উষা লজ- (সাগৰ সৌৰভ)

         প্ৰাৰ্থনাঘৰত সোমাই প্ৰাৰ্থনাই প্ৰাৰ্থনাটোৰ শেষৰফাকি দোহাৰোতেই খগেন মাষ্টৰে অত সময়ে আলফুলে সাবটি ধৰি থকা চিলমিলীয়া টোপনিটোৱে হঠাতে চক খাই উঠি ক’ৰবালৈ ঢাপলি মেলিছে । কাহিলি পুৱাতে দূৰণিৰপৰা ভাহি অহা আজানৰ শব্দই তাইক জগাই দিয়ে আৰু ঠেঁটুৱৈ লগা জাৰে বেচেৰীৰ লগত কিবা এক কথা-বতৰাত অতিশয় ব্যস্ত হৈ পৰে। নিহালীখনৰ তলত সংগোপনে এক ঈৰ্ষণীয় উমে খগেন মাষ্টৰক সশৰীৰে পিন্ধি থাকি এই ছোৱালীজনীৰ ওপৰত সমবেদনাৰ ভাব এটিক কোলাত তুলি দিয়ে । তীব্ৰগতিত গৈ থকা যাত্ৰীবাহী বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই ৰাস্তাৰ দাঁতিৰ পানী-যুঁৱলিত সোমাই পৰাৰ দৰে গঁঠীয়া মনটোও ক'ৰবাত খুন্দা খাই ছোঁ-ছোঁৱাই আগৰ অৱস্থানলৈকে উভতি আহে - "তাইৰ কামেই সেয়া, তাইৰ গুৰুত্বও ঠিক তেনেকুৱাই"। যদিওবা মাষ্টৰৰ ঘৰখনে তাইৰ উপস্থিতিক এক সকাহৰ মাধ্যমেৰে অনুভৱ কৰিব খোজে, আপাততঃ তেনে এক অনুকম্পাই তেওঁৰ মনটোক আগুৰি ধৰিবলৈ অক্ষম হৈ পৰে ।

ঘৰৰপৰা ওলাওঁতেই মাষ্টৰক পুৰণিদিনীয়া হাতঘড়ীটোৱে কাণখনত ফুচফুচাই জনাই দিলে - আটাইতকৈ চুটি তথা শামুকীয়া গতিৰেই উমান নোপোৱাকৈ বৃত্তটোৰ আঁচলেৰে পাকটো মাৰি অহা কাঁটাডালে দহৰ মুখখন আগুৰি ধৰিছে । ঠাণ্ডাৰ দিনবোৰত সময়বোৰ উৰণীয়া পক্ষীৰ দৰে ক'লৈনো ঢাপলি মেলে টলকিবই নোৱাৰি । স্বৰ্গীয় সুখ যেন নিহালীৰ উমে ঢাৰি-পাটী এৰা পৰ্বটো পিছুৱাই নি থাকে আৰু সিদ্ধ হওঁতে ঘড়ীটোৱে আঠলৈ আঙুলি টোঁৱাব খোজে । একে সময়তে গাৱঁৰে চিৰবৈৰী কলীয়াই ভেলৌগুৰি চেন্টাৰত গৈ তিতাচপা কাঠখিনি একেবাৰে কম দামতে কিনি পেলালেগৈ বুলি "শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে"-জাতীয় অনাভুৱা দুশ্চিন্তাই মনটোক আন্দোলিত কৰি তুলিব খুজিলেও ৰাতিপুৱাৰ এই আমেজকণৰ প্ৰতি তেওঁ সততে অনুৰক্ত ।

আগতে, তেখেতৰ পত্নীয়ে পৃথিৱীকো ধৰি ৰখাৰ সময়তে, তেতিয়া হেকেহি-ভেকেহিতে তেওঁৰ টোপনিয়ে পুৱাতে উঠি ক'ৰবালৈ ঢাপলি মেলিছিল । স্বাস্থ্যসচেতনতাৰ অচিলাৰে প্ৰাতঃভ্ৰমণৰ অফুৰন্ত সুখবোধে তেওঁলোকৰ হাতৰ আঙুলিবোৰ খামুচি ধৰিছিল । এতিয়া সেই ৰামো নাই, অযোধ্যাও নাই । পত্নীৰ পৰলোক গমনৰ বিষাদে তেওঁৰ অকলশৰীয়া জীৱনক প্ৰতি মুহূৰ্ততে অনুভৱ কৰিবলৈ উঠি-পৰি লাগিলে আৰু নিঃসংগতাৰ তিতা-মিঠা সোৱাদ এটাই তেওঁৰ মন মগজুৰে শিপাই ধৰিলে ।

আঠমান বজাত উঠি পদূলিৰে নিতৌ দুই-এখোজ ইফাল-সিফাল কৰাটোৰে তেওঁৰ নিয়মৰ তালিকাখন আৰম্ভ হয় । একে সময়তে মাছ বেচা মানুহ দুজনমানে নৈখনৰ ফালৰপৰা অহা ৰাস্তাটোৰে উভতি আহে । চাইকেলকেইখনে নাতি দূৰলৈকে চিনাকি ভেকেটা-ভেকেট গোন্ধ এটা বতাহৰ গাত সানি দিয়ে । খেৰ কটা মানুহবোৰে ধুনীয়াকৈ খেৰৰ মুঠাৰে সুসজ্জিত চাইকেল একোখনৰ গৰাকী হৈ তেওঁৰ সন্মুখেৰে গমগমাই পাৰ হৈ যায় । কেতিয়াবা চেগুন কাঠেৰে ভৰপূৰ চাইকেল একোখন ঠেলি নিয়া চোৰাং বেপাৰীজনৰ ভয় আৰু শংকামিশ্ৰিত চাৱনিয়ে তেওঁক চেক পোষ্টত ৰৈ থকা ভোকাতুৰ উৰ্দি পৰিহিত পুলিচজনলৈ ৰূপান্তৰিত কৰে ।

পুতেক-বোৱাৰীয়েকে তেতিয়ালৈকে এক অপ্ৰকাশ্য সুখানুভূতিৰে বিছনাখনকে সাবটি ধৰি থাকে আৰু একেখিনি আৱেগেৰে বিছনাখনে বুকু পাতি দিয়ে । সিহঁতৰ নাকৰ শব্দ ক্ৰমান্বয়ে বাঢ়ি গৈ মহানগৰীৰ কোনোবা এটা ট্ৰেফিকত আবদ্ধ হৈ থকা গাড়ীবোৰৰ ছিগনেল পোৱাৰ আগ মুহূৰ্তৰ অলিখিত যুদ্ধখনৰ দৰে আৰু দিনটোৰ বাবে সাজি-কাচি ওলাই অহা বেলিটোৰ সৈতে এক গোপন অভিসাৰত লিপ্ত হ'ব খোজে । মাষ্টৰৰ বুকুৱেদি বৈ যাব খোজে কত শাওণৰ শত উন্মাদ ঢৌ… । ৰাতি বহু দেৰিলৈকে পুত্ৰই পৰীক্ষাৰ আগদিনা থতমত খাই চেতনা ঘূৰাই পোৱা ছাত্ৰজনৰ দৰে তলমূৰে কিবা কামত ব্যস্ত হৈ থাকে । হয়তোবা একাউন্টেন্ট অফিচাৰ হিচাপে খুঁচৰি যায় ফাইলত আবদ্ধ হৈ থকা প্ৰতিখন ভাওনাৰ প্ৰতিটো চৰিত্ৰ । বোৱাৰীজনী তেতিয়ালৈকে 'ষ্টাৰ প্লাছ'ত দিয়া ছিৰিয়েলখনত ব্যস্ত, ন'হলে কোনোবা এটা ৰিয়েলিটি শ্ব'ৰ বিশেষ উত্তেজনাপূৰ্ণ মুহূৰ্তৰ আমোদত টিলিকি মাৰি হাঁহি উঠিব । অন্তৰৰ অঘোষিত শোকেৰে স্বৰ্গীয়া পত্নীৰ মালাযুক্ত ফটোখনত এবাৰ তেওঁ মূৰ দোঁৱায় আৰু সন্তৰ্পণে বিছনাখনে তেওঁক নিজৰ গাৰ ফালে টানি নিয়ে ।
প্ৰাত্যহিক সকলো কাম-কাজ সম্পন্ন কৰি আগফালৰ বাৰাণ্ডাখনত বহি পুহমহীয়া কাঁচিয়লি ৰ'দৰ সৈতে এক বাৰ্তালাপত নিমগ্ন হৈ কিবা এক অনিশ্চয়তাত তেওঁ চকু ফুৰায় । কিছুমান অজান্তিমুলুক দোদুল্যমান চিন্তা-ভাবনাই তেওঁৰ বুকুৱেদি দেও পাৰি যায় । সেই সময়তে ল'ৰাজনে আহি তেওঁলৈ খবৰ কাগজখন আগ বঢ়াই দিয়ে । হেৰাই যোৱা অথবা অটুট থকা অথবা সঁচা-মিছাৰ কিছুমান দৈনন্দিন খবৰ আওকাণ কৰি তেওঁ পাঠ কৰে পৃষ্ঠাৰ পিছত পৃষ্ঠা । নহ’লে পৃষ্ঠাবোৰে নিজে মেল খাই তেওঁৰ চকুযুৰিক কথা কিছুমান কৈ থাকোঁতেই মনটো মধ্যস্থানত ৰয়গৈ।  কিছুমান ৰাজনৈতিক কলমে অৰাজনৈতিক কথা কিছুমান পাহৰি পেলোৱা বা অৱমাননা কৰাটোৱে তেওঁৰ মনটোক এক অপ্ৰীতিকৰ তথা অসন্তুষ্টিৰ অৱস্থানলৈ তুলি দিব খোজোতেই বোৱাৰীজনীয়ে হাতত চাহকাপ লৈ ওচৰ পাওঁতে বাঁওহাতখনেৰে ওৰণিখন কিছু আগ বঢ়াই লয় । এইমাত্ৰ শেষ হোৱা চাহকাপে পুৰণি চকীখনত তেওঁক শৰীৰটো আলস্যৰে এনেভাৱে এৰি দিবলৈ সন্মতি জনায় যেন দিনটোৰ প্ৰতিখন যুদ্ধৰ বাবে সদ্যপ্ৰস্তুত সৈনিকজন সম্প্ৰতি পৰিকল্পনামগ্ন ।
পদূলিৰ নঙলাডালে খন্তেকৰ বাবে বিদায় দি, কামবিলাক এইকেইদিনতে সম্পন্ন কৰাৰ প্ৰতিজ্ঞাবদ্ধ মনোভাব এটা খগেন মাষ্টৰক জাপি দিলে । খদ্দৰৰ ধূতিখনৰ মূৰ এটাই, বাঁওহাতখনক খামুচি ধৰি, নাকৰ একেবাৰে তললৈকে খহি পৰা চছমাযোৰৰ ওপৰেৰে চকুযুৰিক ৰাস্তাৰ ফটা শিলবোৰ গণি গণি পঞ্চায়তৰ অফিচলৈ যাবলৈ নিৰ্দেশ দিলে । গাঁৱৰ ৰাস্তাটোৰ অৱস্থা বৰ দুখজনক । ঘাতমাউৰা শিশুৰ নিচিনা । হ'লে সম্পূৰ্ণ পকাৰ হ'ব লাগে, ন'হলে শিলগুটিৰে হওক । এতিয়া মাছুৱৈ নাযায় দ-লৈ, মাছো নাহে বামলৈ ।

চাৰিআলিৰ মূৰতে যোগেন ককাইদেউক লগ পালে । এইবেলি হ'বলগীয়া ভাওনাখনে তেখেতৰ লগতে আন কেইজনমান মানুহৰ মাজত আলোচিত বিষয় হৈ নীৰৱে এক আনন্দ লভিছে । মাজৰখেলৰ নামঘৰত ভাওনা । কাক কি ভাও দিয়া হ'ব সেয়াই আলোচ্য বিষয় । মাজতে কোনোবা এজনে চিঞৰি উঠিছে - "সেইডাল কিবা সেইটো ভাও ল'ব পৰা বিধৰনে ? গাত মঙহেই নাই" । এজনে জুইকুৰাত ঘিঁউ ঢালিছে - " তাক সেইটো ভাও দিলে মই কোনো কাৰণতে সহযোগ নকৰোঁ" । সমৰ্থনত আন এজনেও আটাহ পাৰিছে - " সেইটো ভাও ৰবিক দিয়াতকৈ সোমক দিয়াই ভাল । ৰবিক সেইটো ভাও দিলে বুধ আৰু মঙ্গলেও ভাও নলয়"। সেই আলোচনাত অংশগ্ৰহণৰ আসক্তি আছিল যদিও, সময়ৰ প্ৰবাহশীলতাই মাষ্টৰৰ চেতনাত চিকুট মাৰি দিলে ।

এঘাৰ বজাৰ সময়খিনিয়ে তেওঁক স্থানীয় ব্লক অফিচত উপস্থিত কৰালেগৈ । তেতিয়ালৈকে গোটেই পৰিৱেশটোৱে শূন্যতাৰ এক বৃত্তত ওপঙি ওপঙি কিবাকিবি গুণগুণাই আছিল । চকীদাৰজনকে দুই-এটা কথা সোধ-পোছ কৰি আতিথ্যৰ প্ৰথম আপ্যায়নৰ হেতু বাহিৰৰ বাৰাণ্ডাখনত পাৰি থোৱা বেঞ্চখনতে থমথমকৈ বহি থকাৰ বাদে গতন্ত্যৰ নাছিল ।

উস! ৰক্ষা !

অৱশেষত ভেকুলীৰ বিয়াৰ হাই-উৰুমিয়ে মাতি অনা বৰষুণজাকৰ দৰে দুই-এজন বিষয়ববীয়া আহি ওলালহি । কাগজ-পাতিবোৰে মাষ্টৰক দুই-তিনিখন টেবুলৰ কাষ চপাইও বিশেষ উৎসাহিত কৰিব নোৱাৰিলে । সকলোৰে  নানা অজুহাত দেখি তেওঁৰ সেই চিনাকি ল'ৰাজন আহিছে নেকি বুলি বুজ লৈ গম পালে, তেওঁৰ চকীখন এইপৰ্যন্ত খালি । আচলতে চিনাকি মানুহ এজন নহ’লে কামবোৰ ক'ৰবাত গেঠেলা মাৰি ধৰে । পিছে তেনে এক অণুকল্পৰ সন্ধানতে বাকীকেইজনৰ লগত মিতিৰালিয়ে আস্থা দেখুৱাব নোৱাৰিলে । কালিলৈ হ'লেও সেই ল'ৰাজন আহেইবা… । কাতিমহীয়া অত্যধিক বৰষুণৰ অন্তত শেহতীয়াকৈ দেখা দিয়া বেলিটোৰ সৈতে আকাশখনৰ দৰে মনৰ মৰুভূমিতো আশাৰ নিজৰা এটি বৈ যাব খুজিলে ।
এইবাৰ তেওঁৰ কামবোৰৰ নিৰ্ধাৰিত তালিকাখনৰ কোনোবা এটা ক্ৰমাংকই স্থানীয় থানাখনলৈ ঢাপলি মেলিছে । কিবা ভেৰিফিকেচন ৰিপ'ৰ্ট এটা লাগে । চৌহদত প্ৰবেশ কৰোঁতেই যি পৰিবেশে তেওঁক উষ্ণ আদৰণি জনালে, সেয়া কোনো ব্যতিক্ৰমী ধাৰণা নহয় । কিছুমান চৰ-ভুকু-কিল অনায়াসে উফৰি গৈ কালি ৰাতি ধৰা পৰা চোৰটোক সৈমান কৰোৱাৰ প্ৰচেষ্টা কৰিছে । আন এজনে আদহীয়া মহিলাগৰাকীক আছুতীয়াকৈ চকী এখনত বহুৱাই লৈ কিবাকিবি সুধিছে আৰু পাবত গজা সংবাদিকৰ দৰে হুবহু টোকাবহীত লিখিছে । সম্ভৱতঃ তেওঁলোকতকৈ কিছু উচ্চ পৰ্যায়ৰ আন এজনে তলমূৰে একান্ত ব্যস্ত হৈ পৰোঁতেই পুৰণি ফাইল এটাই তেওঁৰ আঙুলিবোৰ সাবটি ধৰি কিবাকিবি নতুনকৈ সংযোজন কৰাইছে । তিলমাত্ৰও লৰচৰ নকৰাকৈ, তেওঁৰ নিৰস উত্তৰে মাষ্টৰৰ বহু উৎকণ্ঠিত প্ৰশ্নকেইটাত কিছু যতি পেলালে । কিবা এটা চা-চিনাকিৰে কলিতা বোলাজনৰ লগত হোৱা সম্পৰ্কটোৱে কামফেৰা কৰি দিয়াৰ আশ্বাস এটা যাচি থৈছে । আজি কলিতা বোলাজন তাত  নাই । বাকীকেইজনৰ আগত কথাটো বাহিৰ কৰাটো অযুক্তিকৰ বুলি ভাবি তেওঁ এতিয়া উভতিছে । বিহুতলীত চেনেহৰ চেনাইক নেদেখি বিহুৱানখনো ওভতাই লৈ ঘূৰি অহা নাচনীজনীৰ দৰে কলিতালৈ বুলি বকচিচ হিচাপে অনা ৰঙাপানীৰ বটলটোৱে কিছু অভিমান আৰু হতাশাৰে তেওঁক ওভতাই আনিছে ।
এচ ডি চি অফিচত প্ৰবেশ কৰি তেওঁৰ চকুকেইটাই অনুপক বিচাৰ কৰাত লাগিল । তেওঁৰ লগৰে ঘনেশ্বৰ মাষ্টৰৰ পুতেক । "বৰদেউতা" - অতিশয় ভদ্ৰতাসূচক সম্বোধনটিয়ে তেওঁক পোনছাটেই ভিতৰলৈ মাতি নি বহিবলৈ চকী এখন আগ বঢ়াই দিলে । বায়ুমণ্ডলত কিছুমান ধোঁৱাবৰণীয়া আভ্যন্তৰীণ বিষাদ বা আনন্দ উৰুৱাই নাচি নাচি আহি থকা চাহৰ কাপটোৰ নালডাল শেষবিন্দুত তেওঁৰ আঙুলিটোৰ মাজলৈ সোমাই গ'ল । মাটিৰ পট্টাসম্পৰ্কীয় কামফেৰা নিয়াৰিকৈ সম্পন্ন হৈ শৃংখলাবদ্ধতাৰে ফাইল এটাত সোমাই আছিল আৰু চাহৰ শেষ সোহাটো খাদ্যনলীৰে সোঁ-সোৱাই গুচি যাব খোজোতেই এক উৎফুল্লিত মনোভাবেৰে সেই  ফাইলটো তেওঁৰ দুহাতৰ মাজলৈ সোমাই পৰিল । মৰম আৰু ধন্যবাদৰ প্ৰাপ্যখিনিৰে তাৰ মূৰত হাত ফুৰাই আৰ্শীবাদ এজোলোকা দি তেওঁ আহি বাৰাণ্ডাখন পাওঁতেই দেখা পালে, সি বহা খিৰিকীখনৰ সন্মুখত এতিয়াও বানপীড়িত অঞ্চলৰ মানুহে বানৰ বুকুত ঘৰ-বাৰী হেৰুৱাই চৰকাৰী ৰিলিফৰ বাবে হেতা-ওপৰা লগোৱাৰ দৰে মানুহবোৰে দীঘলীয়া শাৰী পাতি সময়ৰ প্ৰতীক্ষাত নিজকে আত্মনিয়োগ কৰিছে ।

হঠাতে সৰুকালৰ ঘটনা এটাই সুদূৰ অতীতৰপৰা ঢপলিয়াই আহি তেওঁৰ ওঁঠৰ ফাঁকলৈ হাঁহি এটি কঢ়িয়াই আনিলে । এবাৰ কোনোবা এখন থিয়েটাৰ আহিছিল । কেইবাখনো মঞ্চসফল নাটকে দূৰ-দূৰণিৰ মানুহক হিল-দল ভাঙি নাটক চাবলৈ আমন্ত্ৰণ জনাইছিল । সেই সময়ত টিকট এটাৰ বাবে দেউতাকক ধন বিচাৰি আমনি কৰাটোৱে তেওঁৰ ভাগ্যখনৰ সিপাৰে অৱস্থান কৰাটো বোধগম্য । প্ৰথমদিনা প্ৰবেশদ্বাৰত তেওঁলোকৰ গাঁৱৰে দুল দা উপস্থিত আছিল কাৰণে টিকট নকৰাকৈয়ে নাট্যাভিনয়ৰ গুণমুগ্ধ দৰ্শকৰ বিলাসিতাপূৰ্ণ অভিজ্ঞতাৰে নিজকে মহীয়ান কৰাৰ সৌভাগ্য হৈছিল । বাকীকেইদিন সেই স্থানত দুল দা বা তেনে কোনো চিনাকি মানুহ নথকাৰ বাবে নাটক চোৱাৰ হাবিয়াসে ক্ষোভ আৰু প্ৰতীক্ষাৰে অন্তৰতে পোহ মানিলে । প্ৰবৃত্তিগতভাৱেই হওক কিম্বা অভ্যাসৰ হেতু ডাঙৰ ল'ৰাৰ আলোচনাৰপৰা শুনি হ'লেও লগৰবোৰৰ আগত তেওঁ নানাধৰণৰ সমালোচনাত্মক মন্তব্য আগ বঢ়াইছিল ।
মাষ্টৰৰ সৰুপুত্ৰৰ আবাসিক হোষ্টেলটোৱে তেজপুৰ চহৰৰ পৰিসৰ বঢ়াইছে । কিবা এটা প্ৰবেশ পৰীক্ষাৰ ফলাফলে ল'ৰাজনক বিমুখ কৰিছে । দুই-তিনিটা নম্বৰৰ ইফাল-সিফালত ল'ৰাটো একেবাৰে উঁই-হাফলুৰ দৰে খহি পৰিছে । মাষ্টৰৰ চিনাকি 'দাস' নামৰ নলবৰীয়া মানুহজনে বৰ্তমান তাতেই চাকৰি কৰি থকাটো বিনা মেঘে ব্ৰজপাত । সিয়েই যদি কিবা এটা যোগ-বিয়োগ কৰি দিব পাৰেই… । সেয়ে এবাৰ ফৰ্মুটিয়াই চোৱা যাওক বুলি ভাবি লৈ তেওঁ তেজপুৰলৈ ওলাইছে।
'দাস'ৰ কথা মনত পৰিলেই তেওঁৰ মনটোৱে সাউকতে তেওজবেলিৰ জপনাখন জঁপিয়াই পাৰ কৰে । তাহানিতেই জাতীয়তাবাদে তেওঁলোকৰ গুৰু-গোঁসাই উজাৰি থৈছে । আন্দোলনৰ আতংকই তেওঁৰ একমাত্ৰ ভাতৃৰো প্ৰাণ কাঢ়ি নিছে । সেয়েহে শ্বহীদৰ পৰিয়াল হিচাপে চাকৰি এটা তেওঁলোকৰ ঘৰখনলৈ জঁ‌পিয়াই পৰাটো যুক্তিসংগত । বি এ পাছৰ লেবেল এটাই তেওঁৰ একমাত্ৰ জীয়েকৰ নামটোক আগুৰি আছে । এইবেলি ইলেক্ট্ৰিচিটি ব'ৰ্ডৰ খালি হৈ থকা পোষ্টটোৱে নিমিষতে এক উত্তেজনাৰ কাৰণ হৈ সম্ভাব্য কেইবাজনো প্ৰাৰ্থীৰ বুকুত সঘনে ঢেঁকীৰ কোব দি দি চতুৰতাৰে এক আনন্দ লভাৰ প্ৰয়াস কৰিছে । সেই সিদ্ধিত 'দাস'ৰ অৱদান বৰ্ণনা কৰিবলৈ গৈ মাষ্টৰে সততে ব্যাকৰণ ভুল কৰি পেলায় ।

পুৱাভাগতে দাস দম্পতীৰ আপ্যায়নত আমোদিত হৈ তেওঁ ৰিক্সা এখনত উঠি ডি চি অফিচৰ ফালে আগ বাঢ়ে । প্ৰবেশদ্বাৰতে নিজৰ নাম-ঠিকনা অন্তৰ্ভুক্ত কৰি অফিচৰ ভিতৰছোৱালৈ সোমাই গৈ মাষ্টৰে ইমান মানুহৰ সমাগম দেখিলে, বজাৰত সাপ বা বান্দৰৰ খেল নচুৱাই থকা পাকৈতজনেও সাধাৰণতে ইমান ভিৰৰ সৃষ্টি কৰিব নোৱাৰে । এক দুৰ্বোধ্য মানসিক অৱস্থানে তেওঁক কোঠাটোৰ বাৰাণ্ডাখনলৈ উঠাই দিয়াত দেখা পালে, শাৰী এটাই মানুহবোৰক এডাল দীঘল শিকলিৰে নিজৰ গাত বান্ধি পেলাইছে আৰু তাৰপৰা এজন এজনকৈ অফিচটোৰ ভিতৰলৈ সোমাইছে-ওলাইছে । মাষ্টৰে অনুমান কৰিলে সেই শিকলিডালৰ অন্তিম বিন্দুলৈ ভাগ্যখনে পাহি মেলাৰ কোনো ইংগিত নাই । গতিকে এখোজ-দুখোজকৈ গৈ তেওঁ খিৰিকিখনেৰে তেওঁলোকৰ সেই চতিয়াৰ ফালৰ মানুহজনী আজি আহিছেনে নাই বুলি জুমি চাই মূৰৰ সৰগ খহি পৰা অৱস্থা । তেখেতৰ সংৰক্ষিত চকীখনে এতিয়াও অপেক্ষাৰ বাট চাই আছে । শাওণৰ বাঢ়নী পানীয়ে ধুই নিয়াৰ পিছতো পথাৰখনলৈ এক আশানুৰূপ দৃষ্টিৰে চাই ৰোৱা কোঙা খেতিয়কজনৰ দৰে অচিৰেই সেই মানুহজনীৰ আগমন কামনা কৰি তেওঁ বাৰাণ্ডাতে পাৰি থোৱা বেঞ্চখনৰ ঠিক এটা মূৰে বঢ়ি লৈ হেণ্ডেলডালত হাতখন অলসভাৱে মেলি দি দাম্ভিক সভ্য ব্যক্তিৰ দৰে আচৰণ কৰিলে ।

*******************************

ক'ৰবাৰপৰা ভাহি অহা 'খগেন দা' বুলি উদ্দেশ্য কৰি মাতা মাতষাৰত ইফালে সিফালে ভুমুকিয়াই চালোঁ । তেনেতে ৰমেন আহি মোৰ ওচৰ পালেহি । কৰৈয়নী দলংখনৰ ঠিকাটো অৱশেষত তাৰ নামতে কৰাই ল'বলৈ সক্ষম হোৱাৰ খবৰটো বৰ উৎসাহেৰে জনালে । মই অট্টহাস্যৰ সুৰেৰে বৰচাহাবক কিমান যাচিলি বুলি সুধিলোঁ । যদিওবা কথাষাৰে তাৰ আত্মশ্লাঘাৰ বৰ্ণনাত ইমান প্ৰভাৱ নেপেলালে, মুহূৰ্ততে খন্তেকীয়া হাঁহি একোটাই দুয়োৰে ওঁঠযুৰিক পিন্ধি ল'লে ।
অৱশেষত আমাৰ চতিয়াৰ ফালৰ মানুহজনী আহিল । তেওঁ মোকো তাৰেই বুলি জানে । শাৰী পাতি থিয় দি থকা মানুহবোৰৰ একাষে গৈ তেওঁৰ ওচৰ পোৱাত দুই-তিনিটা কথাৰ বিনিময়ত কাগজ-পাতিবোৰ ওভতাই পালোঁ ।
সন্ধিৰ বাঁহ বুদ্ধিৰে কটাৰ আনন্দ এটাই মোৰ সৈতে এ এছ টি চিলৈকে খোজ কাঢ়িছে । ঘৰলৈ ওভতাৰ পাল । পিছে কোনোবা এটা সংগঠনে বন্ধ ঘোষণা কৰাৰ বাবে বাছবোৰে এতিয়া ঘুমটিত নিহপালি দিছে । কিবা এটা অভিমানত মোৰ মনটোৱে চটফটাই উঠি এক বিৰক্তিকৰ পৰিবেশৰ মাজলৈ সোমাই পৰিছে ।
সন্ধিয়াৰ সময়ত বিশ্বনাথ চাৰিআলিলৈকে চৰকাৰী বাছ এখন চলিব বুলি হোৱা অবাঞ্ছিত ঘোষণাটিয়ে টিকট কাউণ্টাৰৰ পিনে মানুহবোৰৰ আমন্ত্ৰণ জনাইছে । ময়ো দৌৰিছোঁ । ভিৰ ঠেলি শাৰীটোত থিয় দি দেখিলোঁ, মোৰ সন্মুখত এতিয়াও বিশজন যাত্ৰীৰ দুশ্চিন্তাৰ ঢল । শেষৰ ফালে হ'লেও টিকট এটা পাম বুলি প্ৰায় নিশ্চিত হ'লোঁ । তেনেতে কাউণ্টাৰৰ ফোনটো বাজি উঠিল । সিমূৰৰপৰা অহা আদেশ বা অনুৰোধ এটাই দহটা নে বাৰটা টিকট বুক কৰি পেলালে । পৰাজিত সৈন্যৰ দৰে ক্ষোভিত মনোভাবেৰে পদুম পুখুৰীৰ পাৰৰ ৰাস্তাটোৰে বাট ল'লোঁ ।
কথাবোৰ ভাবি-গুণি অগতিৰ গতি যেন এই ৰাতিটো 'উষা লজ'তে কটোৱা যাওক বুলি ভাবিলোঁ । সেই জনপ্ৰিয় লজখনৰ মালিকজন আমাৰ গাঁৱৰে কেশৱৰ জোঁৱায়েক । একে গাঁৱৰে বুলি গম পালে নিশ্চয় কম দামতে ভাল ৰুম এটা পোৱা যাব । তেনে এক অভিলাষে ৰিক্সা এখনত বহুৱাই মোক লৈ গৈ থাকিল ।

উষা লজ কিমান দূৰ…

Share Button
Print Friendly, PDF & Email

No Comments : "উষা লজ- (সাগৰ সৌৰভ)"

Leave a Comment

Your email address will not be published. Required fields are marked *