সময়ৰ অগল্প !-(মনোজ কুমাৰ মহন্ত)

সৰুৰেপৰা মোৰ ইংৰাজী বিষয়টোৰ প্ৰতি আছিল এক অহেতুক ভয়৷ পিছলৈ সেইটোৱেই মোৰ মনত গজগজীয়াকৈ বহি ল’লে৷ স্কুল-কলেজৰ পৰীক্ষাবোৰত বিষয়টোত পাছ কৰাৰ জোখতকৈ বেছি নম্বৰ গোটাইছিলোঁ বাৰু৷ কিন্তু কোৱাত একেবাৰে তথৈবছ আছিলো বুলিব পাৰি৷ পাৰি নহয় আছিলোৱেই৷ তেনে পৰিস্থিতিৰ মুখামুখি হ’লে সাংঘাতিক নাৰ্ভাছ ফিল কৰিছিলোঁ৷ গাত নিমখ পৰা শামুকটোৰ দৰে খোলাৰ মাজলৈ সন্তৰ্পণে সোমাই পৰিছিলোঁ৷ সেই ফ’বিয়া কঢ়িয়ায়ে এসময়ত ক’লেজৰ ডেওনা পাৰ হ’লোঁ৷ ডিগ্ৰিটো লৈ বেকাৰ সন্থাত জইন কৰিলোঁ৷ আৰম্ভ হ’ল ঘৰুৱা শিক্ষকৰ পৰিক্ৰমা৷ টিউচনী জীৱন! মাজে মাজে অসম চৰকাৰৰ চাকৰিৰ যোগ্যতাৰ লিখিত আৰু অযোগ্যতাৰ মৌখিক পৰীক্ষা৷ টিউচন মাষ্টৰ হিচাপে মোৰ অলপ-চলপ নাম হৈছিল৷ তাতে মাষ্টৰৰ পুতেক মই৷ টিউচনৰ ক্ষেত্ৰত মই সাৱধানে অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীক বাছি লৈছিলোঁ৷ ছাত্ৰ-ছাত্ৰীৰ অভাৱ নাছিল৷ সেই সূত্ৰে একঘেয়ামী ব্যস্ততা বাঢ়িছিল৷ লগতে মাহৰ উপাৰ্জন৷ মোটামুটি ভালকৈয়ে চলিব পৰাকৈ টকা ঘটিছিলোঁ টিউচনৰ যোগেদি৷ পেঞ্চনাৰ দেউতাক সকাহ দিব পৰাকৈ ঘৰৰ কিছু দায়িত্ব স্ব-ইচ্ছাৰে ল’ব পাৰিছিলোঁ৷ তথাপিও চৰকাৰী যোগ্য-অযোগ্যৰ পৰীক্ষা দি আছিলোঁ একেৰাহে৷ স্থায়ী চাকৰি এটাৰ আশা এৰা নাছিলোঁ৷ কিন্তু তাৰ পাছতো মোৰ ইংলিছ ফ’বিয়া আঁতৰা নাছিল৷ মনত আছে, এবাৰ এৰাব নোৱৰা বশতঃ এদিন ৰাতিপুৱা ক্লাছ ছেভেনৰ ছাত্ৰী এগৰাকীৰ ঘৰত উপস্থিত হৈছিলোঁ টিউচনৰ বাবে৷ সেইদিনা আছিল প্ৰথম দিন৷ তাত সেই দুৰ্কপলীয়া ফ’বিয়াই ক্ৰিয়া কৰি আছিল৷ উপস্থিত হৈ অভিভাৱক পিতৃৰপৰা জানিব পাৰিলো সেইদিনা ছাত্ৰীৰ ইউনিট টেষ্ট৷ পৰীক্ষাৰ কাৰণে স্কুললৈ সোনকালে যাব! গতিকে আজি চা-চিনাকিৰ পৰ্বহে হ’ব৷ সেইমতে তেনেই চুটি চিনাকি পৰ্ব সামৰি, যতনাই দিয়া পুৰী-চাহ সন্মুখত লৈ ডাইনিং টেবুলত বহিলোঁ৷ চাহ পৰ্বৰ মাজতে ছাত্ৰীগৰাকী মাকৰ স’তে আহি পৰীক্ষালৈ যাবলৈ মাত লগালে৷ মোৰ সন্মুখত চাহ লৈ বহি আছে অভিভাৱক৷ মইহে নাৰ্ভাছ৷ এফালে ছাত্ৰী, মাক আৰু তেওঁৰ অভিভাৱক পিতৃ৷ আনফালে মই আৰু মোৰ আহুকলীয়া ফ’বিয়া!! স্মাৰ্ট হৈ পৰীক্ষাৰ্থীক অভিনন্দন জনাব বিচাৰিলোঁ৷ ফটকৈ ছাত্ৰীক উদ্দেশি মুখেদি স্পষ্টকৈ ওলাই গ’ল -" থেং কিউ দেই৷"

কিধৰণৰ লজ্জাজনক কাণ্ড এটা ঘটি গ’ল ত’তেই ধৰা নহ’ল! সৰু ৰুমটোলৈ নীৰৱতা নামি আহিল! যেন আটাইবোৰ কিছু ছেকেণ্ড সময়ৰ বাবে প’জ হৈ পৰিলোঁ৷ আনকি কাপ-প্লেটৰ ঘৰ্ষণৰ শব্দও৷ মোৰ ছিক্স ছেন্সে তৎমুহূৰ্ততে সেই নীৰৱতাৰ ভেদ ভাঙি দিছিল৷ আনকি ৰুমত থকা প্ৰত্যেকে গণ্ডগোলটো ধৰিব পাৰিছিল৷ মাকে এহাতে মুখত সোপা দি, আনহাতে ছাত্ৰীক ধৰি তৰানৰাকৈ ৰুমটোৰপৰা ওলাই গ’ল৷ আৰু পিতৃগৰাকী হঠাৎ চৰচৰনি খাই একান্তমনে চাহত শোহা মৰাত ব্যস্ত হ’ল৷ আচলতে পৰীক্ষাৰ্থীক দিব লগীয়া ’বেষ্ট অব লাক’টো মোৰ ফ’বিয়া জগতৰ ক’ৰবাত ৰুদ্ধ হৈ ঘূৰি ফুৰিছিল! তাৰ পৰিবৰ্তে কৈ পেলাইছিলো ’থেংকিউ’৷ নক’লেও হয় সেই টিউচনটো কিয় লোৱা নহ’লগৈ৷ কিয় নাজানো প্ৰাত্যহিক জীৱনত মুখামুখি হোৱা আজিকালিৰ বিধ বিধ পাৰ্টিবোৰতো মই অসহজ উপলব্ধি কৰোঁ৷ বিশেষকৈ ৱিছ কৰা মুহূৰ্তত৷

যি কি নহওক, এই ঘটনাটো মনত ৰৈ গৈছিল যদিও মোৰ টিউচনী পৰিক্ৰমাত ই কোনো ঋণাত্মক প্ৰভাৱ পেলাবলৈ সক্ষম নহ’ল৷ তাৰ পাছতো পূৰ্বৰ দৰেই অসমীয়া মাধম্যৰ অনেক ছাত্ৰ-ছাত্ৰীয়ে মোৰ তত্ত্বাৱধানত লেটাৰ মাৰ্ক লৈ সুখ্যাতিৰে মেট্ৰিক উত্তীৰ্ণ হ’ল৷ ইংৰাজীতো দুই-এজনে লেটাৰ পালে৷ মইহে চাকৰিৰ জখলাডাল সুখ্যাতিৰে উত্তীৰ্ণ হ’ব নোৱাৰিলোঁ৷ কিন্তু চাকৰিৰ মৌখিক পৰীক্ষাবোৰত অৱতীৰ্ণ হোৱাৰ এক নিচা আজিলৈকে চলি আছিল৷ পেছা হৈ পৰিছিল টিউচন কৰা৷

আজি ৰাতিপুৱা অসম চৰকাৰৰ আদৰ্শ বিদ্যালয়ৰ নিযুক্তিৰ জাননীটো পঢ়ি এই নিচা-পেছা দুয়োটাই পলাই ফাট মাৰিলে৷ অসমীয়া মাধ্যমৰ আমিবোৰক চৰকাৰখনে সামগ্ৰিকভাৱে ডিছকুৱালিফাই কৰি দিলে৷ হয়তো মোৰ পেছাটোকো হত্যা কৰাৰ ষড়যন্ত্ৰ আৰম্ভ হৈ গ’ল৷ কাৰণ অদূৰ ভৱিষ্যতে সকলো চৰকাৰী চাকৰিত নিযুক্তিৰ বাবে প্ৰথম বিচাৰত প্ৰাৰ্থীজন হ’বই লাগিব পাৰে ইংৰাজী মাধ্যমৰ ছাত্ৰ অথবা ছাত্ৰী!! আৰু সেয়ে হ’লে কোনেনো অসমীয়া মাধ্যমত পঢ়া-শুনা কৰিবলৈ যাব??

মই জানো, সন্মুখত এক অন্ধকাৰ সৰ্পিল পথ পৰি ৰৈছে! তথাপি এই পথ জয় কৰিবই লাগিব৷ মই আমাৰ জীৱন যুঁজৰ দ্বিতীয় পথটোকে বাছি ল’ম৷

Share Button
Print Friendly, PDF & Email

No Comments : "সময়ৰ অগল্প !-(মনোজ কুমাৰ মহন্ত)"

Leave a Comment

Your email address will not be published. Required fields are marked *