উত্তৰ আধুনিকতাবাদ : একবিংশ শতাব্দীৰ ভাববাদ --(অংশুমান শৰ্মা; মানৱ মুখাৰ্জীৰ একে নামৰ গ্ৰন্থৰ আলমত লিখা নিবন্ধ)

এলান ছোকাল নিউয়র্ক বিশ্ববিদ্যালয়ৰ অধ্যাপক। তেওঁৰ যৎকিঞ্চিত নাম আছে কোৱাণ্টাম ফিল্ড থিয়’ৰিৰ ক্ষেত্ৰত। হঠাৎ পদার্থবিদ্যাৰ এই অধ্যাপকজনে এটা দীঘলীয়া প্রবন্ধ লিখি পঠিয়ালে ‘ছ’চিয়েল টেক্সট’ নামৰ আলোচনী এখনলৈ। ‘ছ’চিয়েল টেক্সট’ কোনো এলা-পেচা আলোচনী নহয়। মার্কিন মুলুকত উত্তৰ-আধুনিক (post-modern) সংস্কৃতিৰ আটাইতকৈ গুৰুত্বপূর্ণ তাত্ত্বিক আলোচনী এইখন। ১৯৯৬ চনৰ মে’ মাহত অধ্যাপক ছোকালৰ এই প্রবন্ধটি প্ৰকাশিত হয়। প্ৰবন্ধটোৰ নাম “Transgressing the boundaries : Towards a Transformative Hermeneutics of Quantam Gravity”. ইয়াৰ সঠিক অনুবাদ কৰা এই লিখকৰ ক্ষমতাৰ বাহিৰত। Hermeneutesঅৰ অৰ্থ হ’ল বাইবেল বা ধর্মশাস্ত্ৰৰ বাণী সম্পর্কে বিভিন্ন টীকাৰ বিষয়ে আলোচনা কৰা শাখা। কোৱান্টাম গ্ৰেভিটি কোৱান্টামতত্ত্বৰ সেই জটিল শাখা য’ত শক্তিৰ বিভিন্নতা প্রমাণৰ বাবে মহাকর্ষণ বলৰ কোৱান্টাম বিশ্লেষণ কৰাৰ চেষ্টা কৰা হয় । Transgressing অর্থাৎ নিজৰ সীমা অতিক্রম কৰি যোৱাৰ পাপ। মুঠতে ছোকালে ক’বলৈ চেষ্টা কৰিছিল যে কোৱান্টাম গ্ৰেভিটিৰ বেলেগে কোনো বিষয়গত অস্তিত্ব নাই। এয়াও আচলতে এটা সামাজিক তথা ভাষাগত নির্মাণ (construct)। যিদিনা ‘ছ’চিয়েল টেক্সট’ত তেওঁৰ এই প্ৰবন্ধ প্ৰকাশিত হয় ঠিক সেইদিনাই ছোকালৰ আৰু এটা প্ৰবন্ধ প্ৰকাশিত হয় Lingua Franca নামৰ আন এখন আলোচনীত । য’ত ছোকালে ফাঁচ কৰি দিয়ে যে ‘ছ’চিয়েল টেক্সট’ত প্ৰকাশিত হোৱা প্ৰবন্ধটো অচলতে এতা মস্ত ধপ, এটা মস্ত ঠগ (Hoax)ৰ বাদে আন একো নহয়। লেখাটোৱে আচলতে Pastiche of leftwing cant (বাঁওপন্থী কথা-বার্তাৰ অনুকৰণ) Yawning references (তোষামোদ কৰাৰ দৰে প্ৰসংগ), Grandioses quotations (জাকজমকতাপূৰ্ণ উদ্ধৃতি), an outright nonsense, structured around siliest quotations (By postmodernist academics he could find about Mathematics & Physics) — নিজৰ লেখা সম্পর্কে এই উদ্ধৃত্তি এলান ছোকালৰ নিজৰেই।

ছোকালৰ দৰে এজন জনা-বুজা মানুহে কিয় এনে এটা কাম কৰিলে – কাৰণ তেওঁ বেআব্রু কৰিব বিচাৰিছিল তথাকথিত উত্তৰ-আধুনিক বুদ্ধিজীৱীসকলক। কোৱান্টাম তত্ত্বৰ লগত জাক লাকাৰ মনস্তত্ত্বৰ সম্পর্ক স্থাপন, জেক ডেৰিডাৰ বিনির্মাণৰ (Deconstruction)ৰ মাজত আপেক্ষিকতাবাদৰ তত্ত্বৰ সন্ধান, এইবোৰ দেখিও ‘ছ’চিয়েল টেক্সট’ৰ সম্পাদকসকলে এবাৰলৈও নাভাবিলে যে কোনোবাই তেওঁলোকৰ লগত ৰসিকতা কৰিছে। প্রবন্ধটোত যি লিখা হৈছিল তাৰ কিবা বাস্তৱ ভিত্তি আছেনে নাই সেয়া কোনো পদার্থবিদক দেখুৱাই লোৱাৰো প্রয়োজনবোধ নকৰিলে। অথচ ‘ছ’চিয়েল টেক্সট’ৰ সেই সংখ্যাটোৰ বিষয়বস্তু আছিল “বিজ্ঞান যুদ্ধ”।
গোটেই কথাটো অৰ্থৰ ফালৰপৰা ব্যাপক। ইতিহাসবিদ আইজাজ আহমেদে আধুনিকতা কি বাখ্যা কৰিছে এইদৰে : আধুনিকতা হ’ল ইউৰোপ আৰু আমেৰিকাৰ বুকুত সৃষ্টি হোৱা নিৰ্দিষ্ট এটা যুগ, য’ত সৃষ্টি হৈছিল (ক) চিন্তাৰ ক্ষেত্ৰত আলোকপ্রাপ্তি (enlightenment), (খ) ৰাজনৈতিক ক্ষেত্ৰত ফৰাচী বিপ্লৱৰ প্রভাব (গ) শিল্প বিপ্লৱৰ মাধ্যমত সামাজিক-ৰাজনৈতিক অগ্রগতি। এই নির্দিষ্ট যুগৰ বাষ্ট্ৰ, ৰাজনৈতিক কাঠামো, অর্থনীতি, শিল্প, জীৱন দৰ্শন এই সকলোবোৰৰ সূত্রপাত শ্রেণী হিচাপে বুৰ্জোৱাসকলৰ হাতত ধৰি, যি নিজে সেই সময়ত আছিল পৰিৱর্তনকামী আৰু বিপ্লৱী। আধুনিকতা সেই অৰ্থত মানৱ সভ্যতাৰ আটাইতকৈ গুৰুত্বপূর্ণ পর্যায়। কাৰোবাৰ মতে এই পর্যায় এতিয়াও প্রসাৰমান আৰু আন কাৰোবাৰ মতে এই পর্যায় শেষ হৈছে। মানৱ সভ্যতাৰ অগ্রগতিৰ প্রশ্নত ই এক নজিৰবিহীন যুগ। সম্পদ, সংস্কৃতি, সৃষ্টি সকলো দিশত যুগমীয়া।
ছোকালে নিজৰ ভাষাৰেই তীব্ৰ আক্ৰমণ কৰে তথাকথিত উত্তৰ-দীপায়ন (post-enlightenment) অন্ধবিশ্বাসক যি পশ্চিমৰ বুদ্ধিজীৱী জগতক আচ্ছন্ন কৰি ৰাখিছে। এই বাঁওপন্থী ভাও ধৰা উত্তৰ-আধুনিকতাবাদৰ বিৰুদ্ধেই ছোকালৰ যুদ্ধ। ছোকাল কোনো অৱস্থাতেই দাৰ্শনিক বা সমাজবিজ্ঞানী নাছিল। কিন্তু সমাজসচেতন মানুহ হিচাপে তেওঁ বুজিছিল যে উত্তৰ-আধুনিকতা এনে এটি মতাদৰ্শ যি বাঁওপন্থী বুলি নিজকে দাবী কৰিলেও আচলতে বাঁওপন্থাৰ শত্ৰু। মতাদৰ্শগতভাৱে ছোকালে ইয়াক কৈছে। যাৰ অৰ্থ জ্ঞানতত্ত্ব হিচাপে ই আপেক্ষিকতাত বিশ্বাসী। অৰ্থাৎ একোৰেই স্থিৰ অৰ্থ নাই। বাস্তৱ বা সত্য কেতিয়াও অনুধাৱন কৰিব পৰা নেযায় বুলি বিশ্বাস কৰে।
তত্ত্বৰ উৎস :
উত্তৰ-আধুনিকতাৰ জন্ম মাৰ্কিন মুলুকত হ’লেও ইয়াৰ প্ৰসাৰ আৰু বিস্তৃতি লাভত গুৰুত্বপূৰ্ণ ভূমিকা আছিল ফ্ৰান্সৰ বুদ্ধিজীৱীসকলৰ একাংশৰ। যিসকল আজি উত্তৰ-আধুনিক তাত্ত্বিকৰূপে বিশ্বজুৰি স্বীকৃত তেওঁলোকৰ বেছিভাগেই ফৰাচী। কিন্তু তেওঁলোক কোনেও একেটা বিষয়ৰ বিশেষজ্ঞ নহয়। যেনে, মিচেল ফুকোৱে কাম কৰিছে ইতিহাসৰ ওপৰত, ডেৰিডাই ভাষাতত্ত্ব, লাকাই মনস্তত্ত্ব, লিওতাৰে সাহিত্য আৰু কলা সমালোচনা ইত্যাদি। প্ৰধান তাত্ত্বিকসকলৰ ভিত্তিভূমি বেলেগ বেলেগ হোৱা বাবেই বোধ হয় উত্তৰ-আধুনিকতাৰ কোনো সংজ্ঞাবদ্ধ ধাৰণা পোৱা নাযায়। ক’ব পাৰি, এমুঠিমান ধাৰণা যাৰ বহুকেইটা এটা আনটোৰ পৰিপূৰক, আনকি পৰস্পৰ বিৰোধীও। আনকি সহজভাবে ক’ব পাৰি – উত্তৰ-আধুনিকতাই আচলতে কাক নস্যাৎ কৰিব বিচাৰে – ই কিহৰ কিহৰ বিৰোধী, এনে বহুত “না”ৰ ওপৰত থিয় হৈ আছে উত্তৰ-আধুনিকতা। তেওঁলোক ফেছিবাদী মোদীৰ বিৰোধী, বাঁও বিকল্পৰো সমালোচক, আকৌ লিবাৰেল ডেমোক্ৰেচিৰো বিৰোধী । কিয়নো লিবাৰেল ডেমোক্ৰেচিও আধুনিকতাৰেই দান।
উত্তৰ-আধুনিকতা ১৯৬৮ চনৰ পিছৰ ফ্ৰান্সত লহপহকৈ বৃদ্ধি হ’বলৈ ধৰে। কিন্তু ইয়াৰ সূত্ৰপাত ১৯৫০ৰ দশকত মাৰ্কিন যুক্তৰাষ্ট্ৰত। নামতেই বুজা যায়, ইয়াৰ চৰিত্ৰৰ সৈতে ঘনিষ্ঠতম যোগাযোগ যি বিষয়টোৰ সেয়া হ'ল আধুনিকতাক অতিক্রম কৰা। কিন্তু মৰ্মবস্তুত উত্তৰ-আধুনিকতা হ’ল আধুনিকতাৰ সৰ্বাত্মক বিৰোধিতা। আধুনিকতা বা ইংৰাজীত 'modernism’ আলোকপ্রাপ্তিৰ গৰ্ভজাত। আলোকপ্রাপ্তিৰ ভিত্তি হ’ল যুক্তিবাদ আৰু মানৱতা। যুক্তিবাদৰ একে পথেৰেই বিকশিত দৰ্শন, সমাজতত্ত্ব আৰু আন এক পথেৰে বিজ্ঞান। স্পিনোজা আৰু নিউটন দুজনেই। ফৰাচী বিপ্লৱৰ মানৱ মুক্তি আৰু সমানাধিকাৰৰ প্রশ্নটোৰ বাস্তৱায়নৰ দুটাই পথ, হয় বুৰ্জোৱা উদাৰনীতি বা সমাজতন্ত্র। হয় ষ্টুৱার্ট মিল অথবা কাৰ্ল মার্ক্স। এই সকলো মানি লৈও এটা প্রশ্নই বাৰে বাৰে আমনি কৰিছে, ইমান অগ্রগতি সত্ত্বেও এই আধুনিকতাই কি মানুহক তাৰ কাংক্ষিত স্বপ্নৰ দেশ প্রাপ্ত কৰিব পাৰিছে ? আধুনিকতাৰ স্বপ্নৰ পথত কিয় বাৰে বাৰে দুঃস্বপ্নই হেঙাৰ হৈ থিয় দিয়ে? আধুনিকতাই মানুহক অহংকাৰ কৰিব পৰাকৈ জ্ঞান-অগ্রগতি দিছে, আকৌ ফেছিবাদৰো জন্ম দিছে। বৰ্ণবৈষম্য, হিৰোছিমা, বিশ্বায়ন, সাম্ৰাজ্যবাদ এই সকলো আধুনিকতাৰেই দান। তেনেহ’লে কিয় মানৱ সভ্যতা এই আধুনিকতাত সন্তুষ্ট থাকিব?
আধুনিকতাৰ বিৰুদ্ধে বিদ্রোহ
মার্ক্সবাদো এই আধুনিকতাৰেই সৃষ্টি। যুক্তিবাদ, মানৱিকতা সমানাধিকাৰৰ চূড়ান্ত প্রকাশ মার্ক্সবাদ। আধুনিকতায়েই জন্ম দিছে পুঁজিবাদৰ আৰু পুঁজিবাদেই আধুনিকতাক বহন কৰিছে তাৰ অগ্ৰগতিৰ পথত। কিন্তু যিকোনো ব্যৱস্থাৰ দৰে পুঁজিবাদৰো উত্থান আৰু ক্ষয়ৰ প্রক্রিয়া আছে। আছে প্রগতিৰ যৌৱন আৰু পচনৰ বাৰ্ধক্য। আধুনিকতা আৰু পুঁজিবাদ বহু সময়ত সমার্থক হৈছে। ফলতঃ পুঁজিবাদৰ পতনৰ দায়ো বৰ্তিছে আধুনিকতাৰ ওপৰত । আধুনিকতা যিদৰে পুঁজিবাদৰ জন্ম বৃত্তান্ত তেনেদৰে পুঁজিবাদৰ মৃত্যুবৃত্তান্তৰো জনক। মার্ক্সবাদো আধুনিকতা। শ্রমিক শ্রেণীৰ জন্মদাতাও আধুনিকতা, পৃথিৱীৰ ইতিহাস যে শ্রেণীসংগ্ৰামৰ ইতিহাস এই বোধো আধুনিকতা। আধুনিকতাৰ পথজুৰি কিয় পোহৰ আৰু এন্ধাৰৰ সংঘাত তাৰ উত্তৰ দিছে মার্ক্সবাদে। কিন্তু দুৰ্ভাগ্য হ’লেও এয়াই সত্য পৃথিৱীত সকলোৱেই মার্ক্সবাদী নহয়। প্রথম বিশ্বযুদ্ধ চলি থাকোতেই জার্মানিত আচৱর্ল্ড স্পেঙ্গলাৰৰ “The Decline of the West” প্ৰকাশিত হয়। প্রকাশিত হৈয়েই আটলাণ্টিকৰ দুয়ো পাৰজুৰি ধুমুহা সৃষ্টি কৰে এই কিতাপখনে। জার্মান দার্শনিক স্পেঙ্গলাৰৰ মূল বক্তব্য আছিল পশ্চিমৰ সভ্যতাই তাৰ যৌৱন অতিক্ৰম কৰি বাৰ্ধক্যৰ বোকোচাত ঢলি পৰিছে। এই সভ্যতাৰ মূল কাঠামো ধবংসৰ মুখত। যি বান্ধোনবোৰে এই সমাজখনক ধৰি ৰাখিছিল তাত পচন ধৰিছে । যিকোনো সভ্যতা তাৰ উত্থান আৰু পতন এটা প্রাকৃতিক চক্ৰৰ মাজেৰে যায় । স্পেঙ্গলাৰৰ অভিমত পশ্চিমীয়া সভ্যতা তাৰ আলোকপ্ৰাপ্তিৰ হেমন্ত অতিক্রম কৰি স্বাৰ্থপৰতা আৰু সাংস্কৃতিক nihilism (চৰম নৈৰাজ্যবাদ)অৰ অন্ধকাৰত নিমজ্জিত হৈছে । প্ৰসংগক্ৰমে কৈ থোৱা ভাল স্পেঙ্গলাৰ মাৰ্ক্সবাদী নাছিল, সেই সময়ৰ আৰু ৫জন বুদ্ধিজীবীৰ দৰেই বিশ্বাস কৰিছিল, মার্ক্সবাদ নহয়, সমাধান হ’ল জাৰ্মান চৰিত্ৰ সম্বলিত এক সমাজতন্ত্ৰ । অৱশ্যে স্পেঙ্গলাৰৰ জাতীয় সমাজতন্ত্ৰ নাজিসকলৰ জাতীয় সমাজতন্ত্ৰতকৈ বেলেগ। ইহুদি-বিৰোধিতাত কেতিয়াও বিশ্বাস কৰা নাই তেওঁ। স্পেঙ্গলাৰে কি লিখিছিল তাতকৈও গুৰুত্বপূৰ্ণ প্ৰশ্ন হ’ল, তেওঁৰ লিখাৰ ইমান তাৎক্ষণিক জনপ্ৰিয়তা কিয়? স্পেঙ্গলাৰে আচলতে আধুনিকতাৰ অৱসানৰ কথা কৈছিল, আৰু তেতিয়াৰ পৃথিৱীত কথাটো গ্ৰহণযোগ্য যেন লাগিছিল। কাৰণ সেই সময় আছিল পুঁজিবাদী সভ্যতাৰ তীব্ৰ সঙ্কটৰ সময়। প্ৰথম বিশ্বযুদ্ধৰ অৰ্থনৈতিক মহামন্দা । ক’তো কোনো আশাৰ ৰশ্মি নাই। পোহৰৰ ৰেখা গৈ য’ত পৰিছে সমাজৰ একেবাৰে তলিৰ অংশ – উৎস ১৯১৭ৰ পিছৰ ৰাছিয়া । জাৰ্মানিত বিপ্লৱী শ্ৰমিক শ্ৰেণী আৰু সঙ্কটত নিমজ্জিত আগ্ৰাসী বুৰ্জোৱাৰ মাজত থিয় হৈ আছিল অসহায় ছ’চিয়েল ডেমোক্ৰেচি নিয়ন্ত্ৰিত ওৱেইমাৰ ৰিপাব্লিক । প্ৰচলিত ব্যৱস্থা সম্পৰ্কে আস্থাহীন হ’বলগীয়াই সময়।
কিন্তু চাৰি দশক পিছত আচৰিত ধৰণে একেটা সিদ্ধান্ততেই উপস্থিত হ’ল মাৰ্কিন সমাজতত্ত্ববিদ চাৰ্লছ ৰাইট মিলছ্‌। Sociological Imagination প্ৰকাশিত হয় ১৯৫৯ত, ৰাইট মিলছৰ আটাইতকৈ বিখ্যাত কিতাপ । মিলছে কৈছিল, আমি যাক আধুনিক যুগ বুলি কৈছো সেয়া শেষ হৈছে। আমি প্ৰবেশ কৰিছো এক উত্তৰ-আধুনিক যুগত য'ত আলোকপ্রাপ্তিৰ ধাৰণাবোৰ আৰু প্রাসঙ্গিক নহয় । যুক্তিবাদ আৰু যুক্তিৰ ধাৰণাৰ ওপৰত প্রতিষ্ঠিত প্রগতিশীলতাৰো অৱসান হৈছে। আজিৰ পৃথিৱীৰ ব্যাখ্যা এই ধাৰণাবোৰে আৰু দিব পৰা নাই । একেলগে অপ্রাসঙ্গিক হৈ গৈছে জন ষ্টুৱার্ট মিল আৰু কাৰ্ল মার্ক্স।
স্পেঙ্গলাৰ আৰু ৰাইট মিলছে একেটা সিদ্ধান্তত উপনীত হৈছিল। কিন্তু ১৯১৯ৰ পৃথিৱী আৰু ১৯৫৯ৰ পৃথিৱীৰ আকাশ-পাতাল পার্থক্য । বিশেষকৈ পুঁজিবাদৰ প্রশ্নত । ১৯১৯ত যদি পুঁজিবাদৰ চিত্ৰ কৰুণ দুখলগা, ১৯৫৯ত পুঁজিবাদৰ স্বর্ণযুগ । অন্ততঃ এৰিক হবছবমে Golden Age বুলিয়ে কৈছে । বিশ্বযুদ্ধৰ পাছত দীর্ঘ তিনি দশকৰ সঙ্কটহীন সমৃদ্ধিৰ শিখৰত তেতিয়া পশ্চিমীয়া পুঁজিবাদ। এই সঙ্কটহীন পুঁজিবাদে জন্ম দিছে এক নতুন যুগ, উত্তৰ-আধুনিক যুগ । পুঁজিবাদৰ পৰিৱর্তন কৰিব পাৰে সমাজবিপ্লৱে – কিন্তু মার্কিন মুলুকত মার্ক্সবাদী গণ আন্দোলন কেতিয়াও শক্তিশালী নাছিল । ফলত এই সম্ভাৱনা কেতিয়াও বাস্তৱ যেন অনুভূত হোৱা নাই । পুঁজিবাদৰ যিবোৰ বেয়া দিশ পুৰণি পুঁজিবাদৰ বৈশিষ্ট্য, আধুনিকতাৰ বৈশিষ্ট্য – উত্তৰ-আধুনিকতাই এইবোৰ নিৰ্মূল কৰিব, কিন্তু আচলতে পুঁজিবাদক নির্মূল নকৰে – তাক পৰিশোধন কৰিব। উত্তৰ-আধুনিকতাবাদীসকলৰ বক্তব্য, ১৯৪৫ৰ পাছত পুঁজিবাদৰ চৰিত্ৰৰ এটি মৌলিক পৰিৱর্তন হৈছে । এই নতুন যুগটোক তেওঁলোকে বর্ণনা কৰিছে কেতিয়াবা উত্তৰ-ফোৰ্ডিজিম (Post-Fordism), কেতিয়াবা উত্তৰ-শিল্পযুগ (Post-Industrialism), আৰু কেতিয়াবা তথ্যৰ যুগ (Information Era) – হাজাৰ নতুন বিশেষণ, হাজাৰ নতুন বিশ্লেষণ । অৱশ্যে ১৯৪৫ৰপৰা এতিয়ালৈ নিঃসন্দেহে পুঁজিবাদৰ নিৰৱচ্ছিন্ন স্বর্ণযুগ নহয় । সেয়া শেষ হৈছে ১৯৭৩ চনতেই । বিশ্বায়নে নতুনকৈ আকৌ সেই আশাবাদৰ জন্ম দিছে।
ফ্রান্স, উত্তৰ-আধুনিকতাৰ দ্বিতীয় জন্মভূমি
পৃথিৱীয়ে আজি উত্তৰ-আধুনিকতাৰ যি চেহেৰা চিনি পায় তাৰ জন্ম মার্কিন যুক্তৰাষ্ট্রত হ’লেও তাৰ বিস্তাৰ আৰু তাত্ত্বিক কলেবৰ লাভ প্রধানত হৈছে ফ্রান্সত । সময়, ১৯৬৮ৰ পাছত। পুঁজিবাদৰ স্বর্ণযুগ তেতিয়াও অব্যাহত । কিন্তু ৫০ৰ দশকৰ মার্কিন যুক্তৰাষ্ট্র আৰু ৭০ৰ দশকৰ প্রাককালৰ ফ্রান্সৰ পটভূমি একে নহয় । অর্থনৈতিকভাৱে দ্বিতীয় বিশ্বযুদ্ধৰ পাছত পশ্চিম ইউৰোপৰ যি সমৃদ্ধি তাৰ অংশীদাৰ ফ্ৰান্স । শীতল যুদ্ধৰ কৃপাত কেইবা লাখ মার্কিন সৈন্য আৰু মাৰ্শ্বাল প্ল্যানৰ দয়াত মার্কিন ডলাৰৰ বন্যা । বিশ্বযুদ্ধৰ ধবংসস্তূপৰপৰা পুঁজিবাদী কাঠামোৰ পুনঃনির্মাণ বুলি ক’লেও কম হ’ব – আচলতে বিপুল শিল্পায়নে ফ্রান্সৰ সামাজিক বিন্যাসক নতুনকৈ নির্মাণ কৰিছিল । যিমানেই সাম্রাজ্যবাদী নহওক, বিশ্বযুদ্ধৰ আগলৈ ফ্রান্সৰ সংখ্যাগৰিষ্ঠ মানুহ আছিল গ্রামীণ। ধুমুহাৰ গতিত এই অৱস্থাৰপৰা ফ্রান্স এখন শিল্পোন্নত দেশলৈ ৰূপান্তৰিত হৈ আছিল। ইয়াৰ বহিঃপ্রকাশ হৈছে এক বিপুল মধ্যবিত্ত অংশৰ উত্থানৰ মাজেৰে। কল্যাণমূলক অর্থনীতি আৰু ছ’চিয়েল ডেমোক্রেটিক ৰাজনৈতিক পৰিমণ্ডলত এক বৃহৎ অংশ আর্থিকভাৱে সমৃদ্ধ হৈছিল । এয়াই আছিল ফ্রান্সত উত্তৰ-আধুনিকতাৰ বিস্তাৰৰ অৰ্থনৈতিক পটভূমি । পুঁজিবাদৰ কোনো সঙ্কট নহয়, বৰং পুঁজিবাদৰ সুখৰ দিনেই আছিল পটভূমিত ।
এই অর্থনৈতিক পটভূমিতকৈও বেছি গুৰুত্বপূর্ণ আছিল তৎকালীন ফ্রান্সৰ বাজনৈতিক পটভূমি । আমেৰিকাতকৈ ফ্রান্সৰ ৰাজনৈতিক পটভূমিৰ প্রধান পার্থক্য হ’ল এক শক্তিশালী বাঁওপন্থী ঐতিহ্য । আনকি এটা শক্তিশালী কমিউনিষ্ট পাৰ্টি। সমাজতান্ত্রিক দেশৰ বাদে পশ্চিমৰ আটাইতকৈ শক্তিশালী কমিউনিষ্ট পাৰ্টি দুটা আছিল ইটালি আৰু ফ্রান্সত। আছিল বাঁওপন্থী বুদ্ধিজীৱীসকলৰ বিপুল সমাহাৰ আৰু দুটা শতাব্দীৰ বৈপ্লৱিক প্রগতিশীলতাৰ ঐতিহ্য। চিন্তন জগতৰ আটাইতকৈ গুৰুত্বপূর্ণ ধাৰণাবোৰৰ বেছিভাগেই জন্ম হৈছিল পেৰিছৰ কেফেটিৰিয়াবোৰত – সাধাৰণ ফৰাচীসকলৰ এই গর্ববোধ একেবাৰে অমূলক নাছিল।
উত্তৰ-আধুনিকতাৰ প্রথম পুৰুষৰ প্রায় সকলোৱে আছিল ফৰাচী আৰু প্রায় সকলোৰে উৎসত আছে বাঁওপন্থী ৰাজনীতি । উত্তৰ-আধুনিকতাৰ প্রধান ভিত্তিদাতা মিচেল ফুকো ফৰাচী কমিউনিষ্ট পাৰ্টিৰ সদস্য আছিল । জাক ডেৰিডাই আজীৱন নিজকে মাৰ্ক্সৰ ভক্ত বুলি দাবী কৰি গৈছে । নিজৰ মতে মার্ক্সৰ ভাষ্য দিছে তেওঁৰ “স্পেকটাৰ অফ মার্ক্স” কিতাপত । যদিও তাৰ লগত অধিকাংশ মৰ্ক্সবাদীয়েই একমত নহয়। তেওঁ ফৰাচী মার্ক্সবাদী লুই আলথুজাৰৰ ঘনিষ্ঠ আছিল (আৰু গোটেই জীৱন তেওঁক নস্যাৎ কৰাৰ চেষ্টা কৰিছিল)। উত্তৰ-আধুনিকতাৰ মহাভাষ্যকাৰ জাঁ ফ্রাঁছোৱা আছিল ট্রটস্কিপন্থী । আন এক উত্তৰ-আধুনিক তাত্ত্বিক জুলিয়া খুশ্চেভ আছিল কট্টৰ মাওবাদী। কিন্তু এই সকলোবোৰৰ উৎসত আছিল আন এক গুৰুত্বপূর্ণ ঘটনা । সেয়া হ’ল ১৯৬৮ৰ ছাত্রবিদ্রোহ। এই বিদ্রোহৰ মর্মবস্তুতে লুকাই আছে উত্তৰ-আধুনিকতাৰ উৎস । এই বিদ্রোহৰ মাজেৰে ফৰাচী বাঁওপন্থাৰ বিভাজন ঘটে। এই বিদ্রোহৰ মাজেৰে সমাজবিপ্লৱত প্রোলেটাৰিয়েটৰ ভূমিকাক অস্বীকাৰ কৰাৰ বিষয়টোৱে প্রতিষ্ঠানিকতা পায়। এই বিদ্রোহৰ মাজেৰেই বহু তাত্ত্বিক প্রৱণতাৰ জন্ম হয় । তাৰ ভিতৰত প্রধান উত্তৰ-আধুনিকতা । মার্কিন যুক্তৰাষ্ট্ৰত তথাকথিত ন-বাঁও (New left)ৰ জনক হাৰ্বাৰ্ট মার্কিউজে তত্ত্ব হাজিৰ কৰিলে যে শ্রমিক শ্রেণীয়ে তাৰ বিপ্লৱী চৰিত্ৰ হেৰুৱাইছে । এতিয়া বিপ্লৱ আনিব ছাত্ৰ আৰু চহৰৰ লুম্পেনসকলৰ বিপ্লৱী বাহিনীয়ে। বিপ্লৱী বাহিনীৰ সংগঠন বা শৃংখলাৰ কোনো দৰকাৰ নাই । বিপ্লৱী কর্মকাণ্ডৰ প্রধান ভিত্তি হ’ব সাংস্কৃতিক বিপ্লৱ ।
আন এটি গুৰুত্বপূর্ণ ধাৰা উত্তৰ-মার্ক্সবাদ (Post Marxism)। যাৰ প্রধান মুখপাত্ৰ আৰ্নেই ল্যাকলা আৰু ছান্টাল মুফো তথা তেওঁলোকৰ কিতাপ Hegemony & Socialist Strategy তেওঁলোকৰো প্ৰধান বিষয় হ’ল সমাজবিপ্লৱত শ্রমিক শ্রেণী তথা শ্রেণীসংগ্ৰামৰ অপ্রাসংগিকতা । সাধাৰণতে এই ছাত্রবিপ্লৱীসকলক উজ্জীৱিত কৰে মাও ছে তুঙৰ সাংস্কৃতিক বিপ্লৱৰ ধাৰণা তথা চে গুৱেভাৰাই । সমাজ বিপ্লৱৰ দৰে এটি জটিল প্রক্রিয়া, যাৰ পিছফালে দৰকাৰ শ্রেণীসমূহৰ অনুকুল জোঁট, লাগে ধৈৰ্য, ত্যাগ। লাগে বিপ্লৱী সংগঠন। তাতকৈ বিপ্লৱ সম্পর্কে এক ৰোমান্টিক, বাস্তৱতাহীন ধাৰণা তৰুণ মধ্যবিত্ত বিপ্লৱীসকলৰ বাবে বেছি গ্রহণযোগ্য । মার্ক্সবাদ-লেনিনবাদ বাদ দি এটি বিপ্লৱী তত্ত্বৰ সন্ধানৰ সূত্রপাত হয় এই বিদ্রোহৰ মাজেৰে। ছাত্র বিদ্রোহৰ আৰম্ভণিতে ফৰাচী কমিউনিষ্ট পাৰ্টি ছাত্ৰসকলৰ লগতেই আছিল । কিন্তু বিশ্ববিদ্যালয় কেম্পাছত বেৰিকেড তৈয়াৰ কৰি সশস্ত্র সংগ্রাম কৰাৰ প্রস্তুতিতেই কমিউনিষ্ট পাৰ্টিয়ে ছাত্ৰসকলক সতর্ক কৰিছিল – এয়া হ’ব চূড়ান্ত হঠকাৰী কাম । ফ্রান্সত বিপ্লৱৰ সম্ভাৱনা দেখা দিলে কেবল ফৰাচী চৰকাৰী বাহিনীয়ে নহয়, ইউৰোপত থকা মার্কিন বাহিনীও নিৰপেক্ষ হৈ নাথাকে । কমিউনিষ্ট পাৰ্টিক আপোচকামী তথা সংশোধনবাদী আখ্যা দি বিভাজন মাতি অনা হ’ল । ছাত্র বিদ্রোহৰ নেতৃত্বলৈ আহে ট্রটস্কিপন্থী মাওবাদী আৰু নৈৰাজ্যবাদীসকল।
এই বিদ্রোহ আছিল মূলতঃ মধ্যবিত্ত যুৱ বিদ্রোহ । ফ্ৰান্সত কোনো পুঁজিবাদী সংকটে ইয়াৰ জন্ম দিয়া নাই । মধ্যবিত্তসকলৰ কোনো বিশেষ অর্থনৈতিক সঙ্কট নাছিল, বেকাৰ সমস্যাও বিশেষ নাছিল । সমস্যা আছিল ফৰাচী উচ্চশিক্ষা ব্যৱস্থাত । যি আছিল আগৰ দৰেই অভিজাততান্ত্রিক । কিন্তু মধ্যবিত্তৰ আকস্মিক স্ফীতিয়ে এই ব্যৱস্থাৰ ভিতৰত সংঘাত সৃষ্টি কৰিছিল । আইজাজ আহমেদে উল্লেখ কৰিছে ১৯৬০ৰপৰা ১৯৬৮লৈ উচ্চশিক্ষালৈ অহা ছাত্র-ছাত্রীৰ সংখ্যা তিনিগুণ বৃদ্ধি হৈছিল । কিন্তু মালিক- শ্রমিক শ্রেণীদ্বন্দ্বৰ উপৰি মধ্যবিত্তৰ সৈতে শ্রমিক শ্রেণীৰ দূৰত্ব বৃদ্ধি হৈছিল। পশ্চিম ইউৰোপত শ্রমিক শ্রেণীৰ আটাইতকৈ বৃহৎ ৰাজনৈতিক প্রতিনিধি কমিউনিষ্ট পাৰ্টিবোৰ নহয়, প্রতিনিধি ছ’চিয়েল ডেমোক্রেটিক বা ছ’চিয়েলিষ্ট পাৰ্টিবোৰ। পশ্চিম ইউৰোপৰ আটাইতকৈ ডাঙৰ পাৰ্টি এওঁলোকেই। জনকল্যাণমূলক অর্থনীতিৰ প্রবক্তা এওঁলোক । যুদ্ধ-উত্তৰ পশ্চিম ইউৰোপৰ ৰাজনৈতিক ব্যৱস্থাৰ প্রধান স্রষ্টা এওঁলোক । প্রতিষ্ঠান-বিৰোধিতা দূৰৰ কথা, এওঁলোকেই প্রতিষ্ঠানৰ পক্ষে আটাইতকৈ ডাঙৰ শক্তি । বিশ্বযুদ্ধৰ আগলৈ এওঁলোকে অন্ততঃ মুখত মার্ক্সবাদৰ নাম লৈছিল, বিশ্বযুদ্ধৰ পাছত সেয়াও বাদ দিছে । কমিউনিষ্ট পাৰ্টিৰ সৈতে দূৰত্ব বৃদ্ধি হোৱাৰ আন কাৰণো আছিল । বিশ্বযুদ্ধৰ পিছত ফ্রান্স দুখনকৈ ঔপনিৱেশিক যুদ্ধত পৰাজিত হয় – এখন ইণ্ডোচীন আৰু এখন আলজেৰিয়াত। আলজেৰিয়াৰ পৰাজয়ৰ খলকনি ফ্রান্সত সুদূৰপ্ৰসাৰী আছিল । কমিউনিষ্ট পাৰ্টিয়ে খুব স্বাভাৱিকতে উপনিবেশৰ মুক্তিৰ পক্ষে মত দিছিল । মধ্যবিত্তৰ আহত জাতীয়তাবোধ এই কথাত দুখিত হৈছিল। কমিউনিষ্টসকলে মাৰ্ছাল প্লেনৰ বিৰোধিতা কৰিছিল । অথচ মাৰ্ছাল প্লেনত মধ্যবিত্ত উপকৃত হৈছিল ।
ফেছিবাদৰ বিৰুদ্ধে কমিউনিষ্টসকলৰ বীৰত্বপূর্ণ সংগ্রামে গোটেই ইউৰোপত কমিউনিষ্টৰ প্রতি শ্রদ্ধা উদ্রেক কৰিছিল। কমিউনিষ্ট পাৰ্টিৰ নেতৃত্বত সমগ্র ইউৰোপত প্রগতিশীল আৰু গণতান্ত্রিক শক্তি একগোট হৈছিল । মার্ক্সবাদৰ প্রতি আকর্ষণ বাঢ়িছিল । ইউৰোপীয় মনীষীসকলৰ জগতত সি আছিল মার্ক্সবাদৰ স্বর্ণযুগ । এৰিক হবছবমে তেওঁৰ How to Change the World কিতাপত তাৰ চমৎকাৰ বিৱৰণ দিছে। কিন্তু এই স্বর্ণ যুগ স্থায়ী নহ’ল । কাৰণ বহু । এক, শীতল যুদ্ধৰ সূত্রপাত । মিডিয়া আজিৰ দৰে শক্তিশালী নহ'লেও তীব্র ছোভিয়েট-বিৰোধী প্ৰচাৰৰ ঢৌ। দুই, পশ্চিম ইউৰোপৰ উচ্চশিক্ষা প্রতিষ্ঠানবোৰত মার্কিন প্ৰভাৱৰ উল্লেখযোগ্য বৃদ্ধি । তিনি, ফেছি-বিৰোধী সংগ্ৰামৰ সময়ত যি উদাৰতাৰে কমিউনিষ্ট পাৰ্টিয়ে অন্য মতৰ প্ৰতি সহনশীল আছিল তাত সংকীৰ্ণতাৰ ঘুণে ধৰিছিল। মার্ক্সবাদ সম্পর্কে ছোভিয়েট কমিউনিষ্ট পাৰ্টিৰ যি ভাষ্য সেয়াই একমাত্ৰ মাৰ্ক্সবাদ – এই ধাৰণা যি প্ৰকাশিত হৈছিল ছোভিয়েট আৰু আন দেশৰ কমিউনিষ্ট পাৰ্টিবোৰৰ মাজেৰে, সি কমিউনিষ্টসকলৰ তাত্ত্বিক বিছিন্নতা বঢ়াইছিল । ইউৰোপত একধৰণৰ শিক্ষাপ্রতিষ্ঠান-ভিত্তিক মাৰ্ক্সবাদৰ জন্ম হৈছিল যাৰ ব্যৱহাৰিক মাৰ্ক্সবাদৰ সৈতে কোনো সম্পর্ক নাছিল। আন্তর্জাতিক কমিউনিষ্ট আন্দোলনত চীন আৰু ছোভিয়েটৰ বিৰোধ ক্রমশঃ বৃদ্ধি হৈছিল । পৰৱৰ্তী স্তৰত তথাকথিত “মাওবাদী” ধাৰণা—যাৰ মূল প্রতিপাদ্য আছিল ছোভিয়েট-বিৰোধিতা যি কালৰ গতিত মাৰ্ক্সবাদী ভাও লোৱা নৈৰাজ্যবাদত পৰিণত হয়। ১৯৫৬ৰ হাংগেৰি আৰু ১৯৬৮ৰ চেকোশ্লোভাকিয়াৰ ঘটনাই ছোভিয়েট সম্পর্কে জনমানসত বিৰূপ প্ৰভাৱ পেলাইছিল ।

কিয় উত্তৰ-আধুনিকতাবাদ
এটি আন্দোলন যি হ’ব বাঁওপন্থী, অথচ মার্ক্সবাদী নহয় । যি হ’ব ছোভিয়েট বিৰোধী (অন্ততঃ ১৯৮৯পর্যন্ত) তথা সাধাৰণভাৱে কমিউনিষ্ট-বিৰোধী । পুঁজিবাদৰ দীর্ঘায়ু কামনাৰ বাবে ঠিক এনে এটি আন্দোলনেই দৰকাৰী । কিন্তু প্রত্যক্ষভাৱে মার্ক্সবাদ-বিৰোধী কথা ক’লে কাংক্ষিত ফল পোৱা কঠিন। মুখত মার্ক্সবাদী হৈ আক্রমণ কৰিব লাগিব মার্ক্সবাদৰ বিপ্লৱী মর্মবস্তুক। পুঁজিবাদৰ অৱসান ঘটোৱাৰ বিপ্লৱী সম্ভাৱনাকে মষিমূৰ কৰিব লাগিব । এই কাম হ’ব দুইধৰণে – এক পুঁজিবাদ সলনি হৈ গৈছে, শোষণ আৰু নাই আৰু যদি থাকেও তাক অগ্রাহ্য কৰিব পাৰি । সেইবাবে এই তত্ত্ববোৰৰ উদ্ভৱৰ আদর্শ সময় পুঁজিবাদৰ প্ৰসাৰৰ সময় । সঙ্কটৰ সময় নহয় । দুই, সমাজ পৰিবৰ্তনৰ বিজ্ঞানটোৱেই ভুল । ভুল ঐতিহাসিক বস্তুবাদ । ইতিহাসৰ কোনো নিৰ্দিষ্ট অভিমুখ নাই। গতিকে পুঁজিবাদৰ অৱসানৰো কোনো ঐতিহাসিক বাধ্যবাধকতা নাই।
পুঁজিবাদৰ দীৰ্ঘায়ু কামনাৰ বাবে পুঁজিবাদৰ কবৰ খননকাৰীসকলক নাকচ কৰিব লাগিব । নাকচ কৰিব লাগিব শ্রমিক শ্ৰেণীক । নাকচ কৰিব লাগিব তাৰ ঐতিহাসিক বিপ্লৱী ভূমিকাক । ইতিহাসৰ চালিকা শক্তি শ্রেণীসংগ্রাম, তাৰ ফলতেই সমাজবিপ্লৱ। উত্তৰ-আধুনিকতাবাদৰ মতে শ্রেণীসংগ্রাম অপ্রয়োজনীয়। সম্ভৱ হ’লে শ্ৰেণী নামৰ সত্তাটোকেই অস্বীকাৰ কৰা । আৰু শ্রমিক শ্ৰেণীৰ প্রধান হাতিয়াৰ কমিউনিষ্ট পাৰ্টি তথা তাৰ বিপ্লৱী শৃংখলা, এইবোৰতো একেবাৰেই পৰিত্যাজ্য । মার্ক্সবাদ বা শ্রমিক শ্রেণীৰ ওপৰত এনে তাত্ত্বিক আক্রমণ নতুন নহয় । মার্ক্সবাদৰ জন্ম মুহূৰ্তৰপৰাই এই আক্রমণবোৰ চলি আছে আৰু এইবোৰৰ মোকাবিলা কৰিয়েই মার্ক্সবাদ আগুৱাইছে। কিন্তু সামগ্রিকতাক লৈ এই আক্রমণটো নতুন । উত্তৰ-মার্ক্সবাদ বা ন-বাঁও (New left)সকলৰ আক্রমণ নির্দিষ্টভাৱেই আছিল শ্রমিক শ্রেণীৰ বিপ্লৱী ভমিকা তথা কমিউনিষ্ট পাৰ্টিৰ ওপৰত । এই অতিবিপ্লৱীসকলৰ অধিকাংশই অৱশেষত আশ্রয় লৈছে উত্তৰ-আধুনিকতাবাদৰ আঁচলৰ তলত । মার্কিন যুক্তৰাষ্ট্ৰত উত্তৰ-আধুনিকতাৰ জনকসকলৰ অধিকাংশই প্রাক্তন ট্রটস্কিপন্থী । এওঁলোক সকলো মার্ক্সবাদক নস্যাৎ কৰাত সহযোগী । ফৰাচী ছাত্র বিদ্রোহৰ মাজেৰে উত্তৰ-আধুনিকতাবাদৰ যি পৰ্বৰ যাত্ৰা আৰম্ভ, তাক চূড়ান্ত গতি দিলে ইউৰোপৰ বুকুত সমাজতন্ত্ৰৰ অৱসানে । সূচিত হ’ল পুঁজিবাদৰ চূড়ান্ত বিজয় । উল্লাসৰ উন্মাদনা দেখি বুজাই কঠিন যে বিজয় কাৰ – পুঁজিবাদৰ নে উত্তৰ-আধুনিকতাবাদৰ।
ছোভিয়েটৰ পতনৰ দক্ষিণপন্থী প্ৰতিক্ৰিয়া নব্য-হেগেলিয়ান ফ্রান্সিছ ফুকুয়ামাৰ End of History। তেওঁৰ মতে ছোভিয়েট শিবিৰৰ পতনৰ মাজেৰে বুৰ্জোৱা উদাৰনীতিয়ে সমাজতন্ত্ৰৰ ওপৰত চূড়ান্ত বিজয় হাচিল কৰিলে । উত্তৰ-আধুনিকতাৰ উল্লাস – অৱশেষত আধুনিকতা, যুক্তিবাদ, কার্য-কাৰণ সম্পর্কৰ অৱসান ঘটিল । প্রমাণ হ’ল, ইতিহাসৰ কোনো নির্দিষ্ট অভিমুখ নাই । ইতিহাস সম্পর্কহীন ঘটনাৰ এটি বিশৃংখলতা । ফুকোৰ ভাষাত, “There is no question of predicting history. History is happening by chance.”
কিন্তু কেৱল ফুকুয়ামা পুঁজিবাদক ৰক্ষা কৰাৰ বাবে যথেষ্ট নহয় । চকুৰ সন্মুখত পুঁজিবাদৰ কুৎসিত চেহেৰা দেখি মানুহে চিৰকাল হাত সাবটি বহি নাথাকে । মাৰ্ক্সবাদীসকলে সামাজিক ঘটনাৱলীত হস্তক্ষেপ কৰে। উত্তৰ-আধুনিকতাবাদীসকলেও কৰে। তেওঁলোকেও বিচাৰে কৰ্তৃত্বকাৰী বচনত “অন্তৰ্ঘাত” সৃষ্টি কৰিবলৈ। কিন্তু এই “অন্তৰ্ঘাত” হ’ব নৈৰাজ্যবাদী, নিহিলিষ্টধৰণৰ। এই “অন্তৰ্ঘাতে” যাতে বুৰ্জোৱা ৰাষ্ট্ৰ, চিভিল ছ’চাইটি আদিক ক্ষতিগ্ৰস্ত নকৰে তাৰ বাবে এই “অন্তৰ্ঘাত”ৰ ৰাজনীতিৰ লগতে আমদানি কৰে ক্ষমতা, সংগ্ৰাম আৰু সংগঠন প্ৰকৰণক লৈ এনেবোৰ তত্ত্ব যি সংস্কাৰবাদী কামৰ চৌহদতেই মানুহক ধৰি ৰাখিব পাৰে । অদৃষ্টৰ দোহাই দি মানুহ অনন্তকাল বহি নাথাকে । তেওঁলোকক বিভ্ৰান্ত কৰিবলৈ ইয়াতকৈ ভাল কৌশল আৰু কি হ’ব পাৰে ! তত্ত্বৰ ধূম্ৰজাল সৃষ্টি কৰি এওঁলোকে আক্ৰমণ কৰে সেই মতবাদক যি counter discourse গঢ়িব বিচাৰে। এই আক্ৰমণ কঠিন আক্ৰমণ। কিয়নো আক্ৰমণকাৰী হাজিৰ হয় বন্ধুৰ বেশত । আক্ৰমণকাৰীয়ে বন্ধুৰ দৰেই মাৰ্ক্সৰ “টেক্সট” পঢ়ে । মুগ্ধতা দেখুৱাই তেওঁৰ বিনিৰ্মাণত। উত্তৰ-আধুনিকতা পুঁজিবাদৰ কুৎসিত বহিঃপ্রকাশৰ বিৰুদ্ধে মুখৰ হয় । কিন্তু তাৰ উৎস যে পুঁজিবাদ তাক সযত্নে ঢাকি ৰাখে । আৰু পুঁজিবাদৰ বিৰুদ্ধে সংগ্ৰামৰ মার্ক্সবাদী পথ সর্বাংগে পৰিহাৰ কৰে।
উত্তৰ-আধুনিকতাৰ দুটা প্রধান ভিত্তি হ’ল — পুঁজিবাদৰ চৰিত্ৰৰ পৰিৱর্তন তথা সেই সূত্রে শ্রমিক শ্রেণীৰ বিপ্লৱী সম্ভাৱনাৰ অৱসান । এই বিষয়ে প্রথম আৰু প্রধান ভাষ্যকাৰ হ’ল মার্কিন সমাজতত্ত্ববিদ ডেনিয়েল বেল । তেওঁ তিনিটা যুগৰ কথা উল্লেখ কৰিছে—চিৰায়ত (Traditional), শিল্প যুগ আৰু উত্তৰ-শিল্পযুগ (Post Industrialism)। তেওঁৰ চিৰায়ত যুগ আচলতে সামন্ততন্ত্র । আৰু পুঁজিবাদী যুগক বেলে বিভাজন কৰিছে শিল্পযুগ আৰু উত্তৰ-শিল্পযুগত । বেলৰ এই ধাৰণাৰ পূৰ্ণাঙ্গ সমালোচনা আছে এলেক্স কেলিনিকোছৰ Against PostModernism: A Marxist Critique কিতাপত । বেল-বর্ণিত উত্তৰ-শিল্পযুগৰ বৈশিষ্ট্যবোৰ কিমান অসাৰ সেয়া কেলিনিকোছে দেখুৱাইছে । বেল তথা উত্তৰ-আধুনিকতাবাদীসকলৰ ৰাজনৈতিক প্রতিপাদ্য হ’ল – যিহেতু কাৰখানাভিত্তিক শিল্প উৎপাদনৰ সৈতে জড়িত শ্রমিকৰ সংখ্যা কমি আহিছে, গতিকে শ্রেণী হিচাপে শ্রমিকসকলৰ ৰাজনৈতিক গুৰুত্ব কমিছে । এওঁলোক আৰু সর্বহাৰা হৈ থকা নাই, এওঁলোকো ভোগবাদী সমাজৰ অংশ। তেওঁলোকৰো নিজৰ ঘৰ-গাড়ী-ফ্ৰিজ ইত্যাদি হৈছে। গতিকে শ্রমিক শ্রেণীৰ নেতৃত্বত সমাজবিপ্লৱৰ সম্ভাৱনা আৰু নাই ।
ডেনিয়েল বেলে Coming of Post-Industrial Society লিখে ১৯৭৩ চনত । কিন্তু তেওঁ বিখ্যাত বা কুখ্যাত হয় ১৯৬০ চনতেই End of Ideology লিখি। য’ত তেওঁ কয় যে ঊনবিংশ তথা বিংশ শতাব্দীৰ আদিতে জন্ম লোৱা মতাদর্শবোৰে প্রাসঙ্গিকতা হেৰুৱাইছে (ফুকুয়ামাৰ বহু আগতেই বেলে এই কথা কৈছিল)। অতিশয় হতাশাবাদী বেলৰ মতে তাৰ পৰৱৰ্তী এজাক সকীর্ণ মতবাদৰ উত্থান হ’ব । এজন লিখকৰ এই দুখন কিতাপতেই মার্কিন উত্তৰ-আধুনিকতাৰ পূৰ্ণাংগ চেহেৰা পোৱা যায় । বেলে উত্তৰ-শিল্পযুগৰ যি বৰ্ণনা দিছে তাৰ মূলতেই আছে পুঁজিবাদে তাৰ সংকট অতিক্রম কৰিছে, এই ভুল ধাৰণা।
এই যুগৰ প্ৰধান বৈশিষ্ট্য – উৎপাদন আৰু প্রধান বিষয় নহয়, ভোগ (Consumption)হে প্রধান। কোনো পুঁজিপতিৰ সিদ্ধান্ত নহয়, পণ্যৰ চাহিদা অনুসৰিয়েই উৎপাদন বঢ়োৱা বা কমোৱাৰ সিদ্ধান্ত লোৱা হয় । চাহিদা কৃত্রিমভাৱে বৃদ্ধি কৰা হয়, অতি সহজতে ঋণ যোগান ধৰি। পৰিকল্পনা, উৎপাদন, বিপণন প্রতি ক্ষেত্ৰতেই তথ্য-প্রযুক্তিৰ ভূমিকা প্রধান হৈ উঠিছে। উৎপাদন প্রযুক্তিতকৈ তথ্য-প্রযুক্তি বহু বেছি গুৰুত্বপূর্ণ নতুন নতুন কাৰিকৰী কৌশলৰ ফলত শ্রমিকৰ উৎপাদিকা-শক্তি বহুগুণে বাঢ়িছে। গতিকে একেই কাম বা আগতকৈ বহু বেছি কাম কৰিছে আগতকৈ অনেক কমসংখ্যক শ্রমিকে। এই উন্নত কলা-কৌশল ব্যৱহাৰ কৰাৰ বাবে শ্রমিকৰ শিক্ষাগত মান আগতকৈ ক্রমশ বাঢ়িছে। আনহাতে, কমসংখ্যক শ্রমিক নিযুক্ত কৰাত তেওঁলোকৰ আয় বাঢ়িছে। শ্রমিকসকল ক্রমশ মধ্যবিত্ত হৈ উঠিছে।
ব্যক্তি মালিকৰ ভূমিকা কমিছে, বঢ়িছে কপ'ৰেটৰ ভূমিকা । এওঁলোকে পুঁজি সংগ্ৰহ কৰিছে শ্বেয়াৰ বজাৰৰপৰা, শ্বেয়াৰৰ অসংখ্য ক্রেতাৰপৰা । ফলত পুঁজিৰো সামাজিকীকৰণ হৈছে । এটা কাৰখানা বা প্রতিষ্ঠান পৰিচালনাৰ ক্ষেত্ৰত ব্যক্তি পুঁজিপতিৰ ভূমিকা ক্রমশ কমিছে । তাৰ ঠাইত আহিছে উন্নত মেনেজাৰিয়েল তথা প্রযুক্তিগত জ্ঞানসম্পন্ন পেছাদাৰসকল (Technocrat) । সিদ্ধান্ত এওঁলোকেহে লয়, মালিকে নহয় । আচলতে কেৱল শ্রমিক নহয়, পুঁজিপতি শ্রেণীৰ অস্তিত্বও প্রশ্নৰ সন্মুখীন হৈছে । উত্তৰ-আধুনিক সমাজৰ প্রধান প্রৱণতা হ’ল খৰছ । বেলে এই সমাজৰ কোনো উজ্জ্বল ভৱিষ্যতৰ কথা কোৱা নাই । এই সমাজ তেওঁৰ চকুত বজৰুৱা, আত্মনিমগ্ন, মূল্যবোধহীন এক সমাজ । প্রযুক্তিৰে সম্পদশালী এই ভোগবাদী সমাজত পুৰণি সকলো মূল্যবোধৰ বিপর্যয় ঘটিছে।
এইদৰে মার্কিন উত্তৰ-আধুনিক আৰু ফৰাচী উত্তৰ-আধুনিকসকল একেই সিদ্ধান্তত উপনীত হৈছে। বেলৰ End of Ideologyৰে আৰম্ভ হোৱা যাত্রাই পৰিপূর্ণতা পায় লিওতাৰৰ The PostModern Conditionঅত । উত্তৰ-আধুনিক যুগ সম্পর্কে মার্কিন ভাষ্যকাৰসকলে কোনো আশাৰ ৰেঙণি দেখা নাই । কিন্তু ফৰাচীসকল উদ্বাউল হৈছে মুক্তিৰ আনন্দত । অৱশেষত মুক্তি – মানৱ-মুক্তি, কার্যকাৰণ সম্পর্ক আৰু সেইসূত্রে মতাদর্শৰ বন্ধনৰপৰা চিন্তাৰ মুক্তি। ফৰাচী বিপ্লৱৰ গৰ্ভজাত আলোকপ্রাপ্তি, যুক্তিবোধ, মানৱমুক্তিৰ ধাৰণা এওঁলোকৰ মতে সাম্রাজ্যবাদী নির্মাণ, যি সমস্ত পৃথিৱীৰ ওপৰত জাপি দিয়া হৈছে। কিন্তু যি ভিত্তিৰ ওপৰত থিয় দি তেওঁলোকে মতাদৰ্শক নিৰ্বাসন দিলে, শ্ৰমিক শ্ৰেণীক বাতিল কৰিলে, পুঁজিবাদৰ শুদ্ধিকৰণ কৰি অমৰত্ব দান কৰিলে, সেই ভিত্তি, পৃথিৱীৰ সর্বত্র, সর্বক্ষণ প্রযোজ্য হয়নে ? তেওঁলোকৰ সমাজৰ বিশ্লেষণৰ গুৰিকথা – সঙ্কটমুক্ত এক আদর্শ পুঁজিবাদী সমাজ, এয়া কি পৃথিৱীৰ সর্বময় প্রযোজ্য? ধৰা হওক, কল-কাৰখানাত নিযুক্ত শ্রমিকৰ সংখ্যা হ্রাসৰ কথাটো । হয়, মার্কিন যুক্তৰাষ্ট্ৰত কল-কাৰখানাত নিযুক্ত শ্রমিকৰ সংখ্যা কমিছে । কিন্তু কাৰখানাত নিযুক্ত শ্রমিকৰ সংখ্যা তাতকৈও বহু দ্রুতগতিত বৃদ্ধি হৈছে চীন, আৰু দক্ষিণ-পূব এছিয়াত যি মার্কিন যুক্তৰাষ্ট্র এসময়ত মেনুফাকচাৰিং বিশ্বৰ শীৰ্ষত আছিল, এতিয়া সেই স্থান এৰি দিবলগা হৈছে চীনক। শ্রমিক শ্রেণীৰ একাংশৰ আয় বাঢ়িছে, মধ্যবিত্ত হৈছে। গাড়ী-বাড়ীৰ মালিকো হৈছে । কিন্তু এয়া গোটেই পৃথিৱীৰ বাস্তৱতা নহয় । বৰং বিশ্বায়নে অসংগঠিত খণ্ডৰ শ্ৰমিকৰ সংখ্যা বঢ়াইছে । এয়াই তৃতীয় বিশ্বৰ বাস্তৱতা । এওঁলোকে নিম্নতম মজুৰিও নাপায় আৰু শ্রমিকৰ বৈষয়িক অৱস্থাৰ ওপৰত তাৰ শ্রেণীগত বৈপ্লৱিক চৰিত্র নির্ভৰ কৰে? দৰিদ্ৰৰ পৰিমাণ বিপ্লৱৰ নিৰ্ধাৰক হোৱা হ'লে তৃতীয় বিশ্বত শ্রমিক শ্রেণীৰ নেতৃত্বত কেতিয়াবাই বিপ্লৱ হ’ব লাগিছিল । এয়া ঠিক, অৱস্থাপন্ন শ্রমিকৰ মাজত ছ’চিয়েল-ডেমোক্ৰেচিৰ প্ৰভাৱ বেছি । কিন্তু সেয়াও পশ্চিমীয়া দেশৰ বাস্তৱতা – গোটেই পৃথিৱীৰ চিত্ৰ নহয়। তাৰোপৰি কাৰখানাত শ্রমিকৰ সংখ্যা হ্রাস হ’লে বিপ্লৱ নহ’ব, এয়া হাস্যকৰ । পৃথিৱীৰ আটাইতকৈ শিল্পোন্নত দেশতো মুঠ জনসংখ্যাৰ ৫০ শতাংশতকৈও কম শ্রমিক । বিপ্লৱৰ সংগঠনৰ লেনিনীয় নীতি সম্পর্কে ন্যূনতম ধাৰণা থাকিলে এই এই সিদ্ধান্তত উপনীত হ’ব নোৱাৰে । শ্রমিক শ্রেণীয়ে এককভাৱে বিপ্লৱ কৰিব নোৱাৰে, শ্রমৰ অন্য শাখা, কৃষক, মধ্যবিত্তৰ একাংশক নিজৰ ফলীয়া কৰি ল’ব নোৱাৰিলে বিপ্লৱ অসম্ভৱ । মুখত মাওৰ ভক্ত উত্তৰ-আধুনিকতাবাদীসকলে জনাবনে চীন বিপ্লৱত কল-কৰখানাৰ ভূমিকা কিমান আছিল? বিপ্লৱৰ কাৰণ পুঁজিবাদী সমাজৰ মৌলিক দ্বন্দ্ব—উৎপাদনৰ প্রক্রিয়াটো সামাজিক কিন্তু উদ্বৃত্তৰ বিতৰণ ব্যক্তিকেন্দ্রিক। এওঁলোকে এই কথাটো এৰাই চলিব বিচাৰে । আৰু শ্বেয়াৰ বজাৰত শ্বেয়াৰ বিক্ৰী হ’লেই পুঁজিৰ চৰিত্ৰ সামাজিক হৈ যায়, এয়া একেবাৰে শিশুসুলভ কথা । মাৰ্কিন মুলুকত পুঁজিপতিৰ অৱলুপ্তি হৈছে নেকি জানিবলৈ অৰ্থনীতিবিদ হ’ব নালাগে, ‘ফ’ৰ্বছ’ মেগাজিনত ঘুমুকি মাৰিলেই হ’ল। উৎপাদনৰ আহিলাৰ অবিৰাম পৰিৱৰ্তন নকৰাকৈ আৰু তাৰ লগতে সমগ্ৰ সামাজিক সম্পৰ্কৰ বৈপ্লৱিক পৰিৱৰ্তন নকৰাকৈ বুৰ্জোৱা শ্ৰেণী টিকি থাকিব নোৱাৰে । প্ৰযুক্তিয়ে বুৰ্জোৱাৰ চৰিত্ৰ সলনি নকৰে, বৰং প্ৰযুক্তিৰ পৰিৱৰ্তন কৰি থকাটোহে বুৰ্জোৱাৰ চৰিত্ৰ ।

পুঁজিবাদৰ অৱসানৰ সম্ভাৱনা নাকচ কৰা, শ্রমিক শ্রেণীৰ বিপ্লৱী চৰিত্ৰ তথা সেই সূত্রে মার্ক্সবাদৰ সমাজ পৰিৱৰ্তনৰ ধাৰণাক তাত্ত্বিকভাৱে নাকচ কৰা কোনো কঠিন কাম নহয় । বৰং যোৱা ডেৰশ বছৰ নানা মুনি, নানা ঋষিয়ে এই কাম কৰি আছে । কিন্তু বিশেষ এক সুবিধা কৰিব পৰা নাই । কাৰণ পৃথিৱীৰ অভিজ্ঞতাৰ সৈতে এই তত্ত্ব নিমিলে । ভোগবাদ, মৌলবাদ, অপৰিসীম দাৰিদ্ৰ, নাৰী নিৰ্যাতন, পৰিবেশ আদিৰ বিৰুদ্ধে উত্তৰ-আধুনিকতা আন দহজনৰ দৰেই মুখৰ, আনকি বাঁওপন্থীসকলৰ সৈতে তেওঁলোকৰ কোনো পার্থক্য নাই । পার্থক্য আহে পৰৱৰ্তী কথাবোৰত । যি সমস্যাবোৰৰ বিৰুদ্ধে সংগ্রাম তাৰ কোনো একক উৎস বা সেইসূত্রে কোনো সামগ্রিক সমাধান নাই। দুৰ্নীতিৰ বিৰুদ্ধে সংগ্ৰাম চলিব, কিন্তু যি বিশ্বায়ন দুৰ্নীতিৰ কাৰণ সেই বিশ্বায়নৰ বিৰুদ্ধে কোনো কথা নচলিব । উত্তৰ-আধুনিকতাবাদীসকলৰ মতে কোনো কথাৰেই সামগ্রিক সমাধান নাই।
খণ্ড খণ্ডকৈ ইছ্যুবোৰৰ বিৰুদ্ধে যুদ্ধ চলিব, সেইবোৰ সমাধান কৰাৰ চেষ্টা চলিব, এই পর্যন্তই। বেমাৰৰ উপশম নহ'ব। সমস্যাৰ সামগ্রিকতাক অস্বীকাৰ কৰাৰ এই পথটোৱেই উত্তৰ-আধুনিকতা। তেওঁলোকে বহুত কষ্ট কৰি এই দার্শনিক ভিত্তিটো প্রস্তুত কৰিছে—এয়াই তেওঁলোকৰ ক’বলগীয়া ।
উত্তৰ-আধুনিকতা কি
উত্তৰ-আধুনিকতাৰ প্ৰভাৱ কেৱল সমাজতত্ত্বতে সীমাবদ্ধ নহয় । স্থাপত্য শিল্পৰপৰা আৰম্ভ কৰি সাহিত্য, ভাষা, নাচ-গান, মনস্তত্ত্ব, আনকি বিজ্ঞানৰ নানা শাখাতো উত্তৰ-আধুনিক ধাৰাৰ অৱস্থিতি । (অৱশ্যে আমাৰ আলোচনা দর্শনতে সীমাবদ্ধ)। প্রয়োগৰ নানা কেন্দ্ৰ থকা বাবে দুই-এজনৰ নামৰ সৈতে উত্তৰ-আধুনিকতাক যুক্ত কৰা কঠিন । বহুতৰ বহু চিন্তাৰ সমন্বয় এই উত্তৰ-আধুনিকতা নামৰ অৰ্থ আধুনিকতাক অতিক্রম, কিন্তু প্রকৃততে আধুনিকতাৰ বিৰুদ্ধে । আধুনিকতা এটি যুগ, ৰেনেছাঁৰপৰা তাৰ সূত্রপাত । প্রাথমিকভাৱে এই যুগ ইউৰোপীয় মধ্যযুগৰ বিৰুদ্ধে বিদ্রোহৰ যুগ । ধর্ম, চার্চ, পুৰোহিততন্ত্র, সামন্ততন্ত্রৰ বিৰুদ্ধে বলিষ্ঠ ভূমিকা। সামন্ততান্ত্রিক জীৱন-যাত্রাৰ বিৰুদ্ধাচৰণৰ মাজেৰে বিকশিত হৈছিল ব্যক্তিস্বাতন্ত্র্যবাদ। বিজ্ঞানৰ প্ৰসাৰ আৰু ব্যৱহাৰে উৎপাদনক নতুন মাত্রা দিছিল । যুক্তিবাদৰ প্ৰসাৰ ঘটিছিল মানুহৰ জীৱনত । যুক্তিবাদৰ প্রয়োগৰ চেষ্টা চলিছিল সমাজজীৱনতো । এনে এখন সমাজ গঢ়া যি হ’ব যুক্তিৰ ওপৰত প্রতিষ্ঠিত । তথা এই সমাজত হ'ব ন্যায় আৰু সমানাধিকাৰৰ পূর্ণ বিকাশ ৷ ফৰাচী বিপ্লৱ এই ধাৰণাৰ বাস্তৱায়নৰ পথত ঐতিহাসিক পদক্ষেপ । মানুহ আৰু সমাজৰ ভৱিষ্যৎ সম্পর্কে এক সার্বজনীন (Universal) ধাৰণা গঢ়ি উঠিব ধৰে। অর্থনীতিৰ ক্ষেত্ৰত পুঁজিবাদৰ প্রসাৰে এই ধাৰণাক আৰু বিস্তাৰিত কৰে । পুঁজিবাদী অর্থনৈতিক ভিত্তিক অক্ষুণ্ণ ৰাখিয়েই এই সমানাধিকাৰ প্রতিষ্ঠা কৰিব পাৰি – এয়া আছিল ধাৰণা । কিন্তু বাস্তৱ আছিল ভিন্ন । সমৃদ্ধিৰ চাকিৰ তলত সঞ্চিত হৈছিল বঞ্চনাৰ অন্ধকাৰ । আদিম সমাজতান্ত্রিকসকলে মার্ক্স আৰু এঙ্গেলছৰ আগতেই এই প্রশ্ন উত্থাপন কৰিছিল । শোষণভিত্তিক সমাজ কেতিয়াও যুক্তি বা ন্যায়ৰ ওপৰত প্রতিষ্ঠিত নহয় । মার্ক্স আৰু এঙ্গেলছে এই বিষয়টোকেই বৈজ্ঞানিক ভিত্তি দিয়ে । আধুনিকতাৰ যুগৰ বৃহত্তম বিতর্কৰ সূত্রপাত ইয়াতেই । কিন্তু বিতর্কৰ ভিত্তি আৰু হাথিয়াৰ যুক্তিবাদেই । ব্যক্তিমালিকানা – যি আনক শোষণৰ সুযোগ কৰি দিয়ে – কেতিয়াও যুক্তিসন্মত হ’ব নোৱাৰে । প্রগতি আৰু সমানাধিকাৰৰ সৰ্বগ্রাহ্য প্রক্রিয়াকে সি ৰুদ্ধ কৰি দিয়ে – মার্ক্সবাদৰ মূল প্রতিপাদ্য এয়াই। আনহাতে, বুৰ্জোৱা তাত্ত্বিকসকলে তেওঁলোকৰ যোগ্যতা, দক্ষতা আৰু অবাধ বাণিজ্যৰ যুক্তি দি ইয়াৰ বিৰোধিতা কৰাৰ চেষ্টা কৰে। বিশ্বযুদ্ধ, নাজি গণহত্যা, এটম বোমা, ভিয়েটনামৰপৰা আজিৰ ভোগবাদী সমাজ – এই সকলো পুঁজিবাদৰ যুক্তিহীনতাৰ প্রকাশ । আলোকপ্রাপ্তি (Enlightenment)য়ে যি স্বপ্ন মানুহক দেখাইছিল, পুঁজিবাদে ক্রমশঃ তাৰপৰা আঁতৰাই আনিছে । মার্ক্সবাদে যুক্তিপূর্ণভাৱে এই প্রতিটো সমস্যাৰ উৎস হিচাপে পুঁজিবাদক চিহ্নিত কৰে আৰু তাৰ সভ্যতাৰ এই অভিশাপবোৰক নির্মূল কৰিবলৈ পুঁজিবাদক উচ্ছেদ কৰাৰ সংগ্রামৰ আহ্বান জনায়।
উত্তৰ-আধুনিকসকলৰ মতে আধুনিকতা আৰু আলোকপ্রাপ্তিৰ গৰ্ভজাত যুক্তিবাদ, প্রগতি, মানৱিকতাৰ সর্বগ্ৰাহ্য ধাৰণা – এইবোৰহে সমস্যা। গতিকে এই সকলো ধাৰণা নাকচ কৰিব লাগিব। কিন্তু আলোকপ্রাপ্তিৰপৰা প্রাপ্ত ধাৰণাবোৰৰ বিৰুদ্ধাচৰণ ইউৰোপৰ বুকুত নতুন নহয় । উত্তৰ-আধুনিকতাৰ সৈতে প্রাসঙ্গিক দুজন জার্মান দার্শনিক – ফ্ৰেডেৰিক নিৎছে (Friedrich Nietzsche) আৰু মাৰ্টিন হেইডেগাৰ (Martin Heidegger), দুজনৰ বহু কথাত মিল আছিল । এক, এই দুজন মার্ক্স-পৰৱৰ্তী সময়ত জার্মানিৰ আটাইতকৈ গুৰুত্বপূর্ণ দার্শনিক । দুজনৰ নামেই নাজিবাদৰ সৈতে যুক্ত । নিৎসে নাজি নাছিল। তেওঁৰ ধাৰণাক নাজিসকলে ব্যৱহাৰ কৰিছিল সিহঁতৰ মতাদর্শগত ভিত্তিক বল দিবলৈ। হেইডেগাৰ নিজে নাজি পাৰ্টিৰ সদস্য আছিল । হিটলাৰ ক্ষমতালৈ আহি তেওঁক ফ্রেইডবুর্গ বিশ্ববিদ্যালয়ৰ ৰেক্টৰ কৰি দিয়ে। যদিও হেইডেগাৰৰ নিজস্ব দার্শনিক ধাৰণা, নাজি চিন্তাধাৰাৰ সৈতে বৰ এটা সম্পর্কিত নাছিল। তেওঁ বিশ্বযুদ্ধক আধুনিকতাৰ চূড়ান্ত বিকাশ বুলি ক’ব খোজে। তথা পশ্চিমীয়া আধুনিকতাৰ ধাৰণাৰ বিৰোধিতা কৰে । এই ক্ষেত্ৰত হেইডেগাৰ উত্তৰ-আধুনিকতাৰ প্রথম প্রকাশ । উত্তৰ-আধুনিকতাৰ ফৰাচী দাৰ্শনিকসকল ব্যক্তিগতভাৱে হেইডেগাৰৰদ্বাৰা প্ৰভাৱিত হৈছিল । জেক ডেৰিডাৰ বিনিৰ্মাণ (Deconstruction) ধাৰণাৰ আনকি নামটোও হেইডেগাৰৰপৰা ধাৰ লোৱা । নিৎছেও আধুনিকতাৰ প্ৰতিটো ধাৰণাৰ প্রায় বিবোধিতা কৰিছিল – পশ্চিমীয়া যুক্তিবাদ, মূল্যবোধ, আনকি খ্রীষ্টান মূল্যবোধৰো । উত্তৰ-আধুনিকতাৰ দার্শনিকসকলে কেতিয়াও নিৎছেৰ প্রভাৱক অস্বীকাৰ কৰা নাই । বৰঞ্চ গৌৰৱেৰে ঘোষণাহে কৰিছে । নিৎছেৰ প্রতি অনুৰাগ আটাইতকৈ তীব্ৰ মিচেল ফুকোৰ ।
অধ্যাপক ৰিচাৰ্ড ওলিনৰ কিতাপ Seduction of Reason এই ক্ষেত্ৰত খুবেই প্ৰাসঙ্গিক । য’ত তেওঁ দেখুৱাইছে যে ফেছিবাদ আৰু উত্তৰ-আধুনিকতাৰ চিন্তাৰ উৎস একেই । নাজি “ৰক্ত আৰু মাটিৰ” সম্পৰ্ক আৰু উত্তৰ-আধুনিকৰ সাংস্কৃতিক তথা জাতিগত (বা নৃগোষ্ঠীয়) পৰিচয়ৰ ওপৰত অত্যধিক গুৰুত্ব আৰোপ, মূলগতভাৱে এই দুটা একেই ।
উত্তৰ-আধুনিক সকলৰ বক্তব্য, গোটেই পৃথিৱীৰ মানুহ অজস্ৰ ভাগত বিভক্ত, সহস্ৰ তেওঁলোকৰ পৰিচয় । সকলোৰে উমৈহতীয়া কোনো সত্য নাই । সমাজ আৰু পৃথিৱীৰ সকলো ক্ষেত্ৰতে প্ৰযোজ্য যিকোনো ধাৰণা, অর্থাৎ যিকোনো মতাদর্শ, আচলতে দুর্বলৰ ওপৰত জাপি দিয়া শক্তিশালীৰ মতাদর্শ । যি শক্তিশালীৰ ক্ষমতাক স্থায়িত্ব দিয়ে । আৰু দুর্বলৰ মতাদর্শ? সেয়াও আচলতে শক্তিশালীৰ মতাদর্শক আঁতৰাই নিজে শক্তিশালী হোৱাৰ চেষ্টা, গতিকে সমানেই পৰিত্যাজ্য।
কিন্তু উত্তৰ-আধুনিকতাৰ আটাইতকৈ ডাঙৰ দ্বিচাৰিতা এটাই – এই সকলো মতাদর্শকে নাকচ কৰিবলৈ গৈ এটা “না অর্থক” মতাদর্শৰ জন্ম দিয়ে । উত্তৰ-আধুনিকতা কি তাৰ আটাইতকৈ সংক্ষিপ্ত বর্ণনা দিছে উত্তৰ-আধুনিকতাৰ অন্যতম প্রধান ভাষ্যকাৰ লিওতাৰে তেওঁৰ The Postmodern Condition : A Report on Knowledgeঅত increduality towards metanarrative, অর্থাৎ মেটানেৰেটিভ সম্পর্কে অবিশ্বাসী । মেটানেৰেটিভ মানে হ’ল বস্তু তথা সমাজ সকলো ক্ষেত্রতে প্রযোজ্য কোনো সাধাৰণ সূত্র । এইদৰে যিকোনো বিশ্ববীক্ষাকে নাকচ কৰা হয় ।
উত্তৰ-আধুনিকতাই বচন-নিৰপেক্ষ কোনো বাস্তৱতাকে স্বীকাৰ নকৰে। যিকোনো বাস্তৱতাৰ বহিঃপ্রকাশ হয় কোনোবা নহয় কোনো বচনৰ মাজেৰে । গতিকে বাস্তৱতাতকৈও গুৰুত্বপূর্ণ হ’ল বচন । কাৰণ একেটা বাস্তৱতাই প্রত্যেকজনৰ বাবে ভিন্ন । এই কথা ঠিক যে বাস্তৱতাৰ বহিঃপ্রকাশ হয় বচনৰ মাজেৰে । কিন্তু এই বচন সমাজ, শ্ৰেণী, ব্যক্তি সকলোৰে স্পৰ্শতেই গঢ়ি উঠে । বচনত শ্ৰেণীৰ প্ৰভাৱ থাকে, কিন্তু সেইবুলি যি বিষয় সম্পৰ্কে বচন তাত বাস্তৱ অস্তিত্বহীন হৈ নাযায় । বচনৰ পিঞ্জৰাত বিশ্বসংসাৰখনকেই আবদ্ধ কৰি পেলোৱাৰ কৃতিত্ব ডেৰিডাৰ । যদিও জার্মানিৰ অগ্রগণ্য দার্শনিক মার্টিন হেইডেগাৰৰ মূল ধাৰণাকেই ডেৰিডাই বিকশিত কৰিছিল । ডেৰিডাৰ মতে কোনো সমাজত প্রতিষ্ঠিত বচন হ’ল সেই সমাজৰ কর্তৃত্বকাৰী বচন। কিন্তু যাৰ ওপৰত সেই কর্তৃত্ব চলে সেই নিম্নবৰ্গৰো নিজস্ব বচন থাকে। এটা বচনক ভাঙি বিনিৰ্মাণৰ মাধ্যমেৰে নিম্নবৰ্গৰ বচনটোক আৱিষ্কাৰ কৰিব পাৰি। এইদৰে ক্ৰমাগত বিনির্মাণৰ (Deconstruction) মাধ্যমেৰে বচনৰ উৎসৰ ওচৰ চাপিব পাৰি । কিন্তু যি বাস্তৱৰ বৰ্ণনা বচনটোৱে দিয়ে তাক ধৰিব নোৱাৰি । অৰ্থাৎ সূৰ্য পূব দিশে উদয় হয়, এই কর্তৃত্বকাৰী বচনৰ বিপৰীতে এটা নিম্নবৰ্গীয় বচনো আছে । সেয়া হ’ল- সূৰ্য পশ্চিম দিশে উদয় হয় । আচলতে সূৰ্য কোন দিশে উদয় হয় সেয়া অৰ্থহীন । (সূৰ্য কোনোফালেই উদয় নহয়। পৃথিৱীহে সূৰ্যৰ চাৰিওফালে ঘূৰে।)
গতিকে কোনো এটাই শুদ্ধ নহ’ব পাৰে । কোনে কিদৰে কৈছে সেয়াহে গুৰুত্বপূৰ্ণ । এইদৰে বহু চং-ভং কৰি উত্তৰ-আধুনিকতাবাদ অষ্টাদশ শতাব্দীৰ অজ্ঞেয়তাবাদী ভাববাদলৈ ঘূৰি যায় (Incognizable idealism)। তেওঁলোকৰ মতে কর্তৃত্বকাৰী বচন আৰু নিম্নবৰ্গীয় বচনৰ মাজত কোনো দ্বান্দ্বিক সম্পৰ্ক আৱিষ্কাৰ কৰিব বিচৰাটো অৰ্থহীন। কাৰণ এই ক্ষেত্ৰত যদি প্ৰথম দুটা Thesis আৰু Anti-thesis হয় তেন্তে এটা Synthesisও থাকিব । synthesisঅৰ কোনো অস্তিত্ব উত্তৰ-আধুনিকতাবাদীসকলে নামানে । দ্বন্দ্বৰ মাজতো ঐক্য — দ্বন্দ্বমূলক বস্তুবাদৰ সৈতে উত্তৰ-আধুনিকতাবাদৰ মৌলিক বিৰোধিতা ইয়াতেই । তেওঁলোকে দ্বন্দ্ব মানে, কিন্তু ঐক্য নামানে । দুটা বিপৰীত বচনৰ দ্বন্দ্বৰ মাজেৰে তৃতীয় বচনটো নিৰ্মাণ হয় – তেওঁলোকৰ দৃষ্টিত সেয়া মহাবচন (Master Discourse) । আৰু কালৰ গতিত গৈ থৈ সেয়াই মেটানেৰেটিভত পৰিণত হ’ব পাৰে । অতএব এই ৰাস্তা বন্ধ। বিনিৰ্মাণেই (Deconstruction) একমাত্ৰ কাম যি কর্তৃত্বকাৰী বচনৰ আধিপত্যক ভাঙি দিব । ইয়াৰ মাজেৰে আন এটা আধিপত্যকাৰী বচন নহয় — বৰং কাম হ’ল, ক্রমাগত বিনির্মাণৰ মাজেৰে বাখ্যা কৰি চোৱা সেই geneologyত কি কি বিলুপ্ত বা উপেক্ষিত হৈছে।
লিঙ্গৰ প্রশ্নত সমাজৰ কর্তৃত্বকাৰী বচন হ’ল পুৰুষ বচন । নাৰী বচনে এই আধিপত্যকৰী বাচনটোৰ বিনির্মাণ ঘটায় । এই বিনির্মাণৰ মাজেৰেই গঢ়ি উঠে নাৰীৰ অধিকাৰ । এইপর্যন্ত ঠিকেই আছে । কিন্তু প্রশ্ন হ’ল সমাজততো আৰু বহুবোৰ বচন আছে – এই নিম্নবৰ্গৰ বচনবোৰৰ মাজত কোনো ঐক্য গঢ়ি তুলিব পাৰি নেকি যাতে নিম্নবৰ্গৰ অধিকাৰৰ বৃহৎ এক ক্ষেত্র গঢ়ি তুলিব পাৰি ? উত্তৰ-আধুনিকতাবাদৰ মতে নোৱাৰি ।
যিহেতু তেওঁলোকে আলোকপ্রাপ্তি-সঞ্জাত যুক্তি তথা কার্যকাৰণ সম্পর্ক নামানে, গতিকে সমাজত বিদ্যমান একাধিক বচনৰ সম্পর্ক আছে বুলিও বিশ্বাস নকৰে । মানুহৰ হাজাৰটা পৰিচয় – লিঙ্গ, জাতি, বর্ণ, ধর্ম, শ্রেণী । মানুহে সন্ধান কৰিছে—কিয় লিঙ্গভিত্তিক বিভাজন থাকে, কিয় এটা জাতিৰদ্বাৰা এটা জাতিৰ দমন, কিয় শ্রমিকৰ শোষণৰ ভিত্তিত মালিক সমৃদ্ধি । এই সকলো প্রশ্নৰ এক সাধাৰণ সমিধান বিচৰাৰ মাজেৰেই সমাজ পৰিৱৰ্তনৰ মতাদর্শৰ জন্ম হয় । কিন্তু উত্তৰ-আধুনিকসকলৰ মতে নহয়—বিভিন্ন বচনৰ মাজত এক সাধাৰণ সূত্ৰৰ সন্ধান কৰিব নোৱাৰি। এজন সচেতন মানুহৰ কাম হ’ল মাত্র সেই বচনবোৰৰ কুলুজি (Geneology) বিচাৰি উলিওৱা ।

কিন্তু লিওতাৰৰ আৰু এক গুৰুত্বপূর্ণ অনুধাৱনৰ কথা উল্লেখ নকৰিলে উত্তৰ-আধুনিকতাৰ পূৰ্ণাংগ চেহেৰা স্পষ্ট নহ’ব। PostModern Conitionঅত তেওঁ লিখিছে, “১৯৩০ৰপৰা ১৯৬০লৈ কেইন্সীয় আবক্ষণৰ মাজত আবদ্ধ হৈ পৰা উন্নত উদাৰনৈতিক পুঁজিবাদ আকৌ মূৰ তুলি উঠিছে, প্রধানতঃ দ্বিতীয় বিশ্বযুদ্ধৰ পৰৱৰ্তী কমিউনিষ্ট বিকল্পটোও শেষ হৈছে আৰু মানুহেও সাহসেৰে পণ্য পৰিসেৱা উপভোগ কৰিছে।” নব্য-উদাৰ নীতিৰ জয়গান উত্তৰ-আধুনিকতাৰ মহাভাষ্যকাৰৰ মুখত – আৰু সময়টো হ’ল বিশ্বায়নৰ যুগৰ প্রাকমুহূর্ত।
উত্তৰ-আধুনিক যুগৰ আটাইতকৈ প্রভাৱশালী চিন্তাবিদ মিচেল ফুকো। ফুকো জীৱনৰ প্রথম অর্ধত ফৰাচী কমিউনিষ্ট পাৰ্টিৰ সৈতে যুক্ত আছিল । ফুকো ইতিহাসবিদ – বিচৰণ কৰিছে জ্ঞান, বিজ্ঞান, দৰ্শনৰ বিস্তীর্ণ ক্ষেত্ৰত । কিন্তু এই আলোচনাৰ বাবে প্রাসংগিক ফুকোৰ কেইটামান ধাৰণা । এক, শ্রেণী মানুহৰ প্রধান বা একমাত্ৰ পৰিচয় নহয়। বহু পৰিচয়ৰ মাজত এটা । গতিকে শ্রেণীসংগ্রামেই ইতিহাসৰ নিৰ্ধাৰক – এই কথা ফুকোৱে পোনে পোনে অস্বীকাৰ কৰে । দুই, অর্থনৈতিক ক্ষমতাই প্রধান নহয় । ক্ষমতাৰো ৰূপ বহু । প্রকৃততে ক্ষমতা সম্পর্কে ফুকোৱে সম্পূর্ণ নতুন এক ধাৰণা সৃষ্টি কৰে । ক্ষমতা সমাজত ব্যক্তি বা গোষ্ঠীনিৰপেক্ষভাৱেই থাকে । তাক ব্যৱহাৰ কৰা হয় । ক্ষমতা সমাজত অদৃশ্য স্রোতৰ দৰে সৰ্বত্র বিৰাজমান । ৰাষ্ট্র ক্ষমতাৰ একমাত্র আধাৰ নহয় । বহু প্রতিষ্ঠানৰ মাজত এটা হ’ল ৰাষ্ট্র । অর্থাৎ ক্ষমতা মানে চৰকাৰ, স্কুল, পগলা ফাটেক ,পৰিয়াল, কাৰাগাৰ সকলো । কিন্তু এইবোৰৰ মাজেৰে সাধাৰণ কোনো দমনকাৰী ৰাষ্ট্রক্ষমতা প্রকাশিত নহয় তথা এইবোৰ সম্পর্কহীন । গতিকে সামগ্রিক ৰাষ্ট্রক্ষমতা দখলৰ চেষ্টা কৰি একো লাভ নাই । প্রত্যেকটোৰ বিৰুদ্ধে বেলেগ বেলেগকৈ যুঁজিব লাগিব । অৱশ্যে যুঁজিও বা লাভ কি? কাৰণ ক্ষমতা কোনো ব্যক্তি বা গোষ্ঠী বা শ্রেণীৰ ওপৰত নিৰ্ভৰশীল নহয় । এটা দলক আঁতৰাই আৰু এটা দল আহি একেই কাম কৰিব । গতিকে পুঁজিবাদী ৰাষ্ট্ৰৰ সলনি সর্বহাৰাৰ ৰাষ্ট্র প্রতিষ্ঠা কৰি একো লাভ নাই । ৰাষ্ট্রক্ষমতাই আচল, কোন শ্রেণীয়ে তাক ব্যৱহাৰ কৰিছে সেয়া গুৰুত্বহীন। অৱশ্যে সকলো ক্ষমতাই দমনকাৰী নহয়, এই কথা ক’ব ফুকোৱে পাহৰা নাই। ফুকো মাৰ্ক্সবাদ-বিৰোধীসকলৰ বাবে ডাঙৰ সম্পদ । ফুকুয়ামাতকৈও ডাঙৰ । কাৰণ ফুকুয়ামাই যি পৰা নাই ফুকোৱে পাৰিছে । নিজৰ তত্ত্বক দৈনন্দিন ৰাজনীতিত ৰূপায়ণ কৰাৰ চেষ্টা কৰিছে ।

সমাজতান্ত্রিক শিবিৰৰ পতনৰ পাছত পৰিচয়ভিত্তিক ৰাজনীতিয়ে ভয়ানকধৰণে মূৰ দাঙি উঠে। পুৰণি সমাজতান্ত্রিক দেশবোৰ ভাঙি টুকুৰা-টুকুৰ হৈ যায় । কিছু ব্যতিক্রম বাদ দি এইবোৰ ঘটে নির্মম ৰক্তপাতৰ মাজেৰে। এখন যুগোশ্লোভিয়া ভাঙি ৯খন দেশৰ জন্ম । ছোভিয়েট ইউনিয়ন ভাঙি ১৫খন স্বাধীন ৰাষ্ট্ৰৰ জন্ম হয় । জাতিভিত্তিক ৰাষ্ট্র গঠন আধুনিকতাৰ দান । ফৰাচী ভাষাভাষী মানুহ থাকিব ফ্রান্সত, এয়াই ৰাষ্ট্রগঠনৰ প্রধান যুক্তি । ইয়াৰ সৈতে যুক্ত ভূগোল আৰু ইতিহাসৰ ধাৰাবাহিকতা । যাৰ ফলত কিছু ৰাষ্ট্র একজাতিক, কিছু ৰাষ্ট্র বহুজাতিক । ই ৰাষ্ট্রগঠনৰ যৌক্তিক পৰিসমাপ্তি । আৱশ্যকভাৱেই এই জাতিভিত্তিক ৰাষ্ট্ৰৰ অৰ্থনৈতিক ভিত্তি আছিল পুঁজিবাদ । এয়াই আধুনিকতাৰ ফল । উত্তৰ-আধুনিকতাই এই ধাৰণাক অস্বীকাৰ কৰে । এক, তাৰ মতে আধুনিকতাৰ গৰ্ভজাত জাতিভিত্তিক ৰাষ্ট্র ওপৰৰপৰা জাপি দিয়া এটা ব্যৱস্থা যি মানুহৰ অসংখ্য পৰিচয়ক অৱদমিত কৰে । এখন ৰাষ্ট্ৰৰ ভৌগোলিক সীমাৰ ভিতৰত পুঁজি আৰু শ্রমৰ দ্বন্দ্বৰ ফলত পুঁজিবাদৰ পতন হ’ব – এয়াও তেওঁলোকৰ মতে ওপৰৰপৰা জাপি দিয়া এটা ধাৰণা । দুই, মানুহ অসংখ্য পৰিচয়ত বিভক্ত, এই সকলোবোৰ পৰিচয়কে বিকশিত কৰিবলৈ যিকোনো ৰাষ্ট্র ব্যৱস্থা অক্ষম । ফলত এই সমস্যাৰ কোনো ৰাষ্ট্ৰীয় তথা স্থায়ীয় সমাধান নাই । শ্রেণী শোষণৰ অৱসানে পৰিচয়ভিত্তিক অৱদমনৰো অৱসান ঘটাব এই কথাত তেওঁলোকে বিশ্বাস নকৰে। এয়াই পৰিচয়ভিত্তিক ৰাজনীতিৰ মর্মবস্তু । এই পৰিচয়ভিত্তিক ৰাজনীতিৰ বাবে আদর্শ লেবৰেটৰি আমাৰ দেশ । জনসংখ্যাত দ্বিতীয় বৃহত্তম, হাজাৰটা ভাষা, উপভাষা, ধর্ম, জাতি-উপজাতি-ভিত্তিক অঞ্চলত বিভক্ত । এইবোৰ পৰিচয়ৰে মানুহৰ বিভাজন বাস্তৱ আৰু ৰাজনীতিৰ গুৰুত্বপূর্ণ এজেণ্ডা, দেশত যাক সর্বভাৰতীয় দলবোৰেও ভোটৰ স্বার্থত ব্যৱহাৰ কৰে । বহুজন সমাজ পাৰ্টিয়ে যিদৰে জাতিৰ ভিত্তিত ৰাজনীতি কৰে, তেলেঙ্গানা ৰাষ্ট্ৰীয় সমিতিয়ে ৰাজনীতি কৰে আঞ্চলিকতাৰ ভিত্তিত, আকৌ একেই কাম স্থানীয় ভিত্তিত কৰে কংগ্রেছ বা বিজেপিয়ে । বিজেপিৰ নিজস্ব ৰাজনীতিৰ ভিত্তি হিন্দু পৰিচয় । উত্তৰ-পূব ভাৰতত এই পৰিচয়ভিত্তিক ৰাজনীতিয়ে সশস্ত্র ৰূপ ধাৰণ কৰিছে । ইয়াৰপৰা দুটা সত্য পৰিস্ফুট হয় । এক, ভাৰতবৰ্ষত পৰিচয়ভিত্তিক অৱদমনৰ ঘটনা বাস্তৱ । কোনেও তাক অস্বীকাৰ কৰিব নোৱাৰে । দুই, প্রতিটো শক্তিয়ে আচলতে যুঁজিছে ক্রমহ্রাসমান সম্পদৰ বৰ্ধিত অংশৰ বাবে (fighting for larger share in the smaller cake)। মাৰ্ক্সবাদীসকলে মানুহৰ শ্রেণী পৰিচয়েই আটাইতকৈ গুৰুত্বপূর্ণ বুলি বিশ্বাস কৰে । কিন্তু তাৰ মানে এয়া নহয় যে মানুহৰ আন পৰিচয়বোৰৰ গুৰুত্ব নাই । এই দেশত এতিয়াও সামন্ত যুগৰ অৱশেষ, সামাজিক বিভাজন আছে ।
কিন্তু এই কথাও লক্ষ্য কৰিব লগীয়া, এই পৰিচয়ভিত্তিক আন্দোলনবোৰৰ চূড়ান্ত লক্ষ্য কি? নিজৰ বাবে বেছিকৈ আদায় কৰাই ইয়াৰ লক্ষ্য । আনৰ বাবে নহয় । থিয় হৈছে এজনে আনজনৰ বিৰুদ্ধে । মানুহৰ সামগ্রিক সংগ্রামৰ ঐক্য নষ্ট হৈছে । আচল যুঁজ মানুহৰ বাবে সম্পদ বৃদ্ধিৰ – যি পথত কাঁইট একচেটিয়া পুঁজি-সামন্ততন্ত্ৰ পৰিচালিত ৰাষ্ট্র ব্যৱস্থা । ফিনান্স পুঁজি বা আন্তৰ্জাতিক পুঁজিৰ বাবে পৰিচয়ভিত্তিক ৰাজনীতি সুবিধাজনক, কিয়নো ই মানুহৰ ঐক্যবদ্ধ সংগ্ৰামক দুর্বল কৰে ।

উত্তৰ-আধুনিক চিন্তা হ’ল এটা নিৰ্দিষ্ট পৰিচয়ৰ মানুহেহে তাৰ ওপৰত হোৱা নিপীড়ন অনুভৱ কৰিব পাৰে । তেওঁলোকৰ বাবে নিপীড়ন কোনো ব্যক্তিনিৰপেক্ষ বাস্তৱ (Objective) নহয় । এয়া মানুহৰ অনুভৱৰ ওপৰত নিৰ্ভৰশীল (subjective)। ইয়াত দুটা লাভ । এক, আদিতেই নিপীড়নবিৰোধী সংগ্রাম হৈ পৰে তাত্ত্বিকভাৱে দুৰ্বল । দুই, এই সংগ্ৰামত অন্য অংশ মানুহৰ অংশগ্ৰহণৰ ৰাস্তাও বন্ধ । গতিকে কোনো জমিদাৰৰ পুতেকে ভূমিহীনৰ বাবে বা ব্ৰাহ্মণ ঘৰৰ ছোৱালীয়ে নিম্নজাতিৰ অধিকাৰৰ বাবে সংগ্ৰাম কৰিলে তাত তেওঁলোকে নায়ক/নায়িকা হোৱাৰ প্ৰৱণতাহে বিচাৰি পায় । কিয়নো যি নিপীড়িত একমাত্ৰ সিহে বুজে তাৰ সমস্যা । মানুহৰ ঐক্যবদ্ধ সংগ্ৰামতো বাদেই, এটা অংশৰ সংগ্ৰামেও যাতে গোটেই ব্যৱস্থাটোক চেলেঞ্জ কৰিব নোৱৰাকৈ শক্তিশালী হৈ নুঠে সেয়াও নিশ্চিত হৈ পৰে।
কিন্তু ৰাজনীতি যিমানেই বিভাজিত নহওক, বজাৰৰ প্ৰসাৰত বাধা নহয় । ভোগবাদৰ বিভাজন নহয় । বৰং বিপণন কৌশলেৰে, মনুহৰ বৈশিষ্ট্য অনুসৰি বজাৰ প্ৰসাৰ কৰিবলৈ আটাইতকৈ দক্ষতা আছে বহুজাতিক সংস্থাবোৰৰেই । ইডলি ডোচাৰ গুড়ি বিক্রী কৰে চুইচ বহুজাতিক সংস্থাই । ভাৰতৰ মানুহৰ চাহিদা অনুযায়ী, বৈশিষ্ট্য অনুযায়ী পণ্য বিক্রী কৰে ম্যাকডোনাল্ড, নাইকি, এডিডাছে । যিমানেই বিভাজন সিমানেই বৈশিষ্ট্য আৰু সিমানেই বজাৰ বৃদ্ধিৰ সুযোগ। উত্তৰ-আধুনিকতাৰ পৰিচয়ভিত্তিক ৰাজনীতি আন্তর্জাতিক পুঁজিৰ বাবে কেৱল ৰাজনৈতিকভাৱেই সুবিধাজনক নহয়, অর্থনৈতিকভাৱেও সুবিধাজনক।
এই কামটোক নিজৰ নিয়ন্ত্ৰণত ৰাখিবৰ বাবেই পৰিচয়ভিত্তিক ৰাজনীতিৰ সংগঠকৰ ভূমিকাত নমোৱা হৈছে আন্তর্জাতিক ফিনান্সত পৰিচালিত এন জি অ'বোৰক, যিবোৰ গঠনেই হয় বিশেষ অংশৰ ভিতৰত কাম কৰিবলৈ। বিভিন্ন অংশৰ মানুহৰ একত্রিত কৰিব বিচৰা সর্বভাৰতীয় পাৰ্টিবোৰক বাধা দিয়াই নহয়, পৰিচয়ৰ ভিত্তিত গঢ়ি উঠা আঞ্চলিক ৰাজনৈতিক দলবোৰৰ বাবেও চেলেঞ্জ হৈ উঠে এই এন জি অ’বোৰ ।

উত্তৰ-আধুনিকতা আৰু ইতিহাস

উত্তৰ-আধুনিকতাৰ আন এটি প্রধান তাত্ত্বিক সিদ্ধান্ত ইতিহাস । ইতিহাস সম্পর্কে উত্তৰ-আধুনিকতাবাদীসকলৰ বক্তব্য, ইতিহাস সম্পর্কে মার্ক্সবাদী ধাৰণাৰ আদিৰপৰা অন্তলৈ বিৰোধী । ইতিহাসৰ ঘটনাৱলীৰ মাজত এটা কার্যকাৰণ সম্পর্ক নিৰ্ধাৰণ কৰাটোৱেই ইতিহাসবিদৰ কাম । এইদৰেই মানৱ সভ্যতাৰ ভৱিষ্যৎ প্রতিষ্ঠা হয়। সমালোচক ডিক হেলডিজে ইয়াৰ বিপৰীতে উত্তৰ-আধুনিকতাক বর্ণনা কৰিছে তিনিটা বিবৃতিৰে : (১) সামগ্ৰিকীকৰণৰ বিৰুদ্ধে (২) চৰম কাৰণবাদ (teleology)ৰ বিৰুদ্ধে, (৩) ভৱিষ্যৎ সম্পর্কে কোনো আশাবাদৰ বিৰুদ্ধে। ইতিহাস সম্পর্কশূন্য কেতবোৰ ঘটনাৰ বিশৃংখল সমাহাৰ । ইয়াৰ মাজত কাৰ্যকাৰণ সম্পর্ক বা কোনো সাধাৰণ সূত্ৰৰ সন্ধান কৰা কেৱল অর্থহীনেই নহয়, অন্যায় । এয়াই ইতিহাস সম্পর্কে উত্তৰ-আধুনিক ধাৰণা । এফ আৰ এঙ্কাৰস্মিডে তেওঁৰ Historiography and Post Modernismঅত কৈছে, মার্ক্সবাদী বা ইতিহাসৰ বৈজ্ঞানিক পৰম্পৰাত বিশ্বাসীসকলে ইতিহাসৰ চৰ্চা কৰিছে গছৰ কাণ্ড (গা-গছ)লৈ লক্ষ্য ৰাখি, কাৰণ এওঁলোকৰ ধাৰণা প্রতিটো পাতৰ মাজৰ সাধাৰণ সম্পর্ক হ’ল কাণ্ডডাল । কিন্তু উত্তৰ-আধুনিক ইতিহাসবিদসকলৰ নজৰ আবদ্ধ ভিন্ন ভিন্নকৈ প্রতিটো পাতৰ ওপৰত কাৰণ ঘটনাৰ সংযুক্তিকৰণ, বিশ্লেষণ বা সামগ্রিকতাক আৱিষ্কাৰ কৰা তেওঁলোকৰ কাম নহয় । এওঁলোকে সৰি পৰা প্ৰতিটো পাতৰ বিশ্লেষণ কৰিব তাৰ উৎসৰ সন্ধান নকৰাকৈয়ে।
ফুকোৰ মতে, ইতিহাসৰ সাধাৰণ সূত্রায়নৰ মাজেৰে যি মতাদৰ্শ তৈয়াৰ হয় সেয়া আচলতে – কোনোবাই বিচাৰক বা নিবিচাৰক এই মতাদর্শ প্ৰতিবাদকাৰী সত্যৰ বিৰুদ্ধে থিয় হয় । গতিকে বিষয়গত সত্য অপ্ৰাসঙ্গিক, অপ্রয়োজনীয় তথা অনির্ণেয় । যিকোনো ঘটনা সম্পর্কে দুটা বচন থাকে – আধিপত্যকাৰী, আনটো নিম্নবর্গীয় । আচলতে কি হৈছিল জানিব বিচৰাটো অর্থহীন । এই পৰস্পৰবিৰোধী বচনেই ইতিহাস । ইতিহাসৰ এনে এক ধাৰণাত এই মুহূৰ্তত আটাইতকৈ সুখী হ’ব সংঘ পৰিয়াল । অযোধ্যাৰ বিতর্কিত নির্মাণটো আচলতে কি আছিল সেয়া অর্থহীন, সেইটো ৰাম জন্মভূমি অথবা বাবৰি মছজিদ – এই দুটা বচনহে বাস্তৱ । বিজেপিৰ চৰকাৰ থাকিলে সেয়া ৰাম জন্মভূমি – এইটো হ’ব আধিপত্যকৰী বচন আৰু আমি তাৰ বিৰুদ্ধে যুঁজিম আৰু কোনো ধর্মনিৰপেক্ষ চৰকাৰ থাকিলে আধিপত্যকৰী বচনটো হ’ব, সেইটো বাবৰি মছজিদ।
অৱশ্যে ইতিহাস চর্চাত উত্তৰ-আধুনিক বিশেষজ্ঞসকলৰ গুৰুত্বপূর্ণ অৱদানো আছে। চমক সৃষ্টিকাৰী ডাঙৰ ঘটনাক কেন্দ্র কৰিয়েই ইতিহাসৰ অনুসন্ধানৰ সূত্রপাত হয় । এই অগ্রাধিকাৰৰ ধাৰণাক নাকচ কৰি তেওঁলোকে যি সমস্ত ঘটনাৱলীক আওতালৈ আনিছে সি প্রাতিষ্ঠানিক ইতিহাসত গুৰুত্ব পোৱা নাছিল। ফুকোৰ Madness and Civilization বা Discipline & Punish: the Birth of Prison এই বিষয়বোৰৰ ওপৰত গুৰুত্বপূর্ণ গৱেষণা । ফুকোৰ আগতে কোনেও এইধৰণে চিন্তা কৰা নাছিল । ইতিহাসৰ মার্ক্সবাদী ধাৰণা বা ঐতিহাসিক বস্তুবাদ সম্পর্কে এই অভিযোগ বহু পুৰণি যে – ই অতিনির্ণয়তাবাদী (overdetersministic) – যি প্রায় ভৱিষ্যৎবাদত পৰিণত হয় । অর্থাৎ ইতিহাসৰ বিভিন্ন স্তৰ – ইতিহাস এইদৰেই সৰল ৰেখাৰে চলিব, ইয়াত মানুহৰ একো কৰিবলগীয়া নাই । উত্তৰ-আধুনিকতাবাদীসকলে এই প্রশ্নই কৰিছে – সচেতন মানুহৰ ভৱিষ্যৎ সম্পর্কে তেন্তে কৰিবলগীয়া একো নাই নেকি ? ইতিহাস কি একেবাৰে নিৰ্দিষ্ট হ’ব, ইফাল-সিফাল হোৱাৰ সম্ভাৱনা নাই নেকি? ইতিহাসত দুর্ঘটনা নঘটে নেকি? মার্ক্সবাদ অতিনির্ণয়তাবাদী – এই অভিযোগ উত্থাপিত হৈছিল কাৰ্ল কাউৎস্কিৰ নেতৃত্বৰ দ্বিতীয় আন্তর্জাতিকৰ বিশ্লেষণৰ বিৰুদ্ধে । পুঁজিবাদৰ পতন বা সমাজতন্ত্ৰৰ উদ্ভৱ অৱশ্যম্ভাৱী, গতিকে শ্রমিক শ্ৰেণীৰ আপাতত কাম হ’ল অর্থনৈতিক দাবী আদায় কৰা আৰু পাৰ্টিৰ বাবে ভোট যোগাৰ কৰা । সমাজবিপ্লৱ, সেয়াতো এসময়ত হ’বই । সমাজবিপ্লৱ স্বয়ংক্রিয়ভাৱে নহয় – ইয়াক সংগঠিত কৰিব লাগে - এই মৌলিক ধাৰণাৰপৰা বিচ্যুত হৈছিল কাউৎস্কি ।
ইতিহাসৰ গতি কোন দিশে সেয়া অৱশ্যেই গুৰুত্বপূৰ্ণ । তাক লৈ বিতৰ্ক থাকিবই। মেক্স ৱেবাৰে কৈছে যুক্তিবাদ প্রতিষ্ঠাই সভ্যতাৰ চালিকা শক্তি । কার্ল মার্ক্সে কৈছে শ্ৰেণীসংগ্রামেই চালিকা শক্তি। ইতিহাসৰ এই সাধাৰণ সূত্ৰক উত্তৰ-আধুনিকতাবাদীয়ে অস্বীকাৰ কৰে। আমি কোন দিশে গৈ আছো, ইয়াৰ উত্তৰ মিচেল ফুকোৰ নাই । এই সমস্যা-সংকুল জীৱনৰ অন্তত কোনো আশাৰ ৰশ্মি নাই । উত্তৰ-আধুনিকতা এক সর্বগ্রাসী “নাই” দর্শন । হতাশাই ইয়াৰ প্রধান আলম আৰু সমাজ অগণন সংঘর্ষ, পৰিচয়, বচনৰ নিৰ্মাণ তথা বিনির্মাণ আৰু আকৌ তাৰ বিনির্মাণৰ সমষ্টি । ইয়াত সকলোৱে যুদ্ধৰত । কিন্তু যুদ্ধত জিকিও একো লাভ নাই । কাৰণ আজি যি নিপীড়িত কাইলৈ সি আধিপত্যকাৰী । উত্তৰ-আধুনিকতাই এইদৰে নৈৰাজ্যবাদৰ সীমা চেৰাই নিহিলিজম (nihilism)ৰ আশ্ৰয় লৈছে ।
এই কথাও স্বীকার্য মানুহৰ অৰ্থনৈতিক বা শ্রেণী পৰিচয়েই প্রধান-একমাত্ৰ নহয়। এই সৰলীকৰণৰ ভুল মার্ক্সবাদীসকলে বহু সময়ত কৰিছে । উত্তৰ-আধুনিকতাই মানুহৰ অন্য পৰিচয়বোৰৰ গুৰুত্ব নতুনকৈ উপলব্ধি কৰাইছে । উল্লেখযোগ্য যে প্ৰাতিষ্ঠানিক মাৰ্ক্সবাদী পাৰ্টিবোৰৰ বাঁওপন্থী সমালোচকসকলৰ কোনেও এই কথা খণ্ডন নকৰে । আনহাতে, উত্তৰ-আধুনিকসকলেও বচন হিচাপে মাৰ্ক্সবাদক নাকচ নকৰে ।

মাৰ্ক্সবাদ বনাম উত্তৰ-আধুনিকতাবাদ

উত্তৰ-আধুনিকতাৰ বিস্তৃত সময়সীমা জুৰি প্ৰাতিষ্ঠানিক মাৰ্ক্সবাদৰ বিৰুদ্ধে যিবোৰ সমালোচনা তাৰ কোনো সাৰমৰ্ম নাই, এই কথা ঠিক নহয় । সন্দেহ নাই, সমালোচনাবোৰ বহু সময়ত ভুলধৰণে প্ৰকাশ কৰা হয় । বহু সময়ত অযথা জটিলতা আমদানি কৰা হয় । কিন্তু সেইবোৰৰ ওপৰত গুৰুত্ব দি মূল বিষয়বোৰক এৰাই চলা ঠিক কথা নহ’ব । প্ৰাতিষ্ঠানিক মাৰ্ক্সবাদৰ ডাঙৰ সীমাবদ্ধতা হ’ল শ্ৰেনীৰ বাদেও আন বচনবোৰো পৰিস্থিতিসাপেক্ষে গুৰুত্বপূৰ্ণ হৈ উঠিব পাৰে এই সত্য উপলব্ধি নকৰা । উদাহৰণস্বৰূপে, ভাৰতৰ ব্যৱহাৰিক ৰাজনীতিত জাত-পাতৰ ৰাজনীতিৰ গুৰুত্ব অপৰিসীম। জাতি পৰিচয়ৰ ৰাজনীতিয়ে বহু সময়ত শ্ৰেণী-ৰাজনীতিকো পিছ পেলায় । এই বাস্তৱতা বুজাত বহু প্ৰাতিষ্ঠানিক মাৰ্ক্সবাদী বহু সময়ত ব্যৰ্থ হৈছে ।

এই ব্যৰ্থতাৰ কাৰণ কি ? যি মতাদৰ্শৰ ভিত্তিত মাৰ্ক্সবাদীসকলে পৰিৱৰ্তনৰ ৰাজনীতি কৰে সেই মতাদৰ্শক বহু সময়ত তেওঁলোকে বুজে যান্ত্ৰিকভাৱে । শ্ৰেণী তেওঁলোকে বিচাৰিবই লাগিব, সৰ্বত্ৰ । সকলো কথাই হ’ব শ্ৰেণী দ্বন্দ্বৰ ভাষাত । এয়াই তেওঁলোকৰ সমস্যা । কিন্তু এই সমস্যা দূৰ কৰাৰ বাবে উত্তৰ-আধুনিক প্ৰকল্প গ্ৰহণ কৰিব লাগিব, সেয়া অনাৱশ্যক । কিয়নো তাত পৰিৱৰ্তন আৰু প্ৰগতিৰ আদিকল্পয়েই নাকচ হৈ যায় , ফলত নাকচ হৈ যায় নতুন সমাজ গঢ়াৰ ব্যক্তব্য । নিৰ্দিষ্ট পৰিস্থিতিত কোন দ্বন্দ্ব প্ৰধান আৰু সেই দ্বন্দ্ব নিৰসনত কোন বচনৰ কি ভূমিকা সেয়া বুজিব লাগিব যান্ত্ৰিকতা বিসৰ্জন দি । বহু প্ৰাতিষ্ঠানিক মাৰ্ক্সবাদীয়ে আপ্তবাক্যৰ দৰে “essential” শ্ৰেণীসংগ্ৰামৰ কথাটোকেই খামোচ মাৰি ধৰি থাকে । কিন্তু মাৰ্ক্সবাদী মাত্ৰেই Essentialismঅৰ চিকাৰ, এই কথাও ইতিহাসসিদ্ধ নহয় । ইতিহাসত যাৰ সাফল্য প্ৰশ্নাতীত সেই ভ্লাডিমিৰ লেনিন বা মাও চে তুং কোনেও সেইদৰে বুজা নাই মাৰ্ক্সবাদক । কেৰেলাৰ পৰিস্থিতিত নাম্বুদিৰিপাদে অস্পৃশ্যতা বা জাতি সমস্যাক, শ্ৰেণী সমস্যাত কৈ অলপো কম গুৰুত্ব দিয়া নাই । আচল কথা বাস্তৱ পৰিস্থিতিৰ বাস্তৱ বিশ্লেষণ আৰু সেয়া কৰিব লাগিব নিজৰ মতাদৰ্শ সম্পৰ্কে সকলো যান্ত্ৰিকতা বিসৰ্জন দি। উত্তৰ-আধুনিকতাবাদীসকলৰপৰা বচন-ভিত্তিক অণু-সংগ্ৰামৰ ৰজনীতি নিশ্চয় শিকিব পাৰে মাৰ্ক্সবাদীসকলে, তাকো নিজৰ মতাদৰ্শৰ ৰাজনীতি বাদ নিদিয়াকৈয়ে ।
ইতিহাসৰ গতি সৰলৰৈখিক, সকলোৰে একেই ভৱিষ্যৎ, এয়া মাৰ্ক্সবাদী ধাৰণা নহয় । মাৰ্ক্সবাদী ইতিহাসবিদ ই এইচ কাৰে ইতিহাস কি (What is History) গ্ৰন্থত দেখুৱাইছে, পৃথিৱী সূৰ্যৰ ওচৰ চাপিলে গৰম হ’ব আৰু দূৰলৈ গ’লে শীতল হ’ব, এনে সৰল একমাত্ৰিক কাৰ্যকাৰণ বিশ্লেষণেৰে মানৱ সমাজ নচলে। ইয়াত বহু সংস্থা, বহু মানুহ, বহু পটভূমি একেলগে ক্ৰিয়াশীল । গতিকে কাৰ্যকাৰণ সম্পৰ্কও জটিল আৰু মানুহৰ নিজস্ব ভূমিকাও গুৰুত্বপূৰ্ণ। মানুহে অচেতনভাৱেই ইতিহাস ৰচনা কৰে, কিন্তু মানুহেই কৰে।

 

Share Button
Print Friendly, PDF & Email

No Comments : "উত্তৰ আধুনিকতাবাদ : একবিংশ শতাব্দীৰ ভাববাদ --(অংশুমান শৰ্মা; মানৱ মুখাৰ্জীৰ একে নামৰ গ্ৰন্থৰ আলমত লিখা নিবন্ধ)"

Leave a Comment

Your email address will not be published. Required fields are marked *