শিল্পৰ ৰস গ্ৰহণ-(হেমন্ত নাথ)

যোগ সাধনা কৰিব লাগে চকু মুদি, শ্বাস-প্ৰশ্বাসক নিয়ন্ত্ৰণ কৰি, কিন্তু শিল্প সাধনা বেলেগ- চকু মেলি ৰাখিব লাগে, প্ৰাণটোক জাগ্ৰত কৰি ৰাখিব লাগে, মনটোক মুক্ত চৰাইৰ দৰে মুকলি কৰি দিব লাগে- কল্পনা জগত আৰু বাস্তৱ জগতত সুখ আস্বাদন কৰিবলৈ। প্ৰত্যেক শিল্পীয়েই তেওঁৰ কল্পনাক ধৰিবলৈ জালখন নিজে বিচৰাধৰণেৰে গুঁঠি লব লগা হয়। আৰু তাৰ পিছত বহি থকা- বিশ্ব চলাচলৰ পথৰ কাষত নিজৰ আসনখন পাৰি লৈ বহি থকা- আমন জিমনকৈ নহয়- সজাগ হৈ। এই সজাগ সাধনাৰ আৰম্ভণিত শান্তিক বৰণ কৰি ল'ব লাগে- শিল্পসাধনা মানে বিনোদন নহয়, এইখন এখন যুদ্ধ। Art is not a pleasure trip, it is a battle, a mill that grinds.(Millet)

-অবনীন্দ্ৰনাথ ঠাকুৰ

শিল্প সাধনানো কি? আৰ্ট শব্দটোৱেনো কি বুজায়? সকলোতেই আৰ্ট। খাওঁতে-শোওঁতে উঠোতে-বহোতে কেৱল আৰ্ট। আৰ্ট নোহোৱাকৈ দেখোন একোৱেই নচলে। শিল্পগুৰু অবনীন্দ্ৰনাথ ঠাকুৰে এবাৰ ৰবীন্দ্ৰনাথ ঠাকুৰক সুধিছিল- আৰ্ট নিশ্চয় প্ৰতিজন মানুহৰ জীৱন ধাৰণৰ অঙ্গ হোৱা উচিত? কি ভাবি জানো ৰবীন্দ্ৰনাথে কৈছিল- ‘উচ্চাঙ্গসংগীত জানো সৰ্বজনবোধ্য?’ অবনীন্দ্ৰনাথ ঠাকুৰে একেটা প্ৰশ্নকেই এবাৰ ৰমা ৰঁলা(Romain Rolland)কলগ পাওঁতেও সুধিছিল আৰু তেখেতে কৈছিল- যে কিয় নহয়, হোৱা উচিত। মানুহে যদি কাপোৰ পিন্ধিবলৈ শিকাৰ আগতেই খোপাত ফুল গুঁজিবলৈ শিকিছিল, তেনেহ‘লে মানুহৰ এয়া সহজাত প্ৰবৃত্তি। আদিম অৱস্থাতো যুদ্ধ-বিগ্ৰহ নাইবা চিকাৰৰ বাবে যেতিয়া এপাত অস্ত্ৰ সাজিছিল, ব্যৱহাৰৰ সুবিধা অনুযায়ী আকৃতি আৰু একে সময়তেই কিজানি তাক ধুনীয়া কৰাৰ প্ৰবৃত্তিও গঢ় লৈ উঠিছিল। অন্যভাৱেও ক'ব পাৰি যে- ব্যৱহাৰোপযোগিতাৰ সৈতে সুন্দৰৰ সম্পৰ্ক। utility usefulness beauty শব্দবোৰ অঙ্গাঙ্গী। কটাৰিখন সৰু নালটোৰেই ধুনীয়া, খুকুৰীখন বেলেগ। আকৌ তৰোৱালখন ব্যৱহাৰৰ উপযোগীকৈ বহুত বেলেগ। চাহখোৱা কাপটো থেনুৰে সৈতে ধুনীয়া, পানীখোৱা গ্লাছটো থেনু নলগোৱাকৈয়েই ধুনীয়া।

আৰ্ট সম্পৰ্কে আলোচনা কৰিবলৈ গৈ আকৌ টলষ্টয় (Leo Tolstoy)এ ভয় লগাকৈ আঙুলিয়াই দিছিল, যে ইয়াৰ ধুৱলি-কুঁৱলি চিন্তাবোৰৰ মাজত সদায় চুলি কটা, পকেট কাটোতাইহে আগ স্থান পায়। সমাজৰ সুবিধাজনক স্থিতিত থকা এচাম মানুহৰ বাবেহে যেন শিল্পকলা- আৰ্ট তেওঁলোকেহে বুজি পায়। তেওঁলোকৰ হাত ধৰিহে যেন শিল্পকলাই বাট বুলে। শিল্পকলা তেওঁলোকৰ ড্ৰইংৰুমৰ সজোৱা বস্তু। তেওঁলোকৰ জীৱনৰ স্বাচ্ছন্দ্যৰ সৈতেও যেন তাৰ সম্পৰ্ক আছে। মোৰ এজন বন্ধুৱে এদিন কোৱা দুটামান কথাই মোক আজিও বিন্ধে, তেওঁ এদিন মোক সমালোচনা কৰিছিল। কলকাতাত থকা সময়ৰ তেওঁ মোৰ পাৰাৰ বন্ধু, ছবি মুঠেই নেআঁকে তেওঁ। কিন্তু ৰাতি এঘাৰ বজালৈ মোৰ ৰুমতে আড্ডা দিয়ে। সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতিৰ পৰা বোডলেয়াৰ-জীবনানন্দ দাসলৈ। সুমন-বব ডিলান-ভূপেন হাজৰিকাৰ পৰা লালন-বাউললৈ আনায়াস বিচৰণ। কলকাতাৰ বৈঠকখানা মাৰ্কেটৰ সৰু ফাৰ্ম এখনত কাম কৰে, কমাৰ্চ গ্ৰেজুৱেট তেওঁ। দৰ্মহা মাহে আঠশ টকা। মাকৰ সৈতে সংসাৰ, হাড়ে-ছালে লগা শৰীৰ। সেইখিনি পইচাৰে মাকৰ টিবিৰ চিকিৎসা কৰি আৰোগ্য কৰি তুলিলে। সেইকেইটা পইচাৰে কি সুশৃঙ্খলভাৱে চলিছিল। মাছ-মাংস নহয়, খোলা বস্তাৰ ছয়াবিন, আৰু ছাতু। তেওঁ মোক ছাতুৰ চৰবত খাবলৈ শিকাইছিল। প্ৰয়োজনত নেমু চেপি পানীত কেইচামুচমান ছাতুৰে যে দুপৰীয়াৰ ভোকো সহ্য কৰিব পাৰি, তেওঁ মোক শিকাইছিল। তেৱেঁই এদিন কৈছিল- যিয়েই নোকোৱা ভাই, তহঁতৰ কামবিলাক.. এই যে সুন্দৰৰ আৰাধনা, এইবোৰ মানুহৰ প্ৰথম কাম নহয়। প্ৰথমে মানুহে খাব পাব লাগিব। খেতি কৰিব লাগিব। খাদ্য উৎপাদন কৰিব লাগিব; বস্ত্ৰ, বাসস্থান। বেমাৰ-আজাৰ হ'ব, তাৰপৰা পৰিত্ৰাণ পাব লাগিব। ভালে থাকিলেহে মই তোৰ গান শুনিম, কবিতা পঢ়িম, তই অঁকা ছবিখনৰ পিনে চাম। তই হয়তো সকলো হেৰুৱাইও তোৰ ভিতৰৰ সুন্দৰৰ ছবিখনকেই আঁকিবি। একেৰাহে বহু কথা কৈ উঠি ক'লে- অবশ্যে মই তোৰ লগতেই সময় কটাই ভাল পাওঁ।

