যুক্তিবাদী আন্দোলন : অন্তৰ্নিহিত সমস্যা আৰু আনুষংগিক প্ৰসংগ

প্ৰসেনজিৎ চৌধুৰী

. . যুক্তিবাদৰ সংজ্ঞা কি? দেখাত প্ৰশ্নটো বৰ সহজ যেন লাগিলেও একেষাৰে ইয়াৰ উত্তৰ দিয়াৰ ধৃষ্টতা আমাৰ নাই৷ ‘যুক্তিবাদ’ শব্দটো নানা প্ৰসংগত ভিন ভিন অৰ্থত ব্যৱহৃত হয়৷ কিছু লিখকে আনকি আধুনিক সভ্যতাৰ বিধ্বংসী দিশটোৰ স’তে যুক্তিবাদক সাঙুৰি পেলোৱা দেখা যায়৷ আমি এই অৰ্থত পিছে শব্দটো ব্যৱহাৰ কৰা নাই৷ দৰ্শনৰ ইতিহাসত শব্দটো যি অৰ্থত ব্যৱহৃত হয় তাৰ স’তেও আমাৰ আলোচ্য বিষয়টো সম্পৰ্কিত নহয়৷ তেনেহ'লে আমি কিধৰণৰ যুক্তিবাদৰ কথা ক’বলৈ বিচাৰিছো? সংজ্ঞা নিৰূপণৰ চেষ্টা নকৰি যুক্তিবাদৰ উৎস, লক্ষ্য আৰু পদ্ধতিৰ বিষয়ে থোৰতে আলচ কৰিবলৈ যত্ন কৰিলে আমাৰ বক্তব্য বোধহয় কিছু পৰিষ্কাৰ হ'ব৷ অৱশ্যে আমাৰ বক্তব্যত দুৰ্বলতা আৰু সীমাবদ্ধতা থকাটো খুবেই স্বাভাৱিক, কিয়নো পর্যাপ্ত অভিজ্ঞতা, অধ্যয়ন আৰু চিন্তা-চর্চা নোহোৱাকৈ আমি আলোচনাৰ পাতনি মেলিবলৈ বিচাৰিছো৷ অন্যহাতেদি, যুক্তিবাদী আন্দোলনৰ স্বৰূপ বুজিবলৈ/বুজাবলৈ বৰ্তমান আলোচনাত আমি ‘যুক্তিবাদ’ শব্দটো কিছু সংকীৰ্ণ অৰ্থত ব্যৱহাৰ কৰিছো৷ ইয়াৰ ফলত কিছু খেলিমেলিৰ সৃষ্টি হ'ব পাৰে বুলি আশংকা কৰাৰ থল আছে৷ সুধীজনে আমাৰ দোষ-দুৰ্বলতাবোৰ যুক্তিৰে আৰু বন্ধুসুলভ ভংগীৰে দেখুৱাই দিলে আমি আপেক্ষিকভাৱে অধিক শুদ্ধ সিদ্ধান্তত উপনীত হোৱাৰ সুবিধা পাম৷

. . প্ৰশ্ন হ'ল : যুক্তিবাদৰ উৎস কি? এই বিষয়ে কোনো সন্দেহ নাই যে আমি যি যুক্তিবাদৰ কথা ক’বলৈ বিচাৰিছো তাৰ ঘাই উৎস হ'ল মুক্ত, অনুসন্ধিৎসু আৰু সামাজিকভাৱে দায়বদ্ধ মানুহৰ নিৰ্মোহ, নিৰলস সত্যান্বেষণ৷ আৰু এই যুক্তিবাদৰ লক্ষ্য হ'ল ধর্মীয় তথা অন্যান্য অন্ধবিশ্বাস আৰু অতিপ্ৰাকৃত, অলৌকিক বা ব্যাখ্যাতীত যেন লগা ঘটনাৰ প্ৰকৃত স্বৰূপ উদ্ঘাটন কৰা আৰু তাৰদ্বাৰা বিজ্ঞানমনস্কতাৰ প্ৰসাৰ ঘটোৱা৷ কিছু সংর্কীণ হ'লেও আমাৰ আলোচ্য বিষয়ৰ সন্দৰ্ভত যুক্তিবাদৰ এই লক্ষ্য বিশেষভাৱে প্ৰাসংগিক৷ যুক্তিবাদে বাৰু কি পদ্ধতিৰ সহায়ত এই লক্ষ্যত উপনীত হ'বলৈ যত্ন কৰে? কোনো এটা বিশ্বাস, আচৰণ বা ঘটনাৰ বিচাৰ কৰোতে যুক্তিবাদে বস্তুনিষ্ঠ যুক্তিৰদ্বাৰা সকলো দিশ ফঁহিয়াই চায় আৰু তাৰ পাছতহে বিশেষ এটা সিদ্ধান্তলৈ আহে৷ ‘যুক্তি' শব্দটোৱে অৱশ্যে এই ক্ষেত্ৰত কিছু বেমেজালিৰ সৃষ্টি কৰিব পাৰে, কাৰণ শাস্ত্ৰ বা ঈশ্বৰবিশ্বাসীয়েও কেতিয়াবা এই শব্দটো ব্যৱহাৰ কৰে নিজৰ দৃষ্টিকোণৰপৰা৷ ধৰ্মৰ ইতিহাসত এনে ঈশ্বৰাশ্ৰয়ী যুক্তিৰ নমুনা পোৱা যায়৷ সেইগতিকে আমি কোৱা ভাল যে যুক্তিবাদে বৈজ্ঞানিক দৃষ্টিভংগীৰে, বিজ্ঞানৰ তত্ত্ব-তথ্য আৰু অন্বেষণ পদ্ধতিৰ সহায়ত, কথাবোৰ চালিজাৰি চায়৷ অর্থাৎ, ই কাৰ্যকাৰণ সৰ্ম্পকৰ ভিত্তিত অনুসন্ধান চলায়, পৰ্যবেক্ষণ-পৰীক্ষা আদিৰ ভিত্তিত প্ৰকৃত সত্যৰ স্বৰূপ বুজিবলৈ যত্ন কৰে৷ এই পদ্ধতিৰ ওপৰত ভৰ দি যুক্তিবাদে সাধাৰণতে তৰ্ক-বিতৰ্কত অৱতীৰ্ণ হয়, নিজৰ যুক্তি দাঙি ধৰে৷

. . শিথিল অৰ্থত আমি ক'ব পাৰো যে যুক্তিবাদ আচলতে চিন্তা আৰু অনুসন্ধানৰ পদ্ধতিহে, ই কোনো বিশেষ ‘বাদ' নহয়৷ কোনো বিজ্ঞ যুক্তিবাদীয়ে লক্ষ্য আৰু অন্যান্য প্ৰসংগ সৰ্ম্পকে সবিশেষ আলচ দাঙি ধৰি যুক্তিবাদৰ তাত্ত্বিক ভিত্তি প্ৰতিষ্ঠা কৰি থৈ যোৱা নাই৷ এইবাবেই নিশ্চয় যুক্তিবাদৰ মাজত ভিন ভিন প্ৰৱণতা লক্ষ্য কৰা যায়৷ যুক্তিবাদী আন্দোলনৰ অন্তর্নিহিত সমস্যাৰ কথা আলোচনা কৰোতে আমি এই দিশটোৰ প্ৰতি চকু দিয়া উচিত হ'ব৷

. . যুক্তিবাদ আৰু যুক্তিবাদীৰ বিষয়ে মানুহৰ মনত কেতবোৰ অস্পষ্ট, অসম্পূৰ্ণ আৰু ভুল ধাৰণা থকা দেখা যায়৷ বহুতে ভাবে, যুক্তিবাদক আঁকোৱালি ল'লে মানুহৰ জীৱনটো তেনেই নিৰস আৰু যান্ত্ৰিক হৈ পৰিব৷ ‘যুক্তিবাদ' শব্দটো বিভিন্ন জনে ভিন ভিন অৰ্থত ব্যৱহাৰ কৰাৰ কাৰণে এইধৰণৰ খেলিমেলিৰ কেতিয়াবা সৃষ্টি হয় বুলি মনে ধৰে৷ তদুপৰি যুক্তিবাদৰ লক্ষ্য সৰ্ম্পকে স্পষ্ট ধাৰণা নথকাৰ নিমিত্তে বা যুক্তিবাদীসকলে তেনে ধাৰণা দিব নোৱৰাৰ বাবে কোনো কোনো ক্ষেত্ৰত এনে বিভ্ৰান্তিকৰ চিন্তাই বহুতকে কিছু বিব্ৰত কৰা দেখা যায়৷ হয়তো এচাম যুক্তিবাদীৰ ব্যক্তিত্বৰ বৈশিষ্ট্যয়ো এই প্ৰকাৰৰ ধাৰণা বদ্ধমূল হোৱাত ইন্ধন যোগায়৷ দৰাচলতে যুক্তিৰ ওপৰত সর্বাধিক গুৰুত্ব দিলেও যুক্তিবাদে মানুহৰ আৱেগ-অনুভূতি বা সৌন্দৰ্যবোধক নাকচ কৰাৰ প্ৰশ্নই নুঠে৷ সুন্দৰ শিশু এটি দেখি এজন মানুহ ভীষণভাৱে আৱেগাপ্লুত হ'ব পাৰে৷ এই মানৱিক প্ৰতিক্ৰিয়াক যুক্তিবাদীয়ে অস্বীকাৰ নকৰে বা অযুক্তিকৰ বুলিও নাভাবে৷ আচলতে এই ধৰণৰ প্ৰতিক্ৰিয়া/ঘটনা যুক্তিবাদীৰ অনুসন্ধানৰ ক্ষেত্ৰই নহয়৷ কিন্তু কোনোবাই যদি দাবী বা প্ৰচাৰ কৰে যে সেই শিশুটিৰ সুন্দৰ মুখমণ্ডল দৰ্শন কৰাৰ পাছত মানুহৰ সাফল্যৰ বাটত থকা বাধা-বিঘিনি দূৰ হয় তেতিয়া কিন্তু কথাটো বেলেগ হ'ব৷ এই ক্ষেত্ৰত যুক্তিবাদীয়ে হস্তক্ষেপ কৰিবলৈ বাধ্য৷ প্ৰসংগক্ৰমে এটি তাৎপৰ্যপূৰ্ণ কথা এইখিনিতে উল্লেখ কৰাটো সমীচীন হ'ব৷ যুক্তিবাদে এই কথা ঘোষণা নকৰে যে সকলো ঘটনাৰ পূর্ণাংগ বা সন্তোষজনক তাৎক্ষণিক ব্যাখ্যা দিয়াটো সম্ভৱ৷ বিশেষ কেতবোৰ বিৰল ক্ষেত্ৰত ব্যাখ্যা দিবলৈ গৈ যুক্তিবাদীও থমকি ৰ’বলগীয়া হ'ব পাৰে৷ কিন্তু এনে সাময়িক বা আংশিক অক্ষমতাই যুক্তিবাদীক অলৌকিকতাৰ পিনে ঠেলি নিদি অধিক অধ্যয়ন-অনুসন্ধান আলোচনাৰ প্ৰতি আগ্ৰহীহে কৰি তোলে৷ কাৰণ যুক্তিবাদীৰ দৃষ্টিত বিজ্ঞান বিকশমান আৰু বৰ্ধিষ্ণু জ্ঞানৰ সমষ্টি, চূড়ান্ত জ্ঞানৰ ভাণ্ডাৰ নহয়৷

. খ. পৰোক্ষভাৱে উল্লেখ কৰিছোৱেই, যুক্তিবাদৰ প্ৰধান লক্ষ্য হ'ল মানুহৰ চিন্তা-চৈতন্যক বৈজ্ঞানিক মনোভাবৰ আধাৰত গঢ় দিয়া৷ অৱশ্যে ইয়াৰ অৰ্থ এই নহয় যে যুক্তিবাদী আন্দোলন আৰু বিজ্ঞান আন্দোলন সর্মাথক৷ সঠিক অৰ্থত বিজ্ঞান আন্দোলনৰ পৰিধি বহুত ব্যাপক, যুক্তিবাদী আন্দোলন ইয়াৰ অবিচ্ছেদ্য অংগহে৷ পানী পান কৰাৰ পূৰ্বে বীজাণুমুক্ত কৰি লোৱা উচিত, এই বৈজ্ঞানিক শিক্ষাৰ বহল প্ৰচাৰ বিজ্ঞান আন্দোলনকাৰীৰ অৱশ্যকৰ্তব্য৷ কিন্তু এনে শিক্ষাৰ প্ৰচাৰ যুক্তিবাদী আন্দোলনৰ অপৰিহাৰ্য অংগ নহয়৷ অন্যহাতেদি, কোনোবাই যদি দাবী বা প্ৰচাৰ কৰে যে বিশেষ এটা পুখুৰীৰ পানী ব্যৱহাৰ কৰিলে সকলো ৰোগৰ উপশম ঘটে, তেন্তে এই প্ৰকাৰৰ ভিত্তিহীন ধাৰণাৰ অসত্যতা উদঙাই দেখুৱাই দিয়াটো হ'ব যুক্তিবাদীৰ অৱশ্যকৰ্তব্য৷ কোৱা বাহুল্য যে বিজ্ঞান আন্দোলনৰ ভিতৰত যুক্তিবাদীৰ বিচৰণ ক্ষেত্ৰৰ সীমাৰেখা নিৰ্দিষ্ট কৰাটো কোনোপধ্যেই সম্ভৱ নহয়৷ কেৱল সম্ভৱ নোহোৱাই নহয়, সীমাৰেখা নিৰ্দিষ্ট কৰিবলৈ যোৱাটো উচিতো নহয়৷

. . অখণ্ড যুক্তিবাদৰ যৌক্তিক পৰিণতি নিৰীশ্বৰবাদ৷ এই নিৰীশ্বৰবাদৰ প্ৰচাৰ বা নিৰীশ্বৰবাদী দৃষ্টিকোণৰপৰা প্ৰচলিত ধর্মীয় বিশ্বাস আৰু আচাৰ-অনুষ্ঠানৰ বিচাৰ-বিশ্লেষণৰ ওপৰত কিন্তু সকলো যুক্তিবাদীয়ে সমানে গুৰুত্ব নিদিয়ে৷ যুক্তিবাদী আন্দোলনৰ এটা গুৰুত্বপূৰ্ণ সমস্যা হ'ল : ধৰ্ম, অলৌকিকতা, ঈশ্বৰ বিশ্বাস আদিক এই আন্দোলনে বিশ্লেষণ আৰু আলোচনাৰ বিষয় হিচাপে বাছি ল'ব নে নলয়? এই প্ৰশ্নটো তাৎপৰ্য গভীৰ আৰু সুদূৰপ্ৰসাৰী৷ কৌশলৰ এই প্ৰশ্নটোক কেন্দ্ৰ কৰি আন্দোলনৰ মাজত যে অঘোষিত বিভাজন আছে সেই কথা সহজেই অনুমান কৰিব পাৰি৷

. . এচাম যুক্তিবাদীৰ মতে, ধৰ্ম, ইশ্বৰ বিশ্বাস আদিক আঘাত কৰিলে সাধাৰণ মানুহৰ পৰা যুক্তিবাদীসকল বিচ্ছিন্ন হৈ পৰিব আৰু তেনেস্থলত যুক্তিবাদী আন্দোলনৰ গতি থমকি ৰ’বলৈ বাধ্য৷ এই আশংকাক আমি ভিত্তিহীন বুলিব নোৱাৰো৷ যুক্তিবাদীসকলৰ চেতনা নিঃসন্দেহে উন্নত আৰু জনসাধাৰণৰ চেতনাৰ স’তে তাৰ ব্যৱধানো সুস্পষ্ট৷ এই ব্যৱধানে ব্যাপক আৰু বন্ধ্যা-বিচ্ছিন্নতাৰ যাতে সৃষ্টি নকৰে তাৰ প্ৰতি সদাসচেতন থকাটো প্ৰতিজন যুক্তিবাদীৰ অৱশ্যকৰ্তব্য৷ কিন্তু বিচ্ছিন্নতাৰ ভয়ত অন্ধবিশ্বাস-অধ্যুষিত চেতনাৰ লগত সুৰ মিলাই কথা ক’বলৈ যোৱাটো জানো আত্মঘাতী প্ৰয়াস নহ’ব? জনসাধাৰণৰ ধর্মীয় অনুভূতিত আঘাত কৰাৰ আশংকাত যদি কোনো যুক্তিবাদীয়ে লাখ লাখ হিন্দুৱে সঁচা বুলি ভবা গণেশৰ দুগ্ধপানৰ ‘অলৌকিক' ঘটনাটোৰ বৈজ্ঞানিক ব্যাখ্যা আগ বঢ়োৱাৰপৰা বিৰত থাকে তেন্তে সি হ'ব কৌশলৰ নামত এক বন্ধ্যা আপোচ৷ এনেবোৰ ক্ষেত্ৰত মানুহৰ ধর্মীয় অনুভূতিক সম্পূৰ্ণ ৰেহাই দিয়াৰ প্ৰশ্নই নুঠে, কেৱল সেই অনুভূতিত ন্যূনতম আঘাত দি কেনেকৈ প্ৰকৃত সত্যৰ সম্ভেদ দিব পাৰি সেই কৌশল প্ৰয়োগ কৰাটোহে মুখ্য আৰু লাগতিয়াল কথা৷

. . আমাৰ ধাৰণা, ঈশ্বৰ বিশ্বাস, আত্মাৰ তত্ত্ব, কৰ্মফলবাদ, পৰলোকৰ ধাৰণা, অদৃষ্টবাদ আদিৰ ভিত্তিহীনতা আৰু অনিষ্টকৰ ভূমিকাৰ ওপৰত যুক্তিবাদী আন্দোলনে আলোকপাত কৰাৰ প্ৰয়োজন আছে৷ এই কামটো অৱশ্যে ধৈৰ্যসহকাৰে আৰু সুচিন্তিতভাৱে কৰা উচিত৷ এনে ক্ষেত্ৰত যুক্তিবাদীসকলে ব্যৱহাৰ কৰা ভাষা হ'ব লাগিব সংযত : উগ্ৰতা, ব্যংগ বা অপ্ৰয়োজনীয় অসহিষ্ণুতাৰ সুৰ থাকিলে যুক্তিবাদীৰ যুক্তি যিমানেই সবল নহওক তাৰ ভাষা আৰু ভংগীয়ে সেই যুক্তিৰ সম্ভাব্য প্ৰভাৱ হ্রাস বা নিঃশেষ কৰিবই৷ তৃণমূল পর্যায়ত প্ৰচাৰ চলাওঁতে অন্ততঃ এই ভাষিক সংযম অপৰিহাৰ্য৷ বিজ্ঞানবিৰোধী শক্তিৰ স’তে বৌদ্ধিক স্তৰত যুক্তি-যুজঁত অৱতীৰ্ণ হওঁতে অৱশ্যে কোনো কোনো ক্ষেত্ৰত স্বাভাৱিকতে তার্কিকসুলভ কঠোৰ সুৰ এটা আহি পৰে৷ এই সুৰটোকো নিয়ন্ত্ৰণাধীন ৰাখিব পাৰিলেহে সাধাৰণ মানুহে বাক-বিতণ্ডাৰপৰা কিঞ্চিৎ উপকৃত হোৱাৰ সম্ভাৱনা থাকে৷

. . একাংশ যুক্তিবাদীয়ে তাৎক্ষণিকভাৱে অনিষ্টকৰ অন্ধবিশ্বাসবোৰৰ স্বৰূপ উদঘাটন কৰাৰ ওপৰত সর্বাধিক গুৰুত্ব দিয়ে৷ এওঁলোকৰ যুক্তিৰ ওপৰত ভৰ দি ক’ব পাৰি যে অদৃষ্টবাদী ধ্যান-ধাৰণাৰ বিৰুদ্ধে প্ৰচাৰ চলোৱাতকৈ অসুখ-বিসুখৰ বিষয়ে মানুহৰ মাজত প্ৰচলিত অন্ধবিশ্বাসবোৰক আক্ৰমণ কৰাৰ প্ৰয়োজন আৰু যুক্তি বেছি৷ এই প্ৰকাৰৰ যুক্তিয়ে সমস্যাটোৰ অন্য এটা দিশ লক্ষ্য নকৰে৷ এই উপেক্ষিত দিশটো হ'ল, তাৎক্ষণিকভাৱে অনিষ্টকৰ বহুতো অন্ধবিশাসৰ স’তে এনে কেতবোৰ ধর্মীয় বিশ্বাস জড়িত যিবোৰৰ ক্ষতিকৰ চৰিত্ৰ খুব স্পষ্ট নহয়৷ অন্ততঃ উপৰুৱা দৃষ্টিৰে চালে৷ গতিকে তাৎক্ষণিকভাৱে অনিষ্টকৰ অন্ধবিশ্বাসৰ কথা আলোচনা কৰোতে বহু ক্ষেত্ৰত ‘কম ক্ষতিকৰ' ধর্মীয় বিশ্বাসৰ প্ৰসংগ উত্থাপিত হোৱাৰ সম্ভাৱনাক কোনেও নুই কৰিব নোৱাৰে৷ আমাৰ বহুতেই ধৰ্মাশ্ৰয়ী উপায়েৰে বসন্ত ৰোগকো নিয়ন্ত্ৰণ কৰিব বিচাৰে৷ আই-সভা বা শীতলা পূজাৰ অসাৰতাৰ কথা নোকোৱাকৈ জানো বসন্ত ৰোগ-বিধানক এনে ভ্ৰান্ত ধ্যান-ধাৰণাৰ নির্মূলীকৰণৰ কথা চিন্তা কৰিব পাৰি? অলপ দ-কৈ ফঁহিয়াই চালে দেখা যায় যে প্ৰচলিত বহুতো অন্ধবিশ্বাসৰ জন্ম প্ৰক্ৰিয়াত ধর্মীয় বিশ্বাসৰ পোনপটীয়া বা আওপকীয়া প্ৰভাৱ বিদ্যমান৷ আনহাতে, যিবোৰ ধর্মীয় বিশ্বাসক একাংশ যুক্তিবাদীয়ে তাৎক্ষণিকভাৱে ক্ষতিকৰ নহয় বুলি ভাবে তেনে বিশ্বাসে মানুহৰ আত্মনিৰ্ভৰশীলতা আৰু বিজ্ঞানমনস্কতাৰ বিকাশৰ বাটত যে বাধাৰ সৃষ্টি কৰে সেই কথা কোৱা বাহুল্য মাথোন৷

. . এটা কথা আমি স্পষ্টকৈ আৰু নিৰ্দ্বিধায় কব পাৰো : জনসাধাৰণৰ ধর্মীয় অনুভূতিত কেতিয়াও আঘাত নকৰো বুলি দৃঢ়প্ৰতিজ্ঞ হ'লে যুক্তিবাদী আন্দোলনত গুৰুতৰ সীমাবদ্ধতা আহি পৰাটো অৱশ্যম্ভাৱী৷ ইয়াৰ অৰ্থ অৱশ্যে এই নহয় যে জধে-মধে, উগ্ৰভাৱে বা অলাগতিয়াল অসহিঞ্চুতা দেখুৱাই মানুহৰ ধর্মীয় অনুভূতিক অন্ধভাৱে আঘাত কৰাটো যুক্তিবাদী আন্দোলনৰ সাফল্যৰ প্ৰধান পূৰ্বচৰ্ত৷ যিসকলে ধর্মীয় অনুভূতিক শ্ৰদ্ধা দেখুওৱাৰ কথা কয় তেওঁলোকৰ এটা ঘাই যুক্তি হ'ল - ধর্মীয় বিশ্বাসক আঘাত কৰিলে ধর্মীয় মৌলবাদ সম্প্ৰসাৰিত আৰু সংগঠিত হোৱাৰ সুযোগ পাব৷ অংশিকভাৱে এই যুক্তিটো সত্য৷ কিন্তু এই যুক্তিৰ ওপৰত মাত্ৰাধিক গুৰুত্ব দিলে অযুক্তিৰ আটাইতকৈ শক্তিশালী উৎসটোকেই ৰক্ষণাবেক্ষণ দিয়া হ'ব৷ অৰ্থাৎ, কৌশলগত সুবিধাৰ স্বাৰ্থত নীতিগত আপোচৰ উৎসাহদাতাৰ ভূমিকাত যুক্তিবাদীসকল অৱতীৰ্ণ হ’ব৷ এই প্ৰসংগৰ বিবেচনাৰ বাবে আমি প্ৰশ্ন এটা উত্থাপন কৰিব পাৰো : অৱচেতনত সংগোপনে লুকাই থকা ধৰ্ম-নিৰ্ভৰতা বা ধৰ্ম-প্ৰীতিৰ কাৰণে এচাম যুক্তিবাদীয়ে ধৰ্মক ৰেহাই দিব বিচাৰে নেকি? আমি আজি যিসকলক যুক্তিবাদী বুলি জানো তেওঁলোকৰ প্ৰায় সকলোৱে শৈশৱত লালিত-পালিত হৈছিল ধর্মাশ্ৰয়ী পৰিবেশত৷ গতিকে PRIMARY SOCIALISATIONঅৰ ফলস্বৰূপে কিছু যুক্তিবাদীৰ মনত ধৰ্মৰ প্ৰতি অসচেতন মোহ থাকি যোৱাটো অসম্ভৱ নহয়৷ আমাৰ এই অনুমানত যদি সত্যতা আছে তেন্তে যুক্তিবাদী আন্দোলনৰ স্বাৰ্থতেই যুক্তিবাদীসকলে আত্মবিশ্লেষণৰ অভ্যাস আয়ত্ত কৰা বা অব্যহত ৰখা উচিত৷

৩ চ. এচাম যুক্তিবাদীয়ে ধৰ্মশাস্ত্ৰত থকা ভাল ভাল কথাৰ ওপৰত কেতিয়াবা বিশেষ গুৰুত্ব আৰোপ কৰা দেখা যায়৷ বিক্ষিপ্তভাৱে শাস্ত্ৰত যে কিছু শ্ৰদ্ধেয় উক্তি বা উপকাৰী নিৰ্দেশ আছে সেই বিষয়ে সন্দেহৰ অৱকাশ নাই৷ এইপ্ৰকাৰ ইতিবাচক শাস্ত্ৰীয় অনুশাসনক SECULARISE কৰি আত্মস্থ কৰাত আপত্তিৰ বিশেষ কাৰণ আছে বুলি মনে নধৰে৷ কিন্তু কিছু ভাল কথা আছে বুলিয়েই শাস্ত্ৰৰ মূল চৰিত্ৰ আৰু সামাজিক ভূমিকাক যুক্তিবাদী দৃষ্টিভংগীৰে বিচাৰ নকৰাটো নিঃসন্দেহে এক বিপদজনক প্ৰৱণতা৷ বিপদজনক বাবেই যে এনে প্ৰৱণতাই পৰোক্ষভাৱে আৰু অজ্ঞাতেই একধৰণৰ SOFT FUNDEMENTALISMঅৰ জন্ম-প্ৰক্ৰিয়াক ত্বৰান্বিত কৰাৰ সম্ভাৱনা থাকে৷ ধর্মীয় গোড়ামি আৰু বিদ্বেষৰপৰা মুক্ত হ'লেও এনে মৌলবাদে পাকে-প্ৰকাৰে ধৰ্মান্ধতাক উদগনি নিদিব বুলি ডাঠি ক’ব নোৱাৰি৷

. . হিন্দুত্বপন্থীসকলৰ সামাজিক বিস্তাৰ আৰু ৰাজনৈতিক ক্ষমতা বৃদ্ধি পোৱাৰ লগে লগে, বিশেষকৈ ধৰ্মোন্মাদনাই বাবৰি মছজিদ ধ্বংস কৰাৰ পাছত ধৰ্মান্ধতাৰ ভূমিকা সম্পৰ্কে নতুনকৈ কিছু আলোচনা-বিলোচনা আৰম্ভ হোৱা দেখা গৈছে৷ যুক্তিবাদীসকল এই ক্ষেত্ৰত স্বাভাৱিকতেই পিছ পৰি থকা নাই৷ এচাম যুক্তিবাদীয়ে এই প্ৰসংগত ধৰ্মৰ যুক্তি-হননকাৰী আৰু মনুষ্যত্ব-বিৰোধী ভূমিকাৰ স্বৰূপ উদঙাই দেখুৱাবলৈ যত্ন কৰিছে৷ অন্য এচামে আকৌ ধৰ্মক ৰেহাই দি ধৰ্মান্ধতাকহে আক্ৰমণৰ একমাত্ৰ লক্ষ্য হিচাপে বাছি লৈছে৷ এই কথা অৱশ্যে সঁচা যে নাস্তিক নোহোৱাকৈও উগ্ৰ ধর্মীয় সাম্প্ৰদায়িকতাৰ বিষবাষ্পৰ সংক্ৰমণৰপৰা সদিচ্ছাপূৰ্ণ মানুহে নিজৰ চিন্তা-ভাবনাক মুক্ত ৰাখিব পাৰে৷ আনহাতেদি, এইটোও সত্য যে ধৰ্মীয় বিশ্বাস বদ্ধমূল হোৱাৰ নিমিত্তেহে ধৰ্মান্ধতা আৰু ধর্মীয় সাম্প্ৰদায়িকতাই জনসমাজত গা কৰি উঠে৷ ধর্মীয় সাম্প্ৰদায়িকতাৰ আলোচনা প্ৰসংগত যুক্তিবাদীসকলে এই দুয়োটা দিশৰ ওপৰত যথাযথ গুৰুত্ব দিয়া উচিত বুলি মনে ধৰে৷

. . আমি জানো, ধর্মীয় সাম্প্ৰদায়িকতাৰ এটা গুৰুত্বপূৰ্ণ ধৰ্মমুক্ত (SECULAR) দিশ আছে৷ কাৰণ বিভিন্ন ৰাজনৈতিক আৰু অৰ্থনৈতিক স্বাৰ্থৰ স’তে এইবিধ সাম্প্ৰদায়িকতা যুক্ত৷ এই ধৰ্মমুক্ত দিশটোৰ বাবেই নিশ্চয় ধর্মীয় সাম্প্ৰদায়িকতাৰ আলোচনা প্ৰসংগত অনেক যুক্তিবাদীয়ে ন্যস্ত স্বাৰ্থক অপব্যৱহাৰ কৰাৰ কথা কয়৷ আমাৰ ধাৰণা যি অৰ্থত বিজ্ঞানৰ অপব্যৱহাৰৰ কথা কোৱা যায় ঠিক সেই অৰ্থত ধৰ্মৰ অপব্যৱহাৰ হোৱাটো যুক্তিসন্মত নহয়৷ কিয়নো আত্মপৰিচয় আৰু আচাৰ-অনুষ্ঠানৰ প্ৰাধান্য থকা প্ৰাতিষ্ঠানিক ধৰ্মই অপব্যৱহাৰৰ সম্ভাৱনা স্বতঃস্ফূৰ্তভাৱে সৃষ্টি কৰে৷ বিজ্ঞানৰ ক্ষেত্ৰত এই কথা প্ৰযোজ্য বুলি জানো ক’ব পাৰি? তীক্ষ্ণধী বিশ্লেষকে এই বিষয়ে আলচ কৰিলে আমি প্ৰভূত পৰিমাণে উপকৃত হ'ম৷

. . অপ্ৰিয় হ’লেও এষাৰ কথা এইখিনিতে স্পষ্টকৈ কৈ থোৱা উচিত হ'ব : ধৰ্মবিশ্বাসৰ স’তে, কিছু পৰিমাণে আৰু পৰোক্ষভাৱে হ’লেও, পৰধৰ্ম অসহিষ্ণুতা থাকেই, নহ’লে যে নিজ নিজ ধৰ্মৰ ভিত্তিটোৱেই থৰক-বৰক হৈ পৰিব৷ যিগৰাকী মানুহৰ বিশেষ এটা প্ৰাতিষ্ঠানিক ধৰ্মৰ প্ৰতি অটল আনুগত্য আছে তেওঁ প্ৰকৃত অৰ্থত আন ধৰ্মক নিজৰ ধৰ্মৰ সমান বুলি ভাবিব নোৱাৰে৷ কাৰণ IDENTITY-CONSCIOUS প্ৰাতিষ্ঠানিক ধৰ্মই যি মানসিকতাৰ জন্ম দিয়ে সি স্বধৰ্মী-বিধৰ্মী বিভাজন দৃঢ়তৰহে কৰে৷ এইবাবেই নিশ্চয় সৰ্বধৰ্মৰ সমতাৰ কথা কোৱা লোকে ধৰ্মান্তৰিত হৈ নিজৰ উদাৰনৈতিক বিশ্বাসৰ বাস্তৱ প্ৰমাণ দি আৰ্হি দাঙি ধৰাৰ দৃষ্টান্ত নাই বুলি ক'লেও বোধহয় সত্যৰ অপলাপ কৰা নহব৷ মুঠ কথাত, ধৰ্মান্ধতা আৰু ধর্মীয় সাম্প্ৰদায়িকতাক সফলভাৱে মূলোচ্ছেদ কৰিবলৈ হ'লে যুক্তিবাদীসকলে ধৰ্মক সম্পূৰ্ণভাৱে ৰেহাই নিদি ধৰ্মৰ নেতিবাচক/বন্ধ্যা বিষয়গত (OBJECTIVE) ভূমিকা সম্পৰ্কে সংযত অথচ স্পষ্ট ভংগীৰে জনসাধাৰণক ধৈৰ্যসহকাৰে সচেতন কৰাৰ প্ৰয়োজন আছে৷ অন্যভাৱে ক’বলৈ গ'লে, ধৰ্মান্ধতাৰ বিৰুদ্ধে যুঁজ দিবলৈ হ'লে যি প্ৰাতিষ্ঠানিক ধৰ্মই জনমানসত অন্ধতাৰ পূৰ্বচৰ্ত তৈয়াৰ কৰে তাক আলোচনাৰ চাৰিসীমাৰ বাহিৰত ৰখাটো সম্ভৱ আৰু উচিত নহয়৷ ইয়াৰ অৰ্থ অৱশ্যে এই নহয় যে নৈতিকতাৰ বিকাশ, সভ্যতা-সংস্কৃতিৰ উৎকৰ্ষ সাধন আৰু সমাজজীৱনক সংগঠিত কৰাৰ ক্ষেত্ৰত ধৰ্মই যি ঐতিহাসিক ইতিবাচক ভূমিকা পালন কৰিছিল তাৰ মূল্য আৰু গুৰুত্বক নাকচ কৰিব লাগিব৷

. . যুক্তিবাদী আন্দোলনৰ এনে কেতবোৰ স্বল্পালোচিত আভ্যন্তৰীণ সমস্যা আছে যিবোৰৰ স’তে আন্দোলনটোৰ চাৰিত্ৰিক বৈশিষ্ট সংপৃক্ত৷ প্ৰথম কথা হ'ল, এই আন্দোলনত নেতিবাচক যুক্তি-তৰ্কৰ প্ৰাধান্য আৰু গুৰুত্ব বিশেষভাৱে মন কৰিবলগীয়া৷ অৰ্থাত, সৰহ ক্ষেত্ৰত, পৰোক্ষ আৰু প্ৰত্যক্ষভাৱে, যুক্তিবাদীসকলে প্ৰচলিত জনপ্ৰিয় অন্ধবিশ্বাসৰ ভিত্তিহীনতা বা অহিতকৰ ভূমিকা উদঙাই দেখুৱাই সিবোৰক নাকচ কৰে অথবা বিৰুদ্ধ পক্ষক প্ৰত্যাহ্বান জনায়৷ স্বাভাৱিকতে যুক্তিবাদীসকলৰ কথাৰ সুৰ তাৰ্কিকসুলভ, কেতিয়াবা আক্ৰমণাত্মকো৷ অনায়াসে অনুমান কৰিব পাৰি যে সোঁতৰ বিপৰীতে যোৱা এনে আন্দোলনকাৰীয়ে চেতনাৰ গভীৰত কেতিয়াবা বিচ্ছিন্নতাবোধৰ যন্ত্ৰণা অনুভৱ কৰে৷ এই বিচ্ছিন্নতাজনিত যন্ত্ৰণা ঢাকিবলৈ যাওঁতে বা অতিক্ৰম কৰিবলৈ চেষ্টা কৰোতে যুক্তিবাদী আন্দোলন উগ্ৰতা আৰু আপোচৰদ্বাৰা সংক্ৰমিত হোৱাৰ সম্ভাৱনা থাকে৷ আনহাতে অত্যুৎসাহী, আৰু বাস্তৱবোধ-বিবৰ্জিত যুক্তিবাদী - প্ৰাথমিক উৎসাহ-উদ্দীপনা শাম কটাৰ পাছত কেতিয়াবা হতাশা আৰু ব্যৰ্থতাবোধৰ গৰাহত পৰে৷ সমাজৰ অনীহা আৰু বাধাৰ সন্মুখীন হৈ বা সাফল্যৰ আকাংক্ষিত দ্ৰুততাৰ অনুপস্থিতিত এইচাম যুক্তিবাদীয়ে নিজৰ যুক্তি-তথ্যবোৰ দাঙি ধৰোতে আক্ৰমণাত্মক আৰু ব্যংগাত্মক ভংগীৰ ওপৰত বৰকৈ নিৰ্ভৰ কৰে৷ এনে আৱেগিক প্ৰতিক্ৰিয়াই যুক্তিবাদৰ প্ৰসাৰত অকণো সহায় নকৰে, যদিও উগ্ৰতা আৰু ঠাট্টাই যুক্তিবাদীসকলক কিছু মানসিক স্বস্তি দিয়ে বুলি অনুমান কৰিব পাৰি৷ আচলতে যিসকল প্ৰকৃত যুক্তিবাদী তেওঁলোকৰ ব্যক্তিত্ব হ'ব লাগিব ভিন্নধৰণৰ : সমাজৰ অনীহা, অৱজ্ঞা, ঠাট্টা, তিৰস্কাৰ - আনকি নিৰ্যাতনো - সহ্য কৰাৰ ধৈৰ্য, শক্তি আৰু প্ৰস্তুতি তেওঁলোকৰ থাকিব লাগিব৷ আনহাতেদি, নিজৰ ব্যক্তিগত সীমাবদ্ধতাৰ কথাও মুক্তকন্ঠে স্বীকাৰ কৰাৰ নিৰ্ভেজাল নম্ৰতা তেওঁলোকে আয়ত্ত কৰা যুগুত হ'ব৷ নহ’লে কোনো কোনো যুক্তিবাদীয়ে নিজৰ যুক্তিৰ অপৰ্যাপ্ততা ঢাকিবলৈ কেতিয়াবা বিদ্ৰূপমিশ্ৰিত উগ্ৰতাৰ সহায় ল’ব পাৰে৷

. . মনোবৈজ্ঞানিক দৃষ্টিকোণৰপৰা চাবলৈ গ'লে বিশেষ কেতবোৰ মনস্তাত্ত্বিক চাহিদা (phychic need)ৰ হেঁচাত মানুহে অযুক্তিৰ আশ্ৰয় লয়৷ আত্মসমৰ্পণ কৰে অলৌকিকতাৰ ওপৰত৷ এই দৃষ্টিকোণৰপৰা বিচাৰ কৰিলে আমি আন এটা তাৎপৰ্যপূৰ্ণ সিদ্ধান্তত উপনীত হ'ব পাৰো : মানুহৰ সামগ্ৰিক কল্যাণ কামনাৰদ্বাৰা উদ্বুদ্ধ নহৈ বিশেষ কেতবোৰ মনস্তাত্ত্বিক চাহিদাৰ তাগিদাতো কিছু মানুহে যুক্তিবাদী আন্দোলনত অংশ ল'ব বা যুক্তিবাদৰ সপক্ষে থিয় দিব পাৰে৷ আমি জানো, আমাৰ মাজত এনে কিছুমান লোক আছে যিসকলে আঘাত কৰি স্বস্তিদায়ক আনন্দ লাভ কৰে অথবা যিসকলে আত্মপ্ৰৰ্দশন তথা আত্মপ্ৰচাৰৰ প্ৰতি বিশেষভাৱে আসক্ত৷ বিৰ্তকৰ কেন্দ্ৰবিন্দু হৈ বা চমকপ্ৰদ কথা কৈ দহজনৰ দৃষ্টি আৰ্কষণ কৰিব বিচৰা লোকৰ সংখ্যাও বিদ্বৎ সমাজত বৰ তাকৰ নহয়৷ কোৱা বাহুল্য যে এনে ব্যক্তিত্ব বৈশিষ্ট থকা লোকে যুক্তিবাদৰ প্ৰতি প্ৰকাশ্য আৰু সোচ্চাৰ সমৰ্থন আগ বঢ়ালে আচৰিত হ'বলগীয়া একো নাই৷ কাৰণ যুক্তিবাদী বাক-বিতণ্ডাত এনে লোকে মনস্তাত্ত্বিক স্বস্তি লাভ কৰাৰ যথেষ্ট সুযোগ আৰু সম্ভাৱনা আছে৷ নক’লেও হ'ব যে ঘাইকৈ মনস্তাত্ত্বিক চাহিদা পূৰণৰ কাৰণে যুক্তিবাদৰ সপক্ষে থিয় দিয়া লোকে নানা তৰহৰ সমস্যা সৃষ্টি কৰিব পাৰে৷ মনস্তাত্ত্বিক চাহিদা কিছু পৰিমাণে পূৰণ হোৱাৰ পাছত এওঁলোকৰ এচামে বিপৰীত শিবিৰৰ পিনে ধাৱমান হ'ব পাৰে৷

. . এচাম শিক্ষিতৰ মাজত যুক্তিবাদ কেতিয়াবা ফেশ্যন (FASHION) হিচাপেও জনপ্ৰিয় হ'ব পাৰে৷ যুক্তিবাদ এনে লোকৰ কাৰণে নিজকে আধুনিক বুলি জাহিৰ কৰাৰ উপায়স্বৰূপ৷ এনে লোকৰ যুক্তি-তৰ্কত মানুহ আৰু সমাজৰ প্ৰতি নিভাঁজ দায়বদ্ধতা অনুপস্থিত৷ অন্যহাতেদি, উন্নত চেতনাৰ অধিকাৰী হোৱাৰ নিমিত্তে কিছু যুক্তিবাদী মনত উচ্চাত্মিকাবোধ বা আত্মশ্ৰেষ্ঠতাৰ ধাৰণা শিপাই পৰাৰ সম্ভাৱনাক নুই কৰিব নোৱাৰি৷ এনে লোকে সকলো ধৰ্মনিষ্ঠ বা পুৰণিকলীয়া মানুহক মূৰ্খ, ভণ্ড বা ধুৰন্ধৰ বুলি গণ্য কৰিব পাৰে৷ অথবা যান্ত্ৰিকভাৱে সাংস্কৃতিক ঐতিহ্যৰ সকলো কথাকেই নিন্দনীয় আৰু বৰ্জনীয় বুলি ভাবিব পাৰে৷ প্ৰসংগতঃ উল্লেখ্য যে কেৱল যুক্তিবাদী কথা-বতৰা বা লেখা-মেলাৰ ওপৰত ভৰ দি মানুহৰ নৈতিক মানদণ্ড ঠাৱৰ কৰিব নোৱাৰি : কাল্পনিক ঈশ্বৰৰ ওপৰত নিৰ্ভৰ কৰা এজন ধৰ্মনিষ্ঠ লোকৰ নৈতিক মানদণ্ড নিৰ্ভেজাল নাস্তিকতকৈ কেতিয়াবা উচ্চ স্তৰৰ হ'ব পাৰে৷ এই দিশটোৰ প্ৰতি চকু নিদিলে যুক্তিবাদী আন্দোলনৰ সমস্যা বাঢ়িবহে, কিয়নো নৈতিক আত্মসন্তুষ্টিয়ে আত্মোন্নতিৰ চেষ্টাক উদগনি নিদি এক ক্ষতিকৰ স্থবিৰতা আনে মানুহৰ আত্মিক জগতলৈ৷

. ঘ. অনস্বীকাৰ্য যে যুক্তিবাদী আন্দোলন মূলতঃ শিক্ষিত মধ্যবিত্তৰ সচেতন অংশৰ আন্দোলন৷ অন্ততঃ এতিয়ালৈকে আন্দোলনটোত এই শ্ৰেণীচৰিত্ৰ কম-বেছি পৰিমাণে স্পষ্টকৈ বিদ্যমান৷ এই শ্ৰেণীচৰিত্ৰৰ বাবে আন্দোলনটোৰ মাজত কেতবোৰ সমস্যাই মূৰ দাঙি উঠাৰ সম্ভাৱনা আছে বুলি অনুমান কৰিব পাৰি৷ ঈৰ্ষাকাতৰতা, প্ৰতিদ্বন্দ্বিতা, আত্মপ্ৰচাৰৰ প্ৰৱণতা মধ্যবিত্ত মানসিকতাৰ প্ৰায় অবিচ্ছেদ্য অংগ, তাৰ কুপ্ৰভাৱে যুক্তিবাদী আন্দোলনৰ ক্ষেত্ৰবিশেষে কিছু দুৰ্বল বা ক্ষতিগ্ৰস্ত কৰাৰ সম্ভাৱনা নথকা নহয়৷ এই মানসিকতাৰ নিমিত্তে কোনো কোনো ক্ষেত্ৰত বিভিন্ন যুক্তিবাদী সংগঠন/গোষ্ঠীৰ মাজত বন্ধুত্বপূৰ্ণ মত বিনিময় বা ঐক্যবদ্ধ কাৰ্যসূচী গ্ৰহণ কৰাটো কঠিন হৈ পৰিব পাৰে৷

. . আলোচনাৰ সুবিধাৰ্থে যুক্তিবাদক আমি বহলভাৱে দুটা শিবিৰত ভাগ কৰিব পাৰো : এটা মাৰ্ক্সবাদী, আনটো অ-মাৰ্ক্সবাদী৷ মাৰ্ক্সবাদী যুক্তিবাদীসকলে ধৰ্মীয় আৰু অন্যান্য অন্ধবিশ্বাসৰ বিষয়ে আলোচনা কৰোতে আৰ্থ-সামাজিক উৎস তথা পটভূমিৰ ওপৰত বিশেষ গুৰুত্ব দিয়ে৷ যিবোৰ আৰ্থ-সামাজিক কাৰণৰ লগত বিভিন্ন অন্ধবিশ্বাসৰ অস্তিত্ব আৰু সম্প্ৰসাৰণ সম্পৰ্কিত তাৰ উচ্ছেদ বিচাৰে তেওঁলোকে মানুহৰ চেতনাৰ মুক্তিৰ স্বাৰ্থত৷ ফলস্বৰূপে তেওঁলোকৰ যুক্তিবাদী আন্দোলন যুক্ত হয় সমাজ ৰূপান্তৰৰ বৃহৎ সংগ্ৰামৰ লগত। তেওঁলোকৰ মতে ঈশ্বৰ বা সমগোত্ৰীয় কাল্পনিক শক্তিৰ ওপৰত নিৰ্ভৰ কৰাৰ প্ৰয়োজন আৰু পৰিবেশ যেতিয়ালৈকে সমাজত থাকিব তেতিয়ালৈকে যুক্তিবাদী আন্দোলনে স্থায়ী আৰু ব্যাপক সাফল্যৰ মুখ দেখাৰ আশা নাই৷ যিসকল অ-মাৰ্ক্সবাদী যুক্তিবাদী তেওঁলোকে কিন্তু মানুহৰ চিন্তা-চেতনাৰ বিজ্ঞানমুখী ৰূপান্তৰৰ ওপৰতহে একমাত্ৰ বা ৰ্সবাধিক গুৰুত্ব দিয়ে৷ তেওঁলোকৰ চিন্তা-ভাবনা আৰু কাম-কাজত ELITIST প্ৰৱণতা সাধাৰণতে লক্ষ্য কৰা যায়৷ যিবোৰ আৰ্থ-সামাজিক চৰ্তই বিভিন্ন অন্ধবিশ্বাসক প্ৰতিপালিত কৰে তাৰ তাৎপৰ্য এইচাম যুক্তিবাদীৰ দৃষ্টিত অৱজ্ঞেয় বা গৌণ৷ প্ৰচলিত অন্ধবিশ্বাসবোৰৰ স্থায়ী আৰু সফল নিৰ্মূলীকৰণৰ সৈতে সমাজ ৰূপান্তৰৰ প্ৰশ্নটো যুক্ত কৰিব নোৱৰা বা নকৰাটো অ-মাৰ্ক্সবাদী যুক্তিবাদী আন্দোলনৰ এক গুৰুতৰ সীমাবদ্ধতা৷ উল্লেখ্য, মাৰ্ক্সবাদী আৰু অ-মাৰ্ক্সবাদী শিবিৰৰ মাজত থকা এই মতপাৰ্থ্যকই যুক্তিবাদী আন্দোলনক কিছু দ্বিধাবিভক্ত কৰা বুলি অনুমান কৰিব পাৰি৷ ব্যাখ্যা বা উত্তৰণৰ উপায় নিৰ্ধাৰণৰ বেলিকা এই মত-ব্যৱধান প্ৰতিফলিত হোৱা দেখা যায়৷

. . নিৰ্বাচন-নিৰ্ভৰ ৰাজনীতিৰ স’তে বেছিকৈ জড়িত হৈ পৰাৰ বাবে অথবা কেৱল সাংগঠনিক স্বাৰ্থৰ কথাকেই চিন্তা কৰাৰ কাৰণে মাৰ্ক্সবাদী যুক্তিবাদী আন্দোলনত কেতবোৰে দুৰ্বলতা কেতিয়াবা লক্ষ্য কৰা যায়৷ এই কথা বোধহয় বহলাই ব্যাখ্যা কৰাৰ সকাম নাই যে ভোট আৰু জনপ্ৰিয়তা হেৰুওৱাৰ আশংকাক বৰকৈ প্ৰশ্ৰয় দিলে যুক্তিবাদী আন্দোলনৰ লক্ষ্য সীমিত বা গতি ব্যাহত হ’বলৈ বাধ্য৷ এনেবোৰ ক্ষেত্ৰত সাধাৰণতে জনসাধাৰণৰ অনুভূতিৰ পৰিপ্ৰেক্ষিতত কৌশলৰ প্ৰশ্নটো উত্থাপন কৰা হয়৷ কৌশলৰ প্ৰশ্নটো নিঃসন্দেহে গুৰুত্বপূৰ্ণ, কিন্তু কোনো কোনো ক্ষেত্ৰত তাৎক্ষণিক লাভালাভৰ প্ৰতি মাত্ৰাধিক চকু দিয়া হয় বুলি ভবাৰ যথেষ্ট থল আছে৷ এই কৌশলৰ কথা চিন্তা কৰিয়েই ঘাইকৈ তাৎক্ষণিক বিৰূপ প্ৰতিক্ৰিয়াৰ ভয়ত বাঁওপন্থী দলৰ পত্ৰ-পত্ৰিকাত সম্ভৱতঃ ধৰ্মীয় আৰু অন্যান্য অন্ধবিশ্বাসৰ বিষয়ে স্পষ্ট বক্তব্য থকা লেখা বৰকৈ প্ৰকাশ কৰা নহয়৷ (খুব সম্ভৱ, কৌশল-কেন্দ্ৰিক এই সমস্যাটোক কেন্দ্ৰ কৰি মাৰ্ক্সবাদী শিবিৰতো কিছুমান মত-বিৰোধ আছে৷) উল্লেখযোগ্য যে ধৰ্মাশ্ৰয়ী ৰাজনীতিৰ প্ৰভাৱ-প্ৰাধান্য বৃদ্ধি পোৱাৰ লগে লগে মাৰ্ক্সবাদীসকলেও – সৰহ ক্ষেত্ৰত বোধহয় ৰাজনৈতিক সংগ্ৰামৰ স্বাৰ্থতেই -ধৰ্মবিষয়ক যুক্তিবাদী আলোচনা-বিলোচনাক আগতকৈ বেছি গুৰুত্ব দিয়া হৈছে৷

. . আমাৰ ধাৰণা, বিশেষ কেতবোৰ ক্ষেত্ৰত বা বিশেষ এটা পৰ্যায়লৈকে মাৰ্ক্সবাদী আৰু অ-মাৰ্ক্সবাদী যুক্তিবাদীসকলে সন্মিলিতভাৱে কাম কৰিব পাৰে -ৰাজনৈতিক দৃষ্টিকোণৰ ভিন্নতা সত্ত্বেও৷ এনে যুটীয়া কাম-কাজৰ ফলাফল সুদূৰপ্ৰসাৰী হোৱাটোও সম্ভৱ, কাৰণ যুক্তিবাদী আন্দোলনৰ বাস্তৱ অভিজ্ঞতাই দুয়োটা শিবিৰৰ মাজত ভাবৰ আদান-প্ৰদান সম্ভৱ আৰু সহজ কৰি তুলিব বুলি আশা কৰা যায়৷ ইয়াৰ ফলস্বৰূপে একাংশ অ-মাৰ্ক্সবাদীয়ে নিশ্চয় উপলব্ধি কৰিব যে অন্ধবিশ্বাসৰ আৰ্থ-সামাজিক উৎস আৰু পটভূমিৰ ওপৰত গুৰুত্ব নিদিলে, তৃণমূল স্তৰত বিজ্ঞানমনস্কতাৰ প্ৰসাৰ ঘটাব নোৱাৰিলে আৰু সমাজ ৰূপান্তৰৰ সংগ্ৰামৰ প্ৰতি সমৰ্থনসূচক দৃষ্টিভংগী আয়ত্ত কৰিব নোৱাৰিলে যুক্তিবাদী আন্দোলনে কোনোধৰণৰ ব্যাপক আৰু স্থায়ী পৰিৱৰ্তন অনাত ব্যৰ্থ হ'ব৷

. . যিসকলে ৰাজনৈতিক/অৰ্থনৈতিক সংগ্ৰামৰ বাহিৰে অন্য প্ৰকাৰৰ সংগ্ৰামৰ প্ৰতি নিৰ্লিপ্ততা বা অৱজ্ঞাৰ মনোভাব পোষণ কৰে তেওঁলোকে বুজা উচিত যে ৰাজনৈতিক/অৰ্থনৈতিক ক্ষেত্ৰত যি সংগ্ৰামৰ কথা কোৱা হয় সি পশ্চাদপদ গণমানসত বিজ্ঞানমনস্কতাৰ বিকাশ ঘটোৱাৰ আশা বৰ ক্ষীণ৷ অন্যহাতেদি, বিভিন্নধৰণৰ অন্ধবিশ্বাসে - যেনে, ধৰ্মীয় গোড়ামি, অদৃষ্টবাদ, কৰ্মফলতত্ত্বই - এনে সংগ্ৰামক যে ব্যাহত কৰে সেই সত্যও কোনোপধ্যেই উপেক্ষণীয় নহয়৷ এইবোৰ কথাৰ ওপৰত ভেজা দি আমি বোধহয় এটা পৰামৰ্শ সুধীজনৰ বিচাৰ-বিবেচনাৰ বাবে আগ বঢ়াব পাৰো : শক্তি-ক্ষয়িষ্ণু বিৰোধ-বিবাদৰ সৃষ্টি নকৰাকৈ ধ্ৰুপদী ৰাজনৈতিক/অৰ্থনৈতিক সংগ্ৰামৰ প্ৰায় সমান্তৰালভাৱে আৰু বিজ্ঞান আন্দোলনৰ অবিচ্ছিন্ন অংগ হিচাপে এটা যুক্তিবাদী আন্দোলনো চলা উচিত৷ এনে আন্দোলনৰ বাবে প্ৰয়োজন হ'ব নতুন কিছু সংগঠনৰ - কেৱল শিক্ষিত সমাজতেই নহয়, তৃণমূল পৰ্যায়তো৷ প্ৰচাৰমূলক/গৱেষণাধৰ্মী সাহিত্য তথা অন্যান্য মাধ্যম ব্যৱহাৰ কৰাৰ ওপৰতো দিব লাগিব যথোচিত গুৰুত্ব৷ সমাজৰ সৰ্বাত্মক ৰূপান্তৰ কামনা কৰা বিভিন্ন সংগঠনৰ/সংগ্ৰামৰ কৰ্ণধাৰসকলে - পৰীক্ষামূলকভাৱে অন্ততঃ এনে আন্দোলনৰ প্ৰাথমিক প্ৰস্তুতি চলোৱাৰ কথা দ-কৈ ভাবি চাবনে?

ইউনিক'ড ৰূপান্তৰক : টুনুজ্যোতি গগৈ আৰু আৰহান ইনামূল

Share Button
Print Friendly, PDF & Email

No Comments : "যুক্তিবাদী আন্দোলন : অন্তৰ্নিহিত সমস্যা আৰু আনুষংগিক প্ৰসংগ"

Leave a Comment

Your email address will not be published. Required fields are marked *