সেউজ হিচাপ-(ডঃ লক্ষীপ্ৰসাদ হাজৰিকা)

অডিট বা হিচাপ বুলিলে আমাৰ সাধাৰণতে টকা-পইচাৰ জমা-খৰচ বা লেন-দেনৰ কথাই মনলৈ আহে। সেইবাবেই আমি দৰমহা, ব্যৱসায়, অধিক উৎপাদনশীল খেতি, ছেভিং বেংক একাউণ্ট, হোম লোন, কাৰ লোন, আয় কৰ আনকি ষ্টক মাৰ্কেট ইত্যাদি কথাতে ব্যস্ত হৈ থাকোঁ। এইবোৰৰ লগতে ব’হাগী মেলাৰ হিচাপ, পূজা কমিটিৰ হিচাপ, ভোগালী উৎসৱৰ হিচাপ, অখণ্ড ভাগৱত পাঠৰ হিচাপো আজি-কালি এৰাব নোৱৰা বিষয়। ইয়াৰ বাহিৰে আন কিছুমান হিচাপ বা লেনদেন যে আমাৰ ৰাখিবলগীয়া আছে বা সেইবোৰ যে আমাৰ নৈতিক দায়িত্বৰ ভিতৰত পৰে, তাক ভাবিবৰ অৱকাশ নাই। তেনে এবিধ আমি সাধাৰণতে উপেক্ষা কৰা হিচাপ হ’ল এই লেখাৰ বিষয়বস্তু অৰ্থাৎ, ‘সেউজ হিচাপ।’ আমি জন্মসূত্ৰে লাভ কৰা বিনন্দীয়া প্ৰকৃতিৰ অফুৰন্ত সম্পদৰাজি দৈনন্দিন উপভোগ কৰি থকা সত্ত্বেও এবাৰলৈও সেইবোৰৰ হিচাপ মনত নপৰাটো সঁচাই আচৰিত। প্ৰকৃতিৰ সেই সম্পদসমূহ হ’ল – নিৰ্মল অক্সিজেনযুক্ত বায়ু, নদ-নদী বা ভূগৰ্ভৰ পৰিষ্কাৰ মিঠা পানী, সাৰুৱা সজীৱ মাটি, জীৱাষ্ম ইন্ধন, গছ-গছনি, চৰাই চিৰিকটি ইত্যাদি। মানুহে ইমান দিনে বিনামূলীয়াকৈ ভোগ কৰি অহা কিছুমান প্ৰাকৃতিক সম্পদ যে আৰু কেইদিনমানৰ পিছতে অত্যধিক দামত ক্ৰয় কৰিব লাগিব, সেইটো প্ৰায় খাটাং হৈ পৰিছে। কিয়নো, প্ৰকৃতিৰ নিয়ম মতে প্ৰকৃতিয়ে এই সম্পদসমূহ বিনিয়োগ কৰি তাৰপৰা লাভ কৰা সৰল সুতহে ভোগ কৰাটো বিচাৰে। কিন্তু, বৰ্তমান প্ৰেক্ষাপটত দেখা যায় যে সুত দূৰৰে কথা, সেইবোৰৰ মূলধনো খাই একাউণ্ট উদং কৰিব ধৰিছোঁ। এই লেখাৰদ্বাৰা তেনে কেইটামান একাউণ্টৰ হিচাপ দিয়াৰ প্ৰয়াস কৰিছোঁ।

প্ৰথমে আহোঁ প্ৰাণীৰ প্ৰাণ পানীৰ একাউণ্টটোলৈ। প্ৰকৃতিৰ এই একাউণ্টটো এটা গধুৰ একাউণ্ট বুলিয়েই সকলোৱে জানে। কিন্তু, বৰ্তমান এই একাউণ্ট প্ৰায় উদং হোৱাৰ উপক্ৰম। তথ্য মতে, পৃথিৱীৰ বৰ্তমান জনসংখ্যা ৭.৩ বিলিয়নৰ অধিক আৰু তাৰ প্ৰায় ১.২ বিলিয়ন মানুহৰ বাবে বৰ্তমান এটুপি খোৱা পানীৰো অভাৱ। সমীক্ষা মতে, ২০১৫ চনলৈ এই পৰিসংখ্যাই ১.৮ বিলিয়ন অতিক্ৰম কৰিব। আমি জনা মতে, প্ৰকৃতিৰ ৭১ শতাংশই পানীৰে আগুৰি আছে। তথাপিও পানীৰ নাটনি। কথাটো বিশ্বাস কৰিবলৈ আমাৰ গুৱাহাটী মহানগৰ বা কেতিয়াবা সময় পালে নদীদ্বীপ মাজুলীলৈ এপাক মাৰিলেই হ’ল। গুৱাহাটীৰ গাতে লাগি থকা ব্ৰহ্মপুত্ৰই প্ৰতি ছেকেণ্ডত এক লাখ ঘন মিটাৰ পানী বহন কৰিছে। কিন্তু, তাৰ পাৰতেই আমি লিটাৰত বিছ টকাকৈ খৰচ কৰি পানী কিনি খাইছোঁ। কিম্ অধিকম। আজিৰপৰা কেই দশকমানৰ আগলৈকে ভূ-জলতো দূৰৰে কথা, প্ৰাকৃতিক জান-জুৰিৰ পানীয়েই খোৱাৰ উপযোগী হৈ আছিল। সম্প্ৰতি ভূ-জলো ফ্ল’ৰাইড, আৰ্ছেনিক, লৱণ আৰু বিভিন্ন বিষাক্ত দ্ৰব্যৰদ্বাৰা প্ৰদূষিত। ৰাষ্ট্ৰীয় হিচাপত এজন নাগৰিকক দৈনিক ১৩৫ লিটাৰ পানীৰ প্ৰয়োজন। কিন্তু আজিৰ তাৰিখত সেয়া সুদূৰপৰাহত। সমীক্ষা মতে, অকল সাগৰ-মহাসাগৰৰপৰাই প্ৰায় ৪.৩ লাখ ঘন কিঃ মিঃ পানী বাষ্পীভূত হয় বছৰি, ইয়াৰে ৩.৯ লাখ ঘন কিঃ মিঃ পানী পুনৰ সাগৰপৃষ্ঠতেই বৰষুণ হিচাপে পৰে। বাকী ৪০ হাজাৰ ঘন কিঃমিঃ স্থলভাগলৈ আহে মিঠা পানীৰ উৎস হিচাপে। পৃথিৱীৰ উপৰিভাগৰ স্থলভাগৰ পৰিমাণ হিচাপে সেয়া সথেষ্ট। কিন্তু দ্ৰুত ঔদ্যোগীকৰণ আৰু প্ৰদূষণে ব্যৱহাৰযোগ্য পানীৰ পৰিমাণ তেনেই নগণ্য কৰি পেলাইছে। সেয়াহে পৰিতাপৰ কথা।

একেদৰে যদি আমি আন এক প্ৰাকৃতিক সম্পদ আমাৰ বায়ুমণ্ডললৈ চাওঁ, তেতিয়াও ঠিক একেধৰণৰ প্ৰতিচ্ছবি দেখিবলৈ পাওঁ। আমাৰ উশাহ-নিশাহৰ বাবে প্ৰয়োজন হোৱা প্ৰাণবায়ু অক্সিজেন প্ৰকৃতিত আমাৰ বাবে উভৈনদী বুলি ভবা হয়। কিন্তু, ইয়াৰ বাবে অতিকে প্ৰয়োজন নিৰ্দিষ্ট হাৰত ঘটা নৱীকৰণ প্ৰক্ৰিয়া তথা একাউণ্টৰ নিয়মিত ক্ৰেডিট ডেবিট। পৃথিৱীত বৰ্তি থকা কেইবিধমান অণুজীৱৰ বাহিৰে সকলো জীৱ-জন্তু, গছ-গছনিয়ে উশাহত অক্সিজেন গ্ৰহণ কৰে খাদ্য দহনৰ বাবে ঠিক আমাৰ জুই জ্বলাওঁতে ব্যৱহাৰ হোৱাৰ দৰে। ইয়াৰ উপৰি, প্ৰকৃতিত চলি থকা হাজাৰ-বিজাৰ আন ৰাসায়নিক বিক্ৰিয়াত এই অক্সিজেনৰ খৰচ হয়। কিন্তু, আমাৰ সৌভাগ্য যে আমাৰ চাৰিওফালে থকা সেউজীয়া জগতখনে আমাক অহৰহ এই প্ৰাণবায়ুৰ যোগান ধৰি আহিছে নবীকৰণ প্ৰক্ৰিয়াৰে। তথ্য মতে, এজন প্ৰাপ্তবয়স্ক মানুহে সাধাৰণ অৱস্থাত দৈনিক প্ৰায় ১.১৪ কিঃ গ্ৰাম অক্সিজেন ব্যৱহাৰ কৰে আৰু প্ৰায় ১.৬০ কিঃ গ্ৰাম কাৰ্বন ডাই অক্সাইড গেছ এৰি দিয়ে। প্ৰকৃতিৰ পৰিশোধন যন্ত্ৰৰ (গছ-গছনি) ক্ষমতা বিশ্লেষণ কৰি চালে দেখা যায় যে এজোপা পূৰঠ ডাল-পাতেৰে ভৰপূৰ গছে দৈনিক ৩২৩ গ্ৰাম অক্সিজেন প্ৰস্তুত কৰিব পাৰে। অৰ্থাৎ, এজন মানুহক দৈনিক প্ৰয়োজনীয় অক্সিজেন যোগান ধৰিবলৈ প্ৰায় চাৰিজোপা ডাল-পাতেৰে ভৰপূৰ গছৰ প্ৰয়োজন। এতিয়া আহকচোন নিজেই হিচাপ কৰি চাওঁ, মানুহ আৰু গছৰ অনুপাত কি হ’ব লাগিছিল, বৰ্তমান কি অৱস্থাত আৰু কি হ’বলৈ গৈ আছে ভৱিষ্যতে। এতিয়ালৈকে আমি অকল মানুহজনৰ কথাহে গণ্য কৰিছিলোঁ, কিন্তু, বৰ্তমান জীৱন ধাৰণৰ মানদণ্ডত মানুহজনে চলাই ফুৰা বাহনখনৰ কথা চিন্তা কৰিলে আমাৰ সকলোৰে চকু কপালত উঠিব। অতি সাধাৰণ হিচাপত ঘণ্টাত পঞ্চাছ কিঃ মিঃ বেগত চলি থকা এখন সৰু গাড়ীয়ে প্ৰতি ঘণ্টাত ২২.২৫ কিঃগ্ৰাঃ অক্সিজেন খৰচ কৰে। সেই পৰিমাণ মানুহজনে উশাহ লওঁতে খৰচ কৰা অক্সিজেনতকৈ ৭৫০ গুণ বেছি। এজন মানুহে যদি এদিনতে এঘাৰ ঘণ্টা গাড়ী চলায়, তেন্তে সেই মানুহজনে ব্যৱহাৰ কৰিবলগীয়া বছৰটোৰ অক্সিজেন একেদিনাই শেষ কৰা হ’ব।

বায়ুমণ্ডলৰ আন এটা উপাদান কাৰ্বনডাই অক্সাইডৰ ক্ষেত্ৰত থকা একাউণ্টটোত যদি এপাক চকু ফুৰাওঁ, তেতিয়া দেখা পাম আন এক ভয়াৱহ দৃশ্য। এইখিনিতে কাৰ্বনডাই অক্সাইডৰ স্থিতি স্পষ্ট কৰি দিয়াটো প্ৰয়োজনবোধ কৰিছোঁ এইবাবেই যে এইবিধ গেছক বিষাক্ত আৰু আমাৰ বাবে ক্ষতিকাৰক বুলি লেবেল লগোৱা আছে। হয় বিষাক্ত আৰু ক্ষতিকাৰক, কিন্তু, বায়ুমণ্ডলত আৰু জলমণ্ডলত ইয়াৰ স্বাভাৱিক পৰিমাণ (প্ৰায় ০.০৩ শতাংশ) পৰিৱেশ সন্তুলনৰ বাবে অতিকে প্ৰয়োজন। কাৰণ, এই গেছবিধেই পৃথিৱীৰ স্বাভাৱিক উষ্ণতা ধৰি ৰাখিছে অৰ্থাৎ সেউজ গৃহ গেছ। ইয়াৰ উপৰি সমগ্ৰ জীৱজগতৰ বাবে প্ৰয়োজনীয় শক্তি বিকিৰিত (সৌৰ শক্তি) ৰূপৰপৰা ৰাসায়নিক (শৰ্কৰা) ৰূপলৈ ৰূপান্তৰিত হয় এই গেছবিধৰপৰাহে। যদিহে বায়ুমণ্ডলত কাৰ্বনডাই অক্সাইডৰ পৰিমাণ কমি যায়, তেতিয়া পৃথিৱীখন শীতল হৈ পৰিব আৰু শক্তি প্ৰবাহতো প্ৰভাৱ পৰিব। পৃথিৱীত উদ্যোগ বিপ্লৱৰ ঠিক আগলৈকে কেইবা হাজাৰ বছৰ বায়ুমণ্ডলত কাৰ্বনডাই অক্সাইডৰ পৰিমাণ প্ৰায় স্থিৰ হৈ আছিল (২৫০ ppm) কিন্তু, উদ্যোগ বিপ্লৱে জীৱাষ্ম ইন্ধন দহন কৰাৰ ফলত বায়ুমণ্ডলত ইয়াৰ পৰিমাণ ক্ৰমান্বয়ে বৃদ্ধি হ’বলৈ ধৰে আৰু বৰ্তমান ইয়াৰ পৰিমাণ প্ৰায় ৪০০ ppm হৈছেগৈ। সমগ্ৰ বিশ্বৰ বাবে কাৰ্বনডাই অক্সাইডৰ বাজেট বিশ্লেষণ কৰি চালে দেখা যায়, জীৱাষ্ম ইন্ধন দহনৰপৰা বছৰি ২৯ বিলিয়ন টন সাগৰ পৃষ্ঠৰপৰা ৩৩২ বিলিয়ন টন আৰু স্থলভাগৰপৰা ৪৩৯ বিলিয়ন টন বায়ুমণ্ডলত যোগ হয়। মুঠ পৰিমাণ হয়গৈ ৮০০ বিলিয়ন টন। যিহেতু সাগৰৰ স্থলভাগ আৰু জলভাগৰ উদ্ভিদৰাজিয়ে কাৰ্বনডাই অক্সাইড এৰি দিয়াৰ সমান্তৰালকৈ শোষণ কৰাৰো ক্ষমতা আছে, অৰ্থাৎ, এই দুটা উপাংশই বছৰি ৭৮৮ বিলিয়ন টন কাৰ্বনডাই অক্সাইড শোষণ কৰে। ইয়াৰ ভিতৰতে সাগৰৰ জলস্তৰে ৩৩৮ বিলিয়ন টন স্থলভাগৰ উদ্ভিদে ৪৫০ বিলিয়ন টন শোষণ কৰে। হিচাপ-নিকাচত দেখা যায় যে বছৰি (৮০০-৭৮৮= ১২) প্ৰায় ১২ বিলিয়ন টন কাৰ্বন ডাই অক্সাইড গেছ বায়ুমণ্ডলত অতিৰিক্ত হিচাপে জমা হয়। এই অতিৰিক্ত কাৰ্বন ডাই অক্সাইড গেছখিনিয়েই বৰ্তমান পৃথিৱীৰ পৰিৱেশ সন্তুলনৰ বাবে ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে। বৰ্তমান গোলকীয় উষ্ণতা বৃদ্ধিৰো মূল কাৰণ এই কাৰ্বন ডাই অক্সাইডেই। এতিয়া প্ৰশ্ন হ’ল আমি কি কৰিব পাৰোঁ? পৰীক্ষাৰদ্বাৰা ঠাৱৰ কৰা হৈছে যে এজোপা ডাল-পাতেৰে ভৰপূৰ গছে বছৰি ২১.৮ কিঃ গ্ৰাঃ কাৰ্বনডাই অক্সাইড গেছ শোষণ কৰি লয়। কথা হ’ল, বৰ্তমান ইমানবিলাক গছ-গছনি থকাৰ পিছতো বছৰি ১২ বিলিয়ন টনকৈ কাৰ্বন ডাই অক্সাইড গেছ জমা হোৱাটো কেনেকৈ ৰোধ কৰা যায়। সহজ হিচাপত (১২ বিলিয়ন / ২১.৮ কিঃগ্ৰা = ৫৬ হাজাৰ কোটি প্ৰায়) পৃথিৱীত আৰু প্ৰায় ৫৬ হাজাৰ কোটি গছ হ’লে সমস্যাৰ কিছু সমাধান আশা কৰিব পাৰি।

শেষত ক’ব বিচাৰোঁ আমি মানুহখিনিয়ে অন্ততঃ জীয়াই থকা দিনকেইটাত নিজৰ বাবেই প্ৰতিজনে দহজোপাকৈ গছ ৰুই প্ৰতিপালন কৰাটো নৈতিক দায়িত্ব। যান-বাহনৰ গৰাকীজনেতো সেই হিচাপত অন্ততঃ হাজাৰজোপা গছ ৰুইহে নিজৰ গাড়ীখন চলোৱাটো নৈতিকতাৰ পৰিচায়ক। আপোনাক, মোক পৃথিৱীখনে বহুত দিছে। তাৰ বিনিময়ত আপুনি-ময়ো সামান্য কিবা এটা দিয়াটো দৰকাৰ। কোনোৱে হয়তো ক’ব, মোৰ মাটিয়েই নাই, গছ ৰুম ক’ত? কিন্তু, গুৰুত্বপূৰ্ণ কথাটো হ’ল–পৃথিৱীৰ বায়ুমণ্ডলৰ কোনো উলম্ব সীমাৰেখা নাই। গতিকে এজন লোকে তেওঁৰ দায়িত্বৰ গছকেইজোপা পৃথিৱীৰ যিকোনো স্থানতে ৰোপণ কৰিব পাৰে। গড় আয়ুসত এজন মানুহ ষাঠি বছৰ জীয়াই থাকে, দিন হিচাপে (৬০ x ৩৬৫ = ২১,৯০০) ২১ হাজাৰ ৯০০ দিন। ইয়াৰ মাত্ৰ এটা দিন (দহটা গছপুলি ৰুবৰ বাবে) প্ৰকৃতিৰ বাবে দিবলৈ আমাৰ সময় নাই। ধিক্ আমাৰ জীৱন।

Share Button
Print Friendly, PDF & Email

No Comments : "সেউজ হিচাপ-(ডঃ লক্ষীপ্ৰসাদ হাজৰিকা)"

Leave a Comment

Your email address will not be published. Required fields are marked *