অসমীয়া জাতিসত্তা নিৰ্মাণত ভক্তিধৰ্মৰ ছাঁ

মিলন নেওগ

অসমৰ সমাজজীৱনত বৈষ্ণৱ ভক্তি ধৰ্মৰ প্ৰভাৱ কেৱল ধৰ্মীয় দিশতে সীমাবদ্ধ নহয়, বৰং ধৰ্মীয় সংস্কাৰৰ মাজেদি এই ভক্তিধৰ্মই অসমত এক সাংস্কৃতিক জাগৰণৰ সৃষ্টি কৰিলে৷ ঔপনিৱেশিক শাসন প্ৰতিষ্ঠা হোৱাৰ আগলৈকে অসমত জাতীয়তাবাদৰ বিকাশ হোৱাই নাছিল৷ তথাপি আহোম যুগৰ প্ৰশাসনিক শৃংখলাৰ মাজত ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীসমূহ সোমাই পৰাৰ পিছত এক সমন্বিত জাতিসত্তা বিকাশৰ বুনিয়াদ ৰচিত হৈছিল৷ ভক্তিধৰ্মই এই ক্ষেত্ৰত এক ঐতিহাসিক ভূমিকা পালন কৰিছিল৷ ড হীৰেন গোহাঁয়ে কৈছে–

‘“বস্তুগত, ভাবগত আৰু আৱেগিক তিনিও প্ৰকাৰ উপাদানেৰে এই আন্দোলনে অসমীয়া সমাজৰ বিভিন্ন অংশৰ মাজত নিবিড় বন্ধন ৰচনা কৰি গ'ল৷ আজি সেয়ে ধৰ্মবিশ্বাসৰ পিনৰপৰা বা ৰীতি-নীতিৰ পিনৰপৰা যিসকল মহাপুৰুষীয়া নহয়, তেওঁলোকেও গভীৰভাৱে উপলব্ধি কৰে যে তেওঁলোকৰ অসমীয়া পৰিচয়ৰ পটভূমিত মাত-কথা, আচাৰ-ব্যৱহাৰ, চিন্তাধাৰা আৰু মূল্যবোধত মহাপুৰুষীয়া ধৰ্মান্দোলনৰ এক প্ৰৱল প্ৰভাৱ আছে৷’

(১)

আহোম ৰাজত্বৰ মূল ভিত্তিয়েই আছিল শোষণধৰ্মী সামন্তীয় ব্যৱস্থা৷ পাইক প্ৰজাৰ শাৰীৰিক শ্ৰমৰ ওপৰতে ৰাষ্ট্ৰৰ শক্তি-সামৰ্থ্য গঢ়ি উঠিছিল৷ ৰাজতন্ত্ৰই ঝুমীয়া জনজাতিসকলক গোষ্ঠীবন্ধন ভাঙি খেল-পাইক ব্যৱস্থাত সুমুৱাই লোৱাৰ জৰিয়তে স্থায়ী কৃষিব্যৱস্থাক সামন্তবাদী স্তৰলৈ লৈ আহিছিল৷ কিন্তু সামন্তবাদী স্তৰলৈ অহা কৃষকসমাজে মানসিকভাৱে বহল আৰু উন্নত সংস্কৃতিৰ পৰিচয় পোৱা নাছিল৷ এনে পৰিৱেশত ভক্তিধৰ্মই আপেক্ষিকভাৱে উন্নত ধৰ্মীয় সাংস্কৃতিক আদৰ্শৰ লগত জনজীৱনক পৰিচিত কৰাই দিলে মূলতঃ দুটা দিশেৰে৷ প্ৰথম, ভক্তিৰ আদৰ্শৰ মাজেৰে আৰু দ্বিতীয়তে, গণতান্ত্ৰিক সাম্য আদৰ্শৰ মাজেৰে৷ ইয়াৰ ভিত্তিতে স্থানীয় সংস্কৃতিৰ ৰসায়নেৰে শিল্পসুলভ ধৰ্মীয় ব্যৱস্থা এটা তুলি ধৰা হৈছিল৷ নৱবৈষ্ণৱ ভক্তিধৰ্মৰ ভক্তিৰ আদৰ্শৰ প্ৰধান দুটা দিশ হ'ল - এজন মাথোঁ ভগৱন্তৰ কল্পনা আৰু এই ভগৱন্তৰ ওচৰত নিশ্চৰ্ত আত্মনিবেদন৷ ভক্তি সাহিত্যত ভক্ত চৰিত্ৰসমূহৰ এই আত্মনিবেদনৰ ভংগীবোৰৰ শিল্পমণ্ডিত আৰু আৱেগিক উপস্থাপনে ভক্তিৰ আদৰ্শক জনপ্ৰিয় কৰি তুলিছিল৷ ইতিমধ্যেই হিন্দু ব্ৰাহ্মণ্য সংস্কৃতায়ন প্ৰক্ৰিয়াৰ যোগেদি শাসক শ্ৰেণীক দেৱকুলীয় বা ক্ষত্ৰিয় বুলি উপাখ্যান ৰচনা কৰি প্ৰচাৰ কৰা হৈছিল৷ গতিকে ব্যক্তিসত্তাৰ স্বতন্ত্ৰ গৰিমাক তল পেলাই ভগৱন্তৰ সৰ্বময়, সৰ্বশক্তিমান স্বৰূপৰ উপলব্ধিৰে সেই শক্তিমান ভগৱন্তৰ চৰণত নিজকে অৰ্পণ কৰাৰ আদৰ্শই ৰজাৰ প্ৰতি প্ৰজাৰ আনুগত্য বৃদ্ধিত পৰোক্ষভাৱে সহায় কৰিলে৷

অসমৰ মধ্যযুগৰ সত্ৰসমূহেই আছিল ভক্তিধৰ্মৰ প্ৰতিষ্ঠানগত কেন্দ্ৰস্বৰূপ৷ ৰজাঘৰেও জনজাতীয় গোষ্ঠীজীৱনৰপৰা অহা স্বাধীনমনা প্ৰজাক সামন্তীয় শোষণ ব্যৱস্থাৰ লগত সহাৱস্থান কৰোৱাৰ স্বাৰ্থতে সত্ৰসমূহক নিজৰ মিত্ৰ কৰি ৰাখিব খুজিছিল আহোম শাসনতন্ত্ৰত হিন্দুধৰ্মৰ প্ৰভাৱ পৰা, বিশেষকৈ আহোম ৰজাসকল সত্ৰৰ শৰণ-ব্যৱস্থাৰ সৈতে অংগীভূত হোৱাৰ পিছৰেপৰা৷ আহোম ৰজাৰ অভিষেকত সত্ৰাধিকাৰে নিৰ্মালি দান কৰা একপ্ৰকাৰ নিয়ম হৈ পৰিছিল৷ সত্ৰাধিকাৰৰ নিৰ্বাচনতো (বা অধিষ্ঠানত) ৰজাঘৰে অনুমোদন জনাইছিল৷ আনকি বিদ্ৰোহৰ সম্ভাৱনা থকা জনজাতীয় প্ৰজাক শৰণ লগাবলৈ ৰজাঘৰে সত্ৰক নিয়োগ কৰিছিল৷ গতিকে সত্ৰৰ শৰণ ব্যৱস্থাৰ জৰিয়তে জনজাতীয় প্ৰজা আহোম প্ৰশাসনিক শৃংখলাৰ অনুগত হৈ পৰিছিল৷ এনেদৰেই সত্ৰক কেন্দ্ৰ কৰি আহোম প্ৰশাসনৰ মাজত বিভিন্ন জনজাতিৰ সংমিশ্ৰণ আৰু সমন্বয়ৰ মাজেৰে অসমীয়া জাতিসত্তাই ঠন ধৰি উঠিছিল৷

আহোম শাসনৰ শেষৰ ফালে ভক্তিধৰ্মৰ ছাঁত সন্মিলিতভাৱে আশ্ৰয় লোৱা জনজাতীয় প্ৰজাই ৰাজতন্ত্ৰৰ শোষণ-নিষ্পেষণৰ আবেদনৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিলে৷ সকলোবোৰ সত্ৰ ৰাজতন্ত্ৰৰ মিত্ৰ হোৱা নাছিল৷ বিশেষকৈ কালসংহতিৰ মায়ামৰা সত্ৰসমূহত ভক্তিধৰ্মৰ গণতান্ত্ৰিক উদাৰ ধাৰাটো তেতিয়াও সক্ৰিয় হৈ আছিল৷ গুৰুৰ প্ৰতি একান্ত আস্থা আৰু অবিচল ভক্তি আছিল এই সত্ৰসমূহৰ অন্যতম প্ৰধান আদৰ্শ৷ সেয়ে ঐতিহাসিক মায়ামৰীয়া বিদ্ৰোহৰ যোগেদি এই সত্ৰসমূহৰ আশ্ৰয়তে বিক্ষুব্ধ মৰাণ-মায়ামৰাই শক্তিশালী আহোম ৰাজতন্ত্ৰৰ ভেটি কঁপাই তুলিলে৷ অৱশ্যে বিদ্ৰোহৰ নেতৃত্ব দিয়াসকলেই শেষলৈ গণতান্ত্ৰিক উদাৰতা আৰু মানৱতাবাদী সাম্যৰ চেতনা ধৰি ৰাখিব নোৱাৰিলে৷

30_MILON_NEOG_আহোম শাসনৰ অৱক্ষয়ৰ সমান্তৰালভাৱে সত্ৰসমূহৰো গতিশীল ভূমিকা কমি আহিল আৰু ঔপনিৱেশিক যুগত সত্ৰসমূহৰ সৰহ অংশ নিজেই জাত-পাতৰ প্ৰথাপুষ্ট বিচাৰেৰে ধৰ্মীয় সংকীৰ্ণতাৰ খোলাত সোমাই পৰিল৷ পণ্য অৰ্থনীতিৰ লেহেমীয়া বিকাশ আৰু বাণিজ্যৰ প্ৰসাৰ নোহোৱাৰ বাবেই ভক্তিধৰ্মক কেন্দ্ৰ কৰি জনজাতিসকলক সামৰি এটা জাতিসত্তা গঢ়াৰ প্ৰক্ৰিয়া অসম্পূৰ্ণ হৈ ৰ'ল৷ (২) কিন্তু মধ্যযুগত ভক্তিধৰ্মই ৰাজতন্ত্ৰৰ সহায়ত গঢ়ি তোলা বুনিয়াদৰ ভিত্তিতহে ঔপনিৱেশিক যুগত অসমীয়া জাতীয়তাবাদৰ বিকাশ হোৱাটো সম্ভৱপৰ হ'ল৷

অসমীয়া জাতিসত্তা বিকাশত অসমীয়া ভাষাৰ প্ৰসংগটো মন কৰিবলগীয়া৷ অসমৰ বিভিন্ন ভাষিক গোষ্ঠীৰ নিজা নিজা ভাষা থকা সত্ত্বেও ঐতিহাসিকভাৱেই অসমীয়া ভাষা সংযোগী ভাষা হিচাপে ব্যৱহাৰ হৈ আহিছে৷ আহোম শাসনতন্ত্ৰইও অসমৰ ভাষিক পৰিস্থিতি অনুধাৱন কৰি অসমীয়া ভাষাকে প্ৰশাসনিক ক্ষেত্ৰত ব্যৱহাৰ কৰিছিল৷ প্ৰাক্ঔপনিৱেশিক কালত অসমীয়া ভাষাক কেন্দ্ৰ কৰি ভাষিক চেতনাৰ বিকাশ হোৱা নাছিল৷ কিন্তু আহোমসকলে অসমীয়া ভাষাক জাতীয় ভাষা হিচাপে বিকাশৰ ৰাজনৈতিক পৰিৱেশ ৰচনা কৰাৰ দৰে নৱবৈষ্ণৱ ধৰ্মইও সাংস্কৃতিকভাৱে অসমীয়া ভাষাক সকলো জনগোষ্ঠীৰ উমৈহতীয়া ভাষা হিচাপে বিকাশত সহায় কৰিছিল৷ কছাৰী ৰজা মহামাণিক্যই মাধৱ কন্দলিক ৰামায়ণ (৩) ৰচনাত পৃষ্ঠপোষকতা আগ বঢ়োৱাৰপৰা কোঁচ ৰজা নৰনাৰায়ণৰ পৃষ্ঠপোষকতাত শঙ্কৰদেৱে কাব্যচৰ্চা কৰাৰ কথাও এই প্ৰসংগত উল্লেখযোগ্য৷ সত্ৰসমূহৰ জৰিয়তে জনজাতিসমূহে ভক্তিধৰ্ম আঁকোৱালি লোৱাৰ সমান্তৰালভাৱে শংকৰদেৱ-মাধৱদেৱ আৰু অন্যান্য সন্তসকলৰ ভক্তিমূলক সাহিত্যৰ যোগেদি অসমীয়া ভাষা ধৰ্ম-চৰ্চাৰ মাধ্যম হৈ পৰিছিল৷ চৰিত-তোলা আৰু ভাওনাৰ মাজেদিও ভক্তিধৰ্মৰ নৈতিক-আধ্যাত্মিক আদৰ্শৰ চৰ্চা হৈছিল৷ ভক্তিধৰ্মই অসমৰ জনজীৱনক ক্ষুদ্ৰ গোষ্ঠীগত পৰিচয়ক অতিৰিক্ত বহল ‘অসমীয়া' পৰিচয়ৰ মাজলৈ উত্তৰণ ঘটাইছিল আৰু আদৰ্শগত আৰু আচাৰপ্ৰধান দুয়ো দিশতে ভাৰতীয় ঐতিহ্যৰ লগতো পৰিচয় কৰাই দিছিল৷ (৪) ধৰ্মীয় আখ্যানসমূহৰ সৰ্বভাৰতীয় পটভূমি এই ক্ষেত্ৰত এটা উদাহৰণ৷ এনে প্ৰক্ৰিয়াৰ মাজেদি টাই-আহোম, চুতীয়া, মৰাণ, সোণোৱাল কছাৰী, ঠেঙ্গাল কছাৰী আদি গোষ্ঠীয়ে নিজৰ ভাষা পাহৰি অসমীয়া ভাষাকে মাতৃভাষাৰূপে গ্ৰহণ কৰিলে৷ অসমীয়াভাষী হৈ পৰাৰ জৰিয়তে তেওঁলোক গভীৰভাৱে অসমীয়া জাতিৰ আধাৰ হৈ পৰিল৷ (৫)

নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কেন্দ্ৰস্বৰূপ সত্ৰসমূহৰ শৰণ ব্যৱস্থাৰ যোগেদি জনজাতিসকলৰ সংস্কৃতায়ন প্ৰক্ৰিয়াটোৱে নতুন গতি লাভ কৰিছিল৷ ফলত জনজাতীয় সমাজখনত সামাজিক স্তৰ বিভাজনৰ সৃষ্টি হৈছিল৷ শৰণীয়া জনজাতীয়ৰপৰা সৰু কোঁচ, সৰু কোঁচৰপৰা বৰকোঁচ, আনকি বেলেগ ঠাইত (ঠাইলৈ) উঠি গৈ বৰকোঁচৰপৰা কেওঁট-কলিতাৰ শাৰীলৈকে উঠি অহাৰো দৃষ্টান্ত আছে বাস্তৱ জীৱনত৷ (৬)

সমাজজীৱনত ঘটা এনে ধৰণৰ ঊৰ্ধ্বমুখী সামাজিক সচলতাৰ ধাৰাতে অসমৰ জনগোষ্ঠীসমূহ ঝুমীয়া জনজাতি স্তৰৰপৰা হিন্দু জাতলৈ ৰূপান্তৰ হৈ অসমীয়া ভাষা গ্ৰহণৰ যোগেদি ভাৰতীয় ঐতিহ্যৰ লগত পৰিচিত হৈ পৰিছিল৷ অসমীয়া জাতিসত্তা গঠনত ই এক তাৎপৰ্যপূৰ্ণ ঘটনা৷

আনহাতে, পৰিৱৰ্তিত সামাজিক পৰিস্থিতিত এনে ধৰণৰ ঊৰ্ধ্বমুখী সামাজিক সচলতাৰ প্ৰতিষ্ঠানিক স্বীকৃতি এসময়ত বন্ধ হৈ গৈছিল৷ ফলত শৰণীয়া, মদাহী, বিতলীয়া, কোঁচ আদি স্তৰত ৰৈ যোৱা গোটবোৰ একো একোটা সুকীয়া নৃগোষ্ঠী হিচাপে লাহে লাহে পৰিচিত হৈ পৰিল৷ কোনো কোনো ক্ষেত্ৰত বাস্তৱ জীৱনত উল্লিখিত একোটা স্তৰৰ আটাইবোৰ লক্ষণ বা বৈশিষ্ট্য অতিক্ৰম কৰাৰ পিছতো সেই সেই স্তৰৰ আনুষ্ঠানিক পৰিচয়েৰে পৰিচিত হৈ ৰ'ল৷ উদাহৰণস্বৰূপে, উজনি অসমৰ কোঁচসকলৰ লগত বৰ্ণহিন্দুসকলৰ আচাৰ-ৰীতি, ধৰ্ম-সংস্কৃতিৰ বিশেষ কোনো পাৰ্থক্য নাই যদিও তেওঁলোক নামনিৰ কোঁচ-ৰাজবংশীসকলৰ লগত একে গোষ্ঠী-পৰিচয়ৰে অন্তৰ্ভুক্ত হৈ ৰৈ গ'ল৷ শৰণীয়া কছাৰীসকলৰ ক্ষেত্ৰত এনে সামাজিক সচলতাৰ বিষয়টো অত্যন্ত স্পষ্ট হৈ আছে–

It is true that before Sankardeva came and propagated his Vaisnabism in Assam at that time this tribe was not called Saranias... There were majority of Saranias who performed religious ceremonies according to Vaisabite rule without Brahmin priests. It should be noted that before Sankardeva propogated his Vaisnabism, these Sarania Kacharies were converted to Hinduism and called themselves Kshatriya. (৭)

উল্লিখিত সামাজিক সচলতাৰে ‘জাতত উঠা' প্ৰক্ৰিয়াৰ বিপৰীতে উজনি অসমত কোনো কোনো ক্ষেত্ৰত জনজাতি লোকে নৱবৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰি কেইটামান প্ৰজন্মৰ ভিতৰতে (জনজাতীয় আচাৰ-সংস্কাৰ ত্যাগ কৰি, বৰ্ণহিন্দু উপাধি গ্ৰহণ কৰি) পোনে পোনে হিন্দু সমাজখনত মিলি গৈছিল৷ ৰজাঘৰীয়া চাৰি-সত্ৰ আৰু ব্ৰাহ্মণ্য আচাৰপ্ৰধান সত্ৰসমূহৰ বাহিৰে অব্ৰাহ্মণ সত্ৰসমূহৰ মাজত ভক্তিধৰ্মৰ উদাৰ গণতান্ত্ৰিক ধাৰাটো প্ৰবল হৈ থকাৰ ফলতে আৰু জনজাতিসকলৰ সংখ্যাগৰিষ্ঠতাৰ কাৰণে এনে স্তৰহীন সামাজিক সচলতা ঘটিব পাৰিছিল৷ মটকসকলৰ কথাও এই প্ৰসংগত উল্লেখযোগ্য৷ নৱবৈষ্ণৱ ভক্তিধৰ্মৰ কালসংহতি ধাৰাৰ অনিৰুদ্ধদেৱৰপৰা বঢ়া সত্ৰসমূহ মায়ামৰা আৰু এই সত্ৰসমূহৰ শিষ্যসকল মোৱামৰীয়া সম্প্ৰদায় হিচাপে পৰিচিত হৈ পৰিছিল৷ মায়ামৰা সত্ৰত মৰাণসকলৰ উপৰি কছাৰী, আহোম, চুতীয়া আদি জনগোষ্ঠীৰ লোকেও শৰণ লৈছিল৷ এই আটাইবোৰ শিষ্যই কালক্ৰমত ‘মটক' নামেৰে পৰিচিত হৈ পৰিল৷ ভক্তিধৰ্ম গ্ৰহণৰ জৰিয়তে এনেদৰে নৃগোষ্ঠীয় সত্তাৰ প্ৰসাৰণ অসমৰ সামাজিক ইতিহাসৰ অন্য এক তাৎপৰ্যপূৰ্ণ ঘটনা৷

ঊনবিংশ শতিকাও অসমীয়া ভাষিক জাতীয়তাবাদৰ বিকাশৰ সমান্তৰালভাৱে জোনাকী আলোচনীৰ মাজতে শংকৰদেৱক জাতীয় ঐতিহ্যৰ আদৰ্শ হিচাপে প্ৰতিষ্ঠা কৰাৰ প্ৰচেষ্টা আৰম্ভ হ'ল৷ বিংশ শতিকাৰ দ্বিতীয় দশকতে লক্ষ্মীনাথ বেজবৰুৱাৰ শ্ৰীশ্ৰীশংকৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেৱ গ্ৰন্থ দুখন প্ৰকাশ হৈ ওলায়৷ চৰিত পুথিৰ পৰম্পৰাৰপৰা আঁতৰি আধুনিকতামুখী দৃষ্টিভংগীৰে শংকৰদেৱ-চৰ্চাৰ ক্ষেত্ৰত এই গ্ৰন্থ দুখন প্ৰথম মাইলৰ খুঁটি৷ আৰ্থ-সামাজিক, ৰাজনৈতিক, আনকি ধৰ্মীয় ক্ষেত্ৰতো নেতৃত্ব বহন কৰা মধ্যবিত্ত শ্ৰেণীটোৱেই শংকৰদেৱৰ ধৰ্ম আৰু সাংস্কৃতিক অৱদানবোৰক অসমীয়া জাতীয় জীৱনৰ আটাইতকৈ মূল্যৱান সম্পদ হিচাপে দাঙি ধৰিলে৷ আনহাতে, লোকসাংস্কৃতিক দিশত জনজাতিসমূহৰ এক বৈভৱঋদ্ধ পৰম্পৰা থাকিলেও তেওঁলোক শৈক্ষিক আৰু আৰ্থিকভাৱে ভক্তিধৰ্মৰ অনুগামী বৰ্ণহিন্দু সমাজখনৰ তুলনাত যথেষ্ট পিছ পৰি আছিল৷ ভাষিকভাৱে তেওঁলোক দ্বি-ভাষিক হ'বলৈ বাধ্য হৈছিল৷ আধুনিক ধ্যান-ধাৰণা আৰু পৰিৱৰ্তনৰ চেতনাও তেওঁলোকে অসমীয়া ভাষাৰ মাধ্যমেৰেহে লাভ কৰিব পাৰিছিল৷ এনে ক্ষেত্ৰত অসমীয়াভাষী সমাজখনৰ ধৰ্ম, কলা-সংস্কৃতি তথা জীৱন-পদ্ধতি জনজাতীয় সমাজখনে অনুসৰণ কৰিবলৈ লৈছিল৷ ফলত, ভক্তিধৰ্মৰ আধ্যাত্মিক চিন্তা-চেতনা, আচাৰ-ৰীতি, কলা-শিল্প পৰম্পৰা, খাদ্যাভ্যাস, মাত-কথা আদিও জনজাতীয় জীৱন প্ৰৱাহত সোমাই পৰিল৷ এনেদৰেই মহাপুৰুষীয়া ভক্তিধৰ্ম গ্ৰহণ নকৰা লোকসকলৰ মাজতো ভক্তিধৰ্মৰ প্ৰভাৱ বিয়পি পৰিছিল৷

শংকৰদেৱে নৱবৈষ্ণৱ ভক্তিধৰ্ম প্ৰচাৰ কৰাৰপৰা একবিংশ শতিকাৰ আৰম্ভণিপৰ্যন্ত অসমৰ মংগোলীয়-মূলীয় নৃগোষ্ঠীসমূহৰো জীৱনধাৰাৰ গতি সলনি হৈ আহিছে৷ মধ্যযুগৰ (আহোম শাসন কালৰ) আৰ্থ-সামাজিক, ৰাজনৈতিক প্ৰেক্ষাপটত ধৰ্মৰ যিধৰণৰ গভীৰ তাৎপৰ্য আছিল আধুনিক সমাজব্যৱস্থাত সেয়া নোহোৱা হৈছে৷ আধুনিক শিক্ষা, ন্যায় ব্যৱস্থা, চিকিৎসাপদ্ধতি, যোগাযোগ-পৰিবহণব্যৱস্থাৰ সম্প্ৰসাৰণ আদিৰ যোগেদি স্বাভাৱিকতেই পৰম্পৰাগত বহু আচাৰ-অনুষ্ঠান, যাদুমূলক বিশ্বাস, তথা সামাজিক গাঁথনিৰ ব্যাপক পৰিৱৰ্তন ঘটিছে৷

এনে ক্ষেত্ৰত জনজাতীয় সমাজ আৰু সংস্কৃতিৰ কোনবোৰ উপাদান ভক্তিধৰ্মৰ পৰম্পৰাৰপৰা আহৰণ কৰা সেই কথা বহু সময়ত নিশ্চিতভাৱে বাছি উলিওৱাটো সম্ভৱপৰ নহয়৷ সুদীৰ্ঘকালীন সমন্বয়-সংমিশ্ৰণৰ স্বাভাৱিক প্ৰক্ৰিয়াৰে জনজাতীয় আৰু অ-জনজাতীয় জীৱন-সংস্কৃতিৰ দ্বৈত ধাৰাৰ সংযোগতে অসমীয়া সংস্কৃতিৰ বিকাশ হৈছে৷ মহাপুৰুষীয়া সংস্কৃতি এই অসমীয়া সংস্কৃতিৰে এটা গহীন সুঁতি৷ সময়ৰ সোঁতত নানা ঐতিহাসিক পৰিস্থিতিত মহাপুৰুষীয়া ভক্তিধৰ্মতো নানা পৰিৱৰ্তন ঘটি গৈছে৷ এই ভক্তিধৰ্ম দৃঢ়ভাৱে একেশ্বৰবাদী৷ স্মাৰ্ত বিধি-ব্যৱস্থাৰ শুদ্ধিকৰণ (অশৌচ)ৰ ঠাইত একান্তভাৱে নাম-কীৰ্তনেৰেই সকলোধৰণৰ শুদ্ধিকৰণৰ আদৰ্শ ভক্তিধৰ্মৰ বিশেষত্ব৷ এই ধৰ্মত হৰিনাম কীতনত জাতি-বৰ্ণভেদ নাই, যোগ্যতা অনুসৰি শূদ্ৰইও উচ্চস্থান পাব পাৰে৷ কিন্তু সময়ত দেখা গ'ল, একে ভক্তিধৰ্ম পৰম্পৰাৰ ভিতৰতে হিন্দু দেৱ-দেৱীকো পূজা-সেৱা কৰা, তন্ত্ৰপ্ৰধান দীক্ষা ব্যৱস্থাৰে স্মৃতিৰ আচাৰ-ৰীতিক প্ৰাধান্য দিয়া সবল সুঁতি এটাও প্ৰৱাহিত হ'ল৷ এই ধৰ্মৰ গণতান্ত্ৰিক পৰম্পৰাটোত বহু ক্ষেত্ৰত বংশানুক্ৰমিক গুৰু পৰম্পৰাৰ সূচনা হ'ল, গুৰু-শিষ্যৰ সম্পৰ্কটোতো পৰিৱৰ্তন আহিল৷ ইয়াৰ ফলতো জনজাতীয় সমাজৰ কিছুমান মৌলিক পৰিৱৰ্তন সত্ৰৰ মাজেদিয়েই ঘটিল৷ সেই পৰিৱৰ্তনবোৰে জনজাতীয় সমাজখনত হিন্দু-পদ্ধতি দৃঢ়ভাৱে প্ৰতিষ্ঠা কৰিলেও ভক্তিধৰ্মৰ একেশ্বৰবাদী সৰল আচাৰ-ৰীতিৰ গণতান্ত্ৰিক দিশটোৰ ঘনিষ্ঠ কৰাব নোৱাৰিলে৷

সত্ৰসমূহৰ মাজেদিয়েই বাস্তৱতে ভক্তিধৰ্মৰ সাংস্কৃতিক ৰূপ আৰু আদৰ্শবোৰ প্ৰৱাহিত হৈ আহিছে৷ কিন্তু সময়ৰ লগে লগে সত্ৰসমূহৰ মাজতে চাৰি সংহতিৰ উপৰি অব্ৰাহ্মণ সত্ৰ, ব্ৰাহ্মণ সত্ৰ, শাক্ত সত্ৰ, মায়ামৰীয়া সত্ৰ আদি কেইবাটাও শাখাৰ সৃষ্টি হ'ল৷ সেয়ে কুৰি শতিকাৰ প্ৰথমাৰ্ধতে লিখিত পাঠৰ ভিত্তিত পুনৰ নিৰ্মাণেৰে ভক্তিধৰ্মৰ পৰম্পৰাটোৰ সংস্কাৰ জাগৰণ হ'ল৷

সি যি নহওক, ভক্তিধৰ্মৰ ঐতিহ্যটোৰ আটাইকেইটা ধাৰাই জনগোষ্ঠীয় সমাজ গাঁথনি, ধৰ্মীয় শৃংখলা-আদৰ্শ আৰু সাংস্কৃতিক জীৱনধাৰাত গভীৰ ছাপ পেলাইছে৷ একেদৰে জনগোষ্ঠীয় বিশ্বাস, মূল্যবোধ, লোকাচাৰ আৰু বস্তু-সংস্কৃতিয়েও ভক্তিধৰ্মৰ পৰম্পৰাটোক সমৃদ্ধ বা প্ৰভাৱিত কৰিছে৷ এই দ্বৈত প্ৰক্ৰিয়াই অসমীয়া জাতিসত্তা নিৰ্মাণৰ প্ৰক্ৰিয়াটোক মনোগত আৰু বস্তুগত দুয়োটা দিশতে সহায় কৰিছিল৷

পাদটীকা :

১. ড হীৰেন গোহাঁই, অসমীয়া জাতীয় জীৱন মহাপুৰুষীয়া পৰম্পৰা (প্ৰথম খণ্ড), পৃষ্ঠা. ১১

২. টকাৰে খাজনা দিয়া ব্যৱস্থা ঔপনিৱেশিক যুগৰপৰাহে আৰম্ভ হয়৷ টকাৰে খাজনা প্ৰয়োজন নহ’লে উৎপাদিত সামগ্ৰী হাটত বিক্ৰী কৰাৰ প্ৰয়োজন নহয়৷ ফলত বাণিজ্যৰ বিকাশ নহয়৷

৩. ‘ৰামায়ণ' পোনপটীয়াকৈ ভক্তিধৰ্মৰ সাহিত্য নহ'লেও আদৰ্শগতভাৱে ইয়াৰ ভাব-বস্তু ভক্তিধৰ্মৰ ফালেই ঢাল খোৱা৷ সেয়ে কবীন ফুকনে মাধৱ কন্দলিক ‘আদি বৈষ্ণৱ যুগ'ৰ কবি বুলি কৈছে । (অসমীয়া কবিতাৰ প্ৰৱাহ, প্ৰথম খণ্ড, পৃ. ৩০২)

৪. সত্ৰৰ চৰিত তোলা অনুষ্ঠানত শংকৰদেৱে দুবাৰকৈ ভাৰতৰ তীৰ্থস্থানসমূহ দৰ্শন কৰা কথাও নিশ্চয় আলোচিত হৈছিল৷ ইও ভাৰতীয় চেতনা সম্প্ৰসাৰণত সহায়ক হৈছিল৷

৫. “ঊনবিংশ শতিকাৰ আদিভাগত বংগত ইংৰাজী ভাষা শিক্ষা আৰু প্ৰশাসনিক কাম-কাজৰ মাধ্যম আছিল৷ ফলত ধৰ্মৰ ক্ষেত্ৰতো ইংৰাজীৰ প্ৰভাৱে ৰেভাৰেণ্ড কৃষ্ণমোহন বেনাৰ্জী, মাইকেল মধুসূদনৰ দৰে আন আন উদীয়মান তৰুণ প্ৰতিভাক খ্ৰীষ্টধৰ্মলৈ আকৃষ্ট কৰিব পাৰে বুলি বহুতৰ ভয় হৈছিল৷'' (ড হীৰেন গোহাঁই, ঐতিহ্যৰ ৰূপান্তৰ আৰু অন্যান্য প্ৰন্ধ, পৃ. ১৩২) ভাষাৰ লগত ধৰ্মৰ এই সম্পৰ্কটো তাৎপৰ্যপূৰ্ণ৷ শিক্ষাৰ মাধ্যম অসমীয়া হোৱাৰ লগে লগে অসমৰ শৈক্ষিক পাঠ্যক্ৰমত শংকৰদেৱ আৰু মহাপুৰুষীয়া ঐতিহ্য-পৰম্পৰা বিষয়ক পাঠ অন্তৰ্ভুক্ত হৈ আহিছে৷ বিদ্যালয়সমূহত ‘নামঘোষা'ৰ প্ৰাৰ্থনাৰে দৈনিক পাঠদান আৰম্ভ হয়৷ এই বিদ্যালয়বোৰত বৰ্ণহিন্দু অসমীয়াৰ লগতে জনজাতীয় ছাত্ৰ-ছাত্ৰীয়েও একেলগে শিক্ষা লাভ কৰে৷

৬. ড অমলেন্দু গুহ, বৈষ্ণৱবাদৰপৰা মায়ামৰীয়া বিদ্ৰোহলৈ, পৃ. ১৫৷

৭. Satish Chandra Das, 'The Sarania Kacharis', স্মৃতিগ্ৰন্থ, সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থা৷

Share Button
Print Friendly, PDF & Email

No Comments : "অসমীয়া জাতিসত্তা নিৰ্মাণত ভক্তিধৰ্মৰ ছাঁ"

Leave a Comment

Your email address will not be published. Required fields are marked *