সমাজতন্ত্ৰৰ শেহতীয়া ৰূপ আৰু পথ (টুনুজ্যোতি গগৈ)

ছোভিয়েট ৰাছিয়াৰ পতনৰ পাছত পুঁজিবাদী প্ৰবক্তাসকলে উৎসাহেৰে প্ৰচাৰ চলাইছিল যে আজিৰ তাৰিখত সমাজতন্ত্ৰৰ কোনো ব্যৱহাৰিক প্ৰাসংগিকতা নাই৷ তেওঁলোকৰ মতে, সমাজতন্ত্ৰ কেতিয়াও পূৰণ কৰিব নোৱৰা এক কাল্পনিক ধাৰণা আৰু বাঁওপন্থীসকল ৰোমান্টিক বাস্তৱবাদী৷ কথা হ'ল, সমাজতন্ত্ৰ বা মাৰ্ক্সীয় দৰ্শনৰ যদি কোনো ব্যৱহাৰিক প্ৰাসংগিকতাই নাই, বাঁওপন্থীসকল যদি ৰোমান্টিক বাস্তৱবাদীয়েই হয়; তেন্তে পুঁজিবাদী মদতপুষ্ট শাসকপক্ষই মাৰ্ক্সবাদ আৰু সমাজতন্ত্ৰৰ বিপক্ষে ইমান জোৰদাৰ প্ৰচাৰ চলাবলগা হৈছে কিয়? তেওঁলোক বাঁওপন্থীৰ কাম-কাজক লৈ ইমান শংকিত কিয়? এই সময়ছোৱাত শাসক পক্ষ আৰু সোঁপন্থীসকলে বাঁওপন্থীসকলক ধাৰাবাহিক আক্ৰমণৰ লক্ষ্য কৰি লৈছে কিয়? এই প্ৰশ্নবোৰৰ সহজ উত্তৰ এয়াই যে মাৰ্ক্সবাদে পুঁজিবাদৰ সকলো কুটিল অভিসন্ধি আৰু শোষণ পদ্ধতি বিজ্ঞানসন্মতভাৱে বিশ্লেষণ কৰি¸ সমাজক পুঁজিবাদৰপৰা সমাজতন্ত্ৰলৈ ৰূপান্তৰৰ প্ৰামাণ্য তত্ত্বৰ যোগান ধৰে৷ সেয়ে পুঁজিবাদী শাসক-শোষক শ্ৰেণীটোৱে মাৰ্ক্সবাদক খণ্ডন কৰিবলৈ বিভিন্ন কূটকৌশল ৰচনা কৰি অহাৰ লগতে প্ৰতিবিপ্লৱী শক্তি গঢ়ি তুলিছে৷ কেভেনাৰ্ভৰপৰা থিয়েৰ্ছলৈ, বিছমাৰ্কৰপৰা কোলচাকলৈ আৰু হিটলাৰপৰা ডালেচলৈ প্ৰতিবিপ্লৱীসকলে বাৰম্বাৰ মাৰ্ক্সবাদৰ মৃত্যু হোৱা বুলি ঘোষণা কৰিছে৷ পেৰি কমিউনৰ ব্যৰ্থতাৰ পাছত, অৰ্থনৈতিক উদাৰীকৰণৰ পাছত, ইউৰোপীয় সমাজবাদী দেশবোৰৰ ভাঙোনৰ পাছত অথবা চীনৰ সমাজবাদী আন্দোলনৰ স্থবিৰতাৰ পাছত মাৰ্ক্সবাদৰ মৃত্যু হোৱা বুলি বা সমাজতন্ত্ৰৰ ভৱিষ্যত অন্ধকাৰাচ্ছন্ন বুলি প্ৰতিবিপ্লৱী শক্তিয়ে বাৰে বাৰে উপলুঙা কৰিছে৷ কিন্তু, এনে উপলুঙা-আক্ৰমণক নেওচি প্ৰতিটো বিপৰ্যয়ৰ মাজৰপৰা মাৰ্ক্সবাদে নিত্য নতুন জ্ঞান আৰু শক্তি আহৰণেৰে নিজকে সমৃদ্ধিশালী কৰাই নহয়, সমাজতন্ত্ৰ প্ৰতিষ্ঠাৰ প্ৰায়োগিক ক্ষেত্ৰতো নতুন সিদ্ধান্তৰ সূচনা কৰি আগুৱাই গৈছে৷

ইতিহাসে সোঁৱৰায় যে ঊনবিংশ শতিকাৰ অন্তিম দশক আছিল সমাজতন্ত্ৰৰ বাবে শ্ৰমিক শ্ৰেণীৰ অভ্যুত্থানৰ গৰিমাময় দশক আৰু বিংশ শতিকাৰ শেষৰ দশকটো আছিল শ্ৰমিক আন্দোলন আৰু সমাজতন্ত্ৰৰ বিপৰ্যয়ৰ দশক৷ বিংশ শতিকাৰ শেষৰ ফালে নব্য উদাৰনৈতিক মতাদৰ্শ আৰু বিশ্বায়নৰ প্ৰসাৰে বিশ্বৰ সাধাৰণ শ্ৰেণীৰ সন্মুখত এখন নতুন ৰংচঙীয়া পৃথিৱীৰ আৰ্হি দাঙি ধৰিছিল আৰু বহুতেই সেই আৰ্হি সঠিক, বিকল্পহীন আৰু স্থায়ী বুলি ভাবিছিল৷ কিন্তু, কিছু বছৰ অতিবাহিত হোৱাৰ পাছতেই দেখা গ'ল যে মাৰ্কিন যুক্তৰাষ্ট্ৰ নিয়ন্ত্ৰণাধীন চলমান পুঁজিবাদী ব্যৱস্থা গভীৰ সংকটত পতিত হ'ল৷ সেইদৰে, পুঁজিবাদী ব্যৱস্থাৰ ওপৰত আধিপত্যৰ বাবে বিশ্বৰ বিভিন্ন বৃহৎ শক্তিয়ে প্ৰতিযোগিতা চলোৱাৰ ফলত বিশ্ব অৰ্থনীতি গভীৰ সংকটৰ সন্মুখীন হৈছে৷ ইয়াৰ পৰিপ্ৰেক্ষিততে পুঁজিবাদী প্ৰবক্তাসকলে অচল টকা বুলি অভিহিত কৰা মাৰ্ক্সবাদ এক শক্তিশালী দৰ্শন হিচাপে আৰু সমাজতন্ত্ৰ এক সঠিক তথা বিকল্পহীন শক্তি হিচাপে পুনৰ মূৰ দাঙি উঠিছে৷ বৰ্তমান বিশ্বৰ বহু দেশেই পুঁজিবাদৰ চূড়ান্ত আগ্ৰাসী আৰু ভয়ংকৰ ৰূপটোক পৰাজিত কৰি সমাজতন্ত্ৰক পুনৰ্জীৱিত কৰি তুলিবলৈ চেষ্টা চলাইছে৷ এই পিনৰপৰা চাবলৈ গ'লে এই সময়ছোৱা সমাজতন্ত্ৰ প্ৰতিষ্ঠাৰ বাবে শ্ৰমিক শ্ৰেণীৰ সংগ্ৰাম ব্যাপক আৰু শক্তিশালী কৰি তোলাৰ উপযুক্ত সময়৷

কোনো সংগ্ৰামৰ পথেই মসৃণ আৰু চমু নহয়৷ সমাজতন্ত্ৰ প্ৰতিষ্ঠাৰ বাবে চলোৱা সংগ্ৰামৰ পথ অধিক কণ্টকাকীৰ্ণ আৰু প্ৰত্যাহ্বানপূৰ্ণ হোৱাটো নিশ্চিত৷ তাতে প্ৰতিপক্ষ ধনে-জনে, বলে-ছলে শক্তিশালী হ'লে শ্ৰমিক শ্ৰেণীৰ সংগ্ৰাম ব্যাপক আৰু শক্তিশালী হোৱাৰ পাছতো ব্যৰ্থ হ'ব পাৰে৷ অতীতৰ প্ৰতিটো ভুলেই একোটা প্ৰয়োজনীয় শিকনি বাবে সমাজতন্ত্ৰ প্ৰতিষ্ঠাৰ সংগ্ৰাম সফল কৰি তুলিবলৈ যাওঁতে ছোভিয়েট ৰাছিয়াৰ পতনৰ আঁৰৰ কাৰণ বা চীন প্ৰজাতন্ত্ৰৰ সমাজবাদী চৰিত্ৰ সলনি হোৱাৰ মূল কাৰণ বা ত্ৰিশ বছৰ ধৰি ক্ষমতাসীন হৈ থকাৰ পাছতো কঁকাল ভাঙি পৰা ওচৰ চুবুৰীয়া পশ্চিমবংগৰ বাঁওশক্তিৰ বিপৰ্যয়ৰ কাৰণসমূহো পুংখানুপুংখভাবে ফঁহিয়াই চোৱা উচিত৷ নক'লেও হয় যে বিশ্বৰ সকলো মাৰ্ক্সবাদী বা বাঁওপন্থীসকলে গৌৰৱোজ্জ্বল অক্টোবৰ বিপ্লৱৰ পাছত সমাজতন্ত্ৰৰ আৰ্হি হিচাপে প্ৰথমে ছোভিয়েট ৰাছিয়া আৰু পাছত চীনৰ ফালে চাই আছিল৷ বহুতেই হয় পুঁজিবাদ নিয়ন্ত্ৰিত, নহয় সামন্তবাদী লক্ষণযুক্ত নিজৰ দেশৰ ভৱিষ্যত ৰাছিয়া বা চীনৰ আৰ্হিত গঢ়াৰ সপোন দেখিছিল৷ কিন্তু বহুতেই মন নকৰিলে যে ছোভিয়েট ইউনিয়নত এক নতুন পুঁজিবাদী শক্তিয়ে ক্ষমতা কুক্ষিগত কৰিছে আৰু সমাজতান্ত্ৰিক আদৰ্শক সাম্ৰাজ্যবাদী আদৰ্শলৈ ৰূপান্তৰিত কৰিছে৷ মাও জে দঙৰ মৃত্যুৰ পাছত ‘মেকুৰীৰ ৰংটো প্ৰধান কথা নহয়, সি নিগনি ধৰিব পাৰিছে নে নাই, সেইটোহে প্ৰধান কথা' বুলি ভবা চীনৰ সমাজতান্ত্ৰিক শিবিৰৰ সমাজতন্ত্ৰ সম্পৰ্কীয় অস্পষ্ট নীতিকো বহুতেই সমৰ্থন জনালে৷ কিন্তু, চীনত নব্য উত্থিত বুৰ্জোৱা শক্তিয়ে বিশ্বজুৰি পূৰ্ণ পুঁজিবাদ প্ৰতিষ্ঠাৰ বাবে চলোৱা প্ৰয়াসক তেওঁলোকে মন নকৰিলে৷

ছোভিয়েট ৰাছিয়া আৰু চীন প্ৰজাতন্ত্ৰৰ কৃষক-শ্ৰমিকবিৰোধী চৰিত্ৰ আৰু অগণতান্ত্ৰিক দমন নীতি প্ৰত্যক্ষ কৰি বহুতেই সৰ্বহাৰাৰ একনায়কত্ববাদ ধাৰণাটো বিসৰ্জন দিব বিচাৰে৷ কিন্তু, সৰ্বহাৰাৰ একনায়কত্ববাদ ধাৰণাটো কেতিয়াও বৰ্জনীয় ধাৰণা নহয়৷ এখন সমাজতান্ত্ৰিক দেশক কোনবোৰ কৰ্মসূচীয়ে পুঁজিবাদী দেশলৈ ৰূপান্তৰিত কৰে সেইবোৰ চিনাক্ত কৰি সঠিক কৰ্মসূচীৰ খচৰা প্ৰস্তুত কৰিলে কৃষক-শ্ৰমিকেৰে গঠিত বিশাল জনসাধাৰণ সমাজতন্ত্ৰৰ প্ৰতি আকৰ্ষিত হ'ব আৰু সুদীৰ্ঘ সংগ্ৰামৰ মূৰকত মাৰ্ক্স-এংগেলছৰ সৰ্বহাৰাৰ একনায়কত্ববাদৰ ধাৰণাটোও প্ৰতিষ্ঠা হ'ব৷ অন্য অৰ্থত ক'বলৈ গ'লে, শ্ৰমিক শ্ৰেণীয়ে সমাজতন্ত্ৰ প্ৰতিষ্ঠাৰ সংগ্ৰাম চলাই নিয়াৰ পূৰ্বে সমাজতন্ত্ৰৰ তাত্ত্বিক দিশসমূহ পৰ্যালোচনা কৰাটোও প্ৰয়োজন হৈ পৰে৷

ভাৰতবৰ্ষত সমাজতন্ত্ৰ প্ৰতিষ্ঠাৰ সংগ্ৰামখন কেনেদৰে সফল কৰি তুলিব পৰা যাব, সেই বিষয়ে আলোচনা কৰাৰ পূৰ্বে এইটো স্পষ্ট হৈ ল'ব লাগিব যে ভাৰতত ব্ৰিটিছ সাম্ৰাজ্যবাদে ক্ষুদ্ৰ ক্ষুদ্ৰ সামন্তবাদী ৰাজ্যবোৰৰ পতন ঘটাই পুঁজিবাদৰ পথ প্ৰশস্ত কৰিছিল৷ ভাৰতবাসীয়ে কংগ্ৰেছ দলৰ নেতৃত্বত ব্ৰিটিছ সাম্ৰাজ্যবাদৰ শোষণ-শাসনৰপৰা মুক্তি বিচাৰিছিল ঠিকেই, কিন্তু মুক্তিৰ পাছত কোন পথেৰে দেশক আগুৱাই নিব, সেই লৈ বিশেষ চিন্তা-চৰ্চা কৰা নাছিল৷ কংগ্ৰেছ নেতৃত্বই নিঃসন্দেহে স্বাধীন দেশখনক ব্ৰিটিছ প্ৰৱৰ্তিত শাসন পদ্ধতিৰেই পৰিচালনা কৰাৰ বিষয়ে ভাবিছিল৷ স্বাধীনতা লাভৰ পাছত ভাৰতবৰ্ষৰ প্ৰতি আমেৰিকাকে ধৰি কোনো পুঁজিবাদী, সাম্ৰাজ্যবাদী দেশে সহায়ৰ হাত আগ বঢ়োৱা নাছিল৷ সহায়ৰ হাত আগ বঢ়াইছিল কেৱল সমাজতান্ত্ৰিক দেশ ছোভিয়েট ৰাছিয়াই৷ স্বাধীন ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে ছোভিয়েট ৰাছিয়া ভ্ৰমণ কৰিবলৈ গৈ কম সময়তে উন্নয়ন আৰু সমৃদ্ধিৰ দিশে দোপত দোপে আগুৱাই যোৱা দেশখন দেখি মুগ্ধ হৈছিল৷ নেহৰুৱে ভাৰতকো ছোভিয়েট ৰাছিয়াৰ দৰেই আগুৱাই নিয়াৰ চিন্তা কৰিছিল৷ তেওঁ ভাৰতত প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ জৰিয়তে ৰাছিয়াৰ সাহায্য লৈ চৰকাৰী পৃষ্ঠপোষকতাত বৃহৎ উদ্যোগ কিছুমান গঢ়ি তুলিবলৈ পদক্ষেপ লৈছিল৷ কিন্তু, নেহৰু আছিল ভাৰতবৰ্ষৰ জমিদাৰ আৰু নব্য উত্থিত পুঁজিপতি শ্ৰেণীয়ে অহৰহ লেকাম টানি থকা কংগ্ৰেছ দলৰ প্ৰতিনিধি৷ এই বুৰ্জোৱা শ্ৰেণীটোৱে ভাৰতত সমাজতন্ত্ৰ প্ৰতিষ্ঠা হোৱাটো কোনো কাৰণতে বিচৰা নাছিল৷ কাৰণ, সমাজতন্ত্ৰ হ'ল পুঁজিপতি আৰু জমিদাৰসকলৰ শ্ৰেণীস্বাৰ্থৰ সম্পূৰ্ণ বিপৰীত শাসন ব্যৱস্থা৷ এই বুৰ্জোৱা শ্ৰেণীটোৰ হেঁচাত পৰিয়েই ছোভিয়েট ৰাছিয়াৰ সমাজতান্ত্ৰিক শাসন ব্যৱস্থাত মুগ্ধ হোৱা নেহৰুৱে নিজৰ দেশতে গণতান্ত্ৰিক নিৰ্বাচনী প্ৰক্ৰিয়াৰে গঢ়ি উঠা কেৰালাৰ কমিডিনিষ্ট চৰকাৰক ১৯৫৭ চনত বৰ্খাস্ত কৰিছিল৷ দুই কুল ৰক্ষা কৰি নেহৰুৱে সমাজতান্ত্ৰিকো নহয়, পুঁজিবাদীও নহয়; মিশ্ৰ অৰ্থনীতিৰে দেশক আগুৱাই নিয়াৰ কথা ঘোষণা কৰিছিল৷ নেহৰুৱে ‘সমাজতান্ত্ৰিক ঠাঁচ'ত ‘মিশ্ৰ অৰ্থনীতি'ৰ পথেৰে আগুৱাই নিব খোজা দেশখনত পুঁজিবাদেহে প্ৰাধান্য লাভ কৰিলে অৰ্থাৎ ধনিক শ্ৰেণীহে পূৰ্বতকৈ বেছি লাভান্বিত হ'ল, শ্ৰমিক-কৃষক শ্ৰেণীৰ অৱস্থাৰ কোনো পৰিৱৰ্তন নহ'ল৷ বিংশ শতিকাৰ শেষৰ ফালে ভাৰতবৰ্ষই নব্য উদাৰতাবাদী নীতি গ্ৰহণ কৰাৰ ফলত ১৯৯৩-৯৪ চনৰপৰা বৰ্তমানলৈকে দেশত প্ৰায় ১,৮৫,০০জন কৃষকে আত্মহত্যা কৰিব লগা হৈছে৷ নব্য উদাৰতাবাদী অৰ্থনীতিত ক্ষুদ্ৰ উৎপাদনকাৰীসকলো নিঃকৰুণভাৱে নিষ্পেষিত হৈ আহিছে৷

সি যি নহওক, ১৯২০ চনতেই ভাৰতৰ কমিউনিষ্ট পাৰ্টি প্ৰতিষ্ঠা হ'লেও বা অক্টোবৰ বিপ্লৱৰ সফলতাই সমগ্ৰ বিশ্বৰ লগতে ভাৰতৰ একাংশ মানুহক এক নতুন পথৰ সন্ধান দিলেও সামন্তবাদী সমাজৰ অৱশেষ ৰৈ যোৱা ভাৰতবৰ্ষৰ শ্ৰমিক-কৃষকসকলক সংগঠিত কৰি সমাজতান্ত্ৰিক সংগ্ৰামক ব্যাপক ৰূপ দিয়াটো কমিউনিষ্টসকলৰ বাবে সহজ কথা নাছিল৷ নিৰক্ষৰ বা অৰ্ধশিক্ষিত কৃষক-শ্ৰমিকসকলে ভাবিছিল যে দেশৰ শাসন ক্ষমতা স্বদেশী লোকসকলে লাভ কৰিলেই তেওঁলোকৰ সকলো অভাৱ-অভিযোগ দূৰ হ'ব৷ কেৱল তেওঁলোকেই নহয়, নব্য উত্থিত মধ্যবিত্ত শ্ৰেণীয়েও ভাবিছিল যে দেশৰ সমৃদ্ধিৰ স্বাৰ্থত শাসন ব্যৱস্থাৰ ব্যাপক পৰিৱৰ্তন নহয়, শাসক পক্ষৰ পৰিৱৰ্তনহে প্ৰয়োজন৷ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পাছত চালুকীয়া বুৰ্জোৱা শ্ৰেণীয়ে মূলতঃ কৃষকসকলৰ সমৰ্থন লৈ আৰু তেওঁলোকৰ প্ৰতিও সহায়-সহযোগিতা আগ বঢ়াই নিজৰ ভেটি নিকপকপীয়া কৰিবলৈ ‘নিয়ন্ত্ৰিত ব্যৱস্থা'টো প্ৰৱৰ্তন কৰা পৰিলক্ষিত হ'ল৷ ভাৰতৰ শ্ৰমিক শ্ৰেণীয়ে পুঁজিবাদী ব্যৱস্থাৰ বিৰোধিতা কৰি আহিলেও শোষিত কৃষক শ্ৰেণীৰ সহযোগিতা আৰু সমৰ্থনৰ বাবেই দেশখনত পুঁজিবাদী ৰাজনৈতিক ব্যৱস্থা দীৰ্ঘস্থায়ী হৈ পৰিছে৷ ‘সমাজবাদী ব্যৱস্থাত উৎপাদনৰ আহিলাসমূহৰ ওপৰত মালিকানাৰ অধিকাৰ নাথাকে বাবে কৃষিভূমিৰ ওপৰতো কৃষকসকলৰ মালিকীস্বত্ব নাথাকিব' – এনে যুক্তিৰে বুৰ্জোৱা শ্ৰেণীয়ে তেওঁলোকৰ বহতীয়া প্ৰচাৰ মাধ্যমৰ সহায়ত ব্যাপক প্ৰচাৰ চলাই অহাৰ কাৰণেই ভাৰতৰ বিশাল কৃষক শ্ৰেণীয়ে পুঁজিবাদী ব্যৱস্থাৰ প্ৰতি সমৰ্থন আগ বঢ়াই আহিছে৷ নক'লেও হয় যে কৃষকসকলে শ্ৰমজীৱী বিপ্লৱী শ্ৰেণীৰ পৰিৱৰ্তে মালিক শ্ৰেণীলৈ সমৰ্থন আগ বঢ়োৱাৰ ফলতে ‘পেৰি কমিউন'ৰ পতন হৈছিল৷ ইপিনে, ছোভিয়েট ৰাছিয়াত শ্ৰমিক শ্ৰেণীয়ে কৃষকসকলৰ পূৰ্ণ সমৰ্থন লাভ কৰিছিল বাবেই বলছেভিক বিপ্লৱৰ লগতে পৰৱৰ্তী অন্যান্য সমাজতান্ত্ৰিক বিপ্লৱবোৰো সফল হৈছিল৷

ভাৰতৰ স্বাধীনতা আন্দোলনক কংগ্ৰেছৰ সলনি কমিউনিষ্ট দলে নেতৃত্ব দিয়াৰ সুযোগ পোৱা হ'লে স্বাধীন ভাৰতবৰ্ষ নিশ্চিতভাৱেই সমাজতান্ত্ৰিক পথেৰে আগুৱাই গ'লহেঁতেন৷ তথাপি, স্বাধীন ভাৰতত বাঁওপন্থীসকলে সমাজতান্ত্ৰিক সংগ্ৰামৰ শলিতাডাল বিভিন্ন প্ৰতিকূলতা নেওচি হ'লেও জ্বলাই ৰাখিছে৷ পশ্চিমবংগত বাঁওপন্থী দলে অনেক ত্ৰুটি-বিচ্যুতি থকা সত্ত্বেও ধাৰাবাহিকভাবে ত্ৰিশ বছৰ ধৰি শাসন চলাই এক নজিৰেই সৃষ্টি কৰিছিল৷ দেশৰ চৌপাশে বৃহৎ পুঁজিপতি নিয়ন্ত্ৰিত সোঁপন্থী সাম্প্ৰদায়িক ৰাজনীতিৰ প্ৰচণ্ড বতাহ বলি থকাৰ মাজতো কেৰালাত সগৰ্বে ৰঙা পতাকা উৰি আছে আৰু কালি-পৰহিলৈকে ত্ৰিপুৰাতো উৰি আছিল৷ কেৰালা আৰু ত্ৰিপুৰাত বাঁওপন্থী দল ক্ষমতাসীন হৈ থকাৰ মূল কাৰণ হ'ল, তেওঁলোকে পুঁজিবাদৰ সহজাত প্ৰৱণতাবোৰৰ স্বাধীনতাক প্ৰতিহত কৰিবলৈ দীৰ্ঘদিন ধৰি চলোৱা সংগ্ৰামত সফলতা অৰ্জন কৰিছে৷

নব্য উদাৰতাবাদ আৰু আন্তৰ্জাতিক বিত্তপুঁজিয়ে বৰ্তমান ভাৰতবৰ্ষত শক্তিশালী ৰূপ ধাৰণ কৰিছে৷ ইমানদিনে দেশীয় বুৰ্জোৱা শ্ৰেণীয়ে কৃষিখণ্ডৰ সৈতে জড়িত বৃহৎ অংশৰ সহযোগত শাসনৰ বাঘজৰী ধৰি থাকিলেও বৰ্তমান সেই নিৰ্ভৰশীলতা নিঃশেষ হৈ পৰিছে৷ বৃহৎ পুঁজি নিয়ন্ত্ৰিত শাসক গোষ্ঠীয়ে কৃষিখণ্ডৰ ওপৰত প্ৰবলভাৱে আক্ৰমণ কৰাৰ ফলত কৃষকসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে৷ ইপিনে, আগ্ৰাসী ৰূপ ধাৰণ কৰিছে সাম্প্ৰদায়িক ৰাজনীতিয়ে৷ দেশৰ শ্ৰমিক-কৃষকক মৌলিক সমস্যাবোৰৰ প্ৰতি পিঠি দি অযথা ধৰ্মীয় বিতৰ্কত লিপ্ত হৈ থাকিবলৈ প্ৰৰোচিত কৰিছে৷ এই সময়ছোৱাতে বৃদ্ধি পাইছে সমাজতান্ত্ৰিক সংগ্ৰামৰ প্ৰাসংগিকতা৷ ক'বলৈ গ'লে, পুঁজিবাদৰ সহজাত প্ৰৱণতাবোৰৰ স্বাধীনতাক প্ৰতিহত কৰি সমাজতান্ত্ৰিক সংগ্ৰামক জোৰদাৰ কৰি তোলাৰ সুৱৰ্ণ সুযোগ বাঁওশক্তিবোৰৰ সন্মুখত উপস্থিত হৈছে৷ ইমানদিনে আওৰাই অহা তাত্ত্বিক কথাবোৰ কাৰ্যক্ষেত্ৰত ৰূপায়ণ কৰাৰ সুযোগ নল'লে ঐতিহাসিকভাৱেই এক ডাঙৰ ভুল কৰা হ'ব৷

ভাৰতবৰ্ষত সমাজতান্ত্ৰিক সংগ্ৰামখন সফলভাৱে আগুৱাই নিবলৈ হ'লে দেশৰ সকলো শোষিত-তোষিত-নিপীড়িত লোকক সংগ্ৰামখনৰ প্ৰতি আকৰ্ষিত কৰি তুলিবই লাগিব৷ ইমানদিনে দেশীয় বুৰ্জোৱাৰ ছত্ৰছায়াত থকা কৃষিখণ্ডৰ সৈতে জড়িতসকলৰ ব্যাপক সমৰ্থনে এই সংগ্ৰামক এক নতুন মাত্ৰা দিব৷ ইয়াৰ লগে লগে শক্তিশালী কৰি তুলিব লাগিব বিকল্প গণ মাধ্যমক৷ উল্লেখ নিষ্প্ৰয়োজন, বুৰ্জোৱা শ্ৰেণী আৰু পুঁজিপতি নিয়ন্ত্ৰিত মূলসুঁতিৰ গণমাধ্যমে সমাজতান্ত্ৰিক সংগ্ৰামক বা বাঁওশক্তিক দুৰ্বল কৰিবলৈ অহৰহ অপচেষ্টা চলাই থাকে৷ তেওঁলোকে নন্দীগ্ৰাম আৰু চিংগুৰৰ শিল্পায়ন প্ৰসংগত পশ্চিমবংগৰ বাঁওপন্থী দলে কৰা ভুলৰ সুযোগ লৈ ৰাজ্যখনত বাঁওপন্থী চৰকাৰৰে পতন মাতি অনা নাই, সামগ্ৰিকভাৱে ভাৰতৰ বাঁওপন্থী আন্দোলনৰে বিস্তৰ ক্ষতি কৰিলে৷ তেওঁলোকেই পুঁজিবাদী সমাজৰ ৰংচঙীয়া ছবি এখন দাঙি ধৰি নগৰীয়া মধ্যবিত্ত শ্ৰেণীৰ বাঁওশক্তিৰ প্ৰতি থকা সমৰ্থনো দ্ৰুত গতিত কমাই আনিলে৷

বিকল্প গণমাধ্যমৰ সহায়ত দেশৰ জনগণক, বিশেষকৈ মধ্যবিত্ত পৰিয়ালৰ যুৱ প্ৰজন্মক বুজাই দিয়া ভাল হ'ব যে অৰ্থনৈতিক উদাৰীকৰণৰ ফলতে লেটিন আমেৰিকাৰ থলুৱা অৰ্থনীতি গভীৰ সংকটত পতিত হৈছিল আৰু সেই সংকটে কৃষক-শ্ৰমিকৰ লগতে নগৰীয়া মধ্যবিত্ত শ্ৰেণীটোকো জোলোকা-জোলোকে পানী খুৱাইছিল৷ উপায়ান্তৰ নাপাই লেটিন আমেৰিকাবাসীয়ে পুঁজিবাদৰ সহজাত প্ৰৱণতাবোৰক প্ৰতিহত কৰিবৰ বাবে শক্তিশালী সংগ্ৰাম গঢ়ি তুলিছিল আৰু সেই সংগ্ৰামৰ ফলতে দেশখনত সাম্ৰাজ্যবাদবিৰোধী বাঁওপন্থী দলবোৰ ক্ষমতাসীন হৈ পৰে৷ ভাৰততো অৰ্থনৈতিক উদাৰীকৰণক প্ৰতিহত কৰাত আৰু মূল বিত্তীয় প্ৰতিষ্ঠানসমূহক ৰাজহুৱা খণ্ডত বাহাল ৰখাত দেশৰ বাঁও-গণতান্ত্ৰিক সংগ্ৰামবোৰ বহু পৰিমাণে সফল হৈছিল৷ ইয়াৰ ফলস্বৰূপে ২০০৮ চনত চীনক বাদ দি বিশ্বজুৰি আৰম্ভ হোৱা বিত্তীয় সংকটে ভাৰতক ক্ষতিগ্ৰস্ত কৰিব নোৱৰিলে৷ ভাৰতৰ বাঁও-গণতান্ত্ৰিক শক্তিৰ সময়োচিত পদক্ষেপৰ বাবেই তদানীন্তন কংগ্ৰেছ চৰকাৰে বা ইদানীন্তন বিজেপি চৰকাৰে নগৰীয়া মধ্যবিত্ত শ্ৰেণীৰ সমৰ্থন লাভ কৰি থাকিল বা আছে৷ আমোদজনকভাৱে, সেই সময়ত পুঁজিপতি নিয়ন্ত্ৰিত গণমাধ্যমে ব্যাপক হাৰত প্ৰচাৰ চলালে যে ডঃ মনমোহন সিঙৰ দৰে এগৰাকী প্ৰখ্যাত আৰু সুদক্ষ অৰ্থনীতিবিদৰ নেতৃত্বৰ বাবেই ভাৰতক বিত্তীয় সংকটে স্পৰ্শ কৰিব নোৱাৰিলে৷ বৰ্তমান মূলসুঁতিৰ গণমাধ্যমে ব্যাপক হাৰত প্ৰচাৰ চলায় যে নৰেন্দ্ৰ মোদীৰ দৰে দক্ষ প্ৰধানমন্ত্ৰী এজনে দেশ তথা জনগণৰ মংগলৰ কথা ভাবিয়েই বিমুদ্ৰাকৰণ, জিএছটিৰ দৰে অৰ্থনৈতিক নীতি গ্ৰহণ কৰিছে৷ মোদীৰ দৰে এগৰাকী নেতা নেতৃত্বত থাকিলে জনসাধাৰণ নিৰাপত্তাহীনতাত ভুগিব নালাগে৷ এনেধৰণৰ প্ৰপাগেণ্ডাক প্ৰতিহত কৰি বিকল্প গণমাধ্যমৰ জৰিয়তে জনগণক বুজাই দিব লাগিব যে অৰ্থনীতিৰ বৃদ্ধি-বিকাশৰ সুফল সাধাৰণ শ্ৰমিক-কৃষক, ক্ষুদ্ৰ উৎপাদনকাৰী আদিয়ে লাভ নকৰে, ভিন্ন শ্ৰেণীৰ পুঁজিপতি, ধনী খেতিয়ক, উচ্চ মধ্যবিত্ত শ্ৰেণীয়েহে লাভ কৰে৷

যিকোনো এখন গণসংগ্ৰাম সফল কৰাৰ ক্ষেত্ৰত মধ্যবিত্ত শ্ৰেণীৰ গুৰুত্বপূৰ্ণ ভূমিকা থাকে৷ মধ্যবিত্ত শ্ৰেণীৰ মাজৰপৰাই সাহিত্যিক, সাংবাদিক, সমাজসেৱী, ৰাজনীতিক, বিজ্ঞানী আদি সমাজৰ অগ্ৰণী ব্যক্তিসকলৰ সৃষ্টি হৈ আহিছে৷ এই ব্যক্তিসকলে জনমত গঠনৰ ক্ষেত্ৰত এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিব পাৰে বাবে তেওঁলোকক পুঁজিবাদী শাসক-শোষক পক্ষই বিভিন্ন বঁটা-বাহন, বিত্তীয় প্ৰলোভন, পদবী আদি দি সন্তুষ্ট কৰি ৰাখিব বিচাৰে৷ পুঁজিবাদী পক্ষৰ ওচৰত সহজে বিক্ৰী যোৱা আদৰ্শচ্যুত সুবিধাবাদী মধ্যবিত্ত শ্ৰেণীয়েই একোখন গণসংগ্ৰামক বিফল কৰি তোলাৰ বহু উদাহৰণেই ইতিহাসত পোৱা যায়৷ সেয়ে ৰগৰ কৰি কোৱা হয় – একোখন গুৰুত্বপূৰ্ণ সংগ্ৰামৰ সমদলত মধ্যবিত্ত পৰিয়ালৰ নেতাসকলক সদায় মাজত ৰাখিব লাগে; তেওঁলোকক সমদলৰ আগত যাবলৈ দিলে সামান্য প্ৰতিৰোধ পালেই আত্মসমৰ্পণ কৰিব আৰু পিছত যাবলৈ দিলে দৌৰি পলাব৷ এয়া আশাব্যঞ্জক কথা যে সংখ্যাত তাকৰ হ'লেও সকলো সময়তে মধ্যবিত্ত শ্ৰেণীৰ মাজৰপৰাই সঁচা পৰিৱৰ্তনকামী আৰু যিকোনো কঠিন পৰিস্থিতিতে নিজৰ নীতি-আদৰ্শত অচল-অটল হৈ থকা এচাম ব্যক্তি ওলাই আহে আৰু তেওঁলোকেই সমাজতান্ত্ৰিক সংগ্ৰামখন আগুৱাই নিব বিচাৰে৷

আজিৰপৰা ত্ৰিশ-পঁইত্ৰিশ বছৰৰ পূৰ্বে নগৰীয়া মধ্যবিত্ত পৰিয়ালৰ বহু যুৱকেই সমাজবাদী আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈছিল আৰু তেওঁলোকে উদ্ভাৱনীমূলক চিন্তা-চৰ্চা আৰু উৎসৰ্গিত মনোভবেৰে বাঁওপন্থী সংগ্ৰামক শক্তিশালী কৰি তুলিছিল৷ কিন্তু, চলিত শতিকাৰ প্ৰাৰম্ভৰপৰা বুৰ্জোৱা শ্ৰেণীয়ে মধ্যবিত্ত পৰিয়ালৰ যুৱক-যুৱতীসকলক পুঁজিবাদৰ প্ৰতি আকৰ্ষিত কৰি তোলাত সমগ্ৰ ভাৰততে বাঁওশক্তি দুৰ্বল হৈ পৰিছিল৷ কথাষাৰ এনেদৰেও ক'ব পাৰি – পুঁজিবাদৰ স্বাভাৱিক প্ৰৱণতাসমূহক প্ৰতিৰোধ কৰিবলৈ বিচৰা মূল শক্তিটোক নিশকতীয়া কৰি তোলাত পুঁজিবাদী প্ৰবক্তাসকল আদৰ্শগতভাৱে আৰু তত্ত্বগতভাৱে বহু পৰিমাণে সফল হৈছিল৷ কিন্তু, ২০১৪ চনত সাম্প্ৰদায়িক বিজেপি চৰকাৰে দেশৰ ক্ষমতা দখল কৰাৰ লগে লগে এপিনে সাম্প্ৰদায়িকতাবাদ, ফেছিবাদ আদি অশুভ শক্তিবোৰ মূৰ দাঙি উঠিল আৰু আনপিনে প্ৰগতিবাদী, যুক্তিবাদী, মুক্তচিন্তক, গণতন্ত্ৰপ্ৰেমী আদি ব্যক্তিসকলো সমানেই সক্ৰিয় হৈ পৰিল৷ এনে কাৰণতে এই সময়ছোৱাই যে পুঁজিবাদবিৰোধী সমাজতান্ত্ৰিক সংগ্ৰামখন আগুৱাই নিয়াৰ সবাতোকৈ উপযুক্ত সময়, সেই কথা আমি বাৰে বাৰে কৈ আহিছো৷ এতিয়াও এচাম লোক ‘ডিজিটেল ইণ্ডিয়া'ৰ স্বপ্নত বিভোৰ হৈ থাকিলেও তিনি বছৰ পূৰ্বে ‘আচ্ছে দিন'ৰ সপোন দেখা বেছিভাগেই স্বপ্নভংগৰ যন্ত্ৰণা সাবটিব লগা হ'ল৷ এই স্বপ্নহাৰা-বিভ্ৰান্ত জনগণক সঠিক পথ দেখুৱাব লাগিব বাঁওশক্তিবোৰেই৷

সমাজতন্ত্ৰ প্ৰতিষ্ঠাৰ বাবে গণ সংগ্ৰাম গঢ়ি তোলা আৰু এখন সমাজতান্ত্ৰিক ৰাষ্ট্ৰ বা বাঁওশক্তিৰে গঠিত এখন ৰাজ্য চৰকাৰ সুচাৰুভাৱে পৰিচালনা কৰা – একেই কথা নহয়৷ ভাৰতৰ দৰে অতিকেন্দ্ৰিক বুৰ্জোৱা ৰাষ্ট্ৰ ব্যৱস্থাত প্ৰাদেশিক বাঁওপন্থী চৰকাৰকেইখনে বিভিন্ন সমস্যাৰ সন্মুখীন হৈ অহা দেখি আহিছো৷ সবাতোকৈ গুৰুত্বপূৰ্ণ সমস্যাটো হ'ল, ৰাজ্য চৰকাৰক নব্য উদাৰতাবাদী নীতি গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে প্ৰয়োগ কৰা প্ৰবল হেঁচা৷ বহু সময়ত দেখা যায় যে কোনো ৰাজ্য চৰকাৰে নব্য উদাৰতাবাদী নীতি গ্ৰহণ কৰিব নিবিচাৰিলে কেন্দ্ৰীয় চৰকাৰে বিত্তীয় অনুদান, ঋণ আদি বন্ধ কৰি দিয়াৰ ভাবুকি দিয়ে৷ ইপিনে, কেন্দ্ৰীয় চৰকাৰৰ শ্ৰুতলিপিমতে বিশ্বায়নমুখী হৈ পৰা ৰাজ্য চৰকাৰসমূহৰ অৰ্থনৈতিক বিকাশ-উন্নয়নৰ ছবি এখন হোৱাই-নোহোৱাই প্ৰচাৰ চলাই থাকিবলৈ পুঁজিপতি নিয়ন্ত্ৰিত মূলসুঁতিৰ প্ৰচাৰ মাধ্যম আছেই৷ এই সমস্যাসমূহ মোকাবিলা কৰিবলৈ যাওঁতে অথবা ৰাজ্যৰ অৰ্থনৈতিক বিকাশৰ বাবে সংশ্লিষ্ট চৰকাৰসমূহে কোনো কৰ্মসূচী-পৰিকল্পনা গ্ৰহণ কৰোতে তেওঁলোকে যাতে কোনো পৰিস্থিতিতে পুঁজিবাদৰ স্বাভাৱিক প্ৰৱণতাবোৰৰ স্বাধীনতাৰ প্ৰতি আনুগত্যক স্বীকাৰ কৰি ল'ব লগা নহয়, তাৰ প্ৰতি সদাসতৰ্ক হৈ থকা উচিত৷ পদে পদে সন্মুখীন হোৱা সমস্যাবোৰ প্ৰত্যক্ষ বা পৰোক্ষভাৱে স্বীকাৰ কৰি লোৱাৰ অৰ্থই হ'ল – প্ৰকৃত বাঁওপন্থী চৰিত্ৰ ত্যাগ কৰি পুঁজিবাদৰ সহজাত প্ৰৱণতাসমূহৰ স্বাধীনতাৰ প্ৰতি আনুগত্যক স্বীকাৰ কৰি লোৱা৷ বাঁওপন্থী ৰাজ্য চৰকাৰসমূহে বুৰ্জোৱা ৰাষ্ট্ৰ ব্যৱস্থাৰ বিৰুদ্ধে ক'ত, কেতিয়া আৰু কেনেদৰে সংগ্ৰাম কৰিব লাগিব, সেয়া পৰিৱেশ-পৰিস্থিতি চাই নিৰ্ণয় কৰিব লাগিব৷ বিভিন্ন বাধ্যবাধকতা আৰু সীমাবদ্ধতাৰ বাবে চৰকাৰে কিছুমান অভিলাষী কাৰ্যসূচী ৰূপায়ণ কৰিব নোৱাৰিব পাৰে, কিন্তু প্ৰচেষ্টা অব্যাহত ৰাখিব লাগিব আৰু সকলো সময়তে সৰ্বসাধাৰণৰ প্ৰতি সহমৰ্মিতা প্ৰদৰ্শন কৰিব লাগিব৷ অৱশ্যে, বাঁওশক্তিৰ ৰাজ্য চৰকাৰসমূহে কেন্দ্ৰই বিভিন্ন জনকল্যাণকামী আঁচনি ৰূপায়ণৰ বাবে আবন্টন কৰা পুঁজিৰ সদ্ব্যৱহাৰ কৰি বা নিজৰ ক্ষমতাৰ ভিতৰত থকা সকলো আঁচনিৰ ৰূপায়ণ ঘটাই সকলো সময়তে সৰ্বসাধাৰণৰ কাষত থকাৰ চেষ্টা নচলোৱা নহয়৷ সেই প্ৰচেষ্টাসমূহেই কৃষক আৰু শ্ৰমিকেৰে গঠিত সৰ্বসাধাৰণক শ্ৰেণীসংগ্ৰামৰ বাবে উদ্বুদ্ধ কৰি ৰাখে৷

প্ৰশ্ন হয় – সমাজতান্ত্ৰিক সংগ্ৰামখন আগুৱাই নিবলৈ যাওঁতে পুঁজিবাদৰ স্বাভাৱিক প্ৰৱণতাবোৰক প্ৰতিহত কৰিব লাগে ঠিকেই, কিন্তু আৰ্থ-সামাজিক বিকাশৰ বাবে ঔদ্যোগীকৰণ কেনে পদ্ধতিৰে হ'ব? এই প্ৰশ্নৰ উত্তৰ এসময়ত জ্যোতি বসু নেতৃত্বাধীন পশ্চিমবংগৰ বাঁও চৰকাৰে নিৰ্মাণ কৰা ‘বক্ৰেশ্বৰ তাপ বিদ্যুৎ প্ৰকল্প'ৰ উদাহৰণ দাঙি ধৰিয়েই দিব পাৰি৷ উক্ত প্ৰকল্প প্ৰতিষ্ঠাৰ বাবে প্ৰয়াত ইন্দিৰা গান্ধী নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে বিত্তীয় সাহায্য প্ৰদান কৰাটো দূৰৈৰ কথা, লাইচেঞ্চ পৰ্যন্ত দিবলৈ ৰাজি হোৱা নাছিল৷ তেনে পৰিস্থিতিত জ্যোতি বসুৱে ‘আমি নিজাববীয়াকৈ তাপবিদ্যুৎ প্ৰকল্প গঢ়ি তুলিম' বুলি ঘোষণা কৰিছিল৷ প্ৰয়োজনীয় পুঁজিৰ বাবে তেওঁ মুষ্টি ভিক্ষাৰ আহ্বান জনোৱাত যিয়ে যেনেকৈ পাৰে, তেনেকৈ প্ৰকল্পৰ পুঁজিলৈ দান-বৰঙণি আগ বঢ়াইছিল৷ কৰ্মচাৰীসকলে দান কৰিছিল এদিনৰ দৰমহা৷ বাঁওপন্থী আদৰ্শ তথা সমাজতান্ত্ৰিক সংগ্ৰামৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি পশ্চিমবংগৰ জনসাধাৰণে দাঙি ধৰা দৃষ্টান্ত কোনো কাৰণতে পাহৰি যাব নোৱাৰি৷

এই দৃষ্টান্তই এনে সত্যও প্ৰতিষ্ঠা কৰিলে যে বেংক আদি বিভিন্ন বিত্তীয় অনুষ্ঠানৰপৰা ধন সংগ্ৰহ বা ৰাষ্ট্ৰৰ আৰ্থিক অনুদানেই কেৱল পুঁজি নহয়, সমাজ ব্যৱস্থা পৰিৱৰ্তনৰ বাবে আন্তৰিক সদিচ্ছা আৰু জনগণৰপৰা লাভ কৰা ব্যাপক সহযোগিতাই হ'ল এখন চৰকাৰৰ বাবে সবাতোকৈ ডাঙৰ পুঁজি৷ নন্দীগ্ৰাম আৰু চিংগুৰৰ শিল্পায়নৰ প্ৰসংগত ভুল সিদ্ধান্ত গ্ৰহণ কৰা ইদানীন্তন পশ্চিমবংগৰ বাঁওশক্তিসমূহেও তেওঁলোকৰ প্ৰতি এসময়ত সৰ্বসাধাৰণে পোষণ কৰা প্ৰগাঢ় বিশ্বাস আৰু আস্থাক ঘূৰাই অনাৰ চেষ্টা চলোৱা উচিত৷ সি যি নহওক, এতিয়াও ক্ষমতাসীন বাঁওপন্থী চৰকাৰখনে বৃহৎ উদ্যোগ গঢ়ি তুলিবলৈ ৰাজহুৱা আৰু সমবায় খণ্ডৰ আশ্ৰয় ল'ব পাৰে৷ কিন্তু, তেওঁলোকে বৃহৎ উদ্যোগ প্ৰতিষ্ঠাৰ বাবে যিকোনো পথ গ্ৰহণ কৰিলে অতি সোনকালেই সংশোধনবাদী শক্তিলৈ ৰূপান্তৰিত হোৱাৰ লগতে শ্ৰমিক-কৃষকৰপৰা ক্ৰমাৎ বিচ্ছিন্ন হৈ পৰিব৷

সি যি নহওক, অসমৰ দৰে জাতীয়তাবাদী, ৰাষ্ট্ৰীয়তাবাদী, ক্ষুদ্ৰ আঞ্চলিকতাবাদী আদি বিভিন্ন ৰাজনৈতিক শিবিৰ সক্ৰিয় হৈ থকা আৰু ভিন্ন সৰু-বৰ জনগোষ্ঠীৰে ভৰা ৰাজ্য এখনত সমাজতান্ত্ৰিক সংগ্ৰাম সফল কৰি তুলিব পৰা যাবনে? জনগোষ্ঠীসমূহৰ গাইগুটীয়া আশা-আকাংক্ষাবোৰক যথোচিত সন্মান জনাই তেওঁলোকৰ মাজৰ বৃহত্তৰ শ্ৰমজীৱী অংশটোক একেখন পতাকাৰ তলত সমবেত কৰাটো সম্ভৱনে? এই প্ৰশ্নবোৰৰ উত্তৰ বিচাৰি নিৰ্মোহ আৰু বিস্তৃত আলোচনা কৰাৰ স্থল আছে৷ পৰৱৰ্তী সময়ত এই বিষয়ে আলোচনা আগ বঢ়োৱাৰ প্ৰসাস কৰিম৷

Share Button
Print Friendly, PDF & Email

No Comments : "সমাজতন্ত্ৰৰ শেহতীয়া ৰূপ আৰু পথ (টুনুজ্যোতি গগৈ)"

Leave a Comment

Your email address will not be published. Required fields are marked *