সপোনৰ বিপণী-(কৌশিক তালুকদাৰ)

আজিৰপৰা হাজাৰ বছৰ আগতে আকাশৰ জোন-তৰাবোৰ দেখি মানুহ বিস্ময়াভিভূত হৈ পৰিছিল ৷ খালী চকুৰে হ’লেও তেওঁলোকে ৰাতিৰ আকাশত তিৰবিৰাই থকা গ্ৰহ-তৰা ইত্যাদিবোৰৰ অৱস্থান আৰু চাল-চলন লক্ষ্য কৰিছিল ৷ কিন্তু এইবোৰৰ বিষয়ে সম্যক জ্ঞান তেওঁলোকৰ নাছিল ৷ বহুতে মহাকাশৰ তৰা বা গ্ৰহবোৰক কিবা দৈৱিক শক্তি বা আন তেনে অলৌকিক বস্তু বুলিহে ভাবিছিল ৷ পৃথিৱীৰ বিভিন্ন প্ৰাকৃতিক পৰিঘটনা বা পৰিৱৰ্তন যেনে- বৰষুণ, ভূমিকম্প, ধুমুহা, চুনামি, বজ্ৰপাত, আগ্নেয়গিৰিৰ উদ্গীৰন ইত্যাদি, শীত, উত্তাপ বা মানুহৰ জীৱনৰ দুখ-কষ্ট, সফলতা-বিফলতা, অসুখ-বিসুখ ইত্যাদিৰ কাৰণনো কি সেয়াও তেওঁলোকৰ বাবে গভীৰ ৰহস্য আছিল ৷ সেয়ে লাহে লাহে তেওঁলোকে বিশ্বাস কৰিবলৈ ল’লে যে আকাশৰ গ্ৰহ-নক্ষত্ৰৰ প্ৰভাৱত পৃথিৱীৰ সকলো ঘটনা-পৰিঘটনা সংঘটিত হয় বা মানুহৰ জীৱন পৰিচালিত হয় ৷ বহুতে এই গ্ৰহ-নক্ষত্ৰবোৰক পূজা কৰিবলৈ ধৰিলে নতুবা এইবোৰক সন্তুষ্ট (!) কৰি ৰাখিবলৈ বিভিন্ন বিধানৰ কথা ভাবিবলৈ ল’লে ৷ মহাকাশৰ গ্ৰহ-নক্ষত্ৰৰ অৱস্থান তথা গতি-বিধিয়ে পৃথিৱীৰ বিভিন্ন ঘটনা বা মানুহৰ জীৱনত প্ৰভাৱ পেলাব পাৰে বুলি বিশ্বাসৰ ভিত্তিত যি বিদ্যাৰ বিকাশ হৈছিল সেয়াই জ্যোতিষবিদ্যা বুলি পৰিচিত হ’ল ৷ বেবিলনিয়ানসকলক জ্যোতিষৰ পিতৃ বুলি কোৱা হয় ৷ প্ৰায় ২০০০ খ্ৰীষ্টপূৰ্বত বেবিলনৰ জ্যোতিষীসকলে বিশ্বাস কৰিছিল যে সূৰ্য, চন্দ্ৰ আৰু পাঁচটা গ্ৰহ - বৃহস্পতি, মংগল, বুধ, শনি আৰু শুক্ৰৰ নিজা নিজা বিশেষ শক্তি আৰু মানুহৰ জীৱনত ইহঁতৰ ভূমিকা আছে ৷ উদাহৰণস্বৰূপে, মঙল গ্ৰহ দেখিবলৈ ৰঙা বাবে ই আগ্ৰাসন আৰু যুদ্ধৰ লগত জড়িত বুলি ভবা হ’ল ৷ (কিন্তু আজি বিজ্ঞানে ফাদিল কৰিছে যে আয়ৰন অক্সাইড (লোহা আৰু অক্সিজেনৰ যৌগ)ৰ উপস্থিতিৰ বাবেহে মঙল গ্ৰহ দেখিবলৈ ৰঙা ৷ এতিয়া নিশ্চয় আপোনাৰ মনত প্ৰশ্ন জাগিছে - ইউৰেনাছ আৰু নেপচুন বা আন আন গ্ৰহ-উপগ্ৰহই মানুহৰ জীৱনত বা পৃথিৱীৰ ঘটনাৰ ওপৰত প্ৰভাৱ পেলাব পাৰে বুলি বেবিলনিয়ানসকলে কিয় নাভাবিলে? কিয়নো ইউৰেনাছ, নেপচুন আদিৰ বিষয়ে সেই সময়ৰ মানৱসমাজ জ্ঞাত নাছিল ৷ জ্ঞাত হোৱা হ’লে ইহঁতৰ কথাও জ্যোতিষশাস্ত্ৰত অন্তৰ্ভুক্ত হ’লহেঁতেন !) সি যি নহওক, প্ৰাকৃতিক দুৰ্যোগ, বতৰ আৰু যুদ্ধ-বিগ্ৰহৰ আগজাননী দিবলৈও লাহে লাহে জ্যোতিষবিদ্যা ব্যৱহাৰ কৰা হ’ল ৷ আনহাতে, শাসক শ্ৰেণীয়ে জ্যোতিষীক বৰপীৰা পাৰি দিয়াৰ পাছত সমাজত জ্যোতিষশাস্ত্ৰৰ প্ৰভাৱ আৰু বাঢ়িল ৷ বেবিলনৰ পাছত গ্ৰীক আৰু ৰোমানসকলে এই বিষয়ে চৰ্চা কৰিবলৈ আৰম্ভ কৰিলে ৷ প্ৰাচীন আৰব আৰু ভাৰততো জ্যোতিষবিদ্যাৰ চৰ্চা হৈছিল ৷ জ্যোতিষে প্ৰাচীন ভাৰতীয় সমাজতো প্ৰভাৱ বিস্তাৰ আৰু জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিল ৷

সময় বাগৰাৰ লগে লগে মানুহে নতুন নতুন জ্ঞান লভিলে, আগতে নজনা বহুতো প্ৰশ্নৰ উত্তৰ বিচাৰি পালে ৷ দূৰবীণৰ আৱিষ্কাৰৰ পাছত গ্ৰহ-নক্ষত্ৰৰ অধ্যয়নে এক নতুন গতি পালে ৷ দূৰবীণৰ সহায়ত খালী চকুৰে নেদেখা বহুতো নতুন নতুন গ্ৰহ-নক্ষত্ৰৰ সম্ভেদ পোৱা গ’ল ৷ টাইক’ ব্ৰাহে, জোহান্স কেপলাৰ আৰু গেলিলিঅ’ গেলিলি (১৫৬৪-১৬৪২)-এ মহাকাশ অধ্যয়নক এক নতুন স্তৰলৈ লৈ গ’ল ৷ গেলিলিয়ে দূৰবীণৰ সহায়ত বৃহস্পতিৰ উপগ্ৰহ আৱিষ্কাৰ কৰিলে ৷ জ্যোতিষশাস্ত্ৰত এই উপগ্ৰহটোৰ কথা উল্লেখ আছে জানো? সেয়ে মানুহৰ মনত প্ৰশ্ন হ’ল - জ্যোতিষীয়ে কোৱাৰ দৰে বৃহস্পতি গ্ৰহই মানৱ জীৱনৰ ঘটনাসমূহত প্ৰভাৱ পেলায় যদি ইয়াৰ উপগ্ৰহটোৱে কোনো প্ৰভাৱ নেপেলায় নেকি? এই উপগ্ৰহটোৰ আৱিষ্কাৰে প্ৰচলিত জ্যোতিষবিদ্যাৰ যুক্তিযুক্ততাত প্ৰথম গুৰুতৰ প্ৰশ্নবোধক চিহ্নৰ অৱতাৰণা কৰিলে ৷ তাৰ পৰৱৰ্তী সময়ত ছাৰ আইজাক নিউটন (১৬৪২-১৭২৭)ৰ পোহৰ বিজ্ঞান আৰু মহাকৰ্ষণ শক্তিৰ তত্ত্বই দেখুৱালে যে আকাশৰ গ্ৰহ-নক্ষত্ৰবোৰে বিশেষ কিছুমান নিয়ম বা সূত্ৰ মানি চলে ৷ গতিকে গ্ৰহ-নক্ষত্ৰৰ স্থিতি বা গতিবিধিৰ কাৰণবোৰ মহাকৰ্ষণীয়হে ৷ জ্যোতিষশাস্ত্ৰত মহাকৰ্ষণ বলৰ কোনো ভিত্তি নাই ৷ আনহাতে, জ্যোতিষীয়ে বিশ্বাস কৰাৰ দৰে ধূমকেতু প্ৰলয়ৰ আগজাননী/সংকেত নহয় বুলি প্ৰণালীবদ্ধ অধ্যয়নৰ জৰিয়তে জ্যোতিৰ্বিজ্ঞানী এডম্যাণ্ড হেলী (১৬৫৬-১৭৪২)এ ঘোষণা কৰিলে ৷ ১৭০৫ চনত হেলীয়ে দেখুৱালে যে ধূমকেতু একোটা চন্দ্ৰতকৈয়ো ডাঙৰ হ’ব পাৰে আৰু ইহঁতে কি কক্ষপথেৰে সূৰ্যক প্ৰদক্ষিণ কৰে বা কৰিব তাৰ পূৰ্বানুমান নিউটনৰ গতিসূত্ৰ আৰু মাধ্যাকৰ্ষণ তত্ত্বৰ সহায়ত কৰিব পাৰি ৷ এটা বিশেষ ধূমকেতু যাক হেলীৰ ধূমকেতু বুলি জনা যায়, প্ৰতি ৭৫ বছৰৰ মূৰে মূৰে পৃথিৱীৰ পৰা দেখা পোৱা যাব বুলি দেখুওৱা হ’ল আৰু পৰৱৰ্তী সময়ত তাৰ প্ৰমাণো পোৱা গ’ল ৷ কুৰি শতিকাৰ ১৯৮৬ চনত ইয়াক শেষবাৰৰ বাবে দেখা গৈছিল আৰু ২০৬১ চনত পুনৰ ইয়াক দেখা পোৱা যাব ৷ কুৰি শতিকাত আৱিষ্কৃত কোৱান্টাম তত্ত্ব আৰু আইনষ্টাইনৰ আপেক্ষিকতাবাদে জ্যোতিৰ্বিজ্ঞানক অতি উচ্চ খাপলৈ লৈ গ’ল ৷ আজি জ্যোতিৰ্বিজ্ঞানীসকলে মহাকাশ সম্বন্ধে ন ন তথ্য দিবলৈ সক্ষম হৈছে, বিশ্বব্ৰহ্মাণ্ডৰ নানা ৰহস্য ভেদ কৰিবলৈ সক্ষম হৈছে ৷ অৱশ্যে বিজ্ঞানীসকলৰ সন্মুখত ন ন প্ৰত্যাহ্বান সদায় আহিয়ে আছে ৷ আমি যিমানে বিশ্বব্ৰহ্মাণ্ডখনক বুজিবলৈ চেষ্টা কৰিছো সিমানেই নতুন নতুন ৰহস্যৰ সন্মুখীনো হৈ আছো ৷ কিন্তু এটা কথা সত্য যে গ্ৰহ-নক্ষত্ৰৰ অৱস্থান বা গতিবিধিয়ে পৃথিৱীৰ নানা ঘটনা বা মানুহৰ জীৱনৰ ওপৰত প্ৰভাৱ পেলোৱাৰ কোনো তথ্য-প্ৰমাণ আজিৰ তাৰিখলৈকে পোৱা নাই ৷ সেয়ে বিজ্ঞান-প্ৰযুক্তিৰ অগ্ৰগতিৰ লগে লগে জ্যোতিষবিদ্যা অপবিজ্ঞান হিচাপে প্ৰতিষ্ঠিত হ’বলৈ ধৰিলে, মহাকাশৰ গ্ৰহ-তৰা আদিবোৰৰ অধ্যয়নৰ বাবে জ্যোতিৰ্বিজ্ঞান বিজ্ঞানসন্মত বিষয় হিচাপে প্ৰতিষ্ঠা পালে ৷ আজিকালি জ্যোতিৰ্বিজ্ঞানীসকলে মহাকাশৰ গ্ৰহ-নক্ষত্ৰ, কৃষ্ণগহ্বৰ আদিৰ প্ৰণালীবদ্ধ অধ্যয়নৰ বাবে অত্যাধুনিক কম্পিউটাৰ আদি ব্যৱহাৰ কৰে ৷ আপেক্ষিকতাবাদ, মহাকৰ্ষণ আৰু কোৱান্টাম তত্ত্ব, ৰজ্জু তত্ত্ব তথা উচ্চস্তৰীয় গণিতৰ প্ৰয়োগেৰে তথ্য-প্ৰমাণৰ ভিত্তিত জ্যোতিৰ্বিজ্ঞান প্ৰতিষ্ঠিত হয় ৷ আনহাতে, জ্যোতিষবিদ্যাৰ কোনো বৈজ্ঞানিক ভিত্তি নাই বুলি আজি বিজ্ঞানীমহলে স্পষ্টকৈ মানি লৈছে ৷ কিন্তু আজিও সমাজৰ গৰিষ্ঠসংখ্যকৰ মাজত জ্যোতিষ প্ৰচুৰ জনপ্ৰিয় ৷ বহুতে আনকি গাৰ জোৰেৰে হ’লেও ইয়াক বিজ্ঞান বুলি প্ৰতিষ্ঠা কৰিবলৈ বিচাৰে ৷ কিয়নো জ্যোতিৰ্বিদ্যাৰ দৰে জ্যোতিষবিদ্যাতো ৰাশিচক্ৰ অধ্যয়নৰ বাবে আজিকালি কম্পিউটাৰ ব্যৱহাৰ কৰা হয় ৷ জ্যোতিষীয়ে ৰাশিফল জনাবলৈ কম্পিউটাৰ ব্যৱহাৰ কৰি গ্ৰহ-নক্ষত্ৰৰ তালিকা প্ৰস্তুত কৰে, কিবাকিবি গণনা কৰি ভূত-ভৱিষ্যতৰ ব্যাখ্যা কৰে ৷ কম্পিউটাৰ বা বিজ্ঞান-প্ৰযুক্তিৰ অৱদান ব্যৱহাৰ কৰিলেই কোনো এটা বিষয় বিজ্ঞান হৈ নাযায় ৷ ২৮ অক্টোবৰ (২০১৮)ৰ ‘আমাৰ অসম’ত প্ৰকাশিত প্ৰগতিশীল লেখক ভাৰ্গৱ বৰঠাকুৰৰ ‘জ্যোতিষ কিয় বিজ্ঞান নহয়’ শীৰ্ষক নিবন্ধটো সকলোৱে পঢ়ি চোৱা উচিত ৷ লেখাটোত অতি শক্তিশালী আৰু বস্তুনিষ্ঠ যুক্তিৰে জ্যোতিষ যে বিজ্ঞান নহয় তাক ব্যাখ্যা কৰা হৈছে ৷

কোৱা বাহুল্য যে জ্যোতিৰ্বিদ্যা হ’ল এনে এক বিজ্ঞান য’ত বিশ্বব্ৰহ্মাণ্ডৰ সকলো গ্ৰহ, নক্ষত্ৰ, মহাকাশীয় অৱয়বৰ অৱস্থান, গতিবিধি আৰু এই মহাকাশীয় বস্তুৰ ধৰ্ম বা ইহঁতৰ মাজৰ সম্পৰ্কবোৰৰ বিষয়ে গৱেষণা আৰু নিৰীক্ষণৰ জৰিয়তে প্ৰণালীবদ্ধ অধ্যয়ন কৰা হয় ৷ আনহাতে, জ্যোতিষ হ’ল বিশ্বাসৰ ভিত্তিত প্ৰতিষ্ঠিত এক বিষয় য’ত মহাকাশৰ কেইটামান গ্ৰহ-নক্ষত্ৰৰ অৱস্থান তথা গতিবিধিয়ে পৃথিৱীৰ বিভিন্ন ঘটনা বা মানুহৰ জীৱনত কিদৰে প্ৰভাৱ পেলায় তাৰ বিষয়ে আলোচনা কৰা হয় ৷ মানৱ সভ্যতাৰ বিকাশৰ প্ৰাৰম্ভিক পৰ্যায়ত জ্যোতিৰ্বিদ্যা আৰু জ্যোতিষশাস্ত্ৰৰ মাজত তেনে কোনো পাৰ্থক্য নাছিল ৷ কিন্তু বিজ্ঞান-প্ৰযুক্তিৰ অভূতপূৰ্ব প্ৰগতিৰ জৰিয়তে এই কথা প্ৰতিষ্ঠা হৈছে যে জ্যোতিষশাস্ত্ৰ বিজ্ঞান নহয়, অপবিজ্ঞানহে ৷ এই কথাও ইতিমধ্যে প্ৰতিষ্ঠা হৈ গৈছে যে ব্যক্তি বা ৰাষ্ট্ৰ সম্পৰ্কে এজন সাধাৰণ মানুহে অনুমানৰ ভিত্তিত কোৱা কথাবোৰ যিমান মিলে, জ্যোতিষী এজনে কোৱা কথাও সিমান মিলে ৷ কিন্তু তাৰ পাছতো কিয় বিজ্ঞানৰ উচ্চ ডিগ্ৰীধাৰী ব্যক্তিও জ্যোতিষীয়ে আগ বঢ়োৱা ৰাশিফলত বিশ্বাস কৰে? প্ৰায়ভাগ বাতৰি কাকত, আলোচনীতে কিয় ৰাশিফল প্ৰকাশ পায়? টিভি, ৰেডিঅ’ত জ্যোতিষীক আমন্ত্ৰণ কৰি আনি অনুষ্ঠান কৰিবলৈ দিয়া হয় কিয়? জ্যোতিষৰ জনভিত্তি আজিও শেষ হোৱা নাই কিয়? আনকি ডিঙিত ‘ডক্টৰেট’ ডিগ্ৰী ওলোমাই লোৱা উচ্চ শিক্ষিত বিজ্ঞানৰ ছাত্ৰ-শিক্ষকেও জ্যোতিষত বিশ্বাস কৰে, ভাগ্য নিয়ন্ত্ৰণ কৰিবলৈ জ্যোতিষীৰ ওচৰলৈ গৈ কিবাকিবি এসোপামান বিধান লয় ৷ কিন্তু সঁচাকৈয়ে জ্যোতিষীয়ে আমাৰ ভাগ্য নিয়ন্ত্ৰণ কৰিব পাৰেনে? যদি পাৰে, তেন্তে নিঃসন্দেহে একেজন জ্যোতিষীয়ে নিজৰ ভাগ্যও নিয়ন্ত্ৰণ কৰিব পাৰিব ! আমাৰ যিমান দূৰ মনত পৰে, গুৱাহাটীৰ এগৰাকী ডাঙৰ জ্যোতিষীক বন্যজন্তুৰ শিং নে খড়্গ ৰখাৰ অপৰাধত পুলিচে গ্ৰেপ্তাৰ কৰিবলৈ বিচাৰি ফুৰিছিল আৰু পুলিচৰ পৰা বাচিবলৈ জ্যোতিষীজনে পলাই থাকিবলগীয়া হৈছিল ৷ এতিয়া নিজৰ মূৰটোত অলপমান জোৰ দি ভাবকচোন - জ্যোতিষীয় বিধানেৰে মানুহৰ ভাগ্য নিয়ন্ত্ৰণ, ভূত-ভৱিষ্যত ব্যাখ্যা কৰি ফুৰা জ্যোতিষীজনৰ কিয় এনে দুৰৱস্থা হ’বলৈ পালে? তেওঁ নিজৰ ভাগ্যখন সলনি কৰি ভাল কৰিব নোৱাৰিলেনো কিয়? জ্যোতিষীয়ে যদি মানুহৰ ভূত-ভৱিষ্যত সঁচাকৈয়ে ব্যাখ্যা আৰু নিয়ন্ত্ৰণ কৰিব পাৰে, তেন্তে প্ৰাকৃতিক দুৰ্যোগ, দুৰ্ঘটনা ইত্যাদিৰ ফলত গ্ৰহদোষ খণ্ডনৰ বাবে আঙুঠি পিন্ধা মানুহবোৰৰো ইমান আলৈ-আথানি হয় কিয়? দৰাচলতে, জ্যোতিষীয়ে আপোনাৰ দুৰ্বল মনটোৰ লগত খেল খেলে আৰু আপোনাক ‘ভাল দিন’ৰ সপোন দেখুৱায় (সাইলাখ নৰেন্দ্ৰ মোদীৰ দৰে) ৷ কিন্তু বাস্তৱত তাৰ কোনো ভিত্তি নাই ৷ জ্যোতিষবিদ্যা হ’ল সপোন বিক্ৰী কৰাৰ কলা, জ্যোতিষীবোৰ হ’ল সপোনৰ বিপণীবোৰৰ দোকানী আৰু বিজ্ঞানমনস্কতাশূন্য মানুহবোৰ ইয়াৰ গ্ৰাহক ৷ এই বিশ্বব্ৰহ্মাণ্ডত মানুহৰ জন্ম হোৱাৰ বহু হাজাৰ বছৰ আগৰপৰাই গ্ৰহ-নক্ষত্ৰবোৰে পদাৰ্থবিজ্ঞানৰ নিয়মমতে মহাকাশত বৰ্তি আছে, বিভিন্ন মহাকাশীয় পৰিঘটনা বিজ্ঞানৰ নিয়মতে সংঘটিত হৈ আছে ৷ কিন্তু নিৰ্দিষ্ট কেইটামান গ্ৰহ-নক্ষত্ৰই মানুহৰ জীৱনৰ সফলতা-বিফলতা, সুখ-দুখত প্ৰভাৱ পেলোৱাৰ কোনো বিজ্ঞানসন্মত তত্ত্ব বা সূত্ৰ নাই ৷ গতিকে কি যুক্তিতনো এইবোৰে মানুহৰ জীৱনত প্ৰভাৱ পেলাব? আৰু যদি পেলায়, তেন্তে মহাকাশৰ বাকী গ্ৰহ-নক্ষত্ৰবোৰে মানুহৰ জীৱনত প্ৰভাৱ নেপেলোৱাৰ কাৰণ কি? তদুপৰি শিল-বালিৰে ভৰা চন্দ্ৰলৈ দেখোন মানুহ গৈ খোজ কাঢ়ি ফুৰি আহিল, এতিয়া মঙল গ্ৰহলৈ যোৱাৰ পৰিকল্পনাও চলি আছে ৷ এই গ্ৰহবোৰৰ যে কোনো দৈৱিক শক্তি নাই সেয়াও বিজ্ঞানীসকলে স্পষ্টভাৱে ব্যাখ্যা কৰিছে ৷ আমি ইতিমধ্যে উল্লেখ কৰিছো যে আজিৰ পৰা ৪০০০ মান বছৰৰ আগতে জোনবাই বা আকাশৰ আন গ্ৰহ সম্বন্ধে মানুহৰ কোনো তথ্য-প্ৰমাণভিত্তিক জ্ঞান নাছিল ৷ সেইবাবেই তেওঁলোকে ইহঁতৰ দৈৱিক শক্তি আছে বুলি বিশ্বাস বা কল্পনা কৰিছিল ৷ সেয়ে ইহঁতে মানুহৰ জীৱন আৰু পৃথিৱীত ঘটা বিভিন্ন ঘটনাৰ কাৰক বুলি ভাবিছিল ৷ কিন্তু আজি বিজ্ঞানে আপোনাক জোনবাই বা আন গ্ৰহ-নক্ষত্ৰ সম্বন্ধে পৰ্যাপ্ত তথ্য তথা জ্ঞান দিয়াৰ পাছতো ই আপোনাৰ ভাগ্য নিয়ন্ত্ৰণ কৰিব পাৰে বুলিনো কিদৰে ভাবিব পাৰে?

Share Button
Print Friendly, PDF & Email

No Comments : "সপোনৰ বিপণী-(কৌশিক তালুকদাৰ)"

Leave a Comment

Your email address will not be published. Required fields are marked *