অসমৰ শিল্পচর্চাৰ ডুখৰীয়া চিন আৰু পাব্লিক আর্টৰ প্রাসঙ্গিকতা (প্রথম খণ্ড)

সমুদ্র কাজল শইকীয়া

পাব্লিক আর্টৰ প্রকল্প এটা হাতত লোৱাৰেপৰাই বিভিন্নজনৰ প্রশ্নৰ মুখামুখি হ'বলগীয়াত পৰিছে, পাব্লিক আর্টটোনো কি বস্তু? আচৰিত হোৱা নাই, কাৰণ একেটা প্রশ্ন আজি কেইবাদিনৰ আগলৈকে আমাৰ মনতো আছিল, আনকি এতিয়াও প্রশ্নটো আংশিকভাৱে হ'লেও অমীমাংসিত হৈয়েই ৰৈছে। আমি সাধাৰণভাৱে কৈ পেলাওঁ যে আর্ট বা শিল্প দেখোন সদায়েই পাব্লিক (ৰাজহুৱা, সামাজিক, সামূহিক), তেনে ক্ষেত্রত আকৌ পাব্লিক আর্ট বুলি কোৱাৰ কাৰণটোনো কি? কোনধৰণৰ বিশেষ শিল্পচর্চাকেই বা পাব্লিক আর্ট বুলি কোৱা হ'ব? এই এটা বিশেষ আখ্যাৰে বিভূষিত কৰি এই এক বিশেষ চর্চাৰ প্রাসঙ্গিকতাই বা কোনখিনিত? কিছুমান শিল্পক পাব্লিক আর্ট বুলি কোৱা হৈছে যেতিয়া, কোনখিনি শিল্পনো পাব্লিক নহয়? শিল্প যদি পাব্লিক নহয় কিয় নহয়, যদি হয় কিয় হয়? বোধকৰোঁ শিৰোনামটো দেখি পোনপ্রথমেই মনত উদ্রেক হ'ব পৰা সহজাত কৌতূহল এইখিনিয়েই।

অপ্রিয় হ'লেও সত্য যে শিল্প বুলিলে যাক সততে বুজা হয় বা এক বিশেষ মর্যাদা দি থকা হয়, সেয়া কাহানিও ক'তো "পাব্লিক" নাছিল। আমি মিকেল এঞ্জেলোৰ কথা কওঁতে তেওঁৰ শিল্পৰ আঁৰত, অথবা শ্বেইক্সপিয়েৰৰ কথা কওঁতে তেওঁৰ নাট্যসৃষ্টিৰ আঁৰত ধর্মীয় আৰু ৰাজকীয় পৃষ্ঠপোষকতাৰ কথা পাহৰি থাকিলে নচলিব। অসমীয়া শিল্পচর্চাৰ কথা কওঁতেও যে আমি পুথিচিত্রৰ কথা কওঁ, সেই পুথিচিত্রও কেতিয়াও সর্বসাধাৰণৰ সম্পদ নাছিল।

শিল্প আছিল সদায়েই ৰজাঘৰীয়া, ধর্মীয়, অথবা প্রতিপত্তিশালী ধনিক শ্রেণীৰ পৃষ্ঠপোষকতাত চর্চিত বস্তু। উচ্চ-শিল্প সদায়েই দুর্লভ। আৰু এক অপ্রিয় সত্য এই যে এই দুর্লভ্য-গুণৱত্তা অথবা দুষ্প্রাপ্তিতেই শিল্পৰ মান নিৰূপিত হৈ আহিছে। এই গুণেই উচ্চ-শিল্প অথবা হাই-আর্ট বুলি এষাৰ কথাৰ চলন আছে। এই উচ্চ শিল্পৰ নন্দনতত্ত্ব সর্বসাধাৰণৰ বোধগম্য নহয়। সর্বসাধাৰণ মানুহ এজনে ইয়াক হস্তগত কৰিব নোৱাৰে। হয় ই বিৰাট দামী, নহয় ই বিশেষ ৰাজসিক অথবা ধার্মিক পৰিমণ্ডলত আবদ্ধ। "এই শিল্পকর্মটোৰ বিৰাট নান্দনিক মূল্য আছে, আৰু এই কর্মটো কেৱল মইহে সম্পত্তি হিচাপে অধিগ্রহণ কৰিব পাৰোঁ", বহু ক্ষেত্রত শিল্প সংগ্রাহকৰ এই আত্মপ্রসাদেই শিল্পৰ মান নিৰূপিত কৰে। শিল্পৰ দাম বাঢ়ে। শিল্পৰ নিলাম হয়। শিল্প মানুহৰ সম্পদ হৈয়ো মানুহৰপৰা আঁতৰি গৈ থাকে। শিল্প একোটা জীৱনচর্যাৰ পৰিৱর্তে একোবিধ "বস্তু"-সম্পদ হৈ উঠে।

এনেকৈয়ে শিল্প এলিট (elite), বুর্জোৱা শ্রেণীৰ একচেটিয়া সম্পত্তি মাত্র হৈ ৰয়। গেৰি টাৰ্টাকভে ক'বৰ দৰে, বুর্জোৱা নান্দনিকতাৰ বা শিল্পমনস্কতাৰ আটাইতকৈ গুৰুত্বপূর্ণ কথাটোৱেই হ'ল যে ইয়াত "বস্তুপদ" হ'ব লাগিব অতি দুষ্প্রাপ্য, আৰু আটাইতকৈ ক্ষমতাশালীজনেহে ইয়াক আয়ত্ত কৰিব পাৰিব। শিল্প এনেকুৱা এটা আপুৰুগীয়া বস্তু হ'ব লাগিব যাক আমি পাবও নোৱাৰোঁ, আৰু যাৰ ওপৰত আমাৰ কোনো ভূমিকাও নাথাকিব। ইয়াৰ আন সকলোবোৰ গুণগত মানৰ বাছ-বিচাৰৰ ঊৰ্ধ্বত আছে ইয়াৰ দুর্লভ্যতা। সংখ্যাগৰিষ্ঠ মানুহৰ কাৰণে ই সহজলভ্যতো নহয়েই, তেওঁলোকে এইটো বুজিও নাপায় যে এই বস্তুপদ কিয়নো ইমান মূল্যৱান। কেতিয়াবা এইটোও নুবুজাকৈয়ে থাকি যায় যে এই বস্তুপদ আদৌ মূল্যৱান। (“What is important for the bourgeois aesthetic is that its object be rare and that only the most powerful have access to them. That is, that is fixes upon the art we cannot have or effect. Indeed its major value, even beyond its supposed esthetic power, is its rarity....…not only can the majority not own it, they cannot even understand why it is valuable or that it is valuable”. Gary Tartakov, “Dalits, Art and the Imagery of Everyday Life”, Art and Activism in India, Tulika Books, New Delhi)

সময় সলনি হোৱাৰ লগে লগে এচাম ব্যক্তিৰ উদ্যোগত এই কথা প্রতীয়মান হ'ল যে নান্দনিকতা কেৱল উচ্চশ্রেণীৰ আছুতীয়া সম্পদ হ'ব নোৱাৰে। লোকশিল্প বুলি নিলগাই থোৱা এটা শ্রেণীবিভাজনৰ ব্যতিৰেকেও উচ্চশ্রেণীৰ শিল্পচর্চাতো সর্বসাধাৰণৰ অংশগ্রহণ থাকিব পাৰে, অথবা থকা উচিত। এইখিনিতেই পাব্লিক আর্ট নামৰ এটা নতুন বিভূষণৰ শিল্পচর্চাৰ গুৰুত্ব আহি পৰে।

6_SAMUDRA_KAJALআক্ষৰিক অর্থতেই পাব্লিক আর্ট সেই শিল্পকর্মকেই কোৱা হয় যাক এক বিশেষ উদ্দেশ্য আগত ৰাখি সাধাৰণ মানুহৰ আগত পৰিবেশিত হ'ব পৰাকৈ আৰু (প্রায়ে মুকলি পৰিবেশত) সকলোৱে অংশগ্রহণ কৰিব পৰাকৈ প্রস্তুত কৰি উলিওৱা হয়। পাব্লিক আর্ট একধৰণৰ শিল্পপদ্ধতি - ই সচৰাচৰ স্থাননির্ভৰ, স্থানীয় মানুহ বা সম্প্রদায়ৰ দৈনন্দিন জীৱনযাত্রাৰ লগত সম্পৃক্ত, আৰু পাৰস্পৰিক সহযোগিতাৰ সংবাহক। কেতিয়াবা এই আখ্যাই, ৰাজহুৱা স্থানৰ স্থাপত্যকে ধৰি ৰাজহুৱাকৈ পৰিবেশিত যিকোনো শিল্পকেই বুজাব পাৰে। ৰাজহুৱা ঘৰ-দুৱাৰ, স্মাৰক চিহ্ন, নগৰায়ণৰ লগত যুক্ত মূর্তি আদিয়েই সম্ভৱ পাব্লিক আর্টৰ আদিতম উদাহৰণ। স্থাপত্যক শিল্প হিচাপে গণ্য কৰিলে সেয়াও প্রাচীনতম পাব্লিক আর্ট। ৰাজহুৱা স্থানৰ ব্যৱহাৰিক আচবাব, দেৱাল লেখন আদিকো এই তালিকাত অন্তর্ভুক্ত কৰি ল'ব পাৰি। প্রসঙ্গতে এই শাৰীৰিক অবয়ববোৰৰ ব্যতিৰেকেও ৰাস্তাই-পদূলিয়ে হোৱা নাচ, শোভাযাত্রা, বাটৰ নাট, কবিতা পাঠ আদিবোৰৰ কথাও উনুকিয়াব লাগিব। বহু ক্ষেত্রতে পাব্লিক আর্ট মানুহৰ অলক্ষিতেই থাকি যায়, এয়া অস্বাভাৱিক নহয় যে মানুহে বুজিও নাপায় যে এইটো এটা শিল্পকর্ম।

