নিবন্ধবিজ্ঞান-প্ৰযুক্তি

উত্তৰণ আৰু মানুহ

আজিৰ পৃথিৱীত মানুহ নামৰ জীৱবিধ অন্য সকলো জীৱতকৈ উন্নত, অন্য অৰ্থত ক’বলৈ গ’লে সকলোতকৈ শ্রেষ্ঠ। পৃথিৱীত অন্যান্য জীৱ সৃষ্টি হোৱাৰ বহু বছৰৰ পিছতহে মানুহ নামৰ জীৱবিধৰ জন্ম হৈছিল। সাধাৰণ দৃষ্টিত মানুহ নামৰ জীৱবিধ পৃথিৱীৰ অন্য বহু জীৱৰ তুলনাত নবীন আৰু শাৰীৰিকভাৱে দুৰ্বল। কিন্তু বিস্ময়জনক কথা এয়াই যে শাৰীৰিকভাৱে দুৰ্বল আৰু নবীন এই জীৱবিধেই আজিৰ পৃথিৱীখনত প্রভুত্ব খটুৱাই আহিছে। অৱশ্যে বহু লক্ষ বছৰৰ আগতে মানুহ আৰু অন্য ইতৰ জীৱৰ মাজত কোনো পাৰ্থক্য নাছিল। সেই ইতৰ প্রাণীবোৰ লক্ষ বছৰৰ আগতে যেনে আছিল – এতিয়াও প্রায় তেনে অৱস্থাতেই আছে। কিন্তু মানুহ নামৰ জীৱবিধে উন্নতিৰ জখলাত খাপে খাপে উঠি আহি আজি এনে এটা স্তৰত উপনীত হৈছে যে এই বিশাল বিশ্বব্রহ্মাণ্ডৰ পৃথিৱী নামৰ ক্ষুদ্র এই গ্রহটোৰ মানুহ নামৰ জীৱবিধে ব্রহ্মাণ্ডৰ অন্য এটা গ্রহত থাকিবৰ বাবে পৰিকল্পনা কৰিব পাৰিছে। পৃথিৱীৰ এটা চুকত বহি বহিয়েই কোটি কোটি আলোকবৰ্ষৰ দূৰত থকা নক্ষত্র, তাৰকামণ্ডলীৰ বিষয়ে জ্ঞান আহৰণ কৰিব পাৰিছে।

শাৰীৰিকভাৱে দুৰ্বল হৈয়ো মানুহে অসাধ্য সাধন কৰিছে। নিজকে পৃথিৱীৰ সকলো জীৱতকৈ শ্রেষ্ঠ বুলি প্রতিষ্ঠিত কৰিব পাৰিছে। এই সকলোবোৰ সম্ভৱ হৈছে – মানুহৰ বুদ্ধি তথা চিন্তাশক্তিৰ বলত।

কিন্তু এইখিনিতে এটা কথা বিশেষভাৱে মন কৰিবলগীয়া। যদিও মানুহে আদিম অৱস্থাৰপৰা ক্রমে ক্রমে উন্নতি কৰি আজিৰ অৱস্থা পাইছেহি – মানুহৰ উন্নতিৰ গতিবেগ কিন্তু সকলো সময়তে সমান নহয়। মানুহৰ বুদ্ধি তথা চিন্তাশক্তিৰ উত্তৰণ এটা বিশেষ যুগত অতি ক্ষিপ্ৰভাৱে হ’ল। কি পৰিস্থিতিয়ে মানুহক ক্ষিপ্ৰ উত্তৰণত সমল যোগালে তাৰ বিশ্লেষণ কৰাটোৱেই এই লেখনিৰ উদ্দেশ্যে ।

০০০০০

মানুহৰ উপৰিপুৰুষ বুলিলে আমি যাক বুজো, নৃতাত্ত্বিক পৰিভাষাত সেই হ’ম’-ছেপিয়েনছ জাতীয় মানুহৰ পৃথিৱীত আবিৰ্ভাব ঘটিছিল মাত্র তিনি লাখ বছৰৰ আগতে। কিন্তু সেই মানুহকো আমি আচল মানুহ বুলি নকওঁ। মানুহৰ সম্পূৰ্ণ লক্ষণ ফুটি উঠিবলৈ তাৰ পাছতো প্রায় আঢ়ৈ লক্ষ বছৰ দৰকাৰ হ’ল। পৃথিৱীৰ বুকুত বৰ্তমান কালৰ মানুহৰ লগত মিল থকা মানুহক দেখা গ’ল মাত্র চল্লিছ হেজাৰ বছৰৰ আগতে।

সভ্যতাৰ প্রথম ক্ষীণ পোহৰ দেখিবলৈ তাৰ পিছতো মানুহক ত্রিশ হাজাৰ বছৰতকৈ বেছি সময় লাগিল। সভ্যতাৰ আৰম্ভণি হ’ল মাত্র ছহেজাৰ বছৰৰ আগতে। ছহেজাৰ বছৰৰ আগতে যি মানৱ সভ্যতাৰ আৰম্ভণি হৈছিল, সৌ সিদিনাখনলৈকে অৰ্থাৎ তিনিশ বছৰৰ আগলৈকে তাৰ কোনো মৌলিক পৰিবৰ্তন হোৱা নাছিল। পৰিবৰ্তন যিখিনি হৈছিল তাৰ গতিবেগ আছিল অতি মন্থৰ গতিৰ। কিন্তু লুইতৰ বলিয়া বানে মথাউৰি ভাঙি চৌদিশ প্লাৱিত কৰাৰ দৰে হঠাৎ এদিন পৰিবৰ্তনৰ জোৱাৰে সমগ্র পৃথিৱী প্লাৱিত কৰি পেলালে। এই ঘটনা ঘটিছিল মাত্র তিনিশ বছৰৰ আগতে। মানুহৰ ইতিহাসত ছহেজাৰ বছৰৰ আগতে যি পৰিবৰ্তন হোৱা নাছিল, তাতকৈ হেজাৰ গুণ বেছি পৰিবৰ্তন ঘটিল মাত্র যোৱা তিনিশ বছৰৰ ভিতৰত। বাষ্পচালিত ইঞ্জিনৰপৰা আৰম্ভ কৰি স্বয়ংচালিত মহাকাশযানলৈ, টেলিগ্রাফ-টেলিফোনৰপৰা আৰম্ভ কৰি সংযোগী কৃত্রিম উপগ্রহলৈ, ৰাইট ভাতৃদ্বয়ৰ প্রথম আকাশ ভ্রমণৰপৰা আৰম্ভ কৰি চেলেঞ্জাৰৰ মহাকাশ অভিযানলৈকে – মাত্র যোৱা তিনিশ বছৰৰ ভিতৰত মানুহে যি নতুন বিস্ময়কৰ সভ্যতা গঢ়ি তুলিছে তেনে এক সভ্যতাৰ কথা অতীতৰ সকলো যুগৰ মানুহৰ বাবে সপোনৰো অগোচৰ আছিল। মানুহৰ এই অবিশ্বাস্য উন্নতি কেৱল বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ ক্ষেত্রতে সীমাবদ্ধ নহয়। সমাজ, ৰাজনীতি, ধৰ্ম সকলোতে মানব সমাজৰ বৈপ্লৱিক পৰিবৰ্তন ঘটিল। গণতন্ত্র, মানৱ অধিকাৰ, নাৰীমুক্তি, সাৰ্বজনীন শিক্ষা, ধৰ্মনিৰপেক্ষতা আদি উন্নত ভাবধাৰাৰ সৃষ্টি হ’ল।

এই গোটেই যুগটোৱেই আমি মানৱ জাতিৰ ইতিহাসত আধুনিক যুগ বুলি কওঁ। মানৱ সভ্যতাৰ ছহেজাৰ বছৰত নঘটা যুগান্তকাৰী ঘটনাবোৰ মাত্র যোৱা তিনিশ বছৰতে ঘটাটো কেনেকৈ সম্ভব হ’ল বা মানুহৰ মন আৰু চিন্তাশক্তিত সংঘটিত কিধৰণৰ পৰিবৰ্তনৰ ফলত ই সম্ভৱ হ’ল – সেই কথা বিশ্লেষণ কৰিলে আমি দেখো যে মানুহে যেতিয়াই গোড়ামি, ৰক্ষণশীলতা আৰু অন্ধবিশ্বাসৰ দাসত্ব বন্ধনৰপৰা মনক মুক্তি দিবলৈ সক্ষম হৈছিল – তেতিয়াই আধুনিক যুগৰ সূচনা কৰিবলৈ সক্ষম হৈছিল।

ইউৰোপৰ নৱজাগৰণেই আধুনিক যুগৰ সূচনা কৰছিল। নৱজাগৰণে গোড়ামি, ৰক্ষণশীলতা আৰু অন্ধবিশ্বাসৰ দাসত্ব বন্ধনৰপৰা মানুহৰ মনক মুক্তি দিছিল।

আমাৰ ভাৰতৰ সভ্যতা আৰু সংস্কৃতিও অতি প্রাচীন আৰু চহকী। কিন্তু এইটো অনস্বীকাৰ্য যে আধুনিক যুগৰ সূচনা সৃষ্টিত ভাৰতৰ বিশেষ বৰঙণি নাই, কাৰণ ৰক্ষণশীলতা, অন্ধবিশ্বাস আৰু গোড়ামিৰপৰা ভাৰত সম্পূৰ্ণ মুক্ত হ’ব পৰা নাই। ৰক্ষণশীলতা, অন্ধবিশ্বাস আৰু গোড়ামিৰপৰা এখন দেশ, এটা জাতি বা এজন ব্যক্তি যিমান সোনকালে মুকলি হ’ব জ্ঞান আৰু উন্নতিৰ পথ সিমানে তীব্রতৰ হ’ব। কিন্তু মানুহৰ মাজত ৰক্ষণশীলতা, অন্ধবিশ্বাস, কু-সংস্কাৰ আদিৰ প্রভাৱ যিমান দিনলৈ থাকিব, এই তীব্র উত্তৰণেই পৃথিৱী ধ্বংস হোৱাৰ কাৰক হৈ পৰিব পাৰে!

অনুপমা বৰগোহাঁই

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *