সম্পাদকৰ টোকা : মতাদৰ্শ আৰু মূৰ্তি ; সাংস্কৃতিক শুভবুদ্ধি আৰু সাংস্কৃতিক বিপ্লৱ (কৌশিক দাস)

মতাদৰ্শ আৰু মূৰ্তি

ত্রিপুৰাৰ বিগত (২০১৮ চনৰ) বিধানসভাৰ নিৰ্বাচনত বাঁওপন্থী দল পৰাজিত হ’ল। তাৰ পাছতেই ৰাজ্যখনত কিছু মানুহে লেনিনৰ মূৰ্তি এটা ভাঙি পেলায়। কথাটোৱে সমগ্র ভাৰততেই বাদ-প্রতিবাদৰ উদ্ভৱ ঘটালে। প্রচাৰ কৰা হ’ল যে লেনিন আৰু লেনিনৰ ভাবাদৰ্শ এতিয়া অপ্রাসংগিক, লেনিনৰ মূৰ্তি সজাই ৰখাৰ কোনো যুক্তি নাই। ব্যক্তিবিশেষৰ প্রতিমূৰ্তি ৰাজহুৱাভাৱে প্রতিষ্ঠা কৰা উচিত নে অনুচিত, সেই প্রশ্নটো বৰ্তমানৰ আলোচনাত অগ্রাহ্য কৰি, উপৰিউক্ত কথাটো অলপ গমি চোৱা যাওক।

আজিৰপৰা প্রায় ২৫ বছৰ আগতে লেনিনৰ কেইটামান মূৰ্তি ভাঙি দিয়া হৈছিল তেতিয়াৰ ছোৱিয়েট য়ুনিয়নৰ মৰণ-যন্ত্রণাৰ কালত। সমগ্র বিশ্বতে বুৰ্জোৱা প্রচাৰ মাধ্যমত ঘোষণা কৰা হৈছিল, কমিউনিজমৰ মৃত্যু-ঘন্টা বাজি উঠিছে। তেতিয়াৰ দূৰদৰ্শনৰ এখন চিনাকী মুখ আছিল প্রণয় ৰায়। পুঁজিবাদী অৰ্থনীতিৰ উৎসাহী সমৰ্থক এইগৰাকী প্রভাৱশালী প্রতিভাৱান লোক দেহে-কেহে লাগি গৈছিল কমিউনিজমৰ মৃত্যু-ঘন্টা বাজিছে বুলি পুঁজিবাদী ঘন্টা এটা বজাবলৈ। যি কি নহওক, লেনিনৰ মূৰ্তি ভঙাৰ তেনে কাৰ্য আছিল লেনিনৰ মতাদৰ্শৰ (কমিউনিজমৰ) বিৰোধিতাৰ বহিৰ্প্রকাশ।

এক ঐতিহাসিক, শ্বাসৰুদ্ধকৰ ঘটনাক্রমৰ শেষত ছোৱিয়েট য়ুনিয়নৰ অৱলুপ্তি ঘটিল। ১৯১৭ প্রতিষ্ঠা হোৱা ৰাষ্ট্রখন জীয়াই আছিল প্রায় ৭৫ বছৰ। কিন্তু সেই ঘটনাত সঁচাই বাৰু কমিউনিজমৰ মৃত্যু-ঘন্টা নিনাদিত হৈছিলনে? কমিউনিজমৰ মৃত্যু ঘটিছিলনে? যদি সেয়া সঁচাই আছিল, তেনেহ’লে সম্প্রতি আকৌ কিয় লেনিনৰ মূৰ্তি ভাঙি কমিউনিজমৰ মৃত্যু হৈছে বুলি ঘোষণা কৰিবলগীয়া হৈছে?

অলপ গমি চালেই ধৰিব পাৰি, বাস্তৱত সক্রিয় হৈ থকা— কিম্বা সক্রিয় হৈ উঠাৰ সম্ভাৱনা থকা— কোনো আদৰ্শ বা বাদৰ ওপৰতহে তেনে আক্রমণ সংঘটিত হয়। তেনে বাদ বা মতাদৰ্শ আপুনি, আমি, মই সমৰ্থন কৰোঁ নে নকৰোঁ, সেইটো এটা বেলেগ প্রসংগ। আমি ক'বলৈ গৈছোঁ যে তেনে আক্রমণৰ লক্ষ্য সততেই হৈ পৰে কোনো সক্রিয়-সজীৱ মতাদৰ্শ। কথাটো ওলোটাই ক'লে বুজিবলৈ অলপ সুচল হ'ব। বাস্তৱত যিবোৰ মতাদৰ্শ অথবা বাদ নিষ্ক্রিয়, সেইবোৰৰ ওপৰত আক্রমণ হোৱা দেখা নাযায়। উদাহৰণস্বৰূপে, অতীতৰ নানান মনীষী, দাৰ্শনিক, চিন্তাবিদ আদিৰ (যেনে প্লেট', মেকিয়াভেলি, হেগেল, কান্ট) ওপৰত আক্রমণৰ ঘটনা আমাৰ চকুত নপৰে। কেতিয়াবা জানো আমি শুনিছোঁ যে হোমাৰৰ প্রতিকৃতি বিনষ্ট কৰিছে বুলি? তেওঁলোক বহু যুগ আগৰ আছিল, সেইটো মূল কথা নহয়। তেওঁলোকতকৈও আগৰ যুগৰ এগৰাকী যুগন্ধৰ মানুহৰ— গৌতম বুদ্ধৰ— মূৰ্তিও তালিবান নামৰ ইছলামী মৌলবাদীয়ে ভাঙিছিল।

বিজ্ঞানৰ ক্ষেত্রত কথাটো অলপ বেলেগ। কোৱান্টাম বলবিদ্যা আজি অতিশয় সক্রিয়। কিন্তু তাৰ ওপৰত আক্রমণ জানো দেখা যায়? বিজ্ঞানৰ আভ্যন্তৰীণ ক্ষেত্রখনৰ সৈতে পৰিচিত লোকসকলৰ বাবে এই কথাটো বুজিবলৈ বিশেষ কঠিন নহয়। কিন্তু প্রশ্ন উঠিব, বিজ্ঞানৰেই এটা তত্ত্ব, জৈৱ-বিৱৰ্তনৰ কথাটো কিয় বাৰে বাৰে আক্রমণৰ সন্মুখীন হৈ আহিছে? উক্ত তত্ত্বটোৰ প্রধান কাণ্ডাৰীগৰাকীৰ— ডাৰউইনৰ— চৰিত্রহনন কৰা পৰ্যন্তও  পৰিলক্ষিত হৈ আহিছে। কথাটো হৈছে, জৈৱ-বিৱৰ্তনৰ তত্ত্বটোৱে বিজ্ঞানৰ আভ্যন্তৰীণ ক্ষেত্রৰ পৰিধি ভেদি মানুহৰ আদৰ্শগত জগততো সুস্পষ্ট আৰু সুগভীৰ প্রভাৱ পেলাই আহিছে। ভ্রান্ত, অবৈজ্ঞানিক আৰু প্রতিক্রিয়াশীল সৃষ্টিতত্ত্ব জৈৱ-বিৱৰ্তনে সম্পূৰ্ণৰূপে খণ্ডন কৰি পেলাইছে। স্পষ্টতঃ এই কথাটো স্থিতাৱস্থাৰ সমৰ্থকসকলৰ বাবে ভয়াৱহ আৰু অস্বস্তিকৰ। মতাদৰ্শৰ জগতখনত অতিশয় সক্রিয় হৈ থকাৰ বাবেই তত্ত্বটোৱে সন্মুখীন হৈ আহিছে বহুমাত্রিক আক্রমণৰ।

যি কি নহওক, প্রশ্নটো আছিল, বাৰে বাৰে কমিউনিজমৰ মৃত্যু-ঘন্টা বাজি উঠিছে বুলি ক'বলৈ কিয় কচৰৎ কৰিবলগীয়া হৈ আহিছে? তাৰ সহজ কাৰণটো হৈছে, কমিউনিজম বাস্তৱৰ জগতখনত অতি সক্রিয়ভাৱে জীৱন্ত হৈ আছে। এইটো কথাৰ আঁত ধৰিয়েই আমি মূৰ্তি ভঙাজাতীয় কথাটোলৈ উভতি যাওঁ। অসমৰেই এখন নগৰত কেইদশকমানৰ পূৰ্বে মোহনদাস গান্ধীৰ মূৰ্তি এটাত আলকতৰা লগাই বিকৃত কৰি দিয়া হৈছিল। কিয়? কাৰণ, তেনে কাৰ্যৰ মাজেদি গান্ধীবাদৰ বিৰোধিতা কৰা হৈছিল। তাৰপৰা আমি বাৰু কি ইংগিত পাওঁ? আমি তেনে কাৰ্যৰপৰা আমি সমাজত গান্ধীবাদৰ সক্রিয় উপস্থিতিৰ উমান পাওঁ। অলপ দিনৰ পূৰ্বে অসমতেই জনৈক দীনদয়াল নামৰ মৃত লোকজনৰ নাম লিখা ফলকৰ ওপৰত ক'লা ৰং সানি দিয়া হৈছিল। কিয়? কাৰণ সেই ব্যক্তিজনৰ নামটোৱে এটা সক্রিয় মতাদৰ্শক প্রতিফলিত কৰিছিল। আজি ইউৰোপৰ বজাৰ-হাটৰ ক'ৰবাত যদি আড্‌ল্ফ হিটলাৰৰ প্রতিমূৰ্তি প্রতিষ্ঠা কৰিবলৈ যায় কোনোবাই, তেনেহ’লে তেনে কাৰ্যই যে প্রচণ্ড বাধা পাব, তাত কোনো সন্দেহ নাই। তাৰ কাৰণো স্পষ্ট। ১৯৪৫ চনতেই মৃত্যুঘন্টা বাজিল বুলি ধাৰণা কৰা হিটলাৰ-মুছলিনিৰ ফেচিবাদ এতিয়াও নতুন ৰূপত সক্রিয় হৈ আছে। স্বাভাৱিকতেই তাৰ প্রতিপক্ষও আছে। এটা অন্যধৰণৰ উদাহৰণলৈ চাওঁ। এখন সুপ্রাচীন শাস্ত্রগ্রন্থ হৈছে "মনু সংহিতা"। এই কিতাপখনত লিখা কথা-বতৰাক আজিও তীব্রভাৱে আক্রমণ কৰা হয়। কাৰণ "মনু সংহিতা"-ৰ অমানৱীয় বৰ্ণবাদ আৰু লিংগবৈষম্য ভাৰতীয় সমাজখনত আজিও অতি সক্রিয়।

কমিউনিজম জীৱন্ত বাবেই ত্রিপুৰাত কমিউনিষ্টৰ মূৰ্তি ভাঙি দিয়া হৈছে। গতিকে কথাটো একো আচৰিত নহয়। এইবোৰ ঘটি থাকিব। সেইবোৰক কেন্দ্র কৰি বাদ-প্রতিবাদো চলি থাকিব। সেইবোৰো মতাদৰ্শগত সংগ্রামৰেই অংগ। ছোৱিয়েট য়ুনিয়নতেই বহুতো চিন্তাবিদৰ (যেনে ট্রটস্কি) কথা-বতৰাক লুকুৱাই পেলাবলৈ প্রাতিষ্ঠানিকভাৱে চেষ্টা কৰা হৈছিল। ট্রটস্কি শুদ্ধ নে অশুদ্ধ, সেইটো আমাৰ প্রসংগ নহয়। বাতৰি আহিছে, জৰ্জ অৰৱেলৰ "এনিমেল ফাৰ্ম" চীন দেশত নিষিদ্ধ কৰা হৈছে সম্প্রতি। ছলমান ৰুছদিৰ কিতাপো ইছলাম মৌলতন্ত্রই নিষিদ্ধ কৰিছিল; তছলিমা নাছৰিনৰ কিতাপৰ ওপৰত ফটোৱা জাৰি কৰা হৈছিল। সেইবোৰ ভাল নে বেয়া কিতাপ, সেইটো আমাৰ প্রসংগই নহয় (যিদৰে ভাঙি পেলোৱা মূৰ্তিবোৰ সুন্দৰ নে অসুন্দৰ সেইটো প্রসংগান্তৰৰ কথা)। কথাটো হৈছে, মতাদৰ্শগত কাৰণত সেইবোৰ নিষিদ্ধ কৰা হৈছিল। কাৰণ, সেইবোৰ আছিল একো একোটা সক্রিয় মতাদৰ্শৰ উপাদান ক‌ঢ়িয়াই অনা গ্রন্থ।

এটা কথা ঠিক যে মূৰ্তি ভাঙি, কিতাপ-পত্র নষ্ট কৰি, ইতিহাসক বিকৃত কৰি সাময়িকভাৱে কথাবোৰ ইফাল-সিফাল কৰা যায়। কিন্তু মতাদৰ্শক শেষ কৰা নাযায়। এইটো ইতিহাসে আমাক দিয়া শিক্ষা। কিন্তু, আমোদজনকভাৱে, ইতিহাসে আমাক আৰু এটা কথা বাৰে বাৰে দেখুৱাই থৈ যায়। সেইটো হৈছে, মূৰ্তি ভাঙি বা কিতাপ-পত্র নষ্ট কৰি, মতাদৰ্শক শেষ কৰা নাযায় বুলি মানুহে গম পালেও, তেনে কাম সময়ে সময়ে মানুহেই কৰি থাকে। কৰি থাকিবও। সেইটো স্বাভাৱিক। তেনে কামক বিপক্ষই গৰিহণাও দি থাকিব। সেইটোও স্বাভাৱিক। ঔচিত্যবোধক কেন্দ্র কৰি হেজাৰবাৰ অনুচিত বুলি ক'লেও তেনে কাৰ্য চলি থাকিব। কাৰণ, বাস্তৱৰ মতাদৰ্শগত সংগ্রাম হৈছে তেনে কৰ্মকাণ্ডৰ উৎস, শ্রেণীদ্বন্দ্ব হৈছে মতাদৰ্শগত সংগ্রামৰ চালিকা শক্তি।

বাস্তৱৰ প্রকট অসাম্য হৈছে মাৰ্ক্সবাদৰ জীৱনীশক্তি; অসাম্যৰ অৱসান হৈছে তাৰ লক্ষ্য। সমাজত অসাম্য থকালৈকে মাৰ্ক্সবাদৰ আৱেদন থাকি যাব। দুই-এটা মূৰ্তি ভাঙি মাৰ্ক্সবাদক হত্যা কৰা নাযায়।

সাংস্কৃতিক শুভবুদ্ধি আৰু সাংস্কৃতিক বিপ্লৱ (১)

সমকালীন ভাৰতীয় সমাজখন বহুমাত্রিক সমস্যাৰে আক্রান্ত আৰু ভাৰাক্রান্ত। ভাৰতৰ বিভিন্ন প্রান্তত শ্রমিক আৰু কৃষকসকল নিমজ্জিত হৈছে অভূতপূৰ্ব, প্রকট আৰ্থিক মন্দাৱস্থাৰ। বুজনসংখ্যক কৃষকৰ আত্মহত্যাৰ ঘটনা তেনে সংকটৰেই নিদাৰুণ আৰু তৰ্কাতীত সাক্ষৰ। সৰুসুৰা চাকৰিভিত্তিক কৰ্মসংস্থান, ক্ষুদ্র ব্যৱসায় আদিৰ ক্ষেত্রখনো ক্রমবৰ্ধমান ৰূপত সংকুচিত হৈ পৰাত মধ্যবিত্ত শ্রেণীটোৰো সন্মুখত এতিয়া ভয়াৱহ অনিশ্চয়তাৰে ভৰা বিপদশংকুল ভৱিষ্যত আহি পৰিছে। বিপৰীতপক্ষে, এমুঠি ঐশ্বৰ্যৱান মানুহৰ হাতত সম্পদ পুঞ্জীভূত হোৱাৰ দ্রুতি দিনক দিনে দ্রুততৰ হৈ পৰিছে। বিপুল ধন লুন্ঠন কৰি অতি সহজেই দেশ এৰি গুচি গৈছে বহুসংখ্যক পুঁজিপতি। বেংক-ব্যৱস্থা হৈ পৰিছে কেন্দ্রীভূত, প্রকট আৰ্থিক শোষণৰ এটা নিৰ্ভৰযোগ্য হাথিয়াৰ। এনে পৰিস্থিতিত সৰ্বসাধাৰণ মানুহ বিক্ষুব্ধ হোৱাটো স্বাভাবিক।

ইতিহাসৰ বহুতো ঘটনাই প্রতীয়মান কৰিছে যে জনসাধাৰণৰ তেনে ক্ষোভ বা উষ্মা ইতিবাচক পৰিৱৰ্তনৰ অনুঘটক। কিন্তু আমি মনত ৰখা ভাল যে জনগণৰ অসন্তুষ্টি সমাজৰ শুভংকৰ পৰিৱৰ্তনৰ সহায়ক হোৱাৰ প্রথম পূৰ্বচৰ্ত হৈছে গণৰোষৰ ঘনীভৱন। দ্বিতীয়তে, ঘনীভূত গণৰোষ সঠিক দিশত পৰিচালিত হ’লেহে আকাংক্ষিত পৰিৱৰ্তন বাস্তৱায়িত হোৱাটো সম্ভৱ। জনতাৰ ক্ষোভ যদি যথোচিত তাত্ত্বিক ভিত্তি নোহোৱাকৈ অবাটে নিৰ্গত হয়, তেন্তে তেনে উষ্মা বিশৃংখলাৰে ভৰা নৈৰাজ্যৰ উৎস হৈ পৰাৰহে সম্ভাৱনা থাকে। প্রজাৰ প্রবল অসন্তুষ্টি সত্ত্বেও সি শেহত গৈ স্থিতাৱস্থা আৰু শোষক শ্রেণীটোৰহে সহায়ক হয়গৈ। সাম্প্রতিক সময়ৰ ভাৰতবৰ্ষত এই কথাটোৰ চমৎকাৰ নিদৰ্শন এটা আমি দেখিবলৈ পাইছিলোঁ। আৰ্থিক শোষণত কোঙা হৈ পৰা মানুহৰ মনত “ৰাজহুৱা ধন আত্মসাৎ কৰা দুৰ্নীতিয়েই হ’ল যত কূটৰ ঘাই”— এনে এটা ধাৰণা প্রোথিত কৰি আন্না হাজাৰেৰ নেতৃত্বত এটা প্রবল গণ আন্দোলন আৰম্ভ কৰা হৈছিল। তাৰ ফল বাৰু কি হ’লগৈ? জনতাৰ প্রচণ্ড ক্ষোভ আৰু বিপুল সমৰ্থনৰ পাছতো সমগ্র আন্দোলনটো বিফলতো হ’লেই, বৰঞ্চ সি, আওপকীয়াকৈ হ’লেও, স্বৈৰাচ্ছাৰী ৰাজনৈতিক দললৈ ক্ষমতা হস্তান্তৰৰ বাট মসৃণ কৰি পেলাইছিল। তদ্রূপ ঘটনা আমি বাংলাদেশতো দেখিবলৈ পাইছিলোঁ কিছু বছৰৰ আগতে। ‌ৰাজধানী ঢাকা মহানগৰত আৰম্ভ হোৱা শ্বাহবাগ আন্দোলনত জনতাৰ পুঞ্জীভূত ক্ষোভ অভূতপূৰ্বভাৱে বিস্ফোৰিত হৈছিল; ক্রমাৎ সেই গণৰোষৰ তৰংগই দেশখনৰ বিভিন্ন চুক-কোণ কঁপাই তুলিছিল। কিন্তু তেনে জনজাগৰণ শেষত বিফল হ’ল। তাত্ত্বিক আৰু সাংগঠনিক ভিত্তিৰ অভাৱেই আছিল তেনে ব্যৰ্থতাৰ মূল কাৰণ। এই সংক্রান্তত আমি অন্যত্র বিস্তাৰিতভাৱে আলোচনা কৰিছোঁ।

উপৰিউক্ত কথাখিনি ভাৰতবৰ্ষৰ সাম্প্রতিক পৰিস্থিতিত বৰ প্রাসংগিক যেন ধাৰণা হয়। প্রকট আৰ্থিক শোষণ আৰু তৎজনিত দুৰৱস্থাই বুজনসংখ্যক মানুহক বিতুষ্ট কৰি তুলিছে ঠিকেই; কিন্তু তেনে ক্ষোভে কোনো সুসংগঠিত নিটোল ৰূপ ধাৰণ কৰা পৰিলক্ষিত হোৱা নাই। বৰঞ্চ ধৰ্ম, গোষ্ঠী, বৰ্ণ, ভাষা, সম্প্রদায় আদিক ভিত্তি কৰি সমাজত পাৰস্পৰিক সন্দেহ, শংকা, আনকি প্রবল ঘৃণা চকুত পৰাকৈ বা‌ঢ়ি আহিছে। নানান সামাজিক ঘটনাক্রমৰ আঁৰৰ নিৰ্ণায়ক শক্তি হৈ পৰিছে সংকীৰ্ণ ধৰ্মীয় সাম্প্রদায়িকতা। কোনো সন্দেহ নাই, এইটো প্রক্ৰিয়া শাসক শ্রেণীয়ে অতি চতুৰভাৱে নিৰ্মাণ আৰু ত্বৰান্বিত কৰিছে। এনে এক পৰিস্থিতিত বিক্ষুব্ধ জনসাধাৰণ নিজ নিজ সম্প্রদায়ৰ ভিত্তিত ভাগ ভাগ হৈ পৰাৰ আশংকা প্রবল। কোনো কোনো ক্ষেত্রত বাস্তৱত সেয়াই হৈছে। আৰ্থ-সামাজিক দুৰৱস্থাৰ বাবে, প্রকৃত শোষকৰ ভূমিকা অগ্রাহ্য কৰি, এটা সম্প্রদায়ে যুক্তিহীনভাৱে জগৰীয়া কৰিছে অন্য এটা সম্প্রদায়ক। বেছি আঁতৰলৈ যাব নালাগে, আমাৰ ৰাজ্যৰেই সাম্প্রতিক ঘটনাৱলীত উক্ত কথাটো দেখ্‌দেখকৈ ওলাই পৰিছে। এই লেখাটো প্রস্তুত কৰাৰ সময়ত, বহুকেইটা ধৰ্ষণৰ বাতৰিয়ে সমগ্র অসম উত্তাল কৰি ৰাখিছে। ধৰ্ষণ যে এটা গুৰুতৰ সামাজিক ব্যাধি, এটা জঘন্য অপৰাধ, সেইটো যিকোনো শুভবুদ্ধিসম্পন্ন মানুহেই অস্বীকাৰ কিম্বা অগ্রাহ্য নকৰে। কিন্তু আচৰিতধৰণে, ধৰ্ষণৰ দৰে পৈশাচিক ঘটনাৰ আঁৰৰ সামাজিক-মনস্তাত্ত্বিক-লিংগভিত্তিক জটিল কাৰণৰ কথা পোনচাটেই নাকচ কৰি এটা জনগোষ্ঠীক প্রত্যক্ষভাৱে ধৰ্ষকামী-অপৰাধপ্রৱণ বুলি চিহ্নিত কৰিবলৈ প্রয়াস কৰিছে বহুতো মানুহেই। এইটো এটা ভয়াৱহ পৰিস্থিতি। নক’লেও হ’ব, এনে এটা দুৰ্যোগপূৰ্ণ পটভূমিত শোষিত শ্রেণীৰ মাজত বৃহত্তৰ সংগ্রামী ঐক্য গ‌ঢ়ি তোলাটো এটা কঠিন প্রত্যাহ্বান।

গতিকে সংগত কাৰণতেই আমাৰ বাবে অতি প্রাসংগিক প্রশ্নটো হৈছে, তেনে প্রত্যাহ্বানৰ প্রতিমুখে আমি কি কৰা উচিত? দেখা যায় যে বৰ্ণ-ধৰ্ম-সম্প্রদায়-ভাষা-জাতি-গোষ্ঠীভিত্তিক সাম্প্রদায়িক ভেদভাব আঁতৰ কৰিবলৈ মানুহৰ সাংস্কৃতিক শুভবুদ্ধিক সাধাৰণতেই অব্যৰ্থ ঔষধ বুলি গণ্য কৰা হয়। ধাৰণা কৰা হয় যে অতীত আৰু বৰ্তমানৰ নানান সমন্বয়ৰ নিদৰ্শনৰ কথাৰ বিপুল প্রচাৰে মানুহৰ মনৰপৰা ভেদভাব আঁতৰ কৰিব। “সকলো ধৰ্ম একেই”, “সকলোৰে মাজত সমন্বয়”, “এইখন শংকৰ-আজানৰ দেশ”, “মানৱতাই মানুহৰ ধৰ্ম” আদি হৈছে তেনে মাৰ্গৰ চিন্তাৰপৰা উদ্ভূত কেইটিমান হাততে পোৱা শ্ল’গানৰ উদাহৰণ।

অস্বীকাৰ কৰিব নোৱাৰি যে মানুহৰ সাংস্কৃতিক শুভবুদ্ধিয়ে সমাজত বৰ্তি থকা ভেদভাবৰ চোক, ক্ষেত্র বিশেষে, কিছু দূৰলৈ হ্রাস কৰিবলৈ সক্ষম। তেনে চিন্তাই মানুহৰ মনত সংকীৰ্ণতাৰ বিপৰীতে উদাৰতাৰ উন্মেষ ঘটোৱাৰো সম্ভাৱনা আছে। কিন্তু আমি পাহৰি গ’লে নহ’ব যে ইতিহাসত যিদৰে সমন্বয়ৰ বহুতো উজ্জ্বল উদাহৰণ আছে, তেনেদৰেই আছে হেজাৰটা সংঘাতৰ অমোচনীয় নিদৰ্শন। বৰ্তমানৰ সমাজখনো তাৰ ব্যতিক্রম নহয়। সাংস্কৃতিক শুভবুদ্ধি তেনেবোৰ ক্ষেত্রত বিমূ‌ঢ় হৈ পৰে। সংঘাতেই হওক বা কিম্বা সমন্বয়েই হওক— এইবোৰৰ প্রসংগত মানুহৰ শুভাশুভ চিন্তন, বিবেক কিম্বা ঔচিত্যবোধ শক্তিশালী নিৰ্ণায়ক শক্তি নহয়। সংঘাত-সমন্বয় আদিবোৰ হৈছে সামাজিক শক্তিসমূহৰ দ্বন্দ্ব-আপোচৰ বাহ্যিক পৰিণতি। তাৰ ঘাইশিপা আৰ্থ-সামাজিক কাৰকসমূহৰ গভীৰলৈ প্রোথিত হৈ আছে। সেইবাবেই, সাংস্কৃতিক শুভবুদ্ধিক ভিত্তি কৰি গ‌ঢ় দিবলৈ লোৱা সমন্বয়ৰ দেউল বাস্তৱৰ সামাজিক দ্বন্দ্বৰ জোকাৰণিত নিমিষতে ভাঙি পৰিব পাৰে। সাংস্কৃতিক শুভবুদ্ধিৰ পৰিৱৰ্তে এক সৰ্বাত্মক সাংস্কৃতিক বিপ্লৱৰ ধাৰণাইহে আমাক বাট দেখুৱাব।

সাংস্কৃতিক বিপ্লৱৰ ধাৰণাটো বাৰু কিমান গুৰুত্বপূৰ্ণ? ভাৰতৰ যুক্তিবাদী আন্দোলনৰ এগৰাকী আগৰণুৱা ব্যক্তি প্রবীৰ ঘোষ। তেখেতে “সংস্কৃতি : সংঘৰ্ষ ও নিৰ্মাণ” নামৰ চিন্তাউদ্রেককাৰী পুথিত সাংস্কৃতিক বিপ্লৱৰ গুৰুত্বৰ বিষয়ে বহলাই আলোচনা কৰিছে। তেখেতৰ মতে, ভাৰতবৰ্ষত বাঁওপন্থী বিপ্লৱ সংঘটিত নোহোৱাৰ অন্যতম প্রধান কাৰণ হৈছে এক সৰ্বাত্মক সাংস্কৃতিক বিপ্লৱৰ প্রতি বাঁওপন্থী দলসমূহৰ অনীহা। পৰিতাপৰ কথা, এই কথাটোৰ মৰ্মাৰ্থ বহুতেই অনুধাৱন নকৰে। “সাংস্কৃতিক শুভবুদ্ধি”-ৰ সৈতে যে “সৰ্বাত্মক সাংস্কৃতিক বিপ্লৱ”-ৰ ধাৰণাটোৰ মৌলিক পাৰ্থক্য আছে, দুয়োটা যে একেই নহয়, সেই কথাটো বুজি পোৱাটো বৰ জৰুৰী। এগৰাকী প্রবীণ আৰু অভিজ্ঞ বাঁওপন্থী নেতাক আমি ব্যক্তিগত স্তৰত কথাটো উনুকিয়াই দিয়াত তেখেতে “শিল্পী দিৱস”, “বিষ্ণু ৰাভা দিৱস” আদি ব্যাপকভাৱে উদ্‌যাপন কৰাত জোৰ দিছিল। “সাংস্কৃতিক বিপ্লৱ”-ৰ অৰ্থ জ্যোতি-সংগীত, ভূপেন্দ্র-সংগীতৰ অনুষ্ঠান-কৰ্মশালা আদিৰ আয়োজন নহয়; সাংস্কৃতিক শোভাযাত্রা নহয়। “সাংস্কৃতিক বিপ্লৱ”-ৰ অৰ্থ মানুহৰ মননগত দিশত সংঘটিত কৰা এটা আমূল পৰিৱৰ্তন। বৰ্ণবাদ, ধৰ্মান্ধতা, সাম্প্রদায়িকতা, অন্ধবিশ্বাস, কুসংস্কাৰ, অনিষ্টকৰ ঐতিহ্য-পৰম্পৰা, জাতি-গোষ্ঠীভিত্তিক উচ্চাত্মিকাবোধ আদিৰ পৰা সম্পূৰ্ণৰূপে মুক্ত মানসিকতা হ'ব তেনে সাংস্কৃতিক বিপ্লৱৰ উৎপাদন। জগত আৰু মানুহৰ কল্যাণ হ'ব তেনে মানসিকতাৰ চালিকা শক্তি।

সাংস্কৃতিক বিপ্লৱৰ ধাৰণাটোৰ সৈতে বাৰু প্রত্যক্ষ ৰাজনৈতিক সংগ্রামক কেনেধৰণে সম্পৰ্কিত কৰা উচিত?  এই প্রশ্নটো অতিশয় গুৰুত্ত্বপূৰ্ণ। কথাটো অলপ যুকিয়াই চাবলৈ আমি যোৱা শতিকাৰ দুটা ঐতিহাসিক ঘটনালৈ লক্ষ্য কৰিব পাৰোঁ।

বিগত শতিকাৰ দ্বিতীয় দশকত সমগ্র বিশ্বৰ নিষ্পেষিত জনতাৰ মনলৈ অভূতপূৰ্ব আশাৰ ৰেঙণি ক‌ঢ়িয়াই আনিছিল ৰুছ মহাবিপ্লৱে। শতিকাটোৰ প্রথমাৰ্ধত ছোৱিয়েট য়ুনিয়নক এখন আদৰ্শ সমাজবাদী ৰাষ্ট্র বুলি বহুতেই গণ্য কৰিছিল। ধাৰণা কৰা হৈছিল, সেইখন দেশৰ পথেৰেই সমগ্র মানৱজাতি ক্রমাৎ আগ বা‌ঢ়ি যাব সাম্যবাদী সমাজ এখনৰ অভিমুখে। কিন্তু বাস্তৱত জানো সেয়া হৈ উঠিলগৈ? প্রতিষ্ঠা হোৱাৰ প্রায় পঁইসত্তৰ বছৰৰ পাছত অমিত শক্তিশালী ছোৱিয়েট ৰাষ্ট্রখন থানবান হৈ পৰিল। সঁচা কথা, ঘটনাটোৰ নেপথ্যত বাহ্যিক বিৰোধী শক্তিৰ (CIA আদিৰ) ভূমিকাৰ কথাটো অগ্রাহ্য কৰিব নোৱাৰি। কিন্তু দেখ্‌দেখ কথা, ৰুছ দেশৰ ঐতিহাসিক ৰাজনৈতিক বিপ্লৱৰ পাছতো দেশখনৰ মজ্জাই মজ্জাই সোমাই আছিল সামন্তীয় আৰু পুঁজিবাদী উপাদান। তেনে উপাদান নিশ্চয়কৈ আছিল প্রকৃতাৰ্থৰ সমাজবাদ প্রতিষ্ঠা কৰাৰ বাটত প্রবল প্রতিবন্ধক। নানান প্রতিক্রিয়াশীল, সুযোগসন্ধানী শক্তি লাহে লাহে ক্ষমতাধিষ্ঠিত দলৰ ভিতৰচ’ৰাত প্রৱেশ কৰিছিল। সামন্তৰালভাৱে কিছুমান অযুক্তিবাদী ধ্যান-ধাৰণাই (যেনে, নিঃচৰ্ত ব্যক্তি পূজা বা মিথ্যাশ্রয়ী ব্যক্তি নিন্দা) প্রাতিষ্ঠানিক ৰূপ ধাৰণ কৰিছিল। বিপ্লৱোত্তৰ ৰুছিয়াৰ নতুন প্রজন্ম ডাঙৰ-দীঘল হৈছিল সম্পূৰ্ণ এক ভিন্ন পৰিৱেশত; বিপ্লৱৰ সময়ৰ গৌৰৱোজ্জ্বল সংগ্রাম তেওঁলোকৰ বাবে আছিল ইতিহাসৰ ধূসৰ ঘটনা। তেনে এক মানসিক পৰিমণ্ডল পুৰাতন সামন্তীয় আৰু আধুনিক পুঁজিবাদী উপাদানসমূহৰ পুনৰুত্থানৰ বাবে বৰ অনুকূল আছিল। তাৰ পৰিণতিত মানুহৰ মন ভোগবাদৰ ফালে ‌ঢাল খোৱাটো কোনো অস্বাভাৱিক কথা নাছিল। তাক প্রতিৰোধ কৰিবলৈ প্রয়োজন আছিল এটা সবল আৰু ব্যাপক সাংস্কৃতিক বিপ্লৱৰ। বিপ্লৱৰ পাছত ছোৱিয়েট ইউনিয়নত আৰ্থ-ৰাজনৈতিক ক্ষেত্রখন পুনৰ্গঠন কৰিবলৈ নানান পৰীক্ষা-নিৰীক্ষা চলোৱা হৈছিল। সেইবোৰৰ ত্রুটি-বিচ্যুতিৰ কথাটোৰ প্রসংগ ভিন্ন। কিন্তু সাংস্কৃতিক ক্ষেত্রত তেনে নৱনিৰ্মাণৰ প্রয়াসৰ কথা জনা নাযায়। যোৱা শতিকাৰ শেষৰ দশকত ছোৱিয়েট ইউনিয়নৰ আনুষ্ঠানিক অৱলুপ্তিৰ অন্যতম এটা কাৰণ হয়তো তাতেই নিহিত হৈ আছে।

