শীতৰ আলহী পক্ষী (নন্দ গগৈ)

মোহনীয় প্রাকৃতিক পৰিৱেশৰ অধিকাৰী আমাৰ এই অসমভূমি। অসমৰ বৈচিত্ৰ্যময় প্রাকৃতিক পৰিৱেশৰ আৰ্দ্রভূমিসমূহলৈ আলহী পক্ষীৰ আগমনে শীতকালত অতুলনীয় সৌন্দৰ্যৰ সৃষ্টি কৰে। শীতকালত বিল, জলাশয় আদি আৰ্দ্র ঠাইসমূহত অজস্র ৰাজহাঁহ, ধৃতৰাজ, শৰালি হাঁহ আদি বিভিন্নধৰণৰ হাঁহজাতীয় চৰাই দেখা পোৱা যায়। ব্ৰহ্মপুত্ৰৰ বুকুতো চাকৈচকোৱা চৰাইৰ উপস্থিতি দেখা পোৱা যায়।

শীতকালত আমাৰ ইয়ালৈ পক্ষীসমূহৰ আগমন কিয় হয়, তাৰ আঁৰৰ ৰহস্যনো কি? এই সংক্রান্তেই এই চমু প্রবন্ধত  কিছু কথা লিখাৰ প্ৰয়াস কৰিছোঁ।

অসমৰ ইমূৰৰ পৰা সিমূৰলৈ প্রায় ৭০০ কিঃমিঃ দৈর্ঘৰ ব্ৰহ্মপুত্ৰ নদ আৰু বৰাক উপত্যকাত বৰাক নদীৰ দাঁতিকাষৰীয়া অঞ্চলৰ সৰু-বৰ বিল, জলাশয়, পুখুৰী, পিতনি আদি আৰ্দ্রভূমিসমূহ বহু জৈৱ-বৈচিত্ৰ্যৰে সমৃদ্ধ। এই আৰ্দ্রভূমিসমূহলৈ শীতকালত প্রতি বছৰে আলহী পক্ষীৰ আগমনে আকৰ্ষণীয় সৌন্দৰ্যৰ সৃষ্টি কৰি কৰে। সমগ্ৰ বিশ্বত পোৱা ৮,৬৫০-টা প্রজাতি চৰাইৰ ভিতৰত ১,২২৪-বিধ প্রজাতিৰ চৰাই ভাৰতবৰ্ষত পোৱা যায়। পক্ষীবিদ ড° আনোৱাৰউদ্দিন চৌধুৰীদেৱে প্রদান কৰা তালিকা মতে অসমৰ চৰাই-প্রজাতিৰ সংখ্যা ৮২৯-বিধ। এই হিচাপ মতে ভাৰতবৰ্ষত পোৱা মুঠ চৰাইৰ প্রায় ৬৮ শতাংশ চৰাই অসমতে পোৱা যায়। অসমত চৰকাৰী স্বীকৃতিপ্রাপ্ত দীপৰ বিল, বৰদৈবাম বিলমুখ আৰু পানীদিহিং— এই তিনিখন পক্ষী অভয়াৰণ্য আৰু বহুতো সৰু-বৰ বিল-জলাশয় আদি আৰ্দ্রভূমি চৰাইৰ আৱাস আৰু বিচৰণ স্থল হিচাপে গঢ়ি উঠাতো উল্লেখনীয়। আৱাস আৰু বিচৰণস্থল হিচাবে গঢ় লৈ উঠা আৰ্দ্রভূমিবোৰৰ বিস্তৃতিয়ে চৰাইৰ জৈৱ-বৈচিত্ৰ্যত আমাৰ ৰাজ্যখন যে অতি চহকী, তাকেই প্ৰতিপন্ন কৰিছে।

শৰতকালৰ আগমনৰ সময়ৰ পৰা শীতকালছোৱা কটাবলৈ অসমলৈ বহুতো প্ৰজাতিৰ অতিথি পক্ষীৰ আগমন হয়। অসমলৈ অহা এই অতিথি পক্ষীৰ সংখ্যা প্রায় ৩০০ হ’ব বুলি জনা যায়। ইয়াৰে প্ৰায় শতাধিক পক্ষীয়েই জলচৰ৷ সূৰ্যক কেন্দ্ৰ কৰি পৃথিৱীয়ে কৰা উপবৃত্তাকাৰ পৰিভ্ৰমণত, পৃথিৱীৰ অক্ষই কক্ষপথৰ সৈতে কৰা কৌণিক অৱস্থানৰ বাবেই পৃথিৱীত ঋতুৰ পৰিৱৰ্তন হয়। শীতকালত পৃথিৱীৰ দক্ষিণ গোলার্ধ সূৰ্যৰ দিশে ঢাল খায় আৰু উত্তৰ গোলাৰ্ধত সূৰ্যৰ কিৰণ হেলনীয়াকৈ পৰিবলৈ লয়। ইয়াৰ ফলস্বৰূপে আমাৰ ইয়াত শীতকালৰ আগমন ঘটে। আমাৰ এই অঞ্চলৰ পৰা সুমেৰুৰ দিশলৈ উচ্চ-অক্ষাংশৰ ঠাইসমূহত শীতৰ প্রকোপ বৃদ্ধি হয়। ভাৰতবৰ্ষৰ উত্তৰ সীমাত থকা হিমালয় পর্বতমালাই উত্তৰৰ বৰফাবৃত শীতল ঠাইসমূহৰ পৰা অহা শীতপ্রবাহক বাধা দিয়াৰ বাবে আমাৰ এই অঞ্চল তীব্র শীতৰ পৰা ৰক্ষা পৰিছে। শীতকালত উচ্চ-অক্ষাংশৰ ঠাইসমূহত শীতৰ তীব্রতা বা‌ঢ়ি যোৱাত চৰাই-চিৰিকতিৰ বাবে তাত এক প্রতিকূল পৰিৱেশৰ সৃষ্টি হয়। ঋতু পৰিৱৰ্তনৰ সময়ত প্রতিকূল পৰিস্থিতিৰ উদ্ভৱ হলে চৰাইবোৰে উপযুক্ত ঠাইৰ সন্ধান কৰে। খাদ্যৰ নাটনি, চাল-চলনত অসুবিধা ইত্যাদিৰ বাবে তুলনামূলক কম শীত পৰা ঠাই, খাদ্যৰ সন্ধানৰ বাবে অনুকূল পৰিৱেশ আদি বিচাৰি এই চৰাইবোৰে আমাৰ ইয়াত আলহী হিচাপে শীতকালছোৱা কটাই যায়।

শৰতকাল আৰম্ভ হোৱাৰ লগে লগে আমাৰ এই অঞ্চলত বতাহ-বৰষুণৰ পৰিমাণ কমি আহে। আকাশ নির্মল হয়। পুৱাৰ ভাগত কুঁৱলি পৰে। লাহে লাহে শীতৰ আগমন হয়। সুকোমল সূৰ্যৰ কিৰণো পক্ষীকুলৰ প্রয়োজন হয়। ফৰকাল বতৰ, নির্দিষ্ট উষ্ণতা, খাদ্য-সন্ধানৰ বাবে অনুকূল পৰিৱেশ আদি পক্ষীকুলৰ বাবে প্রয়োজন। এনে অনুকূল পৰিৱেশৰ বাবেই আমাৰ ইয়ালৈ চৰাইবোৰৰ আলহী হিচাপে অগমন ঘটে।

খুব সম্ভৱ আলহী চৰাইবোৰে পৰিভ্ৰমণৰ সময়ত সূৰ্যক নিৰীক্ষণ কৰে। পৰিভ্রমী চৰাইবোৰে সূৰ্যৰ গতিবিধি, গ্রহ-নক্ষত্রৰ অৱস্থান, বতাহৰ দিশ আদি নিৰীক্ষণ কৰিয়েই হয়তো সিহঁতৰ পৰিভ্রমণৰ দিশ নিৰ্ণয় কৰে। উদাহৰণ স্বৰূপে শৰত কালৰ আগমনৰ সময়ত বালিমাহী চৰাইবোৰে দিনত সূৰ্যক নিৰীক্ষণ কৰি মাত মাতি মাতি আমাৰ ইয়ালৈ অহা দেখা যায়। মন কৰিবলগীয়া কথা, আমাৰ স্থানীয় জলচৰ পক্ষী শৰালি হাঁহবোৰেও সৰু সৰু দলত বিভক্তহৈ শুকাবলৈ ধৰা বিল, জলাশয় আদিত অৱস্থান লয়। চৰাইবোৰে আৰ্দ্রভূমিত জলকেলি কৰি পাখি কটালি ৰ'দ লৈ থকা দেখিবলৈ পোৱা যায়। ইহঁতক দিনত খাদ্যৰ সন্ধানৰ পৰিৱর্তে দিনৰ বেছিভাগ সময় ৰ'দ লৈ ৰৈ থকা দেখা যায়। ফেব্ৰুৱাৰী মাহৰ মধ্যভাগৰ পৰা এই স্থানসমূহত শৰালি হাঁহবোৰ কমি অহা পৰিলক্ষিত হয়। লাহে লাহে ঘাঁহ-বনৰ বৃদ্ধি হোৱাৰ পৰিৱেশ আহি পৰিলে আৰু বৰষুণৰ ফলত জলাশয়বোৰৰ আয়তন বাঢ়ি গ’লে ইহঁতৰ উপস্থিতি কম হৈ পৰে। সিহঁতক বিভিন্ন স্থানলৈ গৈ যোৰ বন্ধা দেখা যায়। লাহে লাহে চেপ্তেম্বৰ মাহৰ পিছৰ পৰা ইহঁত পুনৰ দলবদ্ধ হোৱা দেখা যায় আৰু আয়তন কমি অহা জলাশয়বোৰত ইহঁত পুনৰ গোট খায়।

গতিকে দেখা যায় যে বসবাসৰ অনুকূল প্রাকৃতিক পৰিৱেশৰ সন্ধানেই হৈছে পক্ষীৰ পৰিভ্রমণৰ আঁৰৰ মূল কাৰণ। ইউৰোপ মহাদেশ, মধ্য এছিয়াৰ দেশসমূহ, মংগোলীয়া, চাইবেৰীয়া, তিব্বত, হিমালয়ৰ দুৰ্গম স্থান আদিৰ পৰা বিভিন্ন প্রজাতিৰ আলহী পক্ষীয়ে আমাৰ ইয়াৰ নদ-নদী, বিল জলাশয় আদিলৈ পৰিভ্রমণ কৰে। গ্ৰীষ্মকাল অহাৰ লগে লগে আমাৰ প্ৰাকৃতিক পৰিৱেশত নদ-নদী, বিল, জলাশয়ৰ আয়তন বাঢ়ি যোৱাৰ বাবে ইহঁতৰ খাদ্যৰ সন্ধানত অসুবিধাই দেখা দিয়ে। সেই সময়ত আমাৰ উত্তৰ দিশতহে চৰাইৰ বাবে পোৱালি লালন-পালনৰ উপযুক্ত পৰিবেশ আহি পৰে। তেতিয়া আমাৰ আলহী চৰাইবোৰে বিদায় লৈ সেই দেশবোৰলৈ গুছি যায়।

অসমৰ বিভিন্ন ঠাইত হাঁহজাতীয় আলহী পক্ষীবোৰক মাংসৰ লোভত নানা উপায় অৱলম্বন কৰি নিধন কৰাৰ কথা প্রতি বছৰে কাকতে-পত্রে প্রকাশ হৈ আহিছে। আলহী পক্ষীসমূহ যাতে কোনো দুস্কৃতিকাৰীয়ে নিধন কৰিব নোৱাৰে সেই বিষয়ত চৰকাৰীভাৱে সম্পূর্ণ নিৰাপত্তাৰ ব্যৱস্থা কৰিব লাগে। সকলো লোকেই পক্ষী হত্যা কৰাৰ পৰা বিৰত থকাত সজাগতা অনাৰ চেষ্টা কৰিব লাগে। অসমৰ দৰে ৰাজ্যৰ এনে মনোমোহা প্রাকৃতিক জৈৱ-বৈচিত্ৰ্য হয়তো বিশ্বতে বিৰল। আমাৰ এই প্রাকৃতিক জৈৱ-বৈচিত্ৰ্যতাৰ পৰিৱেশ সমগ্ৰ বিশ্বৰ বাবে আকর্ষণীয় হৈ ৰওঁক। এনে এক প্রচেষ্টাৰ বাবে প্রতিজন লোকেই প্রকৃতিক ভাল পাবলৈ গুৰুত্ব সহকাৰে লওঁক আৰু আৰ্দ্ৰভূমিসমূহ চৰণীয়া পথাৰ বা মানুহৰ বাসভূমিলৈ পৰিৱৰ্তিত নকৰি সেইসমূহৰ সংৰক্ষণৰ বিষয়ত চিন্তা-চৰ্চা কৰাত গুৰুত্ব দিব লাগে।

Share Button
Print Friendly, PDF & Email

No Comments : "শীতৰ আলহী পক্ষী (নন্দ গগৈ)"

Leave a Comment

Your email address will not be published. Required fields are marked *