ইউটোপীয় সমাজবাদ সম্পৰ্কে কিছু কথা (দ্বিতীয় ভাগ)

ছাঁ-ছিমোঁ

ক্লড আঁৰি ছাঁ-ছিমোঁ (১৭৬০–১৮২৫) আছিল চার্লেমেনৰ বংশধৰ। কিন্তু ১৯ শতিকাৰ প্রথমভাগত তেওঁ আছিল এজন সাধাৰণ কেৰাণী — বন্ধকী কাৰবাৰৰ দোকান এখনৰ এক দুখীয়া কৰ্মচাৰী। তেওঁৰ জীৱনত এনে এটা সময়ো আহিছিল যেতিয়া তেওঁ আশ্রয় ল’বলৈ বাধ্য হৈছিল তেওঁৰেই পূৰ্বৰ লগুৱা এজনৰ ওচৰত। জীৱনৰ নানান ঘাত-প্রতিঘাত, বিপর্যয়ৰ মাজতো কিন্তু তেওঁ হৃতোদ্যম হোৱা নাছিল কেতিয়াও। চৰম প্রতিকূল পৰিস্থিতিৰ মাজতো তেওঁ চিন্তা কৰিছিল মানুহৰ কথা, মানুহৰ মুক্তিৰ কথা।

ছাঁ-ছিমোঁ আছিল পৃথিৱী কম্পিত কৰা ফৰাচী বিপ্লৱৰ সন্তান। তেওঁ দেখিছিল— বিপ্লৱত জয়ী হ’ল থার্ড এষ্টেট; পৰাজিত হ’ল আভিজাতসকল। ছাঁ-ছিমোঁৰ মতে এই বিজয় হ’ল কর্মী মানুহখিনিৰ— নিষ্কর্মা চামটোৰ ওপৰত। ছাঁ-ছিমোঁৰ দৃষ্টিত কিন্তু কর্মীৰ অর্থ মাত্র শ্রমিক শ্রেণীটো নাছিল ; তেওঁৰ বিশ্লেষণত বণিক, বেংকাৰ, কাৰখানা-মালিক— এই সকলো আছিল কর্মী। ছাঁ-ছিমোঁৱে কৈছিল, নিষ্কর্মাবোৰৰ যে নেতৃত্বৰ যোগ্যতা নাই— এই কথাটো অতি স্পষ্টকৈ প্রকাশ পাইছে বিপ্লৱৰ জৰিয়তে ; কিন্তু সেই বুলি সেইটো যোগ্যতা সম্পত্তিহীন শ্রেণীটোৰো নাই। তাৰ এক সুন্দৰ পটন্তৰ হ’ল— Reign of Terror। এতিয়া কথা হ’ল, সমাজক কোনে নেতৃত্ব দিব? সমাজখনক পৰিচালনা কৰিবই বা কোনে?

ইয়াৰ উত্তৰো দিছে ছাঁ-ছিমোঁৱে। তেওঁৰ কল্পনা মতে, নতুন সমাজখনক পৰিচালনা কৰিব উৎপাদক-নির্মাতাসকলৰ (মেনুফেক্‌চাৰাৰ) বিভিন্ন সমিতিয়ে, সমূহীয়াভাৱে। এই সমিতিসমূহে নানান পৰিকল্পনা কৰিব মিলিত ৰূপত আৰু এইভাৱেই নিয়ন্ত্রিত হ’ব সমাজৰ অর্থনৈতিক জীৱন। ইয়াৰ ফলত সমাজৰপৰা নোহোৱা হ’ব ঔদ্যোগিক অৰাজকতাৰ, প্রকট অর্থনৈতিক অসমতাৰ। এই ব্যৱস্থা প্রচলিত হোৱাৰ ফলত প্রত্যেকজন পুঁজিপতিয়েই নিজস্ব উদ্যোগ-প্রতিষ্ঠান আদিৰ উন্নতি কৰাৰ চেষ্টা কৰিব। গতিকে কামৰ পৰিমাণৰ বৃদ্ধি হ’ব আৰু লগে লগে হ্রাস হ’ব নিবনুৱাৰ সংখ্যা। এই ব্যৱস্থাৰ ফলত শ্রমিক শ্রেণীৰো স্বাৰ্থ ৰক্ষা হ’ব। গতিকে উদ্যোগপতি আৰু শ্রমিকৰ স্বার্থ একাকাৰ হৈ যাব, সমাজত সংঘাতৰ অন্ত পৰিব।

ছাঁ-ছিমোঁৱে ইয়াৰ বাবে এখন আঁচনিও প্রস্তুত কৰি উলিয়াইছিল। তাৰ বাবে তেওঁ কল্পনা কৰিছিল এখন ‘বিশেষজ্ঞ-সংসদ’ৰ। ইয়াক গঠন কৰা হ’ব তিনিখন সভাৰদ্বাৰা— ‘আৱিষ্কাৰকৰ সভা’, ‘পৰীক্ষকৰ সভা’ আৰু ‘কার্যকৰী সভা’। ‘আৱিষ্কাৰকৰ সভা’ৰ সদস্য হ’ব—২০০জন অভিযন্তা, ৫০জন কবি, ২৫জন চিত্ৰকৰ, ১৫জন ভাস্কৰ্যবিদ আৰু ১০জন সংগীতজ্ঞ। ‘পৰীক্ষকৰ সভা’ত থাকিব ১০০ জন জীৱবিজ্ঞানী, ১০০জন পদার্থবিজ্ঞানী আৰু ১০০জন গণিতজ্ঞ। ‘কার্যকৰী সভা’ত থাকিব অভিজ্ঞ কাৰিকৰসকলৰ প্রতিনিধিবর্গ। ‘আৱিষ্কাৰকৰ সভা’ই নতুন নতুন আঁচনি প্রস্তুত কৰি উলিয়াব, ‘পৰীক্ষকৰ সভা'ই তাক পৰীক্ষা কৰিব আৰু আৰু অৱশেষত ‘কার্যকৰী সভা’ই তাক বাস্তৱ ৰূপ প্রদান কৰিব।

ছাঁ-ছিমোঁৱে বিশ্বাস কৰিছিল, সমাজ-বিকাশৰ বাটত কেতবোৰ পৰ্যায় আহে এটি পৰাবৃত প্রক্রিয়াৰে, এক নিয়মিত অনুক্রমেৰে। প্রত্যেকটো পর্যায়ৰেই প্রথম অৱস্থাত থাকে এক প্রগতিশীল, কল্যাণকামী ভূমিকা। কিন্তু সময়ৰ লগে লগে এটা পৰ্যায়ৰ প্রথমছোৱাৰ সেই প্রগতিশীল ভূমিকাটো নোহোৱা হৈ পৰে, সমাজৰ অগ্রগতি হৈ পৰে স্থবিৰ। কিন্তু প্রত্যেক পৰ্যায়ৰ ভিতৰতেই নতুন এটা পৰ্যায় অংকুৰিত হয় আৰু অৱশেষত এই নতুন, ক্রমবিকশমান পর্যায়টোৱে পূৰ্বৰ, অর্থাৎ বর্তমানে স্থবিৰ, পংকিল-প্রতিক্রিয়াশীল পৰ্যায়টোৰ স্থান অধিকাৰ কৰে।

ছাঁ-ছিমোঁৱে কল্পনা কৰা সমাজখনত সকলোতকৈ অধিক অগ্রাধিকাৰ পাইছিল কাৰিকৰসকলে। ছাঁ-ছিমোঁৰ মতে কাৰিকৰসকল হ’ল সেইসকল মানুহ, যিখিনি মানুহে নিজৰ শ্ৰমেৰে পূৰণ কৰে সমাজৰ নানান চাহিদাসমূহ। তেওঁ বাৰে বাৰে কৈছিল— এই কাৰিকৰ শ্রেণীটো সমাজৰ বাবে অপৰিহাৰ্য। অন্য শ্রেণীসমূহ নেথাকিলেও সমাজখনৰ বিশেষ ক্ষতি ন’হব, সমাজখন গতানুগতিকভাৱেই আগ বাঢ়ি যাব ; কিন্তু যদি কাৰিকৰসকল নেথাকে? কাৰিকৰসকল নেথাকিলে সমাজৰ সকলো কাম-কাজেই বন্ধ হৈ যাব, ৰুদ্ধ হৈ যাব সমাজৰ অগ্রগতি। কিন্তু ছাঁ-ছিমোঁৱে প্রশ্ন কৰিলে— এই সর্বাধিক গুৰুত্বপূর্ণ শ্রেণীটোৰ বাস্তৱ অৱস্থা কেনেকুৱা? তেওঁলোকেই সকলোতকৈ বেছি নিষ্পেষিত, লাঞ্ছিত-বঞ্চিত নহয় জানো? কাৰিকৰসকলক অন্য উচ্চ শ্রেণীসমূহে অপাংক্তেয় কৰি থোৱা নাই জানো? গতিকে ছাঁ-ছিমোঁৱে ভৱিষ্যতৰ সমাজখনৰ মূল লক্ষ্য স্থিৰ কৰিছিল এইদৰে—সকলোতকৈ সংখ্যাগৰিষ্ঠ অথচ দৰিদ্র শ্রেণীটোৰ কল্যাণ সাধন।

কিন্তু ছাঁ-ছিমোঁৰ এই ধাৰণাসমূহক বাস্তৱ ৰূপ দিয়াটো সম্ভৱ নাছিল। তেওঁ ব্যৰ্থ হৈছিল সমাজ-বিকাশৰ বস্তুগত ভিত্তিটোক অৱলোকন কৰাত। পুঁজিপতি আৰু শ্রমিকৰ স্বার্থ একাকাৰ হৈ অভিন্ন হৈ পৰা, তেওঁলোক ক্রমে এটা শ্রেণীত পৰিণত হোৱা— এইসমূহ আছিল অবাস্তৱ, অসম্ভৱ। তেওঁ বিশ্বাস কৰিছিল, শোষকসকলে শোষিতৰ কথা সমবেদনাৰে চিন্তা কৰিব, আৰু অৱশেষত, তেওঁলোকৰ মংগলৰ অর্থে উদ্‌গ্ৰীৱ হৈ উঠিব। তেওঁ শ্রেণী-সংগ্ৰামক মুঠেই গুৰুত্ব দিয়া নাছিল; বৰঞ্চ শ্রেণী-সংগ্রাম সম্পর্কে এটা ভয়াতুৰ দৃষ্টিভংগীহে গ্রহণ কৰিছিল ছাঁ-ছিমোঁৱে। জনগণৰ ওচৰত সুন্দৰ-সুন্দৰ উপদেশ, মৈত্রী-সমতাৰ আদৰ্শ আদি প্রচাৰ কৰা, আৰু সমাজৰ উচ্চ শ্রেণীসমূহৰপৰা অহা সংস্কাৰ-ক্রিয়াৰ ওপৰত গুৰুত্ব দিয়েই তেওঁৰ বিক্ষিপ্ত তত্ত্ব গঢ় লৈ উঠিছিল। শোষক আৰু শোষিতৰ শান্তিপূর্ণ অৱস্থানৰ উপদেশ বর্তমান হাস্যকৰ হ’লেও, তেতিয়াৰ সামাজিক-অর্থনৈতিক পৰিস্থিতিত তেনে চিন্তাধাৰা গঢ় লৈ উঠা একো আচৰিত নাছিল, বৰঞ্চ সিয়েই আছিল স্বাভাৱিক। এই বিষয়ে আগতেই চমুকৈ আলোচনা কৰিছোঁ।

চার্ল ফুৰিয়ে

এংগেলছৰদ্বাৰা প্রশংসিত অন্য এজন ইউটোপীয় সমাজবাদী হ’ল চার্ল ফুৰিয়ে (১৭৩২–১৮৩৭)। তেওঁ আছিল চহকী অৱস্থাৰপৰা ক্রমে নিঃস্ব হৈ পৰা এজন ব্যৱসায়ীৰ সন্তান। বুর্জোৱাসকলে ফৰাচী বিপ্লৱৰ সময়ত উদাত্ত কণ্ঠৰে ঘোষণা কৰা স্বাধীনতা, সমতা আৰু ভাতৃত্বৰ বাণীসমূহ, ওপৰত বর্ণনা কৰাৰ দৰে, প্রকৃততে কিহলৈ পৰিবৰ্তিত হ’ল, তাক ফুৰিয়েই উদঙাই দেখুৱালে অতি স্পষ্টকৈ। তেওঁ তেওঁৰ তীক্ষ্ম ব্যঙ্গাত্মক ৰচনাৱলীত বিপ্লৱৰ সময়ৰ বুর্জোৱাৰ প্রতিশ্রুতি আৰু বিপ্লৱৰ পাছৰ বাস্তৱ অৱস্থাক মুখামুখিকৈ থিয় কৰাই দিলে। তেওঁৰ সুতীক্ষ্ণ কলমৰ আগত ফুটি উঠিল বুর্জোৱা সমাজৰ পৰস্পৰবিৰোধী কথাবোৰ আৰু সাধাৰণ মানুহক ঠগোৱা অন্তঃসাৰশূন্য প্রতিশ্রুতিবোৰৰ প্রকৃত স্বৰূপ।

এংগেলছে যদিও ফুৰিয়েক সর্বকালৰ অন্যতম শ্রেষ্ঠ ব্যঙ্গবিদ বুলি আখ্যা দিছে (১৬), তথাপি তেওঁক মাত্র এজন ব্যঙ্গবিদ বুলি ভাবিলে ডাঙৰ ভুল হ’ব। ইতিহাস সমন্ধে ফুৰিয়েৰ আছিল তীক্ষ্ণ বোধশক্তি আৰু সুগভীৰ জ্ঞান। ইয়াৰ লগতে প্রকাশ পাইছিল তেওঁৰ চিন্তাৰ দ্বন্দ্বাত্মক দিশ। ছাঁ-ছিমোঁৰ দৰে ফুৰিয়েও বিশ্বাস কৰিছিল যে মানৱ-সমাজৰ বিকাশ ঘটে কিছুমান বিশেষ পর্যায়ৰ মাজেৰে। এই পর্যায়কেইটা, ফুৰিয়েৰ মতে হ’ল– আদিম অৱস্থা, বর্বৰ অৱস্থা, পিতৃতন্ত্ৰৰ যুগ আৰু সভ্যতাৰ যুগ। এইকেইটা পর্যায়ৰ মাজেৰেই অগ্ৰসৰ হৈছে মানৱ-সমাজৰ বিকাশৰ বৰ্ণাঢ্য ইতিহাস। ফুৰিয়েৰ মতে, প্রত্যেক পর্যায়ৰ থাকে উত্থান আৰু পতন; মধ্যৱর্তী সর্বোচ্চ দূৰত্ব আৰু অধোবিন্দু। এটা উচ্চতৰ পৰ্যায়ত কিন্তু পূৰ্বৰ পৰ্যায়টোৰো কেতবোৰ উপাদান পৰিলক্ষিত হয় । তেওঁৰ মতে, বিভিন্ন সামাজিক বিষয়সমূহ নানান বিৰোধ-বিসংগতিৰে পৰিপূর্ণ। উদাহৰণস্বৰূপে, তেওঁ দেখুৱাই দিলে যে বুর্জোৱা সমাজত এটা শ্রেণী হ’ল অতি চহকী, আনহাতেদি অন্য এটা শ্রেণীৰ অর্থনৈতিক অৱস্থা পানীত হাঁহ নচৰা বিধৰ। তেওঁ ঘোষণা কৰিলে, পুঁজিবাদী সমাজত দাৰিদ্ৰৰ জন্ম হয় অতি-প্রাচুর্যৰ ফলস্বৰূপে। তেওঁৰ এনে দ্বন্দ্বাত্মক চিন্তাধাৰা এংগেলছৰদ্বাৰাও প্রশংসিত হৈছে (১৭)।

ফুৰিয়েই দৃঢ় প্রত্যয়েৰে ঘোষণা কৰিছিল যে বুর্জোৱা সমাজো হ’ল—অন্য সকলো সামাজিক পর্যায়ৰ দৰেই— অস্থায়ী; ই তাৰ স্থান নিশ্চিতভাৱে এৰি দিব লাগিব ভৱিষ্যতৰ অন্য এটা উচ্চতৰ পৰ্যায়ক। সামাজিক অগ্রগতিৰ তীব্রতা বৃদ্ধি হোৱাৰ ফলত গণবিপ্লৱ সংঘটিত হৈ, তাৰদ্বাৰা পুঁজিবাদ ধ্বংস হোৱাৰ সম্ভাৱনাক তেওঁ উপলব্ধি কৰিছিল। কিন্তু কথা হ’ল, ফুৰিয়েই ভয় কৰিছিল শ্রেণী-সংগ্রামক, বিপ্লৱক আৰু জনগণৰ স্বাধীন ৰাজনৈতিক সংগ্রামক। গতিকে তেওঁ শ্রেণী-সমন্বয় বিৰাজ কৰা, এক নতুন সমাজব্যৱস্থা প্রৱর্তন কৰাৰ এটা পদ্ধতি আগ বঢ়ালে— এটা শান্তিপূর্ণ পদ্ধতি।

তেওঁৰ কল্পনাত, ভৱিষ্যতৰ সমাজখন গঠন কৰা হ’ব বিভিন্ন গোট, সমিতি, বা ফুৰিয়েৰ ভাষাত, ফেলাংকছক লৈ। প্রত্যেক ফেলাংকছৰ থাকিব ১৬০০-১৭৭০জন সদস্য। প্রত্যেকেই বাস কৰিব ফেলানষ্টেৰি নামৰ এটা বিশাল প্রাসাদত, য’ত তেওঁলোকে খোৱা-বোৱা, কাম-কাজ, বিশ্রাম— এই সকলো কৰিব। তেওঁলোকৰ মুখ্য কার্য হ’ব, সাধাৰণতে, কৃষি। কিন্তু ক্ষুদ্র শিল্প, যেনে— কুটিৰ-শিল্প আদিয়েও তাত স্থান পাব। প্রত্যেকজন সদস্যৰেই নিজস্ব যোগ্যতা, দক্ষতা আদিৰ ওপৰত নিৰ্ভৰ কৰি স্বকীয় বৃত্তি নির্বাচন কৰাৰ অধিকাৰ থাকিব। তেওঁলোকে যাতে একে ধৰণৰেই, গতানুগতিক, আমনিলগা কামত সদায় আবদ্ধ হৈ নপৰে, তাৰ বাবে তেওঁলোকৰ থাকিব ইচ্ছা অনুযায়ী কর্ম-ক্ষেত্র সলনি কৰাৰ অধিকাৰ। ইয়াৰ ফলত, ফুৰিয়েৰ মতে, নিশ্চিত ৰূপত সংঘটিত হ’ব সমাজৰ সৰ্বাংগীণ মংগল, অগ্রগতি হ’ব ত্বৰান্বিত।

ফুৰিয়েৰ চিন্তাধাৰা কিন্তু ইউটোপীয় ধ্যান-ধাৰণাৰ ঊৰ্ধ্বত নাছিল। ফুৰিয়েৰ ফেলাংকছত পুঁজিপতিসকলেও স্থান পাইছিল— তাকো পুঁজিৰে সৈতে। তেওঁৰ মতে, সার্বজনীন ঐক্যৰ পৰিৱেশ এটাৰ মাজত শ্রেণী-শত্রুতা ক্রমে নিঃচিহ্ন হৈ যাব। কিন্তু এনেধৰণৰ চিন্তা-চর্চা আছিল অসার্থক। ধনী আৰু দুখীয়াৰ স্বার্থ একাকাৰ হৈ যোৱাৰ বিষয়টোও সমানে ইউটোপীয়। ফেলাংকছত ব্যক্তিগত সম্পত্তিতো আছিলেই, ফুৰিয়েই তাৰ লগতে আনকি ইয়াকো কৈছিল – ফেলাংকছৰ
সদস্যসকলৰ শ্রম-ফল কেৱল কাম আৰু যোগ্যতা অনুযায়ী নহ’ব, তেওঁলোকৰ পুঁজি অনুযায়ীয়ো বিতৰণ কৰা উচিত। তেওঁ তেওঁৰ মতবাদত ব্যক্তিগত মালিকানা অথবা ধনী আৰু দুখীয়াৰ ব্যৱধান সম্পূর্ণকৈ বর্জন কৰা নাই। সমাজবাদী আদৰ্শৰ প্রচাৰ কৰি, পুঁজিবাদী সমাজখনক লাহে লাহে সংস্কাৰ কৰি এখন “ৰামৰাজ্য” প্রতিষ্ঠা কৰাৰ সপোন দেখিছিল চার্ল ফুৰিয়েই। তেওঁৰ এইসমূহ বিভ্রান্তিৰো কাৰণ আছিল, অন্য একো নহয়, তেতিয়াৰ অপৰিপক্ব সামাজিক তথা অর্থনৈতিক পৰিৱেশ, বুর্জোৱা আৰু সৰ্বহাৰাৰ মাজৰ অপৈণত শ্রেণী-সংগ্রাম।