তেওঁৰ কথাকেইটা ইমান শাণিত আছিল, তেওঁ ইমান ভিতৰৰ পৰা কৈছিল যে মই বহুদিনলৈ সহজ হ'ব পৰা নাছিলো। এজন শিল্পচৰ্চা কৰা মানুহক সাধাৰণতে সকলোৱে সহজভাৱে মানি লয়, কাষ চপাই লয়। একে চিন্তাৰ নহ'লেও বন্ধু ভাবি লয়। এইটো প্ৰাপ্য বুলি মানি ল'লেও কেতিয়াও ইয়াৰ সুযোগ গ্ৰহণ কৰা উচিত নহয়।

এবাৰ ছাত্ৰ অৱস্থাত আমি চাৰিজনমান বন্ধুৱে কলকাতাৰ লেনিন সৰণিৰ এটা পুৰণা কাৰখানাত সোমাই গৈছিলো, আৰু তাৰ কিছু লেণ্ডস্কেপ আমাৰ পচন্দ হৈছিল। আউটডোৰ পাৰ্ছপেক্টিভ ষ্টাডিৰ কাৰণে ইমান উৎকৃষ্ট আয়োজন দেখি আমি আনন্দত আত্মহাৰা হৈ পৰিছিলো। কিন্তু আমি নোসোধা-নেমেলাকৈ সোমাই গৈ ইফাল-সিফাল কৰি থকা কাৰণে তাত থকা মাইকী মানুহ এগৰাকীৰ সন্দেহ হ’ল, আৰু আমাক আঁতৰি যাবলৈ ক’লে। আমাৰ লগৰ এজনে বুজালে যে আমি ছবিহে আঁকিম, কিন্তু তেখেতৰ সন্দেহৰ ভাব নগ'ল আৰু মান্তি নহ’ল। এইবাৰ মোৰ পাল, লগৰকেইটা দাৰিয়ে-চুলিয়ে হো চি মিন, কোনোবাজন প্ৰায় ৰবীন্দ্ৰনাথ...৷ সেয়ে সাধাৰণ চেহেৰাৰে কথাষাৰ বুজাই কোৱাত আমাক অনুমতি দিলে, কিন্তু চাৱনিত সন্দেহ নগ'ল। নিৰীহৰ নিচিনাকৈ লাহে-ধীৰে কাম আৰম্ভ কৰিলো, ল’ৰা-ছোৱালীকেইটাই আমাৰ পিছফালে জুম বান্ধিলে, ভিতৰলৈ ইনফৰমেচন গ’ল। আমি এটা সময়ত কামত মগ্ন হৈ পৰিলো। এসময়ত মানুহগৰাকীয়েও আমাক সহজভাৱে ল'ব পৰা হ’ল। দাৰি-চুলিৰ আঁৰৰ কোমল মনকেইটাও ঢুকি পালে। ৰ’দে-বতাহে প্ৰতিকূল পৰিবেশ এটাত গোটেই দিনটোৰ পৰিশ্ৰমৰ অন্তত গধূলি ওভোতাৰ সময়ত আমাক আচৰিত কৰি মানুহগৰাকীয়ে চাহ খুৱাই পঠিয়ালে। সেয়া সাধাৰণ মানুহৰ শিল্পচৰ্চাৰ প্ৰতি মৰম-আশিষ। সেয়ে সাধাৰণ মানুহেই হওক শিল্পৰ কঠোৰ সমালোচক। তেওঁলোকৰ হাততেই শিল্প নিৰাপদ।

ভাল গান গোৱাজনক, সুদৰ্শন অভিনেতাজনক, সুলেখক, প্ৰভাৱশালী সাংবাদিকজনক ৰাইজে মৰম যাচে। প্ৰথমতে আদৰ্শৱান ৰুচিৱান লোকৰ দৰেই কথা পাতে তেওঁলোকে। লাহে লাহে ব্যৱহাৰ, অঙ্গ-ভঙ্গী সলনি হ'বলৈ ধৰে। তেওঁলোকে আমাৰ সমাজখনক, সংস্কৃতিটোক ক’ৰ পৰা ক'লৈ নিলে, সেইবোৰ ক’বলৈ আৰম্ভ কৰে। আৰু সেই জোখাৰেই ৰাইজেও তেওঁক সন্মান আদৰ যাচিবলৈ আৰম্ভ কৰে আৰু অন্ধ সমৰ্থক ফেন হৈ পৰে। এসময়ত জনপ্ৰিয় হোৱাৰ সুবাদতে তেওঁলোকে ৰাজনীতিলৈও হাত মেলে। শিল্প আৰু ৰাজনীতি একাকাৰ হৈ পৰে।

শিল্পচৰ্চাৰ আৰম্ভণিৰ কথা হ’ল শিল্পবোধ। ৰসবোধ। শিল্প কি, তাক বুজা। ভাল পোৱা, ৰস গ্ৰহণ কৰা। শিল্পচৰ্চাৰ শিক্ষাৰ্থী সকলৰ বহুতৰে শিল্প সম্পৰ্কে বিশেষ ধাৰণা নাথাকে। শিল্পবোধ নাথাকেই। যিয়েই নকৰক, বাহ বাহ পায়েই তেওঁলোকে। সেয়ে নিজৰ কাম সম্পৰ্কে ভাল ভাব এটা থাকেই। চিনেমা নিৰ্মাণৰ লগত জড়িতসকলৰ ক্ষেত্ৰতো কথাটো একেই। স্বাভাৱিকভাৱেই তেওঁলোকে অধ্যয়ন কৰে। আধুনিক যন্ত্ৰ-পাতি চলাব জানে। কেনভাছখনত বহুত কিবাকিবিয়েই থাকে, নাথাকে সুন্দৰৰ উপস্থাপন। চিন্তাবোৰ ডাঙৰ ডাঙৰ হ'লেই যে অপৰ্যাপ্ত ৰস থাকিব, সেইটো নহয়। শিশু শিক্ষাৰ কামত আত্মনিয়োগ কৰাজনৰ যেনেদৰে শিশুবোধ থকা প্ৰয়োজন, শিল্পচৰ্চা কৰাসকলৰ বাবে শিল্পবোধ প্ৰথমতেই লাগিব। তাৰ অভাৱৰ বাবেই বহুত কষ্ট কৰাৰ পিছতো শেষলৈ গৈ বিশেষ একো হৈ নুঠে। আৰু সেইবোৰ চাই অকল ভাল হৈছে ভাল হৈছে বুলি লিখি থকাকেইজনেও বাহিৰৰ কামবোৰৰ লগত সম্পৰ্ক নাৰাখে, সমকালীন ভাৰতবৰ্ষৰ অন্য প্ৰান্তৰ ভাল কামবোৰ প্ৰত্যক্ষ কৰিলেও তুলনামূলক কিছু কথা তেওঁলোকৰ লিখনিত সোমালহেঁতেন। শিল্পক্ষেত্ৰৰ উত্তৰণৰ কাৰক দেশ-বিদেশৰ উৎকৃষ্ট কৰ্মবোৰ চোৱাৰ অভিজ্ঞতাৰে নিজক পুষ্ট কৰি ল'বই লাগিব। আৰু লাগিব শিল্পক বুজিবলৈ এটা মুক্ত মন। অভিজ্ঞতাপুষ্ট অথচ শিশুৰ দৰে মুক্ত মন। উদাৰ মুক্ত মন। গঠনমূলক সমালোচনাইহে আমাৰ সমাজখনৰ লগতে সংস্কৃতিটোকো আগবঢ়াই নিব। ভুল-ত্ৰুটি, অপ্ৰয়োজনীয় আবেগ, অপৰিপক্বতা আঙুলিয়াই দিবলৈ প্ৰথমতে নিজে পৰিপক্ব হ'ব লাগিব। ভাল কৰ্মক উপযুক্ত স্বীকৃতি দি আগুৱাই লৈ যাবলৈ তেওঁ যুঁজিবলৈও সক্ষম হ'ব লাগিব।

