সৰু ভাজি - (মূল: এণ্টন চেখভ; ইংৰাজীৰপৰা অনুবাদ: বসন্ত কুমাৰ বৰা)

(অনুবাদকৰ টোকা: ‘সৰু ভাজি’ প্ৰজেক্ট গুটেনবাৰ্গৰ ‘দ্য স্কুলমিষ্ট্ৰেছ এণ্ড আদাৰ ষ্ট’ৰিজ’ নামৰ ইংৰাজী সংকলনখনৰ ‘Small Fry’ নামৰ গল্পটোৰ মুকলি অনুবাদ। এই চুটিগল্পটো চেখভৰ প্ৰতীক-ধৰ্মী গল্পবোৰৰ ভিতৰত অন্যতম । গল্পটোৰ মূল চৰিত্ৰ নেভিৰাজিম’ভৰ হাত পিষ্ট হোৱা পঁইতাচোৰা এটাৰ প্ৰতীকেৰে গল্পকাৰে তেতিয়াৰ ছোভিয়েট ৰুছিয়াৰ এজন সাধাৰণ কেৰাণীৰ দুঃস্থ জীৱনৰ ছবি এখন অংকন কৰাৰ লগতে পঁইতাচোৰাটোৰ মৃত্যুৰদ্বাৰা যেন তাৰ প্ৰতিবাদো কৰিব খুজিছে ।)

“সন্মানীয় মহাশয়, গুৰু আৰু পৃষ্ঠপোষক!” নেভিৰাজিম’ভ নামৰ এজন সাধাৰণ কেৰাণীয়ে এখন ইষ্টাৰৰ অভিনন্দন-পত্ৰৰ খচৰা প্ৰস্তুত কৰি আছিল । “মোৰ আশা, আপোনাৰ এই পবিত্ৰ দিনটো আৰু আগন্তুক দিনবিলাক সুস্বাস্থ্য আৰু শান্তিৰে পাৰ হওক । অপোনাৰ পৰিয়ালৰ সদস্যসকলৰ বাবেও মই …”
কেৰাচিন শেষ হৈ অহা চাকিটোৰ পোহৰ কমি আহিছিল, ধোঁৱাবলৈ আৰম্ভ কৰিছিল আৰু গোন্ধাইছিল । নেভিৰাজিম’ভৰ লিখি থকা হাতখনৰ ওচৰে-পাঁজৰে এটা পঁইতাচোৰা সন্ত্ৰস্তভাৱে ঘূৰি ফুৰিছিল । কাৰ্যালয়টোৰপৰা দুটা কোঠাৰ সিফালে পাৰাম’ন নামৰ চাপ্ৰাচীজনে তেওঁৰ আটাইতকৈ ভাল জোতাযোৰ তৃতীয়বাৰৰ কাৰণে মোহাৰি আছিল, আৰু জোতাযোৰ মোহাৰোতে ইমান জোৰ দিছিল যে তাৰ জোতা-মোহৰা বুৰুজডালৰ শব্দ আৰু ফোঁপনিবিলাক আটাইবিলাক কোঠালৈকে শুনা গৈছিল ।
“তালৈ আৰু কি লিখা যায়, অসভ্যটোলৈ?” নেভিৰাজিম’ভে লেতেৰা বৰচাংখনলৈ চাই চাই ভাবি থকিল ।
বৰচাংখনত সি এটা ক’লা বৃত্ত দেখা পালে – লেম্পৰ ছিমনিটোৰ ছাঁ । তাৰ তলত আছিল ধূলিৰে ভৰা কৰ্নিচটো; তাৰো তলত আছিল এসময়ত নীলা ৰং সনা মাটিৰ দেৱালখন । আৰু কাৰ্যালয়টো তাৰ ইমান শূন্য লাগিছিল যে তাৰ বেজাৰ লাগি আহিছিল – কেৱল নিজৰ বাবেই নহয়, আনকি পঁইতাচোৰাটোৰ বাবেও ।
কামৰ সময়ৰ পিছত মইতো ইয়াৰপৰা আঁতৰি যামগৈ, কিন্তু বেচেৰা পঁইতাচোৰাটোতো গোটেই জীৱন ইয়াতে কটাব লাগিব”, সি হাত-ভৰিকেইটা মেলি দি ভাবিলে । “আমনি লাগিছে ! মইও মোৰ জোতাযোৰেই চাফা কৰোঁ নেকি !”
আকৌ এবাৰ হাত-ভৰি মেলি নেভিৰাজিম’ভ যাওঁ-নাযাওঁকৈ চাপ্ৰাচীজনৰ কোঠাটো পালেগৈ । পাৰাম’নে তাৰ জোতাযোৰ মোহৰা শেষ কৰিছিল । এখন হাত বুকুত লগাই আৰু আনখন হাতেৰে ব্ৰাছডাল ধৰি সি খোলা খিৰিকীখনৰ ওচৰত কাণ পাতি থিয় হৈ আছিল ।
“ঘণ্টা বজালেই”, সি নেভিৰাজিম’ভক ইংগিতভৰা চকু দুটা ডাঙৰ ডাঙৰকৈ মেলি ফুচফুচাই ক’লে, “ইতিমধ্যে।”
নেভিৰাজিম’ভে খোলা খিৰিকীখনেৰে কাণ পাতিলে আৰু শুনিলে। ইষ্টাৰৰ ঘণ্টাৰ ধ্বনি বসন্তৰ এছাটি শীতল বতাহৰ লগত সোমাই আহিল । ঘণ্টাৰ জনজননিখিনি গাড়ী-ঘোঁৰাৰ গোঁ-গোঁৱনিৰ লগত মিহলি হৈ পৰিছিল; আৰু এই সকলোবিলাক শব্দ অতিক্ৰম কৰি উটি উঠি আহিছিল ওচৰৰ গিৰ্জাটোৰ তীক্ষ্ণ সংগীত আৰু এটা উচ্চ-স্বৰৰ হাঁহি ।
“ইমানবিলাক মানুহ !” ৰাস্তাত জ্বলন্ত লেম্পকেইটাৰ পোহৰত ইজনৰ পিছত সিজনকৈ ঢপলিয়াই ফুৰা মানুহবিলাকলৈ চাই নেভিৰাজিম’ভে স্বগতোক্তি কৰিলে, “আটাইবিলাক মাজ-ৰাতিৰ প্ৰাৰ্থনাৰ বাবে দৌৰাদৌৰি লগাইছে … নিশ্চিত থাকা, আমাৰ লগৰবিলাকে ইতিমধ্যে এটুপি খাই নগৰত ফুৰি ফুৰিছে । কিমান হাঁহি-স্ফূৰ্তি, কিমান কথোপকথন! ময়েই একমাত্ৰ দুৰ্ভগীয়া, এনে এটা দিনত ইয়াত বহি থাকিবলগীয়া হৈছে । আৰু প্ৰত্যেক বছৰেই মই এই কাম কৰিবলগীয়া হয় ।
“কোনেওতো তোমাক চাকৰি কৰিবলৈ জোৰ কৰা নাই । আজি তোমাৰ কামৰ পালো নহয়, জাষ্টুপ’ভেহে তেওঁৰ ঠাইত তোমাক ভাড়া কৰিছে । যি সময়ত বাকীবিলাকে আনন্দ-স্ফূৰ্তি কৰি ফুৰিছে, তুমি নিজকে ভাড়াত দিছা । এয়া তোমাৰ লালসা !”
“জহন্নামে যাওক লালসা ! লালসা কৰিবলৈনো কিটো আছে – তেওঁ মোক দিয়ে মাথোন দুই ৰুবল আৰু এডাল টাই … এয়া দাৰিদ্ৰ, লালসা নহয় । আৰু বুজিছানে, এই সময়ত দল বান্ধি প্ৰাৰ্থনাৰ বাবে যাবলৈ কিমান ভাল লাগিলহেঁতেন, আৰু তাৰ পিছত উপবাস ভাঙিবলৈ, … অকণমান মদ খাবলৈ আৰু কিছু ৰাতিৰ আহাৰ খাই টোপনিত ঢলি পৰিবলৈ । … মেজত বহি লৈছা, মেজত আছে এটা ইষ্টাৰৰ পিঠা, ওচৰত বকবকাই উতলি থকা চাম’ভাৰ এটা, কাষত এজনী মৰমলগা পত্নী … অলপমান মদ খাইছা আৰু তাইৰ থুঁতৰিত এটা চুমা দিছা, … এয়াহে আৰামৰ জীৱন … য’ত তোমাৰ নিজক লৈয়েই গৰ্ব হয় । … হেইৎ, চব মোৰ খেলিমেলি হৈ গৈছে; চোৱা সেই বণিতাজনীও তাইৰ বাগীখনত উঠি ফুৰিবলৈ ওলাইছে, আৰু মই ইয়াত বহি বহি যেন উমনি দি আছো ।”
“আমাৰ সকলোৰে এক নিজ নিজ জীৱন আছে, ইভান ডানিলিট্‌ছ । ভগৱানে কৰিলে এদিন তুমি পদোন্নতি পাবা আৰু নিজৰ গাড়ীত ঘূৰিবলৈ পাবা ।”
“মই ? নাই ভাই, নহ’ব । মই আৰু এই ‘নামমাত্ৰ’ৰপৰা আগ বাঢ়িব নোৱাৰিম, মই আমৃত্যু চেষ্টা কৰিলেও নোৱাৰিম । মোৰ যে শিক্ষা-দীক্ষা নাই ।”
“আমাৰ জেনেৰেলৰো শিক্ষা-দীক্ষা নাই, কিন্তু …”
“সেইটো হয়, কিন্তু জেনেৰেলে এই পদ পোৱাৰ আগতে কেইবাশ-হাজাৰ মাৰি থৈছে নহয় । আৰু তেওঁৰ আদব-কায়দা আৰু আদৰ্শ মোতকৈ বহুত বেলেগ, ভাই । মোৰ আদব-কায়দা আৰু আদৰ্শ লৈ কোনো বেছি ওপৰলৈ যাব নোৱাৰে । আৰু এটা ইমান ফটুৱা উপাধি - নেভিৰাজিম’ভ ! দৰাচলতেই, মোৰ এই অৱস্থা একেবাৰে হতাশাজনক । মন গ’লে এনেকৈয়ে চলি থাকিবও পাৰি, নহ’লে ফাঁচী লাগি মৰিবও পাৰি ।”
সি খিৰিকীৰপৰা আঁতৰি আহিল আৰু আমন-জিমনকৈ পায়চাৰি কৰি থাকিল । ঘণ্টাৰ জনজননিটো লাহে লাহে ডাঙৰ হৈ আহি থাকিল … এতিয়া আৰু সেয়া শুনিবলৈ খিৰিকীখনৰ ওচৰত থিয় হোৱাৰ প্ৰয়োজন নাই । আৰু যিমানেই সি ঘণ্টাৰ ধ্বনিটো আৰু আহ-যাহ কৰি থকা গাড়ী-ঘোঁৰাবিলাকৰ শব্দবিলাক বেছি ভালকৈ শুনিবলৈ পালে, কোঠাটোৰ মাটিৰ দেৱালবিলাক বেছিকৈ আন্ধাৰ, কৰ্নিচটো বেছি লেতেৰা আৰু চাকিটোৰপৰা বেছিকৈ ধোঁৱা ওলোৱা যেন লাগিবলৈ ধৰিলে ।
“মই কাৰ্যালয়টো বন্ধ কৰি যাওঁগৈ নেকি ?”, নেভিৰাজিম’ভে এবাৰ ভাবিলে ।
কিন্তু এইদৰে পলাইও বৰ একো লাভ নহ’বগৈ … কাৰ্যালয়ৰপৰা ওলাই নগৰখনত ঘূৰি-ফুৰি নেভিৰাজিম’ভ হয়তো ঘৰ পাবগৈ; কিন্তু তাৰ ঘৰটো আৰু অধিক গোমা আৰু কাৰ্যালয়টোতকৈ অধিক হতাশাজনকহে । … আনকি এদিন যেনিবা সি আনন্দ-স্ফূৰ্তি আৰু আৰামেৰেই কটালে, তাৰ পিছত ? সেই একেই গোমা দেৱালকেইখন, একেই হাজিৰা কাম আৰু অভিনন্দন-পত্ৰৰ বাহিৰে আৰুনো কি…?
নেভিৰাজিম’ভ কাৰ্যালয়টোৰ মাজতে থিয় হৈ থাকিল আৰু গভীৰ চিন্তাত বুৰ গ’ল । এক নতুন, সুন্দৰ জীৱনৰ আকাংক্ষা এটা অসহ্য যন্ত্ৰণাৰে তাৰ বুকুত কামুৰি কামুৰি উঠি আহিল । তাৰ এক তীব্ৰ ইচ্ছা হ’ল হঠাতে তাক নিজকে ৰাস্তাত দেখিবলৈ, ৰাস্তাত হাঁহি-স্ফূৰ্তি কৰি থকা মানুহবিলাকৰ মাজত মিলি যাবলৈ, উৎসৱৰ আনন্দ-আয়োজনৰ ভাগ ল’বলৈ – যাৰ উপলক্ষেই এই সকলো উৎসাহ, ঘণ্টাৰ জনজননি, গাড়ী-ঘোঁৰাৰ অহা-যোৱা । শৈশৱত সি উৎসৱ বুলিলে বুজি পোৱা কথাবিলাকলৈ তাৰ ভীষণ হেঁপাহ জাগিল – সেই পৰিয়াল-পৰিজনৰ মিলা-মিচা, সকলোৰে উৎসৱ-মুখৰ মুখবিলাক, বগা কাপোৰ, আলোক-সজ্জা, উমাল পৰিবেশ … ! তাৰ এইমাত্ৰ বাগীখনত পাৰ হৈ যোৱা মহিলাগৰাকীৰ কথা মনলৈ আহিল; মনলৈ আহিল বৰবাবুৰ দীঘল কোটটোৰ কথা যিটোৰে তেওঁক ইমান সপ্ৰতিভ দেখা যায়, আৰু মনলৈ আহিল সচিবগৰাকীৰ ডিঙিটো অলংকৃত কৰি থকা সোণৰ চেইনডালৰ কথা … সি ভাবিবলৈ ধৰিলে এখন উমাল বিছনাৰ কথা, এক উচ্চতৰ জীৱনৰ কথা, নতুন জোতা এযোৰৰ কথা, কিলাকুটিত ফুটা নথকা এযোৰ ইউনিফৰ্মৰ কথা … এই সকলোবোৰ কথা তাৰ মনলৈ অহাৰ কাৰণ আছিল, এইবোৰৰ এটাও তাৰ নাছিল ।
“চুৰ কৰোঁ নেকি?”, সি ভাবিলে । “চুৰ কৰাটো যদিও সহজ কথা, লুকাই থকাটোহে টান । মানুহে কয়, কিছুমানেতো চুৰ কৰা সম্পত্তিৰেই আমেৰিকালৈ পলায় – পিছে চয়তানেহে জানে, ক’তনো সেই আমেৰিকা নামৰ বিনন্দীয়া ঠাইখন আছে ! যি দেখা গৈছে, চুৰ কৰিবলৈকো শিক্ষা-দীক্ষাৰ দৰ্কাৰ ।”
ঘণ্টাধ্বনি শেষ হ’ল । এতিয়া গাড়ী-ঘোঁৰাৰ মাত আৰু পাৰাম’নৰ কাঁহৰ শব্দও লাহে লাহে সৰু হৈ আহিছে; কিন্তু তাৰ হতাশা আৰু খং ক্ৰমান্বয়ে তীব্ৰতৰ আৰু অসহ্যকৰ হৈ আহিছে । … কাৰ্যালয়ৰ ঘড়ীটোৱে চাৰে বাৰ বজাৰ সংকেত দিলে ।
“এখন গোপন প্ৰতিবেদনকে লিখো নেকি? প্ৰ’স্কিনে তাকেই কৰিছিল, আৰু তাৰ দ্ৰুত পদোন্নতিও হৈছিল ।”
নেভিৰাজিম’ভ তাৰ মেজখনৰ বহি পৰিল আৰু গুণা-গঁথা কৰিলে । কেৰাচিন প্ৰায় শেষ হোৱা চাকিটো অত্যধিক ধোঁৱাবলৈ আৰম্ভ কৰিছে, আৰু প্ৰায় নুমাও-নুমাও হৈছে । পঁইতাচোৰাটো মেজখনত তেতিয়াও দৌৰাদৌৰি কৰি ফুৰিছিল, সি তাৰ আশ্ৰয় বিচাৰি পোৱাই নাছিল ।
“এখন গোপন প্ৰতিবেদন পঠাবতো পাৰিয়েই, কিন্তু সেইখননো কেনেকৈ প্ৰস্তুত কৰা যায় ? প্ৰ’স্কিনৰ দৰে তাত সকলোধৰণৰ ইংগিত-পূৰ্ণ আৰু গোপন ভাষা আৰু কটাক্ষ ব্যৱহাৰ কৰিব লাগিব, কিন্তু মোৰতো তেনে কৰাৰ সামৰ্থ নাই । মই যদি এনেকুৱা কিবা এখন প্ৰস্তুত কৰোঁও, সেইখনৰপৰা মোৰেই প্ৰথম প্ৰথম বিপদ হ’ব । মই এটা জধামূৰ্খ, জহন্নামে যাওঁ মই ।”
আৰু নেভিৰাজিম’ভে এই নিৰাশ অৱস্থাৰপৰা মুক্তিৰ উপায় বিচাৰি মগজু ঘোলা কৰি কৰি সি লিখা অভিনন্দন-পত্ৰখনৰ খচৰাটোলৈ চাই থাকিল । পত্ৰখন সি লিখিছিল এনেকুৱা এজন মানুহলৈ, যাক সি অন্তঃকৰণেৰে ভয় আৰু ঘৃণা কৰিছিল, যাক সি যোৱা দহ বছৰে তাক বৰ্তমানৰ মাহে ষোল্ল ৰুবলৰ সলনি মাহে ওঠৰ ৰুবলৰ পদ এটাত নিযুক্তি দিবলৈ খাতিৰ কৰি আছে ।
“অহ্‌ চয়তান, তোক মই ইয়াত দৌৰি ফুৰিবলৈ শিকাই আছোঁ, ৰহ্‌ !”, প্ৰচণ্ড আক্ৰোশত সি তাৰ চকুত পৰা বেচেৰা দুৰ্ভগীয়া পঁইতাচোৰাটোক তলুৱাখনেৰে ঢকা মাৰি দিলে । “লেত্তেৰা চাল্লা !”
পঁইতাচোৰাটো লুটি খাই পৰিল আৰু ধৰফৰাই থাকিল । নেভিৰাজিম’ভে তাক এখন ভৰিত ধৰি দাঙি চাকিটোলৈ দলিয়াই দিলে, চাকিটো দপ্‌কৈ জ্বলি ফৰ্‌ফৰাই উঠিল ।
নেভিৰাজিম’ভৰ মনটো এক সন্তুষ্টিৰে ভৰি পৰিল ।
-০-

Share Button
Print Friendly, PDF & Email

No Comments : "সৰু ভাজি - (মূল: এণ্টন চেখভ; ইংৰাজীৰপৰা অনুবাদ: বসন্ত কুমাৰ বৰা)"

Leave a Comment

Your email address will not be published. Required fields are marked *