সাম্প্ৰতিক ৰাজনৈতিক প্ৰেক্ষাপটত চৰ-চাপৰিবাসী (ডঃ আবুল হুছেইন)

ভৌগোলিক দিশত চৰ-চাপৰিৰ এক বিশেষ অস্তিত্ব আছে৷ নৈৰ বুকুত, নৈৰ পাৰত গঢ়ি উঠা চৰ-চাপৰিৰ পলসুৱা মাটিত এটি সেউজ পৰিবেশত চৰ-চাপৰিবাসীৰ ডুখৰীয়া জীৱন৷ ৰ’দ-বৰষুণ, বাৰিষা, খৰাং সকলো যেন চৰ-চাপৰিবাসীৰ জীৱন  সংগী৷ শদিয়াৰ পৰা ধুবুৰীলৈ বিস্তৃত চৰাঞ্চলৰ জীয়া স্বপ্ন বুলিবলৈ আচলতে একো নাই--আছে মাথোঁ কৰুণ বিননি, দুখৰ স্মৃতি আৰু হুমুনিয়াহ৷

মহাবাহু  ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই বিধ্বস্ত কৰিছে চৰ-চাপৰিবাসীৰ জীৱন৷ তথাপি চৰবাসী প্ৰত্যাশাৰ দুৱাৰদলিত অপেক্ষাৰত, কিজানি এচেৰেঙা পোহৰৰ সন্ধান তেওঁলোকে পায়েই! অসমৰ চৈধ্যখন জিলাত মুঠ চৰগাঁৱৰ সংখ্যা হ’ল ২২৫৯ খন৷ জনসংখ্যাৰ ফালৰ পৰা বৰপেটা জিলা প্ৰথম স্থানত আৰু মাটিকালিৰ ফালৰ পৰা ধুবুৰী জিলা প্ৰথম স্থানত আছে৷ অসমত মুঠ চৰমাটিৰ পৰিমাণ ২.৩৯ লাখ হেক্টৰ যদিও আবাদী মাটিৰ পৰিমাণ মাত্ৰ ১.৬৯ লাখ হেক্টৰ৷ অসমত বিভিন্ন ঋতুত নানা প্ৰতিকূল পৰিবেশতো চৰ-চাপৰিৰ জনগণে কৃষিৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে৷ তেওঁলোকে চৰসমূহত ধান, মৰাপাট, মাহ, সৰিয়হ, নানা তৰহৰ শাক-পাচলি, বাদাম আদিৰ খেতি কৰি কৃষিৰ ক্ষেত্ৰত অসমক এক সুকীয়া স্থানলৈ লৈ যাবলৈ সক্ষম হৈছে৷ চৰ-চাপৰিৰ জনগণৰ মাতৃভাষা অসমীয়া হেতুকে তেওঁলোকৰ ল’ৰা-ছোৱালীৰ ৯৮ শতাংশই অসমীয়া মাধ্যমৰ স্কুলত পঢ়া-শুনা কৰে৷ চৰ-চাপৰিসমূহৰ এশ শতাংশ ভূমি পট্টাহীন৷ নতুন চৰৰ আবিৰ্ভাৱ হ’লেই বিভিন্ন ফৈদৰ মাজত কাজিয়া সংঘটিত হয়৷ মাতব্বৰী প্ৰথা চলি থকা হেতুকে সাধাৰণ জনগণ প্ৰায়ে সুবিচাৰৰ পৰা বঞ্চিত হয়৷ আৰক্ষী থানাৰ সংখ্যা অতি কম৷ সাধাৰণ ঘটনা এটাক কেন্দ্ৰ কৰি কাজিয়া বা সংঘৰ্ষ হয় আৰু আৰক্ষী থানাত দুয়োপক্ষই এজাহাৰ দিয়ে৷ কেতিয়াবা কেতিয়াবা মাটি-বাৰীৰ কাজিয়াত হত্যাও হয়৷ এই অশান্তিময় পৰিবেশ আৰু বিশৃংখলাৰ মাজতো চৰ-চাপৰি সমূহত আনন্দ, উৎসাহও বিদ্যমান৷ নাও খেল, হাডুডু খেল এতিয়াও প্ৰচলিত হৈ আছে৷