কথাটো আৰু অলপ গমি চোৱা যাওক। সকলোৱে জনা কথা, সামাজিক শক্তিসমূহৰ অবিৰত দ্বন্দ্ব মনোগত আৰু সাংস্কৃতিক ক্ষেত্রখনতো প্রতিফলিত আৰু প্রস্ফুটিত হয়। সমাজৰ অগ্রগামী প্রগতিশীল অংশটোও তেনে দ্বন্দ্বৰ প্রভাৱৰপৰা মুক্ত নহয়। অনিষ্টকৰ প্রাচীন পৰম্পৰাৰপৰা উদ্ভূত ধ্যান-ধাৰণা, কিম্বা আধুনিক প্রতিক্রিয়াশীল চিন্তাৰপৰা তেওঁলোকক মুক্ত কৰি ৰাখিবলৈ এটা সুপৰিকল্পিত আৰু নিৰৱচ্ছিন্ন সাংগঠনিক সাংস্কৃতিক প্রয়াসৰ প্রয়োজন। তাৰ অবিহনে, মননগত দিশৰ কথা বাদেই, আৰ্থ-ৰাজনৈতিক নানান সিদ্ধান্তও সাংঘাতিকধৰণে প্রমাদগ্রস্ত হৈ পৰিব পাৰে। ছোৱিয়েট ইউনিয়নৰ অৱলুপ্তিয়ে এই কথাটো হয়তো পৰিষ্কাৰ কৰিব।

চীন দেশত সাম্যবাদী দললৈ নিৰংকুশ ৰাজনৈতিক ক্ষমতা হস্তান্তৰ ঘটাৰ প্রায় ডেৰ দশক পাছত প্রখৰ বাস্তৱবোধ আৰু গভীৰ অন্তৰ্দৃষ্টিৰে সাংস্কৃতিক দিশটোৰ কেন্দ্রীয় গুৰুত্বৰ কথাটো অনুধাৱন কৰিছিল মাও জে ডঙে। দলৰ নেতৃত্ব যে দিন যোৱাৰ লগে লগে নিস্তেজ হৈ পৰিছে, দলৰ ভিতৰতেই যে প্রতিক্রিয়াশীল চিন্তাৰ অনুপ্রৱেশ ঘটিছে, সেই কথাটো মাও-এ অতি সঠিকভাৱেই নিৰ্ণয় কৰি পেলাইছিল। তেনে এটা পটভূমিত মাও-এ এটা সৰ্বাত্মক সাংস্কৃতিক বিপ্লৱৰ আহ্বান জনাইছিল। হয়, সাংস্কৃতিক বিপ্লৱৰ বহুতো কৰ্মকাণ্ড হঠকাৰী আছিল; এই কথাটো কেৱল প্রতিক্রিয়াশীল মহলৰ অপপ্রচাৰ বুলি অস্বীকাৰ কৰিব নোৱাৰি। কিন্তু নানান কাৰণত মাও-ৰ প্রয়াস সফল নহ’লেও, সাংস্কৃতিক বিপ্লৱৰ গুৰুত্বৰ কথাটো আজিও অতি প্রাসংগিক হৈয়েই আছে। (আগলৈ)

Share Button
Print Friendly, PDF & Email

1 Comment : "সম্পাদকৰ টোকা : মতাদৰ্শ আৰু মূৰ্তি ; সাংস্কৃতিক শুভবুদ্ধি আৰু সাংস্কৃতিক বিপ্লৱ (কৌশিক দাস)"

Leave a Comment

Your email address will not be published. Required fields are marked *