শুচিবায়ুগ্ৰস্ততাৰ বিপৰীতে - (জিতেন বেজবৰুৱা)

 

কিছু দিন পূৰ্বে ৰাহুল নামৰ গায়ক এজনে 'তোৰে হেৰিখন দেখা নাই, হেৰিখন চাবলৈ মনে যায়' - এনেকুৱা গান এটা গাই ইউটিউবত আপল'ড কৰি দিলে৷ তাৰ পাছত গোটেইখন হুলস্থূল লাগি গ'ল৷ যেয়ে যেনেকৈ পাৰে গালি-গালাজ পাৰিলে, টিভিয়ে-চিভিয়ে প্ৰগ্ৰেম হ'ল, কোনোবাই কেছ-চেছো দিলে, গায়কে ক্ষমাও খুজিলে, ইউটিউবৰপৰা গানটো শেষত উঠাই দিলে৷ অশ্লীলতাৰ এই উদাহৰণটোৰপৰা অসমীয়া সমাজৰ সাংস্কৃতিক ৰাজনীতিৰ ভালেমান দিশ সম্পৰ্কে এটা ধাৰণা ল'ব পাৰি৷ সাম্প্ৰতিক যুগটো হ'ল জনপ্ৰিয় সংস্কৃতিৰ যুগ৷ এই ক্ষেত্ৰখনত ইণ্টাৰনেটৰ আগমনৰ পাছত একধৰণৰ গণতান্ত্ৰিক উত্থান দেখিবলৈ পোৱা গৈছে৷ ফে'চবুকৰ কথাই ধৰা যাওক৷ ইয়াৰ পৃথিৱীখনত সাম্প্ৰদায়িক শক্তিসমূহে দপদপাই থাকিব পাৰে, ইয়াৰ ওপৰত চৰকাৰ বা বহুজাতিক কোম্পানিসমূহে অহৰহ নিৰীক্ষণ কৰি থাকিব পাৰে, কিন্তু ইয়াৰ ওপৰত কোনোমতেই সৰ্বাত্মক আধিপত্য প্ৰতিষ্ঠা কৰিব নোৱাৰে - কোনোৱেই ইয়াক মনপ'লাইজ কৰিব নোৱাৰে৷ সেইবাবেই ইয়াত ভিন্ন কণ্ঠৰ প্ৰকাশ ৰুদ্ধ কৰি ৰাখিব নোৱাৰে৷ ইয়াত যিকোনো লোকেই পোনপটীয়াকৈ নিজক প্ৰকাশ কৰিব পাৰে৷ ইয়াৰ ফলস্বৰূপে অতীজৰপৰা বৰ্তি থকা বিভিন্ন ক্ষমতা-সম্পৰ্কসমূহক জঁপিয়াই পাৰ হৈ যাব পৰাৰ বহুতো সুৰুঙা মুকলি হৈছে৷  আগেয়ে আপুনি গান এটা গাবলৈ এটা বিশেষ প্ৰক্ৰিয়াৰ মাজেৰে পাৰ হৈ যাব লাগিছিল, সেই প্ৰক্ৰিয়াটোৰ মাজতে লুকাই আছে সংগীত উদ্যোগটোৰ ক্ষমতা-সম্পৰ্কসমূহ৷ কিন্তু এতিয়া আপুনি চিধাচিধি সেই কাম কৰিব পাৰে৷ এই গণতান্ত্ৰিক উত্থানটোৰ ফলস্বৰূপে সাংস্কৃতিক ৰাজনীতিৰ ক্ষমতা-সম্পৰ্কসমূহত ভালেখিনি আঘাত পৰিছে৷ ফলস্বৰূপে বহুতে ভয় খাই গৈছে৷ আজিকালি সেয়ে যেয়ে-সেয়ে 'অমুকত চেন্সৰ ব'ৰ্ড লাগে', 'তমুকত চেন্সৰ ব'ৰ্ড লাগে' - এইধৰণে ক'বলৈ আৰম্ভ কৰিছে৷ চেন্সৰ ব'ৰ্ড কি কিবা ধেমালি বস্তু? ইমাৰজেন্সি পোৱাবিলাকে জানিব কেনেকুৱা বস্তু সেইটো৷ বৰ্তমান চিনেমাৰ চেন্সৰ ব'ৰ্ডে কি কাণ্ড কৰি আছে কোনে নাজানে? কিন্তু শুচিবায়ুগ্ৰস্ত অসমীয়া মধ্যবিত্তই অনুশাসন-অৱদমন খুবেই ভাল পায়৷ এটা কথা ঠিক যে এই সাংস্কৃতিক গণতান্ত্ৰিক উত্থানে এটা অত্যুৎসাহৰ ধল বোৱাই দিছে যাৰ ফলত জাবৰ-জোঁথৰ ঢেৰ বস্তুৰ সৃষ্টি হৈছে৷ কিন্তু সেইবোৰ জাবৰ আমাৰ সমাজৰ ভিতৰৰে বস্তু - এতিয়া ওলাই আহিছে মাত্ৰ৷ গতিকে ওলাই অহাটোত জগৰ কি? জগৰ এটাই - সেইটো হ'ল সি আমাৰ ব্যৰ্থতাক উদঙাই দিছে, আমাৰ শুচিবায়ুগ্ৰস্ততাৰ ধূতি খুলি পেলাইছে৷ উৱলি যোৱা এক জাতীয়তাবাদে হেঁচা মাৰি ধৰি থকা পদানুক্ৰমবদ্ধ, পুৰুষতান্ত্ৰিক-বৰ্ণবাদী, ৰাজনৈতিকভাৱে পশ্চাদপদ এই সমাজখনত আৰু কি সৃষ্টি হ'বহে? উদাৰ মানৱতাবাদী বা প্ৰগতিশীল যি সাংস্কৃতিক প্ৰতীকীবাদক আমি লালন-পালন কৰি আহিছো সেয়া এতিয়া নষ্টালজিয়াত পৰিণত হৈছে - যাৰ চিন্তাহীন পুনৰাবৃত্তিয়ে একো পৰিবৰ্তনৰ সূচনা কৰিব নোৱাৰে৷ সি যি নহওক, উল্লিখিত গণতান্ত্ৰিক উত্থানৰ ফলত যদি আমি সাংস্কৃতিক অৱক্ষয় দেখিবলৈ পাইছো তেন্তে সেয়া সমাজ হিচাপে আমাৰ বিফলতাৰহে চিন - তাত গণতন্ত্ৰৰ দোষ নাই৷ আচলতে এইটো এটা অৱশ্যম্ভাবী ঐতিহাসিক প্ৰক্ৰিয়া - ভালো নহয়, বেয়াও নহয়৷ এতিয়া আমি উপৰোক্ত অশ্লীল গানটোলৈ উভতি যাওঁ৷ ঘটনাটো কিছু অনুসৰণ কৰি বুজি পালো যে অসমৰ সংগীত উদ্যোগত আত্মপ্ৰতিষ্ঠা লাভৰ এক ৰণকৌশল হিচাপেই গায়কজনে গানটো গাইছে৷ কিন্তু ইমান নিখুঁতভাৱে তেওঁ ষ্ট্ৰেটেজিটো ৰূপায়ণ কৰিছে যে আচৰিত হ'বলগীয়া৷ ধুনীয়াকৈ তেওঁ টিভিত ক্ষমাও খুজিছে, তাৰ পাছত (হয়তো) সেইটো ভিডিঅ'কে ফে'চবুকত শ্বেয়াৰ কৰি ৰাইজক জনাইছে৷ আৰু তেওঁ সফলো হৈছে - 'অসমৰ ৰাইজ'ক উদ্দেশ্য কৰি তেওঁ কথা কৈছে, পৰেশ বৰুৱাই তেওঁলৈ সকীয়নি দিছে - মুঠতে তেওঁ একপ্ৰকাৰ 'জাতীয়' ফিগাৰ হৈ গৈছে৷ শ শ গায়ক হ'ব খোজা যুৱক-যুৱতীৰ মাজৰপৰা, সম্পূৰ্ণ পৰিচয়হীনতাৰ মাজৰপৰা ওলাই আহি তেওঁ এক পৰিচয় লাভ কৰিছে৷ তাৰ বাবে তেওঁ এক ৰিস্ক লৈছে৷ আত্মপ্ৰতিষ্ঠাৰ বাবে প্ৰায়সকলেই চৰিত্ৰগতভাৱে এনেকুৱাধৰণৰ কামেই কৰি আহিছে, অৱশ্যে দাগ লগা নাই কাৰো গাত৷ কিন্তু তেওঁ লোৱা ৰিস্কটো বেছি ডাঙৰ৷ তেওঁ হয়তো সফল হোৱা বুলি ভাবিব পাৰে, ভাবিব পাৰে যে এতিয়া তেওঁ 'ভাল' গান গালেও ভালকৈ চলিব৷ কিন্তু সেইটো নিশ্চয় নঘটে৷ নৈতিকতাবাদী অসমীয়া মধ্যবিত্ত কি বস্তু বেচেৰাই হয়তো নাজানে, তাক জোকাই লৈ নিস্তাৰ পোৱা সহজ নহয়৷

