কেন্দ্ৰীয় নিবন্ধ

সাগৰতলিৰ শঙ্খৰ পাতনি – (ড০ হীৰেন গোহাঁই)

ভাবিছিলোঁ, পাতনিখনৰ এটা কাব্যিক নাম দিম- “সাগৰ-সংগমত” বা “সাগৰ তীৰত”, এনে ধৰণৰ। কিন্তু পিছ মুহূর্ততে মনত পৰিল মাধব কন্দলিৰ সেই প্রসিদ্ধ বৰ্ণনা

“সাগৰ তীৰত কপি সকল”
অনন্তৰে কপিগণে মাথা তুলি চাইলা।
গম্ভীৰ বিস্তৰ সাগৰক লাগ পাইলা।

সেয়ে সেই শিৰোনামা কিছু তৎপৰতাৰে বৰ্জন কৰা গ’ল। ফুকনৰ কাব্যৰ লগত সাগৰৰ মিল অত্যুক্তি নহয়, কিন্তু আন পাঠকে তুলনাত আমাক বিস্ময় বিমূঢ় কপি সকলৰ এজন বুলি ভাবে বুলিহে চিন্তা লাগিল।

ফুকনৰ কাব্যত সাগৰৰ দৰেই দৃশ্য আৰু ভাবৰ অপাৰ বৈচিত্র্য, কল্পনাৰ বিস্ময়কৰ বিস্তাৰ, দূৰ দিগন্তৰ লগত এক নিবিড় অন্তৰংগতা আৰু তাৰ অতল গর্ভত লুকাই থকা এক অনির্বচনীয় ৰহস্য অনুভৱ কৰোঁ। সাগৰৰ দৰেই নৈসর্গিক, অথচ কালাতিক্রান্ত তাৰ সত্য। সকলো মিলি তাৰ এক ‘গম্ভীৰ বিস্তৰ’ পৰিচয়।

ক’ব খুজিছোঁ যে আমাৰ সমসাময়িক কবিসকলৰ ভিতৰত ফুকনৰ কবিতাই এক অনন্য মহিমা অর্জন কৰিছে। বাকীসকলৰ প্ৰতিভা বা দক্ষতাৰ গৌৰৱ আমি হ্রাস কৰিব খোজা নাই। কিন্তু নীলমণি ফুকনৰ কাব্যত এনে এক সমৃদ্ধি আৰু পূর্ণতা উপলব্ধি কৰোঁ, যি আমাৰ হৃদয়মনত এক স্পন্দিত তন্ময়তা, এক বাঙ্ময় নীৰৱতা সঞ্চাৰ কৰে। আমাৰ অনুভূতি, আমাৰ জীৱনবোধত সি এক সৰস গাঢ়তা আনি দিয়ে। মনত পৰে ইংৰাজ মহাকবি ৱাৰ্ডছৱার্থলৈ।

মনত পৰাটো আকস্মিক নহয়। ফুকনৰ প্রতিভা আৰু মানসত ৰোমান্তিক উত্তৰাধিকাৰৰ গভীৰ প্ৰেষ লক্ষ্য কৰা যায়। যুগৰ বা-মাৰলিৰ মাজত নিজৰ গহন সত্তাত খোপনি লৈ ফুকনে মানৱজীৱন আৰু মানৱাত্মাৰ বিশাল দিগন্ত নিৰীক্ষণ কৰিছে। তেওঁৰ আকাংক্ষা বা ব্ৰত হৈছে আত্মাৰ সেই বিশাল বিস্তৃতিৰ খবৰ বহু দুৰ্ভগীয়া, সংকুচিত, পংগু জীৱনলৈ কঢ়িয়াই নিয়া। অমংগল, আতংক, সীমাহীন যন্ত্রণাৰ অন্ধকূপত সেই দিগন্তবিস্তৃত চেতনা আৰু সম্ভাৱনাৰ কৰুণ, স্নিগ্ধ সান্ত্বনা খন্তেকৰ বাবে হ’লেও উজলাই তোলা।  

ৱাৰ্ডছৱাৰ্থৰ দৰেই তেওঁৰ প্ৰতিভাৰ কিছু সীমাবদ্ধতা আছে। তেওঁৰ কাব্যৰ বৈচিত্র্যৰ মাজত হাস্যৰস বা তীব্ৰ পৰিহাস নাই, নাই কোনো শিশুসুলভ চপল আনন্দ। নাই চিন্তাৰ সাৱলীল কছৰৎ। মানৱ চৰিত্ৰৰ অন্তহীন বৈচিত্র্য আৰু বিসংগতিৰ প্ৰতি তেওঁৰ ৰুচি নাই। শ্লেষ, কটাক্ষ, অদ্ভুত ৰসত তেওঁ অভ্যস্ত নহয়। কোনো বিশেষ শিশু বা যুৱকে তেওঁৰ কাব্যত ভুমুকি নামাৰে – তেওঁৰ কাব্যত পদক্ষেপ কৰে, শৈশৱে আৰু যৌৱনে, বার্ধক্যই, মৃত্যু আৰু জন্মই, অনাদি কালৰ নৰ আৰু নাৰীয়ে। চৰিত্ৰৰ নাটকীয় মানসিক অন্তর্দ্বন্দ্ব বা সংঘাত তেওঁৰ কাব্যত দুর্লভ। সকলো পৰিশ্ৰুত হৈ আহিছে এক গভীৰ সংবেদনশীল অথচ প্রশস্ত হৃদয়বত্তাৰ যোগেদি। অথচ অতল সাগৰগৰ্ভৰ দৰে তেওঁৰ কাব্য মানৱজগত আৰু মানৱজীৱনৰ বিচিত্র অনুভূতি আৰু উপলব্ধিৰে বর্ণাঢ্য। কোনো কোনো বয়োজ্যেষ্ঠ আধুনিক কবিৰ দৰে ফুকনে কবিতাৰ মাজত সময়ে সময়ে কোনো সমস্যা বা বিষয়ৰ ওপৰত ব্যক্তিগত চিন্তা যুক্তিশৃংখলেৰে প্ৰকাশ কৰা নাই। তেনেধৰণৰ মনন কেতিয়াবা আত্মপ্ৰতাৰণাৰ বা প্রবঞ্চনাৰ সঁজুলি নোহোৱাকৈও থকা নাই। কিন্তু ফুকনে তেনে চমকপ্রদ চিন্তাৰে পাঠকৰ বিচাৰ অভিভূত কৰিব খোজা নাই। এনে কোনো চিন্তা বা বোধ তেওঁৰ কাব্যত নাই যাক তেওঁ ধমনীৰ স্পন্দনত অনুভৱ কৰা নাই।

অৱশ্যে মই অনুভৱ কৰোঁ যে তেখেতৰ চৰিত্ৰ তথা কাব্যত তেজস্বিতা আৰু কাঠিন্য বিকাশ ঘটিছে ধীৰে ধীৰে। বৃহৎ অমংগলৰ ওচৰত সেও নহ’লেও সৰু-সুৰা আপোচ কৰিছে, আমাৰ সমাজত সম্প্রতি সুলভ আত্মৰক্ষামূলক চাতুর্য্যও মাজে মাজে কাব্যত বিৰিঙি উঠি পাঠকক বিব্রত কৰে। কিন্তু এইবোৰ সৰুসুৰা বিচ্যুতিয়ে তেওঁৰ সামগ্রিক কৃতিত্ব ম্লান কৰা নাই।

এই ৰহস্যভেদী প্রায় ঋষিসুলভ চেতনাৰ অধিকাৰী হৈও তেওঁ অতীন্দ্রিয় আধ্যাত্মিকতাৰ দূত নহয়। তেওঁ নিবিড়ভাৱে পার্থিৱ, নিতান্ত মানৱীয় জীৱনৰ কবি। তেওঁ আবিষ্কাৰ কৰা সকলো ৰহস্য মানৱজীৱনৰ ৰহস্য। প্রতীকবাদী কালছোৱাত কথাটো কিছু অস্পষ্ট হৈ থাকিলেও পৰিণত কাব্যসাধনাৰ পৰ্যায়ত কথাটো সন্দেহাতীতভাৱে প্রতীয়মান হৈছে। মানৱজীৱনৰ গৌৰৱ, মহিমা, সংকট আৰু বিপর্যয় তেওঁৰ কাব্যৰ উপজীব্য। কোনো আধ্যাত্মিক প্রসাধন ব্যৱহাৰ নকৰাকৈ তাৰ অধঃপতনত তেওঁ শিয়ৰি উঠিছে আৰু তাৰ গৰিমাত ৰোমাঞ্চিত হৈছে। তেওঁৰ চিন্তা আৰু উপলব্ধিৰ কেন্দ্রবিন্দু মানৱতাবাদী।

আজিৰ সভ্যতা আৰু চিন্তাৰ সকলো জটিলতা, বিভ্রান্তি, দিশহাৰা অৱস্থাৰ অংশীদাৰ হৈও ফুকন শিশুৰ দৰে, প্ৰকৃতিৰ কোলাত লালিত কৃষকৰ দৰে, এক সজীৱ আবেগ অনুভূতিৰে সমৃদ্ধ, উষ্ণ হৃদয়ৰ অধিকাৰী। তেওঁৰ হৃদয়ে তেওঁক প্ৰতাৰণা কৰা নাই। কোনো কোনো সাধাৰণ কথাত আন মানুহৰ দৰে ফুকনো বিভ্রান্ত হ’ব পাৰে, পথভ্রষ্ট হ’ব পাৰে। কিন্তু প্রধান প্রধান প্রশ্ন বা বিষয়বোৰত ফুকনৰ অকৃত্রিম হৃদয়াবেগেই তেওঁৰ অভ্রান্ত সাৰথি। আমাৰ পৰম্পৰাগত গঞা জীৱনৰ সহজ-সৰল সহৃদয় মানৱতা তেওঁৰ কবিমানসৰ এক মূল্যবান সম্পদ।

এটা সময়ত তেওঁ সমাজৰ পৰা পিছহুঁহকি গৈ নির্জনতাৰ কোলাত জীৱন-সত্যৰ অন্বেষণ কৰিছিল। স্মৃতিৰ পটত কেতবোৰ অর্থবহ ইংগিতময় দৃশ্য বা ঘটনাৰ বিশুদ্ধ ৰূপ ফুটাই তুলি। সেইবোৰৰ ধ্যানৰ (meditation) জৰিয়তে তেওঁ তেনে সত্যত উপনীত হ’ব পাৰিব বুলি ভাবিছিল। প্ৰকৃতিৰ চিৰন্তন ছন্দৰ মাজত, মানুহৰ হৃদয়বৃত্তিৰ গভীৰ সঁহাৰিত, তেওঁ বিচাৰিছিল নিঃসহায় আধুনিক মানুহৰ পাথেয়। এই অনুশীলনে তেওঁৰ কবিমানসৰ বিকাশত অৰিহণা যোগালেও চলমান সংসাৰৰ ঘাত-প্রতিঘাতৰ পৰা দুৰৈত তেওঁৰ কবিতাই চৰম সিদ্ধি লাভ কৰা সম্ভৱ নাছিল।

হয়তো ব্যক্তিগত জীৱনৰ কিবা আঘাত বা বিপর্যয়ে আত্মৰক্ষাৰ তাগিদাত তেওঁক তেনেদৰে আঁতৰাই নিছিল। কিন্তু স্বাধীনতা আন্দোলনৰ গণ জাগৰণৰ মাজত ডাঙৰ হোৱা ফুকন কৈশোৰ কালৰে পৰা অন্যায়, অবিচাৰ আৰু শোষণ-দমনৰ বিৰুদ্ধে বিদ্রোহী। তেওঁৰ এই আত্মমগ্নতাৰ এদিন শেষ হ’ল আৰু তেওঁ ধুলি-মলি, তেজ-ঘামৰ পৃথিৱীলৈ উভতিল। মানৱজীৱনৰ সত্য উন্মোচনৰ তীর্থযাত্রাই এইবাৰ পূর্ণতা লাভ কৰিলে।

কবিতা ফুকনৰ বাবে তপস্যাৰ তুল্য। আনে যি পবিত্রতা, নিষ্ঠা আৰু আত্মনিবেদনেৰে উপাসনা কৰে, ফুকনে কাব্য ৰচনাত তেনে আত্মোৎসর্গৰ পৰিচয় দিয়ে। সেয়ে তেওঁৰ কাব্যত এক অবিচ্ছেদ জিজ্ঞাসা আৰু এক নিভাঁজ নম্রতা বিৰাজমান। ব্যক্তিগত নৈপুণ্য প্রদর্শনৰ কোনো স্পৃহা কবিতাবোৰত নাই, আংগিক সদায় ভাবৰ অধীন। যি আংগিকেই তেওঁ ব্যৱহাৰ নকৰক, কাব্যজীৱনৰ আগৰ পৰা গুৰিলৈকে কেতবোৰ মৌলিক অনুভূতি তথা বিশ্বাস তেওঁৰ জীৱনবোধ আৰু কাব্যজগতৰ প্ৰধান ভিত্তি হৈ আছে। এইবোৰত যে প্রতিকূল পৰিস্থিতি আৰু অভিজ্ঞতাই প্রবল আঘাত হনা নাই, তেনে নহয়। সমসাময়িক জটিলতাই অস্থিৰ কৰা মনেৰে তেওঁ প্রশ্ন কৰিছে, তেওঁৰ সেই মৌলিক অনুভূতিবোৰৰ ঠাই ক’ত? মাজে সময়ে আতংক, যন্ত্রণা আৰু হতাশাত তেওঁ ভাবিছে, সেইবোৰ অলীক নেকি? কিন্তু অৱশেষত তেওঁ প্রশান্তচিত্তে সেইবোৰ বিশ্বাসলৈকে, সেইবোৰ অনুভূতিলৈকে উভতি আহিছে— ধুমুহাৰ তাণ্ডবৰ পিছত হাঁহি থকা নিবিড়, গভীৰ সাগৰৰ দৰে।

যন্ত্রণাময় নিঃসংগতাৰ দিনতো তেওঁ উপলব্ধি কৰিছিল, নিঃসংগতা মানুহৰ দৈব নহয়। মানুহৰ জীৱনৰ সার্থকতা নিঃসংগতাৰ পৰা, অৱচ্ছিন্নতাৰ পৰা মুক্তিত। সেই মুক্তি তাৎক্ষণিক সুখৰ পৰা দূৰত হ’ব পাৰে, তাক আৱৰি ৰাখিব পাৰে কাৰুণ্য আৰু বিষাদে। কিন্তু নাৰকীয় নিঃসংগতাৰ গ্লানিৰ স্পৰ্শত সি কলুষিত নহয়:

ভুলতে তোমাক বিছনাখনত
খেপিয়াই ফুৰিছিলোঁ,
তুমি যে পর্বতটোৰ নামনিত
তিলফুল হৈ
হালি-জালি ফুলি আছা।

আগৰ চোৱাৰ কবিতাতে তেওঁ প্ৰতীকৰ সহায়ত জীৱন-মৃত্যুৰ ৰহস্যময় চিৰন্তন সত্যৰ সন্ধান কৰিছিল। প্রতীকবাদে যন্ত্রবৎ বিজ্ঞানৰ আৰু সর্বব্যাপি বাণিজ্যৰ জড়োপাসনাৰ পৰা কবিতাৰ ভাষাক মুক্ত কৰি মানৱজীৱনৰ অনন্য ৰহস্যত এক অন্ধকাৰ আলোক পেলাবলৈ বিচাৰিছিল। কিন্তু সেই বিশেষ জগতখনৰ প্রতি বিৰাগত সি অহৰহ সন্ধান কৰিছিল এক অপ্রাত্যহিক, অপার্থিৱ, অলৌকিক জগৎ। বিভিন্ন ইন্দ্ৰিয়ৰ সানমিহলি (synaesthesia), ইন্দ্রিয়গ্রামৰ ইচ্ছাকৃত বিকলতা (derangement of senses), ব্যক্তিগত কোনো অভিজ্ঞতাত বা কোনো বস্তুত অসামান্য বিস্ময়কৰ ব্যঞ্জনা আৰোপ কৰাৰ চেষ্টা আদি কৌশলেৰে প্ৰতীকবাদীসকলে এক তুচ্ছ, নির্জীৱ, প্রাত্যহিক জীৱনৰ উৰ্দ্ধত জীৱনৰ পৰম ৰহস্য সন্ধান কৰিছিল। তেওঁলোকৰ কোনো কোনো পৰম্পৰাগত ধৰ্মৰ প্রতি আকৃষ্ট হৈছিল, কোনোৱে বা কেৱল ভাষাৰ যাদুৰে ধৰ্মৰ বিকল্প জগৎ এখন ৰচিবলৈ বিচাৰিছিল। সেয়ে প্রতীকবাদী কাব্যকলাৰ এক বিপদ আছে। অৰূপ ৰতন বিচাৰি, অপৰিচিতৰ মোহত মতলীয়া হৈ, সি পৰিচিত ৰূপৰ প্রতি অবিচাৰ কৰে। প্রতীকবাদী মানুহৰ কবি নহৈ, কেৱল কবিৰ কবি হৈ পৰে। পিছলৈ ফুকনে উপলব্ধি কৰিলে:

এজন কবিয়ে কৈছিল
যিসকলে কবিতা নপঢ়ে
কবিতা তেওঁলোকৰ কাৰণেই…..

অৱশ্যে অনুশীলনৰ পৰ্যায়ত তেওঁৰ প্রতীকবাদী কবিতায়ো সদায় সফলতা লাভ কৰা নাছিল। অনুৰণনহীন, জঠৰ প্রতীকে জাঁজীৰ দৰে তেওঁৰ কাব্যৰ স্বচ্ছতা ব্যাহত কৰিছিল। কিন্তু মৃত্যুৰ সোপানেৰে আগবাঢ়ি থকা জীৱন আৰু জন্মৰ দুর্নিবাৰ বিস্ময় আৰু ৰহস্যই তেওঁক তেতিয়াও ব্যাকুল কৰিছিল। সেই সময়ৰ অলংকৃত ভাষা পিছলৈ তেওঁৰ কাব্যত বিৰল হৈ আহে। শেষ পর্যায়ত তেওঁৰ কবিতাৰ ভাষা নিৰাভৰণ, কথ্য ভাষাৰ দৰে সৰল, অথচ বাঙ্ময় আৰু বলিষ্ঠ।

এই পর্যায়ৰ কবিতাত ফুকনৰ স্বকীয় কাব্যিক ব্যক্তিত্ব বাহিৰা প্ৰভাৱৰ কুঁৱলিৰ মাজেৰে ওলাই অহা সূৰ্য্যৰ দৰে চকামকাকৈহে দৃশ্যমান। ফুকন নিজেই এই আধৰুৱা সিদ্ধিত অসন্তুষ্ট আছিল। সেয়ে তাৰ পিছৰ পৰ্যায়ত দেখো, আৰু গভীৰ আত্মনিবেদন আৰু শৃংখলাৰে কবিতাত নিজৰ ভাব আৰু বোধ পৰিস্ফুট কৰিবলৈ তেওঁ কঠোৰ সাধনা কৰিছে। এই সময়ত তেওঁ জাপানী কবিতাৰ অৱলম্বনত মানসপটত কিছুমান দৃশ্য আৰু ঘটনা ধ্যান কৰাৰ দৰে কবিতাত কেতবোৰ দৃশ্য আৰু ঘটনাৰ কল্পৰূপ উদ্ভাসিত কৰিছে। বাঙ্ময়, ভাবঘন কল্পচিত্র, ধ্যানমগ্ন কথনভংগী, আৰু এক বিষাদবিধুৰ বাতাৱৰণ এই পর্যায়ৰ কবিতাসমূহৰ লক্ষণীয় বৈশিষ্ট্য। এই সময়তে ফুকনৰ নিজস্ব বাক্‌ভংগীয়ে ক্ৰমে গঢ় লয়। সেই বাক্‌ভংগী ধীৰ, বিষণ্ণ, মৃদুভাষী, কিছুদূৰ নির্লিপ্ত। আনকি পিছলৈ তুমুল যাতনা আৰু আতংকৰ হাহাকাৰ প্রকাশ কৰাৰ সময়তো বা তীব্র আনন্দৰ উন্মাদনা ৰূপায়িত কৰোঁতেও তেওঁৰ এই আত্মসমাহিত বাক্‌ভংগীৰ সুৰ বিশেষ সলনি হোৱা নাই।

কিন্তু এই পর্যায়ৰ কবিতাবোৰৰ বিষণ্ণতা, স্তব্ধতা আৰু শূন্যতাবোধ ফুকনৰ ঘনিষ্ঠতম উপলব্ধি আৰু অনুভূতিৰ আত্মীয় নহয়। এই পর্যায়তে সেয়ে তেওঁৰ জীৱনৰসিক মনটোৱে মাজে মাজে সাৰ পাই উঠিছে। এই সময়তে লিখা ‘মৈথুন সংগীত’ এক অপৰূপ আৰু আশ্চৰ্য্য সৃষ্টি। নাৰী-পুৰুষৰ দৈহিক মিলনৰ সকলো বিস্ময়, পুলক আৰু ৰহস্য যেন কবিতাটোত উৎসাৰিত হৈছে ।

থোৰ মেলা পাতটোত
ধাৰাসাৰ বৰষুণজাক।
তোমাৰ স্তনৰ ৰক্ত তোমাৰ ওঁঠত
এতিয়া তোমাৰ দিঠক
আন্ধাৰৰ আৰক্তিম মুখ,
পাহাৰত মেঘৰ গর্জন

উদ্ধৃত পংক্তি কেইটাত কোমল আৰু কঠিন, নৰদেহ আৰু নিসর্গ, প্রাত্যহিক আৰু অলৌকিকৰ অপূর্ব সমন্বয় ঘটিছে। নৈসর্গিক ঘটনা ইয়াত মৈথুনৰ বিভিন্ন পর্যায়ৰ প্রতীক। বর্ষণমুখৰ সময়ত ব্যক্তিচেতনা বিশ্বত লীন হৈ যোৱাৰ দৰে ইয়াত দেহ আৰু প্রকৃতি, প্রেমিক আৰু প্রেয়সী, আত্মা আৰু শৰীৰ একাকাৰ হৈ গৈছে। কবিতাটোৰ আৰম্ভণিত গভীৰ অৰণ্যৰ মাজত সাৰস পখীৰ নিনাদিত কণ্ঠ যেন নৰ-নাৰীৰ চূড়ান্ত মিলনৰ শব্দময় প্রতিবিম্ব:

অৰণ্যত, অৰণ্যৰ ভিতৰত
সাৰেং চৰাইৰ মাত

যেন মৈথুনৰ মুহূর্তত চেতনাৰ সীমান্তত, মৃত্যু বা অবলুপ্তিৰ দুৱাৰদলিত, বাজি উঠে জীৱন আৰু সত্তাৰ শঙ্খনাদ। তেনেকৈ বিভিন্ন ইন্দ্ৰিয়ৰ সীমাৰেখা ইয়াত নিশ্চিহ্ন হৈ মৈথুনৰ সর্বব্যাপি মাদকতা প্রকাশ কৰিছে ।

মেলি দিয়া দুটি বাহু
মাৰ যক থুপিতৰা বাহ
তোমাৰ চুলিৰ গোন্ধত

আক্ষৰিক অর্থত প্ৰেয়সীৰ মেলি দিয়া চুলিৰ এন্ধাৰত মাৰ যায় চকুৰ জেউতি। কিন্তু তৰাৰ জেউতি চুলিৰ গোন্ধত মাৰ যোৱা বুলিলে চেতনাৰ দিগবলয়ত বিভিন্ন ইন্দ্রিয়ানুভূতি একাকাৰ হৈ যোৱা বুলি বুজিব পাৰি।

এই কবিতাটোৰ অন্যতম বৈশিষ্ট্য নাটকীয় কৌশলৰ সফল প্রয়োগ। অর্থাৎ ইয়াৰ প্রধান লক্ষণ চিত্রধর্মী অচঞ্চল গভীৰতা নহয়, গতিশীলতা আৰু action। চিত্রধর্মী আংগিকৰ সীমাবদ্ধতা অতিক্রম কৰি কবিয়ে ইয়াত চলমান জগৎপ্রপঞ্চৰ চৰিত্ৰ ব্যক্ত কৰিছে। এই কুশলতা পিছলৈ ব্যৱহৃত হৈছে আন কিছুমান সার্থক কবিতাত:

হঠাৎ সেই আর্তনাদ আহি
গোট মাৰি ৰ’ল মোৰ হাতৰ মুঠিত
কিবা এটা তপত
কিবা অদ্ভুত কঠিন

** ** **

জোনটো ওলাই আহিছে।
কুণ্ডলী পকাই আকাশলৈ উঠিছে।
শিলবোৰৰ কণ্ঠস্বৰ
শিৱ শিল আৰু মানুহ

** ** **

দ্বিতীয় উদ্ধৃতিটোৰ নাটকীয়তা আৰু গতিশীলতা চিনেমাৰ মণ্টাজৰ দৰে- বিভিন্ন বা বিপৰীত ধর্মী চিত্ৰৰ সংঘাতময় সহাৱস্থান। বর্ণনাধর্মী চিত্র উচ্চতম পর্যায়ৰ কবিতাৰ সমল হ’ব নোৱাৰে। আনহাতে প্রকৃত চিত্রকল্প (image) বর্ণনা প্রধান নহয়, ব্যঞ্জনাপ্রধান। সেয়ে চিত্ৰৰ ওপৰত দিয়া গুৰুত্বই ৰোমান্তিক বা প্ৰচাৰধর্মী কবিতাৰ বাগাড়ম্বৰ সংযত কৰিবলৈ কবিৰ বাবে অনুশাসনৰ ভূমিকা ল’লেও শেহান্তৰত সি কবিৰ ওপৰত কেতবোৰ সীমাবদ্ধতা আৰোপ কৰে। সেয়ে কবিতাৰ ৰূপকধর্মী (metaphorical) আৰু বক্রোক্তিমূলক ভাষাৰ যথাযথ ব্যৱহাৰ একেবাৰে বৰ্জন কৰিব নোৱাৰি। সুখৰ বিষয় যে স্বেচ্ছাকৃত কৃচ্ছ্ৰ সাধনৰ পর্যায় পাৰ হৈ ফুকনে প্রয়োজন অনুসৰি সেই ভাষা ব্যৱহাৰ কৰিছে।

হাতত খোলা তৰোৱাল লৈ আহিবা
বেদনা যি তৰোৱালৰ ধাৰ

** ** **

নাঙঠা-ছোৱালীজনীৰ টোপনিৰ
কিবা এটা নাম তই —

** ** **

কেৱল ল’ৰা ছোৱালীবোৰে
চকুপানী মচি
জ্বলায় সন্ধ্যাৰ জোনাকী

মই ভাবোঁ এই বিৱৰ্তনত ‘ফুলি থকা সূর্যমুখী ফুলটোৰ ফালে’ নামৰ সংকলনখনৰ বিশেষ গুৰুত্ব আছে। সংকলনখনতে আমি পিতৃ-মাতৃ, শৈশৱৰ গাঁও, গঞা জীৱনৰ ৰীতি-নীতি, লোক-সাহিত্য, প্রবাদ-কিংবদন্তীৰ প্রতি ফুকনে প্রথম মুগ্ধ অথচ জিজ্ঞাসু দৃষ্টিৰে উভতি চোৱা দেখোঁ। এক স্থিৰ, স্বকীয় ব্যক্তিত্ব গঠনত সহায় কৰাৰ উপৰিও এইবোৰ উপাদানে গভীৰতৰ জীৱনসত্য উদঘাটনত কবিক সহায় কৰিছে। কাৰণ কবিৰ বাবে সত্য সদায় অনুভূতিৰ লগত জড়িত। পিছলৈ এই শ্ৰেণীৰ উপাদান ফুকনৰ বাবে এক অভ্যস্ত সমলত পৰিণত হৈছে। এই প্রবণতাই পিছলৈ স্পেইনৰ কবি ল’র্কাক আৱিষ্কাৰ কৰিবলৈ তেওঁক উদগণি দিছিল। আধুনিক আংগিকৰ লগত জনসংস্কৃতিৰ সমন্বয় ল’র্কাৰ কবিতাৰ এটা বৈশিষ্ট্য আছিল।

এইখন সংকলনতে এহাতে অসমৰ প্ৰকৃতিৰ মোহনীয় নিজা ৰূপ আৰু আনহাতে সৃষ্টিশীল বিদ্রোহী যৌৱনৰ প্রতি মমতাভৰা স্বীকৃতিয়ে ফুকনৰ আত্ম-আৱিষ্কাৰ বা আত্মনিৰ্মাণৰ সাধনাত বিশেষ ভূমিকা লৈছে। ‘তোমাৰ বাহুপাশত মূহুর্মুহু’– এই কেইটা শব্দৰে আৰম্ভ হোৱা কবিতাটোত প্ৰেমৰ বিজয় অভিযান আৰু বিদ্রোহী যৌৱনৰ অভিব্যক্তি ফুকনৰ কবিতাত বিৰল এক স্পন্দনময় ছন্দৰ জৰিয়তে একাকাৰ হৈ পৰিছে। প্ৰতিটো স্তৱক যেন বলিষ্ঠ গতিশীল অনুভূতিৰ এক তৰংগ। মুক্ত জীৱনৰ তেজস্বিতা, পৰিপূৰ্ণতা, ফলধাৰণ, প্রাচুর্য্য এপিনে বতাহত নাচি থকা শস্যৰ ঠোক আনপিনে আকাংক্ষা পূৰণৰ বাবে চিমিকাই উঠা কৃপাণৰ ৰূপত ফুটি উঠিছে। কবিতাটোৰ বক্তা ‘মই’ এন্ধাৰো নহয়, পোহৰো নহয়। আৰু এই ‘মই’ ‘তোমাৰ’ বাহুপাশত মুহূৰ্মুহু শিহৰিত। উত্তাল, সার্থক যৌন সংগমৰ উপমাৰ দ্বাৰা পৰিপূৰ্ণ জীৱনৰ উপলব্ধি ৰূপায়িত কৰা হৈছে। এই উপলব্ধি উইলিয়ম ব্লে’ইকৰ সফল কবিতাবোৰৰ দৰেই দ্বান্দ্বিক।

‘এই যেন প্রথম শুনিলোঁ’— শাৰীটোৰে আৰম্ভ হোৱা কবিতাটোত ‘তেজীমলা’ সাধুটোৰ মাজত অন্তর্লীন হৈ থকা মানুহৰ নিষ্ঠুৰতা আৰু অত্যাচাৰিত জনৰ দুখ-বেদনাৰ কৌটিকলীয়া উপলব্ধি আধুনিক মানসেৰে কবিয়ে পুনৰুজ্জীৱিত কৰিবলৈ বিচাৰিছে। নিজৰ চেতনাৰ সুপ্রাচীন উৎসলৈ যাত্ৰা কৰা কবিয়ে কাহিনীটোৱে ধৰি ৰখা গভীব দুখৰ হুমুনিয়াহত সঁহাৰি দিয়াই নহয়, শেষত তাৰ লগত নিজৰ একাত্মতা প্রকাশ কৰিছে।

: এই যেন প্রথম শুনিলোঁ
ইমান নিজান
“ক’ৰে নাৱৰীয়া তই…”

‘ইমান নিজান’ বোলোতেই শিয়ৰি উঠিছে এক হৃদয়বিদাৰি নিঃসংগতাৰ ভাব। তেজীমলাৰ দুখৰ কাহিনীত তেওঁ জড়িত কৰিছে ফাগুনৰ বনজুয়ে আধাপোৰা কৰা থেৰেজুৰ ছবি— দগ্ধ, ব্যর্থ যৌৱনৰ ভস্মই আধা পুতি পেলোৱা জীৱনৰ নিষ্পাপ সম্ভাৱনা। সাধু কথাৰ তেজীমলা চন্দ্ৰকুমাৰৰ মর্মস্পর্শী কবিতাটোৰ মাজেৰে প্ৰতিসাৰিত হৈ আহিছে। চন্দ্রকুমাৰে লিখিছিল

“উজায়ে আহিছে চ’ৰা নাৱেখনি…” উজাই অহা নাওখনে ফুল হৈ ফুলি থকা তেজীমলাৰ মনত আশা আৰু অভিমান সঞ্চাৰ কৰিছে কবিতাটোত। সেই সোঁৱৰণিক বিপৰীত ৰূপ দি গভীৰ আৰু নিবিড় হতাশা আৰু নিফুত হাহাকাৰ প্ৰকাশ কৰিছে ফুকনে:

ভটীয়াই গ’লগৈ চ’ৰা নাওখনি
ভটীয়াই গ’ল বেলি
তোমাৰ হেৰোৱা দুখত
কবিতাটোৰ শেষ স্তৱক অবিস্মৰণীয় :
এই যেন প্রথম শুনিলোঁ সেই মাত
ইমান নিজান
নিজৰে মাতত

‘নিজৰে মাতত’– বাক্যাংশটো দ্ব্যৰ্থবোধক। তাৰ এটা অৰ্থ হ’ব পাৰে এনেকুৱা যে অসহায় বেদনাৰ সেই উক্তি নিজৰ দুখতে মগ্ন। আন এটা অৰ্থ হ’ব পাৰে এয়ে যে নিজৰ মাততে সেই নিজান বিননিৰ প্রতিধ্বনি শুনিছে কবিয়ে। সংসাৰৰ গভীৰতম শোক আর্তি তেওঁৰ হৃদয়ত লীন হৈ গৈছে। তেওঁৰ কণ্ঠ সেই বেদনাৰ কণ্ঠস্বৰ হৈ পৰিছে।

এইখন সংকলনৰে এক উল্লেখযোগ্য কবিতা মাতৃবিয়োগৰ স্মৃতিবিজড়িত, “থৰ হৈ তেওঁ আমাৰ মুখলৈ চাই আছে….” পংক্তিৰে আৰম্ভ হোৱা কবিতা। অৱশ্যে ব্যক্তিগত শোক নহয়, মৃত্যুৰ এক পবিত্র অথচ বিষাদগম্ভীৰ বিশ্বজনীন অনুভূতি কবিতাটোৰ প্রাণ। মৃতকে এৰি থৈ যোৱা জীৱন্ত লোকসকলৰ বাবে মৃত্যুৰ স্বৰূপ কি, কবিতাটোত তাৰে আভাস দিয়া হৈছে। ব্যক্তিগত শোকৰ তীব্ৰতাৰ পৰা চেতনাক আঁতৰত ৰাখিবৰ বাবে প্ৰথমৰ পৰা শেষলৈকে কেতবোৰ নৈর্ব্যক্তিক চিত্র বা ঘটনাৰে কবিতাটো নিৰ্মাণ কৰা হৈছে।

প্রথম স্তৱকটোত নিঃস্পন্দ হৈ থকা মৃতদেহ যেন অনির্বচনীয় কিবা ভাষাৰে মুখৰ। মৃতদেহে যেন উৰি যোৱা বগলী আৰু সূৰ্য্যৰ পিনে চাই ৰোৱা সুৰ্য্যমুখী ফুলৰ পিনে দুহাত মেলি দিছে। এয়েই যেন “আমাৰ” প্রতি তেওঁৰ নিগূঢ় ইংগিত। অর্থাৎ মৃত্যুৱেই শেষ সত্য নহয়। বিচ্ছেদেই পৰিণতি নহয়। মৃত্যু জীৱন-নৈৰ এটি টৌহে মাথোন। নিখিল বিশ্বৰ নৃত্যত সি তাল মিলাইছে— যি নৃত্যত জীৱন আৰু আশাৰ ছন্দও আছে।

সেই ইংগিতৰ হেঁচাতেই “আমি” যেন মৃতকৰ প্ৰতি দেখুৱাইছোঁ এক বিৰল সন্মান। চাকি আৰু কলপাত, শুকুলা চন্দ্ৰতাপ, যেন সেই পবিত্ৰতাৰ আৰু ভক্তিৰ প্রতীক। তর্পণ আৰু সৎকাৰৰ গাম্ভীর্য্য।

শেষ স্তৱকত দেখা গৈছে যে ডাঙৰৰ এই ব্যস্তসমস্ত ভক্তিপূর্ণ আচাৰ, জীৱনৰ অন্তহীন প্রবাহৰ প্রতীক নবজন্মৰ প্রতিনিধি, ল’ৰা-ছোৱালীবোৰে বিস্ময়বিমূঢ় হৈ চাই আছে। যেন সিহঁতে দূৰণিৰ আগ্নেয়গিৰিৰ আভাসহে দেখিছে ডাঙৰৰ মুখত কিবা অচিন–অজান ভয় আৰু ৰহস্যাবৃত ভক্তিৰ ভাব সিহঁতৰ মুখত ফুটি উঠিছে। প্রশ্ন আৰু বিস্ময়, আতংক আৰু পূজাৰ ভাব একেলগে জাগ্রত হৈছে সিহঁতৰ মনত।

কবিতাটোৰ আৰম্ভণিত “আমাক” চাই আছে মৃতকে, শেষত চাই আছে ‘ল’ৰা-ছোৱালীৰ জাকে”‌। জীৱনৰ ধাৰাবাহিকতা আৰু আবহমান কালৰ পৰা চলি অহা ছন্দ কেইটামান শাৰীৰ মাজেদি মূৰ্ত কৰি তুলিছে কবিয়ে। লগে লগে জীয়াই থকা সকলৰ অভিজ্ঞতা আৰু দায়িত্ববোধ মৃত্যুৱে গাঢ়তৰ কৰি তোলাৰ ইংগিত দিছে। কবিতাটোৰ বাক্‌সংযম আৰু আবেগিক অনুশাসন মন কৰিবলগীয়া। শেষ বাক্যটোত (“পর্বতৰ ধূমায়িত গহ্বৰ আমাৰ মুখ”) বয়স্কসকলৰ নিৰুদ্ধ শোক আৰু বিষাদৰ অন্তর্মুখী বিস্ফোৰণে চাই থকা ল’ৰা-ছোৱালীৰ মনত জীৱনৰ অপাৰ ৰহস্যৰ ৰোমাঞ্চ জগাই তুলিছে। সিহঁত দীক্ষিত হৈছে এক অনির্বচীয় সত্যত।

জীৱন-মৃত্যুৰ আবহমান অন্তহীন ছন্দ ফুকনৰ এক নিবিড়তম আৰু ঘনিষ্ঠতম উপলব্ধি। মৃত্যুৰ দুৱাৰদলিত জন্ম, জন্মৰ সীমান্তত মৃত্যু। জীৱনৰ গভীৰতম মুহূর্তবোৰ সৃষ্টি আৰু ধ্বংসৰ দ্বৈত উপস্থিতিত ভৰপূৰ। সেয়ে ১১ নং কবিতাটোত চ’ত মাহৰ ৰাতিপুৱা যেন জন্ম-মৃত্যুৰ তেজেৰে ৰাঙলী। আকাশত সূর্যোদয়ৰ তৰংগ যেন ডিঙি ছিঙি মৰা কুকুৰাৰ ধৰফৰণি, মৰিশালিত গজা শিমলুৰ লঠঙা ডালত ফুল নহয়, থুপি থুপি জুই, আৰু শৰীৰৰ তেজৰ সোঁতত যেন প্রমত্ত বান। প্রকৃতি আৰু মানুহৰ তেজত সঞ্চাৰিত বসন্তৰ খবৰ কবিয়ে শুনিছে, লালকাল হৈ থকা অচেতন মানুহবোৰে শুনা নাই। কবিয়ে সেই খবৰ চিঞৰি তেওঁলোকক জনাব খোজে অধীৰ উন্মাদনাত। বাগাড়ম্বৰ বৰ্জন কৰি, প্ৰতিটো শব্দতে বিপুল অর্থবৈভৱ সঞ্চাৰ কৰি বসন্তৰ ৰূপ বলিষ্ঠ হাতেৰে খোদাই কৰিছে কবিয়ে।

এই বসন্ত কিন্তু কোনো পেনপেনীয়া ভাবপ্রবণ মনৰ সুকুমাৰ সৃষ্টি নহয়। ইয়াত নিহিত আছে সৃষ্টিৰ অনিবাৰ্য্য চৰ্ত এক অবাধ্য, দুর্দমনীয় জীৱনীশক্তি। সেয়ে ইয়াৰ ভাষাত কেৱল গাঢ়তা নহয়, অনুভৱ কৰিব পাৰি একধৰণৰ সৃষ্টিধর্মী violence। ফুকনৰ দৰে সমাজ সচেতন কবিৰ মনত সত্তৰৰ দশকে জগাই তোলা আশা-আকাংক্ষাৰ জোৱাৰ এনে ভাষাত অনুভৱ কৰিব পাৰি।

সেই বিপ্লৱী দশক কালৰ সাগৰত পুনৰ মাৰ গ’ল। কিন্তু কবিৰ মনত থৈ গ’ল খেদমিহলি শ্ৰদ্ধাৰ এক তেজোময় সোঁৱৰণি :

তেওঁলোক ক’লৈ গ’ল
পকা জামু জোপাৰ তলত থিয় দি আছিল
একোপাট উজ্জ্বল বর্শা
তেওঁলোক ক’লৈ গ’ল
ডেকা-গাভৰুহঁতৰ টোপনি-ভঙা ৰাতি দুপৰত
তেওঁলোক ৰণাঙ্গনৰ গান

কবিয়ে অৱশ্যে পাহৰা নাই এই বিদায়ৰ মাজত এক ভয়ংকৰ উপাদানৰ কথা ।

গা ধুইছেগৈ নেকি তেওঁলোকে
পানী ৰঙা কৰি কোনোবা নৈৰ

এই বীৰোচিত (heroic) সুৰ ফুকনৰ কবিতাত তাৰ পিছত বহুকাল ধ্বনিত হোৱা নাছিল। বৰং তেওঁৰ কপালত আছিল সেই বলিষ্ঠতাৰ বহু নৃশংস, বীভৎস বিকাৰ প্রত্যক্ষ কৰাৰ মর্মান্তিক উপলক্ষ। কিন্তু তেওঁৰ ব্যক্তিগত জীৱনৰ বহু সতর্কতা আৰু সংকোচেও তেওঁক এই সত্যৰ পৰা নির্বাসিত কৰা নাই যে প্রেম আৰু সৃষ্টিৰ বাবে “জুয়ে পোৰা ভৈয়ামৰ পোতাশাল ভাঙিবলৈ যি তৰোৱাল লাগে “বেদনা (সেই) তৰোৱালৰ ধাৰ।”

ইয়াৰ পিছত ‘কাঁইট গোলাপ আৰু কাঁইট’ সংকলনখনত শব্দবিন্যাসৰ নতুন পৰীক্ষা-নিৰীক্ষা প্ৰচুৰ। সেইবোৰ সদায় সার্থক নহ’লেও কেতিয়াবা অপৰূপ ঐন্দ্রজালিক অর্থবৈভৱত দীপ্তিমান। ব্যাকৰণ আৰু অন্বয়ৰ সাধাৰণ নিয়ম নাকচ কৰি কবিয়ে কিছুমান বাক্যাংশত অনুভূতি আৰু ভাবৰ অভিনৱ ভাবোদ্দীপক সংমিশ্রণ সৃষ্টি কৰিছে। যেনে এই সংকলনৰ পৰা নির্বাচিত প্রথম কবিতাটোত

“কিন্‌ কিন্‌ হেঙুলীয়াৰ মাজত
হঠাৎ উধাও
মোৰ তই সৰু চৰাই…”

“কিন্‌কিন্‌”কৈ বৰষুণ দিয়ে। হেঙুল ৰং হৈছে ৰ’দৰ আৰু পকা ধানৰ ৰং। তেনে বৰষুণ আৰু ৰ’দ দুয়োটা ধান গজা আৰু পকাৰ বতৰ। হয়তো ৰ’দ-বৰষুণৰ মিহলি বতৰৰ কথাকে কবিয়ে ভাবিছে। কিন্তু তাৰ মাজত অনুৰণিত হৈছে উর্বৰতা, শস্য, সৃষ্টিৰ ব্যঞ্জনা। সেই ব্যঞ্জনা পিছলৈ পুনৰাবৃত্ত হৈছে নির্ভাবনাৰ মাজত নিদ্রিত শিশুৰ নিষ্পাপ মুখ আৰু গছ-লতাৰ মাজত ভুমুকি মৰা ফুলকলিত

নাঙঠা ছোৱালীজনীৰ টোপনিৰ
কিবা এটা নাম তই-
কাৰ হাতত পেলাৱ কলি

কিন্তু উর্বৰতা আৰু প্ৰাচুৰ্য্যৰ দূত এই ‘সৰু চৰাই’টোৰ বতৰা সদায় নফলিয়ায়। তাৰ অদম্য আশাও বাস্তৱ পৰিস্থিতিত কেতিয়াবা প্ৰবঞ্চিত হয়। গভীৰ মমতাভৰা বেদনাৰে কবিয়ে তাক সঁকিয়াই দিছে:

ধান এইবাৰো নপকিল
তোৰহে চকুৰ পতাত ৰং

“কিন্ কিন্ হেঙুলীয়া”ৰ মাজত বিলীন হৈ যোৱা সৰু চৰাইটোৱে ৰঙৰ সপোন দেখিবই। কিন্তু বাস্তৱ জগৎ কেতিয়াবা নির্মম। কিন্তু কবিয়ে সৰু চৰাইটোৰ প্ৰতি আস্থা হেৰুৱা নাই। সৰু চৰাইৰ হেঙুলবুলীয়া চকুতহে আছে মহাকালৰ ডেউকাৰ জিলিকনি :

তইহে জানিলিহেঁতেন
এতিয়ানো কি ঋতু
মোৰ তই সৰু চৰাই
সাত সমুদ্রত শঙ্খ
বাজিছে নে নাই

শব্দ সংকোচনে ইয়াত চৰম মাত্রা পাইছে। “তইহে জানিলিহেঁতেন”– এই বাক্যৰ “জানিলিহেঁতেন” ক্ৰিয়াৰ কৰ্ম “এতিয়ানো কি ঋতু”ৰ লগতে “সাত সমুদ্রৰ শঙ্খ বাজিছে নে নাই” এই বাক্য দুটা। শেষ দুটা পংক্তিত ভাবৰ পৰিসৰ আচম্বিতে বিপুলভাৱে প্ৰসাৰিত হৈ বিশ্বভুবন আঁকোৱালি লৈছে। “সৰু চৰাই”ৰ লগত “সাত সমুদ্র”ৰ যোগাযোগ নাটকীয় আৰু অৰ্থঘন।

মোৰ ধাৰণা বৈপ্লৱিক সৃষ্টিশীল শক্তিৰ আপাত দুর্বলতা আৰু নিৰীহতাৰ লগত ভুৱনবিজয়ী ক্ষমতা প্রয়োগ কৰি, তাৰ অজেয় আশাৰ লগত অসীম ধৈৰ্য্য মিহলাই, কবিয়ে বিপ্লৱ সম্পর্কেই এটা উক্তি কৰিছে। সম্ভবতঃ সত্তৰৰ দশকৰ বিফলতা আৰু বিৰতিৰ পিছত কবিয়ে এনেকৈয়ে তাৰ ভূমিকা সংজ্ঞায়িত কৰিছে।

চৰম বাক্‌সংযমৰ উপৰিও কবিতাটোৰ বৈশিষ্ট্য অসমীয়া লোক সংস্কৃতিৰ ল’ৰা ওমলোৱা গীত আৰু নিচুকনি গীতৰ পৰা সংগ্ৰহ কৰা সহজ গীতিময় বাক্‌ভংগী। হয়তো জ্যোতিপ্ৰসাদৰ ‘ৰূপালীম’ নাটৰ গীতটোও কবিৰ মনত ৰিণিকি ৰিণিকি বাজিছিল:

জিলিকা পাখিৰে অ’ অ’ অ’
অ’ সোণ ম’ৰা চৰাই…..

জ্যোতিপ্রসাদো একেটা উৎসৰ ওচৰত ধৰুৱা। লোক-কৃষ্টিৰ প্ৰতি কবিৰ এই আগ্ৰহ আৰু আস্থাই পিছত ‘লোককল্পদৃষ্টি’ৰ অধ্যয়নত গদ্যৰূপ লৈছিল। উদ্ধৃত কবিতাত সি তেওঁৰ নিভাঁজ জাতীয় চেতনা- যি উগ্রজাতীয়তাবাদী নিষ্ঠুৰতাৰ পৰা মুক্ত, যি জাতিক বিশ্বৰ প্রাণৰ লগতো একাত্ম কৰে, যি বিপ্লৱক এক স্বাভাৱিক সম্ভাৱনা বুলি গণ্য কৰে- মূৰ্ত্ত কৰি তুলিছে। প্রথমে পংক্তিটো কোমল আৰু সুৱদি, শেষ পংক্তিটোত ধ্বনিত হৈছে ৰণশিঙাৰ দৰে নিনাদ। দুয়োটাৰ অবিচ্ছেদ্য মিলনেই জীৱনৰ আৰু বিপ্লৱৰ ৰহস্য।

৬নং কবিতাটোত কবিয়ে অসম মাতৃৰ প্রতি নিবেদন কৰিছে তেওঁৰ মুগ্ধ অন্তৰৰ নৈবেদ্য। অসমৰ শ্যামল প্রকৃতি, উর্বৰ পথাৰ, আৰু বৰষুণত গা ধুই অহা ৰোৱনী-দাৱনীৰ চেহেৰাত ফুটি উঠিছে ফুকনৰ মৰমৰ অসমী আই— সৌন্দৰ্য্য আৰু মমতাৰ এক ঐশ্বৰ্য্যময়ী অবিনশ্বৰ প্ৰতিমূৰ্ত্তি। ইয়াতো থলুৱা ভাষা আৰু দেশপ্ৰেমৰ আবেগে এক অপৰূপ গৰিমা অর্জন কৰিছে।

কিন্তু মহিয়সী মাতৃমূৰ্ত্তিৰ মোহত ফুকন আচ্ছন্ন হৈ থকা নাই। কৰ্কট ৰোগত জীয়াতু ভুগি ইহজীৱনৰ পৰা বিদায় লোৱা তেওঁৰ মাকৰ স্মৃতিয়ে ৯নং কবিতাটোত এক বেলেগ অনুভূতিৰ শিহৰণ জগাই তুলিছে। জীৱন সংগ্ৰামৰ অনিবাৰ্য কষ্ট, যন্ত্রণা আৰু বিভীষিকাই সংবেদনশীল কবিৰ হৃদয় মুচৰি এক অসহনীয় ব্যথাৰ উদ্রেক কৰিছে। ৰাতিৰ এন্ধাৰত যেন কবিৰ শেতেলীৰ কাষত থিয় হৈছে কবিৰ স্বৰ্গগতা মাতৃৰ ছাঁয়ামূৰ্ত্তি। তাত স্নেহ-মমতাতকৈ প্রবল হৈছে ভয়াবহ যন্ত্রণাৰ নিঃশব্দ আর্তনাদ :

আকাশখনে ধপ্‌ধপায় চাকিটো খেপিয়াওঁ
হঠাৎ সোঁ শৰীৰে দেখোন
মা

ভয়, যন্ত্রণা আৰু বিবুধি অৱস্থা স্বল্পভাষী কিন্তু নাটকীয় বাক্‌ভংগীৰে ইয়াত প্রকাশ কৰা হৈছে। সম্পূর্ণ মূৰ্ত্ত ভাষাৰে, ক্রিয়াৰ (action) চিত্ৰকল্পৰে। “আকাশখনে ধপধপায়” বোলোঁতে কবিৰ কলিজাৰ ধপধপনি সমগ্ৰ পৰিৱেশত প্রতিধ্বনিত হোৱা যেন লাগে। তাৰ ঠিক পিছতে খপ্‌জপাই এন্ধাৰত চাকিটো খেপিয়াই ফুৰা চিত্রকল্পই ত্রাস আৰু উৎকণ্ঠা জীৱন্তভাৱে প্রকাশ কৰে। তাৰ পিছতহে সেই উৎকণ্ঠা, ত্ৰাস আৰু যন্ত্রণাৰ কাৰণ নির্দেশ কৰা হৈছে।

পিছৰ স্তৱকটোত বিভীষিকা আৰু বেদনাৰ আবেগ অধিক তীব্র হৈ পৰিছে:

চকুত চাকিটো মুখত তেজ
চিয়ঁৰি দিওঁ
জন্‌জনাই যায় কাঁহৰ বাতিত মোৰ
হালধিবটা ৰাতি

কবিৰ চিঞৰ যেন দুঃস্বপ্নৰ মাজত কাঁহৰ বাতিৰ দৰে ৰাতিৰ নিস্তব্ধতা কঁপাই ৰজন্‌জনাই যায়। এই চিত্রকল্পই কবিৰ স্নায়বিক উত্তেজনা, বিসদৃশ (dissonant) সংঘাতময় মানসিক অৱস্থা, ভয়ত উচপ খাই উঠা অথিৰ-অবিৰ ভাৱ একে সময়তে প্ৰকাশ কৰিছে।

কিন্তু এই প্রলয়সদৃশ মানসিক বিপর্যয়ৰ পিছ মুহূৰ্ত্ততে কবিতাটোত ঘূৰি আহিছে স্বাভাৱিক জীৱনৰ নিষ্পাপ নিৰাপত্তা আৰু নির্ভয় শান্তিৰ সংকেত। ফেঁহুজালিৰ চিত্ৰকল্প অসমৰ মৌখিক সাহিত্যতে ৰাতিপুৱাৰ সংকেত। দুর্যোগৰ, বিভীষিকাৰ ৰাতিৰো অৱসান হয়। কবিৰ চেতনাত নির্ভয়ে টোপনি যোৱা জীৱন্ত মানুহৰ মুখ পুৱাৰ কাহিলি-কাহিলি পোহৰত উদ্ভাসিত হৈ উঠে :

ক’ৰবাত ফেঁহুটোৱে মতা যেন শুনো
টোপনিত লালকাল কাৰোবাৰ মুখত চাগে
এতিয়া ৰাতি পুৱাল

কবিতাটো এটা বিশেষ অভিজ্ঞতাৰ নিবিড় প্রতিৰূপেই নহয়— তাৰ মাজেদি প্ৰকাশ পাইছে কবিৰ এক ঘনিষ্ঠতম প্রাথমিক অনুভূতি তথা বিশ্বাস। মৃত্যু, বিচ্ছেদ, যন্ত্রণা সত্য, কিন্তু তাৰ অন্তৰালত আছে জন্ম আৰু সৃষ্টিৰ (“জন্মৰ আজি আকাশ ৰঙা”) আবহমান অপ্রতিৰোধ্য প্রবাহ।

মৃত্যুৰ অন্য এক অভিজ্ঞতা তথা perception ১২ নং কবিতাত (“হঠাৎ সেই আর্তনাদ আহি…”) ধৰা পৰিছে, আৰু তাতে দেখোঁ ফুকনৰ সেই প্রাথমিক বিশ্বাস বা উপলব্ধিৰ জিলিঙনি। কল বেচি ফুৰা এজন ফেৰিৱালা ফুকনৰ চকুৰ আগতে এক ভয়ানক পথদুর্ঘটনাত নিহত হৈছিল। সেই ঘটনাই ভূতে পোৱা মানুহৰ দৰে তেওঁক বহুদিন অশান্ত কৰি ৰাখিছিল। কিন্তু কবিতাৰ মাধ্যমত সি এক নৈর্ব্যক্তিক বোধলৈ উত্তীৰ্ণ হৈছে। নিহত মানুহজনৰ প্রতি অনুকম্পা বা তেওঁৰ বাবে শোক কবিতাটোত প্রকাশ পোৱা নাই। বৰং বিভৎস, বিভীষিকাময় এক অপঘাত মৃত্যুৱে কবিৰ অন্তৰাত্মা কঁপাই মৃত্যুমুখী জীৱনৰ অসহায়তা সঁকিয়াই দিছে। সেই উপলব্ধিয়ে প্রায় শাৰীৰিক প্ৰতিক্ৰিয়াৰ ৰূপ লৈছে:

হঠাৎ সেই আর্তনাদ আহি
গোট মাৰি ৰ’ল মোৰ হাতৰ মুঠিত
কিবা এটা তপত
কিবা অদ্ভুত কঠিন

ভয় আৰু বেদনাৰ সেই অন্তিম চিঞৰ শুনি কবিৰ হাতৰ মুঠি আপোনা আপুনি বন্ধ হৈ যায়। সেই হাতৰ মুঠিত যেন জীৱনৰ উষ্ণ, কোমল, কপৌ চৰাইৰ দৰে নিমজ স্বৰূপ ধাতুপিণ্ডৰ দৰে গোট মাৰে। এই চিত্রকল্পৰ মাজত গা জিকাৰ খুৱাই দিয়া অপঘাত মৃত্যুৰ আকস্মিক আৰু অস্বাভাৱিকতাই ভাষা বিচাৰি পাইছে। তাৰ পিছত সেই শিহৰণৰ কাৰণ নির্দেশ কৰা হৈছে:

পৰি ৰ’ল এডোঙা তেজ
এপাচি সেন্দুৰীয়া কল

তাৰ পিছত সেই তীব্রতমভাৱে কৰুণ অথচ হিংস্র ঘটনাৰ প্রতি কবিৰ প্রতিক্রিয়া:

চিহ্নিত কৰি গ’লোঁ মোৰ পথ
উদ্ভ্ৰান্ত এডাল যাঠিৰে

এই চিত্রকল্পও জটিল। প্রথমতে যাঠিৰ খোচৰ দৰে কবিৰ চেতনা এই আঘাতত শৰবিদ্ধ। কবি ঘটনাস্থলীৰ পৰা এডাল কাঁড় বা যাঠিৰ দৰে আঁতৰি আহিছে। কিন্তু যাঠিডাল যেন লক্ষ্যহীন, উদ্ৰান্ত। অর্থাৎ তেওঁ দ্রুতবেগে কিন্তু দিশহাৰা অৱস্থাত ঘটনাস্থল ত্যাগ কৰিছে। সেই অৱস্থাত তেওঁৰ মনলৈ আহিছে জীৱনৰ মাধুৰ্য্যৰ চকামকা ছবি:

চোৱা চোৱা গছবোৰে কেনেকৈ
আলিঙ্গন কৰে সূর্যক

গছ-গছনিত জিলিকা সুর্যৰ ৰঙে আকৌ মনত পেলাইছে দুর্ঘটনাৰ কথা:

প্রতিটো মুহূর্তই এডোঙা তেজ
প্রতিটো মুহূর্তই এপাচি সেন্দুৰীয়া কল

সূৰ্য্য জীৱনৰ প্রতীক। অকাল মৃত্যুৰ বিভীষিকা এনেকৈ মাৰ গৈছে জীৱন প্ৰবাহৰ নিৰবচ্ছিন্ন আশ্বাস অৰু সান্ত্বনাত। সেয়ে শেষৰ পিনে কিছু শান্ত, নির্লিপ্ত কণ্ঠে কবিয়ে বিপদ জিনি, মৃত্যু জিনি জপিয়াই উঠা দুৰন্ত জীৱনৰ ইংগিত দিব পাৰিছে:

ঘোঁৰাটো কি দুৰন্ত
জপিয়াই উঠে নদী দুপাৰত

অনুভূতিৰ তীব্রতা অস্বীকাৰ কৰিব নোৱাৰিলেও কবিতাটোত মৃত্যুবিজয়ী জীৱনৰ আবিৰ্ভাৱ কিছু পৰিমাণে আকস্মিক আৰু কৃত্রিম যেন লাগে। চিত্ৰৰ মাজেৰে ‘কাহিনী’ ৰচনাৰ চেষ্টাও যথার্থ সূত্ৰৰ অভাৱত ত্রুটিপূর্ণ হৈছে। এই ধৰণৰ আংগিকৰ অসম্পূর্ণতা পিছলৈ ফুকনেও উপলব্ধি কৰিছে। চিত্ৰকল্পৰ বৈচিত্র্য আৰু অভিনবত্ব সত্বেও অনুভূতিসমূহ যদি একেসুৰীয়া হৈ পৰে, সেইবোৰৰ মাজেদি যদি জীৱনৰ বিভিন্ন বোধৰ সংযোগ সাধিত নহয়, তেনেহ’লে বিচক্ষণ ৰসিকক সি স্থায়ী তৃপ্তি দিব নোৱাৰে। “নৃত্যৰতা পৃথিৱী” এইবোৰ ত্ৰুটিৰ পৰা মুক্ত।

৮ নং কবিতাত জীৱন আৰু মৃত্যুৰ মাজত সেতুবন্ধন কৰা শক্তি এটাৰ স্বৰূপ উন্মোচিত হৈছে। কেইবাটাও কবিতাৰ দৰে কেতবোৰ লক্ষণ, প্রতিক্রিয়া, ঘটনা আগতে উল্লেখ কৰি নাটকীয় ঔৎসুক্য সৃষ্টি কৰি উঠি শেষত তাৰ কাৰণ নির্দেশ কৰা হৈছে। ইয়াত তেনে ঘটনাৱলীৰ উৎস তথা নায়ক হৈছে “নগা শইকীয়া ভোটাই ডেকা”‌। বুৰঞ্জীপ্ৰসিদ্ধ এই ডেকাজনে নিজৰ জীৱন আগ কৰি দেশক ভয়ংকৰ ঘৰশত্ৰুৰ পৰা উদ্ধাৰ কৰিছিল। বিনিময়ত ৰজাঘৰে ছলনা কৰি তেওঁৰে প্ৰাণ লৈছিল। ভোটাই সৎ, দেশপ্রেমিক জনগণৰ প্রতিনিধি আৰু শ্বহিদ।

কবিতাটোৰ আৰম্ভণিত দেশজুৰি অমংগলৰ হাহাকাৰ। মাজৰ স্তৱকত অশান্তিৰ অনিদ্রাই দহি থকা কবিয়ে অনুভৱ কৰিছে যেন ৰাতিৰ আকাশৰ তৰাবোৰ ক্ৰুৰ চকুৰ অসংখ্য শেন চৰাই: সিহঁতে যেন কবিৰ বুকুলৈ ঠোঁট মেলি নামি আহিব খোজে। সর্বগ্রাসী ত্রাস আৰু উৎকণ্ঠাৰ মাজত :

মাজৰাতিখন কোনে ৰিঙিয়ায়
বৰকাঁহত কোবায়
সাৰে আছনেহঁত
আছনেহঁত সাৰে অ’
মেটেকা ফুলৰ তলৰপৰা মই হে
তহঁতৰ ভোটাই

এই দৃশ্যাৱলী স্বপ্ন প্রায়, যেন দেওধায়ে দূৰসন্ধানী দৃষ্টিৰে দেখা ছঁয়াময়া ঘটনা। স্বপ্নদৃষ্ট ঘটনাৰ দৰে প্ৰবল নিৰুদ্ধ আবেগত কম্পমান। বৰাহৰ ৰোমহর্ষক জন্‌জননিৰ মাজত মেটেকাৰ তলত পুতি থোৱা ভোটায়ে ৰাইজক আহ্বান দিছে। ৰাইজৰ হকে প্রাণ দিয়া ভোটায়ে। সেই ভোটায়েহে নতুন স্বৈৰতন্ত্রী শাসকৰ কবলৰ পৰা জনগণৰ মুক্তিৰ আকাংক্ষা প্রতিধ্বনিত কৰিছে।

এই কবিতাতো জীৱন-মৃত্যুৰ ঘনিষ্ঠতাৰ এক ভৌতিক উপলব্ধি দেখা যায়। কিন্তু কবিয়ে ইয়াত মেটাফিজিকেল দৃষ্টিভংগীৰ পৰা বাস্তৱ ইতিহাসৰ পিনে আগুৱাই আহিছে।

আৰু এক মন কৰিবলগীয়া কথা কথ্যভাষা আৰু লোকাচাৰৰ লগত কবিতাটোৰ ভাষাৰ ঘনিষ্ঠতা। ভোটাইৰ স্মৃতিৰ লগত জড়িত জনগণৰ সাহ-পিট আৰু দেশভক্তিৰ ঐতিহ্য সেয়ে ইয়াত আচহুৱা যেন লগা নাই।

ইয়াৰ পৰৱৰ্তী সংকলনখনত জন্মভূমিৰ ঐতিহ্য, সমাজ, বর্তমান আৰু ভৱিষ্যতৰ লগত আৰু নিবিড়ভাৱে কবিৰ প্ৰাণ জড়িত হৈছে। বর্তমানৰ উৎকট মানৱীয় সমস্যাবোৰ আৰু গভীৰ আকুতিৰে কবিয়ে অনুধাৱন কৰিছে। ঘনীভূত চিত্রকল্পতে কবিতাৰ বক্তব্য কেন্দ্রীভূত কৰি নথৈ কবিয়ে কবিতাবোৰত উপলব্ধিৰ বিভিন্ন পর্যায় আৰু দিশ সংগঠিত কৰিছে কিছু দীঘলীয়া কবিতাত। বাক্‌ভংগীতো কিছু পৰিমাণে বিৱৰণমূলক (narrative) উপাদান আহি পৰিছে।

“কবিতা” সংকলনত সন্নিবিষ্ট ২ নং কবিতাটোত কবিৰ নিভাঁজ আৰু পবিত্র দেশপ্রেমে আকুল, কাতৰ অতীত মোহৰ (nostalgia) ৰূপ লৈছে। কবিৰ জন্মস্থান ইয়াত:

মোক পোৰা ঘাট মই জীয়া মাটি
কিন্তু স্নেহ-মমতাৰে সজীৱ সেই মাটি তেওঁ এতিয়া আৰু দেখা নাপায়:
এজাক কাউৰী আহি দুচকু ধৰে ছানি

সেই নিশ্চিন্ত আশ্রয় (বিভূতিভূষণৰ ‘নিশ্চিন্দিপুৰ’ৰ যুৰীয়া) লুপ্ত হৈ গৈছে এক ক্ষয়ংকৰ, অপ্রতিৰোধ্য গড়া খহনীয়াত:

চপৰাচপৰে খহে প্রাণ পানীত

আৰু এই খহনীয়াত হেৰাই যাব খোজে তেওঁৰ আত্ম পৰিচয়:

ক’ত আছোঁ মই

যি পটভূমিৰ পৰা তেওঁৰ প্রাণে প্রাণৰস আহৰণ কৰিছিল তেওঁ তাক শিৰত থাপনা পাতি থ’ব খোজে।

কবিতাটোৰ লিৰিকেল আবেগ-অনুভূতি নিভাঁজ হ’লেও সি তেওঁৰ পৰিপক্ক মনৰ বলিষ্ঠতা প্রকাশ কৰা নাই। ৩ নং কবিতাত বানপানীয়ে নিঠৰুৱা কৰা এজনী পাগলী এসময়ত যি হয়তো এখন সুখী সংসাৰৰ পত্নী আৰু মাতৃ আছিল অসম তথা অসমৰ দুৰ্ভগীয়া জনতাৰ প্রতিনিধিৰূপে আবির্ভূত হৈছে। কবিতাটোৰ প্ৰতিটো বাক্যতে গভীৰ অনুকম্পা আৰু মমতা ফুটি উঠিছে। বানপানীৰ কৰাল মূৰ্ত্তি আৰু তাণ্ডৱো মিতভাষী, ইংগিত পূর্ণ বাক্যৰে অবিস্মৰণীয়ভাৱে ফুটাই তোলা হৈছে:

ঘৰত সোঁত
বাটত সোঁত
সোঁতৰ কি ঘিলাবৰণীয়া পানী

ল’ৰা-ছোৱালীবোৰে পাগলীক দেখি কৰা নিষ্ঠুৰ হাই-উৰুমিৰ লগত উন্মাদিনীৰ মনত একাকাৰ হৈছে বানপানী অনা মেঘৰ গাঁজনি। কবিৰ মনৰ প্রবল অনুকম্পা অৱশেষত সংগ্রামী আহ্বানত পৰিণত হৈছে। পাগলী নিজেই বান্ধভঙা পানীৰ সোঁত হৈ পৰিছে:

সোঁতৰ মুখত এবাৰ উট
হেৰ’ কল্লোলিনী

দুর্গতা, নির্যাতিতা তিৰোতাগৰাকীৰ অন্তৰত সুপ্ত হৈ আছে অসীম শক্তি, সম্ভাৱনা:

কপালতে তোৰ লুকাই আছে
পুৱা গধুলিৰ বেলি

মন কৰিবলগীয়া কথা এয়ে যে কবিয়ে “পাগলী” নুবুলি “উন্মাদিনী”হে বুলিছে। সেই শব্দটোৰ লগত জড়িত আছে কংস বধৰ বাবে গকুলত ডাঙৰ-দীঘল হোৱা কৃষ্ণৰ প্রণয়িনী ৰাধাৰ অনুষংগ। সেয়ে হুঁচৰিৰ (কৃষ্ণাইৰ মূৰৰে/বকুল ফুল এপাহি/নিয়ৰ পাই মুকলি হ’ল) সংস্পৰ্শত উন্মাদিনীৰ চকুলো পৰিণত হৈছে কৃষ্ণজন্মৰ সংকেতত:

বকুলে মেলক পাহি
কৃষ্ণ উপজিব আজি ৰাতি

প্রচাৰ গন্ধী ভাষাৰ ঠাইত ইংগিতেৰে প্ৰকাশ কৰা বাবে কবিৰ সমাজমুখী বিবেক আৰু সংগ্রামী ক্ষোভ আৰু অনুকম্পাই কবিতাটোত এক সৰস, সজীৱ ৰূপ ল’ব পাৰিছে। ইয়াত যদি fantasyৰ উপাদান আছে, সি সম্পূর্ণ বাস্তৱসন্মত।

অত্যানুপ্রাসৰ ঠাঁচত বান্ধি পেলোৱা শাৰীবোৰে পুনৰ প্ৰমাণ কৰে যে ফুকনৰ অন্যান্য সার্থক কবিতাবোৰৰ দৰে এই কবিতাটোৰৰ গাঁঠনি নিটোল আৰু মজবুত। অলাগতিয়াল বাক্য বা শব্দ ইয়াত এটাও নাই।

জনতাৰ প্ৰতি কবিৰ গভীৰ আত্মীয়তাবোধৰ আন এটি নিদর্শন ৮ নং কবিতাটো। কবিতাটো এক দৰদভৰা সম্ভাষণৰ (address) ঠাঁচত সজোৱা। প্রশ্নৰ আকাৰত দিয়া বাক্যবোৰ আচলতে এলানি বর্ণনাহে, কিন্তু প্রশ্নৰ বাক্যৰীতিয়ে কবিৰ আকুল জিজ্ঞাসা আৰু উদ্বেগ মূৰ্ত কৰি তুলিছে

মানুহটো বাৰু তোৰ
আহিল নে ঘূৰি
মাজৰাতি বেৰৰ জলঙাৰে
সোমায় নে নদী

দুখুনী তিৰোতাজনীৰ চিত্র ফুকনে তাইৰ জীৱনৰ খুটিনাটিৰে মর্মস্পর্শীভাৱে আঁকিছে, আৰু প্ৰতিটো খুটিনাটি তাইৰ অভাৱজর্জৰ, নিপীড়িত, দুৰ্ভগীয়া জীৱনৰ হাহাকাৰৰ দৰে বাঙ্ময় হৈ উঠিছে:

বাই তোৰ আখলৰ লাওৰ খোলাত
সাঁচ দিন
উজাগৰ দুচকুৰে জ্বলাৱ
পদূলিৰ কাঞ্চন গছৰ আন্ধাৰ

অসমৰ জনসংস্কৃতিত লাওৰ খোলা চৰম দাৰিদ্ৰৰ চিন। মাটিৰ চৰুহাঁড়িও কিনিব নোৱৰা মানুহৰ সম্বল। সেই লাওৰ খোলাতে কবিয়ে দেখা তিৰোতাজনীয়ে সাঁচি থয় অতীত দিনৰ স্মৃতি। অভাৱ-দুৰ্ভাৱনাত জ্বলা চকুৰে তাই জ্বলায় কাঞ্চন গছে ডাঠ কৰি পেলোৱা এন্ধাৰ ৰাতিৰ চাকি।

অসমৰ দাৰিদ্রপীড়িত জনসাধাৰণৰ প্রতি এই আত্মীয়তা আৰু মমতা লোকশিল্পী দুর্গাৰাম বৰাগীৰ সোঁৱৰণত লিখা ১১ নং কবিতাত এক শোকা কিন্তু সংযত ক্রন্দনৰ দৰে উতৰোল হৈ আছে। (‘ৰূপবর্ণবাক’ প্রভৃতি গ্ৰন্থত ফুকনে জনগণৰ মাজত থকা এইসকল শিল্পীৰ প্ৰতি তেওঁৰ দায়িত্ববোধ আৰু শ্রদ্ধা প্রকাশ কৰিছে)। কবিতাটোৰ শাৰীবোৰ চুটি চুটি— তাৰ ছন্দ আৰু লয়ে যেন কবিতাত বীণ বা টোকাৰীৰ ছন্দ অনুকৰণ কৰিছে। বৰাগীৰ বীণৰ মাত আৰু সুৰ যেন অসমৰ গাঁও-ভূঁইৰ বুকু ফালি, অসমৰ প্রকৃতি আৰু মানুহৰ অন্তৰ উজাৰি অহা এটি ৰাগিণী— যি কবিৰ প্ৰাণত তোলে এক অমৰ সঁহাৰি:

দুপৰে আবেলিয়ে
জানে-জুৰিয়ে
জুয়ে-বতাহে
কাঁইটে-বননিয়ে
হুমুনিয়াই
সুহুৰিয়াই
কিৰিলীয়াই
প্রাণে মোৰ প্ৰাণত
কি যাচে

এই বীণ কিন্তু ভগা বীণ, আৰু তাৰ অনিবাৰ্য অনুষংগ হৈছে গাঁওভূঁইৰ মুখ মলিয়ন কৰা অভাৱ আৰু কষ্ট:

পোহৰাই সউবোৰ মৰা মুখ
জীয়া মুখ
আধামৰা মুখ
গাঁওভূঁই
পাৰঘাট

বীণৰ সুৰত নিফুটে বাজিছে মানুহৰ মন আৰু আত্মা, ইহকাল আৰু পৰকাল পৰশি যোৱা সাতামপুৰুষীয়া সংস্কৃতি:

ইপুৰীৰ মাত
সিপুৰীৰ মাত
মাত বীণ মাত…

অভাৱ, কষ্ট, সংগ্রাম, বেদনাৰ মাটিৰ পৰা গজি উঠিছে এই জন সংস্কৃতি যেন এজোপা ভূঁইচপা ফুল। কবিয়ে সেই সংস্কৃতিৰ লগত অনুভৱ কৰিছে এক নিবিড় একাত্মতা। তেওঁৰ আধুনিক কবিতাৰ ভাষাও সেই ভগা বীণৰ সুৰৰ দৰে অসমৰ মাটিত ফুলা ফুল, তাৰ কাব্যগুণ অসমৰ মাটি আৰু জীৱনৰ সুঘ্রাণ:

পোত গৈ আছোঁ ময়ো এই
মাটিতে
তয়ো মোক বিচাৰি পাৱ
তাতে
ভৰিৰ তলুৱাত মাটি
বুকুৰ হাড়ত মাটি
শিৰত মাটি
আন্ধাৰে জোনাকে
ৰ’দে বৰষুণে
য’ত ভূঁইচঁপা ফুলে

কবিৰ এই আনুগত্য স্বীকাৰ তেওঁৰ কাব্য-জীৱনৰ এক তাৎপর্যপূর্ণ ঘটনা।

ফুকনৰ কবি জীৱনত এই সময়ত দুটা পৰস্পৰবিৰোধী চিন্তাধাৰা আৰু দৃষ্টিভংগীৰ সহাৱস্থান আৰু সংঘাত চলি আছিল। এহাতে তেওঁ প্রতীকবাদী পদ্ধতিৰে জীৱনৰহস্যৰ গভীৰম সত্যত আলোকপাত কৰিবলৈ তথা অর্থৰ অলৌকিক মায়া আৰু বর্ণবহুল ব্যঞ্জনা ৰচনা কৰিবলৈ প্রলুব্ধ হৈছিল। আনহাতে বিপ্লৱী বামপন্থী কর্মী আৰু কবিসকলে ঘনাই তেওঁক বিচাৰি গৈছিল আৰু তেওঁৰ লগত সমাজ আৰু সংস্কৃতি সম্পর্কে বিস্তাৰিত আলোচনা কৰিছিল। ফুকনৰ মনত সেইবোৰ আলোচনাই জগাইছিল উৎসাহী সঁহাৰি। কবি হিচাপে কবিতাক প্ৰচাৰৰ সৰঞ্জাম কৰিবলৈ তেওঁৰ ঘোৰ আপত্তি আছিল। কিন্তু কাব্যক মানৱজীৱনৰ কোনো প্রধান দিশৰ পৰাই আঁতৰাই ৰখাটো অন্যায় বুলি তেওঁ বুজিছিল। বিশেষকৈ সমাজ ন-কৈ গঢ়াৰ চিৰনবীন আকাংক্ষা আৰু সংগ্রামক অশ্রদ্ধা কৰাৰ ধৃষ্টতা তেওঁৰ কোনোকালেই হোৱা নাছিল। ইয়াৰেই প্ৰভাৱ অৱশেষত দেখা গৈছিল জনজীৱনৰ প্ৰতি তেওঁৰ আন্তৰিক সৌহার্দ্য আৰু নিঃসীম দাৰিদ্ৰৰ মাজেৰে জীয়াই থাকিবলৈ জনতাৰ নিৰন্তৰ সংগ্ৰাম আৰু অক্ষয় হাবিয়াসৰ প্ৰতি তেওঁৰ সশ্রদ্ধ সহানুভূতিত।

অৱশ্যে ইতিহাসৰ দুর্বোধ্য চক্রবৎ গতিত এই বিপ্লৱী উন্মাদনাৰ অনুসৰণ কৰি মঞ্চত প্রবেশ কৰিলে তুমুল জাতীয়তাবাদী আন্দোলনে। সেই আন্দোলনে অসমৰ বহু শিল্পী-সাহিত্যিকক চাকনৈয়াৰ দৰে টানি লৈ গ’ল। ফুকন কিন্তু কিছু নিস্পৃহ আৰু সংশয়াচ্ছন্ন হৈ আঁতৰত ৰৈ গ’ল। জাতীয়তাবাদী আন্দোলন সম্পূর্ণ আবেগ-নিৰ্ভৰ হোৱাৰ ফলত কেতবোৰ অশুভ শক্তিয়ে প্রেতৰ দৰে তাৰ কান্ধত ভৰ কৰিলে। অমানুষিক ভ্রাতৃঘাতী সংঘৰ্ষৰ সৃষ্টি হ’ল। চৰকাৰী আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ অত্যাচাৰেও পাশৱিক ৰূপ ল’লে। এই সময়ত কবি Yeatsৰ দৰেই ফুকনে অনুভৱ কৰিছিল:

Now days are dragon-ridden…
And a drunken soldiery
can leave the mother murdered at her door

ফুকনৰ এই সময়ৰ কবিতাত বিকাৰগ্ৰস্ত গণ উন্মাদনা আৰু ৰাষ্ট্ৰীয় সন্ত্রাসে ৰচনা কৰা নাৰকীয় দৃশ্যাৱলী দুঃস্বপ্নৰ সোঁৱৰণিৰ দৰে পিয়াপি দিছে। সেইবোৰ ভয়াবহ ঘটনাৰ সাক্ষী কবিৰ হিয়া ধুনি ওলাই অহা খেদ, ত্রাস, বিহ্বলতা যেন জ্বৰৰ বিকাৰত ছাটিফুটি কৰা অসমৰ আত্মাৰে যন্ত্রণাকাতৰ উক্তি। সেই সময়ত মানুহৰ বিবেকে স্বাভাৱিক প্রতিক্রিয়াও প্রকাশ কৰিব পৰা নাছিল, কাৰণ পৰিৱেশ হেঁচা মাৰি আছিল ফে’ছিবাদী মানসিকতাই।

: দেখিলানে নিজকে ওপঙি থকা
নিজৰে তেজৰ ডোঙাত
বহুত সময় হ’ল বহুত সময়
** ** **
গাঁওখন তেতিয়া এজাক
ঢোঁৰা কাউৰী হৈ উৰি গ’ল
কুকুহা হৈ ধানবোৰ
পকা ডালিমৰ গুটিৰ দৰে মাতবোৰ
যেতিয়া ছাঁই হ’ল
** ** **
লঘোণীয়া বুঢ়ীজনীয়ে ক’লে
বোপাই আৰু নক’বি
পানী গুচি শিল হ’ল
অন্ন গুচি বিহ হ’ল
চাব নোৱাৰোঁ
শুনিব নোৱাৰোঁ
ক’ব নোৱাৰোঁ
ভাবিব নোৱাৰোঁ
খাব নোৱাৰোঁ
শুব নোৱাৰোঁ
** ** **
কেনে আছোঁ মোক নুসুধিবা
কলঙেদি উটি আহে মুণ্ডহীন
এজনী ছোৱালী
কাৰণ বিয়াল্লিছ ঘণ্টা মোৰ মৃতদেহটো
গুৱাহাটীৰ পদপথত পৰি আছিল।

কিন্তু এই বিভৎস হত্যালীলা, বিকৃত ৰক্ত পিপাসা আৰু অসহনীয় যন্ত্রণাত সম্বিত হেৰুৱাই পেলোৱা হ’লে তেওঁ কাব্যৰ চুড়ান্ত সিদ্ধিৰ শিখৰত উপনীত হ’ব নোৱাৰিলেহেঁতেন। এই কথাকে ডব্লু বি ইয়ে’ৎছে যুদ্ধৰ অবিচাৰ আৰু কাৰুণ্য সম্পর্কে লিখা কবি উইলফ্রে’ড ঔৱে’নৰ সম্পর্কে কৈছিল। দুখবেদনাৰ আতিশয্যত ভাঙি পৰাটো মহৎ প্রতিভাৰ তথা কাব্যৰ ট্রে’জিক গৰিমাৰ লক্ষণ নহয়। বৰং ভয়াবহ আৰু মর্মান্তিক নিষ্ঠুৰতা আৰু দুখবেদনাকো মানুহৰেই লীলা বুলি সবল মনেৰে গ্ৰহণ কৰিব পৰাটোৱেই উচ্চস্তৰৰ কবিৰ লক্ষণ।

এই মানসিক স্তৰত উপনীত হ’বলৈ ফুকনে নিজৰ সংবেদনশীল সুকুমাৰ মনৰ লগত কম যুঁজিবলগীয়া হোৱা নাই। অৱশেষত তেওঁ এই যুদ্ধত জয়ী হৈছে। ৰক্তাক্ত বধ্যভূমিৰে পাৰ হৈ তেওঁ তথাপি হত্যালীলাৰ নেপথ্যত প্রত্যক্ষ কৰিছে ইতিহাসৰ, কালৰ গুৰুগম্ভীৰ পদক্ষেপ। বিষণ্ণ আত্মস্থতাৰে গ্ৰহণ কৰিছে মৰণৰ প্রতি মানুহৰ এই সর্বনশীয়া মোহ:

কাৰণ এতিয়াও মই চকু মেলি আছোঁ
মোৰ মৃত্যুৱেও চকু মেলি আছে
কাৰণ খালে-ডোঙে নৈয়ে-বিলে
জাকি মাৰে মাছে
হেৰা মোৰ গম্ভীৰ গতিৰ
অশ্বাৰোহী

যিসময়ত তেওঁৰ আদৰৰ জনতাই সাগৰৰ ঢৌৰ দৰে কেউপিনে ধ্বংস আৰু শৌৰ্য্যৰ, ত্যাগ আৰু নিষ্ঠুৰতাৰ বিজুলী চমক জগাই বাগৰি ফুৰিছিল, সেই সময়ত সম্পূর্ণ নিৰাসক্ত হৈ থকাও তেওঁৰ পক্ষে কঠিন আছিল। আন্দোলনৰ প্রতিজ্ঞাবদ্ধ শত্ৰুৰ সৰল ভূমিকাও তেওঁ ল’ব পৰা নাছিল। কিন্তু এনেকৈয়ে, ব্যথা, যন্ত্রণা, আতংক আৰু দুখৰ অগ্নিপৰীক্ষাৰ মাজেৰে ফুকনৰ দীক্ষা সম্পূর্ণ হৈছিল। তেওঁৰ কাব্যই জীৱনৰ নিষ্ঠুৰতাৰ (horror) বিষয়েও এক প্রয়োজনীয় শিক্ষা লাভ কৰিলে। তেওঁৰ অভিজ্ঞতাই অর্জন কৰিলে এক বিৰল মানবীয় বোধৰ সমৃদ্ধি। কেৱল আংগিকৰ অনুশীলনে তেওঁৰ কাব্যত এনে সমৃদ্ধি আনি দিব নোৱাৰিলেহেঁতেন। এই পৰিপক্কতাৰ প্রত্যয়জনক প্রকাশ ঘটিছে পৰৱৰ্তী সংকলন নৃত্যৰতা পৃথিৱীত। ভাবৰ যুগপৎ গাঢ়তা আৰু বিস্তাৰে প্ৰকাশৰ স্বচ্ছন্দ আৰু নৈপুণ্যই সংকলনখনক আমাৰ যুগৰ এখন শ্রেষ্ঠ কাব্যগ্রন্থত পৰিণত কৰিছে।

এই সংকলনখনত ফুকনৰ আগৰ কবিতাৰ সকলো বিষয়বস্তু আৰু অনুভূতিৰ এক সুষম সমন্বয় ঘটিছে, সকলো পৰস্পৰবিৰোধী অভিজ্ঞতা এক সমৃদ্ধ জীৱনবোধত ঐক্যবদ্ধ হৈছে, সকলো পৰীক্ষা-নিৰীক্ষা সাৱলীলভাৱে কবিতাৰ অংগীভূত হৈছে। জীৱনৰ অসহ্য সৌন্দৰ্যৰ অনুভূতিৰ কাষৰত থিয় হৈছে ভয়াবহতাৰ উপলব্ধি। প্রগতিৰ প্রতি শুভ কামনাৰ লগত জড়িত হৈছে মানৱীয় দুর্বলতাৰ বোধ। ক্ষণিকৰ অন্তৰ্দৃষ্টি আৰু প্রবহমান বিৱৰণৰ অংগাংগী সম্পর্ক ৰচিত হৈছে। ভাষা এতিয়া তেওঁৰ সম্পূর্ণ দখলত, স্বচ্ছন্দ, অর্থঘন, ছন্দোময়। অলংকাৰ এতিয়া প্রয়োজনভিত্তিক (functional), বিচক্ষণ আৰু সংযমী। কবিতাবোৰৰ গাঁঠনি নমনীয় কিন্তু দৃঢ়। তাৰ ভিতৰতে কেইটামান কবিতাই বাকীবোৰক চেৰ পেলাইছে।

সংকলনখনৰ নামকৰণ সার্থক। দিন-ৰাতি, ঋতু পৰিৱৰ্ত্তন, জন্ম আৰু মৃত্যু, সৃষ্টি আৰু ক্ষয়, মংগল আৰু অমংগলৰ মাজেৰে আগুৱাই থকা পৃথিৱী এনে ছন্দতেই “নৃত্যৰতা”। সেয়ে তাৰ ধ্বংস, ক্ষয়, তাণ্ডৱ, বিভীষিকা কবিয়ে আপেক্ষিকভাৱে প্রশান্তচিত্তে গ্ৰহণ কৰিব পাৰিছে। কিন্তু সংকলনখনিৰ কবিতাৰবোৰ শেষ বিচাৰত জীৱনৰ সৃষ্টিশীলতা আৰু সৌন্দৰ্য্যৰ প্রতি একো একোটা অর্ঘ্য।

এনে এটা কবিতা হৈছে “ইয়াৰ পৰাই পানী”। যেন বিশাল সমুদ্রতীৰত কবিয়ে মানৱজীৱনৰ এক বিস্তৃত, প্রশস্ত দর্শন লাভ কৰিবলৈ সক্ষম হৈছে। মানৱজীৱনৰ সৎ, সুন্দৰ উপাদানবোৰ এক বিশ্বজনীন পটভূমিত আলোকিত কৰা হৈছে কবিতাটোত।

ইয়াৰ পৰাই পানী
ইপাৰ সিপাৰ নমনি
ইয়াৰ পৰাই বেলি
বুৰ যোৱা দেখি
ইয়াৰ পৰাই জোন ওলোৱা দেখি।

আৰু এনে পটভূমিত অনাদি-অনন্ত মানৱী জীৱনৰ লীলা অংকিত হৈছে, য’ত প্রেমেই জীৱনৰ অনন্ত প্রবাহ ৰক্ষা কৰিছে।

ক’তো যেন এতিয়া কোনো মৰা নাই
কোনো শিশু
কোনো বৃদ্ধ
দুৱাৰ মেলিলেই দেখি
নিত্য আবর্তিত
এখন প্রেমৰ পৃথিৱী

এনে আৰু এক চিৰায়ত সম্পদ হৈছে কলাৰ মাজেদি প্রতিভাত সৌন্দৰ্য্য:

দ পৰ্বতীয়াৰ সেই ছোৱালী দুজনী
হাতৰ মুদ্ৰা আৱাহনী

কবিতাটোৰ শব্দ চয়ন আৰু বাক্যৰীতিয়ে সঘনে জনসমাজত প্রচলিত মৌখিক মন্ত্র সাহিত্যৰ ভাষা মনত পেলায়। মন্ত্রৰ ভাষাৰ দৰেই পৰোক্ষ, ৰহস্যময়, অথচ কথ্যভাষাৰ দৰে সৰল তাৰ ৰূপ। কবিতাটোৰ ছন্দও অনিয়মিত, শিথিল, প্রবহমান। সাধুকথাৰ উল্লেখেৰে পৰিপূৰ্ণ আকাংক্ষা আৰু পৰিতৃপ্ত বাসনাৰ এখন কল্পলোক দাঙি ধৰা হৈছে।

তুমি হাত মেলিলেই কলাপাতখন
লৰে কি চৰে
চুলি মেলিলেই বৰষুণজাক
গাত আহি পৰে।

“চিলনি জীয়েকৰ সাধু”ৰ প্রতিধ্বনিৰে কবিয়ে কবিতাটোৰ বিশেষ পৰিৱেশটো ৰচনা কৰিছে।

আগলতি কলাপাত লৰে কি চৰে
চিলনি আই মোৰ আগতে পৰে।

শেষত কবিয়ে কবিতাৰ তথা কবিৰ চৰিত্র সম্পর্কে তেওঁৰ ধাৰণা ব্যক্ত কৰিছে:

বুকুৰ মাজত মোৰ কিবা
গুটি এটা গজে
মানুহে খাই পাহৰি পেলোৱা
নোখোৱা এটা গুটি

কবিৰ প্ৰাণ হৈছে মানুহৰ সেইবোৰ ভাব আৰু অনুভূতি— মানুহে যিবোৰ অনুভৱ কৰে, অথচ পাহৰি পেলায়। জৈৱিক আচৰণত ব্যস্ত মানুহে তাৰ আকাংক্ষা আৰু আবেগৰ তাড়নাৰ মাজত সেইবোৰৰ সৌন্দৰ্য্য বুজি নাপায়। কবিৰ, শিল্পীৰ কাম আলফুলকৈ সেই সৌন্দৰ্য্য ফুটাই তোলা।

সেই অৱহেলিত ভাবাবেগক লৈয়েই চৰায়ে লৈ যোৱা গুটিৰ পৰা মহীৰুহ গজি উঠাৰ দৰে গঢ় লয় কলাৰ নৈবেদ্য। কবিৰ একমাত্ৰ পুৰস্কাৰ কবিতাৰ অনিশ্চিত সাফল্য:

: চৰাই এটা উৰি আহে
ঠোঁটত লৈ এডাল দুবৰি
নে গুটিমালিৰ এডাল মালা

গোৱাৰ সাগৰৰ অভিজ্ঞতাৰে কবিয়ে (“অন্তহীন জলৰেখাত”) অংকণ কৰিছে জীৱনৰ অন্তহীন দুখ বেদনাৰ ইংগিতমুখৰ ছবি। মনত পৰে টি, এছ, এলিয়টৰ সেই মর্মন্তুদ কবিতাৰ স্তৱক, য’ত সাগৰৰ বুকুত পুৰুষে-পুৰুষে জাহ যোৱা মাছমৰীয়াবিলাকৰ জীৱনৰ নিঃসীম কাৰুণ্যৰ বিননি শুনা যায়:

Where is the end of them, the fishermen sailing
Into the wind’s tail, where the fog cowers?
** ** **
There is no end of it, the voiceless wailing,
No end to the withering of withered flowers,

To the movement of pain that is painless
and motionless,
To the drift of the sea and the
drifting wreckage…
(The Dry Salvages)

সাগৰৰ বুকুত মাছ মাৰিবলৈ গৈ নিখোজ হোৱা মাছমৰীয়া কেইজনমানৰ কথা শুনি কবিৰ মনত যেন অনন্ত কাল সাগৰত বাট হেৰুৱা মানুহৰ জীৱনৰ ভয়াবহতা আৰু বিষাদৰ হাহাকাৰ ধ্বনিত হৈছে।

ক’লৈ গ’ল এতিয়া মাছমৰীয়াবোৰ
কি বিচাৰিছিল সিহঁতে
মাছমৰীয়া হৈও নেজানিলে সি কি মাছ।

ইয়াত মাছ হৈছে জীৱন তথা সংসাৰৰ অৰ্থ বা উদ্দেশ্য। সিহঁতৰ বাবে চকুলো গোট মৰা চকুৰে বাট চাই থকা গাভৰু পত্নীবোৰৰ জীৱন যন্ত্রণাও বিচ্ছেদৰ মর্মান্তিক কাতৰতাৰ প্রতীক।

সিহঁতৰ গাভৰু তিৰোতাবোৰেও নেদেখিলে
কাহানিও সিহঁতক সাগৰত
নগ্ন নিঃসংগ মুমুর্ষূ ক্ৰুদ্ধ বিহ্বল

শেষৰ বিশেষণবোৰৰ সমাহাৰে পুঞ্জীভূত আৰু বাক্‌ৰুদ্ধ বেদনা আৰু কৰুণাৰ ভাবকে ঘনীভূত ৰূপত প্ৰকাশ কৰিছে।

আচৰিত নহয় যে সেই সাগৰৰ পানীত ফুকনৰ বাবে জন্ম আৰু জীৱনৰ প্রতীক সূৰ্যটো মমৰ দৰে গলি গলি শেষ হৈছে। পটভূমিত আছে ধৰ্মৰ অনিশ্চিত সান্ত্বনা।

ক’লৈ গৈছিলোঁ এতিয়া ক’লৈ যাওঁ
পানীৰ দিগন্তলৈ মাটিৰ
বাজিলিকাত সন্ত ফ্রাঞ্চিছৰ অস্থি
(গোৱাতেই পর্তুগীজ সন্ত ফ্রাঞ্চিছ জাভিয়ে’ৰৰ অস্থি সংৰক্ষিত হৈ আছে।)

কবিতাটোৰ দ্বিতীয় খণ্ডত কাল সাগৰৰ ঢৌত টুলুংভুটুং কৰি থকা নাওত অনিশ্চিত দৈবৰ চিন্তাত মগ্ন দৰ্শকসকলৰ ক্লীষ্ট মুখবোৰ জলছবিৰ দৰে ফুটি উঠিছে।

এটা বতাহৰ ঘৰত আমি বহি আছোঁ।
নে ডিঙিত একোটা লাইফবে’ল্ট লৈ
শূন্যত ওলমি আছোঁ
সকলোৱেই যেন এতিয়া পাহৰিলোঁ
আমাৰ অতীত

কালসাগৰত অতীত-বর্তমানৰ সীমাৰেখা অস্পষ্ট। এই মুহূর্তত যাত্ৰীৰ মনত কেৱল মৃত্যুৰ ভয়ংকৰ ভাবনা। তেওঁলোকে ডিঙিত ফাচিৰ গাঁঠি নে লাইফবে’ল্ট লৈ আছে, তেওঁলোকে নাজানে। আৰু যিসকলে অকালতে প্রাণ হেৰুৱালে, তেওঁলোকেও জীৱন-মৃত্যুৰ অতল ৰহস্য ভেদ কৰিব নোৱাৰিলে। কৰুণ পুনৰুক্তিৰে কথাটো অনস্বীকার্য কৰি পেলোৱা হৈছে।

তেওঁলোকে কথাটো নেজানিলে
তেওঁলোকে কথাটো নেজানিলে
সাগৰেও নেজানিলে তেওঁলোকৰ
ওঁঠত নিমখ

নিমখ মৃতদেহৰ মুখত দি ৰখা হয়, সাগৰৰ পানী লুণীয়া, নিমখ চকুৰ পানীতো থাকে। এই গোটেইবোৰ ভাবানুষংগ কবিতাৰ লজিক অনুযায়ী ইয়াত যেন একত্ৰিত হৈছে। এইখিনিতে উল্লেখ কৰা ভাল হ’ব যে যেহেতু সাম্প্রতিক সমাজত উমৈহতীয়া প্রতীক প্রায় নায়েই, কবি সাহিত্যিকে ব্যক্তিগত প্রতীকৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয় মাজে সময়ে। অর্থাৎ কোনো বস্তু, দৃশ্য বা ঘটনাৰ ওপৰত তেওঁলোকে এক ব্যক্তিগত ভাবাবেগৰ মৰল আৰোপ কৰে। বাৰে বাৰে বেলেগ বেলেগ স্থানত ইহঁতে একে ধৰণৰ অথচ বেলেগ বেলেগ ভাবাবেগ বা অনুষংগ প্ৰকাশ কৰে। অথচ কথাটো সম্পূর্ণ স্বচ্ছ নহয়। সেয়ে একোজন কবিৰ সমগ্র কাব্য অধ্যয়ন কৰিলেহে কোনো কোনো কল্পচিত্ৰৰ প্ৰকৃত তাৎপর্য উন্মোচন কৰা সম্ভৱ। ফুকনৰ কোনো কোনো কল্পচিত্র বেলেগ বেলেগ ঠাইত কিদৰে ব্যৱহাৰ হৈছে তাক অধ্যয়ন কৰি ললেহে একোটা বিশেষ স্থানত তাৰ তাৎপৰ্য্য পৰিষ্কাৰ হৈ উঠিব। আকৌ একোটা প্রতীকৰ এঠাইত যি তাৎপৰ্য্য তাক সেই প্রতীকৰ আন এঠাইত হোৱা ব্যৱহাৰেও কিছুদূৰ প্ৰভাৱিত কৰিব। বৰষুণ, মাছ, পানী, কলাপাত, আকাশ, চৰাই, বনজুই, সূর্যোদয় আদি বিভিন্ন ঘটনাই ফুকনৰ কাব্যসমগ্ৰৰ আকাশত কি ৰহণ লয় তাক সামগ্রিক অধ্যয়নৰ পৰাহে জনা যাব। প্ৰতিটো উল্লেখে স্তৰে স্তৰে এইবোৰ শব্দৰ অৰ্থত নতুন প্রলেপ সানিছে।

সংকলনখনৰ দুটা কবিতা ফুকনৰ এই পৰ্যায়ৰ কিছু আগতে হোৱা ভীষণ অভিজ্ঞতাৰ নিৰ্যাস। কিন্তু ঘটনাৰ বিভৎসতাক কলা আৰু বোধৰ প্রশান্তিয়ে এতিয়া নিয়ন্ত্রণাধীন কৰিছে। সংকলনখনৰ পৰা নির্বাচিত দ্বিতীয় কবিতাটো (“খিৰিকিখনেদি সোমাই আহিল”) এটা দুঃস্বপ্নৰ বিৱৰণৰ দৰেই। দুঃস্বপ্নটোৰ সাৰমৰ্ম কৰাল হিংস্রতাৰ কবলত নিস্পাপ সৌন্দৰ্য্যৰ বিনাশ। দুঃস্বপ্নৰ দৰেই শিহৰণময় ব্যঞ্জনাৰে ইয়াৰ খুটিনাটিবোৰ সমৃদ্ধ। প্রথম স্তৱকটোত খিৰিকিখনেদি হাঁহি থকা চন্দ্ৰৰ হাঁহি খিৰিকিৰে সোমাই শুই থকা কেঁচুৱাটোৰ মুখত পৰি অপৰূপ সৌন্দৰ্য্যৰ এটা পখিলাত পৰিণত হৈছে। দৃশ্যটো মায়াময় সৌন্দৰ্য্য আৰু শান্তিৰ আভাসত উদ্ভাসিত। কিন্তু পখিলাটো ভয়ংকৰ শব্দ এটাৰ লগে লগে সোমাই গ’ল শিলৰ বুকুত। হাঁহিটো এইবাৰ পৰিণত হ’ল উদ্বেগ আৰু অশান্তিৰ হাঁহিত। তাৰ পিছত ভঙা-ছিঙা শাৰীৰত হত্যা আৰু অগ্নিকাণ্ডৰ দৃশ্য। কবিয়ে আঁৰু নাজানে, “কাৰ ঘৰ/কিহৰ ঘৰ।”“ঘৰ” শব্দটোৰে নিজঞ্জাল অর্থ হেৰাই গৈছে বিভীষিকাত।

আনহাতে ৩ নং কবিতাটোত (“দুয়োখন দুৱাৰ খুলি থবি’) শোষক শ্ৰেণীৰ অমানুষিক ৰক্তলোলুপ অত্যাচাৰৰ বিৰুদ্ধে অৱশেষত লাঞ্ছিতা, নির্যাতিতা, কৃষক ৰমণী প্রতিশোধপৰায়ণা দেবীৰ দৰে জাগি উঠিছে। “গৌৰীনাথ’ ইয়াত বুৰঞ্জী নহয়, প্রতীক। গোটেই কবিতাটো তেজৰ চিত্রকল্পেৰে ৰাঙলী। কেতিয়াবা অত্যাচাৰিত প্ৰজাৰ তেজ, কেতিয়াবা যেন ৰজস্বলা নাৰীৰ তেজ।

বিহুগীতত আদৰ আৰু আশীর্বাদৰ চিন স্বৰূপে “এটা বাটিত নহৰু, এটা বাটিত পনৰু” সজাই আগবঢ়োৱাৰ কথা আছে। কবিতাটোত সেই সাদৰ সম্ভাষণে বিভৎস আৰু ৰোমহর্ষক ৰূপ লৈছে।

দুয়োটা বাতিত সজাই থবি
দুবাতি মঙহ হালধি সানি
দুয়োটা চকুত জ্বলাই থবি
সাতপুৰুষীয়া চকুপানী

কিন্তু এই তেজ যেন উইলিয়াম ব্লে’কৰ কবিতাৰ তেজৰ দৰে (“runs in blood down palace walls”) অত্যাচাৰী শোষকৰ বাবে গৰলত পৰিণত হৈছে। শোষিতা, লুণ্ঠিতা নাৰী পৰিণত হৈছে প্ৰলয়ৰূপ ধাৰী দেবীমূৰ্ত্তিত :

আই তই ৰহচলা পথাৰত
উলংগ হৈ নাচিবি
নাচিবি পৃথিৱীৰ নৃত্য

কবিতাটোৰ শেষত গাজনি-ঢেৰেকনিৰে বৰষুণ আৰু জনসমুদ্র ওফন্দি আহিছে গৌৰীনাথৰ মৃত্যুদণ্ড কঢ়িয়াই। সন্ত্রাস, ধ্বংস, মৃত্যু, অমংগলৰ ছবি, মানুহৰ পাশৱিকতাৰ ছবি সংকলনখনত সিঁচৰিত হৈ আছে :

কোনোবা এজনে চিঞৰি উঠিল
প্রত্যেকেই কান্ধৰ পৰা নমাই থলো
নিজৰ মৰাশ

এই ধ্বংসকামনাই কবিৰ মানসতো বাঁহ লৈ জগাই তুলিছে ভূতে পোৱা মানুহৰ দৰে তীব্র অপৰাধবোধ, উন্মাদ প্রতিক্রিয়া :

উন্মাদ হৈ ঘৰটোত জুই লগাই
দিব খুজিছিলোঁ
ঘূৰণীয়া দাপোনখন
ভাঙি পেলাব খুজিছিলো
কাৰোবাক চেঁটু চেপা দি
মাৰি পেলাব খুজিছিলো

ইয়াত দাপোন ভঙাৰ ইচ্ছাটো তাৎপর্যপূর্ণ : কবিয়ে উন্মত্ত হিংস্রতাৰ প্ৰেৰণাত আন মানুহৰ দৰে নিজৰ আত্মপৰিচয় লোপ কৰিবলৈ বিচাৰিছে। পাশৱিক হিংসাত বলীয়ান হোৱাৰ অর্থও সেয়ে।

কেতিয়াবা আকৌ কৌটিকলীয়া জনস্মৃতিৰ আখ্যানৰ মাজেদি এনে অমংগল আৰু নৈৰাজ্যই এক পুৰাণ সদৃশ (mythical) আৰু বিশ্বব্যাপি ৰূপ লৈছে ।

তাৰ পিছত কি হ’ল পেহীটি
দেশছানি কুপতীয়া শেন ওলাল
সাতবাৰ বানপানী হ’ল
সাতদিন সাত ৰাতি জ্বলিল শিঙৰিঘৰ
সাতালি পর্বত

কিন্তু তেজৰ কেচেমা-কেচেম গোন্ধ, অ’ত-ত’ত পৰি থকা মৃতদেহ, জুই, ধোঁৱাৰ মাজত কবিয়ে পাহৰি যোৱা নাই মানুহৰ ৰূপমুগ্ধ, সৌন্দর্যপ্রেমী, স্বাভাৱিক সত্তাটোৰ কথা— যি সত্তাই মানুহক সৰগৰ পিনেও বাট দেখুৱাই নিয়ে। শিল্পকলাৰ যুগজয়ী নীৰৱতাত গোপনে ধ্বনিত হয় জীৱনৰ স্তৱগান ।

জোনটো ওলাই আহিছে
কুণ্ডলী পকাই আকাশলৈ উঠিছে।
শিলবোৰৰ কণ্ঠস্বৰ
শিৱ শিল আৰু মানুহ

সংকলনখনিৰ সমৃদ্ধতম কবিতাটো হৈছে ১০ নং কবিতাটো। কবিতাটো দীঘল, দেখাত মহাকাব্যৰ দৰে বিৱৰণধর্মী। কিন্তু বিৱৰণৰ ৰীতিৰ মাজেৰে প্ৰকাশ পাইছে আধুনিক চেতনাৰ সংকট, মর্মবেদনা, খেদ আৰু হাহাকাৰ আৰু তাৰ পটভূমিত স্থিৰ শিখাৰ দৰে জ্বলি আছে হৃতসর্বস্ব মানুহৰ অজেয় জীৱনতৃষা।

“কাহিনী”ৰ আৰম্ভণিতে সমাহিত, শান্ত, ধ্যানগম্ভীৰ স্বৰত শত জনমৰ স্মৃতিৰ দৰে (“জননান্তৰ সৌহৃদানি) বর্ণনা কৰা হৈছে এক দৰিদ্র অথচ শান্তিময় জীৱনৰ লহৰ। একোটা শব্দ কেইবাবাৰো দোহৰা হৈছে, যদিও আন দিশৰ পৰা ইয়াৰ ভাষা উকা, অত্যন্ত মিতভাষী। কালপ্রবাহৰ বিস্তীর্ণ আৰু ধীৰ তৰংগ নক্ষত্রপুঞ্জৰ দৰে কক্ষপথত ঘূৰে পটভূমিত:

একেখন ঘৰতে আছিলোঁ দুঘৰ মানুহ
উৰুখা চালেৰে কাটে কাল
কাটে ৰাতি কাটে পানী
মাজে মাজে পৰিছিলহি আহি
সপোনতে এটা বালিমাহী
তুমি হাঁহিলে মই কান্দো
মই হাঁহিলে তুমি কান্দা
সলাওঁ এনেকৈয়ে ইজনে সিজনক
সলাওঁ দিন ৰাতি নিদ্রা অনিদ্রা
শৈশৱ যৌৱন
বার্ধক্য হুতাহ হুতাশন

এই ধীৰ বিস্তীর্ণ অন্তহীন কাল-তৰংগৰ মাজত বিজুলিচমকৰ দৰে সপোনৰ বালিমাহীটোৱে কিছুসময়ৰ বিৰতি আনে। ইয়াৰ দুঘৰ মানুহ যেন এক সমূহীয়া জীৱনৰ প্রতিমূৰ্ত্তি।

ই যেন ধূসৰ অতীতৰ স্মৃতিমধুৰ কোনো গাথা। ধাৰাবাহিকতা আৰু সময় সেই জীৱনৰ প্রধান বৈশিষ্ট্য। পৃথিৱীৰ আৱৰ্ত্তনৰ ছন্দত যি জীৱন আৱৰ্ত্তিত হয়। কিন্তু কাহিনী আৰু কবিতাৰ শেষত সেই জীৱনবৃত্ত ছিন্নভিন্ন, দিশহাৰা, উদ্ভ্ৰান্ত।

কলৈ আহিলো গলাগৈ ক’লৈ
নেজানো কোনেও নেজানো
এতিয়া সময় কিমান কি মাহ বছৰ

এই নতুন পৰ্য্যায়ত জীৱন সচেতন, কিন্তু লক্ষ্যহীন, উদ্দেশ্যহীন, নিঃসংগ, বিচ্ছিন্ন।দুঘৰৰ মাজত কোনো সম্পর্ক আৰু নাই। বিস্তীর্ণ কাল প্রবাহৰ ঠাইত এতিয়া মাহ-বছৰৰ তীব্র সময়জ্ঞান। কিন্তু এইসময় অর্থহীন, লক্ষ্যহীন। বিচ্ছিন্নতা, নিঃসংগতা, নিৰাপদ শান্তি আৰু সুখৰ অৱসান কবিতাটোৰ মূল সমস্যা এইটোৱেই। কিন্তু ধূসৰ অতীতৰ দুখবেদনাৰ মাজত, বিশাল ঘটনাস্রোতৰ মাজত মানুহৰ আশ্রয় আছিল জীৱনৰ সৌন্দৰ্য্যতৃষা আৰু চকুলোক মধুৰতা দিব পৰা সজীৱ সংস্কৃতি :

কেৱল ল’ৰা-ছোৱালীবোৰে চকুপানী মচি
জ্বলায় সন্ধ্যাৰ জোনাকী
কেৱল ফুলি থকা ফুলটোৱে
বিচাৰে সুগন্ধত তাৰ

অকলশৰীয়া ফুলটোৱে সেই আওহতীয়া পৰিবেশতো সৌন্দৰ্য্যৰ মাজেদি বিচাৰে সত্যৰ প্ৰসাৰিত দিগন্ত। শেষ পংক্তি অকলশৰে ৰাখি কবিয়ে সেই কথাটোৰ প্ৰতি পাঠকৰ ঐকান্তিক মনোযোগ আকৰ্ষণ কৰিছে— ক্লজ আপ শটৰ দৰে। আৰু শিশুৰ চকুলোৰ মাজত যিকোনো স্বাভাৱিক প্রবৃত্তিৰ মানুহৰ কলিজা মুচৰিব পৰা উষ্ণ কাৰুণ্য থাকে। হয়তো সেই শিশুবোৰ অনাথ, সিহঁতে চিৰকাললৈ হেৰুৱা পিতৃ-মাতৃৰ বাবেই তপত চকুলো টুকি তৰ্পণ কৰিছে।

সেই বিশাল, অর্ধচেতন, নিৰুদ্বেগ ঘটনাস্রোতত যতি পৰিল আধুনিক কালৰ মৰুময় নিঃশ্বাসত। বিচ্ছেদৰ কষ্ট আৰু হুমুনিয়াহ আধুনিক কালৰ সত্য পৰিচয়?

ক’লৈ আহিলোঁ গলাগৈ ক’লৈ
নেজানো কোনেও….
নেজানো কোনেও নেজানো
কুৰুৱাৰ ধুমুহাত কাৰ ডুবিল নাও
বাটত জপিয়ায় পগলা ঘোঁৰাৰ
হেঁহনি

পিছ মুহূর্ততে ফুকনৰ জীৱন-চৰ্য্যাই তাৰ স্বাভাৱিক বিশ্বাসৰ গভীৰতাৰে লেকাম টানে সর্বগ্রাসী নেতিৰ অনুভূতিত :

নুৰুবানে সেইবুলি
আকৌ সোন্দাকলৰ পুলি

জীৱন প্ৰবাহৰ ধাৰাবাহিকতাত মানুহৰ বাবে উঠে আৰু মাৰ যায় বহুত প্রশ্ন, বহুত সাঁথৰ, বহু খেদ, বহু বিস্ময় ।

গধূলি গোপালৰ পিৰালিত বহি
ককাদেউতাই ভাবিছিল
কি পালোঁ কি দিলোঁ কাক দিলোঁ

ককাদেউতাৰ সোঁৱৰণিৰ নদীখন ক্ৰমে চেতনাপ্রবাহ বা জীৱন-নদীত মিলি যায় আৰু জীৱন-নদী পৰেগৈ বিস্মৃতি আৰু মৃত্যুৰ সুতিত :

শিলৰ সাঁকোৰ চেঁচা জামুকীৰ জুই
নৈৰঞ্জনা নদীৰ পানী একাজলি
দুবৰি ডৰাত এচমকা তেজ

Yeats এ যে তাহানি লিখিছিল— “as cold and passionate as the dawn” কবিয়ে যেন তেনেদৰেই জীৱন উপলব্ধি কৰিছে। নদীৰ পানীৰ সোঁতত জামুকী বা আগ্নেয়াস্ত্ৰৰ তীক্ষ্ণ উত্তাপ— কিন্তু শিলৰ সাঁকোৰ দৰে সি চেঁচা। চেতনাস্রোতৰ দৰে এটাৰ পৰা আন এটা কল্পচিত্রলৈ পিছলি কবিতাটোৱে আমাক অনন্ত flux ৰ প্রবাহ সোঁৱৰাই দিয়ে।

নদীৰ সোঁতে পুনৰ আকৰ্ষণ কৰিছে জন্ম আৰু প্ৰজননৰ লগত জড়িত মাছৰ কল্পচিত্র। কিন্তু সেই মাছৰ স্বৰূপ ধৰিব নোৱাৰি, সি জাল ফালি ওলাই যায় :

মোৰ ফুলনিৰ এটা শিলঘৰীয়া মাছ
এটা জীয়া মাছ
চকুত জীৱন্ধৰী মণি
জালি ফালি ওলাই গ’ল
ৰাতি নুপুৱাল।

অৰ্থৰ এই ঘোপমৰা এন্ধাৰত কবিৰ সংশয় আৰু সন্দেহ দূৰ নহয়। অনিবার্যভাবে পৰম্পৰাগত ধর্মই অতীন্দ্রিয় আৰু আধ্যাত্মিক উপায়ে জীৱনৰ অৰ্থ বিচৰাৰ কথা কবিৰ মনলৈ আহে। কিন্তু সিও যেন অলীক সান্ত্বনা :

বিষয় বিষধৰ বিষে জৰজৰ
চাৰিহাটিত নামসিংহৰ গোঁজৰণি

অথবা

অন্ধ কাপালিক
নিজান বাহৰত কাউৰী কুকুৰৰ জাক

বিষাদগ্রস্ত মনেৰে কবিয়ে এই শ্রান্ত সন্ধানৰ বিড়ম্বনা প্রকাশ কৰিছে এলানি উত্তৰহীন প্রশ্নৰ জৰিয়তে :

বিচাৰিছোঁ আমিও বা কি
দিবলৈ কাক কি পুলক কি সত্য
কোন কাৰিকাৰ কি অর্থ
কি অনর্থ

এই চৰম বিভ্রান্তি আৰু দিশাহাৰা অৱস্থা পিছৰ স্তৱকবোৰত চক্রবৃদ্ধিহাৰত বাঢ়িছে— যেন টেলিপ্রিন্টাৰত অহা অসংলগ্ন খবৰৰ লানি ।

কিবাকিবি বহুত বাঢ়িছে কমিছে।
মানুহৰ বয়স মানুহ মানুহ বিশেষ নির্বিশেষ
ছিন্ন বিচ্ছিন্ন ব্যক্তি নৈর্ব্যক্তিক মূর্ত বিমূর্ত

** ** **

দুর্ঘটনা মাৰণাস্ত্র আত্মহত্যা অৱসাদ
মানৱতাবাদী গর্ভপাত কিতাপ

এই বিক্ষিপ্ত তথ্য বা ঘটনাৰ স্রোতৰ মাজত বিজুলী চমকৰ দৰে জিলিকিছে সমাধানৰ ছলনাময় মায়ামৃগ :

কেনচাৰ আন্দোলন বাবা কমৰে’ড
অনিশ্চয়তা দৌৰাদৌৰি
জীৱন সলনি কৰাৰ চুক্তি

কবিতাটোৰ পৰা আৰ্তনাদৰ দৰে ভাঁহি আহিছে বিমূঢ়তাৰ ত্ৰাস :

কাক সোধোঁ কি সোধোঁ

তাৰ পিছৰ দুটা স্তৱকত মৃত্যুৰ নির্মম নিস্তব্ধ চিত্র। পথাৰত বা হাস্পতালৰ মৰ্গত বা আদিম কোনো গুহাৰ এন্ধাৰত এই ভয়াবহ অনিশ্চয়তাৰ শেষ হ’ব নেকি? কিন্তু আগৰ দৰেই মননৰ এই ব্যাধিগ্রস্ত বিভ্রান্তি আৰু বিমূঢ়তাৰ পৰা কবিয়ে সাৱলীল গতিৰে ডেও দি গৈছে হৃদয়ৰ সজীৱ উপলব্ধিলৈ :

ক’ৰবাত যদি ৰৈ থাকে-
তিনিমুনি বাটত
ধ্বনিময় বসন্তত
চিদাম্বৰমত

হৃদয়ৰ এই একান্ত নিবিড় উপলব্ধিত, জীৱনৰ আৰু প্ৰকৃতিৰ অক্ষয়, পুনৰুজ্জীৱিত সৌন্দৰ্য্যত, কবিৰ দিগভ্রষ্ট মনে পুনৰ বিচাৰি পাইছে নির্ভয় পোতাশ্রয়। জীৱনৰ মর্ম লুকাই আছে শব্দৰ সংজ্ঞাত নহয়, বুদ্ধিৰ উপাদানত নহয়, জৈৱ প্ৰক্ৰিয়াৰ মহিমান্বিত ৰহস্যত‌।

আন্ধাৰতহে ধানে গেৰ ধৰে কিয়
বৰষুণ কিয় হয় কিয় হয়
পুৰুষৰ বীর্য নাৰীৰ স্তনত গাখীৰ

নেতি আৰু সংশয়ে শুকাই অনা পথাৰ যেন পুনৰ সৰস হৈ উঠে সাহস আৰু শান্তিৰে। অৱশ্যে প্রাচীন পৰম্পৰাৰ প্রশ্নহীন নিদ্ৰাৰ কোলালৈ উভতি যাব নোৱাৰি। কিন্তু ক্ষয়েই যে শেষ সত্য নহয়, কবিয়ে নিশ্চিত ভাবে, প্রশান্ত চিত্তে বুজি পাইছে।

তিনিটা দশকৰ ওপৰ কাল ধৰি ফুকনে কৰা এই কাব্যিক অনুশীলনৰ ফচল যেন অসম আৰু পৃথিৱীৰ এক যুগজোৰা সংকট আৰু ক্ৰান্তিৰ মাজত এক ক্লান্তিহীন অন্বেষণ। সেই অন্বেষণৰ ক্লান্তি, অৱসাদ আৰু গ্লানি পাঠকে অনুভৱ নকৰাকৈ নাথাকে। কিন্তু ঘূৰি পকি কবি পুনৰ উভতি আহিছে তেওঁৰ কেতবোৰ ঐকান্তিক বিশ্বাস আৰু উপলব্ধিলৈ ।

And the end of all our exploring
Will be to arrive where we started

কিন্তু এই বিশাল কক্ষপথত ভ্ৰমি ফুকনে কেৱল মতান্ধৰ দৰে আগৰ কথাকে দোহাৰি থকা নাই। শেষ বয়সৰ সৃষ্টিলৈ তেওঁ বহন কৰি আনিছে অভিজ্ঞতাৰ সমৃদ্ধি আৰু কৰুণা, অনুভূতিৰ বৈচিত্র্য আৰু অন্তদৃষ্টি।

চক্ৰাকাৰ গতিত আগবাঢ়িছে তেওঁৰ কাব্যৰ পংক্তি আৰু তেওঁৰ চেতনাৰ বৈভৱ। অহমিকা আৰু তুচ্ছতাৰ মায়াজাল ছেদি তেওঁৰ সহজবুদ্ধিয়ে আমাক আমাৰ জীৱনৰ গভীৰতৰ উপলব্ধিৰ পিনে পথ নির্দেশ কৰিছে। তেওঁৰ প্ৰতি আজিৰ যি কোনো অনুভূতিশীল পাঠক কৃতজ্ঞ নহৈ নোৱাৰে।

(ৰচনা কাল: ১৭/১১/৯৩)

(সম্পাদকৰ টোকা: ১৯৯৪ চনত ‘সাগৰ তলিৰ শঙ্খ’ শীৰ্ষক ড০ হীৰেন গোহাঁইৰ সম্পাদনাত প্ৰকাশ পোৱা নীলমণি ফুকনৰ নিৰ্বাচিত কবিতাৰ সংকলনত গ্ৰন্থখনৰ পাতনিত এই লেখাটো সন্নিৱিষ্ট হৈছিল‌। লেখকৰ অনুমতি ক্ৰমে “মুক্ত চিন্তা”-ত ডিজিটেল ফৰ্মত প্ৰকাশ কৰা হ’ল)

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *