ভলত্যাৰৰ জীৱন আৰু সাহিত্য: (মূল- অৰুণ মিত্ৰ, অনুবাদ-মুনীন শৰ্মা)

         ভলত্যাৰৰ জন্ম হৈছিল ১৬৯৪ খ্রীষ্টাব্দত। তেওঁৰ আচল নাম আছিল ঝাঁ-মাৰি আৰুৱে । এই নামটোৰে আখৰবোৰ কাট-কুট কৰি তেওঁ নিজেই এই ভলত্যাৰ নামটো তৈয়াৰ কৰি লয় । তেওঁৰ মৃত্যু হয় ১৭৭৮ খ্রীষ্টাব্দত।

        প্রায় সমস্ত অষ্টাদশ শতিকাটোকে জুৰি ভলত্যাৰে বিৰাজ কৰিছিল, শাৰিৰীক আৰু মানসিক এই দুয়োভাৱেই । তেওঁৰ জীৱনৰ দাপোণত সুখদৰ্শন কৰিছে অষ্টাদশ শতিকাই । ভলত্যাৰৰ ব্যক্তিগত জীৱনৰ ঘাত-প্রতিঘাত, সংগ্রাম, মনন, আৱেগ তথা লক্ষ্য যেন সেইটো যুগৰেই ইতিবৃত্ত, যাৰ পৰিণতি ফৰাচী বিপ্লৱ । সংযোগটো অসাধাৰণভাৱে পাৰস্পৰিক আছিল, তেওঁ যি পৰিমাণে দেশ আৰু কালৰ ভাবনাৰে উদ্বুদ্ধ হৈছিল, ঠিক সেই পৰিমাণেই তেওঁৰ ভাবনাইও তেওঁৰ যুগ আৰু জনমানসক প্রভাৱিত কৰিছিল । ফৰাচী বিপ্লৱ তেওঁ চাই যাব পৰা নাছিল, কিন্তু এই কথাষাৰ তেওঁৰ বুজি উঠাত কোনো কষ্ট হোৱা নাছিল সেই বিস্ফোৰণৰ দিনটোলৈ আৰু বৰ বেছি দিন নাই । ১৭৬৪ চনত তেওঁ এখন চিঠিত ভৱিষ্যতবাণীৰ দৰে লিখি গৈছিল, “মই যিবোৰ দেখিছোঁ সেই আটাইবোৰেই বিপ্লৱৰ বীজৰোপণ মাথোন । অনিবা‍‌ৰ্যভাৱেই আহিব সেই বিপ্লৱ, কিন্তু তাক স্বচক্ষে প্রত্যক্ষ কৰাটো মোৰ জীৱনত নঘটিব । তৰুণসকল ভাগ্যৱান, তেওঁলোকে সেই সমস্ত ঘটনাৱলী নিজ চকুৰে দেখিবলৈ পাব ।’’

        ভলত্যাৰৰ জন্ম হৈছিল পেৰিছৰ এক স্বচ্ছল পৰিবাৰত । খ্রীষ্টিয়ান পেপুহট সম্প্রদায়ৰ তত্ত্বাৱধানত আৰম্ভ হয় তেওঁৰ প্রথম বিদ্যাশিক্ষা, যি সম্প্রদায়টো পিছলৈ তেওঁৰ আক্রমণৰ অন্যতম প্রধান লক্ষ্য হৈ পৰে ।  তেওঁৰ খ্রীষ্টিয়ান শিক্ষকসকলে এফালে যিদৰে বালক-ছাত্রৰ তীক্ষ্ণ মেধাৰ প্রশংসাত পঞ্চমুখ হয়, ঠিক সেইদৰেই তাৰ দুঃসাহসিক চিন্তা-ভাবনাৰ নমুনা দেখি হৈ পৰে উদ্বিগ্ন । দেউতাকৰ বাসনা আছিল পুত্র আইনজীৱী হওক । পিছে তেওঁৰ সেই আশা পূৰণ নহ’ল ।  আইন তেজি পুতেক নিমগ্ন হ’ল সাহিত্য চৰ্চাত । ল’ৰালিতেই কবিতা লিখাৰ অভ্যাস আৰম্ভ হৈছিল; লগতে তেওঁৰ আছিল বাকপটুতা । গতিকে অভিজাত সাহিত্যানুৰাগী সমাজত প্রৱেশ কৰাত তেওঁৰ বিশেষ অসুবিধা নহ’ল । লগতে আহিল প্রশংসাও ।

        প্রথমে কাব্য আৰু নাটক, এই দুই শ্রেণীৰ ৰচনাত ভলত্যাৰ প্রবৃত্ত হ’ল । কবিতা ৰচিলে বিভিন্ন প্রকাৰৰ, সৰু, ডাঙৰ, গম্ভীৰ, শ্লেষাত্মক - বিভিন্ন গঠনৰ । লগে লগে চলিল নাট ৰচনা । কিন্তু ভলত্যাৰৰ দৰে এজন লিখকৰ বাবে মাথোন নাট আৰু কাব্য ৰচনাৰ জৰিয়তে আমীৰ-ওমৰাওসকলৰ বাহবা বুটলি নিৰুপদ্রৱ জীৱন যাপন কৰি যোৱাটো সম্ভৱ নাছিল । তেওঁৰ মনৰ গতিয়ে ইতিপূৰ্বেই স্পষ্ট ৰুপ পাইছিল । অন্যায়, অসঙ্গত, অযৌক্তিক কোনো কথাকে তেওঁ বিনা আঘাতে এৰি দিয়াৰ পক্ষপাতী নাছিল । নাবালক ৰজা পঞ্চদশ লুই-ৰ ৰিজেন্ট সম্বন্ধীয় দুখন ব্যঙ্গ নাটক তেওঁৰেই ৰচনা বুলি সন্দেহ কৰি তেওঁক ফ্রান্সৰেই আন এক স্থানলৈ নিৰ্বাসন দিয়া হয় ১৭১৬ চনত । ইয়াৰ পিছত আকৌ ৰজা চতুৰ্দশ লুইৰ ৰাজনীতিক বিদ্রূপ কৰি লিখা এটি কবিতাৰ বাবে তেওঁক বাস্তী (Bastille)ৰ কাৰাগাৰলৈ নিক্ষেপ কৰা হয় । বাইছ বছৰ বয়সত আৰম্ভ হোৱা তেওঁৰ জীৱনৰ এই সংঘাতে তেওঁৰ চৌৰাশী বছৰীয়া জীৱনৰ শেষ মুহূৰ্তলৈকে বিৰাম পোৱা নাছিল । বিৰাম নাছিল আনকি মৃত্যুৰ পিছতো । কাৰণ তেওঁৰ মৃতদেহক পেৰিছৰ সমাধিক্ষেত্রত স্থান দিয়া হোৱা নাছিল । (ইয়াৰ আগৰটো শতিকাত মলিয়েৰ-ৰ মৃতদেহ সম্বন্ধে ধৰ্মাচাৰ্যসকলৰ আপত্তি স্মৰ্তব্য) । ভলত্যাৰৰ নামৰ সকলো প্রকাৰৰ উল্লেখ ৰজা ষোড়শ লুইৰ আদেশ মৰ্মে, সমস্ত ফ্রান্সতে নিষিদ্ধ ঘোষিত হয়, যদিও তেওঁৰ জীৱিতাৱস্থাত ৰজাৰ সেই সাহস হোৱা নাছিল । বিপ্লৱৰ পিছত, অৱশ্যে বিপুল সন্মানসহকাৰে তেওঁৰ মৃতদেহ কবৰৰপৰা উলিয়াই আনি পেৰিছৰ পাঁতেয়ঁ-ত সমাধিস্থ কৰা হয় ।

