সম্পাদকৰ টোকা :: সাম্প্রতিক অসমৰ ভূত আৰু দানহ ‍(কৌশিক দাস)

ভূতৰ ওপৰত দানহ বুলি অসমীয়াত এষাৰ কথা আছে। বিগত কেইটিমান দশকত সমগ্র ভাৰতবৰ্ষত ভূতৰূপী ধৰ্মীয় সাম্প্রদায়িকতাৰ ক্রমাগত উত্থান এটা অতিশয় শক্তিশালী নেতিবাচক সামাজিক পৰিঘটনা বুলি পৰিগণিত হৈছে। সম্প্রতি তেনে উত্থানে বিতৰ্কাতীতভাৱে উল্লম্ফনৰ ৰূপ পৰিগ্রহ কৰিছে। বিপজ্জনক বিপুল-ব্যাপক এই আলো‌ড়নৰ ‌কোবাল ঢৌৰ আঘাতত অসমৰ সমাজখনো হৈ পৰিছে জৰ্জৰিত। তেনে বিৰাট সাম্প্রদায়িক কৰ্মকাণ্ডৰেই এটা অংশ হিচাপে প্রস্তাৱ কৰা হৈছে এখন অসংবিধানসন্মত, ধৰ্মীয় পক্ষপাতদুষ্ট বিধেয়কৰ (নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬, The Citizenship Amendment Bill 2016)। স্বাভাৱিকতেই বুজনসংখ্যক দল-সংগঠনে বিতৰ্কিত বিধেয়কখনৰ বিৰোধিতা কৰিছে; অন্যহাতেদি, কোনো কোনো দল-সংগঠনৰ অৱস্থান বিলখনৰ সপক্ষে। তেনে সমৰ্থন কিম্বা বিৰোধিতাৰ আঁৰৰ নিৰ্ণায়ক হৈছে গোষ্ঠী-সম্প্রদায়সমূহৰ নিজ নিজ সম্প্রদায়কেন্দ্রী স্বাৰ্থ। দেখদেখ কথা, তেনে স্বাৰ্থবোৰ গোষ্ঠীভেদে ভিন্ন আৰু সাধাৰণতেই বৈৰীমূলক। ফলত বিধেয়কখনক কেন্দ্র কৰি অসমত বসবাস কৰি থকা সম্প্রদায়সমূহৰ মাজত—বিশেষকৈ অসমীয়া আৰু বাঙালীৰ মাজত—স্বাৰ্থকেন্দ্রী সংঘাত-দ্বন্দ্বৰ উদ্ভৱ হৈছে। এই মেৰুকৰণ বৰ্তমান অসমৰ এটা কঠিন বাস্তৱ আৰু এই বাস্তৱতাক কোনোপধ্যেই অগ্রাহ্য কৰা নাযায়। ধৰ্মীয় সাম্প্রদায়িকতাৰে পক্ষপাতদুষ্ট বিধেয়কখনক কৰা সমৰ্থন কিম্বা বিৰোধিতাই অসমত ভাষিক সাম্প্রদায়িকতাৰ নৱ-উন্মেষ ঘটাই তাৰ বিস্তাৰ ত্বৰান্বিত কৰিছে। ধৰ্মীয় সাম্প্রদায়িকতাৰ হাত ধৰিয়েই বিস্তাৰিত হৈছে ভাষিক সাম্প্রদায়িকতা। অদূৰ ভৱিষ্যতে অসমত ভূতৰ “ওপৰত” ঠিক নহয়, ভূতৰ সহযোগী এইটো দানহে অসমত তাণ্ডৱ নৃত্য চলাই যোৱাৰ সম্ভাৱনা প্রকট। সম্প্রতি অসমত সংঘটিত হোৱা নানান ঘটনা, নেতা-পালি নেতাৰ মত-মন্তব্যত তাৰ উকমুকনি অতি স্পষ্ট ৰূপত প্রতিফলিত হৈছে। এই দিশটোক আওকাণ কৰি— মাত্র ভাষিক আৱেগক সাৰথি কৰিলে—, ধৰ্মীয় সাম্প্রদায়িকতাৰ প্রচণ্ড সোঁতক ব্যাহত কৰা যাব বুলি ধাৰণা কৰাটো ভুল আৰু বিপজ্জনক। সেইবাবেই কথাটো অলপ যুকিয়াই চোৱাটো জৰুৰী।

সম্প্রদায় শব্দটোৱে কি বুজায়, সেইটো মোটামুটিকৈ আমি সকলোৱে জানো। একোটা সম্প্রদায়ৰ অন্তৰ্গত লোকসকলৰ মাজত এক বা তাতোধিক একেধৰণৰ, অভিন্ন চৰিত্র বা গুণ বিদ্যমান। যেনে, একে ধৰ্ম, একে বৰ্ণ, একে ভাষা আদি। সদৃশ চৰিত্রৰ ভিত্তিত একো একোটা সম্প্রদায় গ‌ঢ় লৈ উঠে। মানৱ-সমাজত তেনে বিভিন্ন সম্প্রদায় আছে আৰু সেই সম্প্রদায়সমূহৰ উদ্ভৱ আৰু স্থিতিৰ আঁৰত আছে নানান ঐতিহাসিক, অৰ্থনৈতিক, সামাজিক, ভৌগোলিক কাৰক। সম্প্রদায়ৰ উপস্থিতি মানৱ-সমাজত সংঘটিত অজস্র ঘটনাক্রমৰ অৱধাৰিত পৰিণতি। সেইখিনিলৈ কথাটোৰ পৰা বিশেষ একো শংকা নাই। কিন্তু সম্প্রদায়ৰ সৈতে সাধাৰণতেই এটা অতি অনিষ্টকৰ প্রপঞ্চ সংলগ্ন হৈ পৰে। সেইটো হৈছে সাম্প্রদায়িকতা।

প্রসংগক্রমে এটা কথা উনুকিয়াই থোৱা যাওক। বহুতেই “সাম্প্রদায়িকতাবাদ” বুলি শব্দ এটা ব্যৱহাৰ কৰা দেখা যায়। প্রকৃততে “সাম্প্রদায়িকতাবাদ” শব্দটো ভুল। “সাম্প্রদায়িকতা” বুলিলেই যথেষ্ট। অৱশ্যে কোনো কোনো ক্ষেত্রত “বাদ” বুলি লিখাটো জৰুৰী হৈ পৰে। তেনেক্ষেত্রত “সম্প্রদায়বাদ” শব্দটোহে শুদ্ধ। সাম্প্রদায়িক, সাম্প্রদায়িকতা বা সম্প্রদায়বাদ আদিৰ আলোচনাত আমি এটা কথাটোলৈ সতৰ্কভাৱে লক্ষ্য কৰা উচিত। শব্দগত দিশৰ পৰা চাবলৈ গ’লে সম্প্রদায়কেন্দ্রিক যিকোনো কাম-কাজ কিম্বা ধ্যান-ধাৰণাকেই সাম্প্রদায়িক বুলি ক’ব লাগিব। তেনে ব্যুৎপত্তিগত দিশৰ পৰা শব্দকেইটি অকণো নেতিবাচক নহয়। কিন্তু শব্দকেইটিয়ে বৰ্তমানে বহন কৰা প্রকৃত তাৎপৰ্য প্রতিফলিত কৰিবলৈ তেনে শব্দগত দিশ প্রশস্ততো নহয়েই, বৰঞ্চ বিভ্রান্তিকৰ। কথাটো বুজিবলৈ এটা ধৰ্মীয় অনুষ্ঠান ঈদক উদাহৰণ হিচাপে লোৱা যাওক। ঈদ পালন কৰে ইছলাম ধৰ্মৰ লোকে, এটা ধৰ্মীয় সম্প্রদায়ে। গতিকে এইটো এটা মূলতঃ সম্প্রদায়ভিত্তিক অনুষ্ঠান। কিন্তু এই অনুষ্ঠানটো পালন কৰিলেই তাক সাম্প্রদায়িকতা বুলিব পাৰি জানো? কথাটো দুৰ্গা পূজা, বৌদ্ধ পূৰ্ণিমা, বৰদিন— সকলো ক্ষেত্রতে কথাটো একেই। অসমীয়া ভাষিক-সম্প্রদায়ৰ লোকসকলে অসমীয়া ভাষাত কথা-বতৰা কয়, লিখামেলা কৰে; সেইবুলিয়েই জানো অসমীয়া ভাষা কোৱা আৰু লেখা কাৰ্যক সাম্প্রদায়িক বোলা যাব? একো একোটা সম্প্রদায় কিছুমান সদৃশ, সাধাৰণ (Common) আৰু নিজৰ মাজতেই সীমাবদ্ধ গুণাৱলীৰ ভিত্তিত গ‌ঢ় লৈ উঠিলেও, সেই চৰিত্র বা গুণৰ বহিঃপ্রকাশক সাম্প্রদায়িকতা বোলা নাযায়। অন্যক অপকাৰ নকৰি, অন্যক ক্ষতি কৰাৰ মনোভাব পোষণ নকৰি বা অন্যৰ অনুভূতিত আঘাত নকৰি সম্পাদন কৰা সম্প্রদায়ভিত্তিক কাম-কাজ, কথা-বতৰা আদিক সাম্প্রদায়িকতা বোলা নাযায়। হয়, ব্যুৎপত্তিগত দিশটো বিবেচনা কৰিলে, তেনেবোৰ নিশ্চয় সাম্প্রদায়িক; কিন্তু প্রায়োগিক দিশত শব্দটোৱে অন্য তাৎপৰ্যহে বহন কৰে।

সাম্প্রদায়িক, সাম্প্রদায়িকতা বা সম্প্রদায়বাদ আদি শব্দই ভাৰতত সদায় এটা নেতিবাচক অৰ্থ বহন কৰি আহিছে (পশ্চিমৰ দেশত কথাটো অলপ বেলেগ; সেইটো এই আলোচনাত প্রাসংগিক নহ'ব)। যদি কোনো এটা ধৰ্মীয় সম্প্রদায়ৰ লোকে অন্য এটা ধৰ্মীয় সম্প্রদায়ৰ প্রতি বিদ্বেষভাব পোষণ কৰে, নিজ ধৰ্মৰ প্রতি অযৌক্তিক উচ্চাত্মক ধাৰণা মনত ৰাখি অন্যক ঘৃণাসহকাৰে হীন বুলি বিবেচনা কৰে, তেন্তে তেনেবোৰ কৰ্মকাণ্ড ধৰ্মীয় সাম্প্রদায়িক বুলি পৰিগণিত হয়। উপৰিউক্ত উদাহৰণটিত কোৱা হৈছিল যে পূজা-অৰ্চনা সম্প্রদায়ভিত্তিক কাম হ'লেও, সেইটো সাম্প্রদায়িক বস্তু নহয়। কিন্তু পূজাৰ প্রতিমা শক্তি প্রয়োগেৰে অন্য ধৰ্মৰ লোকৰ উপাসনা স্থলত প্রতিষ্ঠা কৰি, তাত পূজা কৰিবলৈ যোৱাটো হ’ব এটা সাম্প্রদায়িক কাম। আমোদজনক কথা, ধৰ্মীয় সাম্প্রদায়িকতাৰ বৰ্ধন আৰু বিস্তাৰণত কেতবোৰ ছেকুলাৰ উপাদানো সহায়ক হৈ পৰে। অন্য ধৰ্মীয় সম্প্রদায়ৰ ওপৰত প্রভুত্বৰ দুৰাকাংক্ষা, নিজ সম্প্রদায়ৰ হাতত আৰ্থ-ৰাজনৈতিক-সামাজিক ক্ষমতা কায়েম ৰখাৰ প্রচেষ্টা আদি তাৰ উদাহৰণ। এইসমূহত ধৰ্মীয় সাম্প্রদায়িকতাক ব্যৱহাৰহে কৰা হয়। কোনো এটা অঞ্চলত কোনো এটা ধৰ্মীয় সম্প্রদায়ৰ লোক সংখ্যালঘু হৈ পৰাৰ আশংকা কিম্বা আতংক হৈছে ধৰ্মীয় সাম্প্রদায়িকতাৰ অন্যতম উষ্মায়ক। অলপ গমি চালেই ধৰিব পাৰি, তেনে সংখ্যালঘু হোৱাৰ আতংক সংলগ্ন হৈ থাকে আধিপত্য হেৰাই যোৱাৰ আশংকাৰ সৈতে, যিটো মূলতঃ এটা ধৰ্মমুক্ত প্রপঞ্চ।

ভাষিক সাম্প্রদায়িকতাৰ ৰেহৰূপো ধৰ্মীয় সাম্প্রদায়িকতাৰ সৈতে প্রায় একেই। এই ক্ষেত্রত ধৰ্মীয় সম্প্রদায়ৰ পৰিৱৰ্তে কেন্দ্রত অৱস্থান লয় ভাষিক সম্প্রদায় একোটাই। নিজৰ ভাষাটোক ভাল পোৱা, সেইটো ভাষাৰ উৎকৰ্ষ সাধনৰ নিৰলস প্রচেষ্টা চলোৱা—এইবোৰ ভাষাকেন্দ্রী কথা হ'লেও সেইসমূহক ভাষিক সাম্প্রদায়িকতা বুলিলে ভুল হ’ব। কিন্তু নিজৰ ভাষাৰ প্রতি অহেতুক আৰু মিথ্যা গৌৰৱৰ ভাব পোষণেৰে—অন্য ভাষাৰ লোকক হীন বুলি বিবেচনা কৰি—তেওঁলোকৰ প্রতি হিংসা-বিদ্বেষ-ঘৃণা মনত ৰাখিলে, অন্য ভাষাৰ লোকৰ ক্ষতি কৰিবলৈ গ’লে, সেইটো হৈ পৰিব ভাষিক সাম্প্রদায়িকতা। এইবোৰ দিশত ভাষিক সাম্প্রদায়িকতাৰ সৈতে ধৰ্মীয় সাম্প্রদায়িকতা সমসুৰীয়া।

মন কৰিবলগীয়া কথা, ভাষিক সাম্প্রদায়িকতা সাধাৰণতেই অন্য এটা সম্প্রসাৰিত দিশৰ সৈতে সম্পৃক্ত হৈ পৰে। সেইটো হৈছে ভাষিক জাতীয়তাবাদ। প্রকৃততে—কট্‌কটীয়া বিচাৰ-বিশ্লেষণত—সাম্প্রদায়িকতাবাদ শব্দটোৰ দৰেই—জাতীয়তাবাদ শব্দটোও ভুল। কিন্তু শব্দটো ইতিমধ্যেই বহুলভাৱে ব্যৱহৃত হৈ গ্রহণযোগ্য হৈ পৰিছে। তাতোকৈও গুৰুত্বপূৰ্ণ কথা, শব্দটো সঠিক ৰূপত পুনৰ্প্রতিষ্ঠা কৰিবলৈ যোৱাটো অন্য এটা দিশৰ পৰাও আহুকলীয়া। কথাটো ভাষিক জাতীয়তাবাদৰ সৈতে ধৰ্মীয় সাম্প্রদায়িকতাৰ এটা মৌলিক প্রভেদৰ সৈতে সম্পৰ্কিত। ধৰ্মীয় সাম্প্রদায়িকতাৰ মূল ভিত্তিটো হৈছে ধৰ্ম। এই ভিত্তিটো আধিভৌতিক, অবাস্তৱ আৰু অযৌক্তিক। লগতে, কোনো এজন মানুহৰ বাবে তেনে ভিত্তি পৰিৱৰ্তনশীল হোৱাটোও সম্ভৱ। ধৰ্মান্তৰে কোনো এজন লোকৰ ধৰ্মীয় ভিত্তিটোৰ আমূল পৰিৱৰ্তন কৰি পেলাব পাৰে। ধৰ্মীয় সাম্প্রদায়িকতাৰ মূল যিটো ভিত্তি— ধৰ্ম—তাৰ কোনো বস্তুগত অস্তিত্ব নাই। এইটো ক্ষেত্রত মানুহৰ ভাষিক চেতনা ধৰ্মীয় চেতনাৰ একেবাৰেই বিপৰীত। জীৱনকালত কোনো ব্যক্তিয়েই নিজৰ ভাষিক পৰিচয় সলনি কৰিব নোৱাৰে। ধৰ্মান্তৰিত হোৱাৰ অলেখ উদাহৰণ আছে, কিন্তু ভাষান্তৰিত হোৱাটো অসম্ভৱ। মানুহৰ ধৰ্মীয় পৰিচয় আৰোপিত আৰু তৎজনিত ধৰ্মীয় চেতনা এটা ভ্রান্ত চেতনা। বিপৰীতপক্ষে, মানুহৰ ভাষিক পৰিচয় আৰু ভাষিক চেতনাৰ এটা সবল বস্তুগত ভিত্তি আছে। মানুহ এজনে আশৈশৱ যিটো ভাষা মাতৃভাষা বুলি ব্যৱহাৰ কৰি আহিছে, সেইটো ভাষাত তেওঁ অভ্যস্ত হৈ পৰে; সেইটো ভাষাৰ ব্যৱহাৰ তেওঁৰ বাবে স্বাভাৱিকতেই স্বস্তিদায়ক। এই কথাটোৱে মানুহজনৰ মনত মাতৃভাষাপ্রেমৰ উদ্ভৱ ঘটায়। মাতৃভাষাপ্রেমৰ সৈতে লগ লাগে ব্যক্তিগৰাকী ডাঙৰ-দীঘল হোৱা, পৰিচিত দেশখনৰ মাটি-পানী-পৰিৱেশ-সমাজৰ সৈতে তেওঁৰ আত্মীয়তাৰ সমন্ধ এটা। তেনে একাত্মতা আৰু প্রীতিক আমি বহল অৰ্থত জাতীয়তা বুলি ক’ব পাৰোঁ। এই জাতীয়তা স্বাভাৱিক, আৰু সি মানুহ আৰু চৌপাশৰ পৰিৱেশৰ আন্তঃসম্পৰ্কৰ সৈতে জড়িত। জাতীয়তা কোনো ক্ষতিকাৰক নেতিবাচক বস্তু নহয়। কিন্তু যেতিয়াই নিজৰ ভাষা-প্রীতি, চৌপাশৰ প্রতি একাত্মতা আদিক ভিত্তি কৰি গ‌ঢ় লৈ উঠা জাতীয়তা অন্য ভাষিক সম্প্রদায়ৰ প্রতি বিদ্বেষ-ঘৃণালৈ অধঃপতিত হৈ পৰে, তেতিয়াই সি এটা ভিন্নতৰ ৰূপ ধাৰণ কৰে। স্পষ্টতঃ ই হৈ পৰে এটা মতাদৰ্শ, এটা “বাদ”। এইটোক “জাতিবাদ” আখ্যা দিলে অধিক বিভ্রান্তিৰ উদ্ভৱ হ’ব, কিয়নো জাতি শব্দটোৰ ভিন্ন অৰ্থ বিদ্যমান। গতিকে, ব্যাকৰণৰ দিশৰ পৰা যদিও ভুল, “জাতীয়তা”-ৰ সৈতে পাৰ্থক্য ৰাখিবলৈ “জাতীয়তাবাদ” শব্দটো ব্যৱহাৰ কৰাই ভাল। তদুপৰি শব্দটো যে ইতিমধ্যেই বহুল ব্যৱহৃত, সেইটো উনুকিয়াই আহিছোঁ।

উপৰিউক্ত আলোচনাখিনি আমাৰ বোধেৰে সাম্প্রতিক সময়ত বহু দূৰলৈ প্রাসংগিক। কিয়নো, আলোচনাৰ আৰম্ভণিতে উল্লেখ কৰা নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ প্রতিক্রিয়া স্বৰূপে ভাষিক জাতীয়তাবাদৰ প্রবল উত্থানে বৰ্তমান সমগ্র অসম কঁপাই তুলিছে। কথাটো অকণো অস্বাভাৱিক নহয়। জাতীয়তাবাদৰ উন্মেষ, বিকাশ আৰু উল্লম্ফনৰ আঁৰত প্রকৃততে বহুতো আৰ্থ-সামাজিক কাৰক থাকে। তেনে কাৰকবোৰ সাম্প্রতিক অসমৰ সমাজখনৰ মৰ্মে মৰ্মে বিদ্যমান। অসমীয়া‌ ভাষিক সম্প্রদায়টোৰ জাতীয়তাবাদ ভাষা আৰু অঞ্চলকেন্দ্রিক। এই ভাষিক জাতীয়তাবাদ নিৰ্দোষ-নিৰীহ জাতীয়তাৰ সৈতে একে নহয়। বাৰে বাবে দেখা গৈছে যে সৰহভাগ ক্ষেত্রতেই অসমীয়াৰ ভাষিক জাতীয়তাবাদ মূৰ্ত হৈছে অন্যৰ প্রতি—বিশেষকৈ বাঙালীৰ প্রতি—জাতিগত বিদ্বেষত। অসমীয়া জাতীয়তাবাদৰ মৰ্মবস্তু হৈছে আধিপত্যৰ আকাংক্ষা। স্পষ্টতঃ এইটো এটা আৰ্থ-ৰাজনৈতিক বিষয়। সংখ্যালঘু হৈ পৰাৰ সম্ভাৱনা তেনে আকাংক্ষাৰ বাটৰ হেঙাৰ বুলি গণ্য কৰা হয়। এইটো কাৰণৰ বাবেই অসমীয়াৰ ভাষিক জাতীয়তাবাদ সদায়েই অসমীয়াৰ অস্তিত্বৰ সংকট নামৰ আতংকটোৰ সৈতে সম্পৰ্কিত হৈ আগ বা‌ঢ়ি আহিছে। প্রস্তাৱিত নাগৰিকত্ব সংশোধনী বিলখনে এইটো কাৰণতেই অসমীয়া জাতীয়তাবাদৰ পুনৰুত্থান ঘটাইছে। পূৰ্বতে বাৰে বাৰে ঘটাৰ দৰেই, সম্প্রতি বুজনসংখ্যক অসমীয়া মানুহ আক্রান্ত হৈছে বাঙালী-বিদ্বেষৰ ভাইৰাছত। বিপৰীত দিশতো কথাটো একেই। দুই-এক বাঙালী লোকৰ উগ্র প্রৰোচনামূলক, অসমীয়াবিৰোধী মত-মন্তব্যই উমান দিছে অসমৰ বাঙালীসকলৰ একাংশৰ মাজত ভাষিক জাতীয়তাবাদৰ অস্তিত্বৰ কথা। বহুতেই এনে পৰিস্থিতিত শান্তি-সম্প্রীতিৰ হকে মাত মাতিছে, উত্তেজনা প্রশমিত কৰিবলৈ সাংস্কৃতিক শুভবুদ্ধিৰ ওপৰত নিৰ্ভৰ কৰিছে। তেনে সমন্বয়ৰ প্রচেষ্টা অতি আদৰণীয় আৰু দৰকাৰী। কিন্তু আমি মনত ৰখা ভাল, সাংস্কৃতিক শুভবুদ্ধিয়ে সাময়িকভাৱে উত্তেজনা প্রশমিত কৰিবলৈ সক্ষম হ'লেও, হিংসা-দ্বেষৰ আৰ্থ-ৰাজনৈতিক উৎস-সন্ধানৰ অবিহনে—নেপথ্যৰ ৰাজনীতিৰ তলানলা নুবুজাকৈ—, দীৰ্ঘম্যাদী সমাধানসূত্র লাভ কৰাটো সম্ভৱ নহ’ব।

অসমৰ সমাজ-বিকাশৰ বৰ্তমানৰ স্তৰত জাতীয়তাবাদ অতি জনপ্রিয়। ইতিহাসে দেখুৱাই যে জনপ্রিয় বস্তুবোৰক যুগে যুগে শাসকশ্রেণীয়ে ৰাজনৈতিক হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰিবলৈ যৎপৰোনাস্তি প্রচেষ্টা চলাই আহিছে। অসমীয়া জাতীয়তাবাদো তাৰ ব্যতিক্রম নহয়। অদূৰ অতীতত তাৰ অলেখ সাক্ষ্য পোৱা যাব। তদুপৰি, অন্য এটি দিশতো শাসক শ্রেণীৰ বাবে জাতীয়তাবাদৰ গুৰুত্ব অপৰিসীম। চাকৰি আৰু আৰ্থিক সংস্থানৰ দুৰৱস্থা, পৰিকাঠামোৰ পঁয়ালগা অৱস্থা, দিশাহীন বেপাৰ-বাণিজ্য, আৰ্থিক মন্দাৱস্থা, মুদ্রাস্ফীতি-মূল্যবৃদ্ধি আদিৰ বাবে মানুহৰ মাজত ক্ষোভৰ উদ্ভৱ হোৱাটো স্বাভাৱিক। তেনে ক্ষোভ শাসকৰ বাবে ভয়াৱহ। গতিকে জনতাৰ ক্ষোভ শাসকশ্রেণীয়ে অন্য দিশলৈ অতি সচেতনভাৱে ঢাল খুৱাই লৈ যায়। এই ক্ষেত্রত জাতীয়তাবাদ হৈছে শাসকশ্রেণীৰ হাতৰ এটা অতি শক্তিশালী আৰু ফলপ্রসূ অস্ত্র। মানুহৰ পুঞ্জীভূত ক্ষোভ শাসকৰ দিশে ধাৱমান নহৈ, গমন কৰে অন্য এটা জাতিগোষ্ঠীৰ বিৰুদ্ধে। তাৰ প্রতিক্রিয়া প্রদৰ্শন কৰে আক্রান্ত জনগোষ্ঠীটোৱে। তাৰ ফলত হয় কি? মানুহ ভাষা-সম্প্রদায়ৰ ভিত্তিত বিভক্ত হৈ পৰে। শাসকশ্রেণীৰ বিৰুদ্ধে সন্মিলিত সংগ্রাম হৈ পৰে সুদূৰপৰাহত। সম্প্রদায়ৰ ভিত্তিত সংঘটিত হোৱা তেনে বৈৰীমূলক বিভাজন শাসকশ্রেণীৰ শোষণ-শাসনৰ বাবে যে বৰ উপযোগী, সেইটো নক’লেও হ’ব। এইটো দিশত শাসকৰ বাবে ধৰ্মীয় সাম্প্রদায়িকতাৰ উপযোগিতাও একেই।

বিভাজনৰ জৰিয়তে অসমবাসীক ভয়াৱহ সংকটৰ মুখলৈ নিক্ষেপ কৰা বিধেয়কখনৰ আঁৰত আছে সাম্প্রদায়িক মহলটোৰ গভীৰ চিন্তা-চৰ্চা, সতৰ্ক হিচাপ-নিকাছ আৰু ক্ষুৰধাৰ কূটকৌশল। বিধেয়কখনৰ বিৰোধিতা কৰিবলৈ যাওঁতে এই দিশটোৰ সন্দৰ্ভত পৰিষ্কাৰ ধাৰণা থকা দৰকাৰ। বিধেয়কখনিত হিন্দু, খ্রীষ্টান, বৌদ্ধ আদি ধৰ্মৰ লোকে অন্য দেশত, ধৰ্মীয় কাৰণত নিৰ্যাতিত হোৱাৰ বাবে, তেওঁলোকক ভাৰতীয় নাগৰিকত্ব প্রদান কৰাৰ প্রস্তাৱ দিয়া হৈছে। বুজিবলৈ অকণো অসুবিধা নহয় যে অন্য ধৰ্মাৱলম্বী লোকৰ কথা তাত থাকিলেও, মুখ্য টাৰ্গেট হৈছে হিন্দু বাংলাদেশীসকল। বিধেয়কখনে ক‌ঢ়িয়াই অনা বিপজ্জনক পৰিস্থিতিৰ সৈতে ৰাষ্ট্রীয় নাগৰিকপঞ্জীৰ (NRC) প্রসংগটো সাঙোৰ খাই আছে। ৰাষ্ট্রীয় নাগৰিকপঞ্জীৰ ভিত্তিবৰ্ষ আছিল ১৯৭১ চন। অসম চুক্তি (১৯৮৫ চনৰ) বুলি অভিহিত কৰা কাকতখনিৰ সৈতে সেইটো আছিল সংগতিপূৰ্ণ। ৰাষ্ট্রীয় নাগৰিকপঞ্জীৰ ক্ষেত্রত অসমৰ প্রায় সকলো দল-সংগঠনৰ মাজত ঐকমত্য পৰিলক্ষিত হৈছিল। আছুকে ধৰি অসমীয়া জাতীয়তাবাদী সংগঠনসমূহে ৰাষ্ট্রীয় নাগৰিকপঞ্জীৰ কাম-কাজক সমৰ্থন কৰিছিল। এচাম অসমীয়া জাতীয়তাবাদীয়ে ভাবি আছিল যে "মিঞা" লোকসকলৰ মাজত ৰাষ্ট্রীয় নাগৰিকপঞ্জীয়ে আতংকৰ সৃষ্টি কৰিব, তেওঁলোকে তাৰ বিৰোধিতা কৰিব। এইচাম অসমীয়া জাতীয়তাবাদীয়ে সকলো "মিঞা"লোকক অনুপ্রৱেশকাৰী বুলি ধৰি লৈছিল (এতিয়াও লয়)। তেনে অযুক্তিকৰ ধাৰণাৰ বশৱৰ্তী হৈয়েই তেওঁলোকে ধাৰণা কৰিছিল যে "মিঞা" লোকসকলে ৰাষ্ট্রীয় নাগৰিকপঞ্জীৰ বিৰোধিতা কৰিব। স্বাভাৱিকতেই সেয়া নহ'লগৈ। বহু দশক ধৰি নাগৰিকত্বৰ প্রশ্নত লাঞ্ছিত-অপমানিত হৈ থকা এইসকল অসমবাসী ভাৰতীয়ই ৰাষ্ট্রীয় নাগৰিকপঞ্জীক আদৰণি জনালে, ৰাষ্ট্রীয় নাগৰিকপঞ্জীৰ কাম-কাজত সক্রিয় সহযোগিতা আগ ব‌ঢ়ালে।

অনুপ্রৱেশৰ সৈতে সম্পৰ্কিত ভিত্তিবৰ্ষৰ প্রশ্নত বিভিন্ন দল-সংগঠন-জনগোষ্ঠীৰ মাজত তেনে ঐকমত্য আগতে কেতিয়াও পৰিলক্ষিত হোৱা নাছিল। কিন্তু তাৰ পৰা আমি এনে এটা সিদ্ধান্তলৈ আহিব নোৱাৰোঁ যে অনুপ্রৱেশ সংক্রান্তীয় সকলো বিষয়ত অসমবাসীৰ মত হঠাতে একমাত্রিক হৈ পৰিছিল। ইতিমধ্যেই উল্লেখ কৰা কথা এটিকেই উদাহৰণ হিচাপে লওঁ। একাংশ অসমীয়া জাতীয়তাবাদী তথা হিন্দু সাম্প্রদায়িক লোকে ৰাষ্ট্রীয় নাগৰিকপঞ্জীৰ জৰিয়তে বুজনসংখ্যক "মিঞা"লোক বিপৰ্যস্ত হৈ পৰিব বুলি উৎফুল্লিত হৈ পৰিছিল। অন্যহাতেদি "মিঞা"লোকসকলে ৰাষ্ট্রীয় নাগৰিকপঞ্জীৰ মাজেদিয়েই বহু বছৰৰ পৰা ওলমি থকা আত্মপৰিচয়ৰ সংশয় আঁতৰ হ'ব বুলি ধাৰণা কৰিছিল। স্বাভাৱিকতেই নিজৰ মাজত বিৰোধ থাকিলেও, দুয়োটা পক্ষই ৰাষ্ট্রীয় নাগৰিকপঞ্জীক আদৰণি জনাইছিল।

তেনে বিৰোধ, তেনে অন্তৰ্দ্বন্দ্ব আছিল সঁচা, কিন্তু উক্ত দল-সংগঠনে ৰাষ্ট্রীয় নাগৰিকপঞ্জীৰ ভিত্তিবৰ্ষৰ প্রসংগত একমত হোৱাৰ বাবে বহু দশক ধৰি অসমক ভাৰাক্রান্ত কৰা সমস্যাটোৰ সমাধান এটা, আংশিকভাৱে হ'লেও, ওলোৱাৰ সম্ভাৱনাই দেখা দিছিলহি। এই কথাটো অনুপ্রৱেশৰ সমস্যাটোক জীৱনীশক্তি কৰি গ‌ঢ় লোৱা ৰাজনৈতিক দলবোৰৰ বাবে হৈ পৰিছিল বৰ অস্বস্তিকৰ। কাৰণ বহু বছৰ ধৰি এই সমস্যাটো বহুতৰ বাবেই আছিল সোণৰ কণী পৰা হাঁহৰ নিচিনা। আছু-আমছু-কংগ্রেছ-বিজেপি— এই সকলোৰে তাৎক্ষণিক সুবিধাবাদী ৰাজনৈতিক অৱস্থান কিম্বা অস্তিত্ব অনুপ্রৱেশৰ সমস্যাটোৰ সৈতে বহুদূৰলৈ সম্পৰ্কিত হৈ আছিল। মন কৰিবলগীয়া কথা, একমাত্র বামপন্থী দলকেইটাই এই সমস্যাটোৰ পৰা তেনে কোনো বিশেষ ৰাজনৈতিক মুনাফা লাভ কৰা নাছিল, বৰঞ্চ উক্ত সমস্যাটোৱে এসময়ত তেওঁলোকলৈ যথেষ্ট দুৰ্যোগ আৰু প্রত্যাহ্বান ক‌ঢ়িয়াই আনিছিল। যোৱা শতিকাৰ অষ্টম দশকত তেনে প্রত্যাহ্বানৰ বিৰোধ কৰিবলৈ গৈ তেওঁলোকে কৰা বীৰত্বপূৰ্ণ সংগ্রাম আৰু আত্মবলিদান অসমৰ ইতিহাসত উজ্জ্বল হৈ থাকিব। পাছলৈ একাংশ বাঁওদলে জাতীয়তাবাদী শিবিৰৰ নেগুৰত ধৰি যে সংসদীয় ক্ষমতাৰ সোৱাদ লভিছিল, সেইটোও কিন্তু পাহৰি যোৱা কথা নহয়। বৰ্তমানৰ জটিল পৰিস্থিতিত তেনেজাতীয় বিচ্যুতিৰ পুনৰাগমনৰ সম্ভাৱনা থাকিব পাৰে। অদূৰ ইতিহাসৰ নিৰ্মোহ বিশ্লেষণে তেওঁলোকক নিশ্চয় সহায় কৰিব।