যি কি নহওক, চৰ-চাপৰিৰ মানুহবোৰ সৰ্বদিশতে উপেক্ষিত৷ ৰাজনৈতিক ক্ষেত্ৰত চৰ-চাপৰিবোৰত যিবোৰ ঘটনা ঘটে, সেইবোৰৰ পৰা সাধাৰণ জনগণ মুঠেই উপকৃত নহয়৷ ৰাজনীতিবিদসকলে ভোট সংগ্ৰহৰ বাবে যিবোৰ আস্বাস প্ৰদান কৰে, নিৰ্বাচনৰ পাছত সেইবোৰ ফুটুকাৰ ফেন হৈ যায়৷ প্ৰতিটো ৰাজনৈতিক দলেই প্ৰতাৰণা কৰি আহিছে এই সহজ-সৰল মানুহবোৰক৷ ৰাজনৈতিক শোষণ চলি থকাৰ মূল কাৰণ হ’ল চৰ-চাপৰিৰ মানুহবোৰৰ আশী শতাংশই অশিক্ষিত৷ সাম্প্ৰতিক সময়ত শিক্ষাৰ ক্ষেত্ৰত সকলোবোৰ জাতি-জনগোষ্ঠী আগুৱাই গৈছে যদিও চৰ-চাপৰিৰ জনগণ সেই অনুপাতে বৰ পিছুৱাই আছে৷ পৰ্যাপ্ত শিক্ষানুষ্ঠান, শিক্ষক আৰু সা-সুবিধা নথকা হেতুকে চৰ অঞ্চলৰ ল’ৰা-ছোৱালী শিক্ষাৰ পৰা বঞ্চিত হোৱাটো সাধাৰণ ঘটনা বুলি ক’ব লাগিব৷ জনপ্ৰতিনিধিৰ অৱহেলা আৰু উদাসীনতাৰ বাবে সৰ্বশিক্ষা মিচনো চৰাঞ্চলত ব্যৰ্থ হৈছে৷

তথ্যমতে জনা যায় যে ১৪ খন জিলাৰ ২১ টা মহকুমা, ৫৬ টা উন্নয়ন খণ্ড আৰু ২২৫৯ খন চৰগাঁও সামৰি গঠিত চৰাঞ্চলৰ জনসংখ্যা প্ৰায় ৩৫ লাখ৷ এই ৩৫ লাখ জননসংখ্যাৰ প্ৰায় ২৮ লাখেই নিৰক্ষৰ৷  ৯০ শতাংশ মানুহে নেজানে সৰ্বশিক্ষা অভিযান কি! ফলত চৰাঞ্চলত নিৰক্ষৰতা এক অভিশাপ হৈ পৰিছে৷ চৰ উন্নয়ন বিভাগে আবণ্টন দিয়া কৌটি কৌটি টকা চৰৰ উন্নয়নমূলক আঁচনিৰ পৰিৱৰ্তে একাংশ ৰাজনৈতিক নেতা, পালিনেতা আৰু চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে আদবাটতে হজম কৰা বুলি সাধাৰণ মানুহেও বুজি পাইছে৷

বাস্তৱ অভিজ্ঞতাৰ পৰা আৰু জনসাধাৰণৰ অভিযোগ-প্ৰতি অভিযোগৰ পৰা জনা গৈছে যে এই সৰ্বশিক্ষা মিচনৰ আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত শিক্ষা বিভাগে চৰম হেমাহি কৰিছে৷ দুৰ্গম চৰ এলেকাবোৰত শিক্ষা বিভাগৰ কৰ্মকৰ্তাসকল বেছিভাগ ক্ষেত্ৰতেই পৰিদৰ্শন নকৰে৷ সম্ভৱতঃ সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত অসমৰ চৰাঞ্চলসমূহতেই স্বাক্ষৰতাৰ হাৰ নিম্নতম হ’ব৷ চৰাঞ্চলত থকা শিক্ষানুষ্ঠান সমূহত বিশেষকৈ প্ৰাথমিক স্তৰৰ বিদ্যালয়সমূহত শিক্ষক-শিক্ষয়িত্ৰীৰ সংখ্যা খুবেই কম৷ যদিও শিক্ষা বিভাগৰ নিৰ্দেশনা মতে ছাত্ৰ-শিক্ষকৰ অনুপাত ৪০ : ১ ৰ বেছি হ’ব নালাগে, বাস্তৱ ক্ষেত্ৰত দেখা যায় যে এই অনুপাত অঞ্চলভেদে ৩০০ : ১ কো  চেৰাই গৈছে৷ অসমৰ প্ৰত্যেকখন জিলাৰ সদৰত সৰ্বশিক্ষা অভিযানৰ তথ্য পোৱা যায়৷ এই তথ্যৰ পৰা দেখা যায় অসমত এনে কিছুমান জিলা আছে, যিবোৰত ছাত্ৰ-শিক্ষকৰ অনুপাত ৩০ : ১ তকৈও কম৷ চহৰ অঞ্চলতো ছাত্ৰ-শিক্ষকৰ অনুপাত ৩০ : ১ তকৈ কম৷ গাঁও অঞ্চলত, বিশেষকৈ চৰ-চাপৰিসমূহত এই অনুপাত অতি দুখলগা ধৰণৰ৷ শিক্ষাৰ ক্ষেত্ৰত চৰ-চাপৰিৰ জনগোষ্ঠীক আগুৱাই লৈ যোৱাত কেৱল চৰকাৰ-প্ৰশাসনেই ব্যৰ্থ হোৱা নাই, চৰাঞ্চলৰ জনগণেও চৰকাৰী আঁচনিসমূহ ৰূপায়ণ হয় নে নহয় তাৰ প্ৰতি কোনো গুৰুত্ব নিদিয়ে৷ তেওঁলোকৰ গুৰুত্ব হ’ল, আঁচনিসমূহৰ পৰা নিজৰ পকেটত কিমান আহিব, তাতহে৷ পৰিতাপৰ বিষয় যে জন প্ৰতিনিধিসকলে চৰ-চাপৰিৰ জনগণক কেৱল প্ৰতাৰিত কৰাই নহয়, সৰ্বস্তৰতে পশ্চাৎ দিশলৈ ঠেলি দিছে৷ চৰ-চাপৰিৰ মানুহ আধুনিক জগতখনৰ পৰা এলাগী হৈ থকাৰ কাৰণো ৰাজনৈতিক৷ প্ৰতিটো ৰাজনৈতিক দলেই চৰ-চাপৰিৰ জনগণক কেৱল নিৰ্বাচনৰ সময়ত ব্যৱহাৰ কৰি আহিছে৷ ইয়াৰ অন্তৰালত থকা কাৰণসমূহ হ’ল--

                ১৷  দৰিদ্ৰতা আৰু নিৰক্ষৰতা

                ২৷  ধৰ্মীয় প্ৰভাৱৰ বাবে ব্যক্তিগত চিন্তাৰ নিস্ক্ৰিয়তা

                ৩৷  যুৱ উচ্ছৃংখলতা

                ৪৷  মাতব্বৰী  প্ৰভাৱ

                ৫৷  মহিলাৰ স্বাধীন চিন্তাৰ অভাৱ

                ৬৷  সামাজিক দায়িত্ববোধৰ অভাৱ

                ৭৷  ক্ৰিমিলেয়াৰ সকলৰ দায়িত্বহীনতা

                দৰিদ্ৰতা আৰু নিৰক্ষৰতাঃ  আলোচনাৰ বিষয় বস্তুৰ ভিতৰত নিৰক্ষৰতাৰ এটি স্পষ্ট ছবি দাঙি ধৰা হৈছে৷ চৰ-চাপৰিৰ জনগণৰ ৭০ শতাংশ পৰিয়াল দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰে৷ গৰাখহনীয়া, অপৰিকল্পিত পৰিয়াল ব্যৱস্থাই দৰিদ্ৰতাৰ মূল কাৰণ৷  এই দৰিদ্ৰ আৰু নিৰক্ষৰ মানুহ বিশেষকৈ ভোটাৰসকলৰ এনে এক মানসিকতা গঢ় লৈ উঠিছে যে নিৰ্বাচন মানেই টকা ঘটাৰ সুবৰ্ণ সুযোগ৷ নীতি-নিয়ম, আদৰ্শ বুলি তেওঁলোকৰ কোনো কথা নাই, জীয়াই থকাৰ তাড়না আৰু নোপোৱাৰ যন্ত্ৰণাই তেওঁলোকক তেনে কৰিবলৈ বাধ্য কৰিছে৷ এই শ্ৰেণীৰ মানুহৰ  কোনো সপোন নাই৷ জীয়াই থকাটোৱেই যেন সৰ্বস্ব৷ সেয়ে যেনে তেনে সামান্য সুবিধা পাবলৈ তেওঁলোক উদগ্ৰীৱ হৈ থাকে৷ দৰিদ্ৰতা আৰু নিৰক্ষৰতাৰ সুযোগ লৈ নিৰ্বাচনৰ সময়ত প্ৰাৰ্থীসকলে তেওঁলোকৰ ভোট ক্ৰয় কৰে৷ কোনজন প্ৰাৰ্থী উপযুক্ত, কাক ভোট দিলে জনগণৰ উপকাৰ হ’ব, সেইবোৰ কথা ভাবিবলৈ তেওঁলোকৰ সময় নাই৷ যিজন প্ৰাৰ্থীয়ে বেছি টকা দিব, তেওঁকেই ভোটদান কৰিব৷ তেওঁলোকৰ বিশ্বাস হ’ল যিজন লংকালৈ   যায় তেৱেঁই ৰাৱণ হয়৷ অৱশ্যে সাম্প্ৰতিক সময়ৰ ৰাজনীতিত প্ৰায়ে সেই চৰিত্ৰৰ ৰাজনীতিবিদৰ ছবিখনেই চকুৰ সন্মুখত ভাহি উঠে৷ ভাল ৰাজনৈতিক নেতাও আছে, কিন্তু চৰ-চাপৰিৰ জনগণৰ উন্নয়নৰ স্বাৰ্থত কাম কৰা নেতাৰ বৰকৈ  অভাৱ৷

ধৰ্মীয় প্ৰভাৱৰ বাবে ব্যক্তিগত চিন্তাৰ নিস্ক্ৰিয়তাঃ চৰ-চাপৰিৰ জনগণৰ প্ৰায় ৯০ শতাংশই ইছলাম ধৰ্মাৱলম্বী লোক৷ ধৰ্মীয় চেতনাক প্ৰায়ে ৰাজনীতিৰ লগত জড়িত কৰি বহুতো ক্ষেত্ৰত জনগোষ্ঠীটোক সঠিক পথ নিৰ্ণয়ত দিশহাৰা কৰিছে বুলি ক’ব পাৰি৷ এনেকি ধৰ্মীয় প্ৰভাৱৰ বাবেই কেতিয়াবা ব্যক্তিগত চিন্তা নিস্প্ৰভ হৈ পৰে৷ ব্যক্তি স্বাধীনতাও নাথাকে ৷ নিৰ্বাচনৰ সময়ত আলেম-উলামা সকলৰ কথাই সুকীয়া৷ কোন দলক ভোট দিব লাগিব প্ৰয়োজন হ’লে ফতোৱা জাৰি কৰিবলৈও প্ৰস্তুত৷ দিল্লীৰ শাহী ইমাম বোখাৰী উৰামাৰে অসমলৈ অহাৰ উদ্দেশ্য, মুছলমানসকলে কাক ভোট দিব লাগিব, সেয়া জনোৱা৷  অসমতো এচাম আলেম আছে, যিসকল নিৰ্বাচনৰ সময়ত সাৰ পাই উঠে৷ এইচাম আলেমৰ ওপৰত সাধাৰণ অশিক্ষিত সৰল মনৰ মানুহৰ অগাধ বিশ্বাস৷ তেওঁলোকৰ কথা হ’ল আলেমৰ কথা নুশুনিলে পাপ হ’ব আৰু পাপী হ’লে বেহেস্তত যাব নোৱাৰিব৷ উল্লেখ্য যে সাম্প্ৰতিক ৰাজনীতিত মুছলমানসকলৰ মাজত বদৰুদ্দিনৰ এ আই ইউ ডি এফৰ প্ৰভাৱ যথেষ্ট৷ দলটোৱে অসমৰ জনগণক কি দিছে, অন্য কথা৷ কিন্তু সময়ে সময়ে দিয়া বিবৃতিবোৰে চৰ-চাপৰিৰ জনগণক মানসিক আঘাত দিছে বুলি ক’ব লাগিব৷ যোৱা লোকসভাৰ নিৰ্বাচনত বদৰুদ্দিন আজমল নিজেই জনগণক এই বুলি আহ্বান কৰিছিল যে মুছলমান ভোটাৰে বিজেপিক ভোট প্ৰদান কৰিলে আল্লাই ক্ষমা নকৰিব৷ এইটো অত্যন্ত স্পৰ্শকাতৰ বক্তব্য৷ এইধৰণৰ বক্তব্যই যথেষ্ট ক্ষতি কৰে৷ ধৰ্মক ৰাজনীতিৰ লগত সাঙোৰ খোৱাই জনগণক গণতান্ত্ৰিক চিন্তা-চৰ্চাৰ পৰা আঁতৰাই ৰাখি সঠিক দিশত জনগণৰ চিন্তাশক্তি প্ৰতিফলিত কৰাত বাধা আৰোপ কৰা হয়৷ চৰ-চাপৰিৰ জনগণে ৰাজনীতিৰ ক্ষেত্ৰত সঠিক পদক্ষেপ লোৱাত  বিফল হোৱা বাবেই সৰ্বদিশতে তেওঁলোক বঞ্চিত হৈ আছে৷ সুখৰ বিষয় যে ধৰ্মৰ দোহাইদি ৰাজনীতি কৰা মৌলনা বদৰুদ্দিন আজমলক ২০১৬ খ্ৰীঃৰ এপ্ৰিল মাহত অনুষ্ঠিত বিধান সভাৰ নিৰ্বাচনৰ জৰিয়তে চৰ-চাপৰিৰবাসীয়ে এক প্ৰকাৰ প্ৰত্যাখ্যান কৰিছে৷

যুৱ উচ্ছৃংখলতাঃ যুৱ উচ্ছৃংখলতা এতিয়া এক সামাজিক ব্যাধিত পৰিণত হৈছে৷ চৰ-চাপৰিৰ যুৱকসকলো এই ব্যাধিৰ পৰা মুক্ত নহয়৷ কিছুসংখ্যক যুৱকৰ বাবে ৰাজনীতি হ’ল ধন ঘটাৰ কাৰখানা৷ নিলৰ্জ্জভাৱে জন প্ৰতিনিধিৰ বোকোচাত উঠি দালালীৰাজ চলায় এই শ্ৰেণীৰ যুৱকে৷ জন প্ৰতিনিধিয়েও মটৰচাইকেল বা সামান্য আৰ্থিক সাহায্য দি হাত কৰি ৰাখে তেওঁলোকক৷ প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰতি এই যুৱকসকল উদাসীন৷ বাতৰি কাকত, আলোচনী দূৰৰ কথা; সচেতনতা সভা-সমিতিতো তেওঁলোকৰ যোগদান পুতৌজনক৷ সমাজ সংস্কাৰৰ প্ৰতি তেওঁলোকৰ কোনো ধৰণৰ চিন্তা-চৰ্চা নাই৷  মন্ত্ৰী-বিধায়কৰ পিছে পিছে ঘূৰি ফুৰি দিন কটোৱাতেই ব্যস্ত থাকে তেওঁলোক৷ ক’ৰবাত ঠিকাদাৰে কাম কৰিলে কমিচন লাগে, হাট-বজাৰৰ লেচীৰ পৰা কমিচন লাগে৷ অনুষ্ঠান-প্ৰতিষ্ঠানৰ ঘৰ নিৰ্মাণৰ বাবে আবণ্টিত ধনৰ পৰাও কমিচন লাগে, কোনোবা অচিনাকি নতুন শিক্ষক এজন চাকৰিত যোগদান কৰিবলৈ আহিলে কমিচন লাগে,  সৎ ব্যৱসায়ীৰ পৰাও টকা লাগে৷ সামাজিক বিচাৰৰ ক্ষেত্ৰতো এই শ্ৰেণীৰ যুৱকে উদ্ভণ্ডালি কৰে আৰু নিৰ্লজ্জভাৱে টকা ঘটে৷ জন প্ৰতিনিধিৰ ছত্ৰ ছায়াত চলোৱা এই দালালৰাজে চৰ-চাপৰিৰ জনগণক বিধ্বস্ত কৰিছে বুলি ক’ব পাৰি৷ এই যুৱচামে এনেকি স্থানীয় আৰক্ষী চকীৰ ওচৰত কোনোবাই এজাহাৰ দিলে তাতো জড়িত হৈ টকা সৰকোৱাৰ বাবে চেষ্টা কৰে৷ এই উচ্ছৃংখল যুৱচামৰ মাজত মদ, ভাং আদি¸ নিষিদ্ধ দ্ৰব্যও চলে৷ সাধাৰণ জনগণ তেওঁলোকৰ আচাৰ আচৰণত ক্ষুব্ধ যদিও প্ৰতিবাদ কৰিব নোৱাৰে ৷

মাতব্বৰী প্ৰথাৰ প্ৰভাৱঃ চৰ-চাপৰি অঞ্চলত পুৰণি কালৰ পৰা মাতব্বৰী প্ৰথা চলি আহিছে৷ সমাজ বা অঞ্চলৰ প্ৰভাৱশালী ব্যক্তি-- যাৰ ধন আছে, জন আছে, সৎ-অসৎ বুদ্ধি আছে, কৌশল আছে, সাহস আছে তেৱেঁই মাতব্বৰ৷ এই ক্ষেত্ৰত শিক্ষাৰ ভূমিকা গৌণ৷ কিন্তু অলপ শিক্ষিত হ’লে সোণত সুৱগা চৰাদি মাতব্বৰৰ যশ বৃদ্ধি পায়৷ চৰ-চাপৰিৰ প্ৰতিখন সমাজতে মাতব্বৰ আছে৷ কোনো কোনো সমাজত একাধিক মাতব্বৰো থাকে, তেতিয়া তেওঁলোকৰ মাজত শীতল যুদ্ধ চলে৷ আকৌ কেতিয়াবা শীতল যুদ্ধ মুক্ত যুদ্ধলৈ ৰূপান্তৰ ঘটে৷ চৰ-চাপৰিত হোৱা হত্যাকাণ্ডৰ মূল কাৰণো এই মাতব্বৰী প্ৰথা৷ চৰৰ মাটিসমূহৰ পট্টা নাই, চৰকাৰী আইন-কানুনে চৰবোৰত ঢুকি নেপায়৷ মাতব্বৰসকলেই সৰ্বেসৰ্বা৷ সেয়ে সাধাৰণ মানুহ এজনে মাতব্বৰ এজনক সদায় সন্মান দি চলে৷ ৰাজনীতিতো এই মাতব্বৰসকলৰ ক্ষমতা সীমাহীন৷ যিকোনো প্ৰাৰ্থীয়ে নিৰ্বাচনৰ সময়ত মাতব্বৰসকলক হাত কৰি ৰাখিব বিচাৰে৷ মাতব্বৰে যাক ভোট দিবলৈ ক’ব, সাধাৰণ জনতাই তাকেই ভোট দিবলৈ একপ্ৰকাৰ বাধ্য৷ অৱশ্যে, যিবোৰ এলেকাত শিক্ষাৰ পোহৰ পৰিছে, সোইবোৰ ঠাই মাতব্বৰ প্ৰথাৰ পৰা কিছু মুক্ত৷ মাতব্বৰসকলে নিৰ্বাচনৰ সময়ত প্ৰাৰ্থীসকলৰ পৰা শকত অংকৰ ধন সংগ্ৰহ  কৰে৷ তেওঁলোক ভোটাৰক বিতৰণ কৰি দিম বুলি প্ৰতিশ্ৰুতি দিলেও প্ৰকৃততে সেই টকা মাতব্বৰসকলেহে ভক্ষণ কৰে৷ ব্যক্তিস্বাধীনতা আজিও চৰ-চাপৰিত দুখলগা৷ মুক্ত চিন্তা, বাক স্বাধীনতাও আনৰ হাতত৷ তেনে ক্ষোত্ৰত চৰ-চাপৰিৰ জনগণৰ আৰ্থিক বিকাশ-উন্নয়নন আদি কেৱল শ্ল’গানহে৷

মহিলাৰ স্বাধীন চিন্তাৰ অভাৱঃ চৰ-চাপৰিৰ মহিলাসকল শিক্ষাৰ ক্ষেত্ৰত পিছপৰা৷ দৰিদ্ৰতাৰ কৰাল গ্ৰাসত পৰা কিছু সংখ্যক মহিলা অসামাজিক কামতো লিপ্ত হোৱা দেখা যায়৷ এই নিপীড়িত দৰিদ্ৰ মহিলাসকলক অসামাজিক কামৰ পৰা আঁতৰাই আনিবলৈ কোনো দল-সংগঠনেই আজিলৈ চেষ্টা কৰা পৰিলক্ষিত হোৱা নাই৷  চৰ অঞ্চলত মহিলাৰ কৰুণ দৃশ্য নেদেখাজনে হয়তো কল্পনাই কৰিব নোৱাৰিব৷ ত্ৰিশ শতাংশ আসন পঞ্চায়ত পৰ্যায়ত সংৰক্ষণ কৰা বাবে চৰ-চাপৰিত কিছুমান মহিলাই প্ৰতিনিধিত্ব কৰাৰ সুযোগ পাইছে যদিও তাৰ পৰা বিশেষ লাভ হোৱা পৰিলক্ষিত হোৱা নাই৷

সামাজিক দায়িত্ববোধঃ সাধাৰণতে চৰ-চাপৰিৰ মানুহ সহজ-সৰল৷ তেওঁলোক কষ্টসহিষ্ণু, পৰিশ্ৰমী যদিও কোনোমতে পেটে-ভাতে খাই জীৱন নিৰ্বাহ কৰে৷ চৰ অঞ্চলৰ এচাম ধুৰন্ধৰ লোকে তথাকথিত কিছুমান সুবিধাবাদী ৰাজনীতিকৰ সহযোগত চৰ-চাপৰিৰ প্ৰকৃত কৃষকসকলক কৃষিৰ ক্ষোত্ৰত চৰকাৰে আগবঢ়োৱা সা-সুবিধা, অনুদান আদি লাভৰ বেলিকা কৌশলেৰে বঞ্চিত কৰি আহিছে৷ চৰ-চাপৰিত দালাল শ্ৰেণীৰ ধুৰন্ধৰসকলে দুখীয়া শ্ৰেণীক শোষণ কৰে৷ আনফালে জন প্ৰতিনিধিসকলেও দুখীয়া শ্ৰেণীটোক বঞ্চিত কৰে৷ বহুতো দুখীয়া পৰিয়ালৰ বি পি এলৰ কাৰ্ড নাই, কিন্তু ধনী পৰিয়ালৰ ঘৰত বি পি এলৰ কাৰ্ড দেখা যায়৷ সেইদৰে বিভিন্ন আঁচনিৰ ধন আৰু ঘৰ লাভ কৰে সমাজৰ ধনী শ্ৰেণীটোৱে দুখীয়া পৰিয়ালৰ কম সংখ্যকেহে তেনে আঁচনিৰ সুবিধা লাভ কৰে৷ এই সামাজিক বৈষম্যৰ বাবেই দুখীয়া শ্ৰেণীটো ক্ৰমাৎ বেছিকৈ দুখীয়া হ’বলৈ ধৰিছে এই বৈষম্যতাৰ আঁৰত ৰাজনৈতিক শোষণ চলাৰ কথাটো আজি কালি মানুহে বুজি পাব ধৰিছে৷

ক্ৰিমিলেয়াৰসকলৰ দায়িত্বহীনতাঃ চৰ-চাপৰিৰ পৰা সামান্য সংখ্যক লোক উচ্চ শিক্ষা লাভ কৰি চাকৰি সূত্ৰে চহৰত বসবাস কৰি আছে৷ তেওঁলোক সমাজৰ দায়িত্বশীল ব্যক্তি যদিও কাৰ্য ক্ষেত্ৰত তাৰ ওলোটা ছবিখনহে প্ৰতিফলিত হয়৷ বেছি সংখ্যকেই নিজৰ আপোন গাঁওখনক পাহৰি যায়, পাহৰি যায় নিজ আত্মীয়-স্বজনক৷ কেৱল নিজৰ স্বাৰ্থত এই শ্ৰেণীৰ ক্ৰিমিলেয়াৰ ব্যস্ত৷ বহুতেই পৈত্ৰিক সম্পত্তিৰ অংশখিনি বিক্ৰী কৰি চহৰৰ ঘৰৰ কামত খৰচ কৰে৷ এই ক্ৰিমিলেয়াৰ সকলৰ আকৌ ৰাজনৈতিক প্ৰতিনিধি সকলৰ সৈতে মিতিৰালি চলে৷ নিৰ্বাচনৰ সময়ত ঠিকাদাৰৰ দৰে কাম কৰে বহুতেই৷ এৰি অহা সমাজখনৰ প্ৰতি ক্ৰিমিলেয়াৰ সকলৰ কোনো সুসম্পৰ্ক নাই, নিজৰ সতি-সন্তানক লৈয়ে ব্যস্ত৷ এওঁলোক কোনো ধৰণৰ সামাজিক দায়িত্ব ল’বলৈ মান্তি নহয়৷ ৰাজনীতিবিদৰ সহায় লৈ তেওঁলোকে বিভিন্ন দিশত জনগণক সহায় কৰিব পাৰে৷ চৰ-চাপৰিসমূহত সৃষ্টি হোৱা ‘ডি’ ভোটাৰৰ সমস্যা, সামাজিক কুসংস্কাৰ, অন্ধবিশ্বাস, মোল্লাৰ অতপালি, যুৱচামৰ অসৎ আচৰণ আদি দূৰ কৰাত ক্ৰিমিলেয়াৰ সকলে নিশ্চয় সবল ভূমিকা ল’ব পাৰে৷ তদুপৰি, বিধ্বস্ত শিক্ষা ব্যৱস্থা আৰু জৰাজীৰ্ণ বিদ্যালয়সমূহকো এই শ্ৰেণীৰ চাকৰিয়াল বা ক্ৰিমিলেয়াৰে ভাল কৰিব পাৰে৷ মহিলা শিক্ষাৰ বাবেও এওঁলোকৰ সহযোগিতাৰ প্ৰয়োজন আছে৷ সমাজৰ বঞ্চিত শ্ৰেণীটোক বিভিন্ন দিহা-পৰামৰ্শ দিয়া, সৎ জীৱন যাপনৰ প্ৰতি উৎসাহ প্ৰদান, যুৱ শক্তিক জাগ্ৰত কৰা আৰু গণতান্ত্ৰিক  চেতনাশক্তিক সজীৱ কৰাৰ ক্ষেত্ৰতো এওঁলোকৰ প্ৰয়োজন অপৰিসীম৷

