উত্তৰ-ঔপনিৱেশিক পৃথিৱী, নেহৰুৰ ঐক্যমত আৰু পৰিৱৰ্তনৰ গতিবেগ-(ইন্দ্ৰজিৎ বৰা)

() প্ৰস্তাৱনা: আলোচনাৰ পটভূমি

ক) যেতিয়া আমি কেৱল ভৰতবৰ্ষৰ নিৰ্বাচনী ৰাজনীতিৰ গণ্ডীৰ ভিতৰত প্ৰশ্নবোৰ আলোচনাৰ মাজলৈ আনো তেতিয়া স্বাভাৱিকভাৱেই আৰ্থ-সামাজিক দিশবোৰ চকুত নপৰে। উদাহৰণস্বৰূপে প্ৰতিষ্ঠান-বিৰোধিতাৰ দৰে ৰাজনৈতিক পৰিঘটনাবিলাক নিৰ্বাচনী গণিতৰ মাজতেই আবদ্ধ নহয়৷ বিৱৰ্তিত আৰ্থ-সামাজিক শক্তিবিলাকৰ গতিশীলতাইহে সাময়িকভাৱে এনে আনুষ্ঠানিক পৰিৱৰ্তন ঘটায়৷ সেয়ে প্ৰতিটো সমালোচনাই এক ঐতিহাসিক দৃষ্টিকোণৰ পৰা আৰম্ভ কৰিলেহে আৰ্থ-সামাজিক সমীকৰণবিলাক অনুধাৱন কৰাটো সম্ভৱপৰ হয়।

খ) ব্যক্তিনমস্যতা আৰু তাৰ প্ৰতিক্ৰিয়া হিচাপে ভাবমূৰ্তি ধংস কৰা- দুয়োটাই একে ব্যক্তিত্বকেন্দ্ৰিক অদূৰদৰ্শিতা আৰু এনে ব্যক্তিকেন্দ্ৰিক প্ৰৱণতা ইতিহাস অধ্যয়নৰ এক ডাঙৰ হেঙাৰ৷ সমালোচনাৰ বস্তুগত, ঐতিহাসিক আৰু আৰ্থ-সামাজিক ভিত্তি থাকিলে সি তেনে ব্যক্তিকেন্দ্ৰিক প্ৰৱণতাত কেতিয়াও পথভ্ৰষ্ট হ’ব নোৱাৰে৷ গতিকে নেহৰুৰ ঐতিহাসিক গুৰুত্ব স্বৰাজোত্তৰ ভাৰতৰ ‘নেহৰুৰ ঐক্যমত’ৰ মাজতহে বিৰাজমান আৰু উত্তৰ-ঔপনিৱেশিক পৃথিৱীৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ মাজতেই ইয়াৰ ঐতিহাসিক পটভূমি বিচাৰ কৰিব লাগিব । স্বাধীন ভাৰতৰ প্ৰাক-সন্ধ্যা নেহৰুৱে সংবিধান সমিতিক উদ্দেশ্যি দিয়া সেই বিখ্যাত “Tryst With Destiny”ৰ মাজত তাৰেই আভাস পোৱা যায়৷ "……………the service of India means the service of the millions who suffer. It means the ending of poverty and ignorance and disease and inequality of opportunity. The ambition of the greatest man of our generation (নিশ্চিতভাৱে মহাত্মা গান্ধী) has been to wipe every tear from every eye. That may be beyond us, but so long as there are tears and suffering, so long our work will not be over.”

গ) জনপ্ৰিয় ৰাজনৈতিক ব্যাখ্যা যিয়েই নহওক কিয়, গণতান্ত্ৰিক আৰু সামগ্ৰিক চেতনা সমসাময়িক আৰ্থ-সামাজিক সমীকৰণে সৃষ্টি কৰা প্ৰভুত্বৰ পৰা মুক্ত নহয়৷ কিয়নো উত্তৰ-ঔপনিৱেশিক পৃথিৱীত শ্ৰেণী সংগ্ৰাম নহয়, শ্ৰেণীৰ বিকাশ আৰু অস্তিত্বৰ সংগ্ৰামেহে প্ৰাধান্য লাভ কৰিছে৷ ঔপনিৱেশিকতাৰ কবলত সাম্ৰাজ্যবাদী বৰ্বৰতাৰ অনুধাৱন হৈছিল, কিন্তু পাশ্চাত্যৰ আৰ্থ-সামাজিক বিৱৰ্তনৰ ক্ৰমণিকাত উত্তৰ-ঔপনিৱেশিক ভাৰতক বিচাৰি পোৱাটো অসম্ভৱেই আছিল৷ পশ্চিমীয়া ক্ৰমণিকাই সামন্তীয় আৰু নব্য সামন্তীয় উপাদানবিলাকৰ মাজত পুঁজিৰ বিকাশৰ প্ৰতি ভীতি-বিহ্বলতাৰ সৃষ্টি কৰে আৰু তাৰ পৰিণতিস্বৰূপেই এক নব্য-সামন্তীয়সমীকৰণ বৰ্তাই ৰখাৰ প্ৰক্ৰিয়াই ন্যায্যতা লাভ কৰিলে। ইয়েই অৰ্থনীতিৰ উৎপাদনশীল শক্তিবিলাকক চিনাক্ত কৰাৰ ক্ষেত্ৰত অনিশ্চয়তাৰ সৃষ্টি কৰিলে। গতিকে, সম্প্ৰতি স্বঘোষিত বজাৰ নব্য-উদাৰতাবাদীসকল সম্পত্তিৰ এই ঐতিহাসিক জমা প্ৰক্ৰিয়াক লৈ কেনেকৈ উদাৰনৈতিক? বাস্তৱিকতে অৰ্থনৈতিক উদাৰতাবাদৰ অৱস্থান তেতিয়াহে অৰ্থপূৰ্ণ হ’ব যেতিয়া ভাৰা বিচাৰি থকা সম্পত্তিবোৰ আৰ্থ-সামাজিক বিৱৰ্তন প্ৰক্ৰিয়াৰ যোগেদি দ্ৰৱীভূত হ’ব অথবা নব্য পুঁজিলৈ ৰূপান্তৰ হয়।

() উত্তৰ-ঔপনিৱেশিক ৰাষ্ট্ৰবিলাকৰ চৰিত্ৰগত বৈশিষ্ট্য

এইখিনিতে, বিশ্বৰউত্তৰ-ঔপনিৱেশিক ৰাষ্ট্ৰবিলাকৰ চৰিত্ৰগত বৈশিষ্ট্য কেনেধৰণৰ? অধিনায়কত্ববাদী ৰাষ্ট্ৰবোৰ হ’ল এফালে আদিম মধ্যযুগীয়া সামন্তীয় ধৰ্মৰাষ্ট্ৰবোৰ নতুবা নব্য সামন্তীয়ৰূপী সামগ্ৰিকতাবাদী ৰাষ্ট্ৰ-সৰ্বস্ব আৰ্হিবোৰ। দ্বিতীয়বিধ একনায়কত্ববাদ-ঔপনিৱেশিকতাবাদৰ বিৰুদ্ধে উদ্ভৱ হোৱা জাগৰণতেই সৃষ্টি এক ঐতিহাসিক সাঁথৰ। সামাজিক-সাংস্কৃতিক বিৱৰ্তনৰ ধাৰাক কেৱল আধুনিক ৰাষ্ট্ৰৰ প্ৰশাসনিক প্ৰযুক্তিৰে নিৰ্ণয় কৰিবলৈ লোৱাৰ দৰে বৃথা প্ৰচেষ্টাৰ পৰিণতি। এই দুই ৰাষ্ট্ৰ প্ৰণালীয়েই প্ৰকৃততে এক গণতান্ত্ৰিক পোছাক পিন্ধি আমোলাতান্ত্ৰিক পদক্ৰমণিকাৰে সামন্তীয় সম্পৰ্কবোৰ বৰ্তাই ৰাখে আৰু পুঁজিবাদ-সাম্ৰাজ্যবাদৰ বিৰুদ্ধাচৰণেৰে গৰিমামণ্ডিত হয়। বিকাশৰ আলি-দোমোজাত থকা উত্তৰ-উপনিৱেশিক ৰাষ্ট্ৰবোৰ গণতান্ত্ৰিক, জনপ্ৰিয় আৰু আধুনিকতাৰ প্ৰদৰ্শনীমূলক অনুকৰণেৰে মহিমামণ্ডিত । পিছে পুঁজিৰ ক্ষমতাইহে নিৰ্ণয় কৰে সাম্প্ৰতিক পৃথিৱী । এই গোলকীয় পৃথিৱীত পুঁজিৰ দেশ-বিদেশ কিম্বা জাতীয়তা নাথাকে, অৱশিষ্ট হৈ ৰয় একচেটিয়া ক্ষমতাৰ ৰাষ্ট্ৰীয়কৰণ। পুঁজিৰ একচেটিয়া ক্ষমতা অৰ্থনৈতিকভাৱে ৰক্ষণশীল আৰু তাৰ সন্মুখত আদিম অধিনায়কত্ববাদী ৰাষ্ট্ৰবোৰো সম্পদ আহৰণৰ একোটা সম্ভাব্য চুক্তিতকৈ পৃথক নহয় আৰু সেয়ে আজিৰ পৃথিৱীতো সামন্তীয় ক্ষেত্ৰবোৰ বিৰাজমান। পশ্চিমীয়া গণতান্ত্ৰিক ৰাষ্ট্ৰবিলাকৰ ভূ-ৰাজনৈতিক আচৰণে তাকেই প্ৰতিফলিত কৰে । উদাহৰণস্বৰূপে, মধ্য প্ৰাচ্যৰ অধিনায়কত্ববাদৰ পটভূমি হিচাপেপাশ্চাত্যই এক প্ৰকাৰৰ “অসামৰ্থ সংস্কৃতি” জাতীয় মধ্যযুগীয়া সূত্ৰৰ দোহাই দিলেও, প্ৰকৃতাৰ্থত বাণিজ্যিক স্বাৰ্থতেই দূৰবৰ্তী সামন্তীয় উপনিৱেশ কিছুমান প্ৰতিষ্ঠা কৰাত পাশ্চাত্য সফল হৈছে।

() অৰ্ধ-সামন্তীয় পুঁজিবাদ: এক ঐতিহাসিক সাঁথৰ

এই প্ৰসঙ্গতে স্বৰাজোত্তৰ ভাৰতৰ উন্নয়নবাদী সংসদীয় গণতন্ত্ৰত উদ্ভৱ হোৱা আৰু সৰ্বশেষত নিৰ্বাচনী ৰাজনীতিৰ ওচৰতেই শৰণাপন্ন হোৱা বিভিন্ন জাতীয়তাবাদী ধাৰাবিলাকৰ আৰ্থ-সামাজিক ভিত্তিৰ এক নিৰ্মোহ বিশ্লেষণৰ প্ৰয়োজন হ’ব। পাশ্চাত্যৰ ক্ৰমণিকাৰ পৰা আমি এই সিদ্ধান্তত উপনীত হওঁ যে পুঁজিৰ বিকাশ আৰু শ্ৰেণীবিভাজনেই আধুনিক ৰাষ্ট্ৰ আৰু জাতীয়তাবাদৰ জন্ম দিয়ে৷ কিন্তু তাৰ বিপৰীতে উত্তৰ-ঔপনিৱেশিক আধুনিক ৰাষ্ট্ৰ আৰু বিভিন্ন জাতীয়তাবাদী ধাৰাৰ সৌজন্যত পুঁজিৰ বিকাশ আৰু শ্ৰেণীবিভাজন সম্ভৱনে ? পাশ্চাত্যৰ পৰম্পৰাগত পুঁজিবাদী বিকাশৰ বিপৰীতে অৰ্ধ-পুঁজিবাদী বিকাশ উত্তৰ-ঔপনিৱেশিক ৰাষ্ট্ৰ এখনৰ বৈশিষ্ট্য হৈ পৰিছিল । প্ৰশ্ন হ’ল পুঁজিবাদী বিকাশে পূৰ্ণতা নোপোৱাকৈ সমাজবাদলৈ ৰূপান্তৰ সম্ভৱনে আৰু যদি নহয় তেন্তে পুঁজিবাদৰ পূৰ্ণ বিকাশ বুলি ক’লে কি বুজা যাব ? শেহতীয়াকৈ হোৱা উত্তৰ-ঔপনিৱেশিক ৰাষ্ট্ৰবিলাকত পুঁজিবাদৰ পূৰ্ণ বিকাশ সম্ভৱনে? যিহেতু সামন্তীয় গাঁথনিৰ পৰা সমাজবাদলৈ পোনপটীয়া ৰূপান্তৰ অসম্ভৱ, গতিশীল আৰ্থ-সামাজিক গাঁথনিৰ সৈতে কেনেকৈ মোকামিলা কৰা হ’ব আৰু বনুৱাৰ একনায়কত্ববাদত সেই গাঁথনিটোৱে কেনে ৰূপ ল’ব ? মুঠতে এনে বিৱৰ্তিত সময়ত শ্ৰমজীৱী জনগণে যদি নেতৃত্ব দিব লাগে তেন্তে কাৰ সৈতে সন্মিলিত হ’ব লাগিব ? যদি সামন্তবাদৰ অৱসান ঘটাব লাগে, তেন্তে শ্ৰমজীৱীজনগণে দেশৰ বুৰ্জোৱাসকলৰ লগ লাগি সামন্তীয় ব্যৱস্থাৰ বিৰুদ্ধে এটা গণতান্ত্ৰিক আন্দোলন কৰাটো কিমান সমীচীন হ’ব ? এইক্ষেত্ৰত এটা পৰ্যবেক্ষণ স্পষ্ট যে শেহতীয়াকৈ পুঁজিবাদী বিকাশ হোৱা ৰাষ্ট্ৰবিলাকৰ ক্ষেত্ৰত বুৰ্জোৱাসকলৰ সামন্তীয় সম্পৰ্কৰ বিৰুদ্ধে গণতান্ত্ৰিক বিপ্লৱ গঢ়ি তোলাৰ ক্ষেত্ৰত সদিচ্ছাৰ অভাৱ । পুঁজিপতিসকলে সামন্তীয় সম্পৰ্কৰ লগত আপোচ কৰিলৈ লয় আৰু তেনে আপোচে গণতান্ত্ৰিক আকাঙ্ক্ষাৰ বিপৰীতে চহা জনগণৰ ওপৰত সামন্তীয় দমন অব্যাহত ৰাখিলে। অক্টোবৰ বিপ্লৱৰ সময়তো এই প্ৰশ্নটোৱে বিতৰ্কৰ সৃষ্টি কৰিছিল যে শ্ৰমজীৱীজনগণে চহাৰ সৈতে সন্মিলিত হৈ গণতান্ত্ৰিক বিপ্লৱ কৰাৰ পাছত শ্ৰমজীৱীজনগণে চহা জনজীৱনৰ সামন্তীয় সম্পৰ্ক ভাঙি তৃণমূল পৰ্যায়ৰ পৰা পুঁজিবাদী বিকাশৰ পোষকতা কৰিব নেকি?

প্ৰসঙ্গক্ৰমে অক্টোবৰ বিপ্লৱৰ শ্লোগান আছিল “শ্ৰমিক আৰু চহাৰ বৈপ্লৱিক গণতান্ত্ৰিক অধিনায়কত্ববাদ”। ইয়াক দুটা নিৰন্তৰ পৰ্যায়ত সমাজবাদৰ শেষ লক্ষ্যত উপনীত হোৱাৰ বিপ্লৱ হিচাপে পৰিকল্পনা কৰা হৈছিল যাৰ নেতৃত্ব দিব শ্ৰমজীৱী জনতাই আৰু এই প্ৰক্ৰিয়াত শ্ৰমিকৰ শ্ৰেণী মিত্ৰ আৰু শ্ৰেণী শত্ৰু সলনি হৈ থাকিব। তেন্তে সমাজবাদলৈ বিৱৰ্তনৰ বাবে পুঁজিবাদৰ পূৰ্ণ বিকাশৰ প্ৰয়োজন নাথাকে নেকি? লেনিনে পুঁজিবাদী বিকাশৰ দুটা পথৰ কথা কৈছে । এটাত সামন্তীয় গাঁথনি প্ৰায় সম্পূৰ্ণকৈ অতিক্ৰম কৰা হৈছে । অন্যটোত পুঁজিবাদী বিকাশ পৰম্পৰাগত সামন্তীয় সম্পৰ্কৰ সৈতে মিলিত হৈছে যাক এক ধৰণৰ অৰ্ধ-সামন্তীয় পুঁজিবাদ বুলি ক’ব পাৰি । আগৰটোৰ কাৰণে ইতিমধ্যে সামন্তীয় ভূমি সম্পৰ্ক ভাঙি গৈছে আৰু চহাৰ মাজত ভূমিৰ সংস্কাৰ অথবা বিতৰণ হৈছে। এই দুয়োটা পথৰ ভিতৰত, যদিও অৰ্থনৈতিক বিকাশৰ হাৰ একে, অৰ্ধ-সামন্তীয় পুঁজিবাদত মানুহৰ বিপত্তি নিশ্চয় বেছি হ’ব। ইয়াত পুঁজিবাদী শোষণৰ বোজা ইতিমধ্যে বিৰাজমান হৈ থকা সামন্তীয় শোষণৰ ওপৰত জাপি দিয়াহে হ’ব। গতিকে অধিক ভূমি-সম্পত্তিৰ ভাৰাৰ বোজা বাঢ়ি যাব। আকৌ, স্বাভাৱিকভাৱেই অৰ্ধ-সামন্তীয় পুঁজিবাদে গণতন্ত্ৰতকৈও ৰাজনৈতিক অধিনায়কত্বৰ জন্ম দিলে। ভূমিৰ পুনৰ বিতৰণ ব্যৱস্থাৰ অনুপস্থিতিত অবিকশিত হৈ ৰোৱা ঘৰুৱা বজাৰৰ হেতু এক বহিৰাগত বজাৰৰ নিৰন্তৰ অভিযানৰ বাবে সাম্ৰাজ্যবাদী প্ৰৱণতা আহিব। গতিকে পুঁজিবাদৰ বিকাশ দেৰিকৈ হোৱাৰ কুপ্ৰভাৱবোৰ এক আপোচবিহীন বজাৰকেন্দ্ৰিক দৃষ্টিৰে চোৱাতকৈ তাৰ সামাজিক প্ৰভাৱৰ ওপৰতহে গুৰুত্ব দিয়া হয়। এই ক্ষেত্ৰত এইটো ভবা হ’ল যে উৎপাদনৰ কাৰকবিলাকৰ বিকাশৰ ক্ষেত্ৰত কেৱল বজাৰ আৰু অৰ্থনৈতিক বিকাশৰ ভূমিকা সীমিত।

পুঁজিপতিৰ সামন্তীয় উপাদানসমূহৰ লগত সন্মিলনৰ মূল কাৰণ শ্ৰমিকৰ বুৰ্জোৱা সম্পত্তিৰ ওপৰত সম্ভাব্য আক্ৰমণৰ আশংকা। আৰ্থ-সামাজিক গতিশীলতাই সৃষ্টি কৰা সম্ভাব্য বৈপ্লৱিক শক্তিয়েই চলিত ব্যৱস্থাৰ সংকটৰ ইংগিত দিয়ে। ফৰাচী বিপ্লৱৰ সময়ত চহা আৰু বুৰ্জোৱা লগ লাগি সামন্তীয় ব্যৱস্থাক প্ৰত্যাহ্বান জনাইছিল । চহা আৰু পুঁজিপতিৰ উমৈহতীয়া স্বাৰ্থ আছিল ব্যক্তিগত সম্পত্তিৰ ৰক্ষণাবেক্ষণ। গতিকে, তাৰ বিপৰীতে অক্টোবৰ বিপ্লৱত যেতিয়া শ্ৰমিক আৰু চহাৰ সন্মিলনে তাত্ত্বিক আত্মবিশ্বাসৰ জন্ম দিলে যে সমাজবাদলৈ হ’ব লগা বিৱৰ্তনৰ বাবে পুঁজিবাদৰ পূৰ্ণবিকাশলৈ অপেক্ষা কৰাৰ প্ৰয়োজন নাই। ইয়েই মাৰ্ক্সবাদক উত্তৰ-ঔপনিৱেশিক পৃথিৱীলৈ লৈ আহিল।

চহাৰ সৈতে সন্মিলন নিজৰ সমাজবাদী এজেণ্ডাৰ স্বাৰ্থত কেৱল চহাৰ অসন্তুষ্টিৰ সুবিধাবাদী ব্যৱহাৰতেই সীমাবদ্ধ নেকি? অক্টোবৰ বিপ্লৱৰ সময়ত গৰিষ্ঠসংখ্যক কৃষকক সমাজবাদী আন্দোলনৰ সৈতে সংগঠিত কৰিব পৰা হ’ব বুলি আশাবাদী আছিল। এই বুলি ভাবিছিল যে সমবায়-জাতীয় সমূহীয়া মালিকীস্বত্বৰ যোগেদিওসমাজবাদী বিৱৰ্তনলৈ প্ৰত্যাহ্বান জনাব পৰাসকল সংখ্যালঘিষ্ঠ হ’ব। এই অনুমানে পিছলৈ সমস্যাৰ জন্ম দিছিল । কাৰণ এই কৃষক-বনুৱাৰ মৈত্ৰীয়ে শ্ৰমজীৱীৰ অধিনায়কত্ব থকা ৰাষ্ট্ৰৰ প্ৰতিষ্ঠা কৰিব লাগিব। কৃষকৰ বৈপ্লৱিক শক্তিক শ্ৰমজীৱীয়ে নিজস্ব বিপ্লৱৰ কাৰণে প্ৰয়োগ কৰাৰ সম্ভাৱনীয়তা হ’ল মাৰ্ক্সবাদৰ এক নতুন প্ৰয়োগ। ই তাত্ত্বিকভাৱে পুঁজিবাদ অতিক্ৰম কৰাৰ এক আন্তঃৰাষ্ট্ৰীয় বৈপ্লৱিক প্ৰকল্পৰ ভেটি ৰচনা কৰে। কিন্তু এই তাত্ত্বিক ভেটিয়ে অক্টোবৰ বিপ্লৱৰ গতিবেগ নিৰ্ণয় কৰাত বিফল হ’ল আৰু বৰঞ্চ আৰ্থ-সামাজিক শক্তিবিলাকৰ উত্থান-পতনেহে পাছৰ পৰ্যায়ৰ ঘটনাপ্ৰৱাহলৈ অৰিহণা যোগালে।

() ‘নেহৰুৰ ঐক্যমতৰ ঐতিহাসিক পটভূমি বিচাৰ

উত্তৰ-ঔপনিৱেশিক পৃথিৱীৰ এনে এটা সন্ধিক্ষণতেই বিখ্যাত ‘নেহৰুৰ ঐক্যমত’ৰ ঐতিহাসিক পটভূমি বিচাৰ কৰিব লাগিব। বিভিন্ন ৰাজনৈতিক বিকল্পক একেখন মঞ্চলৈ অনা এই ফৰ্মুলাৰ আৰ্থ-সামাজিক ভিত্তি কি আছিল? দৰাচলতে স্বৰাজোত্তৰ ভাৰতৰ ৰাজনৈতিক নেতৃত্ব এক ডাঙৰ ধৰ্ম সংকটত পৰিল। এহাতেদি সমাজবাদ গণতন্ত্ৰৰ অভিন্ন অংগ আৰু অন্যহাতেদি পুঁজিৰ বিকাশৰ পৰিকল্পনা । সকলোৱে উপলব্ধি কৰিছিল যে ৰাষ্ট্ৰব্যৱস্থাৰ বাবে এই দ্বৈত দায়বদ্ধতা ঐতিহাসিকভাৱে এক নাভূত-নাশ্ৰুত কথা। পিছে সেই সময়ৰ উত্তৰ-ঔপনিৱেশিক ৰাষ্ট্ৰ এখনৰ চৰিত্ৰগত অৰ্ধ-পুঁজিবাদী বিকাশে সৃষ্টি কৰা আৰ্থ-সামাজিক সমীকৰণে ‘নেহৰুৰ ঐক্যমত’ৰ যোগেদি ‘মিশ্ৰ অৰ্থনীতি’ নামৰ দুষ্প্ৰাপ্য অৰ্থব্যৱস্থা এটাৰ অনিবাৰ্যতাক প্ৰতিপন্ন কৰিছিল। ৰাজনৈতিক নেতৃত্বশৈলীৰ ফালৰ পৰাও এই ঐক্যমত আছিল প্ৰভাৱশালী কেন্দ্ৰ আৰু বিসম্বাদী পৰিসীমাৰ সহবাস যি চৰম বিকল্পবিলাকক একাষৰীয়া কৰিবলৈ সক্ষম হৈছিল। আদৰ্শগত ভিন্নতাৰ মাজত দলগত ঐক্যৰ নামত নেহৰু-পেটেলৰ মৈত্ৰীবন্ধনো তেনেকৈয়ে সম্ভৱ হৈছিল। সামন্তীয় গাঁথনি ভাঙি পেলাবলৈ প্ৰয়োজনীয় নেহৰুৰ সমাজবাদী আঁচনি বুলি জনাজাত ‘ভূমি সংস্কাৰ’ প্ৰকৃতাৰ্থত পুঁজিবাদী বিকাশৰ বাবে অনিবাৰ্য আছিল। এয়া প্ৰকৃতাৰ্থত সামন্তীয় সম্পত্তিৰ পৰা মুক্ত কৰা এক দেশীয় চাহিদা বিকাশৰ প্ৰক্ৰিয়া যি এখন বজাৰ সৃষ্টি কৰিছিল। অন্যহাতেদি, ব্যক্তিগত পুঁজিৰ বিকাশৰ বাবে অনিবাৰ্য সম্পত্তিৰ অধিকাৰৰ সাংবিধানিক সুৰক্ষাৰ ক্ষেত্ৰত ভূমি সংস্কাৰৰ আইনগত প্ৰয়োজনীয়তাৰ বাবে কৰা শিথিলতাৰ পেটেলে বিৰোধিতা কৰিছিল।

এইখিনিতে উল্লেখ কৰিব পাৰি যে নেহৰুৰ ভূমি সংস্কাৰৰ দৰে বৈপ্লৱিক আঁচনিবোৰ ৰূপায়ণ কৰাৰ ক্ষেত্ৰত পাছলৈ দেখা দিয়া ৰাজনৈতিক প্ৰত্যাহ্বানবোৰ আচলতে আৰ্থ-সামাজিক সীমাবদ্ধতাৰেই ৰাজনৈতিক আত্মপ্ৰকাশ। স্বৰাজোত্তৰ ভাৰতৰ সংসদীয় গণতন্ত্ৰই সূচনা কৰা জাতি গঠন, সামাজিক বিৱৰ্তন আৰু সমতাৰ পৰিকল্পনাই কিছুমান নব্য আৰ্থ-সামাজিক শক্তিৰ সৃষ্টি কৰে আৰু পৰৱৰ্তী সময়ত এই আৰ্থ-সামাজিক শক্তিবিলাকেই গণতন্ত্ৰক নিৰ্বাচনী ৰাজনীতিতেই সীমিত কৰি পেলালে। আকাংক্ষিত সামাজিক বিকাশৰ আঁচনিবিলাক ৰূপায়ণৰ বাবে প্ৰয়োজনীয় আনুষ্ঠানিক বুনিয়াদ সৃষ্টিৰ ক্ষেত্ৰত আন্তঃগাঁথনিমূলক সীমাবদ্ধতাই দেখা দিলে।

() সংসদীয় জাতীয়তাবাদ আৰু উপজাতীয়তাবাদ

এটা কথা ঠিক যে ভাৰতৰ দৰে উত্তৰ-ঔপনিৱেশিক জাতি-ৰাষ্ট্ৰবিলাকৰ ক্ষেত্ৰত স্বৰাজোত্তৰ সময়ছোৱাৰ জাতীয় সংগ্ৰামখনহে বেছি গুৰুত্বপূৰ্ণ৷ কাৰণ সাম্ৰাজ্যবাদ-বিৰোধিতা আৰু থলুৱা পুঁজিৰ বিকাশ দুয়োটা প্ৰশ্নই এই জাতীয় চেতনাত অন্তৰ্নিহিত হৈ আছে ৷ একে ঐতিহাসিক সন্ধিক্ষণতেই আধুনিক ৰাষ্ট্ৰ গঠনৰ লগে লগে সমাজৰ মনস্তাত্ত্বিক জগতখনত ভাষা, জনগোষ্ঠী, আঞ্চলিকতা, ধৰ্ম, জাতীয়তাবোধ আদি মধ্যযুগীয়া পৰিচিতিবিলাক অত্যাধুনিক সাংস্কৃতিক ব্যাখ্যাৰে সংজ্ঞাবদ্ধ হৈ বিভিন্ন ৰাজনৈতিক সংহতিৰ সৃষ্টি হয়। ৰাষ্ট্ৰব্যৱস্থাৰ উদ্যমত প্ৰতিষ্ঠিত উন্নয়নবাদী সংসদীয় জাতীয়তাবাদৰ সমান্তৰালকৈ এনে বিভিন্ন পৰিচিতিকেন্দ্ৰিক উপজাতীয়তাবাদে আত্মপ্ৰকাশ কৰিছে৷ স্বৰাজোত্তৰ ভাৰতৰ প্ৰশাসনিক পৰিকাঠামোত হেৰাই যোৱা বিকাশৰ পৰিকল্পনাবোৰেও এই জাতীয় প্ৰশ্নবোৰলৈ ইন্ধন যোগাইছে।

উল্লেখযোগ্য যে ঐতিহাসিকভাৱে জাতীয় চেতনা মধ্যবিত্তীয় আৰু সেয়ে তাত সদায় এক প্ৰভুত্বশীল আগ্ৰাসনৰ প্ৰৱণতা আছে৷ জাতীয় চেতনা আচলতে আৰ্থ-সামাজিক সংঘাতৰেই বহিঃপ্ৰকাশ যদিও এই সংঘাতৰ সমাধান জাতীয়তাবাদত থাকিব নোৱাৰে৷ জাতীয়তাবাদৰ ঐকিক সূত্ৰই অন্য অস্তিত্ববিলাকক সম্ভাব্য প্ৰতিপক্ষ আৰু বাহ্যিকতাৰ উপস্থিতি বুলি গণ্য কৰে। আচলতে এই আগ্ৰাসন মুষ্টিমেয় আৰু মেহনতীৰ পৰাবিচ্ছিন্ন ৷ সেয়ে জাতীয়তাবাদৰ ঐতিহাসিক সীমাবদ্ধতাবোৰ আছে৷ জাতীয় চেতনাৰে উদ্বুদ্ধ পৰিৱৰ্তন কেৱল ক্ষমতা বা প্ৰভুত্বৰ হস্তান্তৰ হ’ব পাৰে। এনে দ্ৰুত উত্থান-পতন কেৱল প্ৰভুত্বৰ যুঁজ হ’ব পাৰে৷ প্ৰকৃতাৰ্থত পৰিৱৰ্তন হ’ল বস্তুগত জগতৰ লগত ভাৰসাম্য বজাই ৰখাৰ বাবে এক সমাজ-সংস্কৃতিক জাগৰণ আৰু সেয়ে ই হয়তো লেহেমীয়া৷ জাতীয় চেতনাই অনা পৰিৱৰ্তন হয়তো খৰতকীয়া ৷ কিন্তু আচলতে মানৱীয় প্ৰমূল্যই পৰিৱৰ্তনৰ গতি আৰু বেগ দুয়োটাই দিব লাগিব ৷

এই দৃষ্টিকোণৰ পৰা জাতীয় প্ৰৱণতা একচেটিয়া পুঁজিৰ বাবে সুবিধাজনক ৷ জাতীয়তাবাদ পুঁজিৰ বিকাশৰ আদৰ্শবাদ। অন্য বহুজাতিক প্ৰতিষ্ঠানৰ সমান্তৰালকৈ নিজৰ প্ৰতিষ্ঠান গঢ়িলেই হ’ল ৷ কিন্তু বহুজাতিক প্ৰতিষ্ঠানবিলাকৰ আঁৰত থকা সাম্ৰাজ্যবাদী শক্তিবিলাকক প্ৰতিহত কৰাটো কেৱল কেইটামান দেশীয় বহুজাতিক প্ৰতিষ্ঠানেৰে অসম্ভৱ। বৰঞ্চ এই জাতি-ৰাষ্ট্ৰবিলাকৰ জনগণ বিকশিত পুঁজিৰ কিমান অংশীদাৰ হ’ব পাৰিছে তাৰ ওপৰতহে ইয়াৰ পৰিণতি নিৰ্ভৰ কৰিব৷ গণতন্ত্ৰ কেৱল নিৰ্বাচনী ৰাজনীতিতেই সীমাবদ্ধ হ’লে এই অংশীদাৰিত্ব সুনিশ্চিত কৰাটো অসম্ভৱ৷ গতিকে জাতীয়তাবাদক উপৰিসৌধত কেৱল নিৰ্বাচনী ৰাজনীতিৰ শ্লোগান কৰি নথৈ তাৰ আৰ্থ-সামাজিক ভিত্তিৰ বিশ্লেষণ হওক৷ ইয়াৰ পৰা এটা কথা স্পষ্ট হৈ পৰে যে আৰ্থ-সামাজিক ভিত্তিয়েহে জাতীয়তাবাদৰ ঐতিহাসিক সীমাবদ্ধতাবোৰ দূৰ কৰিব পাৰিব৷

() পুঁজিবাদ আৰু গণতন্ত্ৰ

স্বৰাজোত্তৰ ভাৰতবৰ্ষত পুঁজিবাদৰ বিৰোধিতা কৰা আৰ্থ-সামাজিক শক্তি প্ৰকৃততে কোন ? তেওঁলোকেই আচলতে ৰক্ষণশীল আৰু পুঁজিবাদৰ আগ্ৰাসনত পৰম্পৰাগত আৰ্থ-সামাজিক সম্পৰ্ক হেৰাই যোৱাৰ আশংকাত ভীতি-বিহ্বল ৷ স্বৰাজোত্তৰ ভাৰতৰ মিশ্ৰ অৰ্থনীতি, ভূমি সংস্কাৰ আৰু ৰাজহুৱা খণ্ডৰ যোগেদি প্ৰতিপত্তিশালীসকলে বিভিন্ন ৰাজনৈতিক সংস্কৰণ হিচাপেআত্মপ্ৰকাশ কৰা দেখা যায়৷ এই আমোলাতান্ত্ৰিকতাৰ পৃষ্ঠপোষকসকল নব্য সামন্তীয় আৰু এইসকলেই আচলতে পুঁজিবাদ বিৰোধী আৰ্থ-সামাজিক শক্তি ৷ এইসকল কেৱল পুঁজিবাদৰ নহয়, আনকি পুঁজিৰ বিকাশৰেই বিৰোধী।

বিতৰ্ক নিশ্চয় পুঁজিৰ বিকাশৰ নহয়, তাৰ প্ৰক্ৰিয়াৰহে। তেন্তে পুঁজিবাদৰ বিৰোধিতা মানে পুঁজিৰ বিকাশৰ বিৰোধিতা নিশ্চয় নহয়। পুঁজিৰ বিকাশ অবিহনে উৎপাদনৰ উৎসবোৰৰ সম্পূৰ্ণ প্ৰয়োগ অসম্ভৱ। কিন্তু, সাংস্কৃতিক ৰক্ষণশীলতাই হওক নতুবা তাৰ ৰাষ্ট্ৰ-সৰ্বস্ব বিকল্পই হওক, পুঁজিৰ একচেটিয়া বিকাশৰ ঐতিহাসিক সমলবোৰহে শক্তিশালী হৈ উঠে। সাধাৰণতে, মুক্ত বজাৰ ব্যৱস্থাত সম্পত্তি বৰ্ধিতভাৱে কেন্দ্ৰীভূত হোৱাৰ প্ৰৱণতা থাকে, কাৰণ সম্পত্তি আৰু বিনিয়োগৰ পৰা হোৱা মুনাফাৰ মাত্ৰা অৰ্থনৈতিক বিকাশৰ হাৰতকৈ অবিৰতভাৱে অনেক বেছি। এয়ে হ’ল বজাৰমুখী অৰ্থনীতিৰ গতিশীলতা। এইটো সহজেই অনুধাৱন কৰিব পাৰি যে ঐতিহাসিকভাৱে আৰ্থ-সামাজিক প্ৰক্ৰিয়াত একচেটিয়াকৈ গঢ়ি উঠা সম্পত্তিয়ে তাৰ পৰৱৰ্তী পৰ্যায়ত বৰ্ধিত সম্পত্তি আৰু আয়ৰ অনুপাতেৰে পুঁজিৰ বিকাশৰ ক্ষেত্ৰত নেতিবাচক প্ৰভাৱ পেলায়। তাৰ লগে লগে গণতান্ত্ৰিক প্ৰক্ৰিয়াক কেৱল ভাৰা বিচাৰি থকা এনে সম্পত্তিৰ কবলৰ পৰা মুক্ত কৰাটো কঠিন হৈ পৰে। এইটো সহজেই অনুমেয় যে একচেটিয়া পুঁজিৰ আগ্ৰাসনতো গণতান্ত্ৰিক প্ৰক্ৰিয়া কেতিয়াও মুক্তভাৱে পৰিচালিত হ’ব নোৱাৰে৷

আমি জানো যে পাশ্চাত্যৰ পুঁজিবাদী বিকাশ আদিম সামন্তীয় সামাজিক গাঁথনিৰ দিনতে হৈছিল, যেতিয়া গণতন্ত্ৰ বা সামাজিক ন্যায়ৰ কোনো স্থান নাছিল। তেনে ক্ৰমণিকাই এইটো নিশ্চিত কৰি দিছিল যে স্বাধীন ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থাৰ মাজত মিশ্ৰ অৰ্থনীতিৰে কৰা পুঁজিৰ বিকাশৰ পৰিকল্পনা ঐতিহাসিকভাৱে এক নাভূত-নাশ্ৰুত কথা। তেন্তে, পুঁজিৰ বিকাশ যদি এক ঐতিহাসিক প্ৰক্ৰিয়া হয়, তাৰ কিবা বিকল্প থাকিব পাৰেনে? এইটো নিশ্চিত যে পাশ্চাত্যৰ সেই আদিম পুঁজিবাদী বিকাশৰ পুনৰাবৃত্তি ভাৰতৰ দৰে পুৰণা ঔপনিবেশিক ৰাষ্ট্ৰত অসম্ভৱ। যেনেস্থলত আজি গণতান্ত্ৰিক আনুষ্ঠানিকতাই পাশ্চাত্যৰ ঔদ্যোগিক বিনিয়োগ আৰু বিকাশক নিয়োগ-সমৃদ্ধ কৰি পুঁজিবাদী বিকাশৰ সচৰাচৰ জমা প্ৰক্ৰিয়াক কিছু হ'লেও প্ৰতিহত কৰিবলৈ সক্ষম হৈছ। পুঁজিবাদৰ সোণালী যুগ আচলতে অদম্য পিপাসাৰ বিৰুদ্ধে থিয় দি উঠা গণতান্ত্ৰিক জনমতেৰে পৰিপুষ্ট এক মাৰ্জিত সময়। ঐতিহ্যমণ্ডিতভাৱে জমা হোৱা সামন্তীয় ধন-সম্পত্তি আৰু পৰিৱৰ্তিত সময়ত পুঁজিৰ বিকাশত জমা হোৱা ধন-সম্পত্তিৰ মাজৰ প্ৰতিযোগিতা আৰু তাৰ সৰ্বাঙ্গীন আৰ্থ-সামাজিক প্ৰভাৱ ভাৰতৰ দৰে পুৰণা ঔপনিবেশিক ৰাষ্ট্ৰবিলাকৰ এক সচৰাচৰ পৰিঘটনা। নিশ্চিতভাৱে এই প্ৰতিযোগিতাত নব্য পুঁজিৰ বিকাশে সামন্তীয় অৱশেষৰ অৱমূল্যায়ন কৰিবলৈ সক্ষম হয়।

আগতে আলোচনা কৰাৰ দৰে অপৰিপক্ব পুঁজিৰ বিকাশ নব্য সামন্তীয় শ্ৰেণীৰ সৃষ্টিৰ কাৰক হ’লেও আদিম পুঁজিবাদী বিকাশৰ পুনৰাবৃত্তিগণতান্ত্ৰিক সমাজব্যৱস্থাত অসম্ভৱ কথা। ভাৰতবৰ্ষৰ প্ৰতিষ্ঠিত পুঁজিপতিসকলেও ঐতিহাসিক বম্বে পৰিকল্পনাৰে মিশ্ৰ অৰ্থনীতিৰ পক্ষ লোৱাটো তাৎপৰ্যপূৰ্ণ কথা। মাত্ৰ কেইবছৰমানতে ভূমি সংস্কাৰ অভিযানৰ অন্তৰ্গত জমিদাৰি নিৰ্মূল সম্ভৱ হৈ উঠাৰ প্ৰাকমুহূৰ্তত ৰক্ষণশীল স্বতন্ত্ৰ দলেও ৰাজনৈতিক ভেটি হেৰুৱাই পেলোৱাটো স্বাভাৱিক । অন্যহাতেদি নেহৰুৰ ভূমি সংস্কাৰৰ দৰে বৈপ্লৱিক নীতিৰ পটভূমিত বাঁওপন্থী ৰাজনীতিয়েও বিকল্প হেৰুৱাই পেলাইছিল। আচলতে মিশ্ৰ অৰ্থনীতিৰ বিৰোধিতা কৰাৰ সবল ৰাজনৈতিক বিকল্প কাৰো ওচৰত নাছিল। প্ৰভাৱশালী নব্য সামন্তীয়সকলে মিশ্ৰ অৰ্থনীতিৰ সুৰক্ষা কবচ পিন্ধি লৈছিল। জমিদাৰি নিৰ্মূলৰ লগে লগে সৃষ্টি হোৱা নব্য সামন্তীয়সকল ৰাজনৈতিকভাৱে শক্তিশালী হৈ উঠিছিল। মিশ্ৰ অৰ্থনীতিৰ ৰুদ্ধ সমীকৰণ প্ৰতিষ্ঠিত পুঁজিপতিসকলেও বাৰুকৈয়ে ব্যৱহাৰ কৰি নিজৰে পুঁজিৰ বিকাশৰ অন্তৰায় হিচাপে থিয় দিছিল। সামন্তীয় আৰু নব্য সামন্তীয়সকলেও আমোলাতন্ত্ৰটো একপক্ষীয়ভাৱে ব্যৱহাৰ কৰি নিজৰ সামন্তীয় ধন-সম্পত্তিৰ সুৰক্ষা দিছিল। এই প্ৰক্ৰিয়াত, আমোলা শ্ৰেণীৰ ভৰণ-পোষণৰ নামত তৈয়াৰ কৰা লোকপ্ৰিয়তাৰে আচ্ছন্ন অবাস্তৱ কাৰ্যসূচীবোৰে সময়োপযোগী সংস্কাৰকো বাধা দি আহিল।

সেয়ে নেহৰুৰ ঐতিহাসিক ঐক্যমতৰ ফলস্বৰূপে পুঁজিৰ বিকাশৰ প্ৰক্ৰিয়াত বিলম্ব হোৱা নাছিল, বৰঞ্চ আমোলাতন্ত্ৰিক ব্যৱস্থাই সৃষ্টি কৰা প্ৰতিক্ৰিয়াশীল শ্ৰেণীটোৱে জনপ্ৰিয় ৰাজহুৱা ধনক সামন্তীয় ৰাজহৰ দৰে ব্যৱহাৰ কৰাটোহে আচল কাৰণ। দেশৰ আনুষ্ঠানিক বিপৰ্যয়ে সাধাৰণ জনগণৰ পৰা মধ্যবিত্ত শ্ৰেণীলৈকে জুৰুলা কৰিছিল। এই অৰাজক প্ৰশাসনীয় ব্যৱস্থাৰ আদিম যন্ত্ৰণাৰ মাজতো এক উদীয়মান মধ্যবিত্ত শ্ৰেণীয়ে পুঁজিৰ বিকাশ ঘটালে আৰু ঐতিহ্যমণ্ডিত সামন্তীয় বা নব্য সামন্তীয় ধন-সম্পত্তিৰ স্বেচ্ছাচাৰিতাক প্ৰত্যাহ্বান জনাবলৈ সক্ষম হ'ল। ৰাজনৈতিক ৰূপত প্ৰকাশ পোৱা এই পৰিৱৰ্তন স্বাভাৱিক পৰিঘটনা। নব্য সামন্তীয়সকলৰ মইমতালিত বলি হৈ ঐতিহ্যমণ্ডিত সামন্তীয় ৰোমান্টিকতা হিচাপেই হোৱা ৰাজনৈতিক প্ৰকাশে আচলতে পৰিবৰ্তিত আৰ্থ-সামাজিক সমীকৰণৰ ইংগিত দিয়ে। মোৰ বোধেৰে সংসদীয় গণতন্ত্ৰৰ ভিতৰত পুঁজিবাদী বিকাশৰ বিকল্প হিচাপে বাছি লোৱা নব্য সামন্তীয় শক্তিবিলাক কোনোপধ্যে প্ৰগতিশীল নহয়। সম্প্ৰতি ৰক্ষণশীল সামন্তীয় ৰোমান্টিকতাৰ প্ৰত্যুত্তৰ নব্য সামন্তীয় আমোলাতন্ত্ৰত নাই। দুয়োটাই পুঁজিৰ বিকাশত ভীতিবিহ্বল।

এইখিনিতে এটা কথা স্পষ্ট যে আৰ্থ-সামাজিক শক্তিবোৰে চাহিদা অনুসৰি ৰাজনৈতিক ব্যাখ্যাবোৰ ব্যৱহাৰ কৰে৷ স্বৰাজোত্তৰ ভাৰতত বিভিন্ন প্ৰগতিশীল ৰাজনৈতিক ব্যাখ্যাৰে আত্মপ্ৰকাশ কৰা লবীকেন্দ্ৰিক নব্য সামন্তীয় শক্তিবোৰৰ ক্ষমতাক প্ৰত্যাহ্বান জনাবলৈ নতুন পুঁজিৰ হাতত যেন আৰু ৰাজনৈতিক ব্যাখ্যা নোহোৱা হৈ পৰিল৷ তেনে পটভূমিতেই সম্প্ৰতি অতিপাত বিদ্বেষৰ ভাবনাটো সংযম হৈ কেতিয়াও প্ৰকাশ নকৰা অনিয়মিত কথা-বতৰাবোৰেই ৰাজনৈতিক ব্যাখ্যালৈ ৰূপান্তৰ হ’ল৷ অৱশ্যে উৎকট বুদ্ধিমত্তা-বিদ্বেষৰ এই প্ৰতিক্ৰিয়াশীল ৰাজনৈতিক ব্যাখ্যাৰ সৃষ্টিশীলতাও আৰ্থ-সামাজিক বিৱৰ্তনেহে নিৰূপণ কৰিব। এইখিনিতে স্বৰাজোত্তৰ ভাৰতৰ আধুনিক সাংবিধানিক জাতিৰাষ্ট্ৰৰ প্ৰত্যাহ্বানবোৰ আছিল আঞ্চলিকতাবাদ, বৰ্ণবাদী চেতনা আৰু অন্যান্য বিচ্ছিন্নতাবাদী আন্দোলনবোৰ। এই প্ৰত্যাহ্বানবিলাকৰ মোকাবিলা কৰাত উন্নয়নবাদী জাতিৰাষ্ট্ৰ বিফল হোৱাৰ লগে লগে পুনৰুত্থানবাদী বিকল্প ৰাজনৈতিক ব্যাখ্যাই সম্প্ৰতি ব্যাপকতা লাভ কৰে৷ এই ৰাজনৈতিক ৰূপান্তৰৰ মাজত উন্নয়নবাদী আধিপত্যৰ অৱক্ষয়ে অনা উপাদানসমূহ নিশ্চয় থাকিব৷ এইটো নিশ্চিত যে নব্য উদাৰতাবাদৰ সৈতে মৈত্ৰীবন্ধনৰ লগে লগে ই পৰিচিতিকেন্দ্ৰিক আৰু সাংস্কৃতিক নিৰাপত্তাৰ ৰাজনীতিতেই সীমাবদ্ধ হৈ থাকিব নোৱাৰে৷ যেতিয়া জনকল্যাণ আৰু প্ৰশাসনিক দক্ষতাৰ ৰাজনীতিলৈ ইয়াৰ প্ৰত্যাৱৰ্তন অৱশ্যম্ভাৱী হৈ পৰিব, তেতিয়াই আৰ্থ-সামাজিক ভেটিও দৃষ্টিগোচৰ হ’ব৷ প্ৰকৃতাৰ্থত তেতিয়াহে মূল প্ৰশ্নটোৰ অৱতৰণ হ’ব যে নব্য উদাৰবাদ গণমুখী ৰাজনীতিৰ পৰিসৰ সংকোচন কৰিবলৈ কিমানদূৰ সক্ষম হ’ব?

() উপসংহাৰ

যেনেকৈ ইতিহাসৰ বাটেৰে পিছলৈ গৈ মধ্যযুগীয়া ‘সোণালী দিন’ৰ পৰম্পৰা ঘূৰাই পাব নোৱাৰি, তেনেকৈ পুঁজিবাদী বিকাশক আওকাণ কৰি ইতিহাসৰ বাট চমুৱাই সাম্যবাদ পাব নোৱাৰি। কাৰণ পুঁজিবাদী বিকাশৰ মাজতেই লুকাই আছে তাৰ পৰিণতিৰ বিৰুদ্ধে ৰণহুংকাৰ। গণতন্ত্ৰৰ বাদে বোধহয় এই ৰণৰ আৰু শক্তিশালী অস্ত্ৰ আমাৰ হাতত নাই।

Share Button
Print Friendly, PDF & Email

No Comments : "উত্তৰ-ঔপনিৱেশিক পৃথিৱী, নেহৰুৰ ঐক্যমত আৰু পৰিৱৰ্তনৰ গতিবেগ-(ইন্দ্ৰজিৎ বৰা)"

Leave a Comment

Your email address will not be published. Required fields are marked *