি বিশেষে কিয় এনে কাৰ্যৰ বিৰুদ্ধে প্ৰশাসনৰ কৰ্ণকুহৰত প্ৰৱেশ কৰিব পৰাকৈ মাত মতা নাই৷ আমিবোৰে সামাজিক মাধ্যম ব্যৱহাৰৰ ক্ষেত্ৰত নিজকে সচেতন বুলি ভাবোঁ যদিও অসচেতন নেকি? আমাৰ অজ্ঞাতে আমিবোৰেও তথ্য প্ৰযুক্তি কোষক তেওঁলোকৰ কাৰ্যসিদ্ধিত পৰোক্ষভাৱে সহায় কৰি আছোঁ নেকি? এই কথাবোৰ সময় থাকোতেই ভাবিবৰ হ’ল৷ অন্যথা যিখন জাল তৈয়াৰী কৰা হৈছে তাত এবাৰ সোমালে ওলাই অহাৰ বাট বিচাৰি পোৱা মস্কিল হ’ব৷ কাৰবোৰ আঙুলিৰ ঠাঁৰত বান্দৰৰ দৰে নাচি থাকিব লাগিব!

সহায়ক উৎস:
১) প্ৰখ্যাত সাংবাদিক ৰৱীশ কুমাৰৰ গ্ৰন্থ— The Free Voice৷
২)উদাহৰণত উল্লিখিত প্ৰধান সেৱকৰ ভাষণটোৰ ইউটিউব লিংক:
https://youtu.be/B2YoCYGmZws
৩) হোৱাটছ এপ বিশ্ববিদ্যালয়ৰ শিক্ষাৰে উচ্চশিক্ষিত বহু সমৰ্পিত সৈনিকৰ ফেচবুক প্ৰ’ফাইল৷

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *