অতিথি সম্পাদকৰ চ'ৰাপঞ্চম বছৰপঞ্চম বছৰ(পঞ্চম সংখ্যা)

বিৱৰ্তনবাদ, আনুবংশিক বিদ্যা ইত্যাদি- (বনশ্ৰী শৰ্মা)

বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিৰ ৰহস্য আমি ঢুকি পোৱা দূৰত্বতকৈ বহু যোজন নিলগত। তাতোকৈ আচৰিত এই বিশ্বৰ প্ৰতিটো জীৱৰ জীৱনৰ ইতিহাস। এই ইতিহাসৰ আঁত বিচাৰি ১৯ শতিকাৰ কোনোবাটো দিনত এক যাত্ৰা আৰম্ভ হৈছিল সৰ্বযুগৰ এজন অন্যতম শ্ৰেষ্ঠ ভাবুক মানুহৰ। নাম তেওঁৰ চাৰ্লছ ডাৰউইন। তেওঁৰেই আৱিষ্কাৰ বিৱৰ্ত্তনবাদ, যাক বাদ দি জীৱ সৃষ্টিৰ ৰহস্যৰ দুৱাৰ খোল নাখায়। সংক্ষেপে জৈৱ বিৱৰ্ত্তন হ’ল এটি মন্থৰভাৱে গতি কৰা প্ৰক্ৰিয়া, যাৰ মাধ্যমেৰে গৈ সৰল জীৱ এটিয়ে জটিল ৰূপ পায়গৈ আৰু নতুন প্ৰজাতিৰ জন্ম হয় যি সাংগঠনিক ৰূপত এক আৰু প্ৰজননৰ ক্ষেত্ৰত অনন্য। পৃথিৱী সৃষ্টিৰ নানান ৰহস্য ভেদ কৰি যেতিয়া আমি ধৰ্মগ্ৰন্থ আৰু লোককথাৰ মাজত একাত্ম হৈ আছিলো,তেতিয়াই আমাৰ অলক্ষিতে অনন্য চিন্তাধাৰাৰ কিছু মানুহে জীৱজগতৰ সৃষ্টিৰ আদিম বীজটিৰ অণ্বেষণত কৌতুহলৰ যাত্ৰা আৰম্ভ কৰিছিল। ১৯ শতিকাৰ প্ৰাকক্ষণতে জন্ম লাভ কৰা বিৱৰ্ত্তনবাদৰ পিতৃ চাৰ্লছ ডাৰউইনে কালক্ৰমত নিজৰ কৰ্মৰাজিৰে হৈ পৰিছিল জীৱবিজ্ঞানৰ নিউটন। ১৮০৯ খ্ৰীষ্টাব্দৰ ১২ ফেব্ৰুৱাৰীত জন্মগ্ৰহণ কৰা ডাৰউইনে বংশৰ পৰম্পৰা ৰক্ষা কৰি ডাক্তৰী পঢ়িবলৈ গৈ অৱশেষত কিদৰে বিৱৰ্ত্তনবাদৰ পিতৃৰূপে উদ্ভাসি উঠিছিল তাৰ আৰত আছে দীঘলীয়া কাহিনী। কিন্তু এই কাহিনীৰ পৰিসমাপ্তিত মানৱজাতিয়ে সম্ভেদ পালে নিজৰ অস্তিত্বৰ আঁৰৰ ৰহস্য গাথাঁৰ, যিয়ে আধুনিক সভ্যতাক নতুন চিন্তা বিপ্লৱৰ সূচনা কৰিলে। ডাৰউইনৰ বিশ্ববিখ্যাত বিৱৰ্ত্তনবাদৰ মতবাদক প্ৰাকৃতিক নিৰ্বাচন মতবাদ হিচাপেও জনা যায়। ১৮৩১ চনত বিখ্যাত H.M.S Beagle নামৰ জাহাজত পাঁচ বছৰৰ বাবে কৰা সমুদ্ৰযাত্ৰাই জীৱকুলৰ সৃষ্টিৰ গভীৰ ৰহস্য উদ্ঘাটন কৰিবলৈ ডাৰউইনক বাট দেখুৱাই লৈ যায় আৰু এই যাত্ৰাত সংগ্ৰহ কৰা বিভিন্ন তথ্যসমূহ তেওঁ ১৮৫৯ চনত “Origin of Species by means of natural selection” নামৰ বিখ্যাত গ্ৰন্থ খনত প্ৰকাশ কৰে। সংক্ষেপে ডাৰউইনৰ মতবাদটো হ’ল “এই পৃথিৱীত প্ৰতিটো জীৱই জ্যামিতিক হাৰত বংশবৃদ্ধিৰ প্ৰৱণতা দেখুৱায়। অৰ্থাৎ জীয়াই থকা জীৱতকৈ জন্মগ্ৰহণ কৰা জীৱৰ সংখ্যা সদায় অধিক হয়। প্ৰকৃতিত জন্ম লোৱাৰ পাছতে আহে জীয়াই থকাৰ সংগ্ৰাম, য’ত প্ৰতিটো জীৱই অন্ন, বাসস্থান আদিৰ বাবে নিজ প্ৰজাতিৰ লগত বা অন্য প্ৰজাতিৰ লগত যুঁজ দিবলগীয়া হয় । জীৱৰ জীৱন ধাৰণৰ এই সংগ্ৰামৰ ফলতেই প্ৰকাৰণৰ উৎপত্তি ঘটে, যিবোৰ চৰিত্ৰ হিচাপে পৰৱৰ্তী পৰ্যায়ৰ সতি সন্ততিলৈ গতি কৰে। এই প্ৰকাৰণেই পিছত নতুন প্ৰজাতিৰ উৎপত্তিত অৰিহণা যোগায়। যিটো জীৱৰ থূপক প্ৰকৃতিয়ে যোগ্যতম ৰূপে নিৰ্বাচিত কৰে ,সেই থূপটোৱে পিছত প্ৰকাৰণৰ ফলত নতুন প্ৰজাতিৰ নাম পায়।
ডাৰউইনৰ মতে প্ৰকাৰণবিলাকৰ প্ৰাকৃতিক নিৰ্বাচনৰ ফলত বিৱৰ্ত্তন হয়। কিন্তু প্ৰকাৰণ সম্পৰ্কে ডাৰউইনৰ তত্ত্বত কোনো বিশদ বিৱৰণ নাছিল। কি পৰিস্থিতিত একে প্ৰজাতিৰ দুটা জীৱৰ মাজতো বৈসাদৃশ্যই দেখা দিয়ে তাৰ বাখ্যা ডাৰউইনে দিব পৰা নাছিল। বিৱৰ্ত্তনৰ এই মতবাদৰ গভীৰ পৰ্যালোচনা চলি থকাৰ সময়তে জীৱ বিজ্ঞানে আন এজন শতিকাৰ অন্যতম শ্ৰেষ্ঠ বিজ্ঞানীৰ আৱিষ্কাৰৰ সৈতে চিনাকী হৈছিল, যিয়ে আধুনিক জীৱ বিজ্ঞান আৰু জিনীয় বিজ্ঞানৰ অন্য এক গুৰুত্বপূৰ্ণ দিশৰ দুৱাৰ খুলি দিছিল। তেওঁ হ’ল গ্ৰেগৰ জোহান মেণ্ডেল। তেওৱেই আনুবংশিক বিজ্ঞানৰ পিতৃস্বৰূপ। মেণ্ডেলৰ বংশগতিৰ আৱিষ্কাৰ হোৱাৰ পিছত ডাৰউইনে কোৱা প্ৰকাৰণৰ ওপৰত নানান সমালোচনা হ’ল। মেণ্ডেলৰ এই সূত্ৰৰ আঁত ধৰিয়েই পৰৱৰ্তী পৰ্যায়ত ডাৰউইনৰ যুক্তিৰ কিছু সংশোধন ঘটাই এক নতুন মতবাদৰ জন্ম দিয়া হ’ল যাক নৱ ডাৰউইন মতবাদ বোলে। এই অনুসৰি “প্ৰাকৃতিক নিৰ্বাচনৰ প্ৰভাৱত উৎপৰিবৰ্তন আৰু জিনৰ পুনৰ সংযোজনৰ ফলতহে বিৱৰ্ত্তন সম্ভৱ।”
এই জিন উৎপৰিবৰ্তন আদি কথাবোৰৰ ধাৰণা মেণ্ডেলৰ সূত্ৰৰপৰা আহিছে। জিনবোৰ বংশগতিৰ বাহক যাক অৱশ্যে মেণ্ডেলে প্ৰথমাৱস্থাত factor বা কাৰক বুলি কৈছিল। এই জিনবোৰৰ সালসলনিৰ ফলতেই একে প্ৰজাতিৰ জীৱৰ মাজতো বৈসাদৃশ্য আহে, যাক প্ৰকাৰণ বোলে। ইয়াৰ বৈজ্ঞানিক বাখ্যা দিয়াত ডাৰউইন ব্যৰ্থ হৈছিল, কিন্তু প্ৰকৃতাৰ্থত বিৱৰ্ত্তনবাদ আৰু আনুবংশিক বিদ্যা এটা আনটোৰ পৰিপূৰক । ডাৰউইনে আগবঢ়োৱা মতবাদটো প্ৰকাৰণৰ ভিত্তিতেই স্থাপিত, যিয়ে ক্ৰমবৰ্ধমাণ গতিৰে এক নতুন প্ৰজাতিৰ জন্ম দিব পাৰে। প্ৰায় সমসাময়িক কালৰ এই দুজন মানুহৰ অসাধাৰণ দৃষ্টিভংগীৰে একেটি বস্তুকেই দুটি বেলেগ দিশেৰে অধ্যয়ন কৰা গুণটোৱে জীৱ বিজ্ঞানৰ দুটি অসাধাৰণ দিশক উন্মোচন কৰাত সহায় কৰিলে। বিৱৰ্ত্তনবাদৰ অধ্যয়নে যেনেকৈ ক্ৰমাগতভাৱে নতুন প্ৰজাতি সৃষ্টিৰ আৰত লুকাই থকা বিবিধ ৰহস্যৰ জ্ঞানক উন্মোচন কৰিছে ঠিক একেদৰে আনুবংশিক জীৱ বিদ্যাইও নতুন প্ৰজাতিসমূহৰ সঠিক জিনীয় গঠন অধ্যয়ন কৰি জীৱবিজ্ঞানৰ ন’ ন’ দিশ উন্মোচিত কৰি গৈ আছে । প্ৰকৃততে ডাৰউইনৰ বিৱৰ্ত্তনবাদক মেণ্ডেলৰ বংশগতিৰ সূত্ৰাৱলীয়ে পূৰ্ণতা দিছে। বিৱৰ্ত্তনবাদৰ ডাৰউইনৰ নীতিৰ অবিহনে জীৱবিজ্ঞান তেনেই অসম্পূৰ্ণ।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *