সহযোদ্ধা - (শুভ লক্ষ্মী)

কিমানবাৰ নিৰ্যাতন হ'লে তুমি বুজিবা যে তুমি এগৰাকী যোদ্ধা?
কিমানখন হৃদয় লাগিব তোমাক সাহসী হ’বলৈ?
কিমানখন কাণ লাগিব তোমাক তোমাৰেই আপোন কাৰোবাৰ আৰ্তনাদবোৰ শুনিবলৈ? কিমানহাল চকু লাগিব তোমাক আমাৰ শেঁতা চকুৰ বিষণ্ণ দাগবোৰ চাবলৈ ?
আমি কৰিব লাগিব অগ্নিস্নান। বুকুৰ শিল যেন গধুৰ দুখবোৰ, চকুৰ নিমখ যেন টোপালবোৰ,
মনৰ ৰঙা ৰঙা ক্ষোভবোৰ আৰু মগজুৰ সেই শিকলিবোৰ...

আমি ইবিলাকেৰেই অস্ত্ৰ সাজোঁ৷
যোদ্ধা আমি আজি।
একা-বেঁকা পথত তোমাক যদি লগ পাওঁ,
যদি ক্ষোভিত তুমি সমূহ অত্যাচাৰৰ বিৰুদ্ধে, নতুবা
যদি আৱেগিক তুমি সকলো নিৰ্যাতনৰ বিৰুদ্ধে!

স্বাগতম তোমাক, তুমি আমাৰ সহযোদ্ধা।

প্ৰশ্ন কৰা তুমি, কিমান মিটাৰ কাপোৰে তোমাক ৰক্ষা কৰিব ধৰ্ষণৰপৰা।
কিমানখিনি পোহৰত সুৰক্ষিত তুমি নিৰ্যাতনৰপৰা।

প্ৰশ্ন কৰা তুমি, ঘৰখনতেই যদি তুমি সুৰক্ষিত নহয় তেন্তে ক'ত আছে সেই ঠাই?
স্বপ্ন স্বপ্ন লগা সেই ঠাইখন এইখনেই, এইখন পৃথিৱী!
আমাৰ বুকু, আমাৰ যোনি, আমাৰ শৰীৰ - কেৱল আমাৰ!
পুৰুষতান্ত্ৰিক পৃথিৱীৰ কলেৱৰ ভাঙি আমি বিচাৰি উলিয়াম
কালৰাত্ৰিৰ বুকুত লুকাই থকা প্ৰভাতক।

আমি অবলা নহওঁ, আমি পণ্য নহওঁ,
কোনো কামাতুৰৰ আমি তৃপ্তি নহওঁ৷

আমি যোদ্ধা। এগৰাকী আনগৰাকীৰ সহযোদ্ধা।

Share Button
Print Friendly, PDF & Email

No Comments : "সহযোদ্ধা - (শুভ লক্ষ্মী)"

Leave a Comment

Your email address will not be published. Required fields are marked *