শৈশৱৰ মনোৰম স্মৃতি : প্ৰিয় চিত্ৰশিল্পী প্ৰণৱ বৰুৱা ছাৰৰ সান্নিধ্য

মনোজ কুমাৰ মহন্ত

কলংপৰীয়া চিত্ৰশিল্পী প্ৰণৱ বৰুৱা ছাৰৰ বিষয়ে অসম তথা ভাৰতৰ গুণমুগ্ধসকলে ভালদৰে জানে। ছাৰৰ সান্নিধ্য লাভ কৰা সকলোৱে স্বীকাৰ কৰিব লাগিব যে স্বভাৱ শিল্পীজনৰ স্বাভাৱিক কথা-বতৰা, বেশ-ভূষা, চাল-চলন আদিয়ে শিশুৰপৰা বয়সীয়া লোকলৈ সকলোকে সমানে মোহিত কৰিব পাৰিছিল । অতি সৰলমনা বৰুৱা ছাৰক যিয়ে এবাৰ ওচৰৰপৰা পাইছে, তেওঁ পৰৱৰ্তী সময়ত সেই সুন্দৰ মুহূৰ্ত জীৱনত কেতিয়াবা নহয় কেতিয়াবা ৰোমন্থন কৰিবলৈ বাধ্য। এনে বিৰল ব্যক্তিত্বৰ লোক আছিল কলংপৰীয়া শিল্পী প্ৰণৱ বৰুৱা ছাৰ। এই প্ৰখ্যাত চিত্ৰশিল্পীগৰাকীক শৈশৱত কিছুদিনৰ বাবে লগ পোৱাৰ যে সৌভাগ্য। এই লেখাৰ জৰিয়তে তেখেতক ৰোমন্থন কৰি শিল্পীগৰাকীলৈ যৎসামান্য শ্ৰদ্ধা নিবেদনৰ যত্ন কৰিছোঁ। ছাৰৰ কথা লিখাৰ আগতে অলপ নিজৰ বিষয়ে কিছু কৈ ল'ব লাগিব ।

সেই সময়ত মই তৃতীয় শ্ৰেণীৰপৰা চতুৰ্থ শ্ৰেণীলৈ উত্তীৰ্ণ হৈছোঁ। ইতিমধ্যে মাটিৰ শ্লেটত পেঞ্চিলৰে আঁক-বাঁক কৰি শ্ৰেণীৰ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব পাৰিছিলোঁ। লগতে স্কুলৰ ছাৰ- বাইদেউসকলৰো। কিন্তু স্কুলত আঁকিবলৈ দিয়া আম, অমিতা, আনাৰস, নাৰিকল, কাপ-প্লেট আদিতকৈ গছ-বিৰিখ, চৰাই, ঘৰ, চাইকেল, বাছ, ট্ৰাক আদিৰ ছবি আঁকিবলৈহে ভাল পাইছিলোঁ । গতিকে মোৰ শ্লেটৰ বাৰেবৰণীয়া (এতিয়াৰ দৃষ্টিত কিম্ভূতকিমাকাৰ) সৃষ্টিৰ কাষত সহপাঠীবৃন্দই সৰুকৈ হ’লেও জুম বান্ধিছিল। আচলতে ক'ব পাৰি, শিশুৰ স্বাভাৱিক চৰিত্ৰ হিচাপেই ছবিৰ প্ৰতি সাধাৰণ দুৰ্বলতা আছিল। মাথোঁ মই আনবোৰতকৈ বেছিকৈ আৰু যেতিয়াই-তেতিয়াই ছবি আঁকিবলৈ যত্ন কৰিছিলোঁ আৰু কেৱল স্কুলৰ ছবি পিৰিয়ডটোৰ (সপ্তাহত দুবাৰমান) বাহিৰে ছবিৰ অভ্যাস নথকা গতানুগতিক পৰিবেশত মোৰ কাৰবাৰটো অলপ ব্যতিক্ৰম হিচাপে দিছিল। অৰ্থাৎ প্ৰতিভা বুলি জহাবলৈ মোৰ নিজাকৈ একোৱেই নাছিল। তাৰোপৰি আমাৰ শ্ৰেণীত আন এজন সহপাঠী মাটি পেঞ্চিল-শিল্পী হিচাপে নাম আছিল। স্বাভাৱিকতে আমাৰ দুইটাৰ মাজত এক অঘোষিত ছবি অঁকা প্ৰতিযোগিতা আৰম্ভ হৈছিল। ফলত চান্স পালেই দুয়ো নিজৰ নিজৰ শ্লেট লৈ ব্যস্ত হৈ পৰিছিলোঁ প্ৰতিভা প্ৰদৰ্শনত। প্ৰতিযোগিতাই এনে ৰূপ পাইছিল গৈ যে পিছলৈ ঘৰত শ্লেটত ছবি আঁকি পিছদিনা সযত্নে স্কুললৈ লৈ গৈছিলোঁ প্ৰদৰ্শনৰ বাবে। এই অভ্যাসৰ বাবেই মোৰ এনে মহান চিত্ৰবিদ্যাৰ বিষয়ে ঘৰত অৱগত হ'ল। আৰু ফলশ্ৰতিত তাৰ উৎকৰ্ষৰ বাবে অভিভাৱক যত্নৱান হৈ পৰিল। কাৰণ আলেঙে আলেঙে মোৰ শহাকণীয়া কাণত মোৰ এই বিদ্যা সম্পৰ্কে ঘৰত হোৱা প্ৰশংসাসূচক আলোচনা আৰু মোৰ চিত্ৰবিদ্যাৰ অধিক চৰ্চাৰ সন্দৰ্ভত  দুই-এষাৰ পৰিছিলহি। আৰু তেতিয়াই জানিব পাৰিলোঁ আমি পঢ়া স্কুলবোৰৰ বাহিৰেও ছবি শিকোৱা চিত্ৰাংকন বিদ্যালয় জাতীয় আন এবিধ বিদ্যালয়ো যে আছে। যাৰ জৰিয়তে সেই বছৰেই এজন বিখ্যাত অথচ শিশুৰ দৰে সৰল চিত্ৰশিল্পী প্ৰণৱ বৰুৱা ছাৰৰ কিছু সান্নিধ্য লাভ কৰিবলৈ সক্ষম হ’লোঁ। সেইজন প্ৰখ্যাত শিল্পীক কিছু দিনৰ বাবে ওচৰৰপৰা পাই নিজকে ধন্য মানিছোঁ। আচলতে ক'ৰবাত লিখিব পৰাকৈ ছাৰৰ লগত  নিকট সম্পৰ্ক আছিল বুলিব নোৱাৰি যদিও তেনেই সাধাৰণ সান্নিধ্যৰে পোৱা প্ৰণৱ বৰুৱা ছাৰৰ সাহচৰ্যই আমাৰ শিশু মনবোৰক উজ্জীৱিত কৰি ৰাখিব পাৰিছিল। ইয়াতে ছাৰৰ ব্যক্তিত্বৰ বিৰল দিশ এটা মন কৰিব পাৰি। এতিয়া ভাবো, সেই সময়ত তেখেতৰ অনুপস্থিতিতো ছাৰৰ সান্নিধ্যৰ সুন্দৰ সময়বোৰৰ অনুভৱে আমাৰ দৰে এজাক কণ কণ শিশুৰ মনত উছাহৰ ধল নমাইছিল। সেই সৰুকালিৰ মাজৰে পোৱা প্ৰণৱ বৰুৱা ছাৰকহে মই ৰোমন্থন কৰিব চেষ্টা কৰিম। কাৰণ পিছৰকালত ছাৰক বৰ বেছি সময় লগ পোৱাৰ সুযোগ নহ'ল।
আৰু অলপ নিজৰ কথা কৈ লওঁ। সৰুতে মই মামাহঁতৰ ঘৰত থাকি এল পি স্কুলত পঢ়িছিলোঁ। কৰ্মসূত্ৰে দেউতা নগাঁৱৰ ৰহাত থাকে। লগত মা আৰু ভাইটি। সেই সময়ত নগাঁৱৰ ৰহাৰ চৰকাৰী হাই ছেকেণ্ডেৰি স্কুলত স্থানীয় ব্যক্তিৰ উদ্যোগত বোধহয় পোন প্ৰথমবাৰলৈ এখন চিত্ৰাংকন বিদ্যালয়ৰ আৰম্ভ কৰা হৈছিল। চনটো ১৯৮৪ আছিল। গতিকে দেউতাই মোৰ তামাম হস্তকলা প্ৰদৰ্শনৰ কথা জানিব পাৰি তাৰ উৎকৰ্ষ সাধনৰ অৰ্থে ৰহাৰ চিত্ৰাংকন বিদ্যালয়ত নামভৰ্তি কৰি দিলে। শনিবাৰে আবেলি আৰু ৰবিবাৰে আগবেলা ক্লাছ হয়। ইফালে যিহেতু মই ককা-মামাহঁতৰ লগত থাকি কলিয়াবৰত এল পি স্কুলত পঢ়ি আছিলোঁ সেয়ে কলিয়াবৰৰপৰাই প্ৰত্যেক শনিবাৰে ৰহালৈ আহি শনি, ৰবি এই দুদিন আৰ্ট স্কুল যোৱাৰ থিৰাং কৰা হ'ল।

প্ৰথমদিনা বিৰাট ভয়ে ভয়ে দেউতাৰ লগত ক্লাছলৈ গ'লোঁ। মোক নিৰ্দিষ্ট এটা ৰুমত বহাই দিয়া হ'ল। ৰুমটোত আগৰেপৰা সমবয়সীয়া বিশটামান ল'ৰা-ছোৱালী বহি আছিল। আতোলতোলকৈ লগত লৈ যোৱা আৰ্ট পেপাৰ, ৰং-তুলিকাৰ বেগটো সাবটি থমথমকৈ বেঞ্চত বহি আছিলোঁ মনৰ উৎকণ্ঠা দমাই থৈ। অলপ পাছতে এজন ছাৰ আহিল আমাক শিকাবলৈ। ছাৰে বর্ডত চক পেঞ্চিলেৰে কিবা এটা আঁকি আমাক মৰমৰে এফালৰপৰা দেখুৱাই যাবলৈ ধৰিলে। তেনেদৰে প্ৰথমদিনাৰ আমাৰ চিত্ৰাংকন বিদ্যালয়ৰ ক্লাছ আৰম্ভ হ'ল। আমি অঁকাত মগ্ন হ’লোঁ। প্ৰায় এঘন্টাৰ পিছত ক্লাছলৈ হঠাৎ এজন আদহীয়া ‘যুৱক’ সোমাই আহিল। লগত আন তিনি-চাৰিজন মান ডেকা লোক। ঢকঢকীয়া বগা আদহীয়া ‘যুৱক’জনৰ পোছাক-পাতি, ‘জপৰা’ চুলি, হাতৰ খাৰু আৰু ডিঙিত ওলমি থকা মালা দুডালমান মিলি গোটেই মানুহজনৰ অবয়বটোৱে মনত বুজাব নোৱৰা ভাব সঞ্চাৰ কৰি গ'ল। ডাঠ ক'লা মোচখিনি বাদ দি ঢকঢকীয়া বগা, কান্ধলৈ পৰা সেঁওতাহীন চুলিখিনিৰে মানুহজনক ভাওনাৰ শ্ৰীকৃষ্ণদেউৰ অৱতাৰ যেন লাগিছিল। অবাক হৈ পৰিছিলোঁ। মনৰ অপাৰ কৌতূহলত চকু ডাঙৰ কৰি মানুহজনলৈ চাই থাকিলোঁ। সঁচা ক'বলৈ গ’লে, কান্ধলৈকে ‘জপৰা’ পকা চুলিৰ, হাতত খাৰু, ডিঙিত দুডালমান মালা আৰু টাইট কৰ্ডৰ জিন্স পৰিহিত ওখ-পাখ বগা সুন্দৰ মানুহজনক দেখি বেছিকৈ নাৰ্ভাছ ফিলিং হৈছিল ! লক্ষ্য কৰিছিলোঁ, তেখেতক ক্লাছলৈ সোমাই যোৱা দেখি আমাক ছবি শিকাই থকা ডেকা ছাৰজনে সমীহৰে সম্ভাষণ জনাই ‘ছাৰ ছাৰ’ বুলি ব্যতিব্যস্ত হৈ পৰিল। তেতিয়াহে মনলৈ আহিল এইজনচোন আমাৰ ছাৰজনতকৈ ‘ডাঙৰ’ এজন ছাৰ। ক্লাছলৈ সোমাই ‘ছাৰ ছাৰ’ যেন নলগা ছাৰজনে প্ৰথমে ব’ৰ্ডখনলৈ চাই প্ৰথমটো শব্দ কৈছিল ‘সুন্দৰ...’। মোৰ দৰে ক্লাছৰ গোটেইজাক ল'ৰা-ছোৱালীৰ দৃষ্টি তেতিয়া নিবদ্ধ আছিল ‘ডাঙৰ’ ছাৰজনৰ ওপৰত। ক্লাছটোৰ লৰা-ছোৱালীলৈ তেখেতে এপলক চাই ধুনীয়া হাঁহি এটাৰে কোৱা বাক্যশাৰী এতিয়াও মনত পৰে। আমাৰ ছাৰক উদ্দেশি কৈছিল, ‘তুমি বৰ ধুনীয়া ষ্টুডেণ্টছ পাইছা দেই!’। তাৰ পাছত নিজেই নিজৰ পৰিচয় দি আমাৰ প্ৰতিজনৰে নামবোৰ সুধি গৈছিল । লগতে ধেমালি। ছাৰৰ শিশুসুলভ মোহনীয় কথা-বতৰাত প্ৰথম অৱস্থাত আহি পৰা ইতস্ততঃ ভাবটো অলপ সময়ৰ পিছতে নাইকিয়া হৈ পৰিল। আমি কৰি থকা ড্ৰয়িংবোৰ হাতত তুলি লৈ ‘ৱাহ ’, ‘বঢ়িয়া’ আদি উৎসাহজনক মন্তব্যৰে আমাৰ সকলোৰে ভয়-শংকাবোৰ ক'ৰবালৈ পঠাই দিলে। আমাক উদ্দেশি প্ৰথমদিনা কোৱা কথাষাৰ আছিল, ‘আমি ইয়াত কি আঁকিম ?... আমি যি মন যায় তাকেই আঁকিম !’। প্ৰায় ত্ৰিশ-বত্ৰিশ বছৰৰ আগৰ স্মৃতিৰ কথাষাৰ একেবাৰে একেই নহ'লেও ভাবটো এনে আছিল। অনুমানিক চল্লিশ মিনিটমান আমাৰ লগত কটাই ছাৰজন ক্লাছৰপৰা ওলাই গ'ল। ৰুমটোৰ চৌপাশে এৰি গৈছিল এসোপামান ভাল লগা আৱেশ। সেয়াই আছিল আমাৰ মৰমৰ, শ্ৰদ্ধাৰ - প্ৰণৱ বৰুৱা ছাৰ।

7_MANOZ_MAHANTA_xaixobar_monuromযদিও বৰুৱা ছাৰ ৰহা চিত্ৰাংকন বিদ্যালয়লৈ প্ৰতি সপ্তাহত এবাৰকৈহে আহিছিল আৰু আমাৰ ক্লাছ লোৱা নাছিল তথাপি তেখেতে ক্লাছলৈ আহি আমাৰ মাজত কিছু সময় কটাইছিলহি। ভাল লগা কথাটো হ'ল, ছাৰে প্ৰত্যেকৰে ছবিক প্ৰশংসা কৰিবলৈ পাহৰা নাছিল। মন কৰিছিলোঁ, ছাৰ ক্লাছলৈ সোমাই আহোতে আমি উঠি থিয় দিয়াৰ লগে লগে হাত জোকাৰি তেনে নকৰিবলৈ বাৰম্বাৰ কৈছিল। পিছত ভাবি চাইছোঁ, বোধহয় কাম কৰি থকাৰপৰা উঠি থিয় হৈ তেখেতক সন্মান জনোৱা কামটোত নিজে অসুবিধাবোধ কৰিছিল। আন্তৰিক ভালপোৱাকহে তেখেতে আগস্থান দিছিল। শিশুসুলভ কথা-বতৰাৰে আমাৰ প্ৰত্যেকৰ অন্তৰত প্ৰণৱ বৰুৱা ছাৰ ঠিক প্ৰথম ল'গ পোৱাৰ দিনৰেপৰা ‘বন্ধু’ যেন লগা হৈ পৰিছিল।
ডাঙৰ কথাটো আছিল আমি তেতিয়াই তেখেতৰ সন্মুখতেই চিধাই ‘প্ৰণৱ বৰুৱা ছাৰ’ বুলিবলৈ সাহ পাইছিলোঁ। তেনেবোৰ কাৰণতে আমি গোটেই সপ্তাহটো ছাৰক ল'গ পোৱাৰ বাবে অধীৰ আগ্ৰহৰে বাট চাই ৰৈছিলোঁ।

পিছলৈ আমি মৰিগাঁৱত নিগাজীকৈ থকাত প্ৰণৱ বৰুৱা ছাৰৰ জৰিয়তে শুভাৰম্ভ কৰা আৰ্ট স্কুল ‘মৰিগাঁও চিত্ৰাংকন বিদ্যালয়ত’ নাম ভৰ্তি কৰিছিলোঁ। মৰিগাঁৱত ১৯৮৮ চনমানলৈকে ছাৰক নিয়মীয়াকৈ পালোঁ। এইখন স্কুলত ছাৰে মাজে মাজে আমাক ডাঙৰবোৰৰ লগত বহাই মাজে মাজে দুই-এটা ক্লাছ লৈছিল । মূলতঃ আমাক পানী ৰঙৰ ছবি আঁকিবলৈ শিকোৱা হৈছিল। ছাৰৰ ক্লাছবোৰ আছিল অন্যন্য। ব’র্ডত ছাৰে আঁকি দিয়া প্ৰতিটো ড্ৰয়িং আৰম্ভ হৈছিল একো একোটা কাহিনীৰে। পেইন্টিং এখনতো যে একোটা কাহিনী এটা ধৰি ৰাখিব পাৰি সেয়া ছাৰৰ এই বিশেষ ক্লাছবোৰৰপৰা জানিব পাৰিছিলোঁ। ব’ৰ্ডত ছাৰে আঁকি দিয়া ড্ৰয়িংটো পেপাৰত জঁকা হিচাপে আঁকি লৈ মনৰ মাজত কাহিনীৰে সৃষ্ট কল্পনাই দেখা পোৱা ছবিখন ভিন ভিন টিউবৰ ৰং বুলাই তুলিকাৰে ফুটাই তুলিব লাগে পেইন্টিংখন। মনত থকা তেনে এখন পানী ৰঙৰ ছবিৰ জঁকাটো আছিল সুদূৰ জাপানৰ কোনোবা সুপ্ত আগ্নেয়গিৰিৰ ফাঁটেদি বৈ অহা নিজৰাৰ ওপৰত ছানি ধৰা ৰঙা ফুলৰ গুল্মৰে আৱৰা এখন লেন্ডস্কেপৰ এটা কৌণিক দৃশ্য! গুল্ম ডালৰ ফেৰেঙনিত জিৰাই আছে কেইটামান নীলাভ ৰঙৰ পখী। ক্লাছত অঁকা সেইখন ছবিত ছাৰে নিজেই ৰং আৰু পানী বুলাই সম্পূৰ্ণ কৰি দিছিল। পানী ৰঙৰ ছবিখন এতিয়াও ঘৰৰ পুৰণা ট্ৰাংকটোত থৈ দিয়া আছে। প্ৰণৱ বৰুৱা ছাৰৰপৰাই ড্ৰয়িং পেপাৰত আঁকিব পৰা বিভিন্ন মাধ্যমৰ ছবিৰ বিষয়ে জানিব পাৰিছিলোঁ। তাৰ ভিতৰত কলাজ, নাইফ পেইন্টিং, পানীবিহীন ৱাটাৰ কালাৰৰ প্ৰয়োগ আদি উল্লেখযোগ্য। সুন্দৰ কথা-বতৰাৰে আপ্লুত কৰিব পৰা প্ৰণৱ বৰুৱা ছাৰ আছিল স্বভাৱগত কথাশিল্পীও। তেখেতৰ মোহনীয় কথনভঙ্গীয়ে সকলোৰে মনযোগ আকৰ্ষণ কৰিছিল। বিভিন্ন কাৰণবশতঃ আৰ্ট স্কুলখন বন্ধ হোৱাত বৰুৱা ছাৰৰ লগত নিয়মীয়া সান্নিধ্যত যতি পৰিলেও পিছলৈ কেইবাবাৰো ছাৰক পাইছিলোঁ খন্তেকীয়াকৈ। সেই সময়ত মনত পৰা আন এটা ঘটনাৰে এই লেখা সামৰিছোঁ । এ জি পি চৰকাৰে গোটেই ৰাজ্যতে তিনিবছৰীয়া বৰ্ষপূৰ্তিৰ উপলক্ষে পতা ‘অসম’ নামৰ অনুষ্ঠানত অসম ভিত্তিত চিত্ৰাংকন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলোঁ। বিষয় আছিল ‘তুমি যি দেখিছা’। বিষয়টো ভাবি সন্মুখৰ য'লৈকে চাইছিলো তাত য'তে -'তে আঁৰি থোৱা হাতীৰ ছবিবোৰৰ বাদে বেলেগ চকুত পৰা নাছিল। আঁকিবলৈ হাতীৰ বাদে আন ছবি মনলৈ নহাত প্ৰতিযোগিতাত ভাগ লোৱাৰপৰা বিৰত থাকিম বুলি থিৰাং কৰিলোঁ। কাৰণ সকলো প্ৰতিযোগীয়ে হাতীৰ ছবিখন আঁকিবলৈ লৈছেই। তেনেতে মনলৈ আহিল, মই দেখোন লোকাৰণ্য হৈ পৰা গোটেই অনুষ্ঠানটোৰ পৰিবেশটোকে তুলি ধৰিব পাৰোঁ! মুকলি ফিল্ডত লগত বহা বন্ধুৰ স'তে আলোচনা কৰি দুয়োটাই সেই বিষয়টোকে আঁকিবলৈ মনস্থ কৰিলোঁ। কথা মতে কাম। চাৰিওফালে গছৰে আগুৰা ক্ষেত্ৰখনৰ এটা কৌণিক দৃশ্য সন্মুখত লৈ চাট পেপাৰত ৰং লগাবলৈ ধৰিলোঁ। পোনপটীয়াকৈ ব্ৰাছৰে অঁকা ছবিখন মোৰ দৃষ্টিত এনে নিম্ন খাপৰ হ'ল যে ততাতৈয়াকৈ ৰং বুলাই সামৰি থোৱাত লাগিছিলো। যেন যিকোনো প্ৰকাৰে শেষ কৰিব পাৰিলেই ৰক্ষা। এঘন্টাৰ ভিতৰতে ছবিখন যেনেতেনে সম্পূৰ্ণ কৰি ঘৰলৈ গুচি আহিলোঁ। পিছবেলা ফলাফল শুনিবলৈ গৈ আশ্বৰ্যচকিত হোৱাৰ পাল। প্ৰথম স্থানত থকা নামটো আছিল মোৰ আৰু দ্বিতীয়ত মোৰ বন্ধু0। বিশ্বাস কৰিব নোৱাৰি বাৰে বাৰে সঠিককৈ জানিব বিচাৰিছিলোঁ। পিছত গম পালো প্ৰতিযোগিতাৰ বিচাৰক আছিল প্ৰণৱ বৰুৱা ছাৰ। তেখেতৰ মন্তব্য জানিব বিচৰাত কৈছিল, ছবি এখনত সুন্দৰ ৰং দিলেই ছবিখন ভাল ছবি নহ'ব পাৰে। তাৰ লগত শিশুৱে নিজেই ছবিৰ বিষয় বাছনি কৰা দৃষ্টিকোণকো বিচাৰৰ তুলাচনীলৈ অনা হয়। কথাষাৰে বুজাই দিছিল ছবিত বিষয় নিৰ্বাচনৰ গুৰুত্ব কিমান !

শিল্পী প্ৰণৱ বৰুৱা ছাৰে গোটেই জীৱনটো চিত্ৰকলাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে উছৰ্গা কৰিছিল। বিভিন্ন অঞ্চলত ছাৰে এখনৰ পাছত আন এখন আৰ্ট স্কুল আৰম্ভ কৰি গৈছিল। তাৰ বাবে তেখেতে অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ (Cultural affairs) সঞ্চালকৰ (Director) দৰে পদ প্ৰত্যাখ্যান কৰিছিল। পিছৰ কালত অভিভক্ত নগাঁও জিলাৰ এই আৰ্ট স্কুলসমূহৰপৰাই এজাক প্ৰতিভাৱান শিল্পীয়ে ভূমুকি মাৰিছিল। এতিয়াও  নগাঁও -মৰিগাঁও জিলাত এই আৰ্ট স্কুলৰ ধাৰাটো বৰ্তি আছে।

ছাৰ বৰ ৰসাল ব্যক্তি আছিল। এবাৰ বন্ধু এজন সামাজিক অনুষ্ঠান এটালৈ নিমন্ত্ৰণৰ বাবে ছাৰৰ ঘৰলৈ গৈছিল। কথা প্ৰসংগত বন্ধুজনৰ নামটো শুনি ছাৰে হাঁহিবলৈ ধৰিলে। হাঁহিৰ কাৰণ জানিব বিচৰাত যি ক'লে, উপস্থিত থকা সকলোৰে পেটৰ নাড়ী ডাল ডাল হ'ল। বন্ধু জনৰ ‘পিংকু’ নামটো শুনি বুঢ়া বয়সত এই নামটোৰ মানুহজনক অৰ্থাৎ ‘পিংকু বুঢ়া’ নামটোৰ অৱস্থান যে বৰ আমোদজনক হ'ব (ছাৰৰ ভাষাত মজা হ'ব ! ) সেই ভাবি ছাৰে বৰ ৰস পাইছিল বোলে! এয়াই আছিল আমাৰ প্ৰণৱ বৰুৱা ছাৰ। বৰুৱা ছাৰ স্থানীয় ডেকাৰপৰা বয়সীয়া সকলোৰে মাজত ‘প্ৰণৱদা’ বুলি জনপ্ৰিয় আছিল।

অপ্ৰত্যাশিতভাৱে বৰুৱা ছাৰৰ মৃত্যুৰ বাতৰিটো ২০০২ চনৰ ফেব্ৰুৱাৰিৰ কোনোবা এটা দিনৰ পেপাৰৰ প্ৰথম পৃষ্ঠাত পাইছিলোঁ। ১৯৩৫ চনত জন্ম লাভ কৰা নগাঁৱৰ কলংপৰীয়া চিত্ৰশিল্পী, সকলোৰে প্ৰিয় প্ৰণৱ বৰুৱা ছাৰৰ ৬৭ বছৰ বয়সতে নিজ গৃহত মৃত্যু হয়। মোৰ অতি প্ৰিয় শিল্পীজনৰ স'তে ঘটা আচলতে তেনেই গতানুগতিকধৰণৰ সান্নিধ্যৰ ওপৰত এই লেখা যুগুতাই চিত্ৰ শিক্ষাৰ গুৰুজনাক সশ্ৰদ্ধ সোঁৱৰণ কৰিছোঁ।

(লগতে এই লেখাৰ জন্মৰ বাবে কৃতজ্ঞ হৈ ৰ'লো ফেচবুকৰ বান্ধৱী সুজাতা হাতীবৰুৱাৰ ওচৰত । তেওঁৰ ব্যক্তিগত ৱালত দিয়া তেনেই সাধাৰণ মন্তব্যৰ আঁত ধৰি তেওঁৰে অনুৰোধত ছাৰৰ বিষয়ে কিবা অলপ লিখিবলৈ বাধ্য হ’লো। প্ৰকৃততে তেওঁৰ তাগিদা তথা উনুকিয়াই দিয়া দুটামান দিশৰ বাবেই এইখিনি লিখা সম্ভৱ হ'ল।)

Share Button
Print Friendly, PDF & Email

No Comments : "শৈশৱৰ মনোৰম স্মৃতি : প্ৰিয় চিত্ৰশিল্পী প্ৰণৱ বৰুৱা ছাৰৰ সান্নিধ্য"

Leave a Comment

Your email address will not be published. Required fields are marked *