তৃতীয় বিকল্পৰ প্ৰস্তাৱ- (টুনুজ্যোতি গগৈ)

ব্যাপক ‘পৰিৱৰ্তন' আৰু ‘জাতি-মাটি-ভেটি' ৰক্ষাৰ প্ৰতিশ্ৰুতিৰে ‘শৰাইঘাটৰ শেষ যুদ্ধ'ত অৱতীৰ্ণ হৈ শাসনৰ বাঘজৰী ধৰিবলৈ সুবিধা পোৱা বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখনে দুমহীয়া কাৰ্যকালতে ইটোৰ পাছত সিটো জনবিৰোধী সিদ্ধান্ত গ্ৰহণেৰে নিজৰ মিথ্যাচাৰী আৰু ভ্ৰষ্টাচাৰী চৰিত্ৰ উদঙাই দিছে৷ কংগ্ৰেছ চৰকাৰৰ পোন্ধৰবছৰীয়া অপশাসনৰপৰা মুক্ত হ'ম বুলি ভবা সৰ্বসাধাৰণক নতুন চৰকাৰখনে সঁচা পৰিৱৰ্তনৰ কোনো সপোন দেখুৱাব পৰা নাই, বৰং অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰে সৰ্বসাধাৰণৰ কান্ধত ভাৰ ব'ব নোৱৰা আৰ্থিক বোজাহে জাপি দিছে৷ তৈলক্ষেত্ৰ নিলাম, বাংলাদেশী শৰণাৰ্থীক নাগৰিকত্ব প্ৰদান আদি সিদ্ধান্ত কাৰ্যকৰী হ'লে অদূৰ ভৱিষ্যতে অসমবাসীৰ অৰ্থনৈতিক অধিকাৰ আৰু ভাষিক অস্তিত্বৰ প্ৰতি চৰম ভাবুকি নামি অহাটো একপ্ৰকাৰে নিশ্চিত হৈ পৰিছে৷ সেইদৰে, ৰাজ্য চৰকাৰে অসমৰ ধৰ্মনিৰপেক্ষ সামাজিক-সাংস্কৃতিক-শৈক্ষিক আদি ক্ষেত্ৰবোৰতো গেৰুৱা ৰং সানিবলৈ তলসুঁতীয়া প্ৰচেষ্টা চলোৱাত সচেতন ব্যক্তিসকল স্বাভাৱিকতে উদ্বিগ্ন হৈছে৷ সংক্ষেপে ক'বলৈ গ'লে, অস্তিত্ব ৰক্ষাৰ ‘শেষ শৰাইঘাট'ৰ সেনাপতিসকলে বৃহৎ পুঁজিপতি আৰু সংঘ পৰিয়ালৰদ্বাৰা নিয়ন্ত্ৰিত কেন্দ্ৰীয় নেতৃত্বৰ শ্ৰুতলিপি অনুসৰি চৰকাৰ চলাবলৈ হ'লে ‘জাতি-মাটি-ভেটি' উছন হ'বলৈ বেছি দিন নালাগিব৷

লক্ষণীয় যে চৰকাৰে এই দুমাহত অসমবাসীক কেতবোৰ ‘ভাল খবৰ' দিয়া বুলি ব্যাপক হাৰত প্ৰচাৰ চলাইছে৷ মহাবিদ্যালয়ত দৰিদ্ৰ সীমাৰেখা তলৰ ছাত্ৰ-ছাত্ৰীৰ বিনামূলীয়া নামভৰ্তি, টেট শিক্ষকৰ চাকৰি আদি আপাত দৃষ্টিত একো একোটা ‘ভাল খবৰ'৷ কিন্তু, চৰকাৰৰ কেবিনেট বৈঠকৰ সিদ্ধান্ত বা ‘অভূতপূৰ্ব' বিত্তীয় বাজেটখনে মূলতঃ কোমল বয়সৰ যুৱক-যুৱতী আৰু মধ্যবিত্ত শ্ৰেণীকহে আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে; ৰাজ্যখনৰ লক্ষ লক্ষ খাটিখোৱা জনতা বা খিলঞ্জীয়া জনগোষ্ঠীসমূহক আকৰ্ষিত কৰিব পৰা নাই৷ চৰকাৰৰ ‘তেজ বেচি ঘিউ খোৱা' নীতিয়ে খাটিখোৱা জনতাক শোষণ মুক্তিৰ কোনো মংগলময় পথ দেখুৱাব নোৱাৰে৷ (অৱশ্যে, চৰকাৰে অসমৰ কৃষকসকলক প্ৰথম শ্ৰেণীৰ নাগৰিকৰ মৰ্যাদা দিয়া হ'ব বুলি ‘শ্ৰুতিমধুৰ' ঘোষণা এটা কৰিছিল৷) সেইদৰে, বিজেপি চৰকাৰ গঠনৰ পাছৰপৰাই অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহ দুৰ্ভাগ্যজনকভাৱে জেন'ফবিয়াত আক্ৰান্ত হৈ পৰিছে৷

সৰ্বভাৰতীয় দল কংগ্ৰেছৰ পদানুসৰণ কৰি বিজেপিয়েও অসমৰ প্ৰতি বৈষম্যমূলক দৃষ্টিভংগী গ্ৰহণ কৰাত আৰু উগ্ৰ জাতীয়তাবাদৰ ভেটিত গঢ়ি উঠা আঞ্চলিক দল অগপই অতীতৰ পৰ্বতসম ভুল-ভ্ৰান্তিবোৰ শুধৰাই অসমবাসীৰ আস্থাভাজন হ'ব নোৱৰাত অসমৰ বাঁও গণতান্ত্ৰিক আৰু প্ৰগতিশীল জাতীয়তাবাদী শিবিৰৰ উদ্যোগত অৱধাৰিতভাৱেই তৃতীয় বিকল্প গঠনৰ প্ৰসংগ উত্থাপিত হৈছে৷ এই সম্পৰ্কত কেইবাটাও বাঁও গণতান্ত্ৰিক আৰু জাতীয়তাবাদী দল-সংগঠনে নিজাভগীয়াকৈ চিন্তা-চৰ্চা কৰাৰ লগতে ঐক্যবদ্ধভাৱে অগ্ৰসৰ হ'বলৈ সমূহীয়া কৰ্মসূচী ৰূপায়ণ কৰাৰ খবৰো আমি বিশ্বস্তসূত্ৰে লাভ কৰিছো৷ এই আপাহতে প্ৰস্তাৱিত তৃতীয় বিকল্প কেনে মতাদৰ্শৰ ভিত্তিত গঢ় লৈ উঠিলে সফল হোৱাৰ বা সঁচা অৰ্থত পৰিৱৰ্তনকামী জনসাধাৰণক আশ্বস্ত কৰাৰ সম্ভাৱনা আছে, সেই সম্পৰ্কত বিস্তৃত আলাপ-আলোচনাৰ অৱকাশ আছে৷

তৃতীয় বিকল্প গঠনৰ প্ৰাথমিক চৰ্তই হ'ল, সৰ্বসাধাৰণক প্ৰকৃত ৰাজনৈতিক জ্ঞানেৰে সচেতন কৰি তোলা৷ নক'লেও হয় যে শাসক-শোষক শ্ৰেণীয়ে তেওঁলোকৰ শোষণ-বঞ্চনা দীৰ্ঘম্যাদী কৰি ৰখাৰ স্বাৰ্থতে সৰ্বসাধাৰণক ৰাজনৈতিকভাৱে অসচেতন কৰি ৰাখিব বিচাৰে৷ সৰ্বসাধাৰণ ৰাজনৈতিকভাৱে সচেতন হৈ উঠিলে তেওঁলোকৰ সান্দহ খোৱা বালি তল পৰিব বুলি জানে বাবেই তেওঁলোকে ৰাজনীতি সম্পৰ্কে কেতবোৰ নেতিবাচক ধাৰণা প্ৰচলন কৰি সৰ্বসাধাৰণক ৰাজনীতিৰপৰা আঁতৰাই ৰখাৰ অপচেষ্টা কৰি আহিছে৷ সেয়ে শোষিত-তোষিত শ্ৰেণীয়ে যথাৰ্থভাৱে উপলব্ধি কৰা উচিত যে তেওঁলোক প্ৰকৃত ৰাজনৈতিক জ্ঞান আৰু চেতনাৰে সজ্জিত হৈ উঠিলেহে শতিকাজোৰা শোষণ-বঞ্চনা, দুৰ্নীতি-ভ্ৰষ্টাচাৰ আদি অন্ত হ'ব আৰু সকলোৱে প্ৰকৃত পৰিৱৰ্তনৰ স্বাদ লাভ কৰিব৷ প্ৰকৃত ৰাজনৈতিক জ্ঞান আৰু চেতনাৰ অৰ্থ হ'ল – এখন বিকশিত, সুস্থ-সবল আৰু শান্তিময় মানৱীয় সমাজ গঢ়ি তুলিবৰ বাবে এক প্ৰগতিশীল পদ্ধতিৰ বিষয়ে অৱগত হৈ সেই পদ্ধতিৰ বাস্তৱ প্ৰয়োগৰ বাবে চেষ্টা চলোৱা৷ এই প্ৰগতিশীল পদ্ধতিটোৱেই হ'ল বৈজ্ঞানিক সমাজবাদ : য'ত ব্যক্তিগত সম্পত্তিৰ কোনো স্থান নাথাকে অৰ্থাৎ সকলো সম্পত্তিৰ গৰাকী চৰকাৰ বা ৰাষ্ট্ৰহে হয়৷ এই পদ্ধতিয়ে পৰিকল্পিত অৰ্থনীতিক ৰাষ্ট্ৰীয় আয়ৰ হাৰ বৃদ্ধি, স্বনিৰ্ভৰশীলতা অৰ্জন আদি নিৰ্দিষ্ট ক্ষেত্ৰবোৰত প্ৰয়োগ কৰি এখন শ্ৰেণীহীন সমাজ গঢ়িবৰ বাবে সকলো প্ৰক্ৰিয়াই সম্পূৰ্ণ কৰি তুলিব বিচাৰে৷

এখন সমাজ বা ৰাজ্য বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত হৈ পৰিলে সেই সমস্যাবোৰ দূৰীকৰণৰ বাবে বিভিন্ন শ্ৰেণীৰ চিন্তাবিদ আৰু নেতা আগুৱাই আহে৷ এই চিন্তাবিদ-নেতাসকলৰ সমাধানসূত্ৰ বা কাৰ্যাৱলীৰপৰাই তেওঁলোকৰ শ্ৰেণীগত অৱস্থানৰ বিষয়ে অৱগত হ'ব পাৰি৷ অসমৰ পৰিপ্ৰেক্ষিতত ক'ব পাৰি যে ‘ভাল দিন' আৰু ‘পৰিৱৰ্তন'ৰ ৰঙীন চশমা পিন্ধি থকা বুৰ্জোৱা শ্ৰেণীৰ চিন্তাবিদ-নেতাসকলৰ দৃষ্টিত বৰ্তমান ৰাজ্যখনত কোনো জটিল সমস্যা নাই, দুমাহৰ পূৰ্বলৈকে থকা সমস্যাবোৰো দ্ৰুতগতিত সমাধান হোৱাৰ পথত৷ মধ্যবিত্ত শ্ৰেণীৰ একাংশ চিন্তাবিদ-নেতাই ৰাজ্যৰ প্ৰাকৃতিক সম্পদ আৰু উদ্যোগক বৃহৎ পুঁজিপতিৰ গ্ৰাসৰপৰা ৰক্ষা কৰিবৰ বাবেই হওক বা গৈৰিক আগ্ৰাসনৰপৰা থলুৱা ভাষা-ধৰ্ম-সংস্কৃতিক ৰক্ষা কৰিবৰ বাবেই হওক প্ৰচলিত শাসন ব্যৱস্থাটোৰে সংশোধন আৰু সংস্কাৰ বিচাৰিছে৷ এই শ্ৰেণীৰ চিন্তাবিদ-নেতাই তৃতীয় বিকল্পৰ বিষয়ে চিন্তা-চৰ্চা কৰিলেও বা কামে-কাজে বিপ্লৱী লক্ষণ ফুটাই তুলিলেও তেওঁলোকে সমাজৰ বৈপ্লৱিক ৰূপান্তৰ নিবিচাৰে৷ ইয়াৰ বিপৰীতে শ্ৰমিক শ্ৰেণীক প্ৰতিনিধিত্ব কৰা প্ৰগতিশীল চিন্তাবিদ-নেতাসকলে সকলোধৰণৰ ব্যক্তিগত সম্পত্তিৰ বিলুপ্তিকৰণেৰে শ্ৰেণীশাসনৰ অৱসান ঘটাই খাটিখোৱা সৰ্বসাধাৰণৰ শাসনৰ ভেটি গঢ়িব বিচাৰিছে৷ এয়াই হৈছে বৈজ্ঞানিক সমাজবাদ৷ বৈজ্ঞানিক সমাজবাদ প্ৰতিষ্ঠাৰ চৰম লক্ষ্যৰে তৃতীয় বিকল্পৰ বিষয়ে চিন্তা-চৰ্চা কৰিলেহে অসমৰ খাটিখোৱা সৰ্বসাধাৰণে ভৱিষ্যতে প্ৰকৃত পৰিৱৰ্তনৰ স্বাদ লাভ কৰিব বুলি নিশ্চিতভাৱে ক'ব পাৰি৷

বৈজ্ঞানিক সমাজবাদৰ আধাৰত তৃতীয় বিকল্প গঠনৰ বিষয়ে চিন্তা-চৰ্চা কৰাৰ পূৰ্বে পুঁজিবাদ বা মিশ্ৰ অৰ্থনীতি নিয়ন্ত্ৰিত শাসন ব্যৱস্থাই ভাৰত বা অসমৰ সৰ্বসাধাৰণক কেনেদৰে শোষণ-বঞ্চনা কৰি আহিছে, সেই বিষয়ে চমুৱাই আলোচনা কৰা হওক৷ নক'লেও হয় যে উন্নত পুঁজিবাদী দেশবোৰে ভাৰতৰ দৰে উন্নয়নশীল দেশবোৰক ৰাজনৈতিক স্বাধীনতা প্ৰদান কৰিলেও অৰ্থনৈতিক স্বাধীনতা প্ৰদান নকৰিলে৷ অৰ্থাৎ উন্নয়নশীল দেশবোৰে ঔপনিৱেশিক শাসন-শোষণৰপৰা নামতহে মুক্তি পালে; বাস্তৱত এই দেশবোৰৰ অৰ্থনৈতিক ব্যৱস্থা উন্নত পুঁজিবাদী দেশবোৰৰ এক নব্য-ঔপনিৱেশিক পদ্ধতিৰ আওতাতে থাকিল৷ এই নব্য-ঔপনিৱেশিক পদ্ধতিৰে শোষণ-লুন্ঠনৰ প্ৰক্ৰিয়া সমগ্ৰ ভাৰতত চলাই নিয়াৰ স্বাৰ্থতে ব্ৰিটিছ সাম্ৰাজ্যবাদে ‘স্বাধীনতা' প্ৰদানৰ নাটক এখন কৰি ভাৰতৰ ক্ষমতাৰ বাঘজৰী দেশীয় মধ্যবিত্ত বা উচ্চবিত্ত শ্ৰেণীৰ হাতত তুলি দিছিল৷ এই মধ্যবিত্ত বা উচ্চবিত্ত শ্ৰেণীটো ভাৰতৰ নব্য পুঁজিবাদী ব্যৱস্থাৰ সমৰ্থক বা পৃষ্ঠপোষক আছিল আৰু তেওঁলোকক এসময়ত ব্ৰিটিছ সাম্ৰাজ্যবাদেই ঔপনিৱেশিক স্বাৰ্থ পূৰণৰ বাবে গঢ় দি লৈছিল৷ স্বাধীন ভাৰতৰ সংবিধানখনো পুঁজিপতিৰ ঔপনিৱেশিক ব্যৱস্থা চলমান কৰি ৰখাৰ স্বাৰ্থতে প্ৰণয়ন কৰা হৈছিল; যাতে কেন্দ্ৰীয় চৰকাৰে অংগ ৰাজ্যসমূহৰ সম্পদৰ ওপৰত পূৰ্ণ কৰ্তৃত্ব খটুৱাবলৈ সক্ষম হয় আৰু অতিকেন্দ্ৰিক শাসনৰ জৰিয়তে ৰাজ্যসমূহৰ ওপৰত নিৰ্বিচাৰে শোষণ চলাই যাব পাৰে৷ যোৱা ৬৯ বছৰে কেন্দ্ৰীয় চৰকাৰে অসমৰ প্ৰতি দেখুওৱা বৈষম্যমূলক আচৰণেই ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ ত্ৰুটিসমূহ উদঙাই দিয়ে৷

ভাৰতীয় সংবিধানৰ সপ্তম অনুসূচীত বিত্ত সম্পৰ্কীয় তিনিখন তালিকা সন্নিৱিষ্ট হৈ আছে৷ প্ৰথম তালিকাত কেন্দ্ৰীয় চৰকাৰৰ অধীনত থকা ৯৭টা বিষয়, দ্বিতীয় তালিকাত ৰাজ্য চৰকাৰৰ অধীনত থকা ৬৬টা বিষয় আৰু তৃতীয় তালিকাত দুয়োখন চৰকাৰৰ অধীনত থকা বিষয়সমূহ উল্লেখ আছে৷ তিনিওখন তালিকালৈ লক্ষ্য কৰিলে দেখা যায় যে আয় সংগ্ৰহৰ বেছিভাগ উৎস কেন্দ্ৰৰ অধীনত থকাৰ বিপৰীতে ৰাজ্য চৰকাৰৰ আয় সংগ্ৰহৰ উৎস সীমিত৷ কেন্দ্ৰই সংগ্ৰহ কৰা আয়কৰবোৰ ৰাজ্যসমূহৰ মাজত ভগাই দিলেও উদ্যোগ আৰু ব্যৱসায়িক মূলধনৰ উদ্যোক্তাসমূহৰপৰা সংগৃহীত কৰবোৰ ৰাজ্যসমূহৰ মাজত ভগাই নিদিয়ে৷ ফলত ৰাজ্যৰ ৰাজকোষলৈ অহা আয়তকৈ কেন্দ্ৰৰ বাবে নিৰ্দিষ্ট কৰি থোৱা আয়ৰ পৰিমাণ ক্ৰমাৎ বৃদ্ধি পাইছে৷ ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত জনস্বাস্থ্য, পৰিবহণ, শিল্প আদি জনকল্যাণকামী যোজনাসমূহ ৰাজ্য চৰকাৰে ৰূপায়ণ কৰিব লাগে, অথচ ৰাজ্যসমূহক থলুৱা সম্পদৰ ওপৰত কোনো অধিকাৰ দিয়া হোৱা নাই৷ অসমৰ চাহ-তেল-কয়লা আদি প্ৰাকৃতিক সম্পদৰ জৰিয়তে কেন্দ্ৰই বুজন পৰিমাণৰ ৰাজহ সংগ্ৰহ কৰি অহাৰ পাছতো ভাৰতৰ অন্যান্য ৰাজ্যৰ তুলনাত অসম উন্নয়ন আৰু বিকাশৰ ক্ষেত্ৰত বহু পিছ পৰি আছে৷ স্বাধীনতাৰ পাছৰপৰাই অসমে নিজৰ প্ৰাপ্য বিচাৰি কেন্দ্ৰৰ ওচৰত হয় কাকূতি-মিনতি কৰিছে, নহয় দাবী-প্ৰতিবাদ জনাই আহিছে৷ অসমৰ জাতীয়তাবাদী শিবিৰৰ বিভিন্ন দল-সংগঠনে, বিশেষকৈ ছাত্ৰ-যুৱ সংগঠনবোৰে বিভিন্ন সময়ত কেন্দ্ৰৰ শোষণ-বঞ্চনাৰ বিৰুদ্ধে জংগী আন্দোলন গঢ়ি তুলি অসমৰ আকাশ-বতাহ উত্তপ্ত কৰি আহিছে৷ ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাক প্ৰত্যাহ্বান জনাই এচাম যুৱকে আলফাৰ দৰে সশস্ত্ৰ সংগঠনৰো জন্ম দিছে।

এই প্ৰসংগতে অসমৰ যুৱ-ছাত্ৰসকলৰ সংগ্ৰামী চৰিত্ৰ আৰু ৰাজনৈতিক চেতনাৰ বিষয়ে কিছু আলোচনাৰ প্ৰয়োজনীয়তা আছে৷ কোৱা বাহুল্য যে অসমৰ পৰিৱৰ্তনকামী ৰাইেজ তৰুণ শক্তিৰ ওপৰত আশা-ভৰসা কৰিয়েই সময়ে সময়ে স্থিতাৱস্থাৰ বিৰুদ্ধে সংগ্ৰাম চলাই মুক্তিৰ স্বপ্ন দেখি আহিছে৷ কিন্তু, পুঁজিবাদী ব্যৱস্থাৰ বহতীয়া আৰু প্ৰতিক্ৰিয়াশীল শক্তিবোৰে অসমৰ তৰুণ সংগ্ৰামী শক্তিটোক বিভিন্ন কূট-কৌশলেৰে বিপথে পৰিচালিত কৰি অহাৰ ফলত মুক্তিকামী ৰাইজে বাৰে বাৰে স্বপ্নভংগৰ বেদনা সাবটি ল'বলগীয়া হয়৷ এয়াও সঁচা যে জাতীয়তাবাদী চেতনাৰে পৰিচালিত মধ্যবিত্ত শ্ৰেণীৰ তৰুণ সংগ্ৰামী শক্তিটোৱে ৰাষ্ট্ৰযন্ত্ৰৰ ওচৰত সহজেই আপোচ কৰি নিজকে স্থিতাৱস্থাৰ সমৰ্থক বা পুঁজিবাদী ব্যৱস্থাৰ অন্ধ স্তাৱকৰূপে পৰিচয় দি আহিছে৷ অসমৰ তৰুণ শক্তিৰ এনে আপোচকামী, সুবিধাবাদী আৰু গোলামি মানসতাৰ আঁৰত ব্ৰিটিছ সাম্ৰাজ্যবাদে এসময়ত পৰিকল্পিতভাৱে চলোৱা অভিসন্ধিয়েই ক্ৰিয়া কৰি আহিছে৷ ক'বলৈ গ'লে, ব্ৰিটিছ সাম্ৰাজ্যবাদে ঔপনিৱেশিক শাসন-শোষণ চলোৱাৰ স্বাৰ্থত ভাৰত বা অসমৰ এচাম তৰুণক আধুনিক শিক্ষা-সংস্কৃতিৰে শিক্ষিত কৰি ল'বলৈ বাধ্য হৈছিল৷ সেয়ে ভাৰতত এনে এক ঔপনিৱেশিক শিক্ষা পদ্ধতি প্ৰৱৰ্তন কৰা হ'ল, যি পদ্ধতিয়ে এশ্ৰেণী বহতীয়া আৰু পৰজীৱী শিক্ষিতহে জন্ম দিলে৷ স্বাধীনতাৰ পাছতো সেই শিক্ষা পদ্ধতিয়েই ভাৰতৰ লগতে অসমত প্ৰচলিত হৈ থকাত অসমৰ শিক্ষিতসকলৰ বেছিভাগৰ মাজত স্বাভিমান, সমাজচেতনা, প্ৰগতিশীল ভাবনা আদি গঢ় লৈ উঠা দেখা নগ’ল৷

এনে ঐতিহাসিক কাৰণতেই অসমৰ জাতীয়তাবাদী শিবিৰসমূহে ইয়াণ্ডাবু সন্ধিৰ পূৰ্বৰপৰাই শোষিত-লুন্ঠিত হৈ অহা কৃষক-শ্ৰমিক শ্ৰেণীৰ মৌলিক সমস্যাসমূহক আওকাণ কৰি মূলতঃ মধ্যবিত্তীয় শ্ৰেণীৰ অস্তিত্ব ৰক্ষাৰ প্ৰশ্নতহে কেইবাটাও বৃহৎ গণ সংগ্ৰামৰ পাতনি মেলিছিল৷ সেই গণ সংগ্ৰামবোৰৰ ভিতৰত যোৱা শতিকাৰ ষাঠিৰ দশকৰ মাতৃভাষা মাধ্যম আন্দোলন, খাদ্য আন্দোলন আৰু আশী দশকৰ অসম আন্দোলন অন্যতম৷ উক্ত গণ সংগ্ৰামবোৰৰ উদ্দেশ্য সঠিক হ'লেও লক্ষ্য আৰু নেতৃত্ব বিপথে পৰিচালিত হোৱাৰ বাবে সংগ্ৰামৰ সুমিষ্ট ফল সৰ্বসাধাৰণ ৰাইজে ভোগ কৰিব নোৱাৰিলে৷ ভাষা আন্দোলনত অসমৰ মধ্যবিত্ত শ্ৰেণীয়ে বাংলা ভাষাৰ আগ্ৰাসনৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিলেও ৰাজ্যখনৰ মিচিং, বড়ো, কাৰ্বি আদি সৰু-বৰ জনগোষ্ঠীসমূহৰ ভাষাবোৰৰ বিকাশ আৰু সমন্বয় সাধনত চূড়ান্তভাৱে ব্যৰ্থ হৈছিল৷ খাদ্য আন্দোলনত ৰাজনৈতিক চক্ৰান্তৰ বিৰুদ্ধে থিয় দিলেও নেতৃত্বই সাম্ৰাজ্যবাদবিৰোধী সমাজবাদী আদৰ্শক আদৰি ল'ব নোৱাৰিলে৷ সেইদৰে, বিদেশী বিতাড়ন আন্দোলনত মূল শত্ৰুক এৰাই চলি অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়াত আন্তৰিকতাৰে ভাগ ল'ব বিচৰা খাটিখোৱা ধৰ্মীয় সংখ্যালঘুসকলক উপযুক্ত তথ্য-প্ৰমাণহীনভাৱে একমাত্ৰ শত্ৰুৰূপে চিহ্নিত কৰাত আন্দোলনটোৱে অসম আৰু অসমীয়াৰ বিস্তৰ ক্ষতিসাধনহে কৰিলে৷

এতিয়াও অসমৰ গৰিষ্ঠসংখ্যক যুৱ-ছাত্ৰৰ মাজত বৈজ্ঞানিক সমাজবাদ-বিৰোধী চিন্তাধাৰা প্ৰবল হৈ থকাত অসমত কংগ্ৰেছ-বিজেপিৰ দৰে বৃহৎ পুঁজিপতিৰ আশীষপুষ্ট ৰাজনৈতিক দলে ক্ষমতা দখল কৰি আহিছে৷ এই সমাজবাদবিৰোধী যুৱ-ছাত্ৰসকলেই উগ্ৰ ধৰ্মীয় বা উগ্ৰ জাতীয় আৱেগত উটি-ভাহি গৈ ধৰ্মনিৰপেক্ষ শক্তি বা বামপন্থীসকলক ‘ৰঙা শিয়াল' বুলি গালি-গালাজ কৰে, সহজে ধনী হোৱাৰ চমু পথত ভৰি দিয়ে, বিভিন্ন জনগোষ্ঠীৰ মাজত বিভেদৰ বীজ সিঁচে ইত্যাদি৷ অৱশ্যে, অসমৰ যুৱ-ছাত্ৰ আন্দোলনৰ প্ৰগতিশীল ধাৰা এটা ক্ষীণভাৱে হ'লেও বিংশ শতিকাৰ দ্বিতীয় দশকত ব্ৰিটিছ সাম্ৰাজ্যবাদ-বিৰোধী সংগ্ৰামত অংশগ্ৰহণৰ মাধ্যমেৰে প্ৰকাশ পাইছিল আৰু সেই ধাৰা অদ্যপি বামপন্থী সংগঠনসমূহৰ জৰিয়তে বৰ্তি আছে৷ কিন্তু, এই সমাজবাদী আদৰ্শৰে অনুপ্ৰাণিত প্ৰগতিশীল ধাৰাক ব্যাপক গণমুখী ৰূপ দিয়াটো বৰ্তমান ইমান সহজ নহয়৷ কাৰণ, বিদেশী বিতাড়ন আন্দোলনৰ পাছৰপৰাই উগ্ৰ জাতীয়তাবাদী নেতৃত্বৰ ভুলৰ বাবে ৰাজ্যখনৰ বিভিন্ন থলুৱা জনগোষ্ঠীবোৰে গাইগুটীয়া মুক্তিৰ সপোন দেখি নিজৰ গোষ্ঠীগত ছাত্ৰ সংগঠন, সাহিত্য সংগঠন আদি গঢ়ি তুলিলে৷ এই জনগোষ্ঠীয় দল-সংগঠনবোৰৰ উদ্দেশ্য সঠিক হ'লেও লক্ষ্যত উপনীত হোৱাৰ পথ বা ৰণনীতি সঠিক নোহোৱাৰ ফলত সাম্ৰাজ্যবাদ বা পুঁজিবাদ-সৃষ্ট সাম্প্ৰদায়িকতাৰ ঘৃণ্য চক্ৰান্তৰ বলি হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে৷ এনে এক জটিল পৰিস্থিতিত অসমৰ পৰিৱৰ্তনকামী যুৱ-ছাত্ৰসকল বা বিভিন্ন জাতি-জনগোষ্ঠীৰ সৰ্বসাধাৰণ বৈজ্ঞানিক সমাজবাদৰ আদৰ্শত দীক্ষিত হোৱাৰ বাহিৰে গত্যন্তৰ নাই৷

সি যি নহওক, তৃতীয় বিকল্প গঠন কৰিবলৈ যাওঁতে আমি মূলতঃ দুটা বিষয়ৰ প্ৰতি সৰ্বদা-সৰ্বক্ষণ দৃষ্টি ৰাখিব লাগিব – প্ৰথম, জনগোষ্ঠীয় সমন্বয় আৰু দ্বিতীয়, খাটিখোৱা কৃষক-শ্ৰমিকৰ অৰ্থনৈতিক মুক্তি৷

জনগোষ্ঠীয় সমন্বয়ৰ বিষয়ে আলোচনা কৰিবলৈ গ'লে পোনেই ষষ্ঠ অনসূচীৰ প্ৰসংগই আহিব৷ সংবিধান প্ৰণেতাসকলে অবিভক্ত অসমৰ স্বকীয় বৈশিষ্ট্যসম্পন্ন জনজাতিসকলক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ সময়ত সম্ভৱতঃ এই ব্যৱস্থাটোৱে ভৱিষ্যতে জটিল ৰূপ ধাৰণ কৰিব বুলি ভবা নাছিল৷ তেওঁলোকে সংবিধান কাৰ্যকৰীকৰণৰ প্ৰথম দহ বছৰৰ ভিতৰতে ষষ্ঠ অনুসূচীৰ সংৰক্ষণৰ ব্যৱস্থাটোৰ পুনঃপৰীক্ষা সম্ভৱ হ'ব বুলিয়েই ভাবিছিল৷ কিন্তু, কালক্ৰমত অসমৰ কেইবাটাও জনগোষ্ঠীয়ে জনজাতিৰ স্বীকৃতি বিচাৰি আন্দোলন অব্যাহত ৰখাত সংৰক্ষণৰ ব্যৱস্থাটো এপিনে এক জ্বলন্ত সমস্যাৰূপে গা কৰি উঠিছে আৰু আনপিনে ই অসমৰ অৰ্থনৈতিক, সামাজিক, ভাষিক আৰু সাংস্কৃতিক অস্তিত্ব বৰ্তাই ৰখাৰ এক ৰাজনৈতিক উপায় হৈ পৰিছে৷

উল্লেখ্য যে ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত পাৰ্বত্য জনগোষ্ঠীবোৰে স্বাধীনতাৰ তিনিটা দশকৰ ভিতৰতে পৃথকত্বৰ দাবী তুলি ছখনকৈ সুকীয়া ৰাজ্য গঠন কৰিবলৈ সক্ষম হ'ল আৰু ভৈয়ামৰ জনগোষ্ঠীবোৰে আত্মনিয়ন্ত্ৰণৰ দাবী তুলি স্বায়ত্ত শাসনৰ সুবিধা লাভ কৰিলে৷ বৰ্তমান অসমত স্বায়ত্ত শাসনৰ অধিকাৰ লাভ কৰা জনগোষ্ঠীবোৰে প্ৰথম পৰ্যায়ত আঞ্চলিক পৰিষদ আৰু পৰৱৰ্তী পৰ্যায়ত সুকীয়া ৰাজ্য গঠনৰ দাবী উত্থাপন কৰা প্ৰসংগটো ৰাজনৈতিকভাৱে এক সম্ভাৱনা আৰু দুৰ্ভাবনাৰে ভৰা জটিল প্ৰক্ৰিয়া হৈ পৰিছে৷ ইপিনে, ষষ্ঠ অনুসূচীভুক্ত নোহোৱা মৰাণ, মটক, কোচ, আহোম আদি ছয় অনুন্নত জনগোষ্ঠীয়ে অনুসূচীকৰণৰ প্ৰবল দাবী তোলাৰ বিপৰীতে সেই দাবীৰ বিৰোধিতা কৰিছে অনুসূচীভুক্ত জনগোষ্ঠীবোৰে৷ অসমত যুগ যুগ ধৰি মিলা-প্ৰীতিৰে বসবাস কৰি অহা জনগোষ্ঠীবোৰৰ মাজত উদ্ভৱ হোৱা এনে শীতল সংঘাতে জ্বালামুখী ৰূপ ল'লে অদূৰ ভৱিষ্যতে অসমত এক ভয়ংকৰ গোষ্ঠীসংঘাত সৃষ্টি হ'ব পাৰে৷

জনগোষ্ঠীয় সমস্যাই সৃষ্টি কৰা এনে দুৰ্ভাবনা কেনেকৈ অন্ত পৰিব, সেই বিষয়ে চালি-জাৰি চোৱাৰ প্ৰয়োজনীয়তা আছে৷ অৱশ্যে, এয়া মনত ৰখা উচিত যে বৃহত্তৰ অসমীয়া জাতিৰ সমস্যা আৰু জাতিটোৰ অন্তৰ্ভুক্ত ভিন্ন জনগোষ্ঠীবোৰৰ সমস্যা একেধৰণৰ নহয়৷ অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষা আৰু বিকাশৰ প্ৰশ্নত অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিয়ে ঐক্যবদ্ধ কৰি ৰখা আৰু জাতীয় চেতনা থকা লোকসকল উদ্বিগ্ন হৈ পৰাৰ বিপৰীতে বড়ো, কাৰ্বি, মিচিং, টাই-আহোম আদি ভিন্ন জনগোষ্ঠীয় লোকসকল স্বকীয় ভাষা-সাহিত্য-সংস্কৃতিৰ প্ৰচাৰ-প্ৰসাৰেৰে আপোন অস্তিত্ব ৰক্ষা আৰু বিকাশৰ প্ৰশ্নত মাৰ বান্ধি থিয় হৈছে৷ এই দুয়োধৰণৰ সমস্যাৰ তাৎক্ষণিক সমাধানৰ পথ এটাই – ষষ্ঠ অনুসূচীৰ সংশোধন বা সংবৰ্ধন৷ অনুসূচীকৰণে অসমীয়া জাতিক ধ্বংস কৰিব বুলি ভবাটো ভুল, বৰং এই সাংবিধানিক সুৰক্ষাই ভিন্ন জনগোষ্ঠীৰ সংমিশ্ৰণত গঢ় লৈ উঠা অসমীয়া জাতিৰ অস্তিত্ব সুৰক্ষিতহে কৰিব৷ এয়া সঁচা যে বড়ো, কাৰ্বি, আহোম, চুতীয়া আদি জনগোষ্ঠীৰ সুকীয়া অস্তিত্বক উদাৰচিত্তে স্বীকাৰ কৰি লোৱাৰ পাছতো যি অসমীয়াত্ব অক্ষয়-অব্যয় হৈ ৰ'ব, সিহে প্ৰকৃত অসমীয়াত্ব৷ অন্য অৰ্থত ক'বলৈ হ'লে, অসমীয়া জাতিৰ অস্তিত্ব সংঘীয় আধাৰতহে সুৰক্ষিত আৰু পৰিৱৰ্ধিত হৈ থাকিব৷ সাংবিধানিক সুৰক্ষাইহে এনে সংঘীয় আৰ্হি গঢ়ি তোলাৰ পথ প্ৰশস্ত কৰিব বাবে ব্যাপক সাংবিধানিক সংশোধনৰ জৰিয়তে হ'লেও অসমৰ জনগোষ্ঠীয় সমস্যাসমূহ দূৰ কৰাটো প্ৰয়োজন৷ এই আপাহতে কেন্দ্ৰীয় চৰকাৰে অসমৰ জনগোষ্ঠীয় সমস্যাৰ প্ৰতি যি আওকণীয়া, কৰ্তৃত্ববাদী আৰু দমনমূলক মনোভাব গ্ৰহণ কৰি আহিছে, সেয়া ত্যাগ কৰিব লাগিব৷ সেইদৰে, অসমীয়া মধ্যবিত্ত শ্ৰেণীয়েও সৰু সৰু জনগোষ্ঠীসমূহৰ খং, ক্ষোভ, বঞ্চনাৰ অনুভৱ আদি আন্তৰিকতা আৰু সহানুভূতিৰে উপলব্ধি কৰিব পাৰিব লাগিব৷

অনুসূচীকৰণ বা সাংবিধানিক ৰক্ষাকৱচেহে অসমৰ অস্তিত্ব ৰক্ষা কৰিব বুলি উপলব্ধি কৰিয়েই সম্ভৱতঃ চি পি আই দলে প্ৰথমবাৰৰ বাবে সমগ্ৰ অসমকে জনজাতি ৰাজ্য হিচাপে ঘোষণা কৰাৰ দাবী তুলিছিল৷ দীৰ্ঘদিন ধৰি জনজাতিকৰণৰ দাবী উত্থাপন কৰি অহা ছয় জনগোষ্ঠীয়ে জনজাতিৰ স্বীকৃতি পালেই অসম জনজাতি ৰাজ্য হিচাপে স্বীকৃত হোৱাৰ পথ মুকলি হৈ পৰিব আৰু তাৰ লগে লগে অসম-অসমীয়াৰ অস্তিত্বও সুৰক্ষিত হৈ পৰিব৷ কাৰণ, জনজাতি অধ্যুষিত ৰাজ্যত অবৈধ বিদেশী নাগৰিক (হিন্দুৱেই হওক বা মুছলমানেই হওক) আৰু ভাৰতৰ অন্য প্ৰদেশৰপৰা অহা ব্যক্তিয়ে কোনোদিন ৰাজনৈতিক অধিকাৰ লাভ নকৰিব৷ অসমৰ ভূ-সম্পত্তিৰ ওপৰতো তেওঁলোকৰ কোনো অধিকাৰ নাথাকিব৷ পূৰ্বৰেপৰা জনজাতিৰ স্বীকৃতিপ্ৰাপ্ত জনগোষ্ঠীসকলে নতুনকৈ ছয় জনগোষ্ঠীক অনুসূচিত জনজাতিৰ স্বীকৃতি দিলে তেওঁলোকে ইমানদিনে ভোগ কৰি অহা অধিকাৰ বা সা-সুবিধাসমূহৰ মাত্ৰা সংকুচিত হ'ব বুলি আশংকা কৰিছে আৰু তাৰ প্ৰতিবাদত তীব্ৰ আন্দোলনৰ হুংকাৰো দিছে৷ কেন্দ্ৰীয় বা ৰাজ্যিক চৰকাৰে জনজাতিৰ স্বীকৃতিপ্ৰাপ্ত জনগোষ্ঠীসকলৰ আশংকা দূৰ কৰিবৰ বাবে গণতান্ত্ৰিক পদ্ধতিৰে এক ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰা উচিত৷ এই আশংকা দূৰীকৰণৰ ব্যৱস্থা নকৰাকৈ ছয় জনগোষ্ঠীক জনজাতিৰ স্বীকৃতি দিলে অসমত ভ্ৰাতৃঘাতী সংঘাত সৃষ্টি হোৱাটো নিশ্চিত আৰু তেনে সংঘাতে উভয় পক্ষৰে বিস্তৰ ক্ষতিসাধন কৰিব৷ কেন্দ্ৰীয় চৰকাৰে অনুসূচিত জনজাতিৰ স্বীকৃতিপ্ৰাপ্তসকলৰ কোনো ক্ষয়-ক্ষতি নহ'ব বুলি মৌখিকভাৱে ক'লেও তাৰ বাবে কি সূত্ৰ গ্ৰহণ কৰিব খুজিছে, সেয়া অসমৰ ৰাইজক স্পষ্ট ভাষাৰে জনোৱা উচিত৷

আত্মনিয়ন্ত্ৰণৰ অধিকাৰ অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ ন্যায্য অধিকাৰ৷ কেন্দ্ৰীয় চৰকাৰে ৰাজ্যৰ জনগোষ্ঠীসমূহক আত্মনিয়ন্ত্ৰণৰ সৰ্বোচ্চ অধিকাৰ প্ৰদান কৰিলেহে এই জনগোষ্ঠীসমূহে অসমৰপৰা পৃথক হৈ ওলাই যোৱাৰ প্ৰয়োজনীয়তা অনুভৱ নকৰিব বুলি ভাবিব পাৰি৷ লক্ষণীয় যে অসমে ভাৰতীয় সংবিধানৰ ৩৭১ (ক) অনুচ্ছেদৰ অধীনত বিশেষ ৰাজ্যৰ মৰ্যাদা লাভ কৰিলেই অসমবাসীয়ে অসমৰ মাটি আৰু প্ৰাকৃতিক সম্পদৰ ওপৰত পূৰ্ণ অধিকাৰ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ব৷ সেয়ে তৃতীয় বিকল্পৰ প্ৰতি আগ্ৰহী দল-সংগঠনবোৰে অসমক বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰিবৰ বাবে কেন্দ্ৰৰ ওচৰত সজোৰে দাবী উত্থাপন কৰা উচিত৷ সেই দাবী উত্থাপন কৰিবলৈ যোৱাৰ পূৰ্বে জনগোষ্ঠীসমূহে আত্মনিয়ন্ত্ৰণৰ দাবীত পৃথক পৃথকভাৱে সংগ্ৰাম কৰাৰ প্ৰৱণতা ত্যাগ কৰিব লাগিব৷ তেনে প্ৰৱণতাই বিচ্ছিন্নতা আৰু সংঘাত বৃদ্ধি কৰে বাবে সকলো জনগোষ্ঠীৰ এক সন্মিলিত মঞ্চইহে অনুসূচীকৰণ আৰু সকলো জনগোষ্ঠীৰ সমস্যাসমূহৰ সঠিক সমাধান সম্ভৱ কৰি তুলিব৷

সি যি নহওক, খাটিখোৱা কৃষক-শ্ৰমিকৰ অৰ্থনৈতিক মুক্তিৰ বিষয়ে ক'বলৈ যোৱাৰ পূৰ্বে এয়া স্পষ্ট কৰি থোৱা ভাল হ'ব যে জাতি-মাটি-ভেটি প্ৰীতিৰ দৰে বিষয় খন্তেকীয়া আৰু নিতান্তই আৱেগিক বিষয় আৰু ইবোৰক শাসক-শোষক শ্ৰেণীয়ে যুগে যুগে নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰি আহিছে৷ প্ৰকৃত জাতি-মাটি-ভেটি প্ৰীতি হ'ল ৰাজ্যৰ ৯০ শতাংশ খাটিখোৱা কৃষক-শ্ৰমিকৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰা আৰু তেওঁলোকে অৰ্থনৈতিক মুক্তিৰ বাবে চলোৱা সংগ্ৰামৰ সহযাত্ৰী হোৱা৷ স্থানান্তৰত কোৱা হৈছিল যে বৈজ্ঞানিক সমাজবাদ প্ৰতিষ্ঠাৰ লক্ষ্য সন্মুখত ৰাখি তৃতীয় বিকল্পৰ বিষয়ে চিন্তা-চৰ্চা কৰিলেহে খাটিখোৱা কৃষক-শ্ৰমিকে প্ৰকৃত অৰ্থনৈতিক মুক্তি লাভ কৰিব৷ পুঁজিবাদী শাসক পক্ষৰদ্বাৰা নিয়োজিত বুৰ্জোৱা প্ৰচাৰবিদে প্ৰচাৰ চলোৱাৰ দৰে বৈজ্ঞানিক সমাজবাদ কোনো ৰমন্যাসিক বাস্তৱবাদ নহয়; ই মুক্তি সংগ্ৰামৰ এক অনিবাৰ্য পৰিণতিহে৷ উল্লিখিত বুৰ্জোৱা প্ৰচাৰবিদসকলেই ক'ব খোজে যে বৈজ্ঞানিক সমাজবাদে ব্যক্তিগত সম্পত্তিৰ বিলুপ্তি ঘটাই মানুহৰ ব্যক্তিত্বৰে বিনাশ ঘটাব৷ কিন্তু, মাৰ্ক্স-এংগেলছে কেতিয়াবাই কৈ গৈছে যে পুঁজিবাদী সমাজত ৯০ শতাংশ লোকৰ ব্যক্তিগত সম্পত্তি বুলিবলৈ বিশেষ একো নাই, সকলো সম্পত্তিৰ গৰাকী পুঁজিপতিসকলহে৷ এনে বৈষম্যমূলক ব্যৱস্থাৰ অৱসান ঘটাই সমাজবাদে সকলো মানুহকে সমাজৰ উৎপাদিত সম্পদৰ অংশীদাৰ কৰিব বিচাৰে৷

অসমৰ কৃষক-শ্ৰমিকসকলৰ ভিতৰত সবাতোকৈ শোষিত আৰু নিপীড়িত শ্ৰমিক-কৃষকসকল হৈছে চাহ জনগোষ্ঠীৰ শ্ৰমিকসকল আৰু চৰ-চাপৰিৰ বংগীয় মূলৰ সংখ্যালঘু কৃষকসকল৷ সম্ভৱতঃ চাহ শ্ৰমিকসকল বৰ্তমান পৃথিৱীৰ ভিতৰতে নিম্ন হাৰত মজুৰি পোৱা শ্ৰমিক৷ সংসদীয় ৰাজনীতিত এক নিৰ্ণায়কৰ ভূমিকা গ্ৰহণ কৰি অহা এই শ্ৰমিকসকলক যুগ যুগ ধৰি অমানৱীয়ভাৱে শোষণ কৰি আহিছে বিদেশী বহুজাতিক প্ৰতিষ্ঠান, ভাৰতীয় বৃহৎ উদ্যোগী আৰু থলুৱা উদ্যোগীসকলে৷ সন্দেহ নাই যে বহুজাতিক প্ৰতিষ্ঠান আৰু উদ্যোগী শ্ৰেণীৰ সৈতে থকা চাহ শ্ৰমিকসকলৰ সংঘাতৰ ৰাজনৈতিক বা সামাজিক সমাধান নোহোৱা পৰ্যন্ত তেওঁলোকৰ মূল সমস্যা একেই থাকিব৷ চাহ জনগোষ্ঠীৰ মধ্যবৰ্গীয় নেতাসকলে বৰ্তমান শ্ৰমিকসকলৰ মূল সমস্যাৰ প্ৰতি পিঠি দি অনুসূচীকৰণৰ দাবীত গুৰুত্ব দিয়াৰ অৰ্থ এনেকুৱাও হ'ব পাৰে – অনুসূচীকৰণৰ দাবী পূৰণ হ'লেহে অদূৰ ভৱিষ্যতে শ্ৰমিক শ্ৰেণীয়ে নিজৰ মূল সমস্যা বুজি উঠাৰ বাবে পৰিৱেশ ৰচনা হ'ব বুলি তেওঁলোকে উপলব্ধি কৰিছে৷ সেইদৰে, ১৯৭০ চনলৈকে অসমত প্ৰৱেশ কৰা বংগীয় মূলৰ চৰ-চাপৰিৰ লোকসকলক – যিসকলে অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়াত আন্তৰিকতাৰে ভাগ লৈ অসমৰ সমাজজীৱনক সমৃদ্ধ কৰি আহিছে – যথোচিত মৰ্যাদা প্ৰদানেৰে তেওঁলোকৰ জ্বলন্ত সমস্যাসমূহ সমাধানৰ বাবে সকলো পক্ষই আন্তৰিকতাৰে আগুৱাই আহিব লাগিব৷ তেওঁলোকক অনাহকত সন্দেহ-অবিশ্বাসৰ পাত্ৰ কৰি ৰখাতকৈ উপযুক্ত মানৱ সম্পদ হিচাপে গঢ়ি তুলিব পাৰিলেহে অসম সাৰ্বিক বিকাশৰ পথেৰে অগ্ৰসৰ হ’ব৷

বৈজ্ঞানিক সমাজবাদৰ আধাৰত তৃতীয় বিকল্প গঠনৰ প্ৰচুৰ সম্ভাৱনাপূৰ্ণ পৰিকল্পনাক বাস্তৱায়িত কৰাৰ ঐতিহাসিক দায়িত্ব সঁচা অৰ্থত পৰিৱৰ্তনকামী যুৱ-ছাত্ৰসকলেই কান্ধ পাতি ল'ব লাগিব৷ এইখিনিতে যুৱ-ছাত্ৰসকলে স্মৰণ কৰিব লাগিব চীনৰ মহান বিপ্লৱী মাও চে তুঙৰ দুষাৰিমান সোণসেৰীয়া উক্তি৷ মাও চে তুঙে বাস্তৱ অভিজ্ঞতাৰ আধাৰত কৈছিল যে যুৱ বুদ্ধিজীৱী আৰু ছাত্ৰসকল প্ৰথমে শ্ৰমিক-কৃষকৰ মাজত প্ৰৱেশ কৰি তেওঁলোকক সংগঠিত আৰু জাগ্ৰত কৰিব লাগিব৷ কৃষক-শ্ৰমিকৰ সক্ৰিয় সহযোগিতা অবিহনে কোনো বিপ্লৱী শক্তিয়ে সাম্ৰাজ্যবাদৰ বিৰুদ্ধে চলোৱা যুঁজখনত জয়ী হ'ব নোৱাৰে৷ মাৱে এইবুলিও কৈছিল – ‘কিছুমান লোকে নিজকে ‘জনগণৰ তিনিটা সূত্ৰ' অৰ্থাৎ জাতীয়তাবাদ, গণতন্ত্ৰ আৰু ৰাইজৰ জীৱন ধাৰণৰ সূত্ৰ অনুসৰণ কৰা বুলি যহাই ফুৰে৷ কিন্তু তেওঁলোকে এতিয়ালৈকে ৰাইজৰ বাবে কি কৰিলে? বাস্তৱত প্ৰত্যক্ষ কৰিলো যে তেওঁলোকৰ জাতীয়তাবাদ মানে সাম্ৰাজ্যবাদৰ লগত মিতিৰালি পাতি ষড়যন্ত্ৰ কৰা, তেওঁলোকৰ গণতন্ত্ৰ মানে খাটিখোৱা কৃষক-শ্ৰমিকক শোষণ-নিপীড়ন কৰা আৰু তেওঁলোকৰ ৰাইজৰ জীৱন-ধাৰণৰ সূত্ৰ নিৰ্ধাৰণ মানে সাধাৰণ ৰাইজৰ তেজ শুহি খোৱা সূত্ৰহে৷ সেয়ে আমি এজন মানুহক সঁচা নে মিছা মাৰ্ক্সবাদী বুলি জানিব বিচাৰিলে এটা কথাই লক্ষ্য কৰিব লাগিব – তেওঁ শ্ৰমিক-কৃষকৰ লগত কেনেধৰণৰ সম্বন্ধ ৰাখিছে৷ এইটোৱেই একমাত্ৰ নিৰ্ধাৰণ সূত্ৰ, আন কোনো বেলেগ সূত্ৰ নাই৷ মই আশা কৰো যে আমাৰ দেশৰ যুৱকসকল কেতিয়াও প্ৰতি-বিপ্লৱী সোঁতত উটি-ভাহি নাযাব, বৰং প্ৰতিপন্ন কৰিব যে দেশৰ শ্ৰমিক-কৃষকসকলেই তেওঁলোকৰ প্ৰকৃত বন্ধু আৰু এই বন্ধুত্বৰ জৰিয়তে তেওঁলোক এক উজ্জ্বল ভৱিষ্যতৰ পিনে দুৰ্বাৰ গতিৰে অগ্ৰসৰ হ'ব৷'

Share Button
Print Friendly, PDF & Email

No Comments : "তৃতীয় বিকল্পৰ প্ৰস্তাৱ- (টুনুজ্যোতি গগৈ)"

Leave a Comment

Your email address will not be published. Required fields are marked *