যি কি নহওক, তেনে সুস্থিৰতামুখী পৰিস্থিতিটো— ৰাষ্ট্রীয় নাগৰিকপঞ্জীৰ ভিত্তিবৰ্ষৰ প্রসংগত বিভিন্ন দল-সংগঠন-জনগোষ্ঠীৰ মাজৰ ঐকমত্যৰ কথাটো— শাসক শ্রেণীটোৰ বাবে আছিল অনভিপ্রেত। ৰাষ্ট্রীয় নাগৰিকপঞ্জীৰ জৰিয়তে অনুপ্রৱেশৰ সমস্যাটোৰ সমাধান হোৱাৰ সম্ভাৱনা বিনষ্ট কৰাটো সুবিধাবাদী ৰাজনৈতিক দলৰ বাবে বৰ দৰকাৰী হৈ পৰিল। এই কথাটোৰ সৈতে নাগৰিকত্ব সংশোধনী বিধেয়কখন এচামে কাৰ্যকৰী কৰিবলৈ সক্রিয় হৈ উঠা কথাটো সম্পৰ্কিত হৈ আছে। কোনটো শিবিৰ এই ক্ষেত্রত সক্রিয়, সেইটো কোৱা বাহুল্য।

বিধেয়কখনৰ তাৎপৰ্য মাথোন ভাষিক দিশটোতেই সীমাবদ্ধ বুলি ভাবিলে ভুল কৰা হ’ব। ইয়াৰ লগত ধৰ্মীয় দিশ এটাও অনিবাৰ্যভাৱে সাঙোৰ খাই আছে। বাংলাদেশৰ হিন্দু বাঙালীক নাগৰিকত্ব প্রদানৰ প্রস্তাৱটোৰ প্রতি অসমবাসী অসমীয়া, বাঙালী আৰু অন্যন্য ভাষিক জনগোষ্ঠীৰ প্রতিক্রিয়াক দুটা দিশে নিয়ন্ত্রণ কৰিব। প্রথম, তেওঁলোকৰ ভাষা, দ্বিতীয়টো হৈছে ধৰ্ম। এইকেইটাৰ ওপৰত ভিত্তি কৰিয়েই নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ সন্দৰ্ভত বিভিন্ন দল-সংগঠনে নিজ নিজ প্রতিক্রিয়া প্রদৰ্শন কৰিবলৈ আৰম্ভ কৰিছে। কোৱা বাহুল্য, বিধেয়কখনে অসমীয়া মানুহক বিক্ষুব্ধ কৰি তুলিছে। জৰুৰী কথাটো হৈছে সেই ক্ষোভ সঠিক দিশত পৰিচালিত নহ’লে অসম আকৌ এবাৰ ৰক্তাক্ত হৈ পৰিব। বাঙালী হিন্দু বাংলাদেশীক নাগৰিকত্ব প্রদান কৰাৰ প্রস্তুতিয়ে অন্য ভাষিক জনগোষ্ঠীৰ মনত বহুমাত্রিক (যেনে সংখ্যালঘু হৈ পৰাৰ ভয়, সাংস্কৃতিক আধিপত্যৰ সংকোচন আদি) আশংকাৰ জন্ম দিব। এই আশংকাজনিত ক্ষোভ সমগ্র বাঙালী সমাজখনৰ দিশে গতি কৰাৰ সম্ভাৱনা অতি প্রবল। তেনে সম্ভাৱনাৰ আগজাননী ইতিমধ্যেই কোনো কোনো লোকৰ মত-মন্তব্যত প্রতিফলিত হৈছে। এই কথাটো অতিকৈ উদ্বেগৰ কথা। সকলোৱে মনত ৰখা ভাল যে সমগ্র বাঙালী সমাজখন এই ক্ষেত্রত কোনোপধ্যেই জগৰীয়া নহয়। তেওঁলোকক বলিৰ পাঠা সজোৱাতকৈ এই ঘটনাৱলীৰ আঁৰৰ অপশক্তিটো কোন, সেইটো কথাতহে পৰিষ্কাৰ দৃষ্টি থকাটো জৰুৰী। নহ’লে যিমানেই তীব্র নহওক, সকলো বিক্ষোভ-প্রতিবাদ পথভ্রষ্ট পণ্ডশ্রম হৈ পৰিব। কথাটো তাতেই শেষ নহয়। অসমবাসী বাঙালী সমাজখন অন্য জনগোষ্ঠীৰ দ্বাৰা আক্রান্ত হ'লে, নিৰাপত্তাৰ অলীক আশ্বাসত তেওঁলোক ধৰ্মীয় সাম্প্রদায়িক অপশক্তিৰ কাষ চাপি যাব। শাসক শ্রেণীৰ এই কূটকৌশলটো সমগ্র অসমবাসীয়ে অনুধাৱন কৰাটো বৰ প্রয়োজনীয় কথা। এই ক্ষেত্রত কিন্তু অসমৰ বাঙালী সমাজখনৰো এটা গুৰু দায়িত্ব আছে। প্রৰোচনামূলক মত-মন্তব্য এনে পৰিস্থিতিত পৰিহাৰ কৰাটো অতি দৰকাৰী কথা।

ভাৰতত হিন্দু সাম্প্রদায়িকতাৰ ক্রমাগত উত্থানৰ ইতিহাস দীঘলীয়া। পিছে হিন্দু সাম্প্রদায়িকতাই অবাধ আৰু নিৰংকুশ ৰাজনৈতিক ক্ষমতা হস্তগত কৰা ঘটনাটো কিছু অৰ্বাচীন। কিন্তু পূৰ্বৰ সময়চোৱাত হিন্দুত্ববাদী শিবিৰটো যে ৰাজনৈতিক দিশটোত নিষ্ক্রিয় হৈ আছিল, তেনে নহয়। প্রকাশ্যে-অপ্রকাশ্যে শিবিৰটোৱে চলাই গৈছিল নানান ৰাজনৈতিক কাৰ্যক্রম। অসমত কিন্তু ধৰ্মীয় সম্প্রদায়বাদ সিমান শক্তিশালী নাছিল। ৰাজনৈতিক ক্ষমতাৰ যুঁজত নিৰ্ণায়ক শক্তি আছিল অসমীয়া জাতীয়তাবাদ। এই কথাটো হিন্দু-সম্প্রদায়বাদী শিবিৰটোৱে খুব ভালদৰে বুজিবলৈ সক্ষম হৈছিল। তথাকথিত “অসম আন্দোলন”-ত এই শিবিৰটোৱে জাতীয়তাবাদী শিবিৰত কৌশলী অনুপ্রৱেশ কৰি আন্দোলনটোক প্রভাৱান্বিত কৰিবলৈ প্রয়াস কৰিছিল। সম্পূৰ্ণ সফল নহ’লেও জাতীয়তাবাদীসকলৰ একাংশ তেওঁলোকৰ অনুগামী হৈ পৰিছিল। আগতেই উনুকিয়াই আহিছোঁ, অসমৰ ৰাজনৈতিক ক্ষমতা-আধিপত্যৰ যুঁজখনৰ অন্যতম নিৰ্ণায়ক শক্তি হৈছে অসমীয়া ভাষিক জাতীয়তাবাদ। এইটোৰ সৈতে বুজাপৰা নকৰাকৈ যে অসমত ধৰ্মীয় সম্প্রদায়বাদ আগ বা‌ঢ়িব নোৱাৰে, সেইটো হিন্দু-সম্প্রদায়বাদী শিবিৰটোৱে ভালদৰেই বুজি উঠিছিল। ক্ষমতাকেন্দ্রী টনা-আঁজোৰাত জাতীয়তাবাদ হিন্দু-সাম্প্রদায়িকতাৰ মূল প্রতিপক্ষ হোৱাৰো সম্ভাৱনা আছিল। গতিকে অতি কৌশলেৰে সেই জাতীয়তাবাদী শিবিৰটোক ধৰ্মীয় সাম্প্রদায়িক মহলটোৱে নিজৰ ফাললৈ লৈ গ'ল। কথাটো বুজিবলৈ বিগত দিনৰ কথাবোৰলৈ স্মৰণ কৰিলেই যথেষ্ট।

উক্ত পটভূমিক নিলগাই ৰাখি সাম্প্রতিক পৰিস্থিতিৰ বিশ্লেষণ কৰাটো জানো উচিত হ’ব? নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ প্রেক্ষাপটত, আপাতঃদৃষ্টিত অসমীয়া জাতীয়তাবাদ হিন্দুত্ববাদৰ প্রতিমুখে থিয় হৈছে। বিধেয়কখনৰ সন্দৰ্ভত লোৱা অনমনীয় স্থিতিয়ে হিন্দু-সম্প্রদায়বাদী শিবিৰটোক তাৎক্ষণিকভাৱে বৰ এটা সহায় কৰা নাই। সিহঁতক আগতে সমৰ্থন কৰা একাংশ অসমীয়া জাতীয়তাবাদীৰ মত সলনি হৈ গৈছে। একাংশ বাঙালীৰ সমৰ্থন পালেও কথাটোৱে সিমান এটা সহায় কৰা নাই উক্ত শিবিৰটোক। এইটো সন্দেহ অমূলক নহ’ব যে অসমত সাময়িকভাৱে কিছু আহুকালত পৰিলেও অলপতে হ’বলগীয়া পশ্চিম বংগৰ নিৰ্বাচনত উক্ত স্থিতিয়ে নিঃসন্দেহে প্রভূত সহায় কৰিব হিন্দু-সম্প্রদায়বাদী শিবিৰটোক।

দেখা গৈছে যে অসমীয়া ভাষিক জাতীয়তাবাদক সাৰথি কৰি অসমত হিন্দু-সম্প্রদায়বাদী শিবিৰটোৰ আগ্রাসন ৰোধ কৰা যাব বুলি কোনো কোনোৱে আশা কৰি আছে। সুবিধাবাদী ভাষিক জাতীয়তাবাদীৰ ওপৰত ৰখা তেনে আস্থাই অতি মৰ্মান্তিক পৰিণতি ক‌ঢ়িয়াই অনাৰহে আশংকা আছে। ধৰা হওক, যিমান পাৰি লাভ উঠাই লোৱাৰ পাছত যদি “অসমৰ জনগণৰ আৱেগক সন্মান জনাই” বিধেয়কখন উত্থাপন নকৰে, তেনেহ’লে হিন্দু-সম্প্রদায়বাদক এতিয়া বিৰোধ কৰা বহুতো অসমীয়া জাতীয়তাবাদী একেদিনাই অভিভূত হৈ কাৰোবাক আকৌ "জাতীয় নায়ক"-ৰ আসনত বহুৱাব।

এইটো এটা সংকটপূৰ্ণ সময়। সম্প্রদায়বাদ আৰু সম্প্রদায়বাদীৰ প্রকৃত ৰেহৰূপ, তলানলা বুজাৰ সময়।

Share Button
Print Friendly, PDF & Email

No Comments : "সম্পাদকৰ টোকা :: সাম্প্রতিক অসমৰ ভূত আৰু দানহ ‍(কৌশিক দাস)"

Leave a Comment

Your email address will not be published. Required fields are marked *