এতিয়া আমি ঘটনাটোৰ প্ৰতিক্ৰিয়াসমূহৰ কথা পাতো যাৰ লগত আমাৰ আলোচনাৰ সম্পৰ্ক বেছি৷ বহুতকেই কোৱা দেখিলো যে 'তাক পিটিব লাগে', নিজে পিটিম বুলিও বহুতে ক'লে৷ ইয়াৰ মাজত পুৰুষ- মহিলা উভয়েই আছিল, আনকি প্ৰগতিশীল বুলি পৰিচিত ব্যক্তিও আছিল৷ বাকী সৰহভাগেই পৰিয়ালৰ কথা কৈ গালি পাৰিলে - মা-ভনীৰ কথা, পৰিয়ালৰ নৈতিকতাৰ কথা৷ কোনো কোনোৱে গায়কজনক 'জহৰা' বুলি ক'লে, কোনোৱে 'হিজৰা' বুলি৷

এতিয়া আমি আন এটা ঘটনালৈ যাওঁ৷ সমুদ্ৰ কাজল শইকীয়াই ফে'চবুকত 'লিংকুছ' নামৰ পে'জ এটা খুলি এসপ্তাহ ধৰি অশ্লীল গীত-কবিতা-ছবিৰে জাকজমককৈ এটা 'উৎসৱ' পাতিলে৷ প্ৰথমে ৰাইজ অলপ নিতাল মাৰি আছিল যদিও পাছলৈ ইয়াতো একেধৰণৰ আক্ৰমণ চলিল৷ বিশেষকৈ পে'জটোত সহায় কৰা, লাইক-কমেণ্ট কৰা নাৰীসকলৰ ওপৰত ৰাইজ খৰ্গহস্ত হৈ উঠিল৷ তেওঁলোকক 'বনৰী', 'জহৰী' আদি খিতাপ দিয়া হ'ল, নষ্ট চৰিত্ৰৰ নাৰী হিচাপে চিহ্নিত কৰা হ'ল৷

এই দুইটা ঘটনাৰ মাজেৰে আমাৰ সমাজৰ যৌন ৰাজনীতি সম্পৰ্কে কিছু কথা আলোচনা কৰিব পাৰি৷ ঘটনা দুটাৰ মাজৰ বা ৰাহুল আৰু সমুদ্ৰ কাজলৰ মাজৰ পাৰ্থক্যটো কি? প্ৰথমজনে কামটো কৰিছে যৌন শুচিবায়ুগ্ৰস্ততাক ভাকুটকুটাই দি তাৰ লাভ উঠাই জনপ্ৰিয় পৰিসৰত স্থান দখল কৰিবৰ বাবে৷ আনজনে কৰিছে এক প্ৰতিবাদৰ ৰাজনীতি হিচাপে৷ কিন্তু দুয়োজনৰ কামৰ প্ৰতিক্ৰিয়া হিচাপে ৰাইজৰ মাজত সাৰ পাই উঠিছে সেই একেই যৌন নীতিবাগীশতা৷ দুইজনৰ মাজৰ পাৰ্থক্যটো উল্লেখ কৰাৰ কৰাৰ কাৰণ হ'ল আমাৰ বাঁও-গণতান্ত্ৰিক শিবিৰৰ বাবে সেই পাৰ্থক্য সাংঘাতিক গুৰুত্বপূৰ্ণ৷ এই শিবিৰৰ লোকসকলে ৰাহুলক যিদৰে নস্যাৎ কৰিব, সমুদ্ৰ কাজলক সেইদৰে নকৰে - কাৰণ তেওঁৰ চিন্তা-চৰ্চা, মতাদৰ্শগত স্থিতি তেওঁলোকে জানে৷ তাৰ ঠাইত তেওঁলোকে প্ৰতিবাদী ৰাজনীতিৰ উপায় হিচাপে তেওঁৰ পথটো গ্ৰহণযোগ্য নহয় বুলিহে প্ৰকাশ্য বা পৰোক্ষভাৱে ক'ব৷ এইখিনিতে আহি পৰে ৰাজনৈতিক শুদ্ধতাৰ কথাটো৷ পলিটিকেলি কাৰেক্ট নহ'লে কোনো কথাকে গ্ৰহণ কৰা নহ'ব৷ যৌন শুচিবায়ুগ্ৰস্ততাৰ প্ৰতিবাদ কৰিছে কৰক, কিন্তু 'ভদ্ৰভাৱে' কৰক, অশ্লীল শব্দ কিয় প্ৰয়োগ কৰিছে? এইটো ক'বলৈ গ'লে, শুচিবায়ুগ্ৰস্ততাৰে আন এক ৰূপ৷ যিবোৰ শব্দ, বাক্যাংশ বা প্ৰকাশভংগীক অশ্লীল বুলি গণ্য কৰা হয় সেইবোৰ হ’ল নিম্নবৰ্গীয়-নিম্নবৰ্ণীয় বিশাল জনসাধাৰণৰ জীৱন-আচৰণৰ অভিন্ন অংগস্বৰূপ। সেইবোৰক অস্পৃশ্য-অশ্ৰাব্য বুলি অভিহিত কৰাৰ অৰ্থই হ’ল সেই বহল সমাজখনকে সামাজিকভাৱে বহিষ্কাৰ কৰা। সি যি নহওক, এতিয়া অশ্লীলতাৰ কথালৈ যাওঁ৷

অশ্লীলতা মানে কি? খুব চমুকৈ ক'বলৈ গ'লে, যিবোৰ কথা-কাণ্ডই পুৰুষতান্ত্ৰিক যৌন নৈতিকতাৰ বাবে অস্বস্তিৰ সৃষ্টি কৰে, তাৰ বাবে অসুবিধা বা খেলিমেলি সৃষ্টি কৰাৰ সম্ভাৱনা থাকে সেইবোৰেই অশ্লীল৷ পুৰুষতন্ত্ৰৰ ঘাই স্তম্ভ হ'ল বাধ্যতামূলক বিষমলৈংগিক যৌনতা আৰু তাক ভিত্তি কৰি থকা পৰিয়াল ব্যৱস্থা৷ এই পৰিয়াল ব্যৱস্থা আৰু তাৰ প্ৰমূল্যসমূহক এক পৱিত্ৰতাৰ জ্যোতিৰ্মণ্ডলেৰে আৱৰি ৰখা হয় - যাৰ জৰিয়তে ইয়াক সমাজৰ অবিসম্বাদী আৰু অলংঘনীয় উচ্চ আদৰ্শ হিচাপে দাঙি ধৰা হয়৷ অশ্লীলতাই এই পৱিত্ৰতাৰ ওপৰতে কুঠাৰাঘাত কৰে - পুৰুষতন্ত্ৰৰ মহান আদৰ্শৰ উচ্চ বেদী সি হাগি-মূতি লেতেৰা কৰি পেলায়৷ পৱিত্ৰতাৰ এই জ্যোতিৰ্মণ্ডলটো যদি খহি পৰে, তেন্তে পুৰুষতন্ত্ৰৰ সমস্ত হিংসা আৰু শোষণ-বৈষম্য নগ্ন ৰূপত ওলাই পৰিব৷ সেই কাৰণে সকলোৱে অশ্লীলতালৈ ভয় কৰে৷ কিন্তু অশ্লীলতাক ঠেকেচি-মোহাৰি নিঃশেষ কৰিবলৈ যাওঁতে যি দৈহিক আৰু সাংস্কৃতিক পুৰুষতান্ত্ৰিক হিংসাৰ প্ৰকাশ ঘটে, সিও পুৰুষতন্ত্ৰকে নগ্ন কৰি পেলায়৷ পুৰুষতন্ত্ৰ হ'ল একপ্ৰকাৰ যৌন ব্যৱস্থাপনা যিটোৱে সমাজত নাৰীৰ স্বাৰ্থ আৰু ইচ্ছাৰ ওপৰত পুৰুষৰ একচেটিয়া আধিপত্য প্ৰতিষ্ঠা কৰে৷ ঘাইকৈ নাৰীৰ ওপৰত চলোৱা নিশ্ছিদ্ৰ আৰু অবিৰত যৌন নিৰীক্ষণ আৰু নিয়ন্ত্ৰণৰ মাধ্যমেৰেই এই ব্যৱস্থাটো টিকাই ৰখা হয়৷ বাধ্যতামূলক বিষমলৈংগিক যৌনতা আৰু একক বিবাহৰ প্ৰমূল্যৰে নাৰীক কটকটীয়াকৈ বান্ধি ৰখা হয়৷ সম্পত্তিৰ বিশুদ্ধ উত্তৰাধিকাৰী সৃষ্টি কৰি আৰু তাক পৰৱৰ্তী সময়ৰ বাবে সাংস্কৃতিকভাৱে সাজু কৰি তোলাৰ জৰিয়তে নাৰীয়ে পুৰুষতান্ত্ৰিক সমাজৰ বোজা কঢ়িয়াই নিয়ে৷ সেয়ে পুৰুষতন্ত্ৰৰ বাবে নাৰী মানে হ’ল মাতৃ। মাতৃ হ’ল নাৰীৰ এক যৌনতাৰহিত প্ৰতিমূৰ্তি। ঘৰৰ বাই-ভনী-জী সকলোৱেই হ’ল মাতৃস্বৰূপা। এই মাতৃক সুৰক্ষা দিয়াৰ দায়িত্ব হ’ল পুৰুষৰ – নাৰীক দিয়া সুৰক্ষাৰ যোগেদি পুৰুষৰ পৌৰুষ প্ৰকাশ পায় আৰু ৰক্ষা পৰে, হিংসা হ’ল যাৰ অপৰিহাৰ্য অংগ। মাতৃ যিহেতু সম্পূৰ্ণৰূপে যৌনতাৰহিত, সেয়ে যৌনতা প্ৰকাশ কৰিলে নাৰীগৰাকী আদৰ্শ নাৰী হৈ নাথাকে – তেওঁ হৈ পৰে বেশ্যা। যৌন আত্মচেতনা নাৰীৰ বাবে নিষিদ্ধ, সেয়া কেৱল বেশ্যাৰহে বৈশিষ্ট্য। ‘বনৰী’ (বন বা হাবিত যি ছেক্স কৰে) শব্দটোৱে নাৰীৰ এক মুক্ত আৰু বিবাহৰ বাহিৰৰ যৌন সম্পৰ্কৰ কথা সূচায়, সেয়ে এই শব্দটো নাৰীত্বৰপৰা পতনৰ সূচক হিচাপে ব্যৱহাৰ কৰা হয়। বিবাহৰ বাহিৰত ছেক্স কৰি যি পিতৃ-পৰিচয়হীন সন্তান জন্ম দিয়া হ’ল সি হ’ল ‘জহৰা’ : পুৰুষতন্ত্ৰৰ জিঘাংসা ইমানেই ভয়ংকৰ যে নাৰীৰ উক্ত অপৰাধৰ কলংক সন্তানটোৱে আজীৱন ভোগ কৰিবলগা হয় জহৰা হিচাপে। কেৱল নাৰীকহে যে যৌনভাৱে শোষণ কৰা হয় তেনে নহয়। বিষমলৈংগিক যৌনতা আৰু একক বিবাহৰ ব্যতিক্ৰম, তাৰ প্ৰতি সমস্যা বা অস্বস্তিৰ সৃষ্টি কৰিব পৰা যিকোনোধৰণৰ যৌন আচৰণ বা চিন্তাই হ’ল পুৰুষতন্ত্ৰত অবৈধ-অসিদ্ধ-নিষিদ্ধ। হস্তমৈথুন হ’ল একপ্ৰকাৰ মুক্ত আৰু আত্মনিমগ্ন যৌনতা, সন্তান উৎপাদনৰ সৈতে তাৰ কোনো সম্পৰ্ক নাই। সেইবাবে তাক এক ভয়াৱহ নৈতিক পতন হিচাপে চিত্ৰিত কৰা হয়। কিন্তু হস্তমৈথুনক সম্পূৰ্ণ অস্পৃশ্য বুলি ক’ব নোৱাৰি বাকীসমূহ ব্যতিক্ৰমী যৌন আচৰণৰ তুলনাত। কাৰণ তাক ‘কৈশোৰ কালৰ দুষ্টামি’ বুলি ৰেহাই দিব পাৰি, আৰু বয়স হোৱাৰ পাছত ল’ৰাই ‘বেয়া কাম, বেয়া চিন্তা’ এৰি বিবাহৰ পৱিত্ৰ বান্ধোনত সোমোৱাৰ লগে লগে এই সমস্যাৰ সমাধান হৈ যায়। কিন্তু বাকীসমূহ যৌন পৰিচিতি তথা আচৰণৰ ক্ষেত্ৰত কথাটো বেলেগ। ‘হিজৰা’সকল হ’ল বিষমলৈংগিক পৰিয়ালৰ প্ৰতি ডাঙৰ প্ৰত্যাহ্বানস্বৰূপ। সেয়ে তেওঁলোকক সমাজৰ প্ৰান্তত অন্ধকাৰৰ মাজত থাকিবলৈ বাধ্য কৰোৱা হৈছে যাতে সমাজৰ মূলসুঁতিৰ নৈতিক জীৱনত তেওঁলোকে সমস্যাৰ সৃষ্টি কৰিব নোৱাৰে। (ধৰ্মীয়-মাংগলিক অনুষ্ঠানবিশেষত তেওঁলোকৰ উপস্থিতিয়ে কথাটো ভুল প্ৰতিপন্ন নকৰে।) সি যি নহওক, নাৰী, যৌন সংখ্যালঘু (এল জি বি টি), নিম্নবৰ্ণ-নিম্নবৰ্গ পুৰুষ আদি বিভিন্ন শ্ৰেণীৰ বিৰুদ্ধে পুৰুষতন্ত্ৰৰ ব্যৱস্থাগত হিংসাক পৱিত্ৰ যৌন নৈতিকতাৰ যি আৱৰণেৰে ঢাকি ৰখা হয় তাৰ পৱিত্ৰতাকে অশ্লীলতাই আক্ৰমণ কৰে। সেইবাবেই অশ্লীলতাক দমন কৰিবলৈ বুলি পুৰুষতান্ত্ৰিক হিংসা উদগ্ৰ ৰূপত মূৰ তুলি উঠে।

এতিয়া আহো আন দুটা প্ৰসংগলৈ – বেশ্যালয় আৰু পৰ্ন’গ্ৰাফি। এই দুইটালৈকে আমাৰ উদাৰ মানৱতাবাদী আৰু বাঁও-গণতান্ত্ৰিক উভয় শিবিৰেই খুব ভয় কৰে। অৱশ্যে এয়া কেৱল অসমৰে সমস্যা নহয়, ভাৰতীয় প্ৰেক্ষাপটতো কথাটো বৰ বেছি বেলেগ নহয়। প্ৰায়সকল নাৰীবাদীৰ দৃষ্টিভংগীও এই ক্ষেত্ৰত একে। ইয়াৰ কাৰণ হ’ল পুৰুষতান্ত্ৰিক যৌন নৈতিকতা আৰু একক পৰিয়ালৰ প্ৰমূল্যৰ অবিসম্বাদী আধিপত্য। বেশ্যালয় আৰু পৰ্ন’গ্ৰাফিৰ নাৰীসকলৰ কথা মাত্ৰ তেতিয়াহে ক’ব পাৰো যেতিয়া তেওঁলোক আমাৰ সন্মুখত ভুক্তভোগী বা ভিক্টিম হিচাপে আহি খাৰা হয়। তেওঁলোকে আহি আমাৰ আগত কান্দি-কাতি ক’ব লাগিব যে তেওঁলোক উক্ত ব্যৱস্থাটোৰদ্বাৰা চূড়ান্তভাৱে শোষিত, তেওঁলোকৰ জীৱন নাৰকীয় পৰিস্থিতিৰ মাজেৰে অতিবাহিত হৈছে, তেওঁলোকে এতিয়া মাত্ৰ এটা কথাই কামনা কৰে আৰু সেইটো হ’ল সেই পৃথিৱীখনৰপৰা কেনেকৈ বাহিৰ ওলাই আহিব পাৰি। তেওঁলোকে যদি আত্মচেতনাসম্পন্ন আৰু স্বাধীনমনা ব্যক্তি হিচাপে আমাৰ সন্মুখত খাৰা হয়হি, তেন্তে আমি তাক সহ্য কৰাটো সম্ভৱ নহয়। এনে কাৰণতে আমি মাজে-সময়ে বেশ্যালয়ৰপৰা নাৰীক উদ্ধাৰ কৰি মহানতাৰ অৱতাৰ হিচাপে অৱতীৰ্ণ হোৱা ব্যক্তি বা সংগঠনক দেখিবলৈ পাওঁ। এনে পদক্ষেপত বিৰোধ কৰিবলগীয়া একো নাই। কিন্তু সমস্যাটো হ’ল ইয়াৰ (ভিক্টিম ৰূপত) বাদে আন কোনো ৰূপতে আমি বেশ্যালয়ৰ যৌনকৰ্মীসকলৰ কথা ভদ্ৰ সমাজত পাতিব নোৱাৰো কিয়? এনে পদক্ষেপৰ জৰিয়তে কেৱল শোষিত যৌনকৰ্মীসকলক উদ্ধাৰ কৰাই নহয়, পুৰুষতান্ত্ৰিক পৰিয়ালৰ শ্ৰেষ্ঠত্বও প্ৰতিপন্ন কৰা হয়, যৌন নৈতিকতাৰ পৱিত্ৰতা ৰক্ষাৰ আত্মতৃপ্তিও লাভ কৰা হয়। যদি বেশ্যালয়ৰ কথা পাতিব লাগে, যৌনকৰ্মীৰ প্ৰতি দায়িত্ব পালন কৰিব লাগে, তেন্তে পাতিব লাগিব – কিদৰে পুৰুষতন্ত্ৰৰ পাশৱিক হিংসাৰ বলি হৈ যৌনকৰ্মীসকলে সমাজৰ এচুকত জীৱন নিয়াইছে, তেওঁলোকে কেনেদৰে সংগ্ৰাম কৰিছে। সহানুভূতি নহয় – যদি সহমৰ্মিতা আছে তেন্তে তেওঁলোকৰ সৈতে একে সমদলত থিয় দিয়ক, তেওঁলোকৰ সংগ্ৰামৰ সহযোদ্ধা হওক। এটা কথা ঠিক যে পুৰুষতান্ত্ৰিক শোষণৰ চূড়ান্ত বিন্দু হ’ল বেশ্যালয়। কিন্তু যৌনকৰ্মীসকলে কেৱল শোষণৰ ভিক্টিম হিচাপে কান্দি-কাতি থকা নাই। শোষণৰ মাজতে তেওঁলোকে নিজৰ বাবে এক স্থান নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিছে য’ত নিজৰ আত্মচেতনা আৰু আত্মমৰ্যাদা থাকিব। তেওঁলোকে নিজৰ অধিকাৰৰ হকে যুঁজ দিছে, শ্ৰমিক হিচাপে তেওঁলোকক শ্ৰম আইনৰ আওতাত সামৰি ল’বলৈ ৰাষ্ট্ৰৰ ওচৰত দাবী জনাইছে, কৰ্মপৰিবেশৰ উন্নতি আৰু নিৰাপত্তা, সন্তানৰ ভৱিষ্যৎ সুৰক্ষাৰ বাবে আন্দোলন কৰিছে, তেওঁলোকৰ ওপৰত গ্ৰাহক-এজেণ্ট-পুলিচৰ নিপীড়নৰ বিৰুদ্ধে থিয় দিছে। মুঠতে তেওঁলোকে ৰাজনৈতিক সংগ্ৰামী হিচাপে নিজৰ পৰিচয় গঢ়ি তুলিছে। গতিকে তেওঁলোক একে সময়তে ভিক্টিম আৰু আত্মচেতনাযুক্ত কৰ্মী। যৌনকৰ্মীৰ এইখন ছবি আমি চাব নোখোজো, কাৰণ সি আমাৰ পুৰুষতান্ত্ৰিক প্ৰমূল্যত কুঠাৰাঘাত কৰিব।

এতিয়া আহো পৰ্ন’গ্ৰাফিৰ কথালৈ। কিছু দিনৰ আগতে কোনোবা এটা ৰাষ্ট্ৰীয় চেনেলত পৰ্নষ্টাৰৰপৰা এতিয়া হিন্দী চিনেমাৰ অভিনেত্ৰীত পৰিণত হোৱা ছানি লিয়’নিৰ এটা ইণ্টাৰভিউ প্ৰচাৰিত হৈছিল। ইণ্টাৰভিউটোত সাংবাদিকজনে প্ৰথম প্ৰশ্নটো কৰিছে এইবুলি যে ছানিয়ে জীৱনত এনে কি ভুল কাম কৰিছে যাৰ বাবে পাছত অনুতপ্ত হ’বলগা হৈছে। সাংবাদিকজনক নিৰাশ কৰি ছানিয়ে কিন্তু সহজভাৱে পাৰিবাৰিক জীৱনৰ কথা এটাৰে উত্তৰ দিলে। কিন্তু সাংবাদিকজনে ইণ্টাৰভিউৰ শেষলৈকে সেই একেটা চেষ্টাকে কৰি থাকিল, সেইটো হ’ল – এটা সময়ত পৰ্ন’গ্ৰাফিত অভিনয় কৰি জীৱনত ডাঙৰ এটা ভুল কৰা বুলি আৰু তাৰ বাবে এতিয়া অনুতপ্ত হোৱা বুলি ছানিয়ে স্বীকাৰ কৰিব লাগে। কিন্তু ছানিয়ে সহজভাৱে আৰু সাহসেৰে বাৰে বাৰে এইবুলি জনালে যে তেওঁ সম্পূৰ্ণ স্বইচ্ছাই আৰু জানি-বুজি পৰ্ন’গ্ৰাফিত অভিনয় কৰিছিল আৰু তাক প্ৰফেছন হিচাপে বাছি লোৱাটোত কিবা আপত্তিজনক কথা আছে বুলি তেওঁ স্বীকাৰ নকৰে। স্বাভাৱিকতেই এই কথাটো উক্ত সাংবাদিকজনে কোনোমতেই হজম কৰিব পৰা নাছিল। আমি নীতিবাগীশ সমাজখনেনো কেনেকৈ হজম কৰিম? সেইকাৰণে আমি পৰ্ন’গ্ৰাফিৰ বিষয়ে কথা পাতিব নোৱাৰো। কিন্তু পৰ্ন’গ্ৰাফি চোৱাত অসুবিধা নাই। সি যি নহওক, শোষণমূলক উদ্যোগ হিচাপে পৰ্ন’গ্ৰাফিৰ চৰিত্ৰও বেশ্যালয়ৰ সৈতে কম-বেছি পৰিমাণে একে। কিন্তু একেধৰণেই, ইয়াৰ মাজত নাৰীসকলে কেৱল ভিক্টিম ৰূপে অসহায়ভাৱে শোষণৰ বোজা মূৰ পাতি লোৱা নাই, নিজৰ মাজতে নিজৰ স্বায়ত্ততাৰ স্থান নিৰ্মাণ কৰিছে – আত্মচেতনাসম্পন্ন আৰু স্বাধীনমনা ব্যক্তি হিচাপে উদ্যোগটোৰ ক্ষমতা-সম্পৰ্কসমূহ নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰিছে, ৰাজনৈতিক দৰ-দাম কৰিছে। এইখিনিতে পৰ্ন’গ্ৰাফি বস্তুটোনো প্ৰকৃততে কি, সেই সম্পৰ্কে কিছু কথা কোৱা দৰকাৰ। ই হ’ল এক ফেণ্টাছি। Sexualisation of everything – এয়াই হ’ল এই ফেণ্টাছিৰ মূল বৈশিষ্ট্য। সমগ্ৰ বিশ্ব চৰাচৰ ইয়াত ডুব যায় যৌনতাৰ মাজত – সকলো বাধা-বিঘিনি, বিভাজন, পদানুক্ৰম গলি যায় যৌনতাৰ উত্তাপত। ইমান চূড়ান্ত পৰ্যায়ৰ আত্মনিমগ্নতা কেৱল শিশুৰ বাবেহে সম্ভৱ – পৰ্ন’গ্ৰাফিৰ পৃথিৱীত প্ৰতিজন মানুহেই শিশুত পৰিণত হয়। এয়া আন একো নহয়, পুৰুষতান্ত্ৰিক সমাজত সৰ্বব্যাপ্ত শিলীভূত যৌন কামনাৰে ফেণ্টাছি ৰূপ। গতিকে পুৰুষতন্ত্ৰৰ হিংসা পৰ্ন’গ্ৰাফিৰ অন্তৰ্নিহিত বৈশিষ্ট্য। একে আষাৰে ক’বলৈ গ’লে, পৰ্ন’গ্ৰাফিত ভাল বা মুক্তিকামী একো বুলিবলৈ একো নাই – সি হ’ল গোটে-পাতেই প্ৰতিক্ৰিয়াশীল বস্তু এটা। কিন্তু পৰ্ন’গ্ৰাফিত দুটা বস্তু নাই – সেয়া হ’ল যৌন অৱদমন আৰু ভণ্ডামি, যি দুটা হ’ল আমাৰ যৌন নৈতিকতাৰ প্ৰধান স্তম্ভস্বৰূপ।

তাত সকলো মুক্ত আৰু অবাধ, ইমানেই মুক্ত আৰু অবাধ যে তাতকৈ চৰা আন একো থাকিব নোৱাৰে। সি যি নহওক, আমাৰ সমাজত ইণ্টাৰনেটৰ জৰিয়তে পৰ্ন’গ্ৰাফিৰ ব্যাপক প্ৰসাৰ নিঃসন্দেহে এটা ডাঙৰ সাংস্কৃতিক পৰিঘটনা। পুৰুষতান্ত্ৰিক যৌন নৈতিকতাৰ পৱিত্ৰ জ্যোতিৰ্মণ্ডলটোত কুঠাৰাঘাত কৰাৰ ক্ষেত্ৰত ই নিশ্চয় অশ্লীলতাৰ আন কাৰকবিলাকে এৰি থৈ যোৱা বাকীখিনি কাম সমাপন কৰিব। সেই জ্যোতিৰ্মণ্ডলটো যিমান সোনকালে খহি পৰে সিমানেই মংগল।

কিন্তু উদ্ধাৰৰ বাট কেনি? বিশ্বায়নৰ পৰৱৰ্তী কালত হোৱা সাংস্কৃতিক পৰিবৰ্তন, নাৰীবাদী আন্দোলন, এল জি বি টি আন্দোলন আদিৰ প্ৰভাৱত পুৰুষতন্ত্ৰৰ বিষমলৈংগিক যৌন ব্যৱস্থাপনা তথা তৎকেন্দ্ৰিক প্ৰমূল্যৰাজিৰ স্বৰূপ উন্মোচিত হৈছে। কিন্তু বৈকল্পিক যৌন ৰাজনীতিৰ কোনো স্পষ্ট পথ নিৰ্মাণ হোৱা বুলি ক’ব নোৱাৰি। নাৰীবাদী আন্দোলন, এল জি বি টি আন্দোলনসমূহ ঘাইকৈ উদাৰনৈতিক ব্যক্তিবাদৰ মাজত আবদ্ধ থকা দেখি সেইবোৰে বহল সমাজৰ বাকীসমূহ নিপীড়িত অংশক সামৰি ল’ব পৰা নাই। এইখিনিতে জনপ্ৰিয় সংস্কৃতিৰপৰা এটা উদাহৰণ ল’ব খুজিছো। ‘পিংক’ নামৰ হিন্দী চিনেমাখনত নাৰীৰ যৌন উৎপীড়নৰ বিৰুদ্ধে থিয় দি অমিতাভ বচ্চনে অভিনয় কৰা অধিবক্তা চৰিত্ৰটোৱে এটা শ্লোগান দাঙি ধৰিছে এনেদৰে – No means no, a big no. কোৱা হৈছে যে পুৰুষে যৌনভাৱে আগ বাঢ়ি যাব বিচাৰিলে যদি কোনো নাৰীয়ে ন’ বুলি কয় তাৰ অৰ্থ হ’ল পুৰুষৰ সেই ক্ষেত্ৰত কোনো অধিকাৰ নাই, লাগিলে সেই নাৰী পত্নীয়েই হওক, গাৰ্লফ্ৰেণ্ডেই হওক, যৌনকৰ্মীয়েই হওক। প্ৰকৃতাৰ্থত ক’বলৈ গ’লে, ইয়াতকৈ মিছা কথা আন একো হ’ব নোৱাৰে। চহৰীয়া মধ্যবিত্ত নাৰীৰ ক্ষেত্ৰতহে কিছু দূৰলৈ এয়া প্ৰযোজ্য হ’ব পাৰে – বাকী নাৰীসমাজৰ বাবে য়েছ বা ন’ৰ কোনো মূল্য নাই। ঘাইকৈ চহৰীয়া মধ্যবিত্ত পৰিচালিত  এল জি বি টি আন্দোলনসমূহেও লেছবিয়ান, গে’ আদি যৌন পৰিচিতি তথা আচৰণক কেৱল ব্যক্তিগত চইচ বা প্ৰাইভেচিৰ বিষয় হিচাপেই ঘাইকৈ উপস্থাপন কৰিছে। উদাৰনৈতিক ব্যক্তিবাদৰ এই গণ্ডীৰ ভিতৰত পুৰুষতান্ত্ৰিক যৌন হিংসাৰ বলি হোৱা সমাজৰ বাকীসকল নাৰী, যৌন সংখ্যালঘু, যৌনকৰ্মীৰ সংগ্ৰামক সামৰি লোৱাটো সম্ভৱ নহয়। আনহাতে, সমাজতান্ত্ৰিক শিবিৰতো যৌন ৰাজনীতিৰ প্ৰশ্নটোৰ প্ৰতি যথোচিত গুৰুত্ব দিয়া নহয়। বৰং তাৰ প্ৰতি এক ভীতিগ্ৰস্ততাহে বিদ্যমান। যৌনতাই সমাজৰ ‘প্ৰকৃত ইছ্যু’বিলাকৰপৰা (অৰ্থনৈতিক-ৰাজনৈতিক) মানুহক আঁতৰাই লৈ যায় বুলি ভবা হয়, প্ৰায়ে নাৰীবাদীসকলৰ যৌন ৰাজনীতিক বুৰ্জোৱা অধঃপতন হিচাপে চিত্ৰিত কৰা হয়। অৱশ্যে তেওঁলোকে যৌন দ্বিচাৰিতা আৰু ভণ্ডামিক সমালোচনা কৰে, আৰু সমাজতান্ত্ৰিক সমাজত এক মুক্ত আৰু সমতাপূৰ্ণ যৌন নৈতিকতা প্ৰতিষ্ঠা হোৱাৰ কথা কয়। কিন্তু সমাজতান্ত্ৰিক সমাজৰ যৌনতাৰ কথা কওঁতেও তেওঁলোকে যৌনতাক ঘাইকৈ প্লেটনিক আৰু আত্মিক ৰূপতেই উপস্থাপন কৰে, ইয়াৰ কাৰণো হ’ল যৌন আনন্দৰ যি তীব্ৰতা আৰু তৎজনিত আত্মনিমগ্নতা, তাৰ প্ৰতি থকা সংশয়। এংগেলছে একক বিবাহকেন্দ্ৰিক পৰিয়ালৰ উৎপত্তি দৰ্শাইছে ব্যক্তিগত সম্পত্তিৰ ফলস্বৰূপে উদ্ভৱ হোৱা বুলি। কিন্তু ব্যক্তিগত সম্পত্তিৰ উচ্ছেদৰ কথা ক’লেও তেওঁ একক বিবাহ তথা পৰিয়ালৰ উচ্ছেদৰ কথা কোৱা নাই। বৰং তেওঁ তাক গৰিমামণ্ডিত ৰূপত তুলি ধৰিছে – কৈছে যে পুঁজিবাদে আনি দিয়া ভেজালখিনিৰপৰা মুক্ত হৈ এক পৰিয়ালে অধিক উচ্চতৰ বিকাশ লাভ কৰিব। পৰৱৰ্তী দীঘলীয়া কাল জুৰি এংগেলছৰ চিন্তাই এই ক্ষেত্ৰত সমাজবাদী আন্দোলনসমূহক প্ৰভাৱিত কৰি আহিছে। গতিকে এটা কথা ঠিক যে মাৰ্ক্সবাদীসকলে যৌন ৰাজনীতিৰ প্ৰশ্নটোক সমাজতান্ত্ৰিক সংগ্ৰামৰ সৈতে অংগাংগীভাৱে আৰু পূৰ্ণ মৰ্যাদাসহ কেনেকৈ সংলগ্ন কৰিব পাৰি সেই সম্পৰ্কে তাত্ত্বিক আত্মসমালোচনা কৰা দৰকাৰ। উদাৰনৈতিক ব্যক্তিবাদ বা লেছবিয়ান পৃথকতাবাদ – ইয়াৰ কোনোটোৱেই নাৰীমুক্তি তথা যৌন ৰাজনীতিৰ প্ৰশ্নটোক পূৰ্ণাংগ আৰু চূড়ান্ত ৰূপত আগ বঢ়াই নিব নোৱাৰে। তদুপৰি কেৱল আইনৰ পথেৰে বা প্ৰতিবাদী সাংস্কৃতিক আন্দোলনেৰে পুৰুষতন্ত্ৰৰ ভেটি খহাব নোৱাৰি – তাৰ সৈতে আমূল আৰ্থ-সামাজিক ৰূপান্তৰৰ সংগ্ৰামো সংযুক্ত হ’ব লাগিব। পুৰুষতন্ত্ৰৰ নিশ্চয়কৈ উচ্ছেদ হ’ব লাগিব – তাৰ লগতে উচ্ছেদিত হ’ব বাধ্যতামূলক বিষমলৈংগিক যৌনতা আৰু তাৰ ওপৰত ভিত্তি কৰি থকা একক পৰিয়াল ব্যৱস্থা। যৌন নৈতিকতা হ’ব লাগিব মুক্ত আৰু বহুত্ববাদী, য’ত বিভিন্ন যৌন পৰিচিতি আৰু আচৰণৰ সহজ প্ৰকাশ সম্ভৱ হ’ব। তাত বিষমলৈংগিক যৌনতাও থাকিব, সমলৈংগিক যৌনতাও থাকিব, বিষমলৈংগিক একক পৰিয়ালো থাকিব, পৰিয়ালৰ অন্যান্য ৰূপো থাকিব  – কিন্তু সেই সকলোবিলাক হ’ব পুৰুষতন্ত্ৰই জাপি দিয়া বাধ্যবাধকতা আৰু শোষণৰপৰা মুক্ত, আৰু ব্যক্তিৰ স্বেচ্ছাপ্ৰণোদিত।

এইখিনি হ’ল যৌন ৰাজনীতিৰ বহল দিশ। কিন্তু সদ্যহতে আমি কি কৰিম সেই লৈ সন্দিহান হ’বলগা একো নাই। অশ্লীলতাক নহয় – আমি সমালোচনা কৰা দৰকাৰ পুৰুষতান্ত্ৰিক যৌন নৈতিকতাক। সেই নৈতিকতাই নিষিদ্ধ কৰি থোৱা বিষয়বোৰ আলোচনা কৰা দৰকাৰ – ‘হিজৰা’সকলৰ কথা, যৌনকৰ্মীসকলৰ কথা, পৰ্ন’গ্ৰাফিৰ কথা, ইত্যাদি ইত্যাদি। যিবোৰ মাত-কথাক অশ্লীল বোলা হয় অথচ যিবোৰ নিম্নবৰ্গীয়-নিম্নবৰ্ণীয় বিশাল জনসাধাৰণৰ জীৱন-আচৰণৰ অভিন্ন অংশস্বৰূপ, সেইবোৰৰ কথাও পতা দৰকাৰ। এনেকৈ আমি মুকলি কৰিব লাগিব এক বিকল্প যৌন ৰাজনীতিৰ পথ।

(০৫-০৪-২০১৭)

Share Button
Print Friendly, PDF & Email

No Comments : "শুচিবায়ুগ্ৰস্ততাৰ বিপৰীতে - (জিতেন বেজবৰুৱা)"

Leave a Comment

Your email address will not be published. Required fields are marked *