সংগীতৰ মাধ্যমেৰে আমাৰ কিছু প্ৰচেষ্টা- (ৰক্তিম গোস্বামী)

‘মুক্ত চিন্তা’ৰ এই সংখ্যাৰ অতিথি সম্পাদকে মোক আচৰিত কৰি অসমৰ সাংস্কৃতিক ক্ষেত্রখনৰ প্রান্তীয় কন্ঠ হিচাপে মোকো চিহ্নিত কৰিছে আৰু মোৰ সাংস্কৃতিক কাম-কাজৰ বিষয়ে ৰাইজক জনোৱাৰ আগ্রহ কৰিছে। মোৰ বাবে ই পৰম সৌভাগ্য আৰু হিয়া উমাল কৰি পেলোৱা কথা। অতিথি সম্পাদকৰ লগতে ‘মুক্ত চিন্তা’ৰে জড়িত সকলোলৈ মোৰ ধন্যবাদ। নিজৰ বিষয়ে নিজে ক'বলগীয়া হোৱাটো এক অস্বস্তিকৰ অৱস্থা যদিও ‘মুক্ত চিন্তা’ৰ সৎ আৰু সমাজসাপেক্ষ সদৰ্থক চিন্তাক সন্মান জনাই কিছু কথা থোৰতে কওঁ।

মহানগৰীৰ যান্ত্রিক জীৱনত বিতুষ্ট হৈ এদিন আকস্মাৎ একো আগপিছ নাভাবি হঠাৎ তেজপুৰলৈ উভতি আহিছিলো সপৰিয়ালে। মনত সদায় বিচাৰিছিলো নিজে বিচৰা কামবোৰ এফালৰ পৰা কৰি যাবলৈ, কিন্তু মধ্যবিত্তীয় যান্ত্রিক জটিলতাবোৰে ‘তথাকথিত সংসাৰৰ Vicious cycle’টোৰ পৰা ওলাই আহিব দিয়া নাছিল। অকস্মাৎ বাংগালুৰু এৰাৰ এক সাহসী সিদ্ধান্তই কিন্তু সকলো সলনি কৰি জীৱনটোক এক নতুন গতি দিলে। সন্তানসহ জীৱনটো পুনৰ এক ‘মহাশূন্য’ৰ পৰা আৰম্ভ কৰিলো। পত্নীৰ ইচ্ছা আৰু মোৰ ইচ্ছা দুয়োকে সাৰোগত কৰি আৰম্ভ কৰিলো এখন কণমানিহতঁৰ  বিদ্যালয় আৰু এখন সংগীত বিদ্যালয়। যথেষ্ট কঠিন সময় আৰু কষ্টৰ অন্তত দুয়োখন বিদ্যালয়ৰ আয়ুস আজি ৫ বছৰ হ’ল। এজন এজনকৈ ছাত্র- ছাএী লগ হৈ তাৰ সংখ্যা আজি প্রায় ২০০ হ’ল। মোৰ যি এক সীমিত পৰিচয় এই পৰিচয়ে মোক এজন সংস্কৃতি, সাহিত্য, গীত-মাতৰ লগত জড়িত ব্যক্তি বুলিয়েই সমাজৰ আগত থিয় কৰায়। এই পৰিচয় লৈ মই সুখী আৰু দায়বদ্ধ আৰু এই দায়বদ্ধতা প্রকাশ কৰি আহিছো নিজৰ সাংস্কৃতিক কাম-কাজ আৰু নতুনৰ মাজত তাৰ প্রচাৰ আৰু প্রসাৰৰ মাজেৰে। আমাৰ দুয়োটা শৈক্ষিক প্রতিষ্ঠান Educo First Steps School আৰু Educo School of Art & Musicত আমি আৰম্ভণিৰ পৰাই চেষ্টা কৰি আহিছো অসমীয়া সংস্কৃতিৰ পৰা ক্রমাৎ বিচ্ছিন্ন হ’ব ধৰা আজিৰ নতুনক পুনৰ দৃঢ়তাৰে সংলগ্ন কৰাৰ। আমি নতুনৰ মাজত জীয়াই ৰাখিবলৈ যত্ন কৰি আহিছো জ্যোতি, বিষ্ণু, জয়ন্ত হাজৰিকা, ভূপেন হাজৰিকা আৰু আন বহুতক।  সময়ৰ লগে লগে সৰু সৰু ল’ৰা ছোৱালীবোৰে, উঠি অহা ল’ৰা-ছোৱালীবোৰে গানবোৰ শিকিছে, শিকাবলৈ যত্ন কৰিছো। শিকি উঠি কয়, ‘ইমান ধুনীয়া গান, ছাৰ’ আৰু শ্রেণীৰ পৰা যেতিয়া ওলাই যায় তেতিয়া প্রায়ে শুনো তেওঁলোকৰ মুখত ন কৈ শিকি উঠা গানবোৰৰ গুণগুণনি। এইকণেই সুখ, প্রাপ্তি নহয় জানো?

মই ব্যক্তিগত পৰ্যায়ত যিবোৰ গীত-মাত বিষয়ক কামত জড়িত হৈ আছো সেইবোৰৰ  আমাৰ প্রতিষ্ঠান Educo First Steps School আৰু Educo School of Art & Musicৰ সাংস্কৃতিক উদ্দেশ্যৰ লগত পোনপটীয়া সৰ্ম্পক আছে। ন কৈ হাতত লোৱা কামবোৰৰ এটা হৈছে ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্রসাদ ৰাভাৰ গীতকে আদি কৰি অসমীয়া বহু পুৰণি গীতক বিকৃত নকৰাকৈ নকৈ সজাই, গাই নতুনক সেইবোৰৰ প্রতি কিছু পৰিমাণে হ’লেও আকৃষ্ট কৰাৰ চেষ্টা। গীতৰ ভিডিঅ’বোৰৰ শেষত সেই গীতৰ স্রষ্টা বিষয়ক কিছু প্রয়োজনীয় তথ্য অথবা কিছু বিজ্ঞ ব্যক্তিৰ সাক্ষাৎকাৰ দিয়াৰো যত্ন কৰিছো। ইতিমধ্যে ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালাৰ ‘বোৱা বোৱা’ (ভাতৃ ৰূপম ভূঞাসহ) গীতটি আৰু কলাগুৰু বিষ্ণুপ্রসাদ ৰাভাৰ ‘লগন উকলি গ’ল’ (ভগ্নী মৈত্রেয়ী পাটৰ সহ) গীতটি ফে'চবুকত মুক্তি দিয়াৰ লগতে ইউটিউবতো মুকলি কৰিছিলো আৰু শ্ৰোতাৰ সঁহাৰিও আছিল উৎসাহজনক। ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালাৰ আন এটি গীত অলপতে আৰ্কষণীয়কৈ সজাই তোলা হৈছে। ষ্টুডিঅ' আৰু ভিডিঅ’ৰ কাম সম্পন্ন হ’লেই অনতিপলমে এই গীতটি মুকলি কৰা হ’ব। সঁচা কথা ক’বলৈ গ’লে, এই কামবোৰ কৰাত কিছু আৰ্থিক চাপ নথকা নহয়, কাৰণ এনে কামত কাৰো আৰ্থিক সহযোগ নাথাকে আৰু এনে কামৰ কোনো আৰ্থিক মূল্যায়নো অবাঞ্ছনীয়, সেয়েহে এনে কাম কৰি নিৰন্তৰ আগ বাঢ়ি যোৱাৰ দুৰ্বাৰ হেঁপাহ থাকিলেও মাজে মাজে থমকি ৰ’ব লগীয়া হয় যদিও তেনেকৈয়ে কৰি আছো, হৈ আছে আৰু অনাগত দিনতো এনে কাম হৈ থাকিব কাৰণ এই কামবোৰেই মোৰ দৰে মানুহৰ শ্রেষ্ঠ মানসিক খাদ্য যাৰ অবিহনে জীৱনক কল্পনা কৰাটোও অসম্ভৱ।

মোৰ নিজৰ গীতবোৰ, নিজে লিখা-সুৰ কৰা- গোৱা কাৰিকৰী জাকজমকতাহীন গীতবোৰত সাধাৰণতেই মই মানুহৰ বাবে কিবা এটা কোৱাৰ প্রয়াস কৰি আহিছো। দশোদিশৰ সমাজখনৰ, মানুহৰ, ৰাজনীতিৰ, দেশৰ কথা ক’বলৈ মোৰ বাবে গানতকৈ শক্তিশালী মাধ্যম আৰু একো নাই। যোৱা কিছু সময়ত তেনে কিছু বাৰ্তা দিবলৈ যত্ন কৰি মুক্তি দিয়া মোৰ কিছু গীত (ইউটিউবত উপলব্ধ) হ’ল -

১) ভনীমাই দত্তৰ বাবে এটা গান

২) আব্রাহাম লিংকনে কৈছিলে

৩) শিশু

৪) ৰং

৫) সুখনিদ্রা

৬) মানুহ কি?

৭) জীৱন

৮) ৰক্তপিপাসু সহোদৰ

৯) ভিক্ষাৰী তই ভিক্ষাৰী

১০) কিয়?

১১) এখন দেশত আছিল এজন ৰজা

বৰ্তমানে আন দুটা গীতৰ কাম হাতত লৈছো আৰু তাৰ প্রাথমিক পৰ্যায়ৰ কাম ইতিমধ্যেই আৰম্ভ হৈছে। তাৰে এটাৰ বিষয় হৈছে ‘Sexual abuse of children/Women’ আৰু আনটো গীত (যিটো নববৰ্ষৰ আগে আগে মুকলি কৰাৰ মনস্থ কৰিছো)ৰ বিষয় ‘এখন নতুন পৃথিৱীৰ সপোন’। ইয়াৰ বাহিৰে অনাগত বৰ্ষত আমাৰ দুয়ো প্রতিষ্ঠানৰ কণমানি আৰু যুবক-যুৱতীসকলৰ বাবে এক দৃশ্য-শ্রাব্য সাংস্কৃতিক প্রকল্পৰ লগতে আমাৰ প্রতিষ্ঠানৰ বাহিৰৰ আন সকলো আগ্রহী কণমানি আৰু যুবক-যুৱতীৰ বাবে অসমীয়া পুৰণি গীতৰ এক কৰ্মশালাৰো আয়োজন কৰাৰ প্রস্তুতি লোৱা হৈছে। দৰাচলতে অসমীয়া/শিশু চলচ্চিত্র প্রদৰ্শন, প্রখ্যাত অসমীয়া ব্যক্তিৰ জীৱনভিত্তিক কুইজৰ দৰে এটা পাছত আন এটাকৈ কৰিব পৰা বহু কামৰ আছে আৰু সময়ে সময়ে তাক বাস্তৱত ৰূপায়িত কৰি যোৱাও হৈছে । এইদৰেই এই প্রক্রিয়া ন-ন উপাদানৰ সংমিশ্রণেৰে অনাগত দিনতো চলি থাকিব।

সাধাৰণ মানুহ হিচাপে নিজৰ পৰিধিৰ মাজৰ ক্ষমতাৰে নিজৰ সাংস্কৃতিক দায়বদ্ধতাক সন্তুষ্ট কৰিবলৈ যিখিনি প্রয়োজন বুলি ভাবো, ক্ষুদ্র আৰু তেনেই সাধাৰণ হ’লেও সেইখিনি কৰাৰ উদ্যম আজীৱন থাকিব বুলি মনে দঢ়াই কয়। মনক সন্তোষ দিব পৰা এনে সৰু সৰু কামতকৈ আন ডাঙৰ প্রাপ্তি মোৰ দৰে এজন সাধাৰণ ব্যক্তিৰ কি হ’ব পাৰে?

Share Button
Print Friendly, PDF & Email

No Comments : "সংগীতৰ মাধ্যমেৰে আমাৰ কিছু প্ৰচেষ্টা- (ৰক্তিম গোস্বামী)"

Leave a Comment

Your email address will not be published. Required fields are marked *