সম্পাদকৰ টোকা :: প্রসংগ সমকামিতা : কিছু বিক্ষিপ্ত চিন্তা (কৌশিক দাস)

১.

সমকামিতাৰ সংক্রান্তত ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ে ৬ ছেপ্টেম্বৰ, ২০১৮ তাৰিখে প্রদান কৰা ৰায়টো আক্ষৰিক অৰ্থতেই ঐতিহাসিক। ৰায়টোৰ মতে দুজন প্ৰাপ্তবয়স্ক ব্যক্তিৰ সহমত থাকিলে তেওঁলোকৰ মাজত সমকামিতা কিম্বা অন্য যৌনক্রি‌য়া মুঠেই বেআইনী নহয়, বৰঞ্চ সেয়া হৈছে তেওঁলোকৰ সংবিধানপ্ৰদত্ত অধিকাৰ। A4 আকাৰৰ কাকতত ১২ ফন্ট আখৰেৰে ডাবোল স্পেচত মুদ্রিত ৰায়টো ৪৯৫ পৃষ্ঠাৰ। ৰায়টোত গোটেই বিষয়টো বিস্তাৰিত ৰূপত আলোচনা কৰি সিদ্ধান্ত দিয়া হৈছে এইদৰে, “In view of the aforesaid findings, it is declared that insofar as Section 377 criminalises consensual sexual acts of adults (i.e. persons above the age of 18 years who are competent to consent) in private, is violative of Articles 14, 15, 19, and 21 of the Constitution”। উচ্চতম ন্যায়ালয়ৰ এই ৰায়ে বিভিন্ন মহলত, বিভিন্ন স্তৰত উত্তপ্ত আৰু চিত্তাকৰ্ষক আলোচনাৰ জন্ম দিছে। উক্ত প্রসংগতেই এই চমু লিখাত দুটিমান বিক্ষিপ্ত মত আগ ব‌ঢ়াবলৈ প্রয়াস কৰিম।

সেই বৃটিছৰ দিনতেই—ঔপনিবেশিক যুগত—, তেতিয়াৰ মূল্যবোধ, প্রমূল্য, শাসকৰ স্বাৰ্থ আদিক ভিত্তি কৰি প্রণয়ন কৰা হৈছিল ভাৰতীয় দণ্ডবিধি আইন, ১৮৬২ চনত। ১৯৪৭ চনৰ ৰাজনৈতিক ক্ষমতাৰ হস্তান্তৰৰ পাছত উক্ত আইনখনকেই ভিত্তি কৰি আধুনিক ভাৰতীয় আইনব্যৱস্থাটোক গ‌ঢ় দিয়া হৈছিল। সময়ৰ লগে লগে ব্যৱস্থাটোত নানান সংশোধন, পৰিৱৰ্তন আৰু সংযোজন কৰি থকা হৈছে। যি কি নহওক, ভাৰতীয় দণ্ডবিধি আইনত ৩৭৭ নম্বৰৰ অনুচ্ছেদ এটা আছে। অনুচ্ছেদটোক গ্রহণ কৰা হৈছিল সেই তেতিয়াই, বৃটিছৰ দিনত। তাত প্ৰকৃতিৰ নিয়মবিৰুদ্ধ যিকোনো যৌনকাৰ্যক শাস্তিযোগ্য অপৰাধ হিচাপে অভিহিত কৰা হৈছিল। কেনেকুৱা শাস্তি? বিধান দিয়া হৈছিল যে প্ৰকৃতিৰ নিয়মৰ পৰিপন্থী যিকোনো যৌনকাৰ্যত লিপ্ত হোৱা ব্যক্তিক যাৱজ্জীৱন কাৰাদণ্ড কিম্বা জৰিমনাসহ দহ বছৰলৈকে কাৰাদণ্ডৰ ব্যৱস্থা কৰা হ’ব। নক’লেও হ’ব, সমকামিতা আছিল উক্ত আইনৰ মূল লক্ষ্য।

প্রকৃততে, আধুনিক যুগৰ “কল্যাণকামী” ৰাষ্ট্র এখনৰ ন্যায়-ব্যৱস্থাটোৱে উক্ত ৰায়টো একবিংশ শতিকাৰ এই দ্বিতীয় দশকত প্রদান কৰিবলগীয়া হোৱাটোৱেই এটা বৰ আচৰিত আৰু তাৎপৰ্যপূৰ্ণ কথা। সমকামী, উভকামী আৰু তৃতীয় লিংগৰ লোকসকলৰ (Lesbian, gay, bisexual, আৰু transgender, চমুকৈ LGBT) মানৱাধিকাৰৰ সপক্ষে বিশ্বব্যাপী সংঘটিত হোৱা সংগ্রামৰ কথা সৰ্বজনবিদিত। তেনে সংগ্রাম-উদ্ভিন্ন আলো‌ড়ন আৰু জনমতৰ হেঁচাত পৃথিৱীৰ বহুতো দেশে সমকামী, উভকামী কিম্বা তৃতীয় লিংগৰ লোকসকলৰ ওপৰত পূৰ্বে বলবৎ হৈ থকা আইনগত নিষেধাজ্ঞা বিলোপ কৰিবলৈ বাধ্য হৈছে। তেনে বাধা আৰু আইনী শাস্তি যে এটা অমানৱীয় প্রথা, সেই কথাটো প্রতিষ্ঠা কৰাত লিংগসাম্যভিত্তিক গণতান্ত্রিক ব্যক্তিস্বাধীনতাৰ প্রবক্তাসকল বহুদূৰলৈ সফল হৈছে। সেইবাবেই উল্লেখ কৰিছিলোঁ, কাগজে-কলমে নিজকে কল্যাণকামী ৰাষ্ট্র বুলি ঘোষণা কৰা ভাৰতবৰ্ষত উক্ত লোকসকলৰ মানৱ-অধিকাৰ মাটিত মিলাই দিয়া ক'লা আইনখনৰ অৱলুপ্তিৰ বাবে একবিংশ শতিকাৰ দ্বিতীয় দশকৰ শেষলৈ অপেক্ষা কৰিবলগীয়া হোৱাটো এটা আচৰিত কথা। কিন্তু সুখৰ কথা, উচ্চতম ন্যায়ালয়ৰ ৰায়টোত এটা সমূহীয়া অনুশোচনাৰ স্বৰো প্রতিধ্বনিত হৈছে। ৰায়টোত কোৱা হৈছে যে যুগ যুগ ধৰি চলাই অহা অৱদমনৰ বাবে ইতিহাসে সমকামী, উভকামী আৰু তৃতীয় লিংগৰ লোক আৰু তেওঁলোকৰ পৰিয়ালৰ ওপৰত ওচৰত ক্ষমা খোজা উচিত, “History owes an apology to the members of this community and their families, for the delay in providing redressal for the ignominy and ostracism that they have suffered through the centuries”। উচ্চতম ন্যায়ালয়ৰ উক্ত ৰায়টো সঁচাই বিৰল প্রজ্ঞামিশ্রিত যুক্তিৰে পৰিপূৰ্ণ।

২.

উচ্চতম ন্যায়ালয়ৰ ৰায়টোৰ এঠাইত আধুনিক চিকিৎসাবিজ্ঞানৰ প্রসংগ উত্থাপন কৰি কোৱা হৈছে যে সমকামিতা হৈছে প্রাকৃতিক যৌনতাৰেই এটা প্রকৰণ, “Medical and scientific authority has now established that consensual same sex conduct is not against the order of nature and that homosexuality is natural and a normal variant of sexuality…”।

সমকামিতা এটা প্রাকৃতিক প্রপঞ্চ হয়নে? নে সমকামিতা প্রকৃতিবিৰুদ্ধ? এই প্রশ্নটোৰ উত্তৰ সহজ আৰু অতি চমু— হয়, সমকামিতা নিশ্চিতভাৱে হৈছে প্রাকৃতিক যৌনতাৰেই এটি প্রকৰণ। কিন্তু মাত্র এই উত্তৰটোৰ ওপৰত ভিত্তি কৰিয়েই সমকামিতাৰ সামাজিক গ্রহণযোগ্যতাৰ ভিত্তি নিৰ্মাণ কৰিবলৈ প্রয়াস কৰা পন্থাটো একধৰণৰ যৌক্তিক বিভ্রান্তি। কথাটো চমুকৈ আলোচনা কৰা যাওক।

উল্লেখ কৰি আহিছিলোঁ যে ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৭ নম্বৰৰ অনুচ্ছেদটোত কোৱা হৈছিল যে প্ৰকৃতিৰ নিয়মবিৰুদ্ধ যিকোনো যৌনকাৰ্য হৈছে শাস্তিযোগ্য অপৰাধ। গতিকে আচৰিত হ’বলগীয়া একো নাই যে ৬ ছেপ্টেম্বৰৰ ৰায়টোত এই “প্রাকৃতিক-অপ্রাকৃতিক যৌনকাৰ্য”-ৰ প্রসংগটো বহুবাৰ উত্থাপিত হৈছে। অলপ আগতেই তাৰ এটা শাৰী উদ্ধৃত কৰিছিলোঁ। ৰায়টোৰ অন্য এঠাইত কোৱা হৈছে যে "সমকামিতা অপ্রাকৃতিকহে, প্রাকৃতিক নহয়"— অজ্ঞতাৰ পৰা উদ্ভুত তেনে ভ্রান্ত ধাৰণাৰ ফলতেই একাংশ লোকৰ জীৱন দুৰ্বিষহ হৈ পৰিছিল, “The members of this community were compelled to live a life full of fear of reprisal and persecution. This was on account of the ignorance of the majority to recognise that homosexuality is a completely natural condition, part of a range of human sexuality”। সমকামিতাক বেআইনী বোলা পূৰ্বৰ ক'লা আইনখনৰ এটা যুক্তি আছিল যে সমকামিতা অপ্রাকৃতিক। সেইবাবেই আদালতৰ সাম্প্রতিক ৰায়টোত উক্ত দিশটো, প্রাকৃতিক-অপ্রাকৃতিকৰ কথাটো— আহি পৰাটো আছিল অৱধাৰিত।

সেয়া আছিল আইন-আদালতৰ কথা। আইনী জোঁটপোট লগা কথা এৰি অলপ ভিন্ন দিশৰ পৰা কথাটো চাবলৈ যত্ন কৰা যাওক। সাধাৰণতেই দেখা যায়, কোনো এটা কথা সামাজিক কিম্বা নৈতিকভাৱে গ্রহণযোগ্য হয় নে নহয়, কথাটো শুভ হয় নে নহয়, সেইটো নিৰূপণ কৰিবলৈ কোৱা হয়, "কথাটো প্রকৃতিত আছে" অথবা "কথাটো প্রকৃতিত নাই"। স্বতঃসিদ্ধ প্রমেয়ৰ দৰে ধৰি লোৱা হয়, প্রকৃতিত যদি আছে, তেন্তে সেই কথাটো শুভ আৰু গ্রহণযোগ্য; আৰু যদি কথাটো প্রকৃতিত নাই, তেন্তে আমি গ্রহণ কৰা উচিত নহয়, সেইটো অশুভ আৰু অনৈতিক। সহজকৈ বুজিবলৈ তলৰ কথাটিলৈ লক্ষ্য কৰা যাওক:

“ক” হৈছে প্রাকৃতিক।
গতিকে, “ক” হৈছে শুভ, নৈতিক আৰু গ্রহণযোগ্য।
“খ” হৈছে অপ্রাকৃতিক।
গতিকে, “খ” হৈছে অশুভ, অনৈতিক আৰু অগ্রহণযোগ্য ।

এইধৰণৰ “যুক্তিবিন্যাস” হৈছে একধৰণৰ যৌক্তিক বিভ্রান্তি অথবা কুযুক্তি (Fallacy)। এই বিশেষ যৌক্তিক বিভ্রান্তিটোক তৰ্কশাস্ত্রত প্রকৃতিবাদী বিভ্রান্তি (Naturalistic fallacy) বুলি জনা যায়। ১৯০৩ চনত ম’ৰে (G. E. Moore) নামৰ পণ্ডিত এগৰাকীয়ে উক্ত শব্দটো প্রথমবাৰৰ বাবে ব্যৱহাৰ কৰিছিল। অলপ গমি চালে ধৰিব পাৰি যে উক্ত যুক্তিবিন্যাসত প্রাকৃতিক শব্দটোৰ অৰ্থ সুস্পষ্ট নহয়। ধাৰণা কৰা হয় যে প্রকৃতিত পোৱা নানান ভৌতিক (Physical) পৰিঘটনা সমন্বিতে জীৱজন্তুৱে কৰা কাৰ্যবোৰ প্রাকৃতিক, বিপৰীতপক্ষে, মানৱকৃত কৰ্মকাণ্ডবোৰ অপ্রাকৃতিক। প্রশ্ন উঠিব, মানুহো দেখোন প্রকৃতিৰেই অংগ, গতিকে মানৱিক কৰ্মকাণ্ডবোৰ অপ্রাকৃতিক কেনেকৈ হ’ল? তাতোকৈ ডাঙৰ কথা, তেনে অস্পষ্ট অৰ্থকেই সম্বল কৰি প্রাকৃতিক-অপ্রাকৃতিকৰ ধাৰণাটো কিছুমান প্রমূল্যৰ সৈতে (যেনে, নৈতিকতা) সংলগ্ন কৰি উচিত-অনুচিতৰ বিচাৰ কৰাৰ প্রয়াস কৰা হয়। লক্ষণীয়, সাধাৰণতেই তেনে পদ্ধতিত “প্রাকৃতিক” শব্দটোক “স্বাভাৱিক” শব্দটোৰ সৈতে একাকাৰ কৰি সিদ্ধান্তলৈ অহা হয়। জুলিয়ান বাগিনি (Julian Baggini) নামৰ এগৰাকী বিদ্বানে বৰ মনোগ্রাহীকৈ তেনে যুক্তিবিন্যাসৰ বিভ্রান্তিটো দেখুৱাইছে। আমি বাৰু ধৰিয়েই ল'লোঁ যে কিছুমান কথা প্রাকৃতিক আৰু কিছুমান প্রাকৃতিক নহয়। তাৰ পৰা বাৰু কথাটোৰ গ্রহণযোগ্যতাৰ প্রসংগত কি সিদ্ধান্ত লোৱা যায়? উত্তৰটো হৈছে, একো সিদ্ধান্তই লোৱা নাযায়। প্রাকৃতিক হ’ল বুলিয়েই কোনো এটা কথাক যিদৰে শুভ, নৈতিক আৰু গ্রহণযোগ্য বুলি আখ্যা দিয়াৰ একো যুক্তি নাই, তেনেদৰেই অপ্রাকৃতিক হ’লেই কথা এটাক বেয়া বোলাটো অযৌক্তিক।

গতিকে আমি দেখিলোঁ যে প্রাকৃতিক হ’লেই কোনো এটা কথা গ্রহণযোগ্য, অপ্রাকৃতিক হ’লেই পৰিত্যাজ্য— এই ধাৰণাটোৱেই হৈছে এটা বিভ্রান্তি। দুটামান উদাহৰণে কথাটো স্পষ্ট কৰিব। প্রকৃতিত ১৫০০টাৰো অধিক প্রজাতিৰ প্রাণীৰ সন্ধান পোৱা গৈছে যিবোৰে নিজৰ প্রজাতিকেই ভক্ষণ (Cannibalism) কৰে (তলৰ চিত্রত এটা উদাহৰণ দ্রষ্টব্য)। এই প্রাকৃতিক কথাটোক ভিত্তি কৰি মানুহে নৰমাংস ভক্ষণ কৰা কথাটোক গ্রহণযোগ্য কৰা নাযায়। মানৱীয় কৰ্মকাণ্ডৰ দুটি ভিন্নমুখী দিশ হৈছে ধৰ্মচিন্তা আৰু বিজ্ঞান-চৰ্চা। আলোচ্য যুক্তিবিন্যাসৰ হাত ধৰি আগ বা‌ঢ়িলে ক’ব লাগিব, ধৰ্মচিন্তা আৰু বিজ্ঞান-চৰ্চা প্রাকৃতিক বস্তু নহয়। এই “অপ্রাকৃতিক” প্রথমটো বস্তু ধৰ্মচিন্তা আধুনিক যুক্তিবাদী সমাজৰ বাবে পৰিত্যাজ্য; দ্বিতীয়টো—বিজ্ঞান-চৰ্চা— কিন্তু আধুনিক সভ্য সমাজৰ বাবে অপৰিহাৰ্য। এইসমূহ উদাহৰণৰ পৰা আমি ক'ব পাৰোঁ যে প্রাকৃতিক-অপ্রাকৃতিক ধাৰণাটোৰ সৈতে কোনো কথাৰ গ্রহণযোগ্যতা-অগ্রহণযোগ্যতাৰ দিশটো প্রাসংগিক নহয়।

 

মৰ্মন ক্রিকেট (Anabrus simplex) নামৰ পংতগবিধে প্রটিন আৰু লৱণৰ নাটনি হ’লে নিজৰ প্রজাতিকেই ভক্ষণ কৰে। (চিত্রৰ উৎস: উইকিপেডিয়া)

উপৰিউক্ত কথাখিনি অলপ দীঘলীয়াকৈ লেখিবলগীয়া হ’ল, কিয়নো সমকামিতাৰ আলোচনাত প্রাকৃতিক-অপ্রাকৃতিক “যুক্তি”টোক বহুতেই ভিত্তি হিচাপে লোৱা চকুত পৰিছে। আকৌ উনুকিয়াইছোঁ, ভাৰতৰ পুৰণি আইনখনৰো ভিত্তি আছিল সেইটোৱেই। আইনখন বাতিলৰ সময়তো উচ্চতম ন্যায়ালয়ৰ  সাম্প্রতিক ৰায়টোত উক্ত ভিত্তিটোক খণ্ডন কৰাৰ প্রয়াস কৰা হৈছে। হ'লেও, আমি মনত ৰখা উচিত যে সমকামিতা প্রকৃতিত আছে নে নাই, সেই প্রশ্নটো প্রকৃতাৰ্থত সমকামিতাৰ গ্রহণযোগ্যতা, নৈতিকতা আদিৰ বিচাৰত অপ্রাসংগিক।

অৱশ্যে অন্য এটা দিশৰ পৰা উক্ত কথাটো গুৰুত্বপূৰ্ণ। “সমকামিতা প্রাকৃতিক প্রপঞ্চ নহয়”—এই ভ্রান্ত ধাৰণাটোৱে বহুতৰেই মনত কিছুমান বিভ্রান্তিকৰ চিন্তাৰ জন্ম দিছে। ওপৰত বৰ্ণনা কৰি অহা যৌক্তিক বিভ্রান্তিটোত নিমজ্জিত হৈয়েই বহুতে কয়, সমকামিতা যিহেতু অপ্রাকৃতিক, সেয়েহে তাক পৰিহাৰ কৰা যুগুত। যদিও এই সিদ্ধান্তটো এটা পদ্ধতিগত বিভ্রান্তিৰ ফলত উৎপন্ন হোৱা শাহহীন পতান, কিন্তু তেনে ভ্রান্ত যুক্তিবিন্যাসৰ প্রতিমুখে তথ্যসহকাৰে থিয় দিয়াটোও দৰকাৰী। পৰিষ্কাৰকৈ দেখুৱাই দিয়া দৰকাৰ যে মাত্র যৌক্তিক বিভ্রান্তিয়েই নহয়, তেনে বিচাৰৰ তথ্যগত ভিত্তিটোৱেই হৈছে এটা মাৰাত্মক ভুলৰ ওপৰত প্রতিষ্ঠিত। তথ্যপাতিৰে দেখুৱাই দিয়া জৰুৰী যে প্রকৃতিত, মানুহৰ উপৰিও, বহুতো প্রাণীৰ মাজত সমকামী যৌনাচৰণ বিদ্যমান। জীৱবিজ্ঞানৰ এই দিশটোৰ বিস্তাৰিত আলোচনালৈ নগৈ কথাটো মাত্র উনুকিয়াই থ'লোঁ।

৩.

বহুতেই সমকামিতাক পশ্চিমৰ পুঁজিবাদী দেশৰ অনাহুত-উচ্ছৃংখল উপাদান কিম্বা অৱদান বুলি গণ্য কৰে। ব্যক্তিগত কথোপকথনৰ পৰা অনুভৱ হৈছে যে কোনো কোনো প্রগতিশীল লোকো উক্ত মতটোৰ প্রবক্তা। সমকামী, উভকামী কিম্বা তৃতীয় লিংগৰ লোকসকলৰ মানৱাধিকাৰৰ সংগ্রামৰ আৰম্ভণি আৰু ব্যাপ্তি ঘটিছিল মূলতঃ পশ্চিমৰ পুঁজিবাদী দেশসমূহত। সেইবাবেই সম্ভৱ উক্ত লোকসকলে সমকামিতাক পশ্চিমৰ ভোগবাদী সমাজ আৰু দৰ্শনৰ সৈতে একাকাৰ কৰি পেলায়।

মেক্সিকো চিটিৰ যাদুঘৰত জোছিপিল্লিৰ প্রাচীন মূৰ্ত্তি (চিত্রৰ উৎস: উইকিপেডিয়া)

কিন্তু ঐতিহাসিক তথ্যপাতিয়ে ভিন্ন কথাহে কয়। সমকামিতাৰ ইতিহাস বোধকৰোঁ মানুহৰ ইতিহাসৰ সমানেই প্রাচীন। প্রাচীন কালৰ গ্রীক্‌ পুৰাণত সমকামিতাৰ সম্ভেদ পোৱা যায়। গ্রীক্‌ দেৱতা ডিউছ মুগ্ধ হৈ পৰিছিল গনিমেদ নামৰ বালকৰ ৰূপত। তাৰ পাছত আৰম্ভ হৈছিল তেওঁলোকৰ মাজত সমকামী প্রণয়ৰ সমন্ধ এটা। জোছিপিল্লি (Xochipilli) আছিল প্রাচীন আজটেক্‌ পুৰাণৰ দেৱতা। তেওঁ আছিল শিল্পকলা, ক্রীড়া, সৌন্দৰ্য, গীতনৃত্য, পুষ্প আদিৰ দেৱতা। তেওঁৰ পত্নী আছিল পৃথিৱীৰ এগৰাকী নাৰী। লক্ষণীয় কথা, এইগৰাকী দেৱতা আছিল, অকল পুৰুষ যৌনকৰ্মীৰেই নহয়, পুৰুষ-সমকামী যৌনকৰ্মীসকলৰ পৃষ্ঠপোষক। এইটো তথ্যই নিঃসন্দেহে মানৱ-ইতিহাসত সমকামিতাৰ প্রাচীনত্বৰ কথাই নিৰ্দেশ কৰে। কিন্তু এই তথ্যই প্রদান কৰা অন্য এটা তাৎপৰ্যপূৰ্ণ দিশলৈ আমি লক্ষ্য কৰা উচিত। সমকামিতাৰ পৃষ্ঠপোষক জোছিপিল্লি আছিল সৌন্দৰ্য আৰু সুকুমাৰ কলাৰো দেৱতা। সমকামিতা আৰু সৌন্দৰ্য-নন্দনকলাক একেশাৰীতে স্থান দিয়া কথাটো সঁচাই বাৰু কৌতূহলোদ্দীপক নহয়নে? প্রাচীন মায়া সভ্যতাতো তেনে এগৰাকী দেৱতাৰ সন্ধান পোৱা যায়। তেওঁ হৈছে চিন্‌ (Chin)। এইজনাও আছিল সমকামী সমন্ধ আৰু পুৰুষ সমকামী যৌনকৰ্মীৰ পৃষ্ঠপোষক। বিশ্বাস কৰা হয় যে চিন্‌ আছিল অভিজাত মায়াসকলৰ মাজত সমকামী যৌনউদ্দীপক সমন্ধৰ উদ্গাতা। উল্লেখযোগ্য যে তেওঁলোকে সমাজৰ নিম্ন স্তৰৰ যুৱকক নিজৰ পুত্রৰ প্রেমিক হিচাপে নিয়োগ কৰিছিল। তেতিয়াৰ প্রচলিত আইনে তেনে সমন্ধক ন্যায়সংগত বিবাহ বুলি স্বীকৃতি দিছিল।

প্রাচীন ভাৰতবৰ্ষতো সমকামিতাৰ উপস্থিতি গ্রন্থগত তথ্যৰ পৰা পোৱা যায়। উদাহৰণস্বৰূপে, কোনো ছোৱালীয়ে যদি অন্য ছোৱালীৰ যোনিত আঙুলি সুমুৱাই দিয়ে, তাৰ বাবে শাস্তিৰ বিধান দিছে “মনু সংহিতা”-ই (৮/৩৬৯)। কি শাস্তি? দুশ পণ জৰিমনা, দুগুণ কৰ আৰু দশটা বেত্রাঘাত। কিন্তু বয়সস্থ নাৰীয়ে যদি কোনো ছোৱালীক তেনে কৰে, তেনেহ'লে শাস্তি অতি গুৰুতৰ; চুলি খু‌ৰাই, আঙুলিকেইটা কাটি গাধৰ পিঠিত বহুৱাই ৰাজপথত তেনে নাৰীক ঘূৰাব লাগিব (৮/৩৭০)। সকলোৱে জনা কথা, নাৰী-অৱদমনৰ বিধান আৰু পুৰুষতান্ত্রিক আধিপত্যৰ জয়গান এই শাস্ত্রগ্রন্থখনৰ পৃষ্ঠাই পৃষ্ঠাই বিদ্যমান। সমকামিতাৰ ক্ষেত্রতো তেনে লিংগবৈষম্য “মনু সংহিতা”-ত স্পষ্টকৈ প্রতিফলিত হৈছে; গ্রন্থখনত পুৰুষৰ সমকামিতাক মাত্র জাতিভ্রংশকৰ পাতক বুলিহে আখ্যা দিছে, কোনো শাস্তিৰ বিধান দিয়া চকুত পৰা নাই (১১/৬৮)। ভাৰতবৰ্ষৰ এখন পুৰণি পুথি বাৎসায়নৰ কামসূত্রত ঔপৰিষ্টক (মুখ সংগম) নামৰ শব্দ এটা পোৱা যায় (২/৯/৩৬)। ঔপৰিষ্টকৰ অৰ্থ মুখ-সংগম (Oral sex)। কামসূত্রৰ বৰ্ণনা মতে পুৰুষ আৰু নাৰী, উভয়েই সমকামী ঔপৰিষ্টক কাৰ্যত লিপ্ত হৈছিল। নাৰীয়েই হওক বা পুৰুষেই হওক, তেওঁলোকৰ মাজৰ সমকামী কিম্বা উভকামী যৌনাচাৰ প্রাচীন ভাৰতবৰ্ষৰ শিল্প-ভাষ্কৰ্যত অতি সুলভ। এই প্রসংগত খাজুৰাহোৰ ভাস্কৰ্যৰ কথা উদাহৰণ হিচাপে উল্লেখ কৰিব পাৰি।

খাজুৰাহোৰ মূৰ্ত্তিত সমকামিতা।

৪.

সমকামিতাৰ এক দীৰ্ঘ আৰু প্রাচীন ইতিহাস থাকিলেও, তাৰ প্রতি সকলো সময়তে সমাজৰ গৰিষ্ঠসংখ্যক লোকৰ যে উদাৰ মনোভাব আছিল, তেনে নহয়। সমকামিতাৰ প্রতি খ্রীষ্টান আৰু ইছলাম ধৰ্মৰ মনোভাব অতি কঠোৰ। খ্রীষ্টান ধৰ্মৰ প্রচণ্ড প্রভাৱ থকা মধ্যযুগৰ ইউৰোপত সমকামিতাক অপৰাধ আৰু পাপ হিচাপে চিহ্নিত কৰা হৈছিল। তাৎপৰ্যপূৰ্ণভাৱে সেই সময়ছোৱাত ৰাছিয়াত সমকামিতাৰ প্রতি সিমান এটা সংকীৰ্ণ মনোভাব নাছিল। সমকামিতাৰ প্রসংগত,—জাৰৰ পৰা কমিউনিষ্টলৈ—, ৰাছিয়াত সংঘটিত হোৱা ঐতিহাসিক ঘটনাক্রম বৰ চিত্তাকৰ্ষক।

জন্ম শতবৰ্ষত (১৯৭২ চনত) প্রকাশ কৰা ডাক টিকেটত ছোৱিয়েট যুনিয়নৰ বৈদেশিক সচিব জৰ্জি ছিছিৰিন

ৰাছিয়াত পুৰুষ আৰু মহিলা, দুয়োবিধ সমকামীৰ বাবেই মৃত্যুদণ্ডৰ বিধান প্রণয়ন কৰা হৈছিল সোতৰ শতিকাত। পৰিহাসপূৰ্ণ কথা, জাৰ এগৰাকীয়ে আৰম্ভ কৰা ৰাছিয়াৰ ইউৰোপীয়কৰণ আৰু আধুনিকীকৰণৰ প্রচেষ্টাৰ সৈতে সংগতি ৰাখি তেনে আইনৰ ব্যৱস্থা কৰা হৈছিল। জাৰ পিটাৰ দি গ্রেটৰ সময়ত সৈন্যবাহিনীত সমকামিতাৰ ওপৰত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰা হয়। লেনিনৰ মুখ্য-নেতৃত্বত সংঘটিত ১৯১৭ চনৰ মহাবিপ্লৱৰ পাছত (সেই বছৰৰেই ডিচেম্বৰ মাহত) পূৰ্বৰ জাৰৰ দিনৰ আইন বিলুপ্ত কৰা হয়। তাৰ লগে লগেই সমকামিতা আৰু অপৰাধ হৈ নাথাকিল। লেনিনৰ আমোলত সমকামীসকলক মুক্তভাৱে চৰকাৰী কাম-কাজত নিয়োগ কৰা আৰম্ভ হ’ল। উদাহৰণস্বৰূপে, জৰ্জি ছিছিৰিন (Georgy Chicherin) আছিল ট্রট্‌স্কীৰ ঘনিষ্ঠ এগৰাকী বলছেভিক বিপ্লৱী। ছিছিৰিন আছিল ৰাজহুৱাভাৱে ঘোষিত এগৰাকী সমকামী ব্যক্তি। তেখেতে ছোৱিয়েট য়ুনিয়নৰ বৈদেশিক সচিবৰ দৰে অতি গুৰুত্বপূৰ্ণ পদ এটাত অধিস্থিত হৈ আছিল ১৯১৮ চনৰ পৰা ১৯৩০ চনলৈ। এইসমূহ কথাৰ পৰা কিন্তু সমকামিতাৰ প্রতি তেতিয়াৰ কমিউনিষ্টসকলৰ ধাৰণা একমাত্রিক আৰু সৰ্বদাই শুদ্ধ আছিল বুলি ক’ব নোৱাৰি। এচামে ধাৰণা কৰিছিল যে সমকামিতা প্রাকৃতিক নহয়, ই এবিধ ব্যাধি; সুস্থতাৰ বাবে এই ব্যাধিৰ নিদানৰ প্রয়োজন। অন্য কিছুমানে সমকামিতাক বুৰ্জোৱা সমাজৰ এটা ৰুগ্ন-উপাদান বুলি গণ্য কৰিছিল। এইসমূহৰ বিপৰীতে অন্য একাংশই মত দিছিল যে নতুন সমাজবাদী সমাজখনত সমকামিতাৰ ক্ষেত্রত সামাজিক সহনশীলতা, উদাৰতা আৰু শ্রদ্ধা থকা দৰকাৰ। বিপ্লৱৰ পাছতেই, ১৯২০ চনৰ পৰা, ছোৱিয়েট য়ুনিয়নে যৌনতা সংক্রান্তীয় গৱেষণাত অতিশয় গুৰুত্ব প্রদান কৰিবলৈ আৰম্ভ কৰে। বিপ্লৱোত্তৰ কালৰ চিন্তাৰ মুক্ততা সম্ভৱতঃ এই কথাটোৰ চালিকা শক্তি আছিল। ১৯২৩ চনৰ পৰা ১৯৩০ চনলৈকে ছোৱিয়েট য়ুনিয়নৰ তীক্ষ্মধী গৱেষক আৰু উচ্চদায়িত্বসম্পন্ন বিষয়াৰ ভালেমান দলে জাৰ্মান ইনষ্টিটিউট ফৰ ছেক্সুৱেল ৰিচাৰ্ছকে ধৰি বহুকেইটি গৱেষণাগাৰৰ আলোচনাচক্রত প্রাপ্তবয়স্কৰ ব্যক্তিগত আৰু সন্মতিসাপেক্ষ সমকামিতাক আইনগত কৰা আৰু সমকামীসকলৰ অধিকাৰৰ সপক্ষে মত দিছিল। তাৎপৰ্যপূৰ্ণভাবে বেট্‌কিছ (Grigorii Batkis) নামৰ এগৰাকী উচ্চস্তৰৰ গৱেষক, লেখক আৰু উচ্চদায়িত্বসম্পন্ন বিষয়াই মত দিছিল যে সমকামিতা হৈছে একেবাৰে প্রাকৃতিক কথা, ইয়াৰ প্রতি সামাজিক আৰু আইনগত শ্রদ্ধা প্রদৰ্শন কৰা উচিত।

প্রায় সকলো ক্ষেত্রতে মোটামুটি সঠিক দিশতেই আগ বা‌ঢ়ি থকা ছোৱিয়েট য়ুনিয়নক ইতিমধ্যেই কিছুমান ঐতিহাসিক সীমাবদ্ধতাই ভাৰাক্রান্ত কৰিবলৈ আৰম্ভ কৰিছিল। সমকামিতাৰ ক্ষেত্রতো ক্রমাৎ ৰাষ্ট্রৰ পৰা প্রতিবন্ধকতা আহিবলৈ ধৰিলে। সমকামিতাক ব্যাধি আৰু মানসিক বিসংগতি বোলা ধাৰণাটোহে ক্রমাৎ প্রতিষ্ঠিত হ’বলৈ ধৰিলে। পৰিহাসৰ কথা, বেট্‌কিছ আৰু অন্যন্য গৱেষকে পূৰ্বতে নিজৰ গৱেষণাৰ পৰা ঘোষণা কৰা —সমকামিতা এবিধ স্বাভাৱিক যৌন প্রবৃত্তি—, এই মতটো ভ্রান্ত বুলি ক’বলৈ বাধ্য হৈ পৰিল। সেই শতিকাৰ তৃতীয় দশকৰ শেষৰ ফালে পূৰ্বৰ ভ্রান্ত ধাৰণাটোৱে (সমকামিতা অপৰাধ নহ'লেও মানসিক ব্যাধি) ৰাষ্ট্রৰ পৃষ্ঠপোষকতা পাবলৈ ধৰিলে। শেষত, ১৯৩৩ চনত আইন সংশোধন কৰি পুৰুষৰ সমকামিতাক আইনগত অপৰাধলৈ অৱনমিত কৰা হয়। সমকামী নাৰীৰ কথা অনুল্লিখিত থাকিলেও নতুন আইনত পুৰুষ সমকামীৰ কাৰণে পাঁচ বছৰলৈ অতি কঠোৰ কাৰাদণ্ডৰ বিধান দিয়া হয়। এই প্রসংগৰ এটা অতি চিত্তাকৰ্ষক তথ্য আমাৰ চকুত পৰিছে। ১৯৩৪ চনত এগৰাকী স্কটিছ কমিউনিষ্ট-সাংবাদিক হেৰী ওট্‌আৰ ৱেটীয়ে (Harry Otter Whyte) স্তালিনলৈ এখন দীৰ্ঘ পত্র লেখিছিল। পত্রখনৰ একাংশ উদ্ধৃত কৰি দিছোঁ, “……Since he (Stalin) strives to approach this question from a Marxist viewpoint, the author of this letter believes that the decree contradicts both the facts of life itself and the principles of Marxism-Leninism……the condition of homosexuals under capitalism is analogous to the condition of women, the coloured races, ethnic minorities, and other groups that are repressed for one reason or another….The existence of this insignificant minority is not a threat to a society under the dictatorship of the proletariat..’। পুঁজিবাদী ব্যৱস্থাত নাৰী, কৃষ্ণাংগ লোক আৰু সংখ্যালঘু জনগোষ্ঠীৰ দৰেই সমকামীসকলো যে বহুমাত্রিক অৱদমনৰ কবলত পৰে, সেই কথাটো এই সাংবাদিকগৰাকীয়ে স্পষ্ট ভাষাত উল্লেখ কৰিছিল। তীক্ষ্ণ যুক্তিৰে সাংবাদিকগৰাকীয়ে প্রতিপন্ন কৰিছিল যে উক্ত আইনখনে সমকামিতাৰ সংক্রান্তত যি দৃষ্টিকোণ প্রতিফলিত কৰিছে, সেইটো মাৰ্ক্সবাদৰ পৰিপন্থী।

স্তালিনে পত্রখন প‌ঢ়িছিল। তাৰ পাছত বাৰু কি কৰিছিল তেখেতে? আৰ্কাইভত পোৱা পত্রখনৰ প্রথম পৃষ্ঠাত তেওঁৰ হাতেৰে লিখা নিৰ্দেশটো আছিল এইবুলি, “Archive. An idiot and a degenerate. J. Stalin”। ইতিহাসৰ আৰ্কাইভলৈ কাৰ মত কেতিয়া নিক্ষেপিত হয়, সেইটো মাত্র পৰিৱৰ্তিত সময়েহে সম্ভৱ নিৰূপণ কৰে! সমকামীসকলৰ মানৱাধিকাৰৰ আন্দোলনত, এইগৰাকী স্বল্পখ্যাত কমিউনিষ্ট সাংবাদিকক এজন বাহাদুৰ ব্যক্তি বুলি গণ্য কৰা উচিত।

৫.

সমকামিতা “প্রাকৃতিক” আৰু “স্বাভাৱিক” যৌনাচাৰ, ই কোনো বিকৃতি নহয়— এই কথাটো আজি বৈজ্ঞানিকভাৱে সুপ্রতিষ্ঠিত। হ'লেও, কিছুমান প্রশ্নৰ সদুত্তৰ আজিও আমি পোৱা নাই। উদাহৰণস্বৰূপে, সমকামিতা জিনগত নে আচৰণগত? কেইবছৰমানৰ আগতে সংবাদমাধ্যমত হুলস্থূলৰ সৃষ্টি কৰা “গে-জিন”-ৰ (“Gay gene”) কোনো বাস্তৱ অস্তিত্ব নাই বুলি আজি নিশ্চিত। এনেবোৰ সংক্রান্তত বিজ্ঞানৰ একেবাৰেই প্রাথমিক কথাবোৰ নজনাকৈ বিজ্ঞানৰ বাতৰি পৰিৱেশত ওস্তাদি দেখুৱাবলৈ যোৱা সংবাদমাধ্যমে বহুতো বিভ্রান্তিৰ জন্ম দি আহিছে। “গে-জিন”-ৰ কথাটোৱেই তাৰ এটা সুন্দৰ উদাহৰণ। সমকামিতা সন্দৰ্ভত ১৯৯১ চনতেই ছাইমন লীভে (Simon LeVay) নামৰ বিজ্ঞানী এগৰাকীৰ এখন গৱেষণাপত্র প্রকাশ পাইছিল বিশ্ববিখ্যাত গৱেষণাপত্রিকা “চায়েন্স”-ত। তাত তেওঁ পৰীক্ষা-পৰ্যবেক্ষণলব্ধ তথ্য এটিৰ বিশ্লেষণ কৰিছিল। মানুহৰ মগজুত হাইপ’থেলামাছ নামৰ এটি অংশ আছে। গৱেষণাপত্রখনত দেখুউৱা হৈছিল যে সমকামী ব্যক্তিৰ হাইপ’থেলামাছৰ আয়তন বিষমকামী ব্যক্তিৰ হাইপ’থেলামাছৰ আয়তনতকৈ কম। বছ, সংবাদমাধ্যমক আৰু পায় কোনে! বাতৰি কাকতৰ প্রথম পৃষ্ঠাত, টেলিভিশ্বনৰ পৰ্দাত ঘোষণা কৰা হ’ল যে মগজুত এটা সমকামীকেন্দ্র (Gay centre) আৱিষ্কৃত হৈছে! এই সংক্রান্তত স্বয়ং ছাইমন লীভে কৌতুকেৰে কৈছিল যে তেওঁ যি যি কথা কোৱা নাই, সেইবোৰতহে এতিয়া গুৰুত্ব দিয়া হৈছে, কিয়নো তেওঁ মানুহৰ মগজুত তেনে কোনো সমকামী কেন্দ্রৰ কথা কোৱাই নাই। তাতোকৈও ডাঙৰ কথা—তেওঁ আঙুলিয়াই দিছিল—, প্রাপ্তবয়স্ক লোকৰ মগজুৰ ক্ষেত্রতহে তেওঁ আয়তনৰ তাৰতম্য লক্ষ্য কৰিছে, তাৰ পৰা ক’ব নোৱাৰি যে তেনে পাৰ্থক্য জন্মগত নে জীৱনৰ পৰৱৰ্তী কালত আহৰণ কৰা, “…Since I looked at adult brains, we don’t know if the differences I found were there at birth, or if they appeared later...”। এই সংক্রান্তত ডীন হেমাৰৰ (Dean Hamer) গৱেষণা আৰু তৎজনিত প্রতিক্রিয়াৰ কথালৈ বিষয়টোত আগ্রহীসকলে মন কৰা যুগুত। ১৯৯৩ চনত মানুহৰ যৌনতাৰ ৰেহৰূপৰ (Sexual orientation) সংক্রান্তত “চায়েন্স”-ত ডীন হেমাৰৰ দলটিৰ প্রথমখন গৱেষণাপত্র প্রকাশ হৈছিল। তাত দেখুউৱা হৈছিল যে পুৰুষ-সমকামিতাৰ ক্ষেত্রত নিৰ্ণায়ক কাৰক হৈছে X ক্রমোজম। অধিক বিশদভাৱে দেখুৱা হৈছিল যে ক্রমোজমৰ Xq28 নামৰ অংশটোৱে পুৰুষ-সমকামিতা নিয়ন্ত্রণ কৰে। উল্লেখ কৰিব পাৰি যে উক্ত গৱেষণাৰ আৰ্থিক পৃষ্ঠপোষক আছিল এমেৰিকা যুক্তৰাষ্ট্রৰ বিখ্যাত The National Cancer Institute; সমগ্র গৱেষণাটোত খৰছ হৈছিল সেই তেতিয়াই ৪১৯,০০০ ডলাৰ। নক'লেও হ’ব, ডীন হেমাৰৰ গৱেষণাৰ ফলাফলে সংবাদমাধ্যমত ধুমুহাৰ সৃষ্টি কৰিছিল, সংবাদমাধ্যমৰ কৃপাত সৰ্বসাধাৰণ মানুহে গম পাই গৈছিল যে সমকামিতাৰ জিন এটাৰ আৱিষ্কাৰ হৈ গ’ল! নামো দিয়া হ’ল জিনটিৰ—গে-জিন! খোদ হেমাৰে কিন্তু কৈছিল বেলেগ এটি কথা, “Homosexuality is not purely genetic. … Environmental factors play a role. There is not a single master gene that makes people gay….”। এইসমূহৰ পৰা দেখা যায় যে সমকামিতাৰ ক্ষেত্রত, অন্য আচৰণগত প্রবৃত্তিৰ দৰেই, জিন কম্বিনেশ্বন-ৰিকম্বিনেশ্বনৰ কথাটোক একেবাৰেই অগ্রাহ্য কৰা নাযায়। তেনেদৰেই আৰু এটা অতিশয় জটিল প্রশ্নৰ সমাধান এতিয়ালৈকে ওলোৱা নাই। জৈৱবিৱৰ্তনীয় দৃষ্টিৰ পৰা এসময়ত সমকামিতাক অন্ধ গলিৰ শেষৰ নীৰন্ধ্র দেৱাল বুলি গণ্য কৰা হৈছিল; কিয়নো, প্রজাতিৰ বংশবৃদ্ধি-বিৱৰ্তনত ই সহায়ক নহয়। কিন্তু পৰৱৰ্তী কালত দেখা গ’ল যে এইটো এটা জটিল সমস্যা, কিয়নো সঁচাই যদি সমকামিতা জীৱৰ বংশবৃদ্ধি-বিৱৰ্তনৰ প্রতিবন্ধক, তেনেহ'লে তেনে প্রবৃত্তি প্রকৃতিৰ পৰা নিশ্চিহ্ন হৈ যাব লাগিছিল। কিন্তু বাস্তৱত তেনে হোৱা পৰিলক্ষিত হোৱা নাই। আমাৰ ব্যত্তিগত ধাৰণা, সমকামিতাৰ ক্ষেত্রত সামাজিক প্রেক্ষাপটৰ বহুমাত্রিক ভূমিকাৰ দিশটো যিদৰে সূক্ষ্ম আৰু গভীৰভাৱে বিচাৰ-বিশ্লেষণ কৰাটো অপৰিহাৰ্য, তেনেদৰেই সমকামী যৌনপ্রবৃত্তিৰ জৈৱিক ভিত্তিৰ দিশটোও তন্ন তন্নকৈ পৰীক্ষনীয়। জৈৱপ্রবৃত্তিৰ ক্ষেত্রত জীৱ (জিনগত কাৰক) আৰু পৰিৱেশৰ (সামাজিক কাৰক) মাজৰ সাংঘাতিক জটিল আন্তঃসম্পৰ্কৰ বহুতো দিশ উন্মোচন হ’বলৈ বাকী। এই সংক্রান্তত কিছুদিনৰ আগতে সাম্প্রতিক গৱেষণাপত্রকেইখনমানৰ পাত লুটিয়াইছিলোঁ। দেখা গৈছে যে অবিকল যঁজা (Identical twin) ব্যক্তিৰ সমকামী প্রবৃত্তিৰ বিষয়ক গৱেষণাত বহুতো চিত্তাকৰ্ষক দিশ উন্মোচিত হৈছে। কিন্তু বিষয়টোত অলেখ মত আছে, সেইসমূহৰ বেছিভাগেই পৰস্পৰবিৰোধী। এইসমূহৰ পৰা ক’ব পাৰি, সমকামী যৌনপ্রবৃত্তিৰ উদ্ভৱৰ আঁৰৰ ৰহস্য উন্মোচন কৰাত সমাজবিজ্ঞান নে জীৱবিজ্ঞান, কোনটোৱে আমাক বাট দেখুৱাব, এই প্রশ্নটো আজিৰ সময়ত এটা অবান্তৰ কথা। অন্যান্য বহুতো প্রপঞ্চৰ দৰেই সমকামিতাৰ ৰহস্য উন্মোচনৰ বাবে এটা সামগ্রিক জ্ঞান-আধাৰৰ প্রয়োজন আছে বুলি ধাৰণা হয়। খণ্ডিত ৰূপত কিম্বা মাত্র এটা দিশক প্রাধান্য দি কৰা বিচাৰ-বিশ্লেষণে আমাক যথাযথ চিত্র এখন প্রদান কৰিবলৈ সমৰ্থ হ’ব বুলি মনে নধৰে।

৬.‌

সমকামিতাৰ জৈৱিক-সামাজিক ভিত্তিৰ ৰেহৰূপ যেনেকুৱাই নহওক, আমি কিন্তু পাহৰি গ’লে নহ’ব যে সমকামিতা এটা বাস্তৱৰ বস্তু। সেইবাবেই এই বাস্তৱতাক আওকাণ কৰাটো, কিম্বা এই প্রসংগৰ আলোচনাৰ প্রতি ৰক্ষণশীল মনোভাব পোষণ কৰাটো মুক্ত চিন্তাৰ পৰিচায়ক নহয়। সমকামী যৌন-প্রবৃত্তিৰ উদ্ভৱৰ প্রকৃত কাৰণ এতিয়াও অনাৱিষ্কৃত হৈ আছে যদিও সমাজত সমকামী, উভকামী কিম্বা তৃতীয় লিংগৰ উপস্থিতিটো যিদৰে এটা সত্য, তেনেদৰেই তেওঁলোকৰ মানৱাধিকাৰৰ প্রশ্নটোও এটা এৰাব নোৱৰা বাস্তৱতা। এই বাস্তৱতাৰ প্রসংগত মূলতঃ নানান সামাজিক কাৰকে নিৰ্ণায়ক ভূমিকা গ্রহণ কৰে। মননশীল লেখক জিতেন বেজবৰুৱাই এই সংখ্যাৰ মুক্ত চিন্তাতেই এটা চিত্তাকৰ্ষক নিবন্ধত সমকামিতাৰ প্রতি সামাজিক দৃষ্টি যে পুৰুষতন্ত্রৰ নিয়ন্ত্রণাধীন, সেইটো যুক্তিযুক্তভাৱে প্রতিপন্ন কৰিছে। আমি উক্ত দিশটো এই আলোচনাত উহ্য ৰাখি, অন্য কেইটিমান কথাৰে এই বিক্ষিপ্ত টোকাটোৰ শেষ অংশলৈ আগ বা‌ঢ়িছোঁ।

নক’লেও হ’ব, উচ্চতম ন্যায়ালয়ৰ আলোচ্য ৰায়টো সমাজৰ ৰক্ষণশীলতাৰ এটা দিশৰ ওপৰত প্রচণ্ড মাধমাৰ স্বৰূপ। গতিকে এইটো কথাত আচৰিত হ’বলগীয়া একো নাই যে মুক্ত চিন্তাৰ লোকসকলে ৰায়টোক আদৰণি জনোৱাৰ প্রতিমুখে ৰক্ষণশীল মহলে নানান বিৰূপ প্রতিক্রিয়া প্রকাশ কৰিছে। অতি অযুক্তিকৰভাৱে একাংশ লোকে, বিশেষকৈ ফেইচবুক আদিৰ দৰে সামাজিক মাধ্যমত, মত প্রকাশ কৰিছে যে আদালতৰ উক্ত ৰায়টোক আদৰণি জনোৱা কাৰ্যই সমাজত সমকামী ব্যক্তিৰ সংখ্যা বৃদ্ধি কৰিব। এইধৰণৰ চিন্তা মূলতঃ অজ্ঞতাৰ পৰা উদ্ভূত, সমকামিতাৰ প্রতি ভয়াৰ্ত আৰু ৰক্ষণশীল মনোভাব তাৰ প্রধান চালিকা শক্তি। আদালতৰ ৰায়টো মাত্র মানৱ-অধিকাৰৰ সৈতেহে সম্পৰ্কিত; এই মানৱ-অধিকাৰৰ সপক্ষে থিয় দিয়া কাৰ্যই সমকামী ব্যক্তিৰ সংখ্যা ব‌ঢ়াব বুলি কৰা ধাৰণাটো উদ্ভট। উদাহৰণ এটালৈ চাওঁ। নাৰী-অধিকাৰৰ সপক্ষে থিয় দিয়া বহুতো পুৰুষ নাৰীবাদী। এইসকল পুৰুষ জৈৱিকভাবে নাৰীলৈ ৰূপান্তৰিত হোৱাৰ আশংকা আছে বুলি কোনোবাই ক’লে সেইটো বাৰু এটা হাস্যকৰ কথা নহ’বনে? তেনেদৰেই, সমকামীৰ মানৱ-অধিকাৰক সমৰ্থন কৰা বিষমকামীসকলৰ যৌন-প্রবৃত্তি সমকামী হৈ গৈ সমাজত সমকামীৰ সংখ্যা ব‌ঢ়াব বুলি কৰা ধাৰণাটো মাথোন ভ্রান্তই নহয়, বালখিল্যও।

একাংশ লোক আকৌ আতংকিত হৈ পৰিছে এইবুলি যে আদালতৰ ৰায়টোৱে সমকামীসকলক বলপূৰ্বক সমকামী যৌনকাৰ্যত উৎসাহিত কৰিব। তেওঁলোকে ধাৰণা কৰিছে উক্ত ৰায়টোৱে সন্মতিহীন আৰু বলপূৰ্বক সমকামী যৌন-সম্পৰ্কক ন্যায্যতা প্রদান কৰিছে! সেইটোক যদি যুক্তি বুলি ধৰা হয়, তেনেহ'লে এইটোও ক’ব লাগিব যে পুৰুষে কৰা নাৰী-ধৰ্ষণৰ বাবে বিষমকামী যৌনাচৰণকো বেআইনী কৰি দিব লাগে! একাংশই তাতোকৈও চমকপ্রদ কথা এটা কৈছে যে ৰায়টোৱে নৈতিকতাৰ বান্ধ যিদৰে ভাঙি দিছে, সি গৈ মানুহক আনকি জন্তুৰ সৈতে সংগমতো উৎসাহিত কৰিব। এইধৰণৰ মত ঘাইকৈ নিৰ্বুদ্ধিতাজনিত ৰক্ষণশীলতাৰ প্রতিফলন। উচ্চতম ন্যায়ালয়ৰ ৰায়টোত অতি পৰিষ্কাৰকৈ কোৱা হৈছে যে স্বপ্রণোদিত, মুক্ত আৰু ভাবুকিৰহিত সন্মতিৰ ভিত্তিত গ‌ঢ় লোৱা  সমকামী যৌন সম্পৰ্ককহে মাথোন অনুমোদন জনোৱা হৈছে, “It is, however, clarified that such consent must be free consent, which is completely voluntary in nature, and devoid of any duress or coercion”। আদালতৰ ৰায়টোৱে সন্মতিহীন আৰু বলপূৰ্বক সমকামী যৌন সম্পৰ্কক নায্যতা দিব কিম্বা প্রৰোচিত কৰিব বুলি একাংশ লোকে কৰা ধাৰণাটো অবান্তৰ, অপ্রসংগিক আৰু অযৌক্তিক। সমাজত তেনে কাৰ্য ঘটিলেও, তাৰ বাবে জানো উক্ত ৰায়টো দায়ী হ’ব? বৰঞ্চ ৰায়টোত স্পষ্টকৈ কোৱা হৈছে, তেনে কাৰ্য হৈছে একো একোটা শাস্তিযোগ্য অপৰাধ। জন্তুৰ সৈতে যৌনকাৰ্যৰ ক্ষেত্রটো একেই কথা প্রযোজ্য, “The provisions of Section 377 will continue to govern non-consensual sexual acts against adults, all acts of carnal intercourse against minors, and acts of bestiality”।

শেষত চমুকৈ স্বল্পলোচিত দিশ এটাৰ কথা উনুকিয়াই থওঁ। যৌন সম্পৰ্কৰ ৰেহৰূপৰ সামাজিক অভিব্যক্তি থাকিলেও, কথাটো বহুদূৰলৈ ব্যক্তিগত পছন্দ-অপছন্দই নিৰূপণ কৰে। নক'লেও হ’ব, বিষমকামী ব্যক্তিয়ে সমকামী যৌন সমন্ধ ব্যক্তিগতভাৱে একেবাৰেই পচন্দ নকৰে। বিপদ আৰু আহুকাল আহে যেতিয়া সেই ব্যক্তিগত পছন্দ-অপছন্দক এটা প্রশ্নাতীত, সাৰ্বজনীন আৰু নৈতিক ৰূপ প্রদান কৰাৰ প্রয়াস কৰা হয়। এই কথাটোৱে সমকামিতাৰ দৰে প্রসংগত এটা আধিপত্যমূলক চৰিত্রও লাভ কৰে। সমাজত যিহেতু বিষমকামীৰ সংখ্যাধিক্য, সেয়েহে তেওঁলোকৰ পছন্দ-অপছন্দজনিত আধিপত্যই সমকামীসকলক অৱদমন কৰিবলৈ লয়। প্রশ্ন কৰিব পাৰি, সংখ্যাগৰিষ্ঠসকলৰ ব্যক্তিগত পছন্দ-অপছন্দকহে মাথোন গুৰুত্ব দিয়া যুগুত নে? একেই কথা সংখ্যালঘিষ্ঠ সমকামী ব্যক্তিৰ ক্ষেত্রতো কিয় প্রযোজ্য নহ'ব? তেওঁলোকৰ ব্যক্তিগত পছন্দ-অপছন্দক কিয় গুৰুত্ব প্রদান কৰা নহ’ব? তেওঁলোকৰ দৃষ্টিকোণৰ পৰা যে ব্যক্তিগত অসমকামী যৌন সম্পৰ্ক অনভিপ্রেত আৰু অস্বস্তিকৰ, সেই কথাটো হয়তো সাধাৰণতে পাহৰি থকা হয়। আধিপত্যৰে সম্পৃক্ত নৈতিকতাই সাধাৰণতেই সমকামী লোকক—নিজৰ পছন্দৰ কথাটো নস্যাৎ কৰি— বিষমকামী যৌন সম্পৰ্ক স্থাপন কৰিবলৈ সামাজিকভাৱে বাধ্য কৰে। এইটো সমকামীসকলৰ ওপৰত বলপূৰ্বকভাৱে সংঘটিত কৰা একধৰণৰ যৌন উৎপীড়ন। এই কথাটোকো শাস্তিযোগ্য অপৰাধ বুলি বিবেচনা কৰা উচিত।

আওপুৰণি অমানৱীয় আইন এখন আজি ইতিহাসৰ ডাষ্টবিনলৈ নিক্ষেপ কৰা হৈছে বুলি প্রগতিশীল লোকসকল উৎফুল্লিত হৈছে। এইটো এটা স্বাভাৱিক আৰু উচিত কথা। এই তাৎক্ষণিক আনন্দৰ মাজতেই আমি কিন্তু অলপ থমকি, এটা বিশেষ দিশলৈ লক্ষ্য কৰিব পাৰোঁ। অৱদমনৰ অন্ত পেলাবলৈ, সমতাভিত্তিক মানৱাধিকাৰ প্রকৃতাৰ্থত বাস্তৱায়িত কৰিবলৈ আইনেই শেষ কথা নে? উদাহৰণ এটালৈ চাওঁ আহক। প্রচলিত আইনে অমানৱীয় জাতিভেদ আৰু তৎজনিত নিষ্পেষণক প্রশ্রয় নিদিয়ে। তথাপি দেখোন ভাৰতীয় সমাজখনৰ মৰ্মে মৰ্মে বৰ্ণবাদৰ প্রগা‌ঢ় প্রভাৱ অনুভূত হয়। আইনৰ দৃষ্টিত আজি নাৰী-পুৰুষ সমান। কিন্তু সেই সমতাৰ আইন পদে পদে পু্ৰুষতন্ত্রই পদদলিত কৰা নাইনে? কাগজে-কলমে মানৱ-অধিকাৰৰ জয়গান গোৱা ৰাষ্ট্রখনত হাজাৰ-বিজাৰ শ্রমজীৱি শ্রমিক-কৃষক ৰাষ্ট্রৰেই নিৰ্মম নিপীড়ণৰ কবলত পৰা নাই নে? গতিকে মানৱ-অধিকাৰৰ কথাটো সমাজৰ একাংশ লোকৰ প্রসংগতেই সীমাবদ্ধ ৰাখি, খণ্ডিতকৈ বিচাৰ-বিবেচনা কৰিলে প্রগতিশীল আন্দোলনক বলীয়ান কৰা যাব বুলি ধাৰণা নহয়। সমকামিতাৰ প্রসংগতো একে কথাই প্রযোজ্য। উচ্চতম ন্যায়ালয়ৰ ৰায়টো নিঃসন্দেহে সমাজৰ একাংশ লোকৰ মানৱাধিকাৰ অধিকাৰ ৰক্ষাত সহায়ক হ’ব। কিন্তু প্রকৃতাৰ্থত তেওঁলোকৰ সম-অধিকাৰ বাস্তৱায়িত হ’ব যেতিয়া সমাজৰ গৰিষ্ঠসংখ্যক লোক মুক্ত হ’ব শতাব্দী-প্রাচীন মানসিক জ্যাড্যৰ পৰা। নকলেও হ’ব, সেইটো সম্ভৱ হ’ব এক নিৰবচ্ছিন্ন সাংস্কৃতিক-ৰাজনৈতিক সংগ্রামৰ মাজেদিহে। সেয়েহে, সমকামিতাৰ প্রসংগত আদালতৰ ৰায়টোৱে প্রগতিশীলমহলক উৎফুল্লিত কৰিলেও, সামগ্রিক সংগ্রামখনৰ পৰিপ্রেক্ষিতত সেইটো যে এটা ক্ষুদ্র অগ্রগতিহে—এই কথাটো আমি মনত ৰখা যুগুত। বৰ্তি থকা সমাজব্যৱস্থাটোৰ বহুমাত্রিক নিষ্পেষণৰ বলি হোৱা সকলো নিপীড়িত চামৰ মুক্তিয়েহে প্রকৃত অৰ্থত মানৱাধিকাৰ নিশ্চিত কৰিব।

Share Button
Print Friendly, PDF & Email