সংস্কৃতিৰ ভেটি - (টুনুজ্যোতি গগৈ)

 

বিহু আৰু বিতৰ্ক এটা মুদ্ৰাৰ ইপিঠি-সিপিঠিৰ দৰে হৈ পৰিছে৷ যোৱা কেইবাবছৰৰপৰা লক্ষ্য কৰি আহিছোঁ, বিহু অহাৰ লগে লগেই অসমীয়া মধ্যবিত্তীয় শিক্ষিতসমাজ কেতবোৰ অবাঞ্ছিত আৰু অৰ্থহীন বিতৰ্কত ব্যস্ত হৈ পৰে৷ বিতৰ্কবোৰ মূলতঃ এনেধৰণৰ – গায়কে মঞ্চত গীত পৰিৱেশন কৰোতে কি সাজ পৰিধান কৰিব, অন্য ভাষাৰ গীত গাব নে নাগাব, নিশা কিমান বজালৈ অনুষ্ঠান পৰিৱেশন কৰিব লাগিব ইত্যাদি৷ এনে বিতৰ্কবোৰ যে কোনো এক স্থিৰ সিদ্ধান্তত উপনীত হৈছে বা কোনো সমস্যাৰ স্থায়ী সমাধানৰ বাট কাটিছে, সেয়াও নহয়৷ কেৱল নিজকে ‘অসমীয়া সংস্কৃতিৰ ত্ৰাণকৰ্তা বা শুভচিন্তক' বুলি ভবা এচাম মানুহক অনাহকত ব্যস্ত কৰি ৰখাৰ বাহিৰে আৰু তেওঁলোকক অলপ সস্তীয়া জনপ্ৰিয়তা দিয়াৰ বাহিৰে এনে বিতৰ্কবোৰে অসমীয়া জাতি আৰু সংস্কৃতিৰ একো উন্নতি সাধন কৰা নাই৷ নকৰেও৷ এনে বিতৰ্কবোৰ দেখি-শুনি-পঢ়ি-বুজি এটা কথাই ক'বলৈ মন যায় যে ইবোৰ বিশ্বায়নৰ বতাহ লগা অসমীয়া মধ্যবিত্তীয় সমাজখনৰ ভণ্ডামি আৰু দুৰ্বল নৈতিকতাৰ বহিৰ্প্ৰকাশৰ বাদে একো নহয়৷ সেই ভণ্ডামি আৰু দুৰ্বল নৈতিকতাক কোন কাহানিবাই সাৰ্থক প্ৰগতিশীল গল্পকাৰ জেহিৰুল হুছেইনে ‘ভেটি' গল্পটোৰ জৰিয়তে উদঙাই দিছিল৷

‘দূবৰি বনৰ জুই' (১৯৯১), ‘ৰাং কুকুৰৰ টুপী' (২০০০) আৰু ‘চিলিকন ভেলীৰ মানুহ' (২০০৫) শীৰ্ষক তিনিখন গল্পপুথি প্ৰণয়নেৰে অসমীয়া প্ৰগতিশীল সাহিত্য ভঁৰালক সমৃদ্ধ কৰি থৈ যোৱা হুইছেনৰ ‘ভেটি' গল্পটোৰ কাহিনীভাগ সংক্ষেপে এনেধৰণৰ : মোহন, চোনা মিঞা আৰু মাংৰা হ'ল দিন হাজিৰা কৰা ব্যক্তি৷ কেইবাদিনো লেঠাৰি নিছিগা বৰষুণ দি থকাৰ বাবে তেওঁলোকে চাৰি-পাঁচ দিন ক'তো কাম পোৱা নাছিল৷ কাম নোপোৱাৰ অৰ্থ হ'ল আধাপেটিকৈ বা ভোকে-লঘোণে থকা৷ বতৰ ফৰকাল হোৱাৰ দিনা তেওঁলোকে অন্য দিন মজুৰৰ দৰেই হাজিৰা বিচাৰি চহৰলৈ ওলাই গৈছে৷ কিন্তু, পুৱা দহ বজালৈকে হাজিৰা কাম কৰাবলৈ বিচৰা কোনো মানুহ নহাত তেওঁলোক পৰিয়ালৰ লঘোণীয়া সদস্যসকলৰ কথা ভাবি চিন্তিত হৈ পৰিছে৷ মোহনেতো হাজিৰা নাপালে ঘৰৰ ‘কাঁহৰ থাল দুখন ৰিন্টু দোকানীক বেচি' অলপ চাউল অনাৰ কথাই ভাবিলে৷ সি ঘৰলৈ ঘূৰি যাবলৈ লওঁতেই দেখিলে, দুটা ডেকা ল'ৰা স্কুটাৰ এখনত আহি দিন মজুৰসকলৰ ওচৰত ৰৈছে৷ ডেকা ল'ৰা দুটাই বিহু সন্মিলনৰ আধৰুৱা পেণ্ডেল এটা সম্পূৰ্ণ কৰিবৰ বাবে কাম কৰা মানুহ বিচাৰি আহিছে বুলি জানিব পাৰি তাৰ ভাল লাগিল৷ সন্ধিয়াৰ পূৰ্বে পেণ্ডেল-মঞ্চৰ কাম সম্পূৰ্ণ কৰাৰ আৰু নিশা ন বজাৰ পাছত হাজিৰা লোৱাৰ চৰ্তত তেওঁলোক কাম কৰিবলৈ সন্মত হ'ল৷

বিভিন্ন জাতৰ, বিভিন্ন ধৰ্মৰ আৰু বিভিন্ন বয়সৰ পোন্ধৰজনমান দিন মজদুৰে বিহু সন্মিলনৰ বিষয়ববীয়াহঁতৰ নিৰ্দেশমতে সন্ধিয়াৰ পূৰ্বেই লিৰিকা বাঁহেৰে পেণ্ডেল-মঞ্চৰ কাম সম্পূৰ্ণ কৰি তুলিলে৷ ল'ৰা-ছোৱালী কিছুমানে আঁৰ কাপোৰেৰে ধুনীয়াকৈ সজাই তোলা মঞ্চটো সন্ধিয়া নিয়ন লাইটৰ পোহৰত জকমকাই উঠিল৷ পেণ্ডেলত দৰ্শকৰ ভিৰো লাগিল৷ ‘গাড়ীৰে আহিব ধৰিলে বিভিন্ন শিল্পী, বৰ বৰ মানুহ৷ মোহনহঁতৰ অস্তিত্ব ক্ৰমে জাকজমকীয়া পৰিৱেশৰ মাজত যেন নাইকিয়া হৈ পৰিল৷' তেওঁলোকে ভাগৰত অৱশ হৈ দূৰৈৰ ঘাঁহনি এটুকুৰাৰ ওপৰত বহি জিৰণি ল'বলৈ ধৰিলে৷ মজুৰি নোপোৱালৈকে তেওঁলোক তেনেদৰেই ৰৈ থাকিব লাগিব৷

এযোৰা বাছকবনীয়া হুঁচৰিৰে বিহু সন্মিলনীৰ সাংস্কৃতিক সন্ধিয়া আৰম্ভ হ'ল৷ সাংস্কৃতিক সন্ধিয়া চলি থকাৰ মাজতে ষ্টেজৰ তলৰ বাঁহ এডাল ভাগি পৰাত সন্মিলনীৰ সম্পাদকে মোহনক বিচাৰিলে৷ সম্পাদকে মোহনক পাই ধমকি দিলে – ‘ষ্টেজ সাজিছিলি, চালা৷ ফুটাকড়ি এটাও নাপাৱ৷ মোৰ চব ইজ্জত আজি শেষ৷' মোহনে আত্মপক্ষৰ সমৰ্থনত ক'লে – ‘ৰ'ব ৰ'ব, মোৰ ওপৰত গালি দিলেই নহ'ব৷ বৰুৱা ছাৰক মই কেইবাবাৰো ক'লো –  বাঁহকেইডাল লিৰিকা, ভাগি যাব পাৰে৷ বৰুৱা ছাৰে ওভোতাই মোকহে ধমকি দিলে৷ আমি কি কৰিম? হাজিৰা কৰা মানুহ৷'

সেই সময়ত মঞ্চ সজাৰ ঠিকা লোৱা বৰুৱা তাত উপস্থিত নাছিল৷ তেওঁ কেতিয়াবাই টুকুৰা বাঁহ-কাঠবোৰ ঠেলা এখনত তুলি দি ঘৰলৈ পঠিয়ালে আৰু নিজেও লগত গ'ল৷ খঙে-ক্ষোভে সন্মিলনীৰ সম্পাদক কিংকৰ্তব্যবিমূঢ় হৈ পৰাত বয়োবৃদ্ধ সভাপতিয়ে উপায় দিলে যে দিন মজুৰকেইজনে ভাগি পৰা মঞ্চটোৰ তলত সোমাই কান্ধেৰে মঞ্চটো ধৰি ৰাখিলে তেওঁলোকৰ সন্মান ৰক্ষা পৰিব৷ মোহনহঁতে প্ৰথমে সেই কাম কৰিব নিবিচাৰিলেও পাছত ঘৰ-সংসাৰ, ল'ৰা-ছোৱালীৰ কথা ভাবিয়েই কৰিবলৈ বাধ্য হ'ল৷

অন্ধকাৰাচ্ছন্ন মঞ্চৰ তলত মহৰ উৎপাত৷ তাতে গেলেপা গৰম৷ পথালি বাঁহডাল কান্ধত লৈ তিনিমূৰে তিনিজন মানুহ –  মোহন, মাংৰা আৰু চোনা মিঞা৷ তেওঁলোকৰ কান্ধ মঞ্চৰ ভৰত জ্বলি-পুৰি গৈছে৷ ইপিনে, মঞ্চৰ ওপৰত চলিছে গুৱাহাটীৰ অভিজাত সাংস্কৃতিক সংঘ কলাক্ষেত্ৰৰ উদ্দাম নৃত্য আৰু সেই নৃত্য চাই দৰ্শকে ৰৈ ৰৈ হাত চাপৰি বজাইছে৷ নৃত্যৰ শেষত শুনা গ'ল ঘোষকৰ কণ্ঠ – ‘এয়ে অসমৰ বাৰেবৰণীয়া সংস্কৃতি৷ ইয়াৰ মাজতেই জীপ লৈ আছে এটা জাতিৰ স্বপ্ন, আশা-আকাংক্ষা৷ এই সংস্কৃতি জীয়াই ৰাখিব নোৱাৰিলে এটা জাতিৰ অস্তিত্বও চিৰকাললৈ বিলীন হ'ব৷' ঘোষকৰ ঘোষণা শেষ হোৱাৰ লগে লগে মাংৰাই খুক খুককৈ হাঁহি উঠিল৷ মোহন আৰু চোনা মিঞাই হঁহাৰ কাৰণ জানিব বিচৰাত মাংৰাই ক'লে – ‘নাই হাসি আৰ কি কৰবি ৰে? আমৰা চাড়ি দিলে বাবুগিলা চালা চব গিৰি যাব ৰে৷'

জেহিৰুল হুছেইনৰ ‘ভেটি' গল্পটোত শ্ৰমজীৱীসকলৰ দৰিদ্ৰতা, শ্ৰমমুখিতা, সৰলতা, দায়বদ্ধতা আদি জীৱন্ত ৰূপত চিত্ৰিত হোৱাৰ বিপৰীতে সভাই-সমিতিয়ে গলা ফুলাই জাতিৰ অস্তিত্বৰ কথা কোৱা অথচ ব্যক্তিগত স্বাৰ্থপূৰণৰ বাবে জাতি-মাটি-ভেটিক বহিৰাগতৰ ওচৰত বন্ধকত থ'বলৈও কুণ্ঠাবোধ নকৰা অসমীয়া মধ্যবিত্ত শ্ৰেণীটোৰ শ্ৰমবিমুখিতা, সুবিধাবাদী মানসিকতা, প্ৰদৰ্শনকামিতা, অসাধুতা আদিক শাণিত ভাষাৰে ব্যংগ কৰিছে৷ গল্পটোৰ মূল বক্তব্য এয়ে যে সুদূৰ অতীতত সাধাৰণ কৃষিজীৱী জনতাই গঢ় দিয়া অসমৰ লোকসংস্কৃতিৰ ভেটিটো বৰ্তমানেও ৰক্ষণাবেক্ষণ দি আছে মোহন-মাংৰা-চোনা মিঞাৰ দৰে সাধাৰণ শ্ৰমজীৱী জনতাইহে; নিজকে অসমীয়া সংস্কৃতিৰ ত্ৰাণকৰ্তা বা শুভচিন্তক বুলি ভবা বিহু সন্মিলনীৰ বিষয়ববীয়া, লাখ লাখ টকাৰ বিনিময়ত গীত পৰিৱেশন কৰা গায়ক-গায়িকা আদিয়ে নহয়৷ বিহুৰ উৎপত্তি বা বিকাশৰ ক্ষেত্ৰত মাংৰা আৰু চোনা মিঞাৰ উপৰিপুৰুষৰ কোনো অৱদান নাথাকিব পাৰে; কিন্তু অসমৰ মাটি-পানী-বায়ুৰ সৈতে একাকাৰ হৈ পৰা এই দুই বিশেষ সম্প্ৰদায়ৰ লোকসকলৰ কান্ধত কেৱল অসমীয়া সংস্কৃতিৰে নহয়, ভাষা-সাহিত্যৰ ভৱিষ্যতো নিৰাপদ হৈ আছে৷ তাৰ পৰিৱৰ্তে, ইংৰাজৰ দিনৰেপৰা অসমত ‘গোলা' খুলি বেহাবলৈ অহা আগৰৱালা, সৰকাৰ, পাল আদিৰ (জ্যোতিপ্ৰসাদ আগৰৱালা-হেমাংগ বিশ্বাসৰ দৰে দুই-এজন অসমপ্ৰাণ ব্যক্তিক বাদ দি) সতি-সন্ততিসকলে অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ অস্তিত্বৰ প্ৰতি মাজে-সময়ে ভাবুকি কঢ়িয়াই আনিছে৷ বৰ্তমান এনে ভাবুকি খুবেই উদ্বেগজনক হৈ পৰিছে৷

মধ্যযুগত আহোম ৰাজতন্ত্ৰৰ পৃষ্ঠপোষকতাতে অসমৰ ভিন্ন জনগোষ্ঠীসমূহৰ মাজত ভিন্ন পৰম্পৰাৰে প্ৰচলিত হৈ অহা কৃষিভিত্তিক বসন্ত উৎসৱসমূহে বিহুৰ দৰে এক সামূহিক চৰিত্ৰ লাভ কৰিছিল৷ কিন্তু, ইয়াৰ অৰ্থ এনেকুৱা নহয় যে আহোম ৰাজতন্ত্ৰৰ পৃষ্ঠপোষকতা নোপোৱা হ'লে বসন্ত উৎসৱসমূহে এক সামূহিক চৰিত্ৰ লাভ নকৰিলহেঁতেন বা এই কৃষিভিত্তিক উৎসৱসমূহ কালৰ গৰ্ভত হেৰাই গ'লহেঁতেন৷ সঁচা ক'বলৈ গ'লে, ৰজাঘৰৰৰ পৃষ্ঠপোষকতাৰ অবিহনেই প্ৰজাঘৰৰ হিয়াৰ উম লৈ বসন্ত উৎসৱসমূহ স্বমহিমাৰে জীয়াই থাকিলহেঁতেন৷ বসন্ত উৎসৱসমূহে কিছু বছৰ দেৰিকৈ এক সামূহিক চৰিত্ৰ লাভ কৰিলেও কাৰো একো ক্ষতি নহ'লহেঁতেন৷

প্ৰাচ্যতত্ত্ববিদ ডঃ মহেশ্বৰ নেওগে ‘অসমীয়া গীতি সাহিত্য' (১৯৫৮) গ্ৰন্থত ইংলেণ্ডৰ আধুনিক কবি টমাছ হাৰ্ডিৰ এটি কবিতাৰ প্ৰসংগ উল্লেখ কৰিছে৷ হাৰ্ডিয়ে কৈছিল – যুগৰ পাছত যুগান্তৰ আহে, ইটোৰ পাছত সিটো প্ৰতাপী ৰাজবংশই শাসনদণ্ড ধৰে, কিন্তু মানুহৰ সেই আদিম প্ৰক্ৰিয়া ভূমি কৰ্ষণ আৰু সেই আদিম প্ৰবৃত্তি প্ৰেম-প্ৰণয়ৰ গতি একেদৰে থাকে৷ হাৰ্ডিৰ বক্তব্যৰ খেও ধৰি ডঃ নেওগে যথাৰ্থভাৱেই কৈছে – ‘নতুন গঢ়ৰ শাসন ওলাল৷ নতুন ধৰণৰ যান-বাহন চলিল৷ কিন্তু বনগীত গোৱা বনৰীয়া ডেকা-গাভৰুৰ জীৱনত একো নঘটিল৷ মাত্ৰ মানৰ উপদ্ৰৱৰ হাত সাৰি সকলো অসমীয়া প্ৰজাই এটা স্বস্তিৰ নিশ্বাস কাঢ়িল৷ ডেকা-গাভৰুৱে হাড়ক মাটি, তেজক পানী কৰি আগৰ দৰেই দুবেলা-দুমুঠি উলিয়াই খাই থাকিল৷ আগৰ দৰেই সিহঁতে গীত-মাত গাই নৈৰ গৰাত প্ৰতিধ্বনি তুলিলে৷' (পৃঃ ৯৩-৯৪) নেওগে আৰু কৈছে – ‘নতুন আমোলত যিবোৰ পৰিৱৰ্তন ঘটিছিল, সিহঁতৰ জীৱনত দূৰৈৰপৰা তাৰ চিটিকনি এটা পৰিছিলহি মাত্ৰ৷ সিহঁত তাতেই সন্তুষ্ট৷ বনগীত গোৱা দলে এই নতুন জগতখনৰ দুই-এটা উপমা নি গীতত অলঙ্কাৰ খুৱাইছিল পুৰণি ঘৰুৱা উপমাৰ লগতে৷' (পৃঃ ৯৮)

সময়, সমাজ আৰু সংস্কৃতিৰ পৰিৱৰ্তন এক স্বাভাৱিক প্ৰক্ৰিয়া৷ কিন্তু, অসম আন্দোলনৰ পৰৱৰ্তী সময়ত বিশ্বায়নে অসমৰ সমাজজীৱনলৈ কঢ়িয়াই অনা উপৰুৱা, কৃত্ৰিম আৰু বৈষম্যমূলক পৰিৱৰ্তনক জেহিৰুল হুছেইনে মানি ল'ব পৰা নাছিল৷ বিশ্বায়নৰ প্ৰভাৱত সাধাৰণ ৰাইজৰ মানসতা দ্ৰুতগতিত সলনি হৈ পৰিছিল৷ নগৰায়ণৰ ফলত গাঁওবোৰে স্বকীয়তা হেৰুৱাই পেলোৱাৰ বিপৰীতে ব্যৱসায়-চাকৰিৰ তাগিদাত নগৰত থিতাপি লোৱা একাংশ মধ্যবিত্ত ক্ৰমাৎ শিপাবিচ্ছিন্ন হৈ পৰিল৷ বিশ্বায়নৰ প্ৰভাৱত গ্ৰাম্য জনজীৱনলৈ অহা পৰিৱৰ্তনৰ বিৰুদ্ধে গল্পকাৰ সোচ্চাৰ হৈ উঠিছিল৷ তেওঁৰ ‘অভিমন্যু' শীৰ্ষক গল্পটিত বিশ্বায়নসৃষ্ট অবাঞ্ছিত পৰিৱৰ্তনৰ দৃশ্য চিত্ৰিত হৈছে – ‘আজি অলপ দিনৰপৰা নগৰখনেই লাহে লাহে সিহঁতৰ গাঁৱৰ ফালে আহি আছে৷ তাৰ এনে লাগে যেন মস্ত এটা অজগৰে মুখখন আঁকৈ মেলি সিহঁতৰ গাঁওখন গিলিব খুজিছে৷'

সন্দেহ নাই যে হুছেইনৰ দৰে এগৰাকী প্ৰগতিশীল গল্পকাৰে সমাজ-সংস্কৃতিৰ সেই পৰিৱৰ্তনকহে গ্ৰহণযোগ্য আৰু আদৰণীয় বুলি ভাবিছিল; যি পৰিৱৰ্তনে উৎপাদন প্ৰক্ৰিয়াৰ সৈতে জড়িত শ্ৰমজীৱী জনতাক প্ৰাপ্য মৰ্যাদা প্ৰদান কৰাৰ লগতে পুৰাতন প্ৰমূল্যবোধসম্পন্ন থলুৱা সংস্কৃতিক স্থানচ্যুত নকৰি উৎকৰ্ষ সাধনতহে সহায় কৰে৷ বিদেশী বা বহিৰাগত সংস্কৃতিৰ ভালেখিনি কেনেদৰে আদৰি লৈ থলুৱাকৰণ কৰিব পাৰি, তাৰ নিদৰ্শন মধ্যযুগত শংকৰদেৱে দেখুৱাইছিল৷ ‘ৰূপান্তৰেহে মাথোঁ জগৎ ধুনীয়া কৰে, সেয়ে মোৰ গায়ত্ৰী মন্ত্ৰ' বুলি ঘোষণা কৰা জ্যোতিপ্ৰসাদেও দেখুৱাইছিল৷ কিন্তু, বৰ্তমান উৎপাদন প্ৰক্ৰিয়াৰপৰা বিচ্ছিন্ন হৈ পৰা অসমৰ সংস্কৃতি এৰাল ছিঙা গৰুৰ দৰে হৈ পৰিছে৷ পশ্চিমীয়া ভোগবাদী সংস্কৃতিৰ চিকমিকনিত বিস্ময়-বিমুগ্ধ হৈ পৰা অনুকৰণপ্ৰিয়, শিপাবিচ্ছিন্ন আৰু শ্ৰমবিমুখ মধ্যবিত্ত শ্ৰেণীটোৱে নিৰ্দিষ্ট দিনকেইটামানত সন্মিলন পাতি থলুৱা সংস্কৃতি প্ৰদৰ্শন কৰিলেই জাতিৰ অস্তিত্ব ৰক্ষা পৰিব বুলি ভাবিছে৷ কিন্তু, মোহন-মাংৰা-চোনা মিঞাৰ দৰে শ্ৰমজীৱী জনতাই থলুৱা অৰ্থনীতিক সবল কৰি তুলিবলৈ সুবিধা নোপোৱালৈকে এটা জাতিৰ অস্তিত্ব কেতিয়াও ৰক্ষা নপৰে আৰু উৎপাদন প্ৰক্ৰিয়াৰ সৈতে প্ৰত্যক্ষ বা পৰোক্ষ সম্পৰ্ক নথকালৈকে কোনো সংস্কৃতিয়েই এটা জাতিৰ দাপোণ হ'ব নোৱাৰে৷

Share Button
Print Friendly, PDF & Email

No Comments : "সংস্কৃতিৰ ভেটি - (টুনুজ্যোতি গগৈ)"

Leave a Comment

Your email address will not be published. Required fields are marked *