বস্তুনিষ্ঠ ইতিহাস চৰ্চা

টুনুজ্যোতি গগৈ

এখন দেশ বা এটা জাতিয়ে বৰ্তমানৰ বুকুত থিয় হৈ ভৱিষ্যতৰ পথত দৃঢ়তাৰে আৰু সঠিকভাৱে খোজ দিবলৈ হ'লে অতীতৰ বুকুত অৱগাহন কৰাটো প্ৰয়োজন হৈ পৰে। কিয়নো, অতীত চৰ্চাই আমাক ভৱিষ্যতমুখী কৰি তোলাই নহয়,স্বানুসন্ধানীও কৰি তুলিব পাৰে। কিন্তু, অতীতক বস্তুনিষ্ঠ দৃষ্টিভংগীৰে নাচাই, ৰমন্যাসিক দৃষ্টিভংগীৰে চোৱাৰ প্ৰৱণতা এখন দেশ বা সমাজৰ বাবে বিপজ্জনক হৈ উঠে। ভাৰতৰ দৰে এখন ভিন্নভাষী,ভিন্ন সাংস্কৃতিক বৈশিষ্ট্য আৰু ভিন্ন ধৰ্মীয় সম্প্ৰদায়েৰে ভৰা দেশত এনেধৰণৰ ৰমন্যাসিক দৃষ্টিভংগীয়ে জনগণক বিভ্ৰান্ত,সাম্প্ৰদায়িক আৰু পশ্চাদমুখী কৰি আহিছেই। ৰমন্যাসিক ইতিহাস চৰ্চাৰ প্ৰসংগ পিছলৈ থৈ এইখিনিতে ইতিহাস চৰ্চাৰ প্ৰাসংগিকতা আৰু বস্তুনিষ্ঠ ইতিহাস চৰ্চাৰ ইতিহাস সম্পৰ্কে চমুৱাই আলোচনা কৰা যাওক।

অতীতত যি ঘটিল,সি ঘটিলেই,তাক লৈ নতুনকৈ চিন্তা-চৰ্চা কৰাটো প্ৰয়োজনীয়নে? উপৰুৱাকৈ অপ্ৰয়োজনীয় বুলিয়েই ক'ব পাৰিলেও কিছু গভীৰভাৱে লক্ষ্য কৰিলে দেখা যায় যে এনে চিন্তা-চৰ্চাৰ প্ৰয়োজনীয়তা আছে। ধৰা হওক,অতীত অধ্যয়নৰ জৰিয়তে আমি জানিব পাৰিলো – বিশ্ব পুঁজিবাদৰ সংকটৰ ফলতে প্ৰথম বিশ্বযুদ্ধ সংঘটিত হৈছিল আৰু দ্বিতীয় যুদ্ধৰো সূত্ৰপাত হৈছিল একে সংকটৰ ফলতেই। অদূৰ ভৱিষ্যতে তৃতীয় বিশ্বযুদ্ধ সংঘটিত হ'বনে নহয় বা তৃতীয় বিশ্বযুদ্ধৰ সম্ভাৱনা মষিমূৰ কৰিবলৈ কেনে পদক্ষেপ লোৱা উচিত,সেইবোৰৰ সমিধান পূৰ্বৰ যুদ্ধকেইখনৰ কাৰণবোৰ অধ্যয়নৰ জৰিয়তে আমি পাব পাৰো। অতীত অধ্যয়নৰ জৰিয়তে আমি যুদ্ধৰ ভয়াৱহতাৰ বিষয়ে জানিব পাৰিছো আৰু তৃতীয় বিশ্বযুদ্ধ যাতে নহয়,তাৰ আগতীয়া ব্যৱস্থা গ্ৰহণ কৰিছো। অতীত অধ্যয়নৰ প্ৰাসংগিকতা এইখিনিতেই আছে। এই ছেগতে প্ৰসিদ্ধ ইতিহাসবিদ আৰ. জি. কলিউংডৰ মন্তব্য এটি স্মৰণ কৰিছো : “The past which a historian studies is not a dead past, but a past which in some sense is still living in the present.” (Quoted by E. H. Carr : What is History, p.16)

বিজ্ঞানসন্মত পদ্ধতিৰে ইতিহাস ৰচনাৰ প্ৰথম প্ৰচেষ্টা ইউৰোপতেই চলিলেও ইউৰোপৰ ইতিহাস-সাহিত্য পোন্ধৰ শতিকালৈকে অন্যান্য উন্নত জাতিৰ তুলনাত তেনেই চালুকীয়া আছিল। পোন্ধৰ শতিকালৈকে দেশখনত ইতিহাস ৰচনাৰ নামত এচাম স্বাৰ্থান্বেষীয়ে কেৱল প্ৰভাৱশালী আৰু যোত্ৰৱান ব্যক্তিসকলৰ গুণানুকীৰ্তনহে কৰিছিল। প্ৰকৃত সত্যক কৌশলেৰে ঢাকোন দি উদ্দেশ্যপ্ৰণোদিতভাৱে অসত্যৰ প্ৰচাৰ চলাইছিল আৰু বিজ্ঞানসন্মত বা সমালোচনামূলক অনুসন্ধানৰ উম-ঘাম নাছিল। অৱশ্যে,নৱজাগৰণ (Renaissance)ৰ যুগ সূচনা হোৱাৰ লগে লগে ইউৰোপত ইতিহাস চৰ্চাৰ চৰিত্ৰ বহু পৰিমাণে সলনি হৈ পৰিল। এচাম ইতিহাসবিদৰ তথ্যাশ্ৰয়ী সত্যৰ প্ৰতি থকা আগ্ৰহ আৰু নিৰন্তৰ অনুসন্ধানৰ ফলত মধ্যযুগত ৰচিত অলেখ জাল বুৰঞ্জী চিনাক্ত হ'ল আৰু লগে লগে বস্তুনিষ্ঠ ইতিহাস চৰ্চাৰ বাটো মুকলি হৈ আহিল।

আগ্ৰহোদ্দীপক কথা এয়াই যে একে সময়তে জাৰ্মান দেশৰ দুটা ভিন্ন সম্প্ৰদায়ৰ মাজত প্ৰচণ্ড সংঘাত আৰম্ভ হোৱাত সম্প্ৰদায়দুটাই পৰস্পৰৰ বিৰুদ্ধে অনেক গ্ৰন্থ ৰচনাৰে সত্যৰ বিস্তৰ অপলাপ আৰম্ভ কৰিছিল। সেই সময়ত ছপা আখৰকে শেষ সত্য বুলি ভবা এচাম পাঠক স্বাভাৱিকতে আছিল বাবে ইতিহাসৰ পিনে কণকঠীয়া মৰিবলগা হ'ল। এসময়ত দুয়োটা সম্প্ৰদায়ৰ মাজৰপৰা পূৰ্বৰ সংঘাত দূৰ হোৱাত সম্প্ৰদায়দুটাই সৎ আৰু গঠনমূলক দৃষ্টিভংগীৰে ইতিহাস চৰ্চাৰ বাবে অনুপ্ৰাণিত হৈ জাৰ্মান জাতিক সবল আৰু পৰিপুষ্ট কৰাত অৰিহণা যোগালে। ইউৰোপৰ বিভিন্ন দেশত ইতিহাস চৰ্চাই প্ৰাধান্য লাভ কৰাৰ সময়ত হেনোভৰ ফৈদৰ ৰজাৰ ক্ষমতাসীন ইংলেণ্ডত ইতিহাস চৰ্চাৰ পৰিবেশেই সৃষ্টি হোৱা নাছিল। ঊনবিংশ শতিকাৰ প্ৰাৰম্ভত জাৰ্মানিৰ বৌদ্ধিক পৰিবেশেহে ইংলেণ্ডৰ এচাম শিক্ষাসদীক ইতিহাস চৰ্চাৰ বাবে অনুপ্ৰাণিত কৰে। জাৰ্মান ঐতিহাসিক লিঅ’পল্ড ভন ৰাংকেই ইতিহাস অধ্যয়নৰ যি বাট কাটিছিল,সেই বাটেৰে বাট বুলিয়েই ইংলেণ্ডত কেইবাগৰাকীও প্ৰখ্যাত ঐতিহাসিকৰ উদ্ভৱ হ'ল। ৰাংকেই তেওঁৰ History of Roman and German Races গ্ৰন্থখনিত ইতিহাস চৰ্চা সম্পৰ্কত কেইটিমান গুৰুত্বপূৰ্ণ মন্তব্য কৰি থৈ গৈছে। তেওঁৰ মতে,আধুনিক ইতিহাসবিদে সমসাময়িক লেখকৰ কথাৰ ওপৰত বহু পৰিমাণে আস্থা স্থাপন কৰে। আইন-আদালতে সাক্ষীক যি প্ৰক্ৰিয়াৰে বিচাৰ কৰে,সেই প্ৰক্ৰিয়াৰে এজন বুৰঞ্জীবিদেও তথ্য-পাতিক পৰীক্ষা কৰিব লাগে।

ইউৰোপত ইতিহাস চৰ্চাই এক নতুন মাত্ৰা লাভ কৰাৰ লগে লগে মহাদেশখনৰ বিভিন্ন স্থানত অৱস্থিত প্ৰাচীন নথি-পত্ৰৰ ভঁৰালবোৰৰ দুৱাৰ অনুসন্ধিৎসুসকলৰ বাবে উন্মুক্ত কৰি দিয়া হ'ল। যুগ যুগ ধৰি সংগৃহীত কাগজ-পত্ৰ আৰু ফলকবোৰৰপৰা নানা বিষয়ৰ পাঠোদ্ধাৰ কৰা হ'ল। লাগতিয়াল পাঠবোৰ ছপা কৰি প্ৰকাশ কৰাৰ লগে লগে ইউৰোপত কেইবাগৰাকীও ইতিহাসবিদৰ আৰ্বিভাব হয়। যথা : জাৰ্মানত পেটৰ্জ, ওৱেইটনা, ৰুবাৰ্টিয়ছ; ফ্ৰান্সত মোনড, লেভিছ আৰু লুৰেয়াৰ; ইংলেণ্ডত ষ্টবছ, ফ্ৰিমেন, গাৰ্ডিনৰ ইত্যাদি। এইসকল ইতিহাসবিদে ইতিহাস সম্বন্ধে থকা মানুহৰ পূৰ্বৰ ধাৰণাকে সলনি কৰি দিছিল।

ভাৰতবৰ্ষত খ্ৰীষ্টীয় সপ্তম শতিকালৈকে ইতিহাসমূলক সৃষ্টি বুলি ক'ব পৰা তেনে কোনো লেখা-মেলা হোৱা নাছিল বুলি প্ৰখ্যাত ইতিহাসবিদ ৰমিলা থাপাৰে কৈ গৈছে। থাপাৰৰ মতে, নিৰ্ভুল সময় আৰু শুদ্ধ তথ্যভিত্তিক ইতিহাসৰ পৰিৱৰ্তে প্ৰাচীন ভাৰতৰ ইতিহাসত বিভিন্ন আখ্যানৰ আধিক্যহে পৰিলক্ষিত হয়। ডি ডি কৌশাম্বীয়েও কৈছিল – ‘আমাৰ হাতত পৰা প্ৰায়বোৰ প্ৰাচীন ভাৰতীয় ইতিহাসৰ আহিলাই ধৰ্মীয় আৰু ধৰ্মীয় আচাৰ-বিধিৰ সৈতে জড়িত। বাস্তৱ ইতিহাসৰ সৈতে ইতিহাস চৰ্চাকাৰীসকলৰ কোনো সম্পৰ্ক নাছিল।'

ইপিনে,অষ্টাদশ আৰু ঊনবিংশ শতিকাত ইংৰাজ ঔপনিৱেশিকতাবাদী ভাৰততত্ত্ববিদ তথা ইতিহাসবিদসকলৰ যিবোৰ প্ৰভুত্ববাদী বৃত্তান্ত বা পাঠ প্ৰকাশিত হৈছিল,সেই বৃত্তান্ত বা পাঠসমূহত ভাৰতীয় সমাজক ব্ৰিটিছ ঔপনিৱেশিক শাসন প্ৰতিষ্ঠা হোৱাৰ আগলৈকে ইতিহাসবিহীন,স্থবিৰ আৰু গতিহীন সমাজ হিচাপে বৰ্ণনা কৰিছিল। কেৱল ভাৰতেই নহয়,সমগ্ৰ প্ৰাচ্যই তেওঁলোকৰ উন্নাসিক দৃষ্টিত ‘স্থবিৰ'আছিল। পশ্চিমীয়া ঐতিহাসিকসকলে ঔপনিৱেশিক শাসন অব্যাহত ৰখাৰ স্বাৰ্থতে ভাৰতৰ অতীতটো ‘আৱিষ্কাৰ' নতুবা ‘পুনৰুদ্ধাৰ' কৰিব খুজিছিল। ৰণজিৎ গুহই এই প্ৰসংগত কৈছে যে ভাৰতবাসীক ইতিহাস বিষয়ৰ যি শিক্ষা প্ৰদান কৰা হৈছিল,সেয়া আছিল লগুৱাৰ কাৰণে প্ৰস্তুত কৰা শিক্ষা। ইতিহাসৰ এনে শিক্ষাই অতীতৰ বিষয়ত প্ৰভুৰ দৃষ্টিকোণক প্ৰশ্নহীনভাৱে গ্ৰহণ কৰিবলৈ প্ৰৰোচিত কৰে।

ভাৰতীয় মানুহৰ ইতিহাস চেতনাৰ অভাৱ বুলি কোৱা আৰু পশ্চিমীয়া ইতিহাসৰ সৈতে ফেৰ মাৰিব পৰা ভাৰতৰ বিশুদ্ধ তথ্যভিত্তিক লিখিত ইতিহাসৰ অভাৱ বুলি কোৱা – এই দুষাৰ কথাৰ মাজত নিশ্চয় বিস্তৰ প্ৰভেদ আছে। পশ্চিমীয়া আৰ্হিত লিখা ‘বিশুদ্ধ' তথ্যভিত্তিক ইতিহাস যে ভাৰতৰ অভাৱ, সেয়া ডি ডি কৌশাম্বী আৰু ৰমিলা থাপাৰেও স্বীকাৰ কৰি গৈছে। কৌশাম্বীৰ মতে, ‘...We cannot possibly dream of matching a European history of some European region in scope, detail, chronological accuracy.' প্ৰাচীন ভাৰতৰ ইতিহাস অধ্যয়নৰ ক্ষেত্ৰত এনেধৰণৰ সমস্যা পৰিলক্ষিত হ'লেও ৰমিলা থাপাৰে উপাখ্যান, পুৰাণসমূহক ইতিহাস অধ্যয়নৰ প্ৰয়োজনীয় সমল হিচাপে কেনেকৈ ব্যৱহাৰ কৰিব পাৰি,সেই বিষয়ে মূল্যৱান আলোচনা আগ বঢ়াইছে। তেওঁ প্ৰাচীন ভাৰতৰ ইতিহাস-পৰম্পৰা গঢ়ি তোলাৰ ক্ষেত্ৰত তিনিবিধ অৱদান বা উৎসৰ কথা উল্লেখ কৰিছে – (এক) পুৰাকথা অথবা আখ্যান, (দুই) বংশানুচৰিত আৰু (তিনি) ঐতিহাসিক বৃত্তান্ত। পুৰাণ আৰু আখ্যানবোৰৰ উপৰি ‘ৰামায়ণ' আৰু ‘মহাভাৰত'তো ইতিহাসৰ সমল থকা বুলিও থাপাৰে দেখুৱাইছে।

ভাৰতীয় লোকৰ ইতিহাস চেতনাৰ অভাৱ বুলি দেখুওৱা ঔপনিৱেশিক তথা প্ৰাচ্যতত্ত্ববিদসকলৰ প্ৰভাৱতে উত্তৰ-ঔপনিৱেশিক ভাৰতৰ বহুতো পণ্ডিত-বুদ্ধিজীৱীয়েও ভাৰতীয়সকলৰ ইতিহাস চেতনাক এক পশ্চিমীয়া চেতনাহে বুলি ক'ব খোজে। নীহাৰৰঞ্জন ৰায়ৰ মতে,আধুনিক ভাৰতীয় বুদ্ধিজীৱীৰ ইতিহাস চেতনা এক পশ্চিমীয়া ইতিহাস চেতনাহে। পশ্চিমীয়া চেতনাত পৰিলক্ষিত হোৱা ঔপনিৱেশিক চৰিত্ৰ প্ৰাচ্যতত্ত্বৰ ৰূপতো প্ৰভাৱশালী হৈ পৰিছিল। এনে চেতনাৰে পৰিচালিত পশ্চিমীয়া পণ্ডিতসকলেই পশ্চিমৰ আৰ্হিত প্ৰথম ভাৰতৰ ইতিহাস লিখিছিল। এই ক্ষেত্ৰত জেমছ মিলৰ History of British India (প্ৰথম প্ৰকাশ ১৮১৭) গ্ৰন্থখন বাটকটীয়া। তেৱেঁই প্ৰথম ভাৰতীয় সমাজৰ ইতিহাস সাম্প্ৰদায়িক দৃষ্টিকোণেৰে লিখিছিল। তেওঁ হিন্দু, মুছলমান আৰু ব্ৰিটিছ – এই তিনিটা যুগত ভাৰতীয় ইতিহাসক ভাগ কৰিছিল, যি যুগ বিভাজনক পৰৱৰ্তী একাংশ ঐতিহাসিকে হয় অজ্ঞাতবশতঃ, নহয় উদ্দেশ্য প্ৰণোদিতভাৱে মানি আহিছে।

পশ্চিমীয়া আৰ্হিত কৰা মিলৰ এনে যুগ বিভাজন স্বাভাৱিকতে বিভ্ৰান্তিকৰ। ৰমিলা থাপাৰৰ মতে,এনেধৰণৰ যুগ বিভাজন গ্ৰহণ কৰি আঞ্চলিক ইতিহাসৰ সমলবোৰৰ ওপৰত আনুমানিক কথাবোৰ জাপি দিয়াহে হয়। সেইদৰে, ইউৰোপীয়সকলে ‘মধ্যযুগ' বুলি ক'লে যি বুজে, ভাৰতৰ মধ্যযুগে কেতিয়াও একে অৰ্থ বুজাব নোৱাৰিব। ভাৰতৰ ভিতৰতেই বিভিন্ন অঞ্চলৰ যুগ বিভাজন বিভিন্ন হ'ব। উত্তৰ ভাৰতৰ কাৰণে যিধৰণৰ যুগ বিভাজন প্ৰযোজ্য হ'ব পাৰে, দক্ষিণ ভাৰতৰ বাবে সেইটো প্ৰযোজ্য নহ'ব। আচলতে, একৰৈখিক আৰু এটা মাত্ৰ প্ৰধান ভাৰতীয় সাংস্কৃতিক, ঐতিহাসিক পৰম্পৰা মানি লৈ ভাৰতৰ বুৰঞ্জী অধ্যয়ন, বিচাৰ-বিশ্লেষণ কৰিবলৈ যোৱাটো মূঢ়তাৰ পৰিচায়ক। লক্ষণীয় যে মিলৰ যুগ বিভাজনৰদ্বাৰা অসমৰ এগৰাকী প্ৰথিতযশা গৱেষক পদ্মেশ্বৰ গগৈয়ো প্ৰভাৱান্বিত হৈছিল। তেওঁৰ পি এইছ ডি ডিগ্ৰীপ্ৰাপ্ত The Tai and the Tai Kingdoms নামৰ পুথিখনত অসমত তাই-আহোমৰ ৰাজত্ব কালছোৱাক দুভাগত ভাগ কৰিছে। প্ৰথমটো হ'ল ‘আহোম ৰাজবংশ : প্ৰথম'আৰু দ্বিতীয়টো হ'ল ‘আহোম ৰাজবংশ : দ্বিতীয় (হিন্দু যুগ)'।

সি যি নহওক, অসমত ছশ বছৰ ধৰি ৰাজত্ব কৰি যোৱা আহোমসকলৰ মাজত ইতিহাস (বুৰঞ্জী) চৰ্চাৰ এক গৌৰৱময় ঐতিহ্য আছিল। ‘দেত্তধাই বুৰঞ্জী'ৰ মতে ছ্যু-কা-ফাই হেনো সৌমাৰলৈ আহোঁতে কৈছিল – ‘যেতিয়া যি কথা হয়, যি মৰে, যাক পাওঁ,সকলো কথা পণ্ডিতে লেখি ৰাখিব। 'এই প্ৰসংগতে হেমচন্দ্ৰ গোস্বামীয়ে অসমত ১৩ শতিকাৰপৰা ধাৰাবাহিকৰূপে আৰু বৈজ্ঞানিকভাৱে বুৰঞ্জী লিখাৰ দস্তুৰ চলি আহিছে বুলি কৈ গৈছে। কিন্তু, আহোম যুগত ৰচিত সাঁচিপতীয়া বুৰঞ্জী পুথিসমূহক আধুনিক অৰ্থত বৈজ্ঞানিকভাৱে অৰ্থাৎ প্ৰণালীবদ্ধভাৱে লিখিত ইতিহাস বুলিব নোৱাৰি, ঘটি যোৱা ঘটনাৰ ক্ৰমিক বিৱৰণ বুলিহে ক'ব পাৰি। তথাপি, আমি আনন্দৰাম ঢেকীয়াল ফুকনৰ ভাষা ধাৰ কৰিয়েই ক'ব পাৰোঁ যে ইতিহাস-সাহিত্যৰ ক্ষেত্ৰত অসমীয়াসকল যিমান বেছি কৃতকাৰ্য হৈছে, আন বিষয়ত সিমান হোৱা নাই। অসমত যোৱা ছশ বছৰৰ ধাৰাবাহিক ঘটনাৱলীৰ বিৱৰণ সযত্নে সংৰক্ষিত হৈছে আৰু সেইবোৰৰ প্ৰামাণিকতা নিৰ্ভৰযোগ্য। দেশৰ পৰম্পৰা অনুসৰি,একোজন সম্ভ্ৰান্ত অসমীয়াৰ বুৰঞ্জীৰ জ্ঞান অপৰিহাৰ্য বুলি পৰিচিত আৰু প্ৰতিটো বিশিষ্ট পৰিয়ালে ঐতিহাসিক ঘটনাৰ বিতং নথি-পত্ৰ সংৰক্ষণ কৰিছিল। (Assam Sahitya Sabha, 1977: Plea for Assam and Assamese, p. 163-164)

অসমত বিংশ শতিকাৰ প্ৰাৰম্ভণিতে – যেতিয়া সূৰ্য ডুব নোযোৱা ব্ৰিটিছ শাসনৰ ৰাজত্বই অসমৰ জয়জয় ময়ময় অৱস্থা কৰিব বুলি ৰজাঘৰীয়া আমোলা আৰু সাহিত্যিকসকল গদগদ হৈ আছিল – জাতীয়তাবাদী ভাবধাৰাৰ উন্মেষ ঘটিছিল আৰু সেই উন্মেষৰ সৈতে জড়িত আছিল ইতিহাস চেতনাৰ দিশটোও। উপনিৱেশিক শাসকৰ লগতে ঐতিহাসিকসকলৰ প্ৰচেষ্টাত তৎকালীন সংবাদপত্ৰসমূহত অসমৰ কেইবাটাও জনগোষ্ঠীৰ পৃথক ‘ঐতিহাসিক'বৃত্তান্ত প্ৰকাশিত হৈছিল। সেই বৃত্তান্তসমূহৰ দুটা প্ৰধান লক্ষণ হ'ল – (ক) মহাভাৰতৰ দৰে পৌৰাণিক ভাৰতীয় কাহিনী-উপকাহিনীৰ সৈতে সম্পৰ্ক স্থাপনেৰে জনগোষ্ঠীবোৰক ‘ঐতিহাসিক গুৰুত্ব'প্ৰদান কৰা আৰু (খ) ব্ৰিটিছ শাসনৰ অধীনত জনগোষ্ঠীবোৰৰ প্ৰকৃত ‘উদগতি'কেনেদৰে সম্ভৱপৰ,সেয়া দেখুওৱা।

পৌৰাণিক কাল্পনিক কাহিনী আৰু জনবিশ্বাসক ‘আধুনিক' তথা ‘বৈজ্ঞানিক' ঐতিহাসিক সমললৈ ৰূপান্তৰৰ অপচেষ্টাই ইতিহাস চৰ্চাক বহু পৰিমাণে ক্ষতিগ্ৰস্ত কৰি আহিছে। সেই সময়ছোৱাত বিস্তৰ কল্পনাৰ আধাৰত উদ্দেশ্যপ্ৰণোদিতভাৱে আৰু অবৈজ্ঞানিকভাৱে ৰচিত কেইবাখনো ইতিহাস পুথিয়ে অসমৰ নতুন প্ৰজন্মক বিভ্ৰান্ত আৰু হীনমন্য কৰি তোলাৰ সম্ভাৱনাই অধিক। ড সূৰ্যকুমাৰ ভূঞাই কোনো এখন সত্ৰত উদ্ধাৰ কৰা পুথি এখনৰ সম্পাদিত ৰূপ হ'ল –অসম বুৰঞ্জী, ইংৰাজীত Assam History. এই অসম বুৰঞ্জীত উল্লেখ আছে যে আৰ্য দেৱতা ইন্দ্ৰই দিখৌ নৈত স্নানৰতা এগৰাকী কুমাৰীৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰাৰ ফলত জাৰজ সন্তান চাওলুং ছ্যু-কা-ফাৰ জন্ম হৈছিল। তেনেদৰে কোচ ৰজাকো অনাৰ্য দেৱতা শিৱৰ জাৰজ সন্তান বুলি দেখুৱাই অসমৰ দুটা প্ৰধান ৰাজবংশক আৰ্য আৰু অনাৰ্য হিচাপে বিভাজন কৰিছিল। এই উদাহৰণবোৰৰপৰা এয়াই স্পষ্ট হয় যে অসমৰ একাংশ মনুবাদী ইতিহাসবিদে এনেধৰণৰ অপব্যাখ্যাৰে তিব্বত-বৰ্মী জনগোষ্ঠীসমূহৰ মাজত ব্ৰিটিছ যুগৰপৰাই বিভাজন সৃষ্টিৰ চেষ্টা কৰিছিল।

পৰিহাসৰ বিষয় যে স্বৰাজোত্তৰ অসমৰ দুই-এগৰাকী আধুনিক ঐতিহাসিকেও পুৰাকাহিনী আৰু জনবিশ্বাসক ‘আধুনিক'তথা ‘বৈজ্ঞানিক'ঐতিহাসিক সমললৈ ৰূপান্তৰিত কৰি থাকিল। বিদ্যায়তনিক ক্ষেত্ৰৰ বাবে লিখিত পাঠ্যপুথিৰ বিষয়বস্তুবোৰ সন্দেহৰ ঊৰ্ধ্বত আৰু কল্পনামুক্ত হৈ থকাটো প্ৰয়োজনীয় হ'লেও ইতিহাসৰ অধ্যাপিকা ড স্বৰ্ণলতা বৰুৱাই ভাৰত বুৰঞ্জীত সন্নিৱিষ্ট ‘শদিয়াৰ চুতীয়া ৰাজ্য’ অধ্যায়ত লিখিলে যে চুতীয়াসকলৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে সোৱণশিৰি আৰু দক্ষিণ পাৰে দিচাং নৈৰ পূবে বিস্তৃত হৈ থকা অঞ্চলত ৰাজত্ব কৰিছিল। তেওঁলোকৰ ৰাজ্যৰ নাম আছিল শদিয়া আৰু ৰাজধানী আছিল কুণ্ডিল নগৰ। শদিয়াৰ পুৰণি নাম বিদৰ্ভ। মহাভাৰতৰ যুগত ভীষ্মক নামে এজন ৰজাই বিদৰ্ভত ৰাজত্ব কৰিছিল। ভীষ্মকৰ জীয়াৰী ৰুক্মিণীক শ্ৰীকৃষ্ণই হৰণ কৰি নি বিবাহ পাতিছিল। স্মৰণীয় যে পদ্মনাথ গোহাঞিবৰুৱায়ো অসম বুৰঞ্জীত লিখিছিল : ‘এতেকে শদিয়াতহে যে সেই বিদৰ্ভ নগৰ সেইটো ঠাৱৰ। যাদৱেশ্বৰ শ্ৰীকৃষ্ণ অসমৰহে আচল জোঁৱাই।' অধ্যাপিকা বৰুৱা আৰু গোহাঞিবৰুৱাই এই সম্পৰ্কত কোনো পতিয়নযোগ্য ব্যাখ্যা বা তথ্য আগ বঢ়োৱা নাই। তৰ্কৰ খাতিৰত শদিয়াৰ পুৰণি নাম বিদৰ্ভ আছিল বুলি ধৰি ল'লেও এই প্ৰশ্ন উঠিব পাৰে : শ্ৰীকৃষ্ণই ৰুক্মিণীক হৰণ কৰি নিওঁতে দুয়ো কি ভাষাত কথা পাতিছিল? সেই সময়ত দুয়োখন ৰাজ্যৰ ভাষা একেই আছিল নেকি? আনহাতে, শ্ৰীকৃষ্ণই ৰুক্মিণীক হৰণ কৰাৰ কাহিনী মহাভাৰতত এনেদৰে বৰ্ণিত হৈছে যে মহৰ্ষি যাদৱৰ বিদৰ্ভ নামৰ এজন পুত্ৰই বিন্ধ্যাচলৰ দক্ষিণত বিদৰ্ভ ৰাজ্য স্থাপন কৰিছিল আৰু সেই বংশৰেই ৰজা ভীষ্মকৰ ৰাজধানীৰ নাম হ'ল কুণ্ডিন নগৰ বা কুণ্ডিনপুৰ। তেওঁৰেই পুত্ৰ-কন্যা হ'ল ৰুক্ম আৰু ৰুক্মিণী। ৰুক্মিণী অসমৰ জীয়াৰী হোৱাৰ আৰু অসমৰ শদিয়া অঞ্চলত বিদৰ্ভ নামে ৰাজ্য থকাৰ কোনো ঐতিহাসিক সত্যতা নাই। শ্ৰীকৃষ্ণই ৰুক্মিণীক হৰণ কৰি নিওঁতে ককায়েক ৰুক্মই নৰ্মদা নদীৰ পাৰতহে আগভেটি ধৰিছিল।

অসমত আধুনিক ইতিহাস চৰ্চাৰ বাটকটীয়া এডৱাৰ্ড গেইটে অসম বুৰঞ্জী প্ৰণয়ন কৰিবলৈ যাওঁতে এনে কেতবোৰ সমস্যাৰ সন্মুখীন হৈছিল। এই সম্পৰ্কত তেওঁৰ মত হ'ল : ধৰ্মীয় পুথি আৰু আন আন পুৰণিকলীয়া ৰচনাত বহুতো ৰজা-মহাৰজাৰ নাম উল্লেখিত হ'লেও সেই ৰজাসকলনো প্ৰকৃততে কোন আছিল বা ক'ত আছিল, এনেবোৰ কথাৰ সত্যতা জনাটো সম্ভৱপৰ নহয়। সেইদৰে, যিবিলাকৰ বিষয়ে আমি কিছু ভালকৈ জানো, সেইবিলাকৰ সৰহখিনিয়েই কাল্পনিক হ'ব পাৰে। পদে পদে এনেধৰণৰ সমস্যাৰ সন্মুখীন হোৱা গেইটৰ ইতিহাস গ্ৰন্থখনিও কিমান দূৰ সত্য আৰু নিৰ্ভেজাল তথ্যৰ ওপৰত প্ৰতিষ্ঠিত, সেই সম্পৰ্কতো প্ৰশ্ন উঠিব পাৰে। ঐতিহাসিক যাত্ৰাৰম্ভ সংশয় তথা সন্দিহানক আধাৰ কৰিহে হয় বাবে পূৰ্বৰ ইতিহাসক আধুনিক বীক্ষাৰে ব্যাখ্যা কৰিলে নিশ্চয় একো জগৰ নালাগিব। গেইটকে ধৰি অন্যান্য ইংৰাজ প্ৰশাসনিক বিষয়াৰ অসমৰ ইতিহাস ৰচনা কৰাৰ আঁৰৰ উদ্দেশ্য যে ঔপনিৱেশিক শাসন দীৰ্ঘদিনলৈ অব্যাহত ৰখাটোৱেই আছিল, সেই কথা স্থানান্তৰত উল্লেখ কৰি আহিছো।

এনে এক অভিযোগ প্ৰায়েই শুনা যায়, অসমৰ পূৰ্ণাংগ নাইবা পক্ষপাতমুক্ত ইতিহাস এখন আজিলৈকে ৰচিত নহ'ল বা পঢ়াশলীয়া ইতিহাস-গ্ৰন্থবোৰৰ উপৰি অন্য গৱেষক-পণ্ডিতসকলৰদ্বাৰা ৰচিত ইতিহাসবোৰো নানা ত্ৰুটিৰে ভৰা। জেমছ মিলে উদ্দেশ্যপ্ৰণোদিতভাৱে প্ৰচাৰ কৰা – ইংৰাজ সাম্ৰাজ্যবাদৰ আগ্ৰাসন ভাৰতৰ বাবে দৈৱানুগ্ৰহ – এই মন্তব্যৰ প্ৰভাৱৰপৰা হেমচন্দ্ৰ গোস্বামী, হলিৰাম ঢেকিয়াল ফুকন, মণিৰাম দেৱান,জ্ঞানদাভিৰাম বৰুৱা,পদ্মনাথ গোহাঞিবৰুৱা, কনকলাল বৰুৱা আদি ঐতিহাসিকসকল মুক্ত হ'ব পৰা নাছিল। সেইদৰে, ড সূৰ্য কুমাৰ ভূঞা, বেণুধৰ শৰ্মা, ড প্ৰতাপ চন্দ্ৰ চৌধুৰী, হেৰম্বকান্ত বৰপূজাৰী, ড যোগেন্দ্ৰনাথ ফুকন আদিয়ে অসমৰ ইতিহাস-সাধনাৰ ক্ষেত্ৰখন বহুমূলীয়া বৰঙণিৰে সমৃদ্ধ কৰি গৈছে সঁচা, কিন্তু তেওঁলোকেও প্ৰকৃত প্ৰজ্ঞা আৰু বিশ্বজনীন দৃষ্টিভংগীৰে অসমৰ প্ৰামাণ্য ইতিহাস এখন ৰচনাৰ বিষয়ে চিন্তা নকৰাৰ আক্ষেপ বিদ্বৎমহলে কৰা দেখা যায়। ইয়াৰ কাৰণ এনেকুৱাও হ'ব পাৰে : অসমৰ ইতিহাসবিদসকলে ভাবিছিল বা আজিও ভাবে যে ইতিহাস মানে ৰাজনৈতিক ইতিহাস। অসমৰ ৰাজনৈতিক ইতিহাসতকৈ গভীৰতৰ পৰ্যায়ৰ ইতিহাস ৰচনা কৰিবৰ বাবে তেওঁলোকে হয়তো কোনো প্ৰেৰণা অনুভৱ কৰিব পৰা নাছিল। অসমত যে বিজ্ঞানসন্মত আৰু মাৰ্ক্সীয় দৃষ্টিভংগীৰে ইতিহাস চৰ্চা হোৱা নাই,তেনে নহয়; ড অমলেন্দু গুহ, ড হীৰেন গোহাঁই, লক্ষ্মীনাথ তামুলী, ড শিৱনাথ বৰ্মন, ডাঃ ধ্ৰুৱজ্যোতি বৰা, প্ৰসেনজিৎ চৌধুৰী আদি লেখকে এই দিশত বহুখিনি কাম-কাজেই কৰিছে। অৱশ্যে, পেছাৰ পিনৰপৰা ইতিহাস চৰ্চা এখেতসকলৰ জ্ঞান সাধনাৰ মূল বিষয় নহয় বাবে অসমত ইতিহাস চৰ্চাৰ এখন বহল অনাৱিষ্কৃত ক্ষেত্ৰ এতিয়াও পৰি আছে।

(দুই)

অতীতক বস্তুনিষ্ঠ দৃষ্টিভংগীৰে নাচাই, ৰমন্যাসিক দৃষ্টিভংগীৰে চোৱাৰ পৰণতি কিমান বেছি ভয়াৱহ হ'ব পাৰে, সেয়া স্বৰাজোত্তৰ ভাৰতৰ অৰ্বাচীন ইতিহাস অধ্যয়নেই প্ৰমাণ কৰে। ঔপনিৱেশিক কালত প্ৰাচ্যতত্ত্ববিদ বা ভাৰততত্ত্ববিদ নামে পৰিচিত এচাম পাশ্চাত্য পণ্ডিতে ভাৰতৰ ধ্ৰুপদী ঐতিহ্যক বিশ্বৰ সন্মুখত নতুনকৈ পৰিচিত কৰাৰ প্ৰয়াস কৰিলেও তেওঁলোকৰ অন্ধ ভাৰতপ্ৰীতিয়ে ভাৰতক ত্ৰিখণ্ডিত আৰু বিস্ফোৰিত পৰ্যায়লৈ লৈ গ'ল। এইসকল প্ৰাচ্যতত্ত্ববিদে এখন অবিচ্ছিন্ন ইণ্ডো-ইউৰোপীয় দেশ আৰু ভাৰতীয় সংস্কৃতি আৰু গ্ৰীক সংস্কৃতিৰ উৎপত্তিগত ঐক্যসূত্ৰৰ প্ৰচলন কৰিছিল। সমাজ-বিচ্ছিন্ন এই ঐতিহাসিকসকলে আৰ্যসকলক এটা ভাষিক গোষ্ঠী বুলি কোৱাৰ পৰিৱৰ্তে এটা সুকীয়া জাতি হিচাপে প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিছিল।

সাম্প্ৰদায়িক ইতিহাসবিদসকলে তেওঁলোকৰ চৰ্চা-গৱেষণাত মিলৰ যুগ বিভাজনকেই মানি আহিছে। তেওঁলোকে মিলৰ সুৰেৰেই সম্পূৰ্ণ ঔপনিৱেশিক স্বাৰ্থত কৈছিল বা কয় যে পাঁচ হাজাৰবছৰীয়া ভাৰতীয় মহান ঐতিহ্যত মুছলমান যুগ এক অন্ধকাৰ যুগ আৰু সেই অন্ধকাৰৰপৰা পোহৰলৈ গতিয়েই হ'ল ব্ৰিটিছ যুগ। অৰ্থাৎ আধুনিক ৰমন্যাসিক ইতিহাস চৰ্চাৰ অন্যতম বৈশিষ্ট্য হৈ পৰিছে অতীতৰ ভাৰতক কেন্দ্ৰ কৰি সৃষ্টি হোৱা ধৰ্মান্ধ আৰু উলংগ গৌৰৱবোধ। ইতিহাস-চৰ্চাৰ এই হিন্দুত্ববাদী ধাৰাটো বৰ্তমানে ক্ষমতাকেন্দ্ৰিক ৰাজনীতিৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত হৈ ক্ৰমশঃ শক্তিশালী হৈ উঠিছে।

শেহতীয়াভাৱে দেখা গৈছে যে ইতিহাসৰ চকা ওলোটা গতিত ঘূৰাবলৈহে ‘সংঘ পৰিয়াল'-এ অপচেষ্টা চলাইছে। ভাৰতীয় জনতা পাৰ্টি,ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ,বিশ্ব হিন্দু পৰিষদ,বজৰং দল,শিৱসেনা আদিৰে গঠিত এই ‘সংঘ পৰিয়াল'ক ফেচিবাদৰ সাংগঠনিক ৰূপ বুলিব পাৰি। ব্ৰাহ্মণ্যবাদী হিন্দুত্বৰে পুষ্ট ভাৰতীয় ফেচিবাদক মতাদৰ্শগত আৰু ঐতিহাসিকভাৱে সুসংহত ৰূপ দিয়াৰ স্বাৰ্থতেই ‘সংঘ পৰিয়াল'-এ ইতিহাসৰ বিৰুদ্ধে এনে চক্ৰান্তত লিপ্ত হৈছে। ভাৰতৰ ইতিহাসক তেওঁলোকে আৰ্য হিন্দুৰ গৌৰৱময় ইতিহাস বুলি প্ৰমাণ কৰিব খোজে বাবেই হৰপ্পা-মহেঞ্জোদাৰোৰ দৰে অনাৰ্য অথচ মহান সভ্যতাকো জোৰজবৰদস্তি আৰ্যসভ্যতাৰ গেৰুৱা পোছাক পিন্ধাই আহিছে।

অতীত ভাৰতৰ চৰম আৰু চৰ্তহীন গুণানুকীৰ্তন হ'ল হিন্দুত্ববাদী গৈৰিক ইতিহাস চৰ্চাৰ মূল বৈশিষ্ট্য। ইয়াৰ সৈতে সাম্প্ৰদায়িক ভাবাদৰ্শও সাঙোৰ খাই আছে। এই পন্থীৰ ঐতিহাসিক সমুদ্ৰগুপ্ত ভৰদ্বাজে কৈছে যে সতীদাহ প্ৰথা,বাল্য বিবাহ আদি হিন্দু সমাজত প্ৰচলিত নাছিল। কিন্তু,হিন্দুবিদ্বেষী বিধৰ্মীৰ হাতত নাৰীৰ মৰ্যাদা যাতে বিনষ্ট নহয়,তাৰ বাবেহে সমাজভেদে এই ‘আত্মঘাতী'কু-প্ৰথাবোৰ প্ৰচলন কৰিবলৈ বাধ্য হ'ল। এনেধৰণৰ পৰজগৰীয়া ব্যৱস্থাৰ এক সুবিধা হ'ল এই যে সকলো অৱনতি-অৱক্ষয়-অনাচাৰৰ বাবে বিধৰ্মী বিদেশীৰ ওপৰত দোষ জাপি দি আপোন ঐতিহ্যক সমালোচনাৰ ঊৰ্ধ্বত ৰখা।

গৈৰিক গোষ্ঠীৰ ঐতিহাসিকসকলৰ যুক্তি আৰু ধাৰণাক কল্পনাপ্ৰসূত তথা অবৈজ্ঞানিক বুলি ভাৰতৰ কেইবাজনো সমাজবিজ্ঞানী তথা ঐতিহাসিকে যুক্তিসহকাৰে প্ৰমাণ কৰিছে। সেইসকলৰ ভিতৰত ৰোমিলা থাপাৰ, বিপন চন্দ্ৰ, হৰিবংশ মুখীয়া, কে এন পান্নিকৰ, কে মিনাজ্ঞী, মুজফৰ আলম, দিলবাগ সিং, আদিত্য মুখাৰ্জী, আৰ এন বাৰ্মা, ভগৱান সিং যোশীৰ নাম উল্লেখনীয়। এইসকল ঐতিহাসিকে ইতিহাস, নৃতাত্ত্বিক আৰু ভৌগোলিক সমল আদি পুংখানুপুংখভাৱে বিচাৰ-বিশ্লেষণ কৰি এই সিদ্ধান্ততো উপনীত হৈছে যে গৈৰিকপন্থী ঐতিহাসিকসকলে যি ৰামৰ নামত অযোধ্যাত মন্দিৰ গঢ়ি উঠা বুলি কৈছে, সেই ৰামৰ জন্ম অযোধ্যাত হোৱা নাছিল; গতিকে ৰামৰ নামত মন্দিৰ সজাৰ প্ৰশ্নই উঠিব নোৱাৰে।

মানুহৰ মনত প্ৰাচীনত্বৰ প্ৰতি গৌৰৱ আৰু বিস্ময়মিশ্ৰিত শ্ৰদ্ধাৰ ভাব থকাটো স্বাভাৱিক হ'লেও এই মানসিকতাৰ সৈতে উদগ্ৰ আত্মশ্ৰেষ্ঠত্বৰ ধাৰণা জড়িত হৈ পৰিলে এচাম স্বাৰ্থান্বেষীয়ে ঐতিহ্যৰ অভাবনীয় বা কাল্পনিক প্ৰাচীনত্ব দাবী কৰিবলৈ কুণ্ঠাবোধ নকৰে। বাস্তৱিকতে ভাৰতত ৰমন্যাসিক ইতিহাস চৰ্চাৰ নামত সেইটোৱেই হৈছে। দৃষ্টান্তস্বৰূপে,গৈৰিক গোষ্ঠীৰ ঐতিহাসিকসকলৰ এক নাভূত-নাশ্ৰুত মত হ'ল এই যে আৰ্যসকল বাহিৰৰপৰা আহিছিল বুলি প্ৰচলিত তথ্যটো হেনো ইংৰাজসকলৰ অভিসন্ধিমূলক প্ৰচাৰ। সেইদৰে,বিংশ শতিকাৰ আৰম্ভণিলৈকে ঐতিহাসিকসকলে ধাৰণা কৰিছিল যে ভাৰতীয় সভ্যতা-সংস্কৃতিৰ বৈদিক যুগৰপৰা সূত্ৰপাত হৈছে। কিন্তু,সিন্ধু সভ্যতাৰ আৱিষ্কাৰৰ পাছত এই ধাৰণা প্ৰত্নতত্ত্বই অমূলক বুলি প্ৰমাণ কৰিলে।

অসমৰ ক্ষেত্ৰত দেখা গৈছে যে হিন্দুত্ববাদী ৰমন্যাসিক ঐতিহাসিকসকলে লাচিত বৰফুকনক ‘মুছলমান খেদা'বীৰ সজাবলৈ বহু দিনৰপৰাই চেষ্টা চলাই আহিছে। কিন্তু,অসম বুৰঞ্জীৰ বস্তুনিষ্ঠ অধ্যয়নে প্ৰমাণ কৰে যে দেশ ৰক্ষা কৰিবলৈ আহোম ৰাজ প্ৰশাসনে বাৰম্বাৰ মুছলমানৰ বিৰুদ্ধে যুদ্ধ কৰিলেও আহোমসকল কেতিয়াও মুছলমানবিদ্বেষী নাছিল। ১২২৮ত সৌমাৰ পীঠলৈ আহোমসকল অহাৰ সময়তে কামপীঠলৈ মুছলমানসকলো আহিছিল আৰু তেতিয়াৰপৰাই অসমীয়াৰ লগত মুছলমানৰ সম্পৰ্ক গঢ় লৈ উঠিছিল। ১২৬০ত কুতুবুদ্দিনৰ সেনাপতি মহম্মদ বিন বখতিয়াৰ খিলজীৰ নেতৃত্বত অসমলৈ প্ৰথম মুছলমানৰ আগমন ঘটিছিল। পাছত বখতিয়াৰক যুদ্ধত পৰাজিত কৰি মুছলমান যোদ্ধাসকলক অসমত সংস্থাপিত কৰা হৈছিল আৰু তেওঁলোকে অসমক মাতৃভূমি হিচাপে গ্ৰহণ কৰিছিল। এনেদৰে অসমত সংস্থাপিত হোৱা মুছলমানসকলেই অসমীয়া সংস্কৃতিলৈ বহুমূলীয়া অৱদান আগ বঢ়াইছিল। লাচিত বৰফুকনক হিন্দু বীৰ (মুছলমান খেদা বীৰ?) সজাব বিচৰাসকলে এই কথা নকয় যে লাচিতৰ সহযোদ্ধা বাঘ হাজৰিকা (ইছমাইল ছিদ্দিক), লাইধন খাঁ, ভকুৱা আৰু পেটুৱা মুছলমান সম্প্ৰদায়ৰ আছিল। লাচিত বাহিনীৰ এই মুছলমান যোদ্ধাসকলে অসমক ৰক্ষা কৰাৰ স্বাৰ্থত মুছলমানসকলৰ বিৰুদ্ধেই যুঁজিছিল। ইপিনে, মোগলৰ সেনাপতি ৰামসিংহ আছিল হিন্দু ৰজা জয়সিংহৰ পুত্ৰ। আহোম ৰাজত্বৰ অন্তিমজন সেনাপতি ৰামজান খাঁ হিলৈধাৰী বৰুৱাও মুছলমান আছিল। ৰামজানৰ কন্যা গুলচী আইদেউ নগাঁৱলৈ বিয়া সোমাইছিল আৰু এবাৰ ইংৰাজক কৰ দিবলৈ অস্বীকাৰ কৰি দুজন লোকক হেংদানেৰে দুছেও কৰিছিল।

অসমত ৰাজনৈতিক আধিপত্য আৰু অৰ্থনৈতিক শোষণ অব্যাহত ৰখাৰ স্বাৰ্থত লাচিত বৰফুকনক ‘মুছলমান খেদা'বীৰ সাজি সংঘ পৰিয়ালে আহোম ৰাজত্বৰ ঐতিহ্যক অৱমাননা কৰাটো,অসমীয়া জাতিক খণ্ড-বিখণ্ড কৰিব বিচৰাটো কেতিয়াও সমৰ্থনযোগ্য নহয়। ‘সংঘ পৰিয়াল'ৰ গৈৰিক আগ্ৰাসন সময় থাকোতেই ৰোধ কৰিব নোৱাৰিলে অসমত পুনৰাবৃত্তি হ'ব পাৰে নেলী, ৰজাবাৰীৰ নৃশংস ঘটনালানি। কাললৈ বিনষ্ট হ'ব পাৰে সাতামপুৰুষীয়া ঐক্য-সংহতি।

গৰিষ্ঠসংখ্যক ভাৰতীয় মানুহৰ মনত শিপাবলৈ ধৰা বিভ্ৰান্তিকৰ,ৰোমাণ্টিক আৰু ৰক্ষণশীল ইতিহাস চেতনাক পুলিয়ে-পোখাই উভালি বিজ্ঞানসন্মত আৰু যুক্তিনিষ্ঠ ইতিহাস চৰ্চাৰ এক সুষম পৰিবেশ গঢ় তুলিবলৈ যুক্তি-যুদ্ধৰ ৰণুৱাসকলেই আগুৱাই আহিব লাগিব। ঐতিহাসিক অনুসন্ধানত জাতীয় বা দেশীয় সংকীৰ্ণতা,কোনো সাম্প্ৰদায়িক বা ৰাজনৈতিক বাধ্যবাধকতা ত্যাগ কৰিবই লাগিব। সংগৃহীত কথাবোৰক তন্ন তন্নকৈ ফঁহিয়াই চাই তাৰপৰা কোনো এক সিদ্ধান্তত উপনীত হোৱাটোৱেই ইতিহাস সৃষ্টিৰ প্ৰথম চৰ্ত। কিন্তু, কোনো ইতিহাসবিদেই দাবী কৰিব নোৱাৰে যে তেওঁৰ কথাখিনিয়েই শেষ সত্য আৰু শুদ্ধ। সকলো লিখিত ইতিহাসেই বিতৰ্ক আৰু ব্যাখ্যাৰ ওপৰত নিৰ্ভৰ কৰে। ঐতিহাসিক ঘটনাৱলীৰ বিষয়ে আমি পোৱা বৃত্তান্ত বা লিখিত ইতিহাসৰ ভালেমান অনুমোদিত সংস্কৰণ আছে। সেইবোৰৰ কোনো এটা বা দুটা অনুমোদিত সংস্কৰণহে পঢ়িবলৈ পাওঁ। তেনে এক অনুমোদিত সংস্কৰণ পঢ়ি তাকেই একমাত্ৰ শুদ্ধ আৰু চূড়ান্ত বুলি মানি লোৱাটো হ'ব চূড়ান্ত দায়িত্বহীনতাৰ পৰিচায়ক। মনত ৰাখিব লাগিব যে ইতিহাস হ'ল ঘটনাবোৰ প্ৰকাশ কৰাৰ আন এটা পদ্ধতি মাত্ৰ,যি বৰ্তি থকা বা নথকাটো নিৰ্ভৰ কৰে আলোচনা আৰু বিতৰ্কৰ ওপৰত।

শেহতীয়াভাৱে নব্য-ইতিহাসবাদী ধাৰণায়ো আমাক নতুনকৈ ইতিহাস অধ্যয়ন কৰিবলৈ অনুপ্ৰাণিত কৰে। উত্তৰ-ছছুৰীয়, ডেৰিডীয় ধাৰণাবোৰে কঢ়িয়াই অনা নব্য-ইতিহাসবাদী তত্ত্ব অনুসৰি,ইতিহাসক স্থিৰ বা বস্তুনিষ্ঠ ‘সত্য'ঘটনা হিচাপে প্ৰমাণ কৰিব নোৱাৰি, বৰং সাহিত্যৰ দৰেই ইতিহাসো হ'ল পাঠ, যিবোৰৰ বাৰম্বাৰ বাখ্যা হৈছে বা হোৱাৰ সম্ভাৱনা আছে। ইতিহাসক এইদৰে পাঠ হিচাপে গণ্য কৰাৰ অৰ্থই হ'ল ইয়াক এক বাগধাৰালৈ ৰূপান্তৰিত কৰা। এই বাগধাৰাত বহিৰ্বাস্তৱতা প্ৰতিফলিত হ'লেও সেয়া একোটা যুগৰ ‘সাংস্কৃতিক নিৰ্মাণ' অথবা ‘মতাদৰ্শগত উৎপাদন'হে। নব্য-ইতিহাসবাদৰ মতে, যিকোনো এটা অতীত তিনিবাৰ ‘প্ৰচেছ'হৈ আহে : অতীতৰ প্ৰথম প্ৰচেছ হয় ইতিহাসৰ সময়ৰ মতাদৰ্শ বা দৃষ্টিকোণ বা বাগধাৰামূলক প্ৰয়োগৰ যোগেদি, দ্বিতীয় ‘প্ৰচেছ'হয় ইতিহাসৰ পাঠকৰ যোগেদি আৰু তৃতীয় ‘প্ৰচেছ'হয় ভাষাৰ বিকৃতিকাৰী জালৰ যোগেদি।

হেনৰি মৰগান,ভি গৰ্ডন চ্চাইল্ড, দামোদৰ ধৰ্মানন্দ কৌশাম্বী আদি ইতিহাসবিদসকলে লিখিত সমল অবিহনেও কঠোৰ শ্ৰম আৰু অশেষ ধৈৰ্যৰে কেনেদৰে প্ৰামাণ্য ইতিহাস প্ৰণয়ন কৰিব পাৰি,তাৰ সুন্দৰ দৃষ্টান্ত দেখুৱাই গৈছে। সোঁপন্থী ৰাজনীতিক জৱাহৰলাল নেহৰুৱে তেওঁৰ আত্মচৰিতখনত কাল মাৰ্ক্সৰ মতবাদ আৰু দৰ্শনে তেওঁৰ মনৰ বহু অন্ধকাৰ কোণ পোহৰাই তুলিছে বুলি লিখি থৈ গৈছিল,সেই কথা ৰমন্যাসিক আৰু সংৰক্ষণশীল ঐতিহাসিকসকলে পঢ়িবলৈ পালে আচৰিতেই