টিউবৰ পৰা পেলেটত(palette) উলিয়াই লোৱা প্ৰতিটো ৰঙেই উজ্জ্বল। প্ৰতিটোৱেই ধুনীয়া। ৰঙা নীলা হালধীয়া বেঙুনীয়া সেউজীয়া সুমথিৰা। ৰংবোৰেৰে জ্যামিতিকভাৱেও কেনভাছ এখন ধুনীয়া কৰিব পাৰি। আৰু ড্ৰইঙৰ লগতে কালাৰ পাৰচ্পেক্টিভ(পৰিপ্ৰেক্ষিত)ৰ সঠিক প্ৰয়োগেৰে কাগজ নাইবা কেনভাছখনক চকুৱে মানি ল'ব পৰা কৰিব পাৰি। অনুভূতিৰে বিচৰণ কৰিব পাৰি। কেনভাছখনত ভিন্ন দূৰত্বত উৰি থকা একে ৰঙৰ দুখন চিলাত একেটা ৰঙকেই ব্যৱহাৰ কৰিলে নহ'ব। কৰিলে দুখন চিলা একেটা দূৰত্বত থকা যেন লাগিব (আকাৰতহে সৰু, ডাঙৰ দেখুৱাব)। দূৰলৈ নিবলৈ হ'লে প্ৰথমে বিপৰীত ৰঙৰ সহায় ল'ব লাগিব, উজ্জ্বলতা কমাব লাগিব, ওচৰ-পাঁজৰৰ ৰঙৰ প্ৰভাৱ পৰিব আৰু দূৰলৈ নিবলৈ স্পষ্টতা(details) কমাব লাগিব।

তাৰমানে, কেনভাছখনত ৰং সনাৰ আগতে পেলেটখনত ৰং-তুলিৰ এখন যুদ্ধ চলে। অভিজ্ঞতাৰে, শিক্ষাৰে, চিন্তাৰ যুঁজ।

নিয়ম নজনাকৈ, নিশিকাকৈ নিয়ম ভঙাৰ প্ৰৱণতা এই ক্ষেত্ৰত বেছি। ব্যাকৰণ জানিলেই সাহিত্যৰ সৃষ্টি নহয়, কিন্তু ব্যাকৰণে সাহিত্যক বান্ধি ৰাখে। চাইকেলখন চলাওঁতে ফিজিক্সৰ নিয়মৰ কথা মনলৈ নাহে, চলাব নাজানি তেৰেং-বেৰেং কৰিলেহে নিয়ম মনত পৰে। নিয়ম ভঙাটো শিল্পৰ প্ৰথম চৰ্ত কেতিয়াও নহয়, নিয়ম মানিয়েই আগবাঢ়িব লাগিব ইয়াতো।সাম্প্ৰতিক সময়ত যেনেতেনে নিজক প্ৰক্ষেপ কৰাৰ যি মানসিকতা, তাৰ দ্বাৰা তেওঁলোকে শিল্পৰ একো উপকাৰ সাধন নকৰে।

এটি নিটোল  কবিতা সকলোৱে লিখিব নোৱাৰে, কিন্তু সকলোৱে ৰস গ্ৰহণ কৰিব পাৰে। গীত এটিৰ পৰা আমি সকলোৱে আনন্দ ল'ব পাৰো। শিল্পীসকলে নহয়- এখন ৰুচিশীল সমাজেহে শিল্পৰ দায়বদ্ধতা প্ৰকৃতপক্ষত ৰক্ষা কৰিব। সেয়ে ৰসিকৰ বৰ প্ৰয়োজন। শিল্পবোধ-ৰসবোধ সমৃদ্ধ এখন দায়িত্বশীল সমাজেহে সভ্যতাক বাট দেখুৱাব। সদায় প্ৰতিযোগিতা নহয়, ইজনে সিজনৰ ৰচনাৰ পৰা আনন্দ লোৱাটোও জৰুৰী, ইজনে সিজনক আগবঢ়াই দিয়াটো জৰুৰী। আৰু শিল্পচৰ্চা কৰাসকলেও এইক্ষেত্ৰত মন দিয়া উচিত যে অনায়াসে একো লাভ কৰিব নোৱাৰি। ধৈৰ্য্য লাগিবই, কষ্ট কৰিব লাগিব, অনুশীলন লাগিব। সাধনাৰ অবিহনে ইয়াত প্ৰাপ্তি নাই।

Share Button
Print Friendly, PDF & Email

No Comments : "শিল্পৰ ৰস গ্ৰহণ-(হেমন্ত নাথ)"

Leave a Comment

Your email address will not be published. Required fields are marked *