        এঘাৰ মাহ কাল তেওঁ কাৰাগাৰত আটকাধীন আছিল । পিছে বন্দীদশাতো তেওঁৰ সাহিত্য ৰচনা অব্যাহতভাৱে চলি থাকে । তেওঁ ৰচনা কৰে এখন মহাকাব্য : La  Henriade, ফৰাচী ভাষাত প্রথম যথাৰ্থ মহাকাব্য । প্রটেষ্টান্ট-কেথলিক যুদ্ধ আৰু চতুৰ্থ আঁৰিৰ ৰাজত্ব লাভৰ এই বৃত্তান্তত ভলত্যাৰে ধৰ্মীয় গোড়ামি আৰু ৰাজনৈতিক প্রতিষ্ঠানৰ সমালোচনা কৰে । এঘাৰ মাহৰ পিছত যেতিয়া ভলত্যাৰে মুক্তি লাভ কৰে তেতিয়া চৰকাৰী নাট্যশালাত তেওঁৰ ট্রেজিডি CEdipe অভিনীত হ’ব লাগিছে আৰু সমস্ত পেৰিছ মুখৰিত হ’ব লাগিছে তেওঁৰ বন্দনাত । পিছে এইবাৰ তেওঁ বাস্তৱ সম্বন্ধে বিশেষভাৱে অৱহিত হল । তেওঁ সঙ্কল্প ল’লে যে তেওঁ বিত্তশালী হ’ব । তেওঁৰেই ভাষাত : “মই ইমানবোৰ সাহিত্যিকক দৰিদ্র আৰু অৱজ্ঞাত অৱস্থাত দেখিছোঁ যে মই আগতেই সিদ্ধান্ত লৈ থৈছোঁ যে তেওঁলোকৰ সংখ্যা মই বৃদ্ধি নকৰিম ।’’ এই সময়ছোৱাত তেওঁ নিজৰ বুদ্ধি খটুৱাই আৰু অৰ্থ-বিশেষজ্ঞ বন্ধুবৰ্গৰ স’তে শলা-পৰামৰ্শ কৰি ব্যৱসায় আৰু অৰ্থবিনিয়োগ আৰম্ভ কৰে আৰু অতি সোনকালেই বহু লক্ষ টকাৰ গৰাকী হৈ পৰে । আজিলৈকে কোনো সাহিত্যিকে ব্যৱসায়ৰ জৰিয়তে ইমান ধন উপাৰ্জন কৰিবলৈ সক্ষম হোৱা নাই । বোধহয় তেনে সপোন দেখাৰ সাহসো কৰা নাই । বাধৰ্ক্যত ভলত্যাৰৰ বাৰ্ষিক আয়ৰ পৰিমাণ হৈছিলগৈ বাৰ্ষিক হাৰত তেতিয়াৰ দিনতেই ডেৰ লাখ পাউণ্ড ।

        কাৰাগাৰৰপৰা ওলাই অহাৰ পিছত তেওঁ পুনৰবাৰ ৰাজদৰবাৰত স্থান পায় আৰু আগৰ সমাজখন গমগমীয়া হৈ উঠে । পিছে সেই সুখ তেওঁৰ দীৰ্ঘস্থায়ী নহ’ল । সংঘাত আৰম্ভ হ’ল জনৈক অভিজাত-চূড়ামণিৰ লগত । আকৌ পুনৰ সেই বাস্তীৰ কাৰাবাস । অৱশেষত ফ্রান্স ত্যাগ কৰাৰ চৰ্তত তেওঁ মুক্তি পালে আৰু ১৭২৬ চনত গুচি গ’ল ইংলেণ্ডলৈ । এই প্রবাস কালত ইংৰাজ জাতিৰ ধৰ্ম আৰু ৰাজনীতিত মত প্রকাশৰ স্বাধীনতা, বিজ্ঞান-অনুশীলন আৰু সাহিত্য ক্ষেত্রৰ প্রতিভাই তেওঁক গভীৰভাৱে জোকাৰি যায় । তিনি বছৰ পিছত পুনৰ চৰকাৰী অনুমতি সাপেক্ষে, স্বদেশলৈ ঘূৰি আহি প্রকাশ কৰে তেওঁৰ Lelters philosophiques  বা Lelters auglaises, অৱশ্যে গ্রন্থকাৰৰ নাম উল্লেখ নকৰাকৈ । এই পুথিত তেওঁ ইংলেণ্ডৰ অভিজ্ঞতাৰ কথাই বৰ্ণনা কৰিছিল যদিও পৰোক্ষভাৱে ই আছিল ফ্রান্সৰ ৰক্ষণশীল স্বৈৰতন্ত্রী শাসন আৰু সমাজ-ব্যৱস্থাৰ বিৰুদ্ধে এক প্রচণ্ড অস্ত্রাঘাত। চৰকাৰী আদেশত এই পুস্তক পুৰি পেলোৱা হ’ল (পৰৱৰ্তী কালতো তেওঁৰ পুনৰ এই অভিজ্ঞতা হয়) । ফলত আকৌ তেওঁৰ কাৰাবাস আসন্ন হৈ পৰে । পেৰিছ তেওঁৰ বাবে আৰু নিৰাপদ নহয় বুলি অনুভৱ কৰি তেওঁ এইবাৰ আশ্রয় ল’লে চিৰেত-ত, তেওঁৰ গুণানুৰাগিণী মাডাম দ্যু শাৎলে-ৰ বাসভৱনত ১৭৩৪ চনত । এই স্থানত তেওঁ একেৰাহে দহ বছৰ ধৰি আছিল । বিজ্ঞান চৰ্চা, সাহিত্য ৰচনা, নাট্য প্রযোজনা, ইতিহাস গৱেষণা আদিৰ দৰে কৰ্মই তেওঁৰ এই নিভৃত কালছোৱা সমৃদ্ধ কৰে । নিৰৱচ্ছিন্নভাৱে তেওঁ ৰচি যায় কবিতা, নাটক, গীতিনাট্য, ইতিহাস, বিজ্ঞান নিবন্ধ ইত্যাদি । তেওঁৰ শ্রেষ্ঠ ট্রেজিডি Zaire ইয়াৰ কিছুকাল আগতে তেওঁ ৰচনা কৰিছিল আৰু এতিয়া তেওঁ ৰচনাত প্রবৃত্ত হয় তেওঁৰ আন এখন বিখ্যাত নাটক – Merope । সাহিত্যৰ এই বিভাগটিতো ভলত্যাৰ এগৰাকী পথিকৃৎ । সপ্তদশ শতিকাৰ বিখ্যাত ফৰাচী ট্রেজিডিবোৰৰ কাহিনী আৰু চৰিত্রসমূহ বৈদেশিক বা পৌৰাণিক । ভলত্যাৰেই প্রথমগৰাকী ব্যক্তি যিজনে প্রথম জাতীয় ইতিবৃত্ত তথা ভাবনাৰ অৱলম্বনত ট্রেজিডি ৰচনা কৰা আৰম্ভ কৰে । প্রণয় কাহিনী আৰু নাৰীচৰিত্র বৰ্জন কৰি ট্রেজিডি নাট ৰচনা কৰা প্র্রথম নাট্যকাৰগৰাকীও তেৱেঁই । মাথোন নাট ৰচনাই নহয়, নাট্যাভিনয় প্রদৰ্শনতো তেওঁ প্রভূত নতুনত্বৰ সূচনা কৰে । মঞ্চসজ্জা, পোছাক-পৰিচ্ছদৰ ধাৰণাতো তেওঁ নতুনত্ব আনে, দৃশ্য আৰু ঘটনাক তেওঁ নতুন ৰূপত সজায়, বচন-ৰীতিৰ ধাৰণাতো আনে নতুন ধাৰা । তেওঁৰ উদ্দেশ্য আছিল নাটকক জনসাধাৰণৰ নিকট সান্নিধ্যলৈ চপাই অনা ।

ইতিহাস ৰচনাৰ কামত ইয়াৰ আগতেই ভলত্যাৰে হাত দিছিল । কিন্তু তেওঁৰ যি দুখন গ্রন্থই সমস্ত ইতিহাস-চিন্তাৰেই দিশ সলনি কৰি দি আধুনিক ভাবৰ প্রৱৰ্তন কৰে, সেই দুখন গ্রন্থৰ সূত্রপাতো ঘটে এই চিৰেত বাস কালতেই, অৱশ্যে পূৰ্ণাংগ কলেৱৰত সি প্রকাশ হৈ ওলায় বহু পিছতহে (১৭৫১ আৰু ১৭৫৬) । প্রথমখন হৈছে Le Siecle de Louise xiv আৰু দ্বিতীয়খন  Essai et sur les moeurs et l spirit des nations বা সংক্ষেপে  Essai sur les moeurs । বিপুল অধ্যয়ন, অক্লান্ত গৱেষণা আৰু অসাধাৰণ বিশ্লেষণৰ ফচল এই দুই গ্র্রন্থ । ইতিহাস যে ৰজা-মহাৰজা তথা ৰাষ্ট্রকৰ্তাসকলৰেই মাথোন কীৰ্তি-অপকীৰ্তিৰ বিৱৰণ নহয়, বৰঞ্চ জনজীৱনেই তাৰ ভিত্তি, এই কথাষাৰকে মূলতঃ তেওঁ প্রথমবাৰৰ বাবে গ্রন্থত তুলি ধৰে । ঊনচল্লিশ পৰিচ্ছেদৰ এই ইতিহাস সম্পৰ্কে তেওঁ কয়, “এজন মানুহৰ কৰ্ম নহয়, সমস্ত মানুহৰ মনকেই” চিত্রিত কৰাটো তেওঁৰ উদ্দেশ্য আৰু সেয়েহে, “মানৱ দুৰাচাৰৰ যিবোৰ কালিমালিপ্ত বিষয়, সেই অজস্র দুখ আৰু যুদ্ধ-বিগ্রহৰ পুনৰাবৃত্তিৰ সলনি মই আৱিষ্কাৰ কৰিব বিচাৰোঁ মানুহৰ সমাজখন তেতিয়া কেনেধৰণৰ আছিল, কিদৰে মানুহে তেওঁলোকৰ পাৰিবাৰিক জীৱন যাপন কৰিছিল, .... মই দেখুৱাব বিচাৰোঁ শিল্পকলাৰ চৰ্চাৰ ৰূপ ।’’ এশ সাতান্নব্বৈ পৰিচ্ছেদৰ বিশাল Essai sur les moeurs – এই বিশ্ব ইতিহাসক প্রথমবাৰৰ বাবে মানুহৰ চেতনাৰ দিশলৈ আগুৱাই নিলে । ইতিহাস মানেই যে মাথোঁ পাশ্চাত্য সভ্যতাৰ বৃত্তান্ত নহয়, তাৰ বাহিৰেও যে চীন, ভাৰত, মিছৰৰ মহান প্রাচীন সভ্যতাসমূহ আছে, সেইটো দিশলৈ তেওঁ বিশেষভাৱে দৃষ্টি আকৰ্ষণ কৰোৱায় । ইউৰোপীয়সকলৰ যে নিজকে শ্রেষ্ঠ বুলি ভবাৰ কোনো কাৰণ নাই, সেই কথাষাৰ তেওঁ তথ্য-প্রমাণসহকাৰে, সুন্দৰভাৱে বুজাই দিয়ে । তেওঁ ক’লে, “বিধাতা- নিৰ্বাচিত কোনো মানৱগোষ্ঠী নাই, কোনো শ্রেষ্ঠ জাতি নাই ।’’  প্রায় দুশ বছৰৰ আগতেই তেওঁ নাৎসীবাদী মনোবৃত্তিৰ বিৰুদ্ধে এই প্রতিবাদ সাব্যস্ত কৰি যায় ।

        ১৭৪৪ চনত ভলত্যাৰে পুনৰ পেৰিছলৈ ঘূৰি অহাৰ অনুমতি পায় । ৰাজকীয় সন্মানেৰে তেওঁ কৰে প্রত্যাবৰ্তন । চৌদিশে তেতিয়া তেওঁৰ জয়জয়কাৰ, তেওঁৰ প্রতিভাৰ আভাত সমগ্র ইউৰোপ তেতিয়া চমৎকৃত । ফ্রান্সৰ ৰক্ষণশীল সমাজখনে কিন্তু ভিতৰি ভিতৰি আক্রোশত অন্তৰ্জ্বালাত দহিছিল আৰু তাৰ ফলস্বৰূপে খুব কম সময়ৰ ভিতৰতে সৃষ্টি হ’ল এক অনিশ্চয়তাৰ পৰিস্থিতিৰ । প্রুছিয়াৰ ৰজা দ্বিতীয় ফ্রেডেৰিক (Frederic the Great) যুৱকাৱস্থাৰপৰাই আছিল ভল্যতাৰ গুণমুগ্ধ, বহুবাৰ তেওঁ ভলত্যাৰক আমন্ত্রণ জনাইছিল তেওঁৰ দৰবাৰলৈ । পিছে ইমানদিনে ভলত্যাৰ যোৱা নাছিল, কিন্তু ১৭৪৯ চনত তেওঁৰ বান্ধৱী তথা আশ্রয়দাত্রী মাডাম দ্যু শাতলেৰ বিয়োগৰ পিছত তেওঁ মনস্থিৰ কৰিলে যে তেওঁ প্রুছিয়াত থাকিবগৈ । পিছৰ বছৰত তেওঁ উপস্থিত হ’লগৈ পটছডামত । তাত ইতিপূৰ্বেই ফৰাচী গণিতজ্ঞ মোপেৰত্যই আৰু দাৰ্শনিক লা মেত্রি সসন্মানে অধিষ্ঠিত হৈছিল । কিন্তু জাৰ্মানিত ভলত্যাৰে সৰহ দিন টিকিব নোৱাৰিলে । ৰজা আৰু ৰাজ পৰিষদৰ স’তে আলাপ-আলোচনা তথা ফৰাচী কবিতা ইত্যাদি সংশোধন কৰি সময় কটাইছিল । পিছে শেষপৰ্যন্ত তেওঁৰ স্বাধীনচিতীয়া আচৰণ আৰু বেপৰোৱা কথা-বতৰাই বিৰোধৰ পৰিৱেশ সৃষ্টি কৰি তুলিলে আৰু ফলস্বৰূপে তেওঁ জাৰ্মানি এৰিবলগীয়া হ’ল । পিছে ইয়াৰ পিছত ক’লৈ ? ফ্রান্স তেওঁৰ বাবে আৰু নিৰাপদ নহয়, ৰজা তথা তেওঁৰ পৰামৰ্শদাতাবৃন্দ তেওঁৰ প্রতি বিৰূপ । কিছুদিন ইফাল-সিফাল ঘূৰি তেওঁ ছুইটজাৰলেণ্ডলৈ আহিল আৰু তাতেই ফৰাচী সীমান্তৰ নিকটৱৰ্তী এডোখৰ স্থানত দুটা দুৰ্গভৱন ক্রয় কৰিলে- তাতেই নিগাজীকৈ বসতি কৰাৰ বাসনাৰে । পিছে ছুইটজাৰলেণ্ডৰ কেলভিনীয় গোড়ামিৰ আবহাৱাই যে তেওঁক কোনোদিন নিশ্চিত বিপদত পেলাব সেই কথাষাৰ বুজিবলৈ তেওঁৰ বেছি পৰ নালাগিল; কাৰণ তেওঁৰ নাট্যাভিনয় নিষিদ্ধ কৰিবলৈ হুকুম জাৰি কৰা হ’ল আৰু তেওঁৰ কিতাপ জ্বলোৱাৰো হুকুম ওলাল । সেই সময়তে তেওঁ জেনেভাৰ সমীপৱৰ্তী দুটি দুৰ্গভৱন আৰু এডোখৰ সম্পূৰ্ণ এলেকা কিনিলে : তুৰ্নে আৰু ফাৰ্নে (১৭৬০) । সামন্ত প্রথা অনুযায়ী কেইপদমান বিশেষ অধিকাৰৰ তেওঁ অধিকাৰী হ’ল । তেওঁ ৰসিকতা কৰি কৈছিল : পিছে পিছে যেতিয়া কুকুৰে খেদি আহে, তেতিয়া সিহঁতৰ কামোৰৰপৰা বাচিবৰ বাবে মাটিত খন্দা দুই-চাৰিটা গাঁতৰ প্রয়োজন হয় দাৰ্শনিকসকলৰ বাবে ।

        ফাৰ্নেতেই স্থায়ীভাৱে বসতি কৰাৰ সিদ্ধান্ত লয় ভলত্যাৰে । এলেকাটোৰ ভূস্বামী হিচাপে তেওঁ সেই ঠাইডোখৰক একেবাৰে নতুনকৈ সজাই তুলিলে । অক্লান্ত তৎপৰতাৰে ঠাইটুকুৰাক শ্রমশিল্পলৈ উন্নীত কৰালে আৰু সংস্কৃতিৰ শিক্ষা দিলে তাৰ অধিবাসীসকলক । স্থাপন কৰিলে ঘড়ী, কাপোৰ আৰু চামৰাৰ কাৰখানা আৰু প্রতিষ্ঠা কৰিলে ৰঙ্গমঞ্চ । মাত্র পঞ্চাছজন দৰিদ্র অধিবাসীৰ ফাৰ্নে তেওঁৰ মৃত্যুৰ সময়লৈকে গঢ় লৈ উঠে বাৰশ মানুহৰ এক বৃহৎ জনপদলৈ । পিছে তাতকৈও ডাঙৰ কথাটো হ’ল ফাৰ্নে হৈ পৰিল সমগ্র বিশ্বৰ মনন কেন্দ্র, য’ত সূৰ্যৰ দৰে বিৰাজমান ভলত্যাৰ । সম্রাটৰপৰা আৰম্ভ কৰি সাধাৰণ বুদ্ধিজীৱী, সকলোৰে বাবে ফাৰ্নে হৈ পৰিল এক তীৰ্থস্থান । সেই স্থানৰপৰা অজস্র ৰচনাৰ নিৰৱচ্ছিন্ন স্রোতে ইউৰোপৰ চিন্তাক উদ্বেলিত কৰি তুলিলে । বহু ক্ষেত্রত গ্রন্থাকাৰৰ নাম নথকা সত্ত্বেও অথবা ছদ্মনামত থকা সত্ত্বেও বুজাত কাৰো অসুবিধা নহ’ল সেই ৰচনাবোৰ দৰাচলতে কাৰ ।

        প্রুছিয়া ত্যাগ ভলত্যাৰৰ অস্তিত্বৰ এক নতুন অধ্যায়ৰ সূচনা । তেওঁৰ জীৱন আৰু মননৰ দ্যুতি আৰু শক্তি সবাতোকৈ প্রখৰ এইছোৱা অধ্যায়তে । ভলত্যাৰী বৈশিষ্ট্য যেন ইয়াতেই মূৰ্ত । সামন্ত-মালিকৰ ভূমিকাটি তেওঁ নিজৰ আৰামৰ বাবে নিৰ্বাচন কৰিলে যি পৰিমাণে, তাতোকৈ বহু বেছি পৰিমাণে কৰিলে আনৰ সৰ্বনাশ ত্বৰান্বিত কৰিবলৈহে । ধৰ্ম আৰু সমাজৰ অযৌক্তিক নীতি আৰু আচৰণ, ধৰ্ম আৰু ৰাষ্ট্রনায়কসকলৰ অন্যায়-অবিচাৰ –এইবোৰৰ বিৰুদ্ধে ইমানদিনে তেওঁৰ আক্রমণ আছিল পৰোক্ষ । এইবাৰ তেওঁ প্রতক্ষ অভিযানত অৱতীৰ্ণ হ’ল আৰু এই অভিযানৰ অৱসান ঘটিল তেওঁৰ শেষ নিশ্বাসত ।

        ৰচনাৰ প্রাচুৰ্য আৰু বৈচিত্র্যও এইটি পৰ্বতেই সৰ্বাধিক : ইতিহাস, ট্রেজেডি, কমেডি, বিভিন্নধৰণৰ সৰু-বৰ কবিতা, গীত, গদ্য আৰু পদ্য-কাহিনী, সমালোচনা, নৈতিক তথা সামাজিক প্রশ্ন আৰু বাস্তৱ ঘটনা সম্পৰ্কে অসংখ্য ৰচনা । ‘কাঁদিদ’ তথা অন্যান্য অজস্র কাহিনী এই পৰ্বতেই লিখা । তেওঁৰ আন দুখন বিখ্যাত গ্রন্থৰ উল্লেখ, এই প্রসংগতে কৰিব পৰা যায় : Traite sur la tolerance আৰু Dictionnaire philosophique । প্রথমখনত তেওঁ দেখুৱাইছে ধৰ্মীয় অসহিষ্ণুতাই কিদৰে যুক্তিৰ বিৰুদ্ধে গৈ সমাজৰ অমঙ্গল সাধন কৰিছে । দ্বিতীয়খনিত তেওঁ আভিধানিক পদ্ধতিত শিল্প-সাহিত্যৰ ব্যাখ্যাৰ লগতে ধৰ্মৰ বিৰুদ্ধে আক্রমণাত্মক হৈ উঠিছে । গ্রন্থখন পেৰিছৰ বিচাৰপতিসকলে পুৰি পেলোৱাৰ আদেশ দিয়ে ।

        প্রতিষ্ঠিত কৰ্তৃত্ব সম্পৰ্কে মানুহৰ মোহভঙ্গ ঘটোৱা আৰু তেওঁলোকৰ মনত অশ্রদ্ধা জাগৃত কৰা, এই লক্ষ্যতেই ভলত্যাৰে তেওঁৰ সৰ্বশক্তি নিয়োগ কৰিলে । বিশেষকৈ ধৰ্মৰ বিৰুদ্ধে অশ্রদ্ধা, অবিশ্বাস আৰু সমালোচনাৰ মনোভাব সমাৰ্থক হৈ উঠিল তেওঁৰ নামৰ স’তে । সেই সময়ৰেপৰা ‘ভলত্যাৰিজম’ শব্দটিৰ উল্লেখ আৰম্ভ হয়—কেতিয়াবা সদৰ্থত আৰু কেতিয়াবা কদৰ্থত । তেওঁৰ ৰচনাৰ প্রধান চৰিত্র হ’ল বিদ্রূপ আৰু শ্লেষ, পাঠকক কৌতুকত মতলীয়া কৰি মোক্ষম কথাবোৰ অৱগত কৰোৱা । ভাষা স্বচ্ছ, ক্ষুৰধাৰ; বক্তব্য অব্যৰ্থভাৱেই লক্ষ্যভেদী । আকাৰত সৰু লিখনিৰ ওপৰতেই তেওঁৰ ভৰসা আছিল অধিক । তেওঁ কৈছিল, ডাঙৰ ডাঙৰ পৃষ্ঠাৰ কুৰি-খণ্ডৰ কিতাপেৰে কেতিয়াও বিপ্লৱ সংঘটিত কৰা নাযায়; হাতত লৈ ফুৰিব পৰা কুৰি পইচাৰ সৰু সৰু পুথিবোৰেই ভয়ৰ সঞ্চাৰ কৰিবলৈ সক্ষম ।

        অকল প্রকাশ্য ৰচনাতেই নহয়, ব্যক্তিগত চিঠি-পত্রতো তেওঁৰ এই অভিযান চলিল । তেওঁ নীতিবাক্য প্রস্তুত কৰিলে : Ecrasons I’ infame - আহা, চূৰ্ণ কৰোঁ জঘন্যক । জঘন্য মানে তেওঁৰ মতে সকলোবোৰ অবাঞ্ছনীয় কথা – কুযুক্তি, কুসংস্কাৰ, অসহিষ্ণুতা, অবিচাৰ, সংগঠিত ধৰ্ম । চিঠিৰ শিৰোনামাত লিখিবলৈ আৰম্ভ কৰিলে : E cr. I’inf , আমি যিদৰে লিখোঁ শ্রীশ্রী হৰি বা ওঁ ।

        ভলত্যাৰৰ বিভিন্ন প্রকাৰৰ লিখাৰ বিষয়ে ক’বলৈ গ’লে তেওঁৰ চিঠি-পত্রবোৰৰ কথাও ক’ব লাগিব । পত্র-সাহিত্যত তেওঁক আৰু আন কোনেও অতিক্রম কৰিব পৰা নাই ফ্রান্সত, সি পৰিমাণতেই হওক বা বৈচিত্র্যতেই হওক । ওঠৰৰপৰা চৌৰাশী বছৰ বয়সলৈকে তেওঁ বিভিন্ন লোকলৈ যিমানবোৰ চিঠি লিখিছিল তাৰ সংখ্যা দহ হেজাৰতকৈও অধিক । ভাষা আৰু বিষয়ত সাহিত্যৰ ক্ষেত্রত যিবোৰ বৈশিষ্ট্য, চিঠি-পত্রৰ ক্ষেত্রতো সেইবোৰ বিদ্যমান । এই পত্রাৱলী তেওঁৰ ব্যক্তিগত তথা সমাজ-জীৱনৰ এক ইতিহাস, তেওঁৰ চিন্তাৰ উজ্জ্বল প্রাচীৰচিত্র । কাৰো কাৰো মতে পত্রাৱলীয়েই তেওঁৰ শ্রেষ্ঠ সাহিত্য-কৃতি ।

        পঞ্চদশ লুইৰ মৃত্যুৰ পিছত ভলত্যাৰে পেৰিছলৈ ঘূৰি অহাৰ সিদ্ধান্ত ল’লে । শাসনাধিষ্ঠ কৰ্তৃপক্ষই তেতিয়া তেওঁৰ প্রতি পোষণ কৰা বিৰুদ্ধাচৰণ প্রত্যাহাৰ কৰিছে । তেওঁৰ নতুন ট্রেজিডি Ireneৰ অভিনয় উপলক্ষে তেওঁ পেৰিছলৈ আহে ১৭৭৮ৰ ফ্রেব্রুৱাৰিত । তেওঁ চহৰত উপস্থিত হোৱা মাত্রকে এক অভূতপূৰ্ব উৎসৱ আৰম্ভ হয় তেওঁক কেন্দ্রবিন্দু কৰি । সমস্ত অভিজাত পেৰিছ হিলদ’ল ভাঙি উপনীত হ’ল তেওঁৰ বাসগৃহত, বিপুল সম্বৰ্ধনা জনালে জনতাই এই বিশ্বমানৱক । আকাডেমি ফ্রাঁ-চেজ-ৰ পৰিচালক নিযুক্ত কৰা হ’ল তেওঁক । ৩০ মাৰ্চৰ দিনাখন Ireneৰ অভিনয়ৰ সময়ত উচ্ছ্বসিত অভিনন্দনৰ মাজত অভিনেতা-অভিনেত্রীসকলে মঞ্চৰ ওপৰত তেওঁৰ আবক্ষ মূৰ্তিত মাল্যাৰ্পণ কৰিলে । পিছে চৌৰাশী বছৰ বয়সত ইমান উত্তেজনা সহ্য কৰাৰ শক্তি তেওঁৰ নাছিল । অসুস্থ হৈ পৰিল তেওঁ । দুমাহ শয্যাগত হৈ থকাৰ অন্তত ১৭৭৮ চনৰ ৩০ মে’ তাৰিখে তেওঁ পৃথিৱীৰপৰা চিৰবিদায় লয় ।

        এটি অত্যন্ত সক্রিয় আৰু বুদ্ধিদীপ্ত মন ভলত্যাৰৰ সমস্ত সাহিত্যৰ কেন্দ্রবিন্দুত অৱস্থিত । বিষয়বস্তু যিমানেই জটিল বা ব্যাপক নহওক লাগিলে, তেওঁ যেন তড়িৎ গতিত তাৰ অন্তঃস্থলত প্রবেশ কৰিব পাৰিছিল । তাতোকৈ আশ্চৰ্যৰ কথা হ’ল, বুদ্ধিৰদ্বাৰা আয়ত্ত সেই বিষয়বোৰৰ সহজ-সৰল ভাষাৰে কৌতূহলোদ্দীপক প্রকাশ । তেওঁৰ সাহিত্য কৰ্মৰ আটাইতকৈ আকৰ্ষণীয় দিশটো হৈছেগৈ তেওঁৰ বুদ্ধিদীপ্ত কৌতুক ক্ষমতা । নিষ্ঠুৰতম আৰু আন কোনে ক’ব পাৰে ? কিন্তু তেওঁৰ এই কুশলতাক মাথোন বুদ্ধিসৰ্বস্বতা বুলিও অভিহিত কৰাটো সমীচিন নহ’ব । এই সমস্তৰ নেপথ্যত জানো সক্রিয় থকাৰ উমান পোৱা নাযায় একপ্রকাৰৰ প্রগাঢ় হৃদ্যতা ? ধাৰণা কৰিব পৰা যায় যে আৰ্কষণৰ কেন্দ্রবিন্দু সেইখিনিতেই ।

        তেওঁৰ বিৰোধীসকলে তেওঁৰ চৰিত্রৰ বিভিন্ন ত্রুটিৰ কথা উল্লেখ কৰে । ত্রুটি অৱশ্যেই আছিল; কোনো মানুহেইতো নিখুঁত নহয় । খং-ৰাগ-বিদ্বেষ তেওঁৰ যথেষ্ট আছিল; খ্যাতিৰ প্রতিও আছিল আসক্তি আৰু আছিল দাম্ভিকতা (যিটো নথকা হ’লেই অস্বাভাৱিক হ’লহেঁতেন) । তেওঁৰ ধৰ্ম-বিৰোধিতাৰ কথাই সবাতোকৈ বেছিকৈ কোৱা হয় । কিন্তু সেইটো আছিল তেওঁৰ স্ব-ঘোষিত নীতি । তেওঁ সংগঠিত ধৰ্মৰ বিৰোধী হ’লেও তেওঁ নাস্তিক নাছিল । এই বিষয়ত তেওঁৰ প্রায় সমকালীন এগৰাকী সাহিত্যপুৰুষ দিদৰো যিমানদূৰ অগ্রসৰ হৈছিল ভলত্যাৰ তিমানদূৰ পোৱাগৈ নাছিল । ব্যক্তিগত ঈশ্বৰৰ প্রয়োজনীয়তাৰ কথা তেওঁ উল্লেখ কৰিছিল । তেওঁৰ বিৰুদ্ধে এনে অভিযোগো কৰা হয় যে তেওঁ অৰ্থলোভী আছিল আৰু ৰজা-মহাৰজাসকলৰ মোচাহেবি কৰিছিল । যিসকলে এনে অভিযোগ আনে তেওঁলোকে ভলত্যাৰৰ আচৰণ আৰু চিঠি-পত্রৰ সাক্ষ্য মানে । কিন্তু এই দুয়োটি অভিযোগেই বোধকৰো খণ্ডন কৰিব পৰা যায় । ভলত্যাৰ আছিল জীৱন-প্রেমিক, তপ-জপ তেওঁৰ জীৱনৰ আদৰ্শ নাছিল । জীৱনটোক, উপভোগ কৰাৰ বাসনা তেওঁৰ আছিল প্রবল । অৰ্থৰ প্রতি আকৰ্ষণৰ বিশেষ এটি ডাঙৰ কাৰণ আছিল । বাস্তৱ অভিজ্ঞতাৰ ফলত অতি কম বয়সতেই বুজিব পাৰিছিল যে মানুহৰ বেপৰোৱা সাহসখিনি আহে অৰ্থৰ পোষত, নহ’লে আনৰ দয়াৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয় । তেওঁৰ যুদ্ধংদেহি জীৱনত এই শক্তি আয়ত্ত কৰাটোৰ প্রয়োজন আছিল । আৰু স্তাৱকতা ? বিভিন্ন ঘটনাৱলী চালি-জাৰি চালে দেখা যায় যে তেওঁ কোনো নৃপতি অথবা সামন্ত-প্রভুক তেওঁৰ নিজতকৈ শ্রেষ্ঠ বুলি বিবেচনা কৰা নাছিল । প্রয়োজনৰ খাতিৰত মুখেৰে যিহকে নকওক লাগিলে, বাস্তৱ ক্ষেত্রত আচৰণ কৰিছিল সমানে সমানে আৰু সেই মানুহবোৰৰ সম্পৰ্কে তেওঁৰ মনোভাব আছিল সদায়েই নিমেহি আৰু অনমনীয় । তেওঁৰ এই মানসিকতাই হঠাতে কোনো এটা ঘটনাৰ জৰিয়তে প্রকাশ পাইছিল আৰু তাৰ বাবে তেওঁ বিপদতো পৰিছিল । এনে দৃষ্টান্ত বহু আছে ।

        বহুতে তেওঁক ধ্বংসাত্মক বুদ্ধিৰ বিগ্রহ হিচাপে দেখুৱাব খোজে । কিন্তু এই কথা জানো অস্বীকাৰ কৰা যায় যে তেওঁৰ সেই বুদ্ধিৰ উৎস আছিল সমস্ত মানৱ জাতিৰ মাজত; যি হৃদয়ৰ বিক্ষোভ উদ্যত আছিল সৰ্বপ্রকাৰৰ অন্যায়ৰ বিৰুদ্ধে  সকলো মানুহৰ মঙ্গল, সৰ্বজনৰ সুখ তথা সৰ্বসাধাৰণৰ স্বাধীনতা - এই আদৰ্শৰদ্বাৰাই আদ্যোপান্ত চালিত হৈছিল তেওঁৰ জীৱন । বাৰংবাৰ তেওঁ এই আদৰ্শৰ কথা কৈছে । তেওঁ ঘোষণা কৰিছে, “মই বিচাৰোঁ সমস্ত অবিচাৰৰ কাহিনী সমস্ত মানুহৰ কাণত প্রতিক্ষণে প্রতিধ্বনিত হওক ।” বিশ্বভাতৃত্বৰ আহ্বান জনাই তেওঁ কৈছে, “সমস্ত মানৱ জাতিয়ে যেন স্মৰণত ৰাখে যে তেওঁলোক সকলো ভাই-ভাই, তেওঁলোকৰ আত্মাৰ ওপৰত যিসকলে স্বৈৰাচাৰ চলায়, সিহঁতক যেন তেওঁলোকে ঘিণ কৰে ।” খ্রীষ্টানসকলক সম্বোধি কৈছে, “তোমালোকে যদি যীশু খ্রীষ্টৰ দৰে হ’ব বিচৰা, তেন্তে শ্বহীদ হোৱা; জল্লাদ নহ’বা ।” ‘কাঁদিদ’ৰ ঊনবিংশ পৰিচ্ছেদৰ হাত-ভৰি কটা কাফ্রীৰ স’তে কথোপকথনৰ অংশটো মনত পেলাওক; শ্বেতাঙ্গৰ অত্যাচাৰ আৰু শোষণৰ কি স্বৰূপ-উদঘাটন ! এনে এক হৃদয়ৰে অংশীদাৰ সেই ষোড়শ শতাব্দীৰ দিকপাল ফৰাচী সাহিত্যিক মঁতেঞ - যি আমেৰিকাৰ আদিবাসীসকলৰ উৎপীড়নকাৰী শ্বেতাঙ্গবোৰৰ উদ্দেশি কৈছিল, “তোমালোকে যিবোৰ মানুহক বুলিছা নৰখাদক, সিহঁত তোমালোকতকৈ সভ্য ।”

        তেওঁৰ আদৰ্শ নিতান্তই মাথোন কথাৰ কথা নাছিল । কাৰ্যক্ষেত্রতো তেওঁ সদায় অন্যায়-অবিচাৰৰ বিৰুদ্ধে হৈছিল আগুৱান । অৱশ্যে তেওঁ ৰাজনীতিক নাছিল । ৰাজনৈতিক নেতৃত্বৰ দিশলৈ তেওঁ কোনোদিন আগ বঢ়া নাই । তেওঁৰ সংগ্রাম আছিল মানৱ প্রেমেৰে উদ্বুদ্ধ যুক্তিবাদী মনীষাৰ একক সংগ্রাম আৰু ইয়াৰ বিৱৰণ যিকোনো ইতিহাসত সোণৰ আখৰেৰে লিপিবদ্ধ হোৱাৰ যোগ্য । ভলত্যাৰে ভূমিদাস প্রথা বিলোপৰ দাবীত উদ্যোগ লৈছিল । লোণ-কৰ যে এক ঘোৰ অন্যায় এই কথাষাৰে তেওঁৰ দৃষ্টি এৰাই যাব পৰা নাছিল আৰু সেই কৰ প্রত্যাহাৰৰ দাবীৰ আন্দোলনত তেওঁ চামিল হৈছিল । তেওঁৰ আগতে কোনো বিখ্যাত ব্যক্তিয়ে লোণ-কৰৰ বিৰুদ্ধে সংগ্রামত যুক্ত হৈছিল নে নাই জনা নাযায় । কেতবোৰ বিশেষ ঘটনাক্রমত ভলত্যাৰ-এ প্রকাশ্যে অত্যাচাৰিতসকলৰ পক্ষে থিয় দিছিল । প্রটেষ্টান্ট কালাচ, প্রটেষ্টান্ট চিৰভেল-দম্পতী, লা বাৰ, মঁবায়িই তথা প্রাক্তন ফৰাচী ভাৰতৰ গভৰ্নৰ লালি-তলাঁদাল আদিৰ দৰে লোক বিভিন্ন মোকৰ্দমাত অন্যায়ভাৱে প্রাণদণ্ডেৰে দণ্ডিত হয় । এই সকলোবোৰ ক্ষেত্রতে ভলত্যাৰে অভিযুক্তক বচাবৰ চেষ্টা কৰিছে । পলাতক অভিযুক্তক অথবা অভিযুক্তৰ পৰিবাৰবৰ্গক তেওঁৰ ফাৰ্নেৰ বাসভৱনত আশ্রয় প্রদান কৰিছে । এনেবোৰ ক্ষেত্র্রত কোনোপ্রকাৰৰ অৰ্থব্যয়ৰ চিন্তা অথবা বিপদৰ আশংকাক তেওঁ গ্রাহ্য কৰা নাছিল ।

        কালাচৰ প্রাণ যোৱাৰ পিছতো অবিচাৰ প্রমাণ কৰিবৰ বাবে ভলত্যাৰে তিনি বছৰ ধৰি যুঁজ দিছিল । তেওঁ নিজে কোৱা কথা, “মাজতে কিবা কথাত হাঁহিলেও মোৰ অপৰাধবোধ হৈছিল ।” কথাষাৰ কি নিৰ্বিকাৰ বুদ্ধিৰ, নে ৰক্তাক্ত হৃদয়ৰ ? সেয়েহে ব্যঙ্গ ৰচনাৰ তেওঁৰ কৌতুকবোৰ পঢ়ি মাজে মাজে ভাব হয়, সেইবোৰ যেন হেঁচা মাৰি অশ্রুজল সম্বৰণ কৰাৰ এটা পন্থাহে মাথোন ! অকল মানুহৰ সামাজিক দুৰ্দশাবোৰেই নহয়, মানুহৰ সকলোপ্রকাৰৰ দুখ - যেনে যুদ্ধ, মহামাৰী, দুৰ্ভিক্ষ, প্রাকৃতিক দুৰ্যোগ - এনেবোৰ সমস্ত কথাই তেওঁক ক্রমাগত বিচলিত কৰিছে । অসাধাৰণ প্রতিভাই তেওঁৰ সহানুভূতিক বিচিত্র ৰচনাৰ মাধ্যমেৰে প্রকাশ কৰিছে । উৎসৰপৰা যিদৰে নদী প্রৱাহিত হয় ঠিক সেইদৰে তেওঁৰ ভাষা প্রবাহিত হয় তেওঁৰ অন্তঃস্থলৰপৰা । স্বচ্ছতা, সাৱলীলতা, গতিশীলতা আৰু সুষমা ভল্যতাৰী ভাষাৰ অনবদ্য বৈশিষ্ট্য, যাৰ তুলনা আন কোনো ফৰাচী ৰচনাত পোৱা নাযায় । ভাষা আৰু প্রকাশ পদ্ধতিক ভলত্যাৰে অস্ত্রৰ দৰেই ব্যৱহাৰ কৰে । তাৰ অৰ্থ তেন্তে এয়েই হয় নেকি যে তেওঁৰ সাহিত্যকৰ্ম মূলতঃ প্রচাৰধৰ্মী।  হয়তো সেয়াই সত্য । কিন্তু এক প্রচণ্ড সৃষ্টিকৰ্মৰ প্রেক্ষাপটত কথাষাৰ নিতান্তই হাস্যাস্পদ যেন শুনায় ।

        কাঁদিদৰ প্রথম প্রকাশ ১৭৫৯ খ্রীষ্টাব্দত জেনেভাত । বিধাতাসৃষ্ট এই জগত অন্যান্য সম্ভাব্য সকলো জগততকৈ সুন্দৰ আৰু তেৰাৰ ইচ্ছাত এই জগতৰ সকলোবোৰ ঘটনা ভালৰ বাবেই ঘটে – জাৰ্মান দাৰ্শনিক লাইবনিৎসৰ এই আশাবাদী তত্ত্বক আক্ৰমণৰ লক্ষ্য কৰি ভলত্যাৰে ভূমিকম্পৰ পিছত বিধাতাৰ ভূমিকা সম্পৰ্কে ৰুছোৰ লগত তেওঁৰ যি বাদানুবাদ হয় সিও আছিল এই গ্রন্থখনি ৰচনাৰ পটভূমিত । অৰ্থহীন অসাম্য, অসামঞ্জস্য তথা অবিচাৰপূৰ্ণ পৃথিৱীৰ এক নৈৰাশ্যজনক ছবি এখন তেওঁ ইয়াত চিত্রিত কৰিছে; কিন্তু উপসংহাৰত মানুহক সুখী হোৱাৰ এটা পথৰো নিৰ্দেশ দি গৈছে । পথটো হৈছে : আচল সত্য কি, জীৱনৰ ৰহস্য কি, এইবোৰ প্রশ্নত মূৰ নঘমাই মানুহৰ উচিত কৰ্তব্য হৈছে সকলোৱে নিজৰ নিজৰ কাম কৰি যোৱা । মাৰত্যাঁৰ বচন অনুসৰি, “তৰ্কাতৰ্কি নকৰি কাম কৰি যোৱা, জীৱনটোক সহনীয় কৰি লোৱাৰ সিয়েই একমাত্র উপায় ।” আৰু কাঁদিদৰ কথাত, “নিজৰ বাগিছাৰ যতন লোৱা ।”

        ‘কাঁদিদ’ৰ প্রথম প্রকাশত গ্রন্থকাৰৰ কোনো নাম নাছিল ঠিক যিদৰে তেওঁৰ অন্যান্য বহুত গ্রন্থতো নাছিল । গ্রন্থখন প্রকাশিত হৈছিল জনৈক কাল্পনিক ডক্তৰ ৰালফৰ জাৰ্মান ৰচনাৰ অনুবাদ হিচাপে । (সেই মুখবন্ধ বৰ্তমান বাংলা অনুবাদত যথাৰীতি সন্নিবিষ্ট হৈছে ।) কিন্তু গ্রন্থাকাৰৰ নামটো তেওঁৰ ৰচনাৰ মাজৰপৰাই ফুটি ওলাইছিল । আৰম্ভ হৈ যায় শত্রুসকলৰ গালি-গালাজ আৰু বন্ধুসকলৰ তাৰিফ । ছুইচ কৰ্তৃপক্ষইতো কিতাপখন পুৰি পেলোৱাৰেই হুকুম দিয়ে । এই কথাষাৰকে কেন্দ্র কৰি আকৌ ভলত্যাৰৰ কত ৰসিকতা। পুথিখনৰ পিতৃত্ব অস্বীকাৰ কৰি তেওঁ পাদুৰী ভ্যাৰ্ন-ক এইদৰে লিখিছে : “মই কাঁদিদখন পঢ়ি চালো । যদিহে কেতিয়াবা ইনকুইজিশ্যনক ক্ষমা কৰা মোৰ পক্ষে সম্ভৱ হয়, তেন্তে আশাবাদক সমৰ্থন কৰাৰ বাবে পৰ্টুগিজ ইনকুইজিটৰসকলে দাৰ্শনিক পাঁগ্লচক ফাঁচীৰ মঞ্চত ওলমোৱা কথাষাৰ মই ক্ষমা কৰিম ।” মাৰ্কি দ্য তিবুভিললৈ তেওঁ লিখিছে, “ ‘কাঁদিদ’খন পঢ়ি মই যিমানেই হাঁহিছো তিমানেই মোৰ খং বাঢ়িছে এই কথা ভাবি যে মানুহে ক’ব লাগিছে সেইখন মোৰ লেখা ।”

        এই অনুবাদত পাঠক সাধাৰণৰ সুবিধাৰ বাবে স্থানবিশেষে সংখ্যানুক্রমিক পাদটীকা দিয়া হৈছে । গ্রন্থ সম্বন্ধে তথা গ্রন্থত উল্লেখিত কোনো ব্যক্তি বা ঘটনাৰ প্রচ্ছন্ন উল্লেখ সম্বন্ধে যিবোৰ তথ্য দিয়া হৈছে, সেইবোৰ ফৰাচী উচ্চাৰণ অনুযায়ী লিখাৰ চেষ্টা কৰা হৈছে ।

        ভলত্যাৰী ভাষাৰ চোক কিদৰে ধৰি ৰখা যায়, ‘কাঁদিদ’ৰ অনুবাদ কালত এইটোৱেই আছিল মোৰ বাবে প্রধান সমস্যা । এনেয়েতো সমচৰিত্রৰ শব্দ বহু ক্ষেত্রতেই পোৱা নাযায়, তাৰ উপৰিও আকৌ ৰৈ যায় বাক্য-গাঁথনিৰ প্রশ্নটি । বাক্যগঠনত কিছু জড়তা আহি পৰিলেই গদ্যৰ গুণ নষ্ট হয়, অথচ ফৰাচী বাক্য গঠন বঙলা ৰূপান্তৰত সাল-সলনি কৰাৰ বাদে গত্যন্তৰ নাই । এনেবোৰ সাল-সলনি সত্ত্বেও যদি মূল ৰচনাৰ কিছু আস্বাদ বাংলা পাঠক-পাঠিকাসকলে এই ভাষান্তৰৰপৰা পায়, তেন্তে নিজকে কৃতাৰ্থ মানিম ।

                                                                                অৰুণ মিত্ৰ

        এলাহাবাদ

        ২৩ বহাগ, ১৩৭৭

Share Button
Print Friendly, PDF & Email

No Comments : "ভলত্যাৰৰ জীৱন আৰু সাহিত্য: (মূল- অৰুণ মিত্ৰ, অনুবাদ-মুনীন শৰ্মা)"

Leave a Comment

Your email address will not be published. Required fields are marked *