ৰাজহুৱা স্থানৰ ভাস্কর্যকো বহু সময়ত পাব্লিক আর্ট বুলি কৈ থকা হয় যদিও আজিকালি তাৰ কাৰণে আৰু এষাৰ কথাৰ প্রয়োগ ঘটিছে, 'আর্ট ইন পাব্লিক'। আর্ট ইন পাব্লিক আৰু পাব্লিক আর্টৰ মাজত অলপমান প্রভেদ আছে। এটি শিল্পকর্ম ৰাজহুৱা স্থানত স্থাপিত হ'লেই সি পাব্লিক আর্ট হৈ নুঠিবও পাৰে। এই সূক্ষ্ম অথচ গুৰুত্বপূর্ণ প্রভেদটো বুজিবলৈ হ'লে সর্বসাধাৰণৰ মাজত, দৈনন্দিন জীৱনযাত্রাত, আৰু একোটা স্থান আৰু কালৰ পৰিপ্রেক্ষিতত এই শিল্পকর্মই কেনে ভূমিকা পালন কৰিছে, অথবা এই শিল্পকর্মৰ প্রতিস্থাপনৰ আঁৰত কেনেধৰণৰ ৰাজনৈতিক উদ্দেশ্য নিহিত আছে এইবোৰ কথা অনুধাৱন কৰিব লাগিব। অতি সাম্প্রতিক চর্চাত, আর্ট ইন পাব্লিকৰ তুলনাত পাব্লিক আর্টৰ পৰিসৰ অতি বিশাল। অস্থায়ী আৰু তেনেই খন্তেকীয়া নাটকীয় পৰিবেশনকে ধৰি মানুহৰ ব্যৱহাৰোপযোগী বা প্রায়োগিক কিছুমান ব্যৱস্থাপনাকে ধৰি কিছুমান কর্মকাণ্ড আজিকালি সংঘটিত হ'ব লাগিছে, যাৰ ফলত পাব্লিক ক্রমান্বয়ে বহু-মাত্রিক আৰু বহু-আয়তনিক হৈ উঠিছে। এজন পাব্লিক আর্টিষ্টৰ পৰিচয় কেৱল এজন শিল্পী মাত্র নহয়। তেওঁ একে সময়তে এজন সমাজতাত্ত্বিক, এজন ৰাজনৈতিক ব্যক্তি। কেতিয়াবা একোজন বিজ্ঞানী, কেতিয়াবা একোজন বিপ্লৱী। প্রাক-আধুনিকতাবাদ আৰু আধুনিকতাবাদৰ কালৰ শিল্পীসত্তাৰ বিমূর্ত ধাৰণাটোৰপৰা তেওঁলোক ওলাই আহিব খোজে আৰু একান্ত ব্যক্তিবাদী শিল্পচর্চাৰ বিপৰীতে এক ৰাজনৈতিক বা সামাজিক মতবাদ-কেন্দ্রিক-বিষয়বস্তুৰ প্রতি দায়িত্ব স্বীকাৰ কৰি তেওঁলোকে কাম কৰিব খোজে।

দিনে দিনে পাব্লিক আর্টৰ গুৰুত্ব আৰু প্রয়োগ বাঢ়িব লাগিছে। শিল্পচর্চাৰ নতুন নতুন দিশৰ উন্মেষ ঘটোৱাৰ লগতে ৰাজহুৱা স্থলৰ ন ন সংজ্ঞা নিৰূপণ কৰি ই শিল্পীৰ সামাজিক দায়বদ্ধতাৰ ক্ষেত্রতো এক নতুন মাত্রাৰ সংযোগ ঘটাইছে। এটা স্থানিক পৰিবেশত অৱস্থিত যিকোনো ব্যক্তিৰেই ইয়াৰ সাংস্কৃতিক আৰু শৈল্পিক বাতাৱৰণত অংশ গ্রহণ কৰিবৰ, উপভোগ কৰিবৰ অধিকাৰ আছে, উল্লেখ্য যে এই কথা মানৱ আধিকাৰৰ অন্তর্ভুক্ত (1948 Universal Declaration of Human Rights, key principle 27.1)

দেখা যায়, পাব্লিক আর্টে জানি বা নাজানি এক বা একাধিক বৈপ্লৱিক উদ্দেশ্য সিদ্ধ কৰে। যথা :

১। ই উচ্চশ্রেণীৰ শিল্পচর্চাৰ গতানুগতিক সম্ভ্রান্ত পদ্ধতিক ভেঙুচালি কৰে।

২। যিহেতু ই মানুহৰ মাজত, এক বিশেষ স্থান আৰু সময়ত অৱস্থান কৰে, ই প্রত্যক্ষভাৱে ৰাজনৈতিক উদ্দেশ্যপ্রণোদিত হ'বলৈ বাধ্য।

৩। গেলাৰিভিত্তিক শিল্প ব্যৱসায়ৰ সীমিত পৰিমণ্ডলৰপৰা ই শিল্পক উন্মুক্ত কৰি তোলে।

৪। বহু ক্ষেত্রতে ই অস্থায়ী আৰু সমসাময়িক। তেনেকৈয়ে ই শিল্পৰ বিৰাট কালহীন সংজ্ঞাক নস্যাৎ কৰে।

৫। সাধাৰণ মানুহৰ লগত যোগাযোগৰ মাত্রা ই বৃদ্ধি কৰে। ক'ব নোৱৰাকৈয়ে বাটেৰে গৈ থকা মানুহ এজনো এনে শিল্পৰ অংশস্বৰূপ হৈ উঠিব পাৰে।

৬। এজন সাধাৰণ ব্যক্তি, যাৰ কেতিয়াও উচ্চ শিল্প নিজৰ কৰি ল'ব পৰাৰ সামর্থ্য নাই, যি কেতিয়াও শিল্প সৃষ্টিৰ পদ্ধতিটোৰ অংশ হ'ব নোৱাৰে, আনকি যি কেতিয়াও উচ্চ শিল্প স্বচক্ষে দেখিও পোৱা নাই, তেনে এজন লোকো পাব্লিক আর্টৰ ক্ষেত্রত এজন দর্শক হোৱাই নহয়, শিল্প সৃষ্টিৰ প্রক্রিয়াটোৰ এজন সক্রিয় অংশীদাৰ হৈ উঠিব পাৰে।

৭। উচ্চ শিল্প পৰিবেশন হোৱাৰ সময়ো বিশেষ, আৰু স্থানো বিশেষ। সেয়া সদায়ে সাধাৰণ মানুহে ঢুকি পাব পৰা সময় আৰু স্থানৰ বাহিৰত। কিন্তু তাৰ বিপৰীতে পাব্লিক আর্টে অৱস্থান কৰে দৈনন্দিন জীৱনত।

অসম অথবা ভাৰতবর্ষৰ উত্তৰ-পূব অঞ্চলবোৰৰ শিল্পচর্চাৰ পৰিবেশ আৰু মান সম্পর্কে আমি চিন্তিত। অর্থনৈতিক পৃষ্ঠপোষকতাৰ অভাৱ, সাধাৰণভাৱে এক শিল্পমনস্কতাৰ অভাৱ, পৰিবেশৰ প্রতিকূল স্থিতি, বহির্দেশৰ চর্চাৰ লগত সঘন যোগাযোগৰ অভাৱ, অসমীয়া জাতীয়তাবাদী সাংস্কৃতিক পৰিমণ্ডল অতি বেছি ভাষা আৰু সাহিত্যকেন্দ্রিক হোৱাৰ ফলত দৃশ্যগত বা চাক্ষুষ অভিজ্ঞতাৰ প্রতি অৱজ্ঞা আৰু অৱহেলা - ইত্যাদি বহুতো কাৰকে আমাৰ শিল্পচর্চাৰ পৰিবেশক আবদ্ধ কৰি ৰাখিছে। এই ক্ষেত্রত পাব্লিক আর্টৰ এক বিশেষ গুৰুত্ব আমি দেখা পাইছোঁ, আৰু ই বিভিন্ন ক্ষেত্রত লক্ষণীয় ভূমিকা গ্রহণ কৰিব পাৰে।

উচ্চ শিল্পৰ নান্দনিকতাৰ যদি ঘৰ এটা আছে, সেই ঘৰটোৰ বাহিৰতো শিল্পচর্চাৰ তথা শিল্পবোধৰ বহুখিনি সমল আছে। পাব্লিক আর্টে সেই উচ্চশিল্পৰ ঘৰটোৰ ভেটি কঁপাই তুলিব পাৰে। বিপৰীতক্রমে অসমীয়া শিল্পচর্চাৰ ঘৰটোৰ ভেটি যদিহে দুর্বল, পাব্লিক আর্টে সেই ভেটি সবল কৰি তুলিব পাৰে। আগলৈ আমি এইবোৰ কথাকেই আলোচনা কৰিম।

Share Button
Print Friendly, PDF & Email

No Comments : "অসমৰ শিল্পচর্চাৰ ডুখৰীয়া চিন আৰু পাব্লিক আর্টৰ প্রাসঙ্গিকতা (প্রথম খণ্ড)"

Leave a Comment

Your email address will not be published. Required fields are marked *