সামৰণিঃ চৰ-চাপৰিৰ জনগণ সৰ্বদিশতে উপেক্ষিত হোৱাৰ মূল কাৰণ কিন্তু ৰাজনৈতিক৷ চহৰ অঞ্চলৰ দৰে চৰগাঁৱত বিদ্যুৎ নাই, পানী যোগান ধৰা নহয়, পকী ৰাস্তা নাই, নৰ্দমা নাই, খেল-ধেমালিৰ বাবে খেল পথাৰ নাই৷ চৰকাৰী চিকিৎসালয় নথকাৰ দৰেই৷ উচ্চ শিক্ষাৰ অনুষ্ঠান নাই, চৰকাৰী কাৰ্যালয় নাই, আৰক্ষী চকী নাই (এখন বা দুখন থকাৰ বাদে)৷ কেৱল নাই আৰু নাই৷ তেনে ক্ষেত্ৰত জন প্ৰতিনিধিসকলৰ দায়িত্ব সীমিত বুলি ক’ব নোৱাৰি৷ চৰ-চাপৰিৰ মূল সমস্যা গৰাখহনীয়া আৰু বানপানী৷ এই দুয়োটা সমস্যাক আজিলৈকে গুৰুত্ব দিয়া হোৱা নাই৷ বানপানীৰ সময়ত চৰ-চাপৰিৰ মানুহবোৰ নিজেই সকলো ব্যৱস্থা কৰিব লাগে৷ চৰৰ বাবে চৰকাৰৰ ঘৰৰ পৰা যোগান ধৰা কৃষিবীজ চৰ নেপায়গৈ৷ যি অলপমান শেষ মুহূৰ্তত গৈ পায় সেয়াও দুখীয়াই নাপায়৷ জন প্ৰতিনিধিসকলৰ তাৰ খবৰ ল’বলৈ সময় নাই৷ জন প্ৰতিনিধি সকলৰ আৰ্বিভাৱ ঘটে মাথোঁ নিৰ্বাচনৰ সময়ত৷ যি দলৰেই প্ৰতিনিধি নহওক, চৰ-চাপৰিৰ মূল সমস্যাক কোনো মন্ত্ৰী-বিধায়কে আজিলৈ গুৰুত্ব দিয়া নাই৷ চৰ-চাপৰিৰ মাটিৰ পট্টন, লক্সৰা-ছোৱালীৰ বাবে শিক্ষা, বৃত্তি, স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ আদিৰ ক্ষেত্ৰত জন প্ৰতিনিধিসকল নিমাত ৷ চৰ অঞ্চলত পৰ্যাপ্ত প্ৰাথমিক বিদ্যালয় নাই৷ থকাখিনিতো পৰ্যাপ্ত শিক্ষক নাই৷ জন প্ৰতিনিধিসকলে নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি দিয়ে যদিও সেইবোৰ সময়ত ফুটুকাৰ ফেন হৈ যায়৷ সেয়ে চৰ-চাপৰিৰ জনগণ সজাগ হ’ব লাগিব৷ নিজ সমাজৰ পৰিবৰ্তন নিজেই কৰিব লাগিব৷

 

Share Button
Print Friendly, PDF & Email

No Comments : "সাম্প্ৰতিক ৰাজনৈতিক প্ৰেক্ষাপটত চৰ-চাপৰিবাসী (ডঃ আবুল হুছেইন)"

Leave a Comment

Your email address will not be published. Required fields are marked *