আমাৰ বিষয়ে

২০০৩ চনত গঠিত ‘যুক্তি-বিকাশ সমিতি, অসম’ অনুষ্ঠানে যুক্তিবাদী তথা প্ৰগতিশীল চিন্তা-চৰ্চাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ হকে বিভিন্ন দিশত সাধ্যানুসৰি চেষ্টা চলাই আহিছে। অন্ধবিশ্বাস, সাম্প্ৰদায়িকতাবাদ, নাৰী অৱদমন, বৰ্ণবাদ আদিকে ধৰি সমাজজীৱনত ব্যাপ্ত বিভিন্ন শোষণমূলক আৰু অগণতান্ত্ৰিক ভাবধাৰা তথা পৰম্পৰা সম্পৰ্কে ভালেসংখ্যক পুস্তিকা অনুষ্ঠানটোৱে প্ৰকাশ কৰি আহিছে। ২০১৪ চনৰ জানুৱাৰি মাহত আৰম্ভ হোৱা বিজ্ঞানমনস্কতা-সম্পৰ্কীয় তিনিমহীয়া পত্ৰিকা এষণা হ’ল অনুষ্ঠানটোৰ তৎসদৃশ আন এক পদক্ষেপ। শেহতীয়া সময়ছোৱাত অনুষ্ঠানটোৰ মাজত হোৱা আলাপ-আলোচনাৰ ভিত্তিত এক বহল উদ্দেশ্য আগত ৰাখি মুক্ত চিন্তা অনলাইন আলোচনীৰ প্ৰকাশৰ ব্যৱস্থা কৰা হৈছে।

যুক্তি আৰু গণতান্ত্ৰিক প্ৰমূল্যক সাৰথি কৰি বিভিন্ন সামাজিক বিষয় সম্পৰ্কে বস্তুনিষ্ঠ আৰু জীৱন্ত চিন্তাৰ বাবে এখন মুকলি মঞ্চৰ সৃষ্টি কৰাই মুক্ত চিন্তাৰ প্ৰধান উদ্দেশ্য। অসমৰ উদাৰ-মানৱতাবাদী আৰু বাঁও-গণতান্ত্ৰিক, সমাজচিন্তাৰ এই উভয় ধাৰাৰে বৌদ্ধিক অৱদানসমূহক আমি মূল্যৱান তথা বিবেচনাযোগ্য বুলি গণ্য কৰো। কিন্তু একে সময়তে আমি এই কথাও অনুভৱ কৰো যে আমাৰ প্ৰতিষ্ঠিত ভাবধাৰাসমূহক নতুন আৰু অধিক সমালোচনাত্মক দৃষ্টিভংগী তথা তত্ত্বৰে পুনৰ্বিশ্লেষণ কৰাটো পৰিবৰ্তিত সামাজিক-ৰাজনৈতিক পৰিস্থিতিয়ে জৰুৰী বুলি দাবী কৰিছে। এনে পুনৰ্বিশ্লেষণৰ অভাৱৰ বাবেই হয়তো আমাৰ বিভিন্ন প্ৰতিষ্ঠিত ভাবধাৰাসমূহলৈ একপ্ৰকাৰ যান্ত্ৰিকতা আৰু কূপমণ্ডূকতা আহি পৰিছে – যিসমূহক নতুন মৌলিক চিন্তাৰ সতেজ স্পৰ্শইহে গতিময়তা প্ৰদান কৰিব পাৰিব বুলি আমাৰ বিশ্বাস। গতিকে বস্তুনিষ্ঠ চিন্তাৰ বাবে এখন অনলাইন মঞ্চৰ যোগান ধৰা আৰু সমান্তৰালভাৱে নতুন নতুন দৃষ্টিভংগীৰ কৰ্ষণৰ বাবে এক উৰ্বৰ পৰিবেশৰ সৃষ্টি কৰা, এই দুটাই হ’ল মুক্ত চিন্তাৰ মূল আদৰ্শ।

বি.দ্ৰ.: ‘যুক্তি-বিকাশ সমিতি, অসম’ আৰু এষণা পত্ৰিকা সম্পৰ্কে অধিক জানিবৰ বাবে পত্ৰিকাখনৰ ৱেবছাইট চাওক : https://exona2014.wordpress.com.

....................................................................................................

মুক্ত চিন্তাৰ কৰ্মদল (দ্বিতীয় বছৰ, আগষ্ট, ২০১৬-ৰ পৰা)

উপদেষ্টা :

যুক্তি-বিকাশ সমিতি, অসম।

কাৰিকৰী উপদেষ্টা, বেৱছাইট ব্যৱস্থাপনা :
পংকজজ্যোতি মহন্ত, চুলতান চালেহ আহমেদ, চুলতান মাহমুদ মিৰ্ধা, গৌৰীশংকৰ ভূঞা ।

ইউনিকড দল :
হিৰো শৰণীয়া, গৌৰী শংকৰ দাস, ত্রিলোচন গগৈ, সুদৰ্শন বৰবড়া, জুমি বসুমতাৰি শৰ্মা, ৰেহেনা চুলতানা, নিকু দুৱৰা আৰু সুদক্ষিণা গগৈ‌।

ভাষা-উপদেষ্টা :
জিতেন বেজবৰুৱা।

সম্পাদনা সহযোগী (শিতান অনুযায়ী):

কেন্দ্রীয় নিবন্ধ :
জিতেন বেজবৰুৱা, টুনুজ্যোতি গগৈ, ময়ূৰ চেতিয়া, আশ্রাফুল হুছেইন আৰু ত্ৰিদীব নীলিম দত্ত।

শিল্প-কলা-সংস্কৃতি :
সুজাতা হাতীবৰুৱা, সমুদ্ৰ কাজল শইকীয়া, অভিজিৎ বৰ্মন আৰু সুদৰ্শন বৰবড়া।

বিজ্ঞান-প্রযুক্তি :
পংকজজ্যোতি মহন্ত, গৌৰী শংকৰ ভূঞা আৰু আৰহান ইনামূল।

পৰিৱেশ-প্রকৃতি :
নৱজিৎ বৰ্মন আৰু দীপাংকৰ বায়ন ।

ক্রীড়াংগন :
অমিতাভ মহন্ত

অংগ সজ্জা:
সমুদ্ৰ কাজল শইকীয়া আৰু অবিৰতা নৃত্যাংগনা

সম্পাদক/সম্পাদিকা :
বৰ্ণালী বৰুৱা দাস আৰু জিতেন বেজবৰুৱা।

মুখ্য সম্পাদক :
কৌশিক দাস।

দ্বিতীয় বছৰ, পঞ্চম সংখ্যাৰ 'অতিথি সম্পাদকৰ চ’ৰা 'শিতানৰ সম্পাদনা : সুশান্ত কৃষ্ণ শৰ্মা

দ্বিতীয় বছৰ, তৃতীয় সংখ্যাৰ 'অতিথি সম্পাদকৰ চ’ৰা 'শিতানৰ সম্পাদনা : সৃষ্টি শ্ৰেয়ম

দ্বিতীয় বছৰ, দ্বিতীয় সংখ্যাৰ 'অতিথি সম্পাদকৰ চ’ৰা 'শিতানৰ সম্পাদনা : প্ৰদ্যুম্ন কুমাৰ গগৈ।

দ্বিতীয় বছৰ, প্ৰথম সংখ্যাৰ 'অতিথি সম্পাদকৰ চ’ৰা 'শিতানৰ সম্পাদনা : মনোজ কুমাৰ মহন্ত।

......          ......          ......          ......          ......          ......

মুক্ত চিন্তাৰ কৰ্মদল (প্রথম বছৰ, জুলাই, ২০১৫-ৰ পৰা জুন, ২০১৬)

উপদেষ্টা যুক্তি-বিকাশ সমিতি, অসম। কাৰিকৰী উপদেষ্টা, বেৱছাইট ব্যৱস্থাপনাপংকজজ্যোতি মহন্ত, চুলতান চালেহ আহমেদ, চুলতান মাহমুদ মিৰ্ধা আৰু আহমেদ জেকী। ইউনিকড দলআৰহান ইনামূল, হিৰো শৰণীয়া, গৌৰী শংকৰ দাস, ত্রিলোচন গগৈ, সুদৰ্শন বৰবড়া আৰু মধু্স্মিতা নেওগ।ভাষা-উপদেষ্টা জিতেন বেজবৰুৱা। সম্পাদনা সহযোগী (শিতান অনুযায়ী): কেন্দ্রীয় নিবন্ধ জিতেন বেজবৰুৱা, টুনুজ্যোতি গগৈ, ময়ূৰ চেতিয়া, আশ্রাফুল হুছেইন আৰু বিদ্যুৎ সাগৰ। শিল্প-কলা-সংস্কৃতি : সুজাতা হাতীবৰুৱা, আবিদ আজাদ আৰু সুদৰ্শন বৰবড়া। বিজ্ঞান-প্রযুক্তি পংকজজ্যোতি মহন্ত, গৌৰী শংকৰ ভূঞা আৰু আৰহান ইনামূল। পৰিৱেশ-প্রকৃতি মানসী গোস্বামী, কামাল আজাদ আৰু নৱজিৎ বৰ্মন। ক্রীড়াংগন অমিতাভ মহন্ত।সম্পাদক/সম্পাদিকা বৰ্ণালী বৰুৱা দাস আৰু জিতেন বেজবৰুৱা।মুখ্য সম্পাদক কৌশিক দাস।

প্রথম ৰছৰৰ অতিথি সম্পাদকৰ চ’ৰা 'শিতানৰ সম্পাদক / সম্পাদিকা:

প্ৰথম সংখ্যা : সুজাতা হাতীবৰুৱা। দ্বিতীয় সংখ্যা :  টুনুজ্যোতি গগৈ । তৃতীয় সংখ্যা : অভিজিৎ বৰ্মন। চতুৰ্থ সংখ্যা : গৌৰী শংকৰ ভূঞা।পঞ্চম সংখ্যা : সমুদ্ৰ কাজল শ‍ইকীয়া। ষষ্ঠ সংখ্যা : ত্রিদীৱ নীলিম দত্ত।

...............................................................................................................................................................

যোগাযোগ

ই-মেইল : muktosinta@gmail.com.

ফেচবুক : https://www.facebook.com/groups/304120299601792/ (‘মুক্ত চিন্তা’ গোট)।