'ভিলেজ ৰকষ্টাৰ্ছ' আৰু ইয়াৰ পাছত-(অজিত শইকীয়া)

'ভিলেজ ৰকষ্টাৰ্ছ' অসমৰ ৰাইজে একপ্ৰকাৰ উৎসাহেৰেই চালে। ইয়াৰ পাছত কিছু কথা মনলৈ আহিছে৷

অসমৰ গাঁৱৰ প্ৰতিকূল পৰিস্থিতিত বাস কৰা আৰু অলপো হাৰ নমনাকৈ সংগ্ৰাম কৰি জীয়াই থাকিবলৈ প্ৰয়াস কৰা নিপীড়িত মানুহে না না ঘাত-প্ৰতিঘাতৰ মাজত নিজৰ সপোন পূৰণৰ চেষ্টা কেনেকৈ চলায় যায় তাক সহজভাৱে, খুব কম খৰচত ৰীমা দাসে চিনেমাখন নিৰ্মাণ কৰি দেখুৱালে। য'ত অনুসন্ধিৎসুজনে "ভিলেজ ৰকষ্টাৰ্ছ"ৰ পৰা কিছু নতুন চিন্তাৰ খোৰাক বিচাৰি পাইছে।

এইখিনিতে অলপ অতীতৰ কথা ক'ব বিচাৰিছো। ড৹ ভবেন্দ্ৰ নাথ শইকীয়াই যেতিয়া চিনেমা নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিছিল, তেতিয়া অসমীয়া চিনেমাৰ অৱস্হা ভালেই আছিল। তেখেতৰ কলাসন্মত প্ৰায় সকলো চিনেমা মানুহে চাইছিল। পাছৰ কালৰ আশীৰ দশকত টিভি অহাৰ লগে লগে ক্ৰমান্বয়ে দৰ্শকৰ অভাৱ আৰু অন্য কিছুমান কাৰণত চিনেমাৰ হলবিলাকত অসমীয়া চিনেমা কমকৈ চলিবলৈ ধৰিলে। অৱশ্যে কোনো কোনোখন ঠিকেই চলিছিল।

জাহ্নু বৰুৱাৰ "হালধীয়া চৰায়ে বাওধান খায়" নামৰ চিনেমাখনকে ধৰি তেখেতৰ মাত্ৰ কেইখনমান চিনেমা মোটামুটি ভালেই চলা দেখা গৈছিল। কিন্তু বৰুৱাদেৱৰ অন্য কেইখনমান কলাসন্মত চিনেমা (নাম মনলৈ অহা নাই) চাবলৈ যাবৰ বাবে লগ বিচাৰি পোৱা নাছিলো। শিল্পধৰ্মী চিনেমা চাবলৈ মানুহৰ আগ্ৰহৰ অভাৱ পৰিলক্ষিত হৈছিল। অকলেই জাহ্নু বৰুৱাৰ কেইখনমান চিনেমা চাবলৈ গৈ দেখিছিলো, দৰ্শকৰ উপস্থিতি একেবাৰে নগণ্য আছিল। কোনো কোনোৱে আকৌ চলি থকা অৱস্থাতে চিনেমাৰ গভীৰতা উপলব্ধি কৰিব নোৱাৰি, হাই-উৰুমি কৰি হলৰপৰা ওলাই গৈছিল। অথচ সেইকেইখন চিনেমা ৰাষ্ট্ৰীয় স্তৰত পুৰস্কৃত আৰু দেশ-বিদেশত সমাদৃত হৈছিল। জাহ্নু বৰুৱাৰ বোলছবিবিলাকতো অসমৰ গ্ৰাম্য জীৱনৰ কৰুণ প্ৰতিচ্ছবি প্ৰতিফলিত হয় আৰু দৰ্শকৰ মনত সাঁচ বহুৱাই থৈ যাবলৈ সমৰ্থ। বিষয়বস্তুৰ গভীৰতা থকা এনে চিনেমাত দৰ্শকৰ অভাৱ হ'ব নেলাগিছিল।‌

অসমৰ আৰু কেইগৰাকীমান পৰিচালকে চিন্তা উদ্ৰেককাৰী চিনেমা নিৰ্মাণ কৰিছে যদিও, বেছিভাগ ছবিত দৰ্শকৰ হতাশাজনক উপস্থিতি দেখা যায়। অলপতে 'এই মাটিতে' নামৰ ডাইনী সন্দেহত হত্যাৰ ওপৰত এখন চিনেমা চাইছিলো। উক্ত চিনেমাত ডাইনী প্ৰথাৰ প্ৰকৃত কাৰণ পৰিচালকে তুলি ধৰাৰ লগতে, ইয়াৰ ফলত উদ্ভৱ হোৱা ভয়ানক পৰিস্থিতিৰ চিত্ৰণে অভিভূত কৰিছিল। ডাইনী হত্যা প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত সেইখন চিনেমা কলাসন্মত আৰু চিন্তা উদ্ৰেককাৰী আছিল। ৰাইজে আদৰি নোলোৱাটো দুৰ্ভাগ্যজনক।

আজিৰ দিনত বৃহৎসংখ্যক মানুহৰ মুখত ব্যৱসায়িক চিনেমাৰ গুণ-গানহে বেছিকৈ শুনিবলৈ পোৱা যায়। বিপৰীতে কলাত্মক চিনেমাৰ আলোচনা বিশেষ শুনিবলৈ পোৱা নেযায়। কলাসন্মত চিনেমা চাবলৈ যিধৰণৰ মানসিকতাৰ প্ৰয়োজন, এতিয়াও আমাৰ সমাজত সেই ধৰণৰ মানসিকতাৰ বাৰুকৈয়ে অভাৱ পৰিলক্ষিত হয়। আমি আমাৰ মানসিকতা নিশ্চয়কৈ উন্নত কৰিব লাগিব।

'ভিলেজ ৰকষ্টাৰ্ছ'এ ভালেকেইটা পুৰস্কাৰ লাভ কৰিলে। প্ৰথমবাৰৰ বাবে এখন অসমীয়া চিনেমা 'অস্কাৰ'ৰ বাবে মনোনীত হ'ল। সঁচাকৈয়ে আগতে নোহোৱা-নোপজা এটা খবৰ। মানুহে কিয় এইখন চিনেমা চাবলৈ গ'ল, হয়তো ভাবিলে, চিনেমাখনত সাংঘাতিক কিবা এটা আছে। আমি সকলোৱে দেখিলো, বাস্তৱ জগতখন চাব জানিলে অথবা গ্ৰাম্য জীৱনৰ অৱস্থাৰ প্ৰতি অন্তৰ্দৃষ্টি থাকিলে চিনেমাত সঠিক উপস্থাপন হ'বই। 'ভিলেজ ৰকষ্টাৰ্ছ' দৰ্শন কৰি বিভিন্নজনে ভাল প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কেইটামান ভাল লেখাও পঢ়িবলৈ পোৱা গ'ল। উল্লেখনীয় যে উন্নত কলা সৃষ্টিৰ বাবে কোটি কোটি টকা খৰচ কৰাতকৈ সৃষ্টিশীল মনহে বেছি জৰুৰী। ৰীমা দাসে সেই সত্যকেই প্ৰতিষ্ঠা কৰিলে। তেওঁ চিনেমা শিল্পক নতুন ৰূপত তুলি ধৰিলে। এইগৰাকী নতুন প্ৰতিভা অশেষ ধন্যবাদৰ পাত্ৰ।

যিকোনো কলাসন্মত চিনেমা এখন হলত প্ৰথম চলোতেই বাতৰি কাকতত চমুকৈ হ'লেও আলোচনা একোটা প্ৰকাশ পায়। চিনেমাখনে পুৰস্কাৰ পালেনে নাই সেই বিষয়ে নেজানিলেও চাবলৈ যোৱা উচিত। অসমীয়া সংস্কৃতিৰ সুৰক্ষা বিচৰা অসমৰ ৰাইজে কলাৰ অন্যতম শ্ৰেষ্ঠ মাধ্যম চিনেমা জগতৰ, কলাত্মক চিনেমা কেইখনক প্ৰত্যাখ্যান নকৰি, যোগাত্মক ভাবনাৰে আঁকোৱালি লওক।

'ভিলেজ ৰকষ্টাৰ্ছ'ৰ পৰা শিক্ষা লৈ, সৃষ্টিশীল চিনেমাক মানুহে অধিক গুৰুত্ব প্ৰদান কৰক আৰু চিনেমা শিল্পৰ এটা নতুন যুগ আৰম্ভ হওক। মূৰ তুলি থিয় দি থাকিবলৈ চেষ্টা কৰা জাতি এটাই কলাৰ গভীৰলৈ প্ৰৱেশ কৰিব পাৰিব লাগিব।

Share Button
Print Friendly, PDF & Email

No Comments : "'ভিলেজ ৰকষ্টাৰ্ছ' আৰু ইয়াৰ পাছত-(অজিত শইকীয়া)"

Leave a Comment

Your email address will not be published. Required fields are marked *