সম্পাদকীয়ৰ পৰিবৰ্তে : নাৰী অধিকাৰ ... জুনু বৰা

নাৰীৰ অধিকাৰৰ প্ৰশ্ন আহিলেই আমাৰ সমাজত জাপ মাৰি উঠা লোকৰ সংখ্যা কম নহয়। তেওঁলোকৰ ভাষ্য হৈছে – নাৰীৰ বাবে গণ্ডাই গণ্ডাই আইন আছে, আসন সংৰক্ষণৰ ব্যৱস্থা আছে, নাৰী সবলীকৰণৰ চৰকাৰী আঁচনি আছে, তৃণমূল গণতন্ত্ৰৰ প্ৰতিষ্ঠানসমূহত আনকি মহিলাৰ বাবে ৫০% আসন সংৰক্ষণ আছে, চাকৰিজীৱী মহিলাৰ বাবে বিশেষ ছুটী মঞ্জুৰ কৰা হৈছে। মহিলাই পুৰুষৰ দৰে ৰাতি-ভাগতো কাম কৰাৰ অধিকাৰ পাইছে –  ভাৰতত মহিলা প্ৰধান মন্ত্ৰী হৈছে, ৰাষ্ট্ৰপতি হৈছে, লোকসভাৰ অধ্যক্ষা হৈছে, মুখ্যমন্ত্ৰী হৈছে, বিৰোধী পক্ষৰ দলপতি হৈছে। তেওঁলোকে প্ৰশ্ন কৰে – মহিলা কি হোৱা নাই আৰু মহিলাৰ বাবে কি সুবিধা প্ৰদান কৰা হোৱা নাই? তাৰ পিছতো নাৰীৰ অধিকাৰক লৈ ইমান হৈ-চৈ কিয়? এনেদৰে চিন্তা কৰা লোকৰ সংখ্যা কম নহয়। – এই প্ৰসংগতে ‘নাৰী অধিকাৰ, ৰাষ্ট্ৰ আৰু সমাজ' সম্পৰ্কে মুকলি চৰ্চা হোৱাৰ প্ৰয়োজনীয়তা উপলব্ধি কৰিয়েই ‘মুক্ত চিন্তা’ৰ অতিথি সম্পাদকৰ চ'ৰাৰপৰা এই বিষয়টো আগ বঢ়োৱা হৈছিল। বিভিন্নজনে ভিন ভিন দিশৰপৰা বিষয়টো বিশ্লেষণ কৰিছে। অৱশ্যে সময় কম হোৱা আৰু পৰিকল্পনা অনুসৰি বিষয়সমূহ যথাযথভাৱে তুলি ধৰিব নোৱৰাৰ ফলত কিছু নাটনি নিশ্চয় থাকি গৈছে, তথাপিও আমি আশাবাদী যে এই আলোচনাই ভৱিষ্যতে অধিক উন্নত আলোচনাৰ বাট মুকলি কৰিব। এই সুযোগতে অতিথি চ'ৰাৰ সম্পাদনা কক্ষৰপৰা সকলো লেখক-লেখিকালৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো।

প্ৰকৃততে ‘নাৰী অধিকাৰ, ৰাষ্ট্ৰ আৰু সমাজ' এনে এটা বিষয়, যিটোৰ প্ৰাসংগিকতা আজিৰ পৰিস্থিতিত কিমান গুৰুত্বপূৰ্ণ, তাক যিকোনো বিবেকৱান লোকেই মৰ্মে মৰ্মে উপলব্ধি কৰিছে। বিশ্বৰ কোনোখন দেশতেই নাৰীয়ে পূৰ্ণ মানৱৰ স্বাধীনতা লাভ কৰা নাই, সেয়া লাগে ইউৰোপ, আমেৰিকাকে ধৰি উন্নত পুঁজিবাদী দেশেই হওক অথবা ভাৰতবৰ্ষৰ দৰে অৰ্ধ সামন্ততান্ত্ৰিক, অৰ্ধ পুঁজিবাদী তৃতীয় বিশ্বৰ ৰাষ্ট্ৰই হওক। উন্নত দেশবোৰত নাৰী আমাৰ দেশৰ তুলনাত সামন্তীয় পশ্চাদগামী ধ্যান-ধাৰণা, অন্ধবিশ্বাস, কুসংস্কাৰ আৰু মানসিক হীনমন্যতা আদিৰপৰা বহু মুক্ত। দীঘলীয়া সংগ্ৰামৰ অন্তত তেওঁলোকে শিক্ষা-দীক্ষা, ভোটাধিকাৰ, মুক্তভাৱে চলা-ফিৰা কৰাকে ধৰি বহু সামাজিক অধিকাৰ ইতিমধ্যেই লাভ কৰিছে। চাকৰি-বাকৰি, ব্যৱসায়-বাণিজ্য আদিত সৰহসংখ্যক নাৰীয়ে অংশগ্ৰহণ কৰিবলৈ পোৱাৰ ফলত তেওঁলোক অৰ্থনৈতিকভাৱেও স্বাধীন হৈছে যদিও বহু ক্ষেত্ৰত সেইসকল নাৰীও পৰাধীন। কৰ্প’ৰেটৰ ব্যৱসায়িক স্বাৰ্থত নাৰীক ব্যৱহাৰ কৰা হৈছে। নাৰীৰ ওপৰত সেই দেশবোৰতো নিৰ্যাতন, যৌন নিৰ্যাতন, অত্যাচাৰ বৃদ্ধি পাইছে। নীতি নিৰ্ধাৰণ আৰু সিদ্ধান্ত গ্ৰহণৰ ৰাজনৈতিক প্ৰক্ৰিয়াত সেই দেশবোৰৰ নাৰীৰ অংশগ্ৰহণ আশাপ্ৰদ নহয়, পুতৌজনকহে।

ইয়াৰ বিপৰীতে আমাৰ দেশৰ পিছপৰা আৰ্থ-সামাজিক ব্যৱস্থাত জনসাধাৰণ পিতৃতান্ত্ৰিক ব্যৱস্থাৰ অধীন। দেৱী বুলি পূজা কৰা দেশখনত নিতৌ নাৰীক দানৱী বা ডাইনী বুলি হত্যা কৰা হয়, এচাম পুৰুষৰ কামনাৰ বলি হৈ ধৰ্ষণ-হত্যা, যৌতুক হত্যা, যৌন নিৰ্যাতনক আঁকোৱালি ল'ব লগা হৈছে। শিশুৰপৰা বৃদ্ধা,  শিক্ষিত-অশিক্ষিত, গাঁও-চহৰ আদি হাইটেক তথা ভিতৰুৱা অঞ্চলৰ নাৰীও পিতৃতান্ত্ৰিক যৌন হিংসাৰপৰা মুক্ত নহয়। স্কুল-কলেজ, চাকৰি-ব্যৱসায় আদি কোনোখন শৈক্ষিক তথা কৰ্মক্ষেত্ৰতে নাৰীৰ সুৰক্ষা নাই। ভাৰতীয় নাৰীৰ বাবে সবাতোকৈ নিৰাপদ বুলি ভবা নিজৰ শোৱনী কোঠাটোও সুৰক্ষিত নহয়। পুৰুষৰ যৌন কামনাৰ বাবে নাৰীৰ কোনো বয়সৰ সীমাৰেখা নালাগে, দৰকাৰ নাই জৈৱিক সম্বন্ধৰ, নালাগে কোনো অনুমতি – মাথোঁ নাৰী হ'লেই হ'ল। সেইবাবেই পিতৃৰ হাতত নিজ কন্যা যৌন নিৰ্যাতনৰ বলি হয় আৰু বলি হয় আত্মীয়-স্বজনৰদ্বাৰা। তাৰোপৰি ভূতৰ ওপৰত দানহ পৰাদি জাৰি কৰা হয় ‘খাপ পঞ্চায়ত'ৰ ফটোৱা, বাল্য-বিবাহ, সতীপূজাকে ধৰি মধ্যযুগীয় পশ্চাদপদ ৰীতিৰ পুনৰুত্থানৰ সচেতন প্ৰচেষ্টা, মুছলিম নাৰীৰ ওপৰত ধৰ্মীয় নিষেধাজ্ঞা, বোৰ্খা, তিনি তালাক, বিভিন্ন ধৰণৰ ফটোৱা। আজিও নাৰীক গণ্য কৰা হয় ‘পুত্ৰাৰ্থে ক্ৰীড়তে ভাৰ্যা'  অৰ্থাৎ পুত্ৰ সন্তানৰ জন্মৰ বাবেই মহিলা, গতিকে কন্যা ভ্ৰূণ হত্যা অনুমোদিত। নাৰী যিহেতু সন্তান জন্মৰ এক যন্ত্ৰ, সেয়ে একাংশ হিন্দুত্ববাদীয়ে প্ৰতিগৰাকী হিন্দু নাৰীক মুছলমানৰ আৰ্হিত কমেও দহটাকৈ সন্তান জন্ম দিবলৈ ফটোৱা জাৰি কৰিছে। অৱশ্যে ইয়াৰ অন্তৰালত জনসংখ্যা বৃদ্ধিৰে হিন্দু ৰাষ্ট্ৰ প্ৰতিষ্ঠাৰ সপোন লুকাই আছে। নাৰীৰ মুক্তভাৱে বিচৰণ কৰাৰ অধিকাৰ নাই। আজি একবিংশ শতিকাতো মহিলাই কি পিন্ধিব, কি খাব, কেতিয়া ওলাই যাব, কেতিয়া ঘৰ সোমাব, মোবাইল ফোন ল'ব পাৰিবনে নোৱাৰে, জিনছ পিন্ধিবনে লেগিংছ পিন্ধিব, নামঘৰ, মন্দিৰ-মছজিদত নাৰী সোমাব পাৰিবনে নোৱাৰে সেইবোৰো নিৰ্ধাৰণ কৰি দিব পিতৃতান্ত্ৰিক ব্যৱস্থাৰ একাংশ ধাৰক-বাহকে।

ভাৰতবৰ্ষৰ নাৰীসমাজ দুখন সংবিধানৰ তলত থাকিব লাগে। এখন হ'ল চৰকাৰী সংবিধান আৰু আনখন হ'ল সামন্তীয় যুগৰ ‘মনুসংহিতা', ‘শ্বৰিয়ৎ’কে ধৰি অন্যান্য ধৰ্মগ্ৰন্থসমূহ। বহু যুঁজ-বাগৰ, দাবী-দাবাৰ অন্তত নাৰীয়ে কিছু সংবিধানপ্ৰদত্ত অধিকাৰ লাভ কৰিলেও বাস্তৱ অৰ্থত সিবিলাক উপভোগ কৰিবলৈ যাওঁতে পদে পদে বাধা। আইনবোৰ ৰূপায়ণৰ বেলিকা জাত-পাত, ধৰ্মীয় গোড়ামিৰে ভৰা নাৰীবিদ্বেষী তথা পিতৃতন্ত্ৰৰ এচাম প্ৰবক্তাই প্ৰবলভাৱে বাধা দি আহিছে। ইয়াৰ সুযোগ গ্ৰহণ কৰিছে শাসকবৰ্গই – পুলিচ, প্ৰশাসন, কৰ্তৃপক্ষই। নিৰ্যাতিতা নাৰীৰ এজাহাৰ নল'লেও পুলিচে শাস্তি নেপায়, নাৰীক হত্যা কৰিও অপৰাধীয়ে মুকলি আকাশৰ তলত ঘূৰি ফুৰিব পাৰে। আইন প্ৰণয়ন কৰাসকলো পিতৃতান্ত্ৰিক মানসিকতাৰপৰা মুক্ত নহয়, সেয়ে তাত থাকি যায় অজস্ৰ সুৰুঙা বা ফাঁক। ধনবল, বাহুবল, ক্ষমতা প্ৰয়োগ কৰি একাংশ লোকে আইন নিজৰ পক্ষত মেনেজ কৰে। পৰিহাসৰ কথা যে সমাজৰ সুৰক্ষা ন্যস্ত থকাসকলৰ হাততো নাৰী নিৰ্যাতিতা হোৱা দেখা যায়। একাংশ সমাজবিৰোধী লোকৰদ্বাৰা নাৰী যিমান যৌন হিংসাৰ বলি হৈছে, পুলিচ, মিলিটাৰিৰ হাততো নাৰী কম বলি হোৱা নাই। বিগত সময়ছোৱাৰ অসম, মণিপুৰৰ ঘটনাৱলীয়েই তাৰ জ্বলন্ত প্ৰমাণ। সেইদৰে গণতান্ত্ৰিকভাৱে নিৰ্বাচিত জনপ্ৰতিনিধি, গৱৰ্নৰৰ দৰে সাংবিধানিক মুৰব্বী, মন্ত্ৰী, বিধায়ক, আমোলা-বিষয়াৰ হাততো নাৰী নিগৃহীতা হয়। খোদ আইনৰ গৰাকী ন্যায়পালিকা বা অধিবক্তাৰ হাততেই যেতিয়া নাৰী যৌন নিৰ্যাতনৰ বলি হ'ব লগা হয়, তেতিয়া নাৰীৰ বাবে সুৰক্ষাৰ প্ৰশ্নটো অলীক সপোন হৈ নপৰেনে? এইক্ষেত্ৰত ৰাষ্ট্ৰ আৰু সমাজৰ ভূমিকা একেটা বিন্দুত মিলি যায়। ক্ষমতাৰ বাঘজৰী হাতত ৰখাৰ স্বাৰ্থতেই শাসকগোষ্ঠীয়ে বহু আইন-আঁচনি ৰূপায়ণ নকৰে। সমগ্ৰ দেশত বাহাল থকা সত্ত্বেও কাষ্টমাৰি ল-ৰ নামত নাগালেণ্ডৰ পৌৰসভা, স্থানীয় নিকায় আদিত চৰকাৰে ৩৩% আসন সংৰক্ষণ কাৰ্যকৰী নকৰিলে। আনহাতে সংসদ-বিধানসভাত নাৰীৰ বাবে ৩৩% আসন সংৰক্ষণ কাৰ্যকৰী নকৰি কেন্দ্ৰীয় চৰকাৰে নাৰীৰ ৰাজনৈতিক অধিকাৰ-আকাংক্ষাক পিতৃতান্ত্ৰিক মানসিকতাৰে চৰম প্ৰতাৰণা কৰি আহিছে। ভাৰতবৰ্ষত অৰ্থনৈতিক আৰু ৰাজনৈতিক অধিকাৰ প্ৰাপ্তিৰ ক্ষেত্ৰত এমুঠিমান নাৰীহে উপকৃত হৈছে। সেয়ে সেই ক্ষেত্ৰসমূহত নাৰীৰ বাবে ৩৩% সংৰক্ষণ নীতি প্ৰণয়ন কৰা হৈছে যদিও বাস্তৱত ৰূপায়ণ হ'বলৈ বহু বাকী।

এন চি আৰ বিৰ তথ্যই কৈছে যে নাৰীজনিত অপৰাধৰ ক্ষেত্ৰত অসম দ্বিতীয় – ৰাজধানী দিল্লীৰ পিছতেই। দেশৰ অন্য ৰাজ্যৰ তুলনাত মহিলাৰ সামাজিক অৱস্থান বহু উন্নত আৰু জনজাতীয় সমাজৰদ্বাৰা প্ৰভাৱিত হোৱা সত্ত্বেও অসমৰ নাৰীৰ অৱস্থা ভয়াৱহ। সবাতোকৈ অধিকাৰ থকা বুলি কোৱা মাতৃবংশীয় (বিধানসভাত নাৰীৰ অংশগ্ৰহণ নগণ্য, অৰ্থাৎ ৩ শতাংশৰ তলত) গাৰো, খাছীয়া, জয়ন্তীয়া, মিজো জনজাতিৰ সমাজখনতো নাৰী নিৰ্যাতন-হত্যাৰ বীজ অংকুৰিত হৈছে। বিশ্বায়নৰ সৰ্বগ্ৰাসী আক্ৰমণৰ সন্মুখত অসম উন্নয়নৰ ক্ষেত্ৰত পিছ পৰি আছে যদিও নাৰী নিৰ্যাতন, ধৰ্ষণ-হত্যা, অপহৰণ, মানৱ সৰৱৰাহৰ ক্ষেত্ৰত ইয়াৰ গ্ৰাফ একেবাৰে ঊৰ্ধগামী।

ঘটনাবোৰ ইমান বৃদ্ধি পাইছে কিয়? বহুতে ক'ব খোজে যে সমাজৰ নৈতিক স্খলনেই ইয়াৰ প্ৰধান কাৰণ। তেওঁলোকৰ মতে পশ্চিমীয়া সংস্কৃতিয়ে আমাক ধ্বংস কৰিছে। আৰু এঢাপ আগ বাঢ়ি গৈ এচামে ইয়াকো কয় যে ধৰ্ষণৰ দৰে জঘন্য ঘটনা ‘ভাৰত'ত নঘটে, ঘটে ‘ইণ্ডিয়া'ত। আন এচামে সমাজত বৰ্তি থকা নাৰী-বিদ্বেষী, উৎকট পিতৃতান্ত্ৰিক ধ্যান-ধাৰণাকে জগৰীয়া কৰে। উদাৰীকৰণ-বিশ্বায়নৰ মুনাফাখোৰ পণ্যসৰ্বস্ব নীতিৰ ৰূপায়ণৰ বাবে সমাজত চলি থকা এনে নাৰী-বিৰোধী, পশ্চাদপদ ধ্যান-ধাৰণাই উৰ্বৰ ভূমি প্ৰস্তুত কৰি দিছে আৰু আজি কৰ্প’ৰেট জগতে তাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি ফচল চপাইছে। এফালে নাৰীক পূজা কৰিছে আৰু আনফালে যৌন পৰ্যটন কেন্দ্ৰ গঢ়ি তুলিছে। কৰ্প’ৰেটে ফেশ্বন ডিজাইনিং, মডেলিং, বিজ্ঞাপনৰ নামত নাৰীদেহক পণ্য কৰি তুলিছে আৰু এই ফান্দত ভৰি দিছে একাংশ সচেতন নাৰীয়ে। ৰাষ্ট্ৰৰ সহযোগত ইলেক্ট্ৰনিক প্ৰচাৰ মাধ্যমেও এনে প্ৰচাৰত আগভাগ লৈ আহিছে। পতিতা, ভাৰাতীয়া মাতৃ আৰু সমকামীসকলো প্ৰাপ্য অধিকাৰৰপৰা বঞ্চিত হৈছে আৰু সমাজত অৱহেলিত হৈ আহিছে।

নাৰী অধিকাৰৰ বিষয়টো ৰাষ্ট্ৰ আৰু সমাজৰপৰা পৃথক কৰি আলোচনা কৰিব নোৱাৰি। ৰাষ্ট্ৰৰ বিভিন্ন অংগ বা বিভাগসমূহৰ সৈতে ইয়াৰ সম্পৰ্ক আৰু সামগ্ৰিকভাৱে সমাজৰ লগত ইয়াৰ যি ওতপ্ৰোত সম্পৰ্ক আছে, তাক বিচাৰ নকৰি বিষয়টো আছুতীয়াভাৱে চৰ্চা কৰিলে তাৰ সমাধান কোনোদিনে নোলায়, কিন্তু এচাম লোকে তাকেই কৰি আহিছে। নাৰী অধিকাৰ, নাৰীমুক্তিৰ কথা কৈ এচাম লোকে আছুতীয়া নাৰীবাদৰ পোষকতা কৰে। তেওঁলোকে সামাজিক পৰিপ্ৰেক্ষিত, ৰাষ্ট্ৰ-চৰকাৰৰ ভূমিকা তথা কৰণীয় আৰু সামগ্ৰিকভাৱে সামাজিক ভূমিকাৰপৰা বিষয়টো আঁতৰাই নিয়ে; ফলত এপিঠীয়া দৃষ্টিভংগীৰ বিভ্ৰান্তিত নিমজ্জিত হয় আৰু পাৰাপাৰ নেদেখা হৈ পৰে। সমাজত চলি অহা নাৰীবিদ্বেষী ৰীতিৰ বিৰুদ্ধে থিয় দিলেই আওপুৰণি ধ্যান-ধাৰণাৰে পুষ্ট কুন্ধচ লোকসকল উঠি-পৰি লাগে; নিৰ্যাতিতাগৰাকীৰ ওপৰত নানা অপযশ জাপি দিয়ে; আকৌ এচাম লোকে ‘নাৰীয়েই নাৰীৰ শত্ৰু' বুলি প্ৰচাৰ কৰি নাৰীৰ মাজত বিভাজন সৃষ্টিৰ চেষ্টা চলাই যায়।

মানৱ সমাজৰ ইতিহাসৰ এক যুগসন্ধিত নাৰীৰ ওপৰত পুৰুষৰ অৱদমনৰ আৰম্ভণি কেনেকৈ হ'বলৈ পালে আৰু তাৰ স'তে সমাজৰ কৰ্মবিভাজন, শ্ৰেণী বিভাজন, পৰিয়ালৰ আগমন, ব্যক্তিগত সম্পত্তি তথা উত্তৰাধিকাৰিত্বৰ সম্পৰ্ক কি এই বুনিয়াদী বিষয়সমূহৰ আলোচনা অতি প্ৰয়োজন। ইয়াক আওকাণ কৰি চলোৱা বিচাৰ আৰু বিশ্লেষণ উপৰুৱা হ'বলৈ বাধ্য। এই প্ৰসংগতে বিশেষকৈ মাৰ্ক্সবাদী পণ্ডিত ফ্ৰেডৰিক এংগেলছৰ ‘পৰিয়াল, ব্যক্তিগত সম্পত্তি আৰু ৰাষ্ট্ৰৰ উৎপত্তি' (The Origin of Family, Private Property and The State) আৰু প্ৰসিদ্ধ গৱেষক-পণ্ডিত লুইচ হেনৰি মৰ্গানৰ ‘প্ৰাচীন সমাজ' (Ancient Society) গ্ৰন্থ গভীৰভাৱে অধ্যয়ন কৰা প্ৰয়োজন। ১৮৮৪ চনত এংগেলছে ৰচনা কৰা গ্ৰন্থখনত তাৰ পূৰ্বে ১৮৭৭ চনত প্ৰকাশিত মৰ্গানৰ উল্লেখিত গ্ৰন্থৰপৰা বহু তথ্য-পাতি লয় আৰু মৰ্গানৰ প্ৰায়বোৰ বক্তব্যৰ প্ৰতি সমৰ্থন আগ বঢ়ায়। আদিম সম্প্ৰদায়-ভিত্তিক সমাজৰ অৱসান ঘটি কেনেদৰে ব্যক্তিগত সম্পত্তিৰ ভিত্তিত শ্ৰেণী সমাজৰ সৃষ্টি হ'ল তাৰ ব্যাখ্যা কৰিবলৈ গৈ ভিন ভিন আৰ্থ-সামাজিক ব্যৱস্থাত বা পৰিস্থিতিত পৰিয়ালসমূহৰ বৈশিষ্ট্য আৰু পৰিয়ালৰ মাজৰ সম্পৰ্কসমূহ কেনেকুৱা তাক এংগেলছে তুলি ধৰে। ইতিহাসৰ এটা পৰ্যায়ত মাতৃ-অধিকাৰ উচ্ছেদৰ যি ঐতিহাসিক ঘটনা সংঘটিত হ'ল, তাক তেওঁ নাৰীৰ বিশ্ব-ঐতিহাসিক পৰাজয় আখ্যা দি গৈছে।

নাৰীসকলে আজি যি অধিকাৰ লাভ কৰিছে সেয়া আলাসতে পোৱা অধিকাৰ নাছিল। তাৰ বাবে নাৰীয়ে কষ্টকৰ আৰু দীঘলীয়া সংগ্ৰাম কৰিব লগা হৈছিল আৰু বহু নিৰ্যাতন সহ্য কৰিছিল। নাৰীৰ অধিকাৰ প্ৰাপ্তিৰ বাবে যিদৰে একাংশ পুৰুষে বিৰোধিতা কৰিছিল, সংখ্যাত কম হ'লেও আন একাংশই আকৌ মনে-প্ৰাণে নাৰীৰ অধিকাৰৰ প্ৰতি সমৰ্থন জনাইছিল। শিল্প-বিপ্লৱ আৰু নৱজাগৰণে ইউৰোপত কৌটিকলীয়া ধ্যান-ধাৰণা আঁতৰাই বিজ্ঞানসন্মত তথা যুক্তিবাদী চিন্তা-চৰ্চাৰ বাট মুকলি কৰিছিল আৰু শ্ৰেণী-বৈষম্য, লিংগ-বৈষম্যৰ বিৰুদ্ধে মানুহৰ মাজত সজাগতাৰ সৃষ্টি হৈছিল আৰু ৰাজপথলৈ মানুহ ওলাই আহিবলৈ ধৰিছিল। ফৰাচী বিপ্লৱৰ সময়লৈ ঘূৰি চালে আমি দেখিবলৈ পাওঁ যে বিপ্লৱী পৰিস্থিতিয়ে জনসাধাৰণৰ মাজত আলোড়ন সৃষ্টি কৰাৰ লগে লগে মহিলাসকলক সামাজিক সমস্যাসমূহ সম্পৰ্কত সজাগ কৰি তুলিছিল। এই মহিলাসকলৰ অগ্ৰণী নেত্ৰী অলিম্প দ্য গোগে মহিলাৰ অধিকাৰ ঘোষণা কৰি এখন খচৰা প্ৰস্তুত কৰিছিল। ইতিপূৰ্বে ১৭৯১ চনত ফৰাচী বিপ্লৱৰ ঠিক পিছতেই সংবিধান সভাত “মানুহৰ অধিকাৰ সংক্ৰান্ত ঘোষণা” (Declaration of the Rights of Man) গৃহীত হৈছিল, য'ত নাৰীৰ অধিকাৰসমূহ উপেক্ষা কৰা হৈছিল। তাৰ প্ৰত্যুত্তৰত অলিম্প দ্য গোগে পোনপ্ৰথমবাৰৰ বাবে “নাৰীৰ অধিকাৰ সংক্ৰান্ত ঘোষণা” (Declaration of the Rights of Woman)ৰ জৰিয়তে নাৰী অধিকাৰসমূহ বলিষ্ঠভাৱে দাঙি ধৰিছিল। তেওঁ নাৰীসকলক নিজৰ অধিকাৰ সাব্যস্ত কৰাৰ বাবে আগ বাঢ়ি আহিবলৈ উদাত্ত আহবান জনাইছিল – “মহিলাসকল জাগি উঠা। সমগ্ৰ বিশ্বত যুক্তিৰ ঘন্টাধ্বনি শুনিবলৈ পোৱা গৈছে, নিজৰ অধিকাৰ সম্পৰ্কে সচেতন হোৱা...। শৃঙ্খলিত পুৰুষসকলে নিজৰ বাবে বহুগুণ শক্তি বঢ়াই তুলিছে, কিন্তু সেই শৃঙ্খল ছিঙাৰ বাবে তেওঁলোকৰ দৰকাৰ তোমালোকৰ সহযোগিতা। তেওঁলোক নিজে স্বাধীন হৈছে, কিন্তু সঙ্গিনীসকলৰ প্ৰতি এতিয়াও তেওঁলোকে ন্যায় বিচাৰ কৰা নাই। হে নাৰী সমাজ, তোমালোকৰ অন্ধত্ব কেতিয়া আঁতৰিব?”তাৰ পিছৰ বছৰতেই ইংলেণ্ডৰ বাটকটীয়া নাৰীবাদী নেত্ৰী মেৰি উলষ্টনক্ৰাফটৰ যুগান্তকাৰী গ্ৰন্থ “নাৰী অধিকাৰৰ যৌক্তিকতা”(A Vindication of the Rights of Woman) প্ৰকাশ পায়। এই গ্ৰন্থত তেওঁ নাৰীক যৌন সত্তা বুলি গণ্য কৰা প্ৰচলিত ধাৰণাবোৰৰ বিপৰীতে যুক্তি দৰ্শাই কৈছিল যে নাৰী মানৱ সত্তা, নাৰীও পুৰুষৰ দৰেই মানুহ। তেওঁ নাৰী-পুৰুষৰ মাজত থকা বৈষম্য বা ভিন্নতাৰ তীব্ৰ বিৰোধিতা কৰে। তেওঁ নাৰীৰ বাবে ভিন্ন স্কুল বা শিক্ষা পদ্ধতিৰ বিপৰীতে সহ-শিক্ষাৰ পোষকতা কৰিছিল। বিশ্ব-বিশ্ৰুত ফৰাচী দাৰ্শনিক জ্যাঁ জেক ৰুছোৰ দৰে তাত্ত্বিকেও পুৰুষতান্ত্ৰিক বৈষম্য মানি লৈ নাৰীৰ বাবে সুকীয়া শিক্ষা পদ্ধতিৰ পোষকতা কৰিছিল আৰু নাৰীক পৰিয়াল পৰিচালনা আৰু পুৰুষৰ স্বাৰ্থ ৰক্ষাৰ বাবে কাম কৰাত সহায় কৰা বাবে শিক্ষা প্ৰদানৰ পৰামৰ্শ দিছিল। মেৰিয়ে ৰুছোৰ নাৰীবিৰোধী চিন্তা-চৰ্চাৰ তীব্ৰ বিৰোধিতা কৰিছিল আৰু মহিলাক দৰ্শন, মেকানিকছ, উদ্ভিদ বিজ্ঞান, নক্ষত্ৰ বিজ্ঞানৰ দৰে গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত শিক্ষাদানৰ দাবী তুলিছিল। তেওঁ কৈছিল – নাৰীক আত্ম-নিৰ্ভৰশীল হ'বৰ বাবে প্ৰথমতেই লাগিব উপযুক্ত শিক্ষা আৰু স্বাধীন উপাৰ্জন। তেওঁ নাৰীৰ সামাজিক অধিকাৰসমূহ দাবী কৰাৰ উপৰিও নাৰীৰ ভোটাধিকাৰৰ দৰে ৰাজনৈতিক দাবীও উত্থাপন কৰিছিল।

 ফৰাচী দাৰ্শনিক কঁডৰ্চে ১৭৯০ চনত নাৰী অধিকাৰ বিষয়ক গ্ৰন্থ “Admission of Women to Full Citizenship”ত নাৰীক পুৰুষৰ দৰেই পূৰ্ণ নাগৰিক অধিকাৰ প্ৰদানৰ প্ৰশ্নটো যুক্তিসহকাৰে দাঙি ধৰিছিল। আন এজন ফৰাচী দাৰ্শনিক হলবেকে ১৭৭৪ চনত প্ৰকাশিত তেওঁৰ “System Social” গ্ৰন্থত পুৰুষসকলৰ নাৰীবিৰোধী কাৰ্যক কঠোৰ ভাষাৰে সমালোচনা কৰিছিল -“Savages that makes a slave of his mate and carries his contempt for her to the point of cruelty.” ইয়াৰো বহু পূৰ্বেই ইংৰাজ দাৰ্শনিক জন লকে নাৰী-পুৰুষৰ সমানাধিকাৰৰ প্ৰশ্নটো উত্থাপন কৰিছিল তেওঁৰ ১৬৮৯ চনত প্ৰকাশিত “Second Treatise of Government” গ্ৰন্থত।

তাৰ কিছু বছৰৰ পিছতেই ইংলেণ্ডৰ চিন্তাবিদ লেখিকা মেৰি এষ্টেলেই ১৬৯৪ চনত “মহিলাসকলৰ ওচৰত এটি গুৰুত্বপূৰ্ণ প্ৰস্তাৱ”(A Serious Proposal to the Ladies) নামৰ পুথিত নাৰীৰ অধিকাৰৰ সবল দাবী তুলি ধৰিছিল। তেওঁ নাৰীৰ বন্দিত্বৰ তীব্ৰ বিৰোধিতা কৰি কৈছিল যে “যদি সকলো পুৰুষে মুক্ত হৈ জন্ম লাভ কৰে তেনেহ'লে মহিলাসকলে দাসী হৈ জন্ম লাভ কৰিব কিয়”? পৰবৰ্তী সময়ত তেওঁৰ এই আৱাজ শুনিবলৈ পোৱা যায় ‘দি  ছেকেণ্ড ছেক্স’ৰ ৰচয়িতা ছিমন দ্যা বুভ্যুৱাৰ, বেগম ৰোকেয়া, ‘ স্ত্ৰীলিংগ নিৰ্মাণ' গ্ৰন্থৰ লেখিকা মল্লিকা সেনগুপ্ত, আৰু বাংলাদেশৰ সাহসী লেখিকা তছলিমা নাছৰিনৰ গ্ৰন্থসমূহত। ইছলাম ধৰ্মকে ধৰি বিভিন্ন ধৰ্মৰ গোড়া নাৰীবিৰোধী চিন্তা-ভাবনাসমূহৰ বিৰোধিতা কৰি লেখা বাবে নাছৰিনে দেশান্তৰিত হৈ ফুৰিব লগা হৈছে।

মহিলাৰ সামাজিক অৱস্থান কিমান নিম্নগামী আছিল তাক অজস্ৰ ঘটনাই দেখুৱাই দিয়ে। ১৮৪০ চনত লণ্ডনত হোৱা দাসপ্ৰথা-বিৰোধী সন্মিলনত অংশ ল'বলৈ যোৱা দাসপ্ৰথা-বিৰোধী আন্দোলনৰ সক্ৰিয় কৰ্মী এলিজাবেথ কেডি ষ্টেনটন আৰু লুক্ৰেচিয়া ম'টকে ধৰি মহিলাসকলক সভাগৃহৰ এচুকত বহিবলৈ দিয়া হৈছিল আৰু তেওঁলোকক আনকি বক্তব্য আগ বঢ়াবলৈ অনুমতি দিয়া নহৈছিল। মহিলাসকলৰ প্ৰতি উদ্যোক্তাসকলে কৰা বৈষম্যমূলক আচৰণৰ প্ৰতিবাদত আমেৰিকাৰ দাসপ্ৰথা-বিৰোধী আন্দোলনৰ অগ্ৰণী নেতা উইলিয়াম লয়েড গেৰিছনে উক্ত সভাত বক্তব্য প্ৰদান কৰাৰপৰা বিৰত থাকে।  এই ঘটনাই অসমৰ নাৰীবাদী আন্দোলনৰ বাটকটীয়া চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে ১৯২৫ চনত নগাঁৱৰ অসম সাহিত্য সভাৰ অধিবেশনত চিকৰ আঁৰত বহি সভা শুনি থকা মহিলাসকলক চিক ফালি ওলাই আহিবলৈ জনোৱা সাহসী আহ্বানলৈ মনত পেলাই দিয়ে। ইয়াৰপৰা স্পষ্ট হয় যে নাৰীসকলক দাসতকৈও নীচ বুলি গণ্য কৰা হৈছিল।

দাসপ্ৰথা-বিৰোধী সন্মিলনত পোৱা অপমানৰ প্ৰতিবাদত এলিজাবেথ আৰু লুক্ৰেচিয়া ম'ট আদি নেত্ৰীসকলে ১৮৪৮ চনৰ ১৯ আৰু ২০ জুলাই তাৰিখে আমেৰিকাৰ ছেনেকা ফলছত নাৰী অধিকাৰৰ দাবীত অভিবৰ্তন অনুষ্ঠিত কৰি নাৰীৰ দুৰ্দশাগ্ৰস্ত সামাজিক, ধৰ্মীয় অৱস্থা, অধিকাৰৰ বিষয়ে আলোচনা কৰে। পুৰুষ আৰু মহিলা জন্মতে সমান, সেয়ে মহিলাৰ সৰ্বদিশতে স্বাভাৱিকভাৱেই সমান অধিকাৰ আছে বুলি এলিজাবেথে যুক্তি আগ বঢ়াইছিল। ভোটাধিকাৰৰ দাবীটোও ইয়াৰ অন্তৰ্ভুক্ত আছিল। বাৰদফীয়া দাবী চনদত চহী কৰা বাবে এলিজাবেথ আৰু তেওঁৰ ভগ্নীক অধিবক্তা পিতৃয়ে চহী উঠাই ল'বলৈ হেঁচা দিয়ে, ফলত এলিজাবেথৰ ভগ্নীয়ে চহী উঠাই লয়।  নাৰীসকল হীনমন্যতাৰপৰা মুক্ত নোহোৱাৰ ফলত ছেনেকা ফলছৰ অভিবৰ্তন পৰিচালনা কৰিবলৈ কোনো নাৰীয়ে সাহস কৰা নাছিল আৰু সেই সভাত সভাপতিত্ব কৰিব লগা হৈছিল – নাৰী আন্দোলনৰ নেত্ৰী লুক্ৰেচিয়া ম'টৰ স্বামী জেমছ ম'টে।

আনফালে, জাৰ্মান সমাজতান্ত্ৰিক আন্দোলনৰ নেত্ৰী ক্লাৰা জেটকিন, ৰোজা লুক্সেমবাৰ্গ, ৰাছিয়াৰ সমাজবাদী পাৰ্টিৰ নেত্ৰী আলেকজেন্দ্ৰা কলণ্টায়ে নাৰীৰ সাৰ্বজনীন ভোটাধিকাৰ, ট্ৰেড ইউনিয়নত নাৰীৰ অংশগ্ৰহণৰ অধিকাৰ, সম মজুৰি, বিবাহ বিচ্ছেদ, মাতৃত্বকালীন ছুটী, শিশু প্ৰতিপালন কেন্দ্ৰকে ধৰি নাৰীৰ বাবে বহু অধিকাৰ দাবী কৰিছিল।

১৮৬৯ চনতেই ব্ৰিটিছ সাংসদ জন ষ্টুৱাৰ্ট মিলে তেওঁৰ ‘On the Subjection of Women’ গ্ৰন্থত নাৰীৰ ওপৰত চলি থকা দাসত্বৰ অৱসানৰ কথা কৈছিল। তেওঁ আছিল প্ৰথম সাংসদ, যি নাৰীৰ ভোটাধিকাৰৰ দাবীটো ব্ৰিটিছ সংসদৰ মজিয়াত বলিষ্ঠভাৱে উত্থাপন কৰিছিল। পুৰুষৰ সমানে নাৰীয়ে ভোটাধিকাৰ নাপাইছিল আৰু তাৰ বাবে এক দীঘলীয়া ভোটাধিকাৰ আন্দোলন আমেৰিকা আৰু ব্ৰিটেইনত গঢ়ি উঠিছিল। এই আন্দোলনৰ এগৰাকী অগ্ৰণী নেত্ৰী ছুছান বি এন্টনিয়ে ১৮৭২ চনৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ১৪গৰাকী সতীৰ্থসহ ভোটদান কৰিবলৈ যাওঁতে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু এশ ডলাৰ জৰিমনা বিহা হৈছিল। প্ৰায় এশ বছৰীয়া আন্দোলনৰ পৰিসমাপ্তিত বিশ্বৰ ভিন ভিন দেশত নাৰীসমাজে ভোটাধিকাৰ লাভ কৰিছিল। সুখৰ বিষয় যে ভাৰতীয় নাৰীয়ে বিশেষ আন্দোলন নকৰাকৈয়ে পলমকৈ হ'লেও ভোটাধিকাৰ লাভ কৰিছিল। স্বাধীন ভাৰতৰ সংবিধান প্ৰণেতা বি আৰ আম্বেদকাৰৰ ঐকান্তিক প্ৰচেষ্টাত নাৰীয়ে সম্পত্তিৰ অধিকাৰ আৰু মেটাৰনিটি বেনিফিট আইনৰ সুবিধা লাভ কৰিবলৈ সক্ষম হৈছিল। বাইবেলত নাৰীক দাস-ক্ৰীতদাস, সম্পত্তিহীন পুৰুষ আৰু মানসিকভাৱে বিকাৰগ্ৰস্ত লোকসকলৰ স্থানত ৰখা হৈছিল আৰু নাৰীক নাগৰিকত্বৰপৰা যুগ যুগ ধৰি বঞ্চিত কৰি অহা হৈছিল। দাসপ্ৰথা আৰু বাইবেলত থকা এই নাৰীবিদ্বেষী মন্তব্যক ৰাজহুৱাভাৱে বিৰোধিতা কৰা বাবে দুই গ্ৰিমকে ভগ্নীদ্বয় ধৰ্মযাজকসকলৰ ৰোষত পৰিছিল।

কিন্তু ইউৰোপৰ দৰে ভাৰতত যুক্তিবাদী ধ্যান-ধাৰণাৰ প্ৰসাৰ নঘটিল। নাৰী শ্ৰমিকৰ ট্ৰেড ইউনিয়ন কৰা অধিকাৰ, নাৰীৰ ভোটাধিকাৰ, নাৰীৰ সম্পত্তিৰ অধিকাৰ আদি বিশ্বৰ বিভিন্ন দেশত খলকনিৰ সৃষ্টি কৰা দাবীসমূহে ভাৰতক বিশেষভাৱে প্ৰভাৱিত কৰিব নোৱাৰিলে। বিপৰীতে তাহানিৰ আওপুৰণি সামন্তীয় ধ্যান-ধাৰণাৰে পুষ্ট পিতৃতন্ত্ৰ শক্তিশালী ৰূপত বৰ্তি থাকিল। ৰাজা ৰামমোহন ৰায়, ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ আদি সমাজ সংস্কাৰকসকলে ভাৰতত নৱজাগৰণৰ সৃষ্টি কৰে, য'ত সতীদাহ প্ৰথা, বাল্যবিবাহ বন্ধ কৰা, বিধৱা বিবাহ প্ৰচলন, নাৰী শিক্ষা আদি বিষয়বোৰে প্ৰাধান্য লাভ কৰে। মহাৰাষ্ট্ৰত জ্যোতিবা ফুলে আৰু সাবিত্ৰীবাঈ ফুলে দম্পত্তিয়ে নাৰীৰ বাবে শিক্ষাৰ বাট মুকলি কৰে আৰু শিক্ষাৰ অধিকাৰকে ধৰি নাৰীবিৰোধী চিন্তাধাৰা, অস্পৃশ্যতা, বৰ্ণবাদ আদিৰ বিৰুদ্ধে অভিযান চলায়। পণ্ডিতা ৰমাবাঈৰ দৰে নেত্ৰীয়ে আৰ্য সমাজৰ জৰিয়তে নাৰীৰ মানৱীয় মৰ্যাদা প্ৰতিষ্ঠাৰ হকে দেশৰ বিভিন্ন প্ৰান্তত প্ৰচাৰ সংগঠিত কৰে। অসমত হেমচন্দ্ৰ বৰুৱা, গুণাভিৰাম বৰুৱা, কমলাকান্ত ভট্টাচাৰ্য, জ্ঞানদাভিৰাম বৰুৱা, চন্দ্ৰপ্ৰভা শইকীয়ানী, ৰজনীকান্ত বৰদলৈ, লক্ষ্মীধৰ শৰ্মা, দণ্ডিনাথ কলিতা আদি বৰেণ্য ব্যক্তিসকলে সাহিত্যকৰ্মৰ যোগেদি অসমত যুক্তিবাদী চিন্তা-চৰ্চাৰে নাৰীবিদ্বেষী পশ্চাদগামী চিন্তাৰ বিৰুদ্ধে যুঁজ দিয়ে। ঊনবিংশ শতিকাৰ মাজভাগত ৰক্ষ্মাবাঈ-য়ে নিজৰ জীৱনত সংঘটিত বাল্যবিবাহক সাহসেৰে নাকচ কৰি আদালতে বিহা জৰিমনা ভৰি বিবাহ বিচ্ছেদ কৰে। অসমতো নাৰী আন্দোলনৰ বাটকটীয়া চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে নাৰীক ৰান্ধনি ঘৰৰ চাৰিবেৰৰ ভিতৰৰপৰা ৰাজহুৱা জীৱনলৈ উলিয়াই আনে আৰু পৰ্দাপ্ৰথা ভাঙি পুৰুষৰ সমানে ৰাজহুৱা অনুষ্ঠানত অংশগ্ৰহণ নিশ্চিত কৰে।  তেওঁ নাৰী শিক্ষাৰ হকে যুঁজ দিছিল আৰু অসমত পোনপ্ৰথম মহিলা সমিতি গঠন কৰি বাল্যবিবাহ বন্ধ কৰা, বিধৱা বিবাহ প্ৰচলন কৰা, নাৰীক অধিকাৰ প্ৰদান কৰাৰ দাবীত নাৰীসকলক সংগঠিত কৰিছিল – যাৰ বাবে তেওঁ সমাজৰ নানা ধৰণৰ তিৰস্কাৰ-ভৰ্ৎসনা সহিব লগা হৈছিল।

ভাৰতবৰ্ষত সামাজিক ৰীতি-নীতি, ধৰ্মীয় পৰম্পৰা অতি শক্তিশালী। পৰম্পৰা ৰক্ষাৰ নামত আওপুৰণি, ক্ষতিকাৰক ৰীতি বাহাল ৰখাটোও এইখন দেশত যে এক পৰম্পৰা, সেই কথা বহুবাৰ প্ৰমাণ হৈ আহিছে। সতীদাহৰ দৰে বৰ্বৰ প্ৰথা জীয়াই ৰখাৰ বাবে এচাম গোড়া ভাৰতীয়ই শেষলৈকে যুঁজিছিল; সতীদাহ নিষেধ আইন বলবৎ হোৱাৰ পিছতো তেওঁলোকে ব্ৰিটিছ আদালতত ধন ভাঙি গোচৰ তৰিছিল সতীদাহ ৰক্ষাৰ বাবে। তেনেদৰে বাল্য বিবাহৰ বলি হোৱা ৰক্ষ্মাবাঈ-য়ে বাল্য বিবাহক কেন্দ্ৰ কৰি আদালতত গোচৰ দিছিল আৰু গোচৰ চলি থকা সময়ত প্ৰখ্যাত ৰাজনৈতিক নেতা বাল গংগাধৰ তিলককে ধৰি এচাম গোড়া লোকে ৰক্ষ্মাবাঈক তিৰস্কাৰ কৰিছিল। তিলকৰ সম্পাদিত ‘কেশৰী' নামৰ কাকতখনে ৰক্ষ্মাবাঈৰ বিৰুদ্ধে সমালোচনা কৰিছিল। অসমৰ চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে গাঁৱে গাঁৱে চাইকেল চলাই ছোৱালীবিলাকক শিক্ষা দিয়াৰ বাবে নানা ঠাট্টা-বিদ্ৰূপ, ককৰ্থনা শুনিবলগা হৈছিল। সেইদৰে ভাৰতবৰ্ষৰ প্ৰথমখন মহিলা বিদ্যালয়ৰ প্ৰতিষ্ঠাপক শিক্ষয়িত্ৰী সাবিত্ৰীবাঈ ফুলে স্কুললৈ অহা-যোৱা কৰোতে একাংশ সমাজবিৰোধী তথা নাৰীবিৰোধী লোকে তেওঁৰ গালৈ গেলা কণী, বোকা-পানী ছটিয়াই চূড়ান্তভাৱে অপমানিত কৰিছিল।

আজিও সমাজৰ নাৰীবিৰোধী ৰীতি-নীতি-পৰম্পৰাই নাৰীক কোঙা কৰি ৰাখিছে। এচাম লোকে আজিও অন্ধবিশ্বাস, কু-সংস্কাৰ, জাতিভেদ, লিংগ-ভেদ, সাম্প্ৰদায়িকতা জীয়াই ৰখাৰ চেষ্টা অনবৰতে চলাই গৈছে। নাৰীৰ ওপৰত কিছুমান ৰীতি-পৰম্পৰা, নিৰ্দেশনা আৰোপ কৰি, পোছাক-বিধিৰ দৰে অধিকাৰ হৰণকাৰী প্ৰথা জাপি দি নাৰীৰ ব্যক্তিগত পছন্দ-অপছন্দক সংকীৰ্ণ ‘লক্ষ্মণ ৰেখা'ৰে আবৃত কৰাৰ অপচেষ্টা চলাই গৈছে। কিছুমান অচল, ক্ষতিকাৰক, সমাজবিদ্বেষী চিন্তা-চৰ্চা পুনৰ জীয়াই তুলিব বিচাৰিছে। আওপুৰণি ৰীতি-পৰম্পৰাৰ বিৰুদ্ধে যুক্তিবাদী চিন্তা-চৰ্চাৰ বিকাশৰ বাবে সমাজৰ অগ্ৰণীসকলৰ গুৰু দায়িত্ব আছে আৰু তাক পালন কৰা কিমান জৰুৰী তাক দোহৰাৰ প্ৰয়োজন নিশ্চয় নাই।

একমাত্ৰ আইন-আদালত, লিখিত সংবিধানেই নাৰীক সুৰক্ষা দিব নোৱাৰে। নাৰীৰ নিৰাপত্তা, মৰ্যাদা, অধিকাৰ সুৰক্ষিত কৰিব লাগিব প্ৰতিজন মগজুধাৰী ব্যক্তিয়ে। পুৰুষসকলে পত্নীকে ধৰি প্ৰতিগৰাকী মহিলাক নিজ মাতৃ, ভগ্নী, বৌৰ মৰ্যাদা দিয়াৰ উপৰিও পুৰুষৰ সমান মৰ্যাদা স্বীকাৰ কৰি ল'ব পাৰিলেহে সঁচা অৰ্থত সমাজত নাৰীয়ে মানৱীয় অধিকাৰ লাভ কৰিব। তেনে ব্যৱস্থাইহে নাৰীক সমাজত মুক্তভাৱে চলা-ফুৰা কৰা, প্ৰয়োজন অনুসৰি বিভিন্ন স্থানলৈ, যেতিয়াই দৰকাৰ যাব পৰা এক মুক্ত, নিৰাপদ বাতাবৰণ গঢ়ি তুলিব। সেই পৰিৱেশতহে আইন-প্ৰদত্ত অধিকাৰসমূহ অৰ্জন কৰিব পৰা যায় তথা শংকাহীন স্বাধীনতা সাব্যস্ত কৰিব পাৰি। তেনে এক বাতাবৰণ গঢ়ি তোলাত পুলিচ, প্ৰশাসন, চৰকাৰ, আইন-আদালত আৰু সৰ্বোপৰি সমাজৰ ডাঙৰ ভূমিকা আছে, যি ভূমিকা আজি কোনেও পালন কৰা পৰিলক্ষিত হোৱা নাই। ৰাষ্ট্ৰ আৰু সমাজৰ যথোচিত ভূমিকা সাব্যস্ত হ'লেহে নাৰী অধিকাৰসমূহ বাস্তৱত অৰ্জন কৰা সম্ভৱ।

Share Button
Print Friendly, PDF & Email

No Comments : "সম্পাদকীয়ৰ পৰিবৰ্তে : নাৰী অধিকাৰ ... জুনু বৰা"

Leave a Comment

Your email address will not be published. Required fields are marked *