গল্প-কবিতা

তোমাৰ যুদ্ধ কোনখন সমাজৰ বিৰুদ্ধে – ( ত্ৰিলোচন গগৈ)

তোমাৰ দুহাতত যদি সঁপি দিওঁ
তোমাৰ দুহাত
মুখত জিভা
শৰীৰত ঢালি দিওঁ জয়মতীৰ তেজ

কোনখন সমাজৰ বিৰুদ্ধে বাজিব তোমাৰ ৰণশিঙা
যিখন সমাজ গঢ়ি থৈ গৈছে
তোমাৰ ককা, আজোককাই
আইতা, আজোআইতাই
যিখন সমাজে আবুৰত ৰাখিছিল তোমাৰ আই-বোপাইক

তুমি কোনখন সমাজৰ বিৰুদ্ধে
যিখন সমাজে তোমাক দিলে
দুটা ভৰি, এখন মুখ
বুকুত সিঁচি দিলে সেউজীয়া গান আৰু কবিতা

তুমি তেওঁলোকৰ বিৰুদ্ধে
যি নাকী লগাব খুজিছে তোমাৰ যজ্ঞৰ ঘোঁৰা
যি ঘোঁৰাত উঠি যাব নোৱাৰা
তোমাৰ আই বোপাইৰ কাষলৈ
যি ঘোঁৰাক সম্বল কৰি তুমি অমৰ হ’ব নোৱাৰা কেতিয়াও
তুমি ঘোঁৰাটোৰ পিঠিৰ পৰা নামি আহাঁ
ভৰিত থিয় হৈ হেংদাং তুলি লোৱা
তেওঁলোকৰ বিৰুদ্ধে
যি জোক, যি তেজপিয়া
যি চুহি চুহি খাই নিঃশেষ কৰি আনিছে
তোমাৰেই বুকুৰ কুটুম
খাটিখোৱা মানুহ।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *