বিজ্ঞানৰ ইতিহাস (২য় খণ্ড) : প্ৰাচীন প্ৰাচ্যত বিজ্ঞানৰ বিকাশ

আৰহান ইনামূল

প্ৰাচীন সভ্যতাত বিজ্ঞানৰ বিকাশ বুলি কওঁতে কিছু থমকি ৰ’বলগা হয়, কাৰণ বিশুদ্ধ বিজ্ঞান বুলি ক’লে যি বুজোৱা হয় প্ৰাচীন সভ্যতাসমূহত অংকুৰিত হোৱা সেই স্তৰৰ বিজ্ঞানৰ ভিত্তি সেয়া নহয়। তাৰ পৰিবৰ্তে ইয়াক প্ৰাক-বিজ্ঞান বুলিবহে পাৰি, ইংৰাজীত ইয়াক কোৱা হয় প্ৰ'ট'-ছায়েন্স (PROTOSCIENCE) । কাৰণ বৰ্তমান  যেনেকুৱাধৰণৰ পদ্ধতিগত পৰ্যবেক্ষণ, বিশ্লেষণ আৰু সিদ্ধান্ত গ্ৰহণক বিজ্ঞান বুলি স্বীকৃতি দিয়া হয় তেনেকুৱা কোনোধৰণৰ পদ্ধতিগত যুক্তিযুক্ততা সেই প্ৰাচীন বিজ্ঞানে অনুসৰণ কৰা নাছিল। আহৰণ কৰা জ্ঞান বা তথ্য লিপিবদ্ধ কৰিবলৈ লোৱাৰ আগলৈকে পৰ্যবেক্ষণ আৰু অভিজ্ঞতাৰপৰা আহৰণ কৰা জ্ঞান মৌখিকভাৱে এটা প্ৰজন্মৰপৰা পৰবৰ্তী প্ৰজন্মলৈ বাগৰি গৈছিল। মানৱীয় সভ্যতাক এক নতুন দিশেৰে দ্ৰুতভাৱে বিকাশমুখী কৰিব পৰা বৈজ্ঞানিক চিন্তা-চৰ্চাৰ প্ৰথম ভেটি স্থাপন হৈছিল মেছোপটেমিয়া, ইজিপ্ট আৰু চীনত। কৃষি অৰ্থনীতিৰ আৰম্ভণিৰ লগে লগে উন্নত প্ৰযুক্তিগত সঁজুলিৰ বিকাশ আৰু আৱিষ্কাৰ প্ৰয়োজনীয় হৈ পৰিছিল। ফলশ্ৰুতিত ঠাই পাইছিল নিত্য-নতুন পৰ্যবেক্ষণ আৰু সিদ্ধান্তই। লিপিৰ ব্যৱহাৰ আৰম্ভ হোৱাৰ পিছৰেপৰা আহৰণ কৰা জ্ঞান পিছৰ প্ৰজন্মৰ বাবে জমা কৰি যোৱাটো সম্ভৱ হৈছিল, আৰু ইতিমধ্যেই কৌশলগতভাৱে আৰু কাৰিকৰীভাৱে কৃষিকৰ্মৰো যথেষ্ট বিকাশ হোবাৰ পিছত মানুহে কেৱল খাদ্যৰ সন্ধান আৰু বৰ্তি থকাৰ যুঁজৰপৰা কিছু আহৰি পাবলৈ ল'লে, তাৰ ফলত জ্ঞানৰ বিকাশৰ বাবে জ্ঞানৰ সন্ধানত ব্যস্ত আৰু ব্ৰতী হ’ব পৰা হ’ল।

মেছোপটেমিয়াত জ্ঞানৰ বিকাশ

খ্ৰীষ্টপূৰ্ব ৫,০০০ৰপৰা ৩,৫০০ৰ ভিতৰত টাইগ্ৰিছ আৰু ইউফ্ৰেটিছ নদীৰ উপত্যকাত মেছোপটেমিয়া সভ্যতা- সংস্কৃতিৰ বিকাশ হৈছিল। সেই সভ্যতা- সংস্কৃতিৰ গুৰি ধৰিছিল সুমেৰীয়সকলে, তেওঁলোকক শাসন কৰিছিল আক্কাডিয়ান (Akkadians)সকলে, আক্কাডিয়ানসকলক সাধাৰণতে বেবিলনীয় বুলিহে জনা যায়। সুমেৰীয়সকলেই পোনপ্ৰথমবাৰৰ বাবে লিখন কৌশল আৰু গাণিতিক চিহ্নৰ উদ্ভাৱন কৰিছিল। ডেনাইছ স্কেমাণ্ড বেচ্ছৰট (Denise Schmandt-Besserat) নামৰ ফৰাচী-আমেৰিকান ভূতত্ত্ববিদগৰাকীৰ How Writing Came About (প্ৰকাশক University of Texas Press 1996) আৰু

The History of Counting (প্ৰকাশক Morrow Jr. 1999) নামৰ গ্ৰন্থদুখনত সুমেৰীয় সভ্যতাত লিখন শৈলীৰ আৰু গাণিতিক চিহ্নৰ ব্যৱহাৰ সন্দৰ্ভত বিস্তৃত টোকা দাঙি ধৰিছে। তেওঁ উল্লেখ কৰিছে যে সুমেৰীয়সকলে তেওঁলোকে নিৰ্মাণ কৰা মাটিৰ পাত্ৰৰ সংখ্যা গণনা কৰি টুকি ৰাখিবলৈ সাংখ্যিকীয় পৰিভাষাৰ ব্যৱহাৰ কৰিছিল।

12_ARHAN_INAMUL_prasin_Scienceবেবিলনীয় গণিতৰ বিকাশ (Babylonian mathematics) :

বেবিলনীয় গণিত বুলি ক’লে আদিম সুমেৰীয়সকলৰ সময়ৰপৰা ৫৩৯ খ্ৰীষ্টপূৰ্বত বেবিলনৰ পতন হোৱাৰ সময়লৈকে মেছোপটেমিয়াৰ লোকসকলে গণিতৰ যি বিকাশ আৰু চৰ্চা কৰিছিল তাকে বুজোৱা হয়। প্ৰায় ৩,৫০০ খ্ৰীষ্টপূৰ্বত সুমেৰত (বৰ্তমানৰ ইৰাক) বসতি আৰম্ভ কৰাৰেপৰা মেছোপটেমিয়ানসকলে পৰ্যবেক্ষণকৃত তথ্যসমূহ সাংখ্যিকীয়প্ৰকাশেৰে লিপিবদ্ধ কৰিবলৈ আৰম্ভ কৰিছিল। মেছোপটেমিয়াত সেই সময়ছোৱাত গণিতৰ যি চিন্তা-চৰ্চা আৰম্ভ হৈছিল সেয়াই পিছৰ পৰ্যায়ত গণিতৰ অভূতপূৰ্ব বিকাশত যথেষ্ট অৰিহণা যোগাইছিল। মেছোপটেমিয়াত হোৱা গণিতৰ বিকাশৰ এক উৎকৃষ্ট নিদৰ্শন হল প্লিম্পটন-৩২২ (Plimpton 322) নামৰ বেবিলনীয় মাটিৰ ফলিখন। কিউনেইফৰ্ম (Cuneiform) লিপিত লিখা এই ফলিখনত ৪টা পৰ্যায় আৰু ১৫টা ক্ৰমৰ তালিকা আছে, প্ৰায় খ্ৰীষ্টপূৰ্ব ১৮০০ত এই ফলিখন লিপিবদ্ধ কৰা হৈছিল বুলি অনুমান কৰা হয়। উল্লেখযোগ্য যে বৰ্তমান আমি যিটো গাণিতিক উপস্থাপনক "পাইথাগোৰাছ-তৃতীয়ক" বুলি  জানো তাৰ বিষয়ে উক্ত ফলিখনত উল্লেখ আছে। এইটো অদ্যপি এক বিতৰ্কৰ বিষয় যে পাইথাগোৰাছ নামৰ প্ৰাচীন গ্ৰীক গণিতজ্ঞজনে আৱিষ্কাৰ কৰা সমকোণী ত্ৰিভুজৰ বাহুকেইটাৰ মাজৰ সম্পৰ্ক পাইথাগোৰাছৰ সময়তকৈ প্ৰায় সহস্ৰাধিক বছৰ আগতেই প্লিম্পটন-৩২২ নামৰ ফলিখনত উল্লেখ আছে আৰু ই এই কথা সূচায় যে পাইথাগোৰাছৰ আগতেই এই উপপাদ্যৰ আৱিষ্কাৰ হৈছিল। অৱশ্যে মেছোপটেমিয়ানসকলৰ উপৰিও প্ৰাচীন ভাৰত আৰু চীনতো  কেইবাজনো গণিতজ্ঞই স্বতন্ত্ৰভাৱে এই উপপাদ্যৰ আৱিষ্কাৰ আৰু ব্যৱহাৰিক প্ৰয়োগ কৰিছিল বুলি প্ৰমাণ পোৱা গৈছে। ১৮৫০ চনৰপৰা উদ্ধাৰ হোৱা ৪০০মান মাটিৰ ফলিৰপৰা বেবিলনীয় গণিতৰ বিষয়ে এক বিস্তৃত ধাৰণা পোৱা গৈছে। কিউনেইফৰ্ম লিপিত লিখা এই ফলিসমূহত কেঁচা অৱস্থাত লিপিবদ্ধ কৰি সূৰ্যৰ তাপত অথবা জুইশালৰ ওপৰত শুকুৱাই ইয়াৰ লিপিসমূহৰ স্থায়িত্ব নিশ্চিত কৰা হৈছিল। ইতিমধ্যে উদ্ধাৰ হোৱা প্ৰায়ভাগ ফলিয়েই খ্ৰীষ্টপূৰ্ব ১৮০০ৰপৰা খ্ৰীষ্টপূৰ্ব ১৬০০ৰ ভিতৰত লিপিবদ্ধ কৰা হৈছিল। এই ফলিসমূহত পাইথাগোৰাছৰ তৃতীয়কৰ উপৰিও ভগ্নাংশ, বীজগণিত, দ্বিঘাত সমীকৰণ, আৰু ত্ৰিঘাত সমীকৰণৰ ওপৰত স্পষ্ট উল্লেখ আছে।YBC-৭২৮৯ নামৰ বেবিলনীয় ফলিখনত √২ৰ মান দশমিকৰ সাতটা স্থানলৈকে শুদ্ধভাৱে উল্লেখ আছে। বেবিলনীয় গণিতৰ ভেটি হল ৬০-ভূমিৰ (SEXAGESIMAL) সংখ্যা ব্যৱস্থা, ইয়াৰপৰাই ১ মিনিটত ৬০ ছেকেণ্ড, ১ ঘন্টাত ৬০ মিনিট আৰু বৃত্তৰ কেন্দ্ৰৰ ৩৬০০ কোণৰ ধাৰণা উদ্ভাৱন হৈছিল। বেবিলনীয়সকলে গণিতৰ বিকাশ কৰিবলৈ মূলতঃ দুটা কাৰণতে সক্ষম হৈছিল, এটা হ'ল তেওঁলোকৰ ৬০-ভূমিৰ (SEXAGESIMAL) সংখ্যা ব্যৱস্থা যথেষ্ট সুবিধাজনক আছিল। কাৰণ ৬০ হল এক অতি-যৌগিক সংখ্যা যাৰ উৎপাদক হল ১,২,৩,৪,৫,৬,১০, ১২,১৫,২০,৩০,৬০ , তাৰ ভিতৰত প্ৰায়কেইটাই নিজে একো একোটা যৌগিক সংখ্যা। ইয়াৰ ফলত ভগ্নাংশৰ গণনা কৰাটো যথেষ্ট সহজ হৈ পৰে। দ্বিতীয় কাৰণটো হল বেবিলনীয়সকলৰ সত্য স্থানীয় মান ব্যৱস্থা আছিল, য’ত বেছি স্থানীয় মানৰ অংকবোৰ বাঁওফালে লিখা হয়, যিদৰে ১০-ভেটিত লিখা হয় (উদাহৰণস্বৰূপে  ২৩৪ =২×১০০ + ৩×১০ + ৪×১)।  বেবিলনীয়সকলে পাটীগণিতৰ ক্ষেত্ৰত পূৰ্বতে গণনা কৰি থোৱা তালিকা ব্যৱহাৰ কৰিছিল। ১৮৫৪ চনত ইউফ্ৰেটিছ নদীৰ পাৰৰ চেনকেৰাহত উদ্ধাৰ হোৱা দুখন ফলিত ৫৯লৈকে সংখ্যাবোৰৰ বৰ্গ আৰু ৩২লৈকে ঘনফল উল্লেখ আছে। এই ফলিদুখন প্ৰায় খ্ৰীষ্টপূৰ্ব ২০০০ৰ বুলি অনুমান কৰা হৈছে।বেবিলনীয়সকলে সংখ্যাৰ বৰ্গৰ তালিকাখন তৈয়াৰ কৰিবলৈ (a+b)2 =a2+b2+2abআৰু  (a+b)2=(a-b)2+4ab সূত্ৰ দুটা ব্যৱহাৰ কৰিছিল।

বেবিলনীয় জ্যামিতিৰ বিকাশ (Babylonian Geometry) :

বেবিলনীয়সকলে আয়তন আৰু কালি জোখাৰ সাধাৰণ নিয়মসমূহ জানিছিল। তেওঁলোকে বৃত্তৰ পৰিধিক ইয়াৰ ব্যাসৰ তিনিগুণ হিচাপে আৰু ইয়াৰ কালিক পৰিধিৰ বৰ্গৰ  /১২ অংশ হিচাপে মাপ লৈছিল,যদি “ πৰ মান ৩ বুলি ধৰা হয় তেন্তে বৃত্তৰ পৰিমিতি বিষয়ত তেওঁলোকৰ এই মাপ শুদ্ধ আছিল। চুঙাৰ আয়তন জুখিবলৈ ভূমি আৰু উচ্চতাৰ পূৰণফল লৈছিল যদিও শংকু অথবা বৰ্গাকাৰ পিৰামিডৰ জোখ লওঁতে ভুল কৰিছিল। বেবিলনীয়সকলে  π” ৰ মান ৩ বুলি ধৰাৰ বাবে তেওঁলোকৰ স্থাপত্য নিৰ্মাণকাৰ্যত সুবিধা হৈছিল , এই বিষয়ে হিব্ৰু বাইবেলৰ " ছলমনৰ মন্দিৰ"ত উদ্ধৃতি দিয়া আছে। বেবিলনীয়সকল কিন্তু  π” ৰ মানটোক এক আনুমানিক মান বুলি জ্ঞাত আছিল। ১৯৩৬ চনত চুচাত উদ্ধাৰ হোৱা এখন প্ৰাচীন বেবিলনীয় ফলিত  π ৰ মান ২৫/৮= ৩.১২৫  বুলি উল্লেখ আছে, এই মান  π” ৰ প্ৰকৃত মানতকৈ ০. % তলত। বেবিলনীয়সকলে সদৃশ ত্ৰিভুজৰ বাহুৰ অনুপাতৰ বিষয়ে জানিছিল কিন্তু কোনৰ সম্পৰ্ক সন্দৰ্ভত অজ্ঞাত আছিল। বেবিলনীয় জ্যোৰ্তিবিদসকলে গ্ৰহৰ গতি, তৰাৰৰ উঠন আৰু পতন, সূৰ্য্যগ্ৰহণ , চন্দ্ৰগ্ৰহণ আদি বিষয়ত বিস্তৃত তথ্য সংগ্ৰহ কৰিছিল। ১৯৫০ চনত অট্ট' নিউগব্যুৰে (Otto Neugebauer) আৱিষ্কাৰ কৰা মহাজাগতিক অৱস্থান নিৰ্ণয় কৰোঁতে ব্যৱহাৰ হোৱা ফুৰিয়াৰ বিশ্লেষণৰ এটা ৰূপ ব্যৱহাৰ কৰিব জানিছিল।

বেবিলনীয় জ্যোতিৰ্বিজ্ঞান (Babylonian astronomy) :

বেবিলনীয় সভ্যতাৰ পুনঃ আৱিষ্কাৰে এই কথা পোহৰলৈ আনে যে গ্ৰীক গণিত, জ্যোতিৰ্বিজ্ঞানৰ প্ৰায় অংশই বেবিলনৰপৰা ধাৰে লোৱা।  বিখ্যাত গণিতজ্ঞ তথা প্ৰকৃত বিজ্ঞানৰ বুৰঞ্জীবিদ এছগাৰ এবে (Asger Aaboe)ৰ মতে পশ্চিমীয়া জ্যোতিৰ্বিজ্ঞানৰ মূল ভেটি মেছোপটেমিয়াত বিকাশ হোৱা জ্যোতিৰ্বিজ্ঞানৰ ওপৰত প্ৰতিষ্ঠিত। বেবিলনীয় জ্যোতিৰ্বিজ্ঞানৰ বিষয়ে পৰোক্ষভাৱেহে  ধাৰণা কৰিব পাৰি, এই ক্ষেত্ৰত এক অতি নিৰ্ভৰযোগ্য সমল হ’ল বেবিলনীয় তৰা তালিকা, অনুমান কৰা হয় যে প্ৰায় খ্ৰীষ্টপূৰ্ব ১২০০মানত এই তালিকাখন প্ৰস্তুত কৰা হৈছিল। সুমেৰীয়সকলে বিকাশ ঘটোৱা জ্যোতিৰ্বজ্ঞানে  পিছৰ পৰ্যায়ত বেবিলনীয় জ্যোতিৰ্বিজ্ঞানৰ ওপৰত এক বিস্তৰ প্ৰভাৱ বিস্তাৰ কৰিছিল।  খ্ৰীষ্টপূৰ্ব প্ৰায় ৮ম আৰু ৭ম শতিকাৰ ভিতৰত বেবিলনীয়সকলে জ্যোতিৰ্বিজ্ঞানৰ ক্ষেত্ৰখনত এক নতুন পৰ্যবেক্ষণমূলক পদ্ধতিৰ বিকাশ ঘটাইছিল, যাৰ ফলত মহাকাশ সন্দৰ্ভত এক দৰ্শনৰ প্ৰতিষ্ঠা  কৰিছিল আৰু ইয়াক বিজ্ঞানৰ দৰ্শনৰ ক্ষেত্ৰখনত এক বৃহৎ অৱদান বুলি গণ্য কৰা হয় , আনকি বহু বুৰঞ্জীবিদৰ মতে এয়াই আছিল জ্যোতিৰ্বিজ্ঞানৰ ক্ষেত্ৰখনত প্ৰথম প্ৰকৃত বৈজ্ঞানিক জাগৰণ। বেবিলনীয় বিজ্ঞানৰ আটাইতকৈ ডাঙৰ অৱদান হল জ্যোতিৰ্বিজ্ঞানত গণিতৰ প্ৰয়োগ। ইয়াৰ ফলত মহাকাশৰ পৰিঘটনাসমূহ সূক্ষ্ম আৰু ধাৰাবাহিকভাৱে পৰ্যবেক্ষণ কৰি সেইবোৰৰ গাণিতিক উপস্থাপন সম্ভৱপৰ কৰি তুলিছিল। বেবিলনীয় জ্যোতিৰ্বিজ্ঞানক সাধাৰণতে দুটা ভাগত ভাগ কৰা হয়, এটা হ’ল প্ৰাচীন বেবিলনীয় জ্যোতিৰ্বিজ্ঞান আৰু আনটো হ’ল নব্য বেবিলনীয় জ্যোতিৰ্বিজ্ঞান।

প্ৰাচীন বেবিলনীয় জ্যোতিৰ্বিজ্ঞান : প্ৰাচীন বেবিলনীয় জ্যোতিৰ্বিজ্ঞান বুলিলে খ্ৰীষ্টপূৰ্ব  ১৮৩০ৰপৰা খ্ৰীষ্টপূৰ্ব ৬২৬লৈকে , অৰ্থাৎ প্ৰথম বেবিলনীয় ৰাজবংশৰ শাসন  প্ৰতিষ্ঠা হোৱাৰপৰা নব্য বেবিলনীয় সাম্ৰাজ্যৰ প্ৰতিষ্ঠা হোৱালৈকে এই সময়ছোৱাত জ্যোতিৰ্বিজ্ঞানৰ যি চিন্তা-চৰ্চা আৰু বিকাশ হৈছিল তাকেই বুজোৱা হয়। বেবিলনীয় জ্যোতিৰ্বিদসকলে পোনপ্ৰথমতে আৱিষ্কাৰ কৰিছিল যে মহাজাগতিক বস্তুবোৰে পৰ্যাবৃত্তি মানি চলে। প্ৰাচীন বেবিলনীয় কিছুমান ফলিত একো একোটা সৌৰবৰ্ষত প্ৰতিদিনে পৃথিৱীত সূৰ্যৰ পোহৰপৰা সময়ৰ দৈৰ্ঘ্যৰ তালিকা লিপিবদ্ধ কৰা হৈছিল। তাৰেই কেইবাখনো ফলি ইতিমধ্যে উদ্ধাৰ হৈছে। প্ৰাচীন বেবিলনীয় জ্যোতিৰ্বিজ্ঞানীসকলে শতিকাজুৰি কৰা পৰ্যবেক্ষণৰ তথ্যসমূহ "এন্যুমা আনু এনলিল" (Enuma Anu Enlil)  নামৰ ফলিখনত লিপিবদ্ধ আছে। উক্ত ফলিখনৰ ৬৩ নং তালিকাত ২১ বছৰজোৰা সময়ত শুক্ৰগ্ৰহৰ গতিবিধিৰ কথা উল্লেখ আছে। আনকি তালিকাখনত প্ৰথম আৰু শেষবাৰৰ বাবে শুক্ৰগ্ৰহ দেখা পোৱাৰ সময়ৰ উল্লেখ আছে।

নব্য বেবিলনীয় জ্যোতিৰ্বিজ্ঞান :

নব্য বেবিলনীয় জ্যোতিৰ্বিজ্ঞান হ’ল মেছোপটেমিয়ান বুৰঞ্জীৰ খ্ৰীষ্টপূৰ্ব ৬২৬ৰপৰা খ্ৰীষ্টপূৰ্ব ৫৩৯লৈকে বৰ্তি থকা নব্য বেবিলনীয় সাম্ৰাজ্যৰ সময়ছোৱা, খ্ৰীষ্টপূৰ্ব ৫৩৯ৰপৰা ৩৩০ খ্ৰীষ্টপূৰ্বলৈকে বৰ্তি থকা একামেনিড সাম্ৰাজ্যৰ সময়ছোৱা (Achaemenid Empire),  খ্ৰীষ্টপূৰ্ব ৩১২ৰপৰা খ্ৰীষ্টপূৰ্ব ৬৩লৈকে বৰ্তি থকা ছেলিউচিড সাম্ৰাজ্যৰ (Seleucid Empire)  সময়ছোৱা ,খ্ৰীষ্টপূৰ্ব ২৪৭ৰপৰা ২২৪ খ্ৰীষ্টাব্দ  লৈকে বৰ্তি থকা পাৰ্থিয়া সাম্ৰাজ্যৰ (Parthia Empire)  সময়ছোৱাত হোৱা জ্যোতিৰ্বিজ্ঞানৰ বিকাশৰ কথাকেই বুজোৱা হয়। নব্য বেবিলনীয় সাম্ৰাজ্যৰ ভেটি প্ৰতিষ্ঠা কৰা নাব'নাচ্চাৰ (Nabonassar)ৰ শাসনকালত লিপিবদ্ধ হোৱা আৰু বৰ্তমান ব্ৰিটিছ সংগ্ৰহালয়ত সংৰক্ষণ কৰি থোৱা বেবিলনীয় জ্যোতিৰ্বিজ্ঞান দিনলিপিসমূহত (Babylonian astronomical diaries) ১৮ বছৰৰ মূৰে মূৰে সংঘটিত হোৱা চন্দ্ৰগ্ৰহণৰ কথা উল্লেখ আছে, পিছৰ সময়ত টলেমিয়ে নিজৰ পৰ্যবেক্ষণৰ ক্ষেত্ৰত এই তথ্যসমূহ ব্যৱহাৰ কৰিছিল। ছেলিউচিড সাম্ৰাজ্যৰ (Seleucid Empire) সময়ছোৱাত বেবিলনীয় জ্যোতিৰ্বিজ্ঞানে এক বিশেষ মাত্ৰা লাভ কৰিছিল, কাৰণ এই সময়তেই জ্যোতিৰ্বিদসকলে গ্ৰহৰ গতিৰ ওপৰত পূৰ্বানুমান কৰোতে "লক্ষ্য-বৰ্ষ নথি" (Goal-year Texts) ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিল।"লক্ষ্য-বৰ্ষ নথি" হ’ল ইতিমধ্যে দৃশ্যমান গ্ৰহসমূহৰ গতিবিধিৰ ওপৰত পৰ্যবেক্ষণ কৰি সংগ্ৰহ কৰি থোৱা তথ্যৰ একক সংকলন। "লক্ষ্য-বৰ্ষ নথি" ব্যৱহাৰ কৰা আৰম্ভ কৰাৰ কিছু সময় পিছতেই বেবিলনীয় জ্যোৰ্তিবিদসকলে পুৰণি তথ্যৰ ওপৰত বেছিকৈ নিৰ্ভৰ নকৰাকৈ গ্ৰহৰ অৱস্থান আৰু গতি নিৰ্ধাৰণ কৰিব পৰা গাণিতিক আৰ্হি তৈয়াৰ কৰিবলৈ সক্ষম হৈছিল।

বেবিলনয় সভ্যতাত চিকিৎসা বিজ্ঞানৰ বিকাশ :

চিকিৎসাবিজ্ঞানৰ প্ৰাচীন পুথিসমূহৰ ভিতৰত প্ৰথম বেবিলনীয় সাম্ৰাজ্যৰ সময়ত গাৰ-কিন- অপলি (Esagil-kin-apli)য়ে লিখা  Diagnostic Handbookখন এখন অন্যতম প্ৰাচীনতম পুথি বুলি গণ্য কৰা হয়। বেবিলনীয়সকলেই পোনপ্ৰথমতে ৰোগৰ নিদান , লক্ষণ পৰ্যবেক্ষণ কৰি ৰোগ চিনাক্তকৰণ , ৰোগীৰ শাৰীৰিক পৰীক্ষা কৰা আৰু প্ৰেছ্ক্ৰিপছন্ লিখা ব্যৱস্থা আৰম্ভ কৰিছিল, তাৰোপৰি  Diagnostic Handbookখনেই পোনপ্ৰথমবাৰৰ বাবে  ৰোগীৰ চিকিৎসা ব্যৱস্থাত থেৰাপি পদ্ধতি, ৰোগ-হেতু বিজ্ঞান আৰু অনুভৱবাদ আদিৰ অন্তৰ্ভুক্তিৰ পৰামৰ্শ দিয়ে। এই পুথিখনত বহুতো ৰোগৰ লক্ষণ, কাৰণ/কাৰক আৰু সেইসমূহৰ বিধানৰ বিষয়ে  উল্লেখ কৰা আছে। সেই সময়ৰ বেবিলনীয় চিকিৎসা বিশেষজ্ঞসকলে বেণ্ডেজ, পিল আৰু ক্ৰিমৰদ্বাৰা ৰোগৰ চিকিৎসা কৰিছিল। এই পিল, ক্ৰিম আদি প্ৰাকৃতিকভাৱে উপলব্ধ সমলৰপৰা তৈয়াৰ কৰা হৈছিল, অৱশ্যে যদিহে এই চিকিৎসা বিধানৰ যোগেদি কোনো ৰোগীৰ ৰোগ ভাল নহৈছিল তেন্তে পৰম্পৰাগতভাৱে প্ৰচলিত তান্ত্ৰিক বিধানৰ যোগেদি ৰোগীৰ নিদান কৰা হৈছিল।

প্ৰাচীন সভ্যতাসমূহত বিজ্ঞানৰ বিভিন্ন শাখামূহত যি বিকাশ হৈছিল তাৰ ফলশ্ৰুতিতেই বৰ্তমান এই আধুনিক যুগত বিজ্ঞানে সফলতা আৰু বিকাশৰ চৰম সীমাত অৱতীৰ্ণ হ’ব পাৰিছে।

Share Button
Print Friendly, PDF & Email

No Comments : "বিজ্ঞানৰ ইতিহাস (২য় খণ্ড) : প্ৰাচীন প্ৰাচ্যত বিজ্ঞানৰ বিকাশ"

Leave a Comment

Your email address will not be published. Required fields are marked *