ক্ৰীড়া আৰু এক সপোন

অমিতাভ মহন্ত

সৰুৰেপৰা শুনি অহা কথা এটাৰেই আৰম্ভ কৰো, "ক্ৰিকেট ভদ্ৰলোকৰ খেল"৷ কিন্তু হয়তো মোৰ বা আমাৰ প্ৰজন্মৰেই দুৰ্ভাগ্য, সেই ভদ্ৰলোকৰ খেল বৰকৈ দেখাৰ সৌভাগ্য আমাৰ নহ'ল৷ সৰুতেই দেখা মিয়াদাদ আৰু কিৰণ মোৰেৰ আপচু কাজিয়াখন আজিও সম্পূৰ্ণকৈ মনত আছে৷ তাৰ মাজতে ৱালছ, দ্ৰাবিড়ৰ দৰে দুই-এজন খেলুৱৈক দেখাৰ সৌভাগ্য অৱশ্যেই হৈছিল৷ সেয়া আছিল এপাচি শাকত এটা জালুক৷ বৰ্তমান সময়ত খেলতকৈ দলীয় কলহ, ৰাজনীতি, মেচ ফিক্সিং আদিৰহে খবৰ বেছি৷ তথাপি ক্ৰিকেট আমাৰ অতিকে আপোন, অফিচৰ কামৰ টেনছনৰ মাজত ৰিলেক্স হ'বলৈ শূন্যতে হাত ঘূৰাই দিয়া এটা বলিং একচনে এতিয়াও মহৌষধৰ কাম কৰে৷ ভাৰতত ক্ৰিকেট-বলিয়াৰ অভাৱ নাই৷ এচামৰ বাবে ক্ৰিকেটেই ইয়াত ধৰ্ম৷ ক্ৰিকেটাৰে ভগৱান আখ্যা পোৱা ইয়াত এক সাধাৰণ কথা৷

ফিক্সিঙে জুৰুলা কৰা এই খেলৰ বাবে যিকোনো কাম কৰিবলৈ পিছ হুঁহকি নহা মানুহৰ এই দেশত আজিও অভাৱ নাই৷ বাংলাদেশত মাটি দিলেও দুখ নলগা কিছুমান মানুহৰ কিন্তু বাংলাদেশৰ লগত ভাৰত খেলত হাৰিলে দুখ ঠিকেই লাগে৷ বিশ্বকাপ ছেমি ফাইনেলত কাম্বলিয়ে কান্দি কান্দি ওলাই অহা দৃশ্য দেখি যিমান মানুহে সেইদিনা ভাত খোৱা নাছিল, সেইখিনিৰে হয়তো সৰুসুৰা দেশ এখনৰ দুদিনমানৰ খোৱা-বোৱা হৈ যাব৷ 'গিল্লী দাণ্ডা'ৰ দেশ ভাৰতত ক্ৰিকেটৰ কাৰণে ভাৰতীয়ই কিমান সময় দিছে, তাৰে হিচাপ এটা উলিয়ালে কি ডাটা এটা ওলাব ভাবিবলৈও ভয় লাগে৷ কিন্তু এই সময়ত মনলৈ আহি থকা প্ৰশ্নটো হৈছে, " আজিৰ দিনত ক্ৰিকেট সেই পুৰণা সন্মানৰ যোগ্যনে"? ভদ্ৰলোকৰ খেল শব্দটো কেতিয়াবাই গুচাবৰ হ'ল৷ কেতিয়াবা ভাব হয়, ক্ৰিকেট কেৱল এটা অভাৰৰেটেড বিদেশী প্ৰডাক্ট, যি আমাৰ তেজত সম্পূৰ্ণকৈ সোমাই গৈছে৷

ভাৰতৰ কোনোবা গলিৰপৰা ওলাই অহা ল'ৰাবোৰে এদিন 'ভগৱান' হৈ পেপছি, কোক ভক্তগণক বিলাই দিয়ে৷ অলেখ আশা লৈ আহি তাৰকা হোৱা এইসকল ক্ৰিকেটাৰলৈ মোৰ সন্মান সদায়েই থাকিব, কিন্তু বাইচুং, গগণ, অজিত সিং, সুশীল কুমাৰহঁতৰ কথা মনত পৰিলে সেই সন্মানখিনিৰ উচিত বিতৰণ নোহোৱা ভাৱটোৱেও আমনি কৰিব৷

অগণন ভাৰতীয়ৰ দৰে শচীন মোৰ বাবেও ভগৱান, কিন্তু লগতে মেৰী কম, অভিনৱ বিন্দ্ৰা, লিয়েণ্ডাৰ ভগৱান নোহোৱাটোত মই সদায়েই হতাশ৷ যদি ধ্যানচান্দ ভগৱান নহয়, তেন্তে শচীনৰ ভগৱান টেগটো কেৱল এক অত্যুক্তি৷ ক্ৰীড়াত এক নতুন যুগ অনাৰ প্ৰয়োজনীয়তাৰ কথা নতুনকৈ কোৱাৰ দৰকাৰ নাই৷ ইয়াৰ বাবে প্ৰচেষ্টা, সদিচ্ছা আৰু বহুত কিবাকিবি লাগিব৷ কিন্তু এয়া কেৱল ক্ৰিকেটতেই সীমাবদ্ধ হৈ থকা যেন লাগে৷ ক্ৰীড়াৰ সৰ্বাংগীন উন্নতিৰ বাবে লাগিব অন্য খেলৰ প্ৰসাৰৰ উদ্যোগ যাতে আজিৰ ল'ৰা-ছোৱালীয়ে খেল বুলিলে কেৱল ক্ৰিকেটকেই নুবুজে৷ উঠি অহা প্ৰজন্মৰ কোঠা ভৰি পৰক ৰোল মডেলৰ পোষ্টাৰেৰে৷ কিন্তু সেয়া কেৱল শচীন, কোহলীৰ নহওক৷ মেৰী কম, চৰ্দাৰা সিং, লিয়েণ্ডাৰহঁতৰ পোষ্টাৰেৰে যিদিনা সেই কোঠাবোৰ ভৰি পৰিব, হয়তো ক্ৰীড়াৰ সৰ্বাংগীন উন্নতি সেইদিনাই হ'ব৷

Share Button
Print Friendly, PDF & Email

No Comments : "ক্ৰীড়া আৰু এক সপোন"

Leave a Comment

Your email address will not be published. Required fields are marked *