শৰীৰত দোলন্ত যাঠিডাল নথকাৰ বাবেই?-(বৰ্ণালী বৰুৱা দাস)

শৰীৰত দোলন্ত যাঠিডাল নথকাৰ বাবেই হেনো নাৰী পুৰুষতকৈ হীন‌! লিংগহীন বাবেই মানৱ সভ্যতালৈ বিশেষ কিবা অৱদান আগ বঢ়াব পৰাকৈ নাৰী সক্ষম নহয়‌। তথাপিও দুটা ডাঙৰ অবদান নাৰীয়ে আগ বঢ়াই গৈছে‌। সেইকেইটা হ’ল কাপোৰ বোৱা আৰু বেণী গুঁঠা‌। পিছে এই অৱদানৰ গুৰিকথাও বোলে সেই অভাৱৰহে ফল‌। সেই যে শৰীৰত দোলন্ত যাঠিডাল নাই, তাৰ সলনি আছে এটা ৰন্ধ্ৰহে, সেই কথাটো আৱিষ্কাৰ কৰাৰ দিন ধৰি হেনো নাৰীৰ লজ্জাৰ সীমা নোহোৱা হয়। যোনিকেশেৰে ৰন্ধ্ৰটো ঢাকি ৰাখিবলৈ কৰা আপ্ৰাণ চেষ্টাৰ ফলতেই এটা সময়ত নাৰীয়ে দৈৱাৎ আৱিষ্কাৰ কৰি পেলায় বেণী গুঁঠাৰ কৌশ‌ল‌। শুনিলেই হাঁহি উঠা এই বিৰল তত্ত্বৰ আৱিষ্কাৰক বাৰু কোন?

তেওঁ হ’ল, মানৱ মনৰ বিষয়ে বহু অমীমাংসিত প্ৰশ্নৰ উত্তৰ দিয়া বুলি দাবী কৰা মনোবৈজ্ঞানিক ছিগমণ্ড ফ্ৰয়েড‌। মনে সজা কিছুমান নিজস্ব ধাৰণাক বিজ্ঞানৰ পোছাক পিন্ধাই আগ বঢ়াই দিয়াৰ বাবে বহু লোকেই বিভ্ৰান্ত হৈ তেওঁৰ ধাৰণাবোৰকেই সত্য বুলি ভাবিবলৈ লয়‌।

ফ্ৰয়েডৰ বহুবোৰ তত্ত্বৰ ভিতৰত এটা হৈছে লিবিড’ তত্ত্ব‌ (Libido) যাক সহজাত প্ৰবৃত্তি তত্ত্ব বুলিও ক’ব পৰা যায়‌। ইয়াৰ মতে মানুহৰ মূল চালিকাশক্তি হৈছে কাম বা যৌনতা‌ আৰু ইয়াক সৰ্বৰতিবাদৰদ্বাৰা ব্যাখ্যা কৰা হয়‌। এই ব্যাখ্যা অনুসৰি শৈশৱৰ সকলো ইচ্ছা আৰু আচৰণেই যৌনতাভিত্তিক‌। আনকি সন্তান আৰু পিতৃ-মাতৃৰ সম্পৰ্ককো যৌনতাভিত্তিক তত্ত্ব ঈডিপাছ কমপ্লেক্সেৰে তেওঁ ব্যাখ্যা কৰে‌। এই তত্ত্ব অনুসৰি মাতৃৰ প্ৰতি পুত্ৰৰ কামভাব জাগে আৰু এই কামনাৰ বাবে পুত্ৰই নিজ পিতৃক অন্তৰায় হিচাপে গণ্য কৰে‌। একেদৰেই কন্যা সন্তানেও নিজ পিতৃৰ প্ৰতি পোষণ কৰা যৌন তাড়নাৰ বাবে নিজ মাতৃক হেঙাৰ বুলি গণ্য কৰে‌। এইদৰেই অন্ধ আদিম কামশক্তিৰ লগত সৃষ্টি হোৱা সংঘাতৰ মাজেৰেই মানুহৰ বিকাশ ঘটে আৰু এই সংঘাতেই নিৰ্ধাৰণ কৰে মানুহৰ চৰিত্ৰ, বিবেক, আনকি সৃষ্টিশীলতাও‌। ফ্ৰয়েডৰ মতে মানুহে সহজাত হিংস্ৰ প্ৰবৃত্তি ধাৰণ কৰিয়েই জন্ম হয়‌। সি সভ্যতাৰ চাপত পৰি অৱদমিত হৈ থাকে মাত্ৰ‌। কিন্তু সুযোগ পালেই সেই সহজাত প্ৰবৃত্তিয়ে মানুহক হিংসাশ্ৰয়ী, ধ্বংসাত্মক কাম কৰিবলৈ উদ্বুদ্ধ কৰে‌। গতিকে মানৱ সমাজত যুদ্ধ হৈছে এক অৱশ্যম্ভাবী ঘটনা‌। নক’লেও হ’ব যে যুদ্ধবাজ সাম্ৰাজ্যবাদী মহলৰ মাজত এনে তত্ত্বৰ আদৰ কিমান হ’ব‌। “যুদ্ধতো হ’বই‌, এয়া মানুহৰ স্বাভাৱিক প্ৰবৃত্তি!” গণতান্ত্ৰিক মূল্যবোধ আৰু সাম্যবাদক অংগুষ্ঠ দেখুৱাবলৈ ইয়াতকৈ উপযুক্ত তত্ত্ব আৰু পোৱা যাব নে?

এইদৰে এই তত্ত্ববোৰে সমাজৰ সৰ্বস্তৰৰ লোককেই ক্ষতি কৰিছিল, কিন্তু নাৰীৰ ওপৰত ফ্ৰয়েডে মৰা মাধমাৰটোৱে বহুদিন দাঙিব নোৱৰাকৈ নাৰীৰ কঁকাল ভাঙি দিছিল‌। সকলো ধৰ্মই বহু যুগৰপৰা যি পুৰুষতান্ত্ৰিক শিকলিৰে নাৰীক বান্ধি ৰাখিছিল, যিডাল শিকলিক আধুনিক মনৰ নাৰীসকলে লাহে লাহে শিথিল কৰাৰ চেষ্টা আৰম্ভ কৰিছিল সেই শিকলিকেই আৰু অধিক দৃঢ়ভাৱে টানি ধৰাৰ বাবে বিংশ শতিকাত ফ্ৰয়েডে আগ বঢ়াই দিছিল তেওঁৰ তত্ত্ব‌।

ইউৰোপৰ এক প্ৰচণ্ড পিতৃতান্ত্ৰিক পৰিবেশত ডাঙৰ হোৱা ফ্ৰয়েডৰ বাবে তেওঁৰ বাহ্যিক পৰ্যবেক্ষণেই আছিল নাৰী সম্পৰ্কীয় সকলো তত্ত্বৰ মূল‌। সেই পৰিবেশত স্বাভাৱিকভাবেই নাৰীমুক্তিৰ ধাৰণা আছিল উদ্ভট। ফ্ৰয়েডৰ মতে ই নাৰীৰ স্বাভাৱিক প্ৰবৃত্তিৰ পৰিপন্থী‌। কি সেই স্বাভাৱিক প্ৰবৃত্তি? তেওঁ সদায় দেখি থকা নাৰীৰ অসহায়, দুৰ্বলচেতা তথা পুৰুষৰ দাসীৰ ৰূপ‌। নাৰীৰ এই ৰূপ যে স্বাভাৱিক প্ৰবৃত্তি নহয়, বৰং সমাজ আৰোপিত ৰূপহে সেই কথা ফ্ৰয়েডৰ তত্ত্বত অনুপস্থিত‌। আনহাতে, তেওঁ যিহেতু আৱিষ্কাৰ কৰিয়েই পেলালে, কাম বা যৌনতাই হৈছে মানুহৰ চালিকাশক্তি, গতিকে সেই অনুসৰিয়েই তেওঁ নাৰীকো বিচাৰ কৰে নিজা আৱিষ্কাৰৰ আলোকত‌।

তেওঁৰ মতে নাৰীৰ শৰীৰত যিহেতু পুৰুষৰ দৰে লিংগ এটা ওলমি থকা নাই, সেয়েহে তেওঁৰ দৃষ্টিত নাৰীয়ে আজীৱন পুৰুষৰ এই লিংগটিক ঈৰ্ষা কৰি জীৱন কটায়‌। শিশু অৱস্থাত যিদিনাই নাৰীয়ে এটি পুৰুষ শিশুৰ সেই অংগটি প্ৰত্যক্ষ কৰে আৰু আৱিষ্কাৰ কৰে যে নিজৰ শৰীৰত সেই অংগ নাই, ঠিক সেই দিনাৰপৰাই আৰম্ভ হয় নাৰীৰ মনত বিচিত্ৰ ভাবনাৰ‌, যাৰ অধিকাংশ জুৰি থাকে হীনমন্যতা আৰু ঈৰ্ষাকাতৰতা। হীনমন্যতা এইকাৰণে যে শিশু নাৰীয়ে ভাবিবলৈ লয়, তাইৰ শৰীৰৰপৰা লিংগটো কাটি নিয়া হ’ল আৰু কাটি নিয়াৰ ক্ষতচিহ্নটোৱেই হৈছে যোনি‌। গতিকে এই যে সুন্দৰ লিংগটো কাটি পংগু কৰা হ’ল, তাৰ বাবেই নাৰীয়ে সমগ্ৰ জীৱন কঢ়িয়াবলগা হয় পংগুত্বৰ যাতনা! সেই যাতনাই ৰূপ লয় ঈৰ্ষাৰ‌ যাক ফ্ৰয়েডে চিহ্নিত কৰিছে নাৰীৰ মনত লুকাই থকা ‘লিংগ ঈৰ্ষা’ (penis envy)ৰূপে‌। এটা সময়ত এই পংগুত্বৰ যন্ত্ৰণাৰ বাবেই নাৰীয়ে পুৰুষৰ শ্ৰেষ্ঠতা আৰু নাৰীৰ নিকৃষ্টতাৰ বাবে বিদ্ৰোহী হৈ উঠে‌। এই বিদ্ৰোহৰ অগনিত দগ্ধ হৈ স্বাভাৱিক নাৰীসকলে জীৱনৰ পূৰ্ণতা বিচাৰি পায় মাতৃত্বত‌। কাৰণ তেওঁলোকে মানি লয় যে ইয়াৰ বাবেই তেওঁলোকৰ সৃষ্টি‌। তদুপৰি এই পূৰ্ণতা যদি পুত্ৰ সন্তান প্ৰাপ্তিৰদ্বাৰা হয় তেতিয়াতো আৰু এক মনস্তাত্ত্বিক প্ৰাপ্তিৰে এই বিদ্ৰোহৰ স্বাভাৱিক সমাপ্তি ঘটে‌। নাৰীৰ বহুপ্ৰত্যাশিত লিংগটো যেন তেওঁ হাততে পায়, পুত্ৰ সন্তানটিৰ মাজেৰে‌। নক’লেও হ’ব, ইমান দিনে পুৰুষতান্ত্ৰিক সমাজে নাৰীৰ জননী ৰূপক মহীয়ান কৰাৰ যি অলপ যত্ন কৰিছিল, তাকো ফ্ৰয়েডে জঘন্য বিকৃতিৰে ভৰাই পেলালে‌। কোন নাৰীয়ে বাৰু লিংগ এটা নিজৰ কৰি পোৱাৰ আশাত পুত্ৰ কামনা কৰে? কোন নাৰীয়ে বাৰু পুৰুষৰ লিংগটো দেখি নিজক নিকৃষ্ট বুলি ভাবে? যোনিকেশেৰে নিজৰ পংগুত্ব ঢাকিব খোজে? পিছে তাৰ উত্তৰ ফ্ৰয়েডেই দিব, এইদৰে নিজৰ মনৰ সম্পূৰ্ণ খবৰ আমি নিজেই নাপাওঁ‌। সেই গভীৰ অন্ধকাৰ প্ৰদেশৰ সকলো খবৰ আমাক দিব পাৰে ফ্ৰয়েডেহে!

ইফালে পংগুত্বৰ যন্ত্ৰণাই বিদ্ৰোহী কৰাৰ ফলত কিছুমান নাৰীয়ে হেনো মাতৃত্বৰ হাবিয়াস নকৰি পুৰুষৰ দৰে আন কামত সফলতা পাব খোজে‌। ফ্ৰয়েডৰ মতে মাতৃত্বক অস্বীকাৰ কৰি পুৰুষৰ সমানে আগুৱাব খোজা এইসকল নাৰী হ’ল বিকৃত বা ব্যাধিগ্ৰস্ত‌ (Defence reaction)। এওঁলোকৰ ‘মনোবিকাৰ’ৰ চিকিৎসাৰ প্ৰয়োজন‌। অৰ্থাৎ নাৰীমুক্তিৰ স্বপ্ন দেখা নাৰীসকল হ’ল ব্যাধিগ্ৰস্ত‌। ফ্ৰয়েডৰ মতে নাৰীমুক্তি ব্যাধিৰপৰা মুক্ত হ’লেহে পৃথিৱীত শান্তি স্থাপন হ’ব‌।

এইখিনিতে এই কথা উল্লেখ কৰা দৰকাৰ যে অনুমান-নিৰ্ভৰ ফ্ৰয়েডীয় দৰ্শনৰ গণ্ডীৰপৰা উলিয়াই আনি মনোবিদ্যাক বিজ্ঞানসন্মতভাৱে চৰ্চাৰ বাট মুকলি কৰে পাভলভে‌। পাভলভৰ তত্ত্বত এই কথা প্রমাণিত হৈছে যে মানুহৰ সমূহ ধ্যান-ধাৰণাৰ উদ্ভৱ ঘটে মস্তিষ্কত‌। আৰু এই প্ৰক্ৰিয়াৰ লগত জড়িত হৈ থাকে বহিৰ্জগতত ঘটা ঘটনা তথা বস্তুৰ ধর্ম আৰু পাৰস্পৰিক সম্পর্ক‌। পাভলভৰ তত্ত্ব অনুমান-নিৰ্ভৰ নহয়, বৰং বিজ্ঞানসন্মতভাৱে প্ৰমাণিত‌। কিন্তু ইয়াৰ পাছতো ফ্ৰয়েডৰ তত্ত্বৰ বিষয়ে নতুনকৈ আলোচনা কৰাৰ প্ৰয়োজনেই বা কিয় আহিল?

তাৰ উত্তৰ দুটা‌। প্ৰথমটোৰ আজিৰ বিষয়ৰ স’তে প্ৰত্যক্ষ যোগাযোগ নাই‌। তথাপি চমুকৈ উনুকিয়াই থোৱা দৰকাৰ‌। ফ্ৰয়েডৰ তত্ত্বটো আলোচনালৈ অনাৰ প্ৰথম কাৰণটো হ’ল সাম্প্ৰতিক সময়ত কিছুসংখ্যক প্ৰগতিশীল লোকৰ মাজত প্ৰচলিত হ’বলৈ লোৱা মুক্ত যৌনতা সম্পৰ্কীয় চিন্তা-চৰ্চা‌ৰ স’তে থকা ফ্ৰয়েডৰ য‌ৌন মুক্তিৰ ধাৰণাৰ সামঞ্জস্য। পৰম্পৰাগত শুচিবায়ুগ্ৰস্ততাৰ বিপৰীতে শ্লীল-অশ্লীলৰ তথাকথিত সীমাৰেখা অতিক্ৰম কৰাটো নিশ্চয় এক লাগতিয়াল কাম‌। কিন্তু তাকে কৰিবলৈ যাওঁতে ঠিক কোনখিনি পৰ্যায়ৰপৰা সি তাৰ প্ৰগতিশীল চৰিত্ৰ ত্যাগ কৰি ব্যক্তিগত যৌনক্ৰীড়াৰ বিজ্ঞাপনলৈ ৰূপান্তৰিত হৈছে তালৈ চকু দিয়া প্ৰয়োজন‌। যৌন মুক্তিৰ দাবী, ব্যক্তিগত যৌন প্ৰণয়ৰ দাবী আদি প্ৰগতিশীল যে তাত সন্দেহ নাই‌। কিন্তু এই প্ৰগতি আপেক্ষিক প্ৰগতিহে‌। কোনো চৰম প্ৰগতি নহয়‌। কাৰণ খুব আওপুৰণি যেন শুনিলেও এই কথা সত্য যে প্ৰকৃত যৌন মুক্তিৰ বাবে যি সামাজিক প্ৰস্তুতিৰ প্ৰয়োজন তাক এইধৰণৰ ব্যক্তিগত যৌন মুক্ততাৰ বিজ্ঞাপনে কোনো ধৰণেৰেই সহায় নকৰে‌। বৰং যৌনতাক মাত্ৰাতিৰিক্ত গুৰুত্ব দি ‘ভোকৰ ভাত, পিয়াহৰ পানী’ৰ লগত কৰা অবিৰাম তুলনাই এচামৰ হাতত ভোকৰ ভাতৰ অধিকাৰক গৌণ কৰি পেলোৱাৰ সুযোগহে আনি দিব‌। ফ্ৰয়েডীয় যৌন মুক্তিৰ সংস্কৰণটোকো প্ৰথমে দেখাত বেছ প্ৰগতিশীল যেনেই লাগিছিল‌। কিন্তু তাৰ তাত্ত্বিক আৰু প্ৰায়োগিক দুয়ো দিশৰ ফাঁকিয়েই সময়ত ধৰা পৰে‌। দেবীপ্ৰসাদ চট্টোপাধ্যায়ে ‘ফ্ৰয়েড প্ৰসংগে’ গ্ৰন্থত উনুকিয়াইছে – “জাৰ্মান বৈপ্লৱিক আন্দোলনৰ এটা যুগত তৰুণ সমাজতান্ত্ৰিকসকলৰ মনত ফ্ৰয়েডীয় মতবাদৰ এই কথাটোৱে (মুক্ত যৌনতাৰ কথাটোৱে) একধৰণৰ মোহ সৃষ্টি কৰিছিল আৰু সমাজ বাস্তৱক পৰিবৰ্তন কৰাতকৈ – যি পৰিবৰ্তন নহ’লে প্ৰকৃত যৌন মুক্তিৰ কথা আকাশকুসুম হৈ থাকিব – তেওঁলোকে কেৱল এই যৌন মুক্তিৰ উপাসক হ’ব খুজিছিল‌। ফলত তেওঁলোকৰ ব্যৱহাৰিক জীৱনলৈ প্ৰকৃত মুক্ত যৌন আদৰ্শৰ সলনি আহিছিল যৌন অৰাজকতাৰ সম্ভাৱনা - এনাৰ্কিজিম‌।”

ফ্ৰয়েডৰ প্ৰসংগ আলোচনালৈ অনাৰ আনটো কাৰণ হ’ল এই যে বিজ্ঞানৰ দুই-এটা প্ৰতিশব্দ, পুৰাণৰ কিংবদন্তী চৰিত্ৰ, কাব্যিকতা, কল্পনা আৰু পিতৃতান্ত্ৰিক সমাজৰ আদিম কুসংস্কাৰৰ সমাহাৰেৰে ইমান মোহ লগাকৈ ফ্ৰয়েডে এই তত্ত্ববোৰ আগ বঢ়াই দিছিল‌ যে তাক সতকাই অগ্ৰাহ্য কৰা বৰ সহজ নহয়। আনহাতে, সাম্ৰাজ্যবাদ আৰু পুৰুষতন্ত্ৰৰ পৃষ্ঠপোষকসকলে ৰাষ্ট্ৰনিয়ন্ত্ৰিত স্কুল, কলেজ, বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত এই তত্ত্ব জাপি দিছিল, নিজ স্বাৰ্থতে‌। ব্ৰিটিছ সাম্ৰাজ্যবাদে ভাৰততো এই তত্ত্বক বাধ্যতামূলকভাৱে পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিছিল‌। আচৰিত কথা এই যে পৰৱৰ্তী পাভলভীয় মনোবিজ্ঞানৰ পোহৰত এই তত্ত্ববোৰক চালি-জাৰি চাই আবৰ্জনাৰ দ’মত পৰ্যবসিত কৰাৰ সলনি এতিয়াও বিনাদ্বিধাই ছাত্ৰ-ছাত্ৰীয়ে ফ্ৰয়েডীয় মনোবিজ্ঞান(?)ক প্ৰকৃত বিজ্ঞান বুলিয়েই অধ্যয়ন কৰিব লগা হৈছে‌। তদুপৰি কিছু অন্য পৰিভাষা ব্যৱহাৰ কৰি এতিয়াও এচামে খুব কৌশলেৰে ফ্ৰয়েডিয়ান তত্ত্বৰ দৰ্শনকেই পুনৰ প্ৰতিষ্ঠা কৰাৰ কামো কৰি আছে‌।

ভিক্টোৰিয়ান আদৰ্শই হওক বা মনুবাদী আদৰ্শই হওক, পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাক জীয়াই ৰখাৰ বাবে সৃষ্ট আন কোনো আদৰ্শই ইমান নিখুঁতভাৱে নিৰ্মিত নহয়‌। লিংগ পূজাৰ ইতিহাস থকা সমাজতো আনকি লিংগক ইমান মহীয়ান কৰা নাই যিমানখিনি মহীয়ান কৰিছে ফ্ৰয়েডে‌। লিংগবিহীনতাৰ এনে বিকৃত ব্যাখ্যাৰে পুৰুষতন্ত্ৰক সুৰক্ষিত কৰাৰ এই প্ৰয়াসৰ ওপৰত সেয়েহে নাৰীবাদীসকলেই প্ৰথমে আঘাত হানিছিল। সমাজসচেতন ব্যক্তি মাত্ৰেই এই তত্ত্বৰ প্ৰচাৰকসকলৰ প্ৰতি প্ৰতিনিয়ত সাৱধানী চকু দিয়া প্ৰয়োজন‌।

Share Button
Print Friendly, PDF & Email

No Comments : "শৰীৰত দোলন্ত যাঠিডাল নথকাৰ বাবেই?-(বৰ্ণালী বৰুৱা দাস)"

Leave a Comment

Your email address will not be published. Required fields are marked *