ৰবার্ট ওৱেন

ছাঁ-ছিমোঁ আৰু ফুৰিয়েৰ চিন্তাধাৰাৰ বিকাশ ঘটিছিল বিপ্লৱৰ নানা ঘটনা-পৰিঘটনাৰে স্নাত ফ্রান্সত। ফ্রান্সত সেই সময়ত পৰিৱর্তন আহিছিল বিম্বাশবদে, দ্রুত গতিত। কিন্তু ফ্রান্সৰপৰা সংকীর্ণ প্রণালী এটা পাৰ হৈয়েই পোৱা ইংলেণ্ডতো আহিছিল পৰিৱর্তন— যদিও ফ্রান্সৰ দৰে ধুমুহাৰ গতিত নহয়। দ্রুত নহ’লেও ইংলেণ্ডৰ সেই পৰিৱর্তন আছিল প্রচণ্ড। ক্ষুদ্র হস্তশিল্পৰ ঠাই দখল কৰিলে বিৰাট উদ্যোগে; সৃষ্টি হ’ল এটা বুৰ্জোৱা শ্রেণীৰ। শ্রমিকৰ ওপৰত পৰিল অভাবনীয় শ্রমৰ বোজা। চহৰসমূহত গগনচুম্বী অট্টালিকাৰ সংখ্যা বৃদ্ধি হ’ল, তাতোকৈ বৃদ্ধি হ’ল অপৰিষ্কাৰ, খাদ্যহীন, গৃহহীন জনতাৰ সংখ্যা।

এনে এটা সময়তেই গঢ় লৈ উঠে ৰবার্ট ওৱেনৰ (১৭৭১–১৮৫৮) চিন্তাধাৰা, ইউটোপীয় সমাজবাদী চিন্তাধাৰা।

3.UOPIAN1

ৰবার্ট ওৱেন আছিল স্কটলেণ্ডৰ নিউ লেনার্কৰ এটা বস্ত্র-কাৰখানাৰ মালিক। শ্রমিকৰ দুখ-দুর্দশা দেখি ওৱেনৰ মানৱ-দৰদী মনে বিদ্রোহ কৰি উঠিল। মানুহৰ দুখ-কষ্ট, নানা অন্যায়-অবিচাৰৰ বাবে তেওঁ পুঁজিবাদেই দায়ী বুলি ঘোষণা কৰিলে। তেওঁ আৰম্ভ কৰিলে পুঁজিবাদৰ ওপৰত তীক্ষ্ম, নিৰ্মম সমালোচনা। কিন্তু মন কৰিবলগীয়া কথা, পুঁজিবাদৰ ফলত উদ্ভৱ হোৱা নানা সামাজিক অসংগতি, নানা অন্যায়-অবিচাৰক তেওঁ কিন্তু মূলতঃ মানুহৰ অজ্ঞতা আৰু বিভ্রান্তিৰ ফলত সৃষ্টি লোৱা বুলিহে বিবেচনা কৰিছিল। গতিকে তেওঁ ভাবিছিল, মানুহৰ যদি সচেতনতা বৃদ্ধি হয়, তেন্তে মানুহে জীৱন আৰু আদৰ্শৰ বাবে এক অনুকূল সমাজব্যৱস্থা গঢ়াৰ বাবে আগ্রহী হৈ উঠিব; সমাজৰপৰা নিশ্চিতভাৱে আঁতৰি যাব সকলো অন্যায়, সকলো অবিচাৰ।

কিন্তু, ওৱেনৰ মতে, নতুন সমাজখন গঠন কৰাৰ বাটত কণ্টকৰূপে বিৰাজ কৰিছে ব্যক্তিগত মালিকানা। এই ব্যক্তিগত মালিকানা দূৰ কৰাৰ বাবে ওৱেনে কিন্তু নিৰ্ভৰ কৰিছিল মানুহৰ সচেতনতাৰ ওপৰত। তেওঁ ভাবিছিল, ব্যক্তিগত মালিকানাৰ তুলনাত যে গণ-মালিকানা বেছি উত্তম, বেছি প্রশস্ত – এই কথাটো এসময়ত মানুহে বুজি পাব তেওঁলোকৰ বুদ্ধি আৰু সচেতনতাৰদ্বাৰা, আৰু তেওঁলোকে সমষ্টিগত মালিকানা আৰু সমষ্টিগত শ্রমৰ ভিত্তিত এখন নতুন, শোষণমুক্ত সমাজ গঠন কৰিব।

ৰবার্ট ওৱেন এটা বিশেষ ক্ষেত্ৰত, অন্য সৰহভাগ ইউটোপীয় সমাজবাদীৰ ব্যতিক্রম আছিল। সেইটো ব্যতিক্রম হ’ল– তেওঁৰ ব্যৱহাৰিক তথা প্রায়োগিক চিন্তাধাৰা তথা কাৰ্যাৱলী। ওৱেনে মাত্র তত্ত্ব আওৰাই সমাজ উদ্ধাৰ কৰিব খোজা নাছিল। তেওঁ নিশ্চয় ভৱিষ্যতৰ সমাজৰ আদৰ্শসমূহ বহলাই মানুহৰ আগত দাঙি ধৰিছিল, তাক প্রাঞ্জল ৰূপত ব্যাখ্যা কৰিছিল; কিন্তু তাৰ লগে লগে শ্রমিক শ্রেণীটোৰ মৰ্যাদা বৃদ্ধি কৰা, তেওঁলোকৰ কৰ্ম-অৱস্থা আৰু তেওঁলোকে শ্রম কৰা পৰিৱেশটোৰ উন্নতি কৰা— এইসমূহক চকুৰ আগত ৰাখি কামত লাগি গৈছিল, তাক বাস্তৱ ৰূপ প্রদান কৰিবলৈ আজীৱন চেষ্টা কৰি গৈছিল। তেওঁৰ এই গুণটোৰ বাবেই বোধকৰোঁ এংগেলছে ওৱেনক ছাঁ-ছিমোঁ অথবা ফুৰিয়েতকৈ অধিক প্রশংসা কৰিছে (১৮)।

ওৱেনে বিশ্বাস কৰিছিল যে মানুহৰ ওপৰত পৰিৱেশ আৰু পাৰিপাৰ্শ্বিকতাৰ প্ৰভাৱ অতি বেছি। গতিকে, যদি শ্রমিকসকলে কাম কৰা কাৰখানা তথা তেওঁলোকে বাস কৰা স্থানৰ পৰিৱেশ উন্নত কৰা হয়, তেন্তে, ওৱেনৰ মতে, অনিবাৰ্য ৰূপত বৃদ্ধি হ’ব উৎপাদনৰ পৰিমাণ। তেওঁ নিজৰ কাৰখানাৰ শ্রমিকৰ শ্রমদানৰ সময় দহ ঘণ্টা কৰি পেলালে। অকল সেয়েই নহয় — ওৱেনে বহুত চিঞৰ-বাখৰ কৰি সমগ্র ব্ৰিটেইনতেই এই সময়-সীমা বহুত তললৈ নমাই আনিলে। তেওঁ বহুত কষ্ট কৰি নিজৰ কাৰখানাৰ শ্রমিকসকলৰ বাবে মানৱীয় পৰিৱেশ এটা সৃষ্টি কৰিছিল। লগে লগে হ্রাস কৰিছিল তেওঁলোকৰ কর্মদিনৰ আৰু বৃদ্ধি কৰিছিল মজুৰিৰ। দেখা গৈছিল যে কাৰখানাৰ উৎপাদনশীলতা অনেক গুণে বৃদ্ধি হৈছে। তেওঁ কৈছিল, এই সা-সুবিধাসমূহ দিয়াৰ ফলত তেওঁৰ কাৰখানাৰ ২৫০০ শ্রমিকে যি পৰিমাণৰ উৎপাদন কৰিলে, সেই একে পৰিমাণৰ উৎপাদন কৰিবলৈ, শিল্প-বিপ্লৱৰ পূর্বে, প্রয়োজন হ’লহেঁতেন কমপক্ষেও ৬ লাখ শ্রমিকৰ! ওৱেনৰ এই পৰীক্ষাৰ অন্যান্য শুভ ফলো আছিল— শ্রমিক শ্রেণীৰ মাজৰপৰা সুৰা, অপৰাধ আদি ক্রমশঃ আঁতৰি গৈছিল; হ্রাস হৈছিল দৰিদ্রতাৰ।

ওৱেনে কৈছিল যে শ্রম-ফলৰ মালিক হোৱা উচিত কেৱল শ্রমিকসকলহে। এই আদর্শ আগত ৰাখি তেওঁ এক দুঃসাহসিক পৰীক্ষা কৰিবলৈ মনস্থ কৰিলে। তেওঁ পৰিকল্পনা কৰিলে এখন কমিউনিষ্ট কলোনি বা তেওঁৰ ভাষাত ‘হোম কলোনি’ প্রতিষ্ঠা কৰাৰ। পাছত উক্ত পৰিকল্পনাটোক তেওঁ বহলাই প্রকাশ কৰে। এনে এখন ‘হোম কলোনি’ আমেৰিকাত প্রতিষ্ঠা কৰাৰ চেষ্টাত ওৱেন ব্ৰতী হ’ল। ওৱেনে ইয়াত নিয়োজিত কৰিছিল তেওঁৰ সকলো ধন-সম্পত্তি, সর্বস্ব অর্থ-সম্পদ। কিন্তু ওৱেনৰ এই প্রচেষ্টা ব্যর্থ হয়; দাৰিদ্রক সংগী কৰিয়েই অৱশেষত মৃত্যু হয় ওৱেনৰ ৷

ইমান চেষ্টা কৰা সত্ত্বেও, অন্যৰ তুলনাত অনেক প্রায়োগিক হ’লেও, ওৱেনৰ ধ্যান-ধাৰণা কিন্তু ইউটোপীয়ই আছিল। অন্যৰ ব্যতিক্রম হিচাপে তেওঁ তেওঁৰ মতবাদ শ্রমিক শ্রেণীৰ দৃষ্টিকোণৰপৰা দাঙি ধৰিলেও, ওৱেনে ভয় কৰিছিল শ্রেণী-সংগ্রামক। শ্রেণী-সংগ্রামৰ পৰিণতি ভয়াৱহ হ’ব বুলি ভাবিয়েই হয়তো তেওঁ দিছিল সমাজ সংস্কাৰৰ আদৰ্শ, সমাজ-বিপ্লৱৰ নহয়। তদুপৰি, পুঁজিবাদী সমাজে, তাৰ নিজৰ ভিতৰতেই সমাজতন্ত্রৰ বিকাশ ঘটোৱাৰ (ওৱেনৰ সেই ‘হোম কলোনি’ৰদ্বাৰা) যে সুযোগ দিব, সেইটো আশা কৰাটোৱেই এটা অসার্থক কথা।

সামৰণি

ওপৰত বিভিন্ন দেশৰ, বিভিন্ন সামাজিক-অর্থনৈতিক পৰিৱেশত আত্মপ্রকাশ কৰা কেইজনমান ইউটোপীয় সমাজবাদীৰ চিন্তা-চৰ্চাৰ বিষয়ে আলোচনা কৰিলো। এই মানৱ-দৰদী চিন্তানায়কসকলে তৎকালীন সমাজৰ নানা অন্যায়-অবিচাৰ, অসমতা আদিৰ তীব্র সমালোচনা কৰিছিল, উদঙাই দেখুৱাইছিল সমাজ-ব্যৱস্থাৰ গেলা-পচা উপাদানবোৰ। দুগৰাকীমানে ভৱিষ্যতৰ সমাজখনৰ বর্ণনাও দিছিল কল্পনাৰ ৰহণ সানি। তেওঁলোকে বাঞ্ছা কৰিছিল— সমাজৰপৰা অসমতা, নিষ্ঠুৰতা, শোষণ আদিৰ অৱলুপ্তিৰ আৰু এখন সুন্দৰ, স্বাস্থ্যকৰ সমাজৰ।

কিন্তু বহুত ক্ষেত্ৰত, বহুত সামাজিক-অর্থনৈতিক কাৰকৰ হেতুকে তেওঁলোক হৈ পৰিছিল দিগভ্রান্ত (এই বিষয়ে আগতে চমুকৈ আলোচনা কৰিছোঁ)। তেতিয়া যদিও ইতিহাসৰ খেলপথাৰত বুর্জোৱা আৰু সৰ্বহাৰাই আত্মপ্রকাশ কৰিছিল, যদিও লাহে লাহে শ্রেণী-সংগ্রাম প্রকট হ’বলৈ আৰম্ভ কৰিছিল, তথাপিও, প্রকৃততে শ্রেণী দুটাৰ লগতে শ্রেণী-সংগ্রামৰো অৱস্থা আছিল অপৰিপক্ব। ইউটোপীয় সমাজবাদীসকলৰ দৃষ্টিত সেইবাবে সর্বহাৰা শ্রেণীটো আছিল মাত্র এটা নিৰ্যাতিত, যন্ত্রণাক্লিষ্ট, দুর্দশাগ্রস্ত শ্রেণী; উদ্যমৰহিত, শৌর্য-বীর্যহীন, মর্মন্তুদ বেদনাত ভোগা এটা স্থাণু জনসমষ্টি। গতিকে শ্রেণী-সংগ্ৰামৰ জৰিয়তে ইউটোপীয় সমাজবাদীসকলে সমাজ-পৰিৱর্তন কৰাৰ কথা ক’বলৈ সমর্থ হোৱা নাছিল। তাৰ পৰিৱর্তে তেওঁলোকে দিছিল শ্রেণী-সমন্বয়ৰ মন্ত্র— “The undeveloped state of the class struggle, as well as their own surroundings, causes Socialists of this kind to consider themselves far superior to all class antagonisms. They want to improve the condition of every member of society, even that of the most favoured. Hence, they habitually appeal to society at large, without distinction of class; nay, by preference, to the ruling class. For how can people, when once they understand their system, fail to see in it the best possible plan of the best possible state of society ?

Hence, they reject all political, and especially all revolutionary action; they wish to attain their ends by peaceful means… …”(১৯)।

সমাজ-পৰিৱৰ্তনৰ অৰ্থে শোষক শ্রেণীৰ ওচৰত আবেদন কৰা, সিহঁতক দয়ালু হৈ শ্রমিকৰ মংগল কৰাৰ অনুৰোধ কৰা, শ্রেণী-সমণ্বয়ৰ বাণী প্ৰচাৰ কৰা— বৈজ্ঞানিক সমাজবাদৰ নীতিৰ লগত এই চিন্তাসমূহৰ সম্পর্ক অসেতুবন্ধ্য হ’লেও, ইউটোপীয় সমাজবাদীসকলৰ তত্ত্বসমূহে শ্রমিক শ্রেণীক অনুপ্রাণিত কৰিছিল, তেওঁলোকৰ জ্ঞান বৰ্ধন কৰাৰ বাবে সেইসমূহ অতি গুৰুত্বপূর্ণ আছিল। কিন্তু ইউটোপীয় সমাজবাদীসকলে শ্রেণী-সংগ্রামৰ প্রতি এক ভয়াৰ্ত দৃষ্টিভংগী গ্রহণ কৰাৰ হেতুকে, তেওঁলোকৰ সমর্থকসকল কালক্ৰমত প্রতিক্রিয়াশীল হৈ পৰিল। কাৰণ, শ্রেণী-সংগ্রামৰ তীব্রতা বৃদ্ধি হোৱাৰ লগে লগে তেওঁলোকে চেষ্টা কৰিছিল তাক প্রশমিত কৰিবলৈহে। গতিকে, শেষ হিচাপত তেওঁলোক ব্যর্থ হৈছিল। কল্পনাৰ সোঁতত উটি সমাজ-পৰিৱৰ্তনৰ চেষ্টা কৰোঁতে তেওঁলোকে ভাবিবলৈ সমর্থ হোৱা নাছিল, “To make a science of Socialism, it had first to be placed upon a real basis” (২০)।

কিন্তু ইউটোপীয় সমাজবাদীসকলৰ মহত্ত্ব ইয়াতেই– তেওঁলোকে তৎকালীন চিন্তানায়কসকলৰ দৰে সমাজৰ গড্ডালিকা প্রবাহত ভাহি যোৱা নাছিল ; তেওঁলোকে সমাজৰ ৰূঢ় বাস্তৱতাৰ সন্মুখীন হোৱা অনাথিতি-অনন্যোপায় শ্রেণীটোক শুনাইছিল আশাৰ সঞ্জীৱনী মন্ত্র। শোষক শ্রেণীৰ প্রতি যেনেদৰে তেওঁলোকৰ চিন্তাধাৰাত ফুটি উঠিছিল তীব্র জুগুপ্সা, ঠিক তেনেদৰে শোষিত, যন্ত্রণাক্লিষ্ট শ্রেণীটোৰ প্রতি তেওঁলোকে দেখুৱাইছিল অকৃত্রিম অনুকম্পা। বৈজ্ঞানিক সমাজবাদৰ প্রতিষ্ঠাতাসকলে তেওঁলোকক তীব্র সমালোচনা কৰিলেও, তেওঁলোকৰ প্রতি, বিশেষকৈ ছাঁ-ছিমোঁ, ফুৰিয়ে আৰু ওৱেনৰ প্রতি, এক সশ্রদ্ধ মনোভাবো দেখুৱাইছিল– “Just as German theoretical Socialism will never forget that it rests on the shoulders of Saint-Simon, Fourier, and Owen– three men who, in spite of all their fantastic notions and all their utopianism, have their place among the most eminent thinkers of all times, and whose genius anticipated innumerable things, the correctness of which is now being scientifically proved by us …”(২১)।

গতিকে বিশ্বৰ শ্রমজীৱী জনতাই ৰণাঙ্গনৰ দুৰ্গম বাটত মাৰ্ক্স-এংগেলছ-লেনিনৰ ৰচনাৱলীৰ লগতে মনত পেলাব লাগিব তেওঁলোকৰ এই মহান পূৰ্বসূৰীসকলৰ চিন্তা-চর্চাকো, দেখুৱাব লাগিব তেওঁলোকৰ প্রতি যথার্থ সন্মান। এইবাবেই শোষিত শ্ৰেণীৰ মনত আশাৰ বন্তি প্রজ্বলিত কৰা ভালেমান মহামানৱৰ লগতে এই ইউটোপীয় সমাজবাদীসকলৰ নামো ইতিহাসত চিৰজ্যোতিষ্মান হৈ ৰ’ব, অবিনশ্বৰ হৈ ৰ’ব তেওঁলোকৰ লগতে তেওঁলোকৰ সেই ইউটোপীয় সমাজবাদী চিন্তাধাৰা।

টোকা :

১৬. Ibid, p. 43।

১৭. Ibid, p. 44।

১৮. Ibid. pp. 45-48।

১৯. K. Marx and F. Engels, Manifesto of the Communist Party (Collected Works, vol. 6. pp. 515-516]।

২০. F. Engels, Socialism: Utopian and Scientific, Moscow, 1970, p. 49।

২১. V. I. Lenin, What is to be Done [Collected Works, Vol. 5, P, 371) ।

সহায় লোৱা গ্রন্থ :

অসমীয়া:
১. মাৰ্ক্সবাদী-লেনিনবাদী তত্ত্বৰ মূল কথা, প্রগতি প্রকাশন, মস্কো, ১৯৮৬।

২. মহেন্দ্ৰ বৰা, সমাজবাদৰ কথা, ১৯৮৪।

৩. ধ্ৰুৱজ্যোতি বৰা, ফৰাচী বিপ্লৱ, ১৯৮১।

বাংলা:
১. ৰাজনৈতিক মতবাদেৰ ইতিহাস, খণ্ড ২, আধুনিক কাল, প্রগতি প্রকাশন, মস্কো, ১৯৮৭।

২. ভিক্তৰ আফানাসিয়েভ, বৈজ্ঞানিক কমিউনিজম, প্রগতি প্রকাশন, মস্কো ১৯৮১।

৩. ৰাজনৈতিক মতবাদেৰ ইতিহাস, খণ্ড ৩, ৰাশিয়া ও জার্মানি : উনিশ শতক, প্রগতি প্রকাশন, মস্কো, ১৯৮৮।

ইংৰাজী :

১. Man's Dreams are coming true, Progress Publishers, Moscow, 1966।

২. K. Marx, F. Engels, Collected Works, Vol. 6, Progress Publishers, Moscow, 1976।

৩. F. Engels, Socialism : Utopian and Scientific, Progress Publishers, Moscow, 1970।

৪. The New Encyclopaedia Britannica, Vol. IV & Vol. VII।

সহায় লোৱা প্রন্ধ :

১. শিৱনাথ বৰ্মন, পথিকৃৎ, আজিৰ অসম, মার্চ-এপ্রিল, ১৯৮৯।

২. শিৱনাথ বৰ্মন, তেত্রিশ বছৰ বন্দীশালত কটোৱা মানুহজন, আজিৰ অসম, জুন, ১৯৮৯ ৷

কৌশিক দাস

Share Button
Print Friendly, PDF & Email

No Comments : "ইউটোপীয় সমাজবাদ সম্পৰ্কে কিছু কথা (দ্বিতীয় ভাগ)"

Leave a Comment

Your email address will not be published. Required fields are marked *