সন্তাপ (মূল ৰুছিয়ান: এণ্টন ছেখভ‌। ইংৰাজীৰ পৰা অনুবাদ: ড° বসন্ত কুমাৰ বৰা)

            “কাক কওঁ মোৰ দুখবিলাক ?”

            সন্ধিয়া হৈছে। ডাঙৰ ডাঙৰ বৰফৰ চকলাবিলাক লাহে লাহে এইমাত্ৰ জ্বলোৱা হোৱা পথবন্তিবিলাকৰ ওপৰত উৰি ফুৰিছে; আৰু ঘৰৰ চালবিলাক, ঘোঁৰাৰ পিঠিবিলাক, মানুহৰ কান্ধবিলাক আৰু টুপীবিলাকত পাতলীয়াকৈ পৰিবলৈ ধৰিছে। আয়’না প’টাপ’ভ নামৰ শ্লেজ-চালকগৰাকীক পুৰা-পুৰি বগা এটা ভূতৰ দৰে দেখা গৈছে। সি চালকৰ আসনত অকণো লৰচৰ নকৰাকৈ, জীয়া শৰীৰ এটাত যিমান ভাঁজ লাগিব পাৰে, তাতকৈ দুগুণ ভাঁজ লগাই বহি আছে। বৰফৰ বুজন টুকুৰা এটা গাত আহি পৰিলেও যেন সি সেইটো আঁতৰাই দিয়াৰ প্ৰয়োজন বোধ নকৰিব … তাৰ সৰু ঘোঁৰীজনীও তাৰ দৰেই বগা আৰু স্থিৰ হৈ আছে। তাইৰ অলৰ-অচৰ অৱস্থা, তাইৰ শৰীৰৰ কোণীয়া-কোণীবিলাক আৰু তাইৰ চিধা ভৰি দুখনৰ বাবে তাইক আধা পেনি দামৰ ৰুটিত লগাই থোৱা সস্তীয়া ঘোঁৰাৰ আকাৰটোৰ দৰে লাগিছে। তাই কিজানি চিন্তাত হেৰাই গৈছে। হালৰ নাঙলৰ পৰা, চিনাকী গাঁওখনৰ পৰা আঁতৰাই এই নিস্তেজ, ভয়ংকৰ পোহৰৰ বাতিবিলাক, আৰু শেষ নোহোৱা চিঞৰ-বাখৰ আৰু অনবৰত দৌৰা-দৌৰি কৰি ফুৰা মানুহবিলাকৰ মাজলৈ লৈ আহিলে চাগে’ সকলোৱেই এইদৰে ভাবনাত পৰিব ।

            আয়’না আৰু তাৰ এই লগৰী ঘোঁৰীজনী লৰচৰ নকৰা বহুদেৰি হ’ল। সন্ধিয়াৰ আহাৰৰ আগেয়েই সিহঁত আস্থানৰ পৰা ওলাই আহিছিল আৰু অদ্যপি এটাও ভাড়া পোৱা নাই। এতিয়া নগৰত আন্ধাৰেই হ’ল। পথবন্তিবিলাকৰ শেঁতা পোহৰবিলাক উজ্জল হৈ উঠিছে আৰু ৰাস্থাৰ হট্টগোলবিলাকো ক্ৰমান্বয়ে বাঢ়ি আহিছে ।

            “ভ্যবৰ্গস্কায়ালৈ যাবানে?”, আয়’নাই শুনা পালে, “যাবানে ?”

            আয়নাই সম্বিৎ ঘূৰাই পালে আৰু তাৰ বৰফেৰে ঢকা চকুৰ পতাৰ মাজেৰে দেখা পালে সামৰিক অ’ভাৰকোট আৰু টুপী পৰিহিত এজন বিষয়া।

            “ভ্যবৰ্গস্কায়ালৈ যাবানে?”, বিষয়াজনে দোহাৰিলে, “শুই আছানেকি তুমি? ভ্যবৰ্গস্কায়ালৈ যাবানে?”

            হয়বোধক ভংগীৰে আয়’নাই লেকামডাল টান মাৰি দিলে আৰু ঘোঁৰীজনীৰ পিঠি আৰু কান্ধৰপৰা বৰফৰ চকলাবোৰ চিটিকি পৰিল। বিষয়াজন শ্লেজখনত উঠি পৰিল। চালকে ঘোঁৰীজনীক ভৰিৰে খুন্দিয়ালে, ৰাজহাঁহৰ দৰে এবাৰ ডিঙিটো ঘূৰালে, আসনত উঠিল আৰু প্ৰয়োজনত নহয় যেন অভ্যাসবশতঃহে চাবুকডাল কোবালে। ঘোঁৰীজনীয়েও ডিঙিটো ঘূৰালে, ভৰিকেইখন লৰালে আৰু ইতঃস্ততকৈ আগুৱাবলৈ ধৰিলে …

            “ক’ত সোমাৱগৈ, চয়তান?” লগে লগে আয়’নাই সমুখৰ আন্ধাৰখিনিৰ পৰা চিঞৰা শুনিবলৈ পালে,“ক’ত যাৱ, তই চয়তান? সোঁফালে যা।”

            “চলাব নেজানানেকি তুমি! সোঁফালেৰে যোৱা”, খঙেৰে বিষয়াজনে ক’লে।

            গাড়ীৰ চালক এজনে তাক গালি পাৰি গ’ল, ৰাস্তা পাৰ হোৱা পথিক এজনৰ কান্ধত ঘোঁৰীজনীৰ নাকটো লগাত তেওঁ আয়’নালৈ খঙেৰে চালে আৰু হাতৰ পৰা বৰফবিলাক আঁতৰালে। আয়’নাই আসনত এনেকৈ লৰচৰ কৰিলে যেন যে সি কিছুমান কাঁইটৰ ওপৰতহে বহি আছে, কিলাকুটিকেইটা জোকাৰিলে আৰু ভূতে পোৱা মানুহৰ দৰে চকুকেইটা ঘূৰালে; যেন সি নিজেই নাজানে সি কোন আৰু ইয়াত কি কৰি আছে!

            “কি অভদ্ৰহে’ ইহঁত!” বিষয়াজনে পেংলাই কৰি ক’লে, “ইহঁতে খালী তোমাৰ বিৰুদ্ধে লাগিবলৈ নহ’বা ঘোঁৰাটোৰ গচক খাবলৈ যৎপৰোনাস্তি কৰিছে। ইহঁত সবেই ইচ্ছা কৰিয়েই এনেকুৱা কৰিছে চাগৈ।”

            আয়’নাই তেওঁৰ ভাৰাতীয়াজনলৈ চালে আৰু ওঁঠকেইটা লৰচৰ কৰিলে … সি কিজানি কিবা এটা ক’ব খুজিছিল, কিন্তু তাৰ নাকেৰে এটা নিশাহৰ বাহিৰে একো ওলাই নাহিল ।

            “কি?” বিষয়াজনে সুধিলে।

            আয়’নাই এবাৰ বিকৃতভাবে হাহিঁলে, আৰু গল-হেকাৰি এটা মাৰি, থোকথোকালে, “মোৰ ল’ৰাটো … সি … যোৱা সপ্তাহত ঢুকাল, মহাশয়।”

            “অ’! কেনেকৈ ঢুকাল সি ?”

            আয়’নাই পুৰা-পুৰি ভাৰাতীয়াজনৰ ফালে ঘূৰি লৈ ক’লে, “কেনেকৈনো ক’ম! জ্বৰেই হ’ব চাগে’ … তিনিদিন সি চিকিৎসালয়ত পৰি থাকিল আৰু তাৰ পিছত ঢুকাই থাকিল … ঈশ্বৰৰ ইচ্ছা।”

            “এইফালে ঘূৰ, চয়তান!” আন্ধাৰৰ মাজৰপৰা ভাঁহি আহিল, “ঐ বুঢ়া কুকুৰ, পগলা হ’লিনেকি? ৰাস্তাটো চাই যাব নোৱাৰ!”

            “ব’লা ! ব’লা ! …”, বিষয়াজনে ক’লে, “এনেকৈ হ’লে আমি কালিলৈকে গৈ নাপামগৈ। খৰকৈ ব’লা!”

            শ্লেজ-চালকজনে আকৌ ডিঙিটো ঘূৰালে, আসনত উঠি ল’লে, আৰু চাবুকডাল জোৰেৰে কোবালে। কেইবাবাৰো সি বিষয়াজনলৈ ঘূৰি চালে, কিন্তু তেওঁ চকু দুটা বন্ধ কৰি ৰাখিছিল আৰু কিজানি আৰু একো শুনাৰ ইচ্ছা কৰা নাছিল। ভাৰাতীয়াক ভ্যবৰ্গস্কায়াত নমাই থৈ আয়’না চৰাইখানা এখনৰ ৰ’ল, আৰু আকৌ কুঁচি-মুচি চালকৰ আসনত বহি থাকিল … আকৌ ভিজা বৰফবিলাকে তাক আৰু তাৰ ঘোঁৰীজনীক বগা ৰঙেৰে বোলাই পেলালে। এঘণ্টা পাৰ হ’ল, আৰু এঘণ্টা …

            তিনিজন ডেকা মানুহ, তাৰে দুজন ওখ আৰু ক্ষীণ, আনজন চাপৰ আৰু কুঁজা, ইজনে সিজনক ধৰাধৰিকৈ আৰু তেওঁলোকৰ ৰবৰৰ গাম-বুটেৰে পদপথত ডাঙৰ ডাঙৰকৈ শব্দ কৰি আগবাঢ়ি আহিল।

            “অ’ই, পুলিচ-ব্ৰিজলৈ!” খহটা মাতেৰে কুঁজাজনে চিঞৰিলে। “আমি তিনিজন, … বিশ ক’পেক!”

            আয়নাই লেকামডাল জোকাৰি দিলে আৰু ঘোঁৰীজনীক হেঁচুকি দিলে। বিশ ক’পেকে নোপোছায়, কিন্তু সি সেইবোৰ ভাবিব নোৱাৰে। এক ৰুবলেই নে পাঁচ ক’পেকেই, সেই কথা তাৰ বাবে এতিয়া গুৰুত্বপূৰ্ণ নহয়, মাথোন ভাড়া হ’লেই হ’ল … ডেকা মানুহ তিনিজনে ইজনে সিজনে ঠেলা-ঠেলি কৰি আৰু অশ্লীল গালি পাৰি শ্লেজখনত উঠিল আৰু কোন দুজন বহিব আৰু কোনজন থিয় হৈ যাব ঠিক নকৰাকৈয়ে তিনিওজনেই একেলগে বহিব খুজিলে। দীঘলীয়া তৰ্কাতৰ্কি, খঙা-খঙি আৰু গালি-গালাজৰ পিছত সিদ্ধান্ত হ’ল যে যিহেতু কুঁজাজনেই আটাইতকৈ চাপৰ, তেৱেই থিয় হ’ব লাগিব ।

            “ব’ল, চলা”, ভালকৈ থান-থিত লৈ আৰু আয়’নাৰ গলধনৰ ফালে নিশাহ এৰি খহটা মাতটোৰে কুঁজাজনে ক’লে, “লৰা-লৰি কৰ! আৰে’ দোস্ত, এইটো কি টুপি পালি তই! গোটেই পিটাৰ্ছবুৰ্গতে ইয়াতকৈ কিজানি বেয়া টুপি এটা নোলাব …”

            “হে হে! … হে হে! …”, আয়’নাই হাঁহিলে, “কিনো ক’ম আৰু!”

            “ঠিক আছে, ক’বলৈ একো নাই যদি চলাই থাক! তই পিছে পুৰা ৰাস্তা এনেকৈয়ে চলাবিনেকি, বে’? নে থলামূৰি এটা খাবি?”

            “মোৰ মূৰ বিষাইছে ভাই”, ওখ-পাখ এজনে ক’লে, “কালি ডুকমাছ’ভৰ তাত মই আৰু ভাস্কাই চাৰি বটল ব্ৰেণ্ডি খতম কৰি দিছোঁ।”

            “মই ক’ব নোৱাৰো ভাই তই এনেকুৱা কথা কিয় কৱ”, সিজন ওখই বিৰক্তিৰে ক’লে, “তই অধমৰ দৰে মিছা কথা কৱ, বে’।”

            “কচম বে’, … একদম সঁচা কৈছোঁ …”

            “তোৰ কথা সৌ চিকৰাটোৰ কাঁহৰ দৰেই সঁচা দে।”

            “হে হে!”, অনিচ্ছাৰে মিচিকীয়াই আয়নাই ক’লে, “কুশল হওক, ভদ্ৰলোকসকল।”

            “ফুঃ, চয়তানে নিয়ক তোক!”, কুঁজাজনে ক্ৰুদ্ধভাবে চিঞৰিলে, “অলপ জোৰ লগাবিনে নাই, অ’ই বেমাৰী বুঢ়া? তই এনেকৈয়ে চলাৱনেকি? তাইক চাবুকেৰে দুকোব লগাই দে না! অপদাৰ্থ ঘোঁৰী!”

            আয়’নাই পিছফালে কুঁজাজনৰ খোঁচ আৰু কম্পিত কণ্ঠ শুনিবলৈ পালে। তাক দি অহা গালিবিলাক সি শুনি যাবলৈ ধৰিলে, ইফালে-সিফালে মানুহবিলাক দেখিবলৈ ধৰিলে, আৰু অকলশৰীয়া ভাবটো তাৰ ভিতৰত অকণ অকণকৈ কমি আহিবলৈ ধৰিল। কুঁজাজনে কিবা এটা অকথ্য অশ্লীল গালি পাৰিবলৈ গৈ চৰ্চৰণি খাই কাঁহ নহালৈকে গালি পাৰি থাকিল । তেওঁৰ ওখ লগৰীয়াকেইজনে কোনোবা নাডেঝডা পেট্ৰ’ভ্‌নাৰ বিষয়ে কথা পাতিবলৈ ধৰিলে। আয়’নাই তেওঁলোকলৈ ঘূৰি চালে। তাৰ পিছত তেওঁলোক আকৌ এবাৰ যেতিয়া ৰ’ল, সি ঘূৰি চাই মাত লগালে –

            “এই সপ্তাহত, মা … মা … মানে, মোৰ ল’ৰাটো ঢুকাল!”

            “আমি সকলো মৰিম দে”, কুঁজাজনে কাঁহি উঠি ওঁঠকেইটা মোহাৰি নিশাহ এটা এৰি ক’লে, “ব’ল, চলা, চলা! দোস্তহঁত, মই কোনোপধ্যেই এনেকৈ শামুকীয়া গতিৰে গৈ থাকিব নোৱাৰো দেই। ই আমাক কেতিয়া নি পোৱাবগৈ, বে’!”

            “অ’, তাক অলপ উৎসাহ দে আকৌ, … দে থলামূৰি এটা!”

            “শুনিছনে, ঐ বুঢ়া বেমাৰী? ৰ, মই তোক ঠিক কৰি দিম। কোনোবাই কিবা কামত তোৰ লগত যোৱাতকৈ খোজ কঢ়ায়েই ভাল হ’ব। শুনিছনে, ঐ বুঢ়া গাহৰি? নে আমি কি কৈছো, তই পাত্তাই দিয়া নাই নেকি?”

            আয়’নাই অনুভৱ কৰাতকৈ ডিঙিৰ পিছফালে এটা থাপৰ শুনিবলৈহে পালে।

            “হে হে! …”, সি হাঁহিলে, “কুশল হওক, ভদ্ৰলোকসকল … ভগৱানে আপোনালোকক সুস্বাস্থ্য দিয়ক!”

            “চালক, তই বিয়া পাতিলিনে?” ওখ এজনে সুধিলে।

            “মই ? হে হে ! কুশ … ল হও … ক ভদ্ৰলোকসকল। এতিয়া মোৰ একমাত্ৰ পত্নী হ’ল ভিজা মাটিখিনি … হে হ হ ! … মোৰ কবৰটো! … মোৰ ল’ৰাটো ঢুকাল, মই জীয়াই আছো … কি আচৰিত কথা, মৃত্যু ভুল মানুহলৈ আহিল … । মোলৈ নাহি মৃত্যু আহিল মোৰ ল’ৰালৈ …”

            কেনেকৈ তাৰ ল’ৰাটো ঢুকাল ক’বলৈ আয়না ঘূৰিল; কিন্তু একে সময়তে কুঁজাজনে এটা পাতলীয়া নিশাহ পেলাই ঘোষণা কৰিলে যে তেওঁলোক গন্তব্যস্থান পালেহি। বিশ ক’পেক ভাড়া লৈ আয়’নাই স্ফূৰ্তিবাজ ডেকাকেইজন আন্ধাৰত নেদেখা হোৱালৈকে বহু সময় ধৰি চাই থাকিল। সি আকৌ অকলশৰীয়া হৈ পৰিল আৰু উভতি আহিল একেই নিঃশব্দতা … ক্ষণিকৰ বাবে আঁতৰি যোৱা তাৰ মনৰ সন্তাপ আকৌ উভতি আহিল আৰু তাৰ অন্তৰখন আগতকৈও নিষ্ঠুৰভাবে মোহাৰি পেলাবলৈ ধৰিলে। দুঃশ্চিন্তা আৰু দুৰ্ভগীয়া দৃষ্টিৰে আয়’নাৰ চকুকেইটাই ৰাস্তাৰ দুয়োফালে ইফালে-সিফালে ব্যস্ততাৰে ঘূৰা-ঘূৰি কৰি ফুৰা মানুহবিলাকৰ মাজেৰে ঘুৰ্মুটিয়াই ফুৰিবলৈ ধৰিলে: এই হাজাৰ-হাজাৰ মানুহৰ মাজত সি তাৰ কথাখিনি মন দি শুনিবলৈ এজন মানুহো বিচাৰি নাপাবনে? কিন্তু তাৰ প্ৰতি, তাৰ সন্তাপখিনিৰ প্ৰতি সম্পূৰ্ণ উদাসীনতাৰে মানুহবিলাক উৰি ফুৰিল… তাৰ সন্তাপ হৈ পৰিল যেন অন্তহীন, সীমাহীন। আয়’নাৰ অন্তৰখন বিস্ফোৰিত হৈ তাৰ ভিতৰত দুখবিলাক বৈ যোৱাহেঁতেন, গোটেই পৃথিৱীখন কিজানি সন্তাপৰ বানত উটি গ’লহেঁতেন। কিন্তু সেই সন্তাপবিলাক ইমান সুক্ষ্ম এটা খোলাৰ ভিতৰত লুকাই আছে যে দিনৰ বেলাত মম জ্বলাইও সিহঁতক বিচাৰি পোৱা নাযাব …

            আয়’নাই টোপোলা এটা কঢ়িয়াই নিয়া এজন কুলীক দেখা পালে আৰু তাক মাত লগাবলৈ স্থিৰ কৰিল।

            “সময় কিমান হ’ল নো, বন্ধু?” আয়’নাই সুধিলে।

            “দহেই হ’ব এতিয়া …। এইখিনিত কিয় ৰ’লা ? যোৱা ইয়াৰপৰা!”

            আয়’নাই কিছুদূৰ আগবাঢ়ি গ’ল, পুনৰ কোঁচ খাই বহিল আৰু সন্তাপৰ মাজত নিজকে এৰি দিলে। মানুহক অনুৰোধ কৰি একো লাভ নাই যেন অনুভৱ কৰিলে সি। কিন্তু পাঁচ মিনিটো হোৱাৰ আগতেই সি প্ৰকৃতিস্থ হ’ল, তীক্ষ্ণ বিষ এটা অনুভৱ কৰাৰ দৰে মূৰটো জোকাৰিলে আৰু লেকামডালত টান মাৰি দিলে … সি আৰু সহ্য কৰিব নোৱাৰিছে।

            “আস্থানলৈ যাওঁগৈ!”, সি ভাবিলে, “আস্থানলৈ!”

             তাৰ মনৰ ভাব বুজি পোৱাৰ দৰে তাৰ সৰু ঘোঁৰীজনীয়ে খৰখেদাকৈ যাবলৈ ধৰিলে।

            দেৰঘণ্টা সময় পাৰ হ’ল। এতিয়া সি এটা ডাঙৰ লেতেৰা চৌকাৰ ওচৰত বহি আছে। চৌকাটোৰ ওপৰত, মজিয়াত, ওচৰৰ বেঞ্চবিলাকত বহুকেইজন মানুহ ঘোৰঘোৰাই শুই আছে। ভিতৰৰ আবহাৱা বিভিন্ন গোন্ধেৰে ভৰা আৰু গোমোঠা। আয়’নাই শুই থকা শৰীৰবিলাকলৈ চালে, গাত খজুৱালে আৰু ইমান সোনকালে উভতি অহাৰ বাবে অনুতাপ কৰিলে…

            “মই আনকি ওটখিনি কিনিবৰ জোখাৰেও ভাড়া নাপালো”, সি ভাবিলে। “সেইবাবেই মোৰ এই দুৰ্দশা। নিজৰ কাম কৰিব জনা মানুহ… ভালকৈ খাবলৈ পোৱা মানুহ, নিজৰ ঘোঁৰাটোৱে ভালকৈ খাবলৈ পোৱা মানুহ সদায় স্ফূৰ্তিত থাকিব পাৰে … ”

            এচুকত এজন ডেকা চালকে সাৰ পালে, ডিঙিটো পৰিষ্কাৰ কৰিলে আৰু পানীৰ বাল্টিটো বিচাৰি খপজপালে।

            “পানী খোৱা নেকি?” আয়’নাই সুধিলে।

            “তাকেই।”

            “বাৰু…। কিন্তু মোৰ ল’ৰাটো মৰিল, দোস্ত …  শুনিছানে? সিদিনা চিকিৎসালয়ত… বৰ দুখৰ কথা… ”

            তাৰ কথাই শুনোতাৰ ওপৰত কি প্ৰভাৱ পেলাইছে, সেয়া সি লক্ষ্য কৰিলে, কিন্তু একো দেখা নাপালে। মূৰটো ঢাকি লৈ ডেকা মানুহজন আকৌ শুই থাকিল। হুমুনিয়াহ এৰি আয়’নাই আকৌ গাতো খজুৱালে… ডেকা মানুহজনৰ পিয়াহ লগাৰ দৰেই তাৰো যেন পিয়াহ লাগিছে, কথাৰ বাবে। তাৰ ল’ৰাটোৰ মৃত্যৰ এসপ্তাহেই হ’বৰ হ’ল, কিন্তু সি আজিলৈকে কাৰো সৈতে কথাই পতা নাই… সি এই বিষয়ে ভালকৈ কথা পাতিব খোজে, ধীৰে-সুস্থিৰে… সি ক’ব খোজে, কেনেকৈ তাৰ ল’ৰাটোৰ অসুখ হৈছিল, কেনেকৈ সি বেমাৰত ভূগিছিল, সি মৃত্যুৰ আগে আগে কি কৈছিল, আৰু কেনেকৈ তাৰ মৃত্যু হৈছিল… সি তাক কবৰ দিয়াৰ বিষয়েও ক’ব খোজে, সি ক’ব খোজে সি ল’ৰাটোৰ কাপোৰখিনি চিকিৎসালয়ৰ পৰা আনিবলৈ যোৱাৰ কথাও। গাঁৱত তাৰ জীয়েক আনিচ্যা এতিয়াও আছে… সি তাইৰ বিষয়েও ক’ব খোজে… হয়, তাৰ এই সময়ত ক’বলৈ বহুত কথাই আছে। শুনোতাই নিশ্চয় হুমুনিয়াহ কাঢ়িব, আৰ্তনাদ কৰিব আৰু শোকত ভাগি পৰিব… কোনোবা মহিলাৰ লগত কথা পাতিবলৈ আৰু ভাল হ’ব। যদিও সিহঁত নিৰ্বোধ জীৱ, সিহঁতে দুটা কথা শুনিলেই কান্দিবলৈ আৰম্ভ কৰিব।

            “এবাৰ ওলাই গৈ ঘোঁৰীজনীকে চাই আহোঁচোন”, আয়’নাই ভাবিলে। “শুবলৈ সময়ৰ অভাৱ নাই… বহুত শুব পাৰিম, ভয় নাই… ”

            কোটটো পিন্ধি সি আস্তাবলত সোমাল, তাতে তাৰ ঘোঁৰীজনী থিয় হৈ আছিল। সি ওট, খেৰ আৰু বতৰটোৰ কথা ভাবিলে,… কিন্তু সি অকলে থাকিলে তাৰ পুতেকৰ কথা ভাবিব নোৱাৰে… কাৰোবাৰ লগত তাৰ বিষয়ে কথা পাতিব পাৰি, কিন্তু তাৰ বিষয়ে চিন্তা কৰা আৰু চকুৰ আগত তাৰ ছবিখন উপলব্ধি কৰাটো অসম্ভৱ কথা…

            “চোবাই আছনে?” আয়’নাই ঘোঁৰীজনীৰ চিকমিকাই থকা চকু দুটা দেখি সুধিলে। “চোবা, চোবা… ওট কিনিবৰ জোখাৰে আমাৰ উপাৰ্জন নহ’ল নহয়, আমি খেৰকে খাম… তাকেই… গাড়ী চলাবলৈ মই একেবাৰেই বুঢ়া হ’লো যে… মোৰ ল’ৰাটোৱেহে চলাব লাগিছিল, মই নহয় নহয়… । সি বৰ ভাল চালক আছিল… সি জীয়াই থাকিব লাগিছিল… ”

            আয়’না এখন্তেক নিৰৱে থাকিল, তাৰ পিছত আৰম্ভ কৰিলে, “সেইটোৱে কথা, মোৰ আইজনী… কুজমা আয়’নিট্‌ছ ঢুকাই থাকিল… সি মোৰ পৰা বিদায় ল’লে… সি কোনো কাৰণ নোহোৱাকৈ ঢুকাই থাকিল… এই ধৰ, তোৰ এটা সৰু পোৱালী হ’ল, তই তাক লালন-পালন কৰি ডাঙৰ কৰিলি… আৰু হঠাতে পোৱালীটো এদিন ঢুকাই থাকিল… তোৰ কিমান দুখ লাগিব, হয়নে নহয়?… ”

            সৰু ঘোঁৰীজনীয়ে চোবাই থাকিল, শুনি থাকিল আৰু তাইৰ মালিকৰ তলুৱাত উশাহ এৰি থাকিল। আয়’নাই যেন পৃথিৱীখনক পাহৰি গ’ল, আৰু তাইৰ আগত মন খুলি সকলোবোৰ কৈ গ’ল।

Share Button
Print Friendly, PDF & Email

No Comments : "সন্তাপ (মূল ৰুছিয়ান: এণ্টন ছেখভ‌। ইংৰাজীৰ পৰা অনুবাদ: ড° বসন্ত কুমাৰ বৰা)"

Leave a Comment

Your email address will not be published. Required fields are marked *