উলংগ বাবা আৰু থাৰ্ড আম্পায়াৰ (কৌশিক দাস)

ভয়ংকৰ ইন-ছ্যুইং কৰাব পাৰে তেখেতে। বাউন্সাৰতো আছেই। জগত-বিখ্যাত তাৰাবাবাৰ মাৰাত্মক ফাষ্ট বলৰ ভয়ত বিপক্ষৰ বেটছমেন কঁপি থাকে থৰথৰকৈ।

খেলখনৰ প্রথম ইনিংছৰ প্রথম বল। তাৰাবাবা আহি যেতিয়াই আম্পায়াৰ ডগলাছক ক’লে, “ৰাইট আৰ্ম, অভাৰ দা উইকেট”, তেতিয়াই ডগলাছে নাকেৰে বতাহ টানি বুকু ভৰাই ল’লে। কি সুগন্ধ ! যোৱাবাৰ বছৰ তাৰাবাবাই গা ধোৱা নাই। এই ট্রিকটো তাৰাবাবাৰ গুৰু গুলুবাবাই দিছিল। গা নুধুলে বল ফাষ্ট হয়, সেইকাৰণে। গতিকে তাৰাবাবাৰ বল যিমানেই ফাষ্ট হৈ আহিছে, সিমানেই বা‌ঢ়িছে গাৰ অনিৰ্বচনীয় অপূৰ্ব গোন্ধটো। আম্পায়াৰ ডগলাছৰ মুখেৰে ওলাল তৃপ্তিৰ শব্দ, “আহ”!!

প্রথম ইনিংছৰ প্রথম বল। তাৰাবাবাই দৌৰা আৰম্ভ কৰিলে। সম্পূৰ্ণ উলংগ দেহটোত সূৰ্যৰ কিৰণ প্রতিফলিত হৈ তেওঁৰ গাটো চিক্‌চিকাই উঠিছে। তাৰাবাবাৰ প্রত্যেকটো অংগী-ভংগী সূক্ষ্মভাৱে লক্ষ্য কৰি আছে বিপক্ষৰ অপেনিং বেটছ্‌মেন অগ্নিবাবাই।

অগ্নিবাবাৰ গা-তো একো নাই। কমপ্লিট্‌ উলংগ। উলংগ হৈ বেটিং কৰিলে বহুদিনলৈ ৰিফ্লেক্স থাকে। এই কথাটো দ‌ঢ়াই দ‌ঢ়াই কৈছিল অগ্নিবাবাৰ গুৰু টেমাবাবাই। মাত্র মূৰত হেলমেট, আৰু জাগাত গাৰ্ড। অগ্নিবাবাৰ তীক্ষ্ন দৃষ্টি তাৰাবাবাৰ ওপৰত।

প্রথম বলটোতেই নো বাৰু এনেকুৱা অঘটন ঘটিব লাগে নে?

তাৰাবাবা প্রচণ্ড বেগেৰে আহি আম্পায়াৰ ডগলাছৰ কাষেৰে পাৰ হৈ ডেলিভাৰি কৰাৰ সময়ত, সদায় কৰাৰ দৰে, দুৰ্দান্ত জাঁপটো মাৰিলে। তেতিয়াই তাৰাবাবাৰ জটাৰ এক গুচ্ছ এঙাৰ-ক’লা কেশে, ঘোঁৰাৰ নেগুৰৰ দৰে, চাটৌপকৈ ডগলাছৰ চকুত আঘাত হানিলে। ডগলাছে দিনতেই দেখিলে অমানিশাৰ এন্ধাৰ।

কিন্তু সেইটো আচল কথা নহয়।

বলটো পৰিছিল অফ্‌ ষ্টাম্পৰ অলপ বাহিৰত, ছৰ্ট পিটছ্‌ ডেলিভাৰি। অগ্নিবাবাই স্বভাৱসুলভ অনায়াস ভংগীৰে স্বোৱাৰ কাট্‌ কৰিবলৈ লওঁতেই ঘটনাটো ঘটিল।

ক্রিজলৈ অহাৰ ঠিক আগে আগে কেপ্টেইন ঘন্টাবাবাৰ ভনীয়েক আহিছিল পেভেলিয়ানলৈ। তাই অগ্নিবাবাৰ মূৰত দুগ্ধ ঢালি দিছিল। উলংগ দেহাৰে দুগ্ধ বৈ আহিছিল প্রবল বেগেৰে। জেগাই দি প্রবহমান দুগ্ধ তাই মুখখন মেলি পান কৰিবলৈ লওঁতেই অগ্নিবাবাক কেপ্টেইন ঘন্টাবাবাই বৰ বেয়াকৈ দম দিছিল। কাৰণ, নন্‌ ষ্টাইকাৰ ফেছুবাবা ইতিমধ্যেই ফিল্ডত সোমাইছেগৈ। লৰালৰিকৈ মূৰত হেলমেট আৰু জাগাত গাৰ্ড লগাই অগ্নিবাবাই ষ্টাইক ল’লেগৈ। কিন্তু শুভ্র দুগ্ধধাৰাৰ বুজন অংশ এটি গাৰ্ডৰ ভিতৰত আবদ্ধ হৈ থাকি গ’ল।

প্রচণ্ড বেগেৰে অহা তাৰাবাবাৰ আউট-ছাইড-দা-অফ্‌-ষ্টাম্প বলটো অগ্নিবাবাই অনায়াস ভংগীৰে স্বোৱাৰ কাট্‌ কৰিবলৈ লওঁতেই ঘটনাটো সংঘটিত হ’ল। হেঁচা খাই গাৰ্ডৰ ভিতৰত আবদ্ধ হৈ থকা দুগ্ধৰ চাপ বৃদ্ধি হৈ পৰিছিল। বৰ্ধিত দুগ্ধচাপে গাৰ্ডৰ কাষৰ এটা সুৰুঙাইদি ফিৰ্‌ৰ্‌ৰ্‌ৰ্‌ ফিৰ্‌ৰ্‌ৰ্‌ৰ্‌-কৈ দুগ্ধ নিৰ্গত কৰি পেলালে। দুগ্ধপ্রবাহ অপ্রতিৰোধ্য গতিৰে পৰিলগৈ ষ্টাম্পৰ ওপৰৰ বেইলৰ ওপৰত। ছিটিকি পৰিল বেইল। আৰু যায় ক’ত !! তিনিওটা স্লিপ আৰু উইকেট-কিপাৰৰ টেঁটুফলা চিঞৰে ষ্টেডিয়াম কঁপাই তুলিলে......হাউছ দেট..... !!

কিন্তু কি হ’ব ! চকুত কোব খাই আম্পায়াৰ ডগলাছে চকু মোহাৰি আছিল। লেগ আম্পায়াৰ কণিষ্কই চাই আছিল ডগলাছৰ ঘটনাটোৰ ফালে...। ‌কোনো ডিচিশ্বন নিদিয়া দেখি এঘাৰজন বাবা পিটছ্‌ৰ ওচৰলৈ নিমিষতে দৌৰি আহি আকৌ চিঞৰি উঠিল.....হাউছ দেট..... .হাউছ দেট... !! পুৱাৰ কোমল বতাহে তেওঁলোকৰ উলংগ দেহৰ অনুপম কেশবিন্যাসত ঢৌ তুলি গ’ল।

উপায়হীন-অসহায় ভাব এটি ফুটি উঠিল আম্পায়াৰ ডগলাছ আৰু কণিষ্কৰ মুখমণ্ডলত। দুয়ো আলোচনামৰ্মে ঘটনাটো ৰেফাৰ কৰি দিলে থাৰ্ড আম্পায়াৰলৈ। উল্লাস-আনন্দত ফাটি পৰিল গোটেই ষ্টেডিয়াম। ঘটনাটো যে এতিয়া বাৰে বাৰে বৃহৎ স্ক্ৰিনত দেখুওৱা হ’ব। ক্ল’জ আপত। ঘৰে ঘৰে টিভিতো আম জনতাই প্রকৃত সত্যটো দেখি পাব। আউট নে নট্‌ আউট!!??

দেশৰ ষ্টেডিয়ামত এতিয়া উল্লাসৰ বন্যা......।

Share Button
Print Friendly, PDF & Email

No Comments : "উলংগ বাবা আৰু থাৰ্ড আম্পায়াৰ (কৌশিক দাস)"

Leave a Comment

Your email address will not be published. Required fields are marked *