বিশ্বাস-অবিশ্বাস

কুসংস্কাৰ, অন্ধবিশ্বাস আৰু বিজ্ঞান (অম্লানিকা কলিতা)

মানৱতাক প্ৰতিপালন কৰি সমাজত জীয়াই থাকিবলৈ আৰু আনকো জীয়াই তুলিবলৈ এটি সমৃদ্ধ মন লাগিব। মনত যদি কুসংস্কাৰ, অন্ধবিশ্বাস কিম্বা বিৰূপ চিন্তাই ঠাই পায়; সেই শৰীৰত আত্মা আৰু মন একত্ৰিত হ’ব নোৱাৰে। নিষ্পাপ কেঁচুৱাটিয়ে কলকলাই; লাহে-লাহে মাত কথাবোৰ ফুটে। আপোনৰো আপোন শব্দটো উচ্চাৰণ কৰে। দুটি-এটি কথা লাগি ধৰে। শিশুটিৰ মাক দেউতাকেই কথাবোৰ পোনাই দিয়ে। এইদৰে শিশুটিয়ে এদিন শুদ্ধ শব্দটি উচ্চাৰণ কৰে। একেদৰেই শিশুৰ এটি বিজ্ঞানপিপাসু অথবা কুসংস্কাৰমুক্ত মন গঢ়াত মাক-দেউতাক বা অভিভাৱকেই যথেষ্ট উল্লেখনীয় ভূমিকা গ্রহণ কৰিব পাৰে। এজনে আনজনৰ হৈ যজ্ঞ-পূজা কৰিলেই যিদৰে মোক্ষ বা মুক্তি আনিব নোৱাৰি, একেদৰেই এজনে আনজনৰ হৈ কিছু কথাত মাত মাতিলেই এটি সিদ্ধান্ত শুদ্ধ নহয় যদিহে গ্ৰহণ কৰোঁতাজনৰ এটি সুন্দৰ মন নাথাকে!
ৰূপান্তৰেই কাটি দিয়ে উন্নতিৰ সেউজ বাট। একবিংশ শতিকাত বিজ্ঞানেই হৈ পৰিছে জনজীৱনৰ চালিকা শক্তি; যদিওবা পূৰ্বতে গেলিলিওৱে সূৰ্য স্থিৰ আৰু গ্ৰহবোৰ তাৰ চাৰিওফালে ঘূৰে বুলি প্ৰমাণ কৰি দেখুওৱাত তেওঁকহে মানুহে নাস্তিক আৰু দেশদ্রোহী বুলি কাৰাগাৰত বন্দী কৰি ৰাখিছিল! যিখন বিশ্বত জৰ্জ ষ্টিফেনচনে ৰে’লগাড়ী চলাওঁতে মানুহে বিদ্ৰূপ কৰিছিল আজি সেইখন বিশ্বৰ মানুহেই জোনবাইৰ বুকুতো ঘৰ পতাৰ অৱকাশ বিচাৰি পাইছে। ধাৰণাৰ ৰূপান্তৰত যেতিয়া চেতনা কিম্বা মানৱৰ অক্ষয় সংগ্ৰাম বিজড়িত হৈ থাকে, তেতিয়াই হয়তো প্ৰাকৃতিক পৰিঘটনাই নতুন মোৰ লৈ বিজ্ঞানৰ জয়গান গায়। যেনেদৰে মেঘৰ বুকুত বিজুলীৰ চমকনি দেখি মানুহৰ মনত জাগ্ৰত হ’ল বিদ্যুত শক্তিৰ উৎস, তেনেকৈয়ে এদিন ফাদিল হ’ল ইলেক্ট্ৰনৰ মহাশক্তিৰ ৰহস্য!
লাহে-লাহে বিজ্ঞানৰ দ্বাৰা চমকপ্ৰদ সামগ্ৰীৰ আবিষ্কাৰ হৈছে, আমিও আঁকোৱালি লৈছোঁ। কিন্তু কেতিয়াবা মানুহৰ মনবোৰক সংকীৰ্ণতাই আৱৰি ধৰি বিজ্ঞানক প্ৰত্যাহ্বান জনাইছে। তথ্য অনুসৰি শেহতীয়াকৈ ভাৰতবৰ্ষত এহেজাৰ গৰাকী মহিলাৰ ডাইনীৰ(?) সন্দেহত হত্যা হ’ল। ইয়াৰে অসমত ২০১০ চনৰ পৰা এতিয়ালৈকে প্ৰায় ৭৭ জন মানুহে মৃত্যুক আঁকোৱালি ল’লে। যি সময়ত মিনিটৰ খবৰ মিনিটতে চেটেলাইট চেনেল যোগে উপলব্ধ হয় সেইসময়ত যেতিয়া এনে বাতৰি প্ৰচাৰ কৰিব লগা হয়, তেনে ঘটনাই বিজ্ঞানৰ মতাদৰ্শবোৰক সঁচাই লজ্জানত কৰে। বৈজ্ঞানিক শক্তিয়েই মাথো মানুহক সুসভ্য জাতি হিচাপে গঢ়িব নোৱাৰে, কাৰণ ই এক শক্তিহে মাত্ৰ; ইয়াৰ অস্তিত্বৰ সফল প্ৰতিপন্নতাৰ বাবে প্ৰয়োগকৰ্তা জনৰো এটি বিচক্ষণ তথা দায়বদ্ধ মন লাগিব, অন্যথাই ই যেন সুঁৱৰিব হিৰোশ্বিমা-নাগাচাকিৰ ধ্বংসৰ তাণ্ডৱলীলাৰ দৰে কঠোৰ ইতিহাস! মানুহে যেতিয়া বিজ্ঞানৰ কথাবোৰক কেৱল “থিয়ৰি” বা তত্ত্ব বুলি নাভাবি প্ৰায়োগিকভাৱে ইয়াৰ বিশ্লেষণ কৰিব তেতিয়াই সমাজৰ পৰা অন্ধ-বিশ্ব‍াস ‍আৰু কু-সংস্কাৰৰ এলান্ধু আঁতৰিব। বিজ্ঞানে আনি দিয়া প্ৰতিবিধ চমকপ্ৰদ বস্তু আমাৰ কৰতলত থ‍াকিলেই আমি সভ্যতাৰ বাটত এঢাপ আগুৱাইছোঁ বুলি ক’ব নোৱাৰো যদিহে আমি তেতিয়াও বিশ্বাস কৰোঁ গাড়ী চলাই যাওঁতে মেকুৰীয়ে বাট কাটিলে বুলি অলপ পিছুৱাই অহাৰ দৰে নিজ মঙ্গল চিন্তা কৰাৰ এক গোড়া তত্ব(?)।পুষ্পিতা হোৱা এজনী কনমানিক চাৰিদিন লঘোণে ৰখা হয়, মনত আজিও প্ৰশ্ন হয়, এই সংস্কাৰে আম‍াক শিখৰত তুলি ধৰিব পাৰিবনে? যিকোনো শুভকৰ্মত আজিও এগৰাকী বিধবা মহিলাক আগস্থান দিয়া নহয়; পতিৰ অনাকাংক্ষিত মৃত্যুত সেই পত্নীৰ দোষেই বা ক’ত??
এজন ব্যক্তিৰ বিজ্ঞানপিপাসু মন এটি গঢ় দিয়াত তেওঁ শিশু অৱস্থাত কেনে ধৰণৰ পৰিৱেশত আছিল তাৰ ওপৰতো নিৰ্ভৰ কৰে। সৰুকালতে মোৰ মনত ৰেখাপাত কৰা এটি সৰু অথচ গভীৰ পৰিঘটনা মই এতিয়াও পাহৰিব পৰা নাই। তেতিয়া খুব সম্ভৱ মই যোৰহাটৰ মক্তব স্কুলৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰী। স্কুলত তেতিয়া পৰীক্ষা হৈ আছিল। বান্ধৱীৰ আপত্তি তাইক স্কুললৈ পৰীক্ষা দিবলৈ আহোঁতে মাকে কণী আৰু আলু খাবলৈ নিদিয়ে। তাইৰ কণী আৰু আলু খুব প্রিয়। পৰীক্ষা হলৰ পৰা ওলায়ে তাই মোৰ আগত দুখ কৰে। ময়ো প্ৰশ্ন কৰোঁ— “কিয় নিদিয়ে?” উত্তৰত কয়— “পৰীক্ষাৰ বহীতো আলু পাওঁ বুলি!” সৰু মনটোত তেনেকৈয়ে কথাবোৰ সামৰি-সোতৰি আহি ঘৰ পাওঁহি। মা-দেউতাই বুজাই দিয়ে কথাবোৰৰ গূঢ়াৰ্থ। এতিয়া ভালকৈয়ে বুজোঁ এই যে শিশুৰ কঁহুৱা কোমল মনটো, তাতেই সিঁচিব লাগিব বিজ্ঞানৰ আদিপাঠৰ বীজবোৰ!! কিছু ঠাইত আজিও দেখিবলৈ পাওঁ সাপে খুঁটিলে চিকিৎসা নকৰি বেজৰ শৰণাপন্ন হোৱা। জীৱনক হেৰোৱাৰ ভয় সকলোৰে থাকে। সেইবুলি মৃত ব্যক্তিক জীয়াই তোলাৰ বাবে কলৰ ভূঁৰত উটাই দিলেই জানো তেওঁ জীৱন পাব, যদিহে সময়ত উচিত পন্থা নলয়! দেখা যায় এনে ধৰণৰ অন্ধবিশ্বাসৰ প্ৰৱণতা কিছু পিছপৰা গাওঁবোৰত বেছি। কেৱল সজাগতাইহে দাঙি ধৰিব পাৰিব এক দিগন্তপ্ৰসাৰী আদর্শ !
শেষত কওঁ- মানুহ শান্তিপ্ৰিয় প্ৰাণী, স্বাভাৱিকতে কল্পনাপ্ৰৱণ আৰু সপোনপিয়াসী। ইয়েই হয়তো বিজ্ঞানক জীৱনী আৰু চালিকা শক্তি কৰাৰ মূল। বিজ্ঞানো এনে এক শক্তি যি উপযুক্ত ব্যৱহাৰকাৰীৰ হাততহে পূৰ্ণতা পায়, অন্যথা ই যেন হৈ পৰে অভিশাপস্বৰূপ!
বিজ্ঞান আমাৰ আশাৰ প্ৰদীপ হওক আৰু মানৱৰ বিবেক তথা সত্তাবোৰ সেই প্রদীপৰ ইন্ধন হওক।।
Print Friendly, PDF & Email

One thought on “কুসংস্কাৰ, অন্ধবিশ্বাস আৰু বিজ্ঞান (অম্লানিকা কলিতা)

  • Niyam manibo e lagibo yat kunu argument nosolibo nijor kotha nosolibo manibo e lagibo niyam onukhari jitu hindu homaj r purbor porompora soli aahise duniya hekh huwar loge enneke soli thakibo suwali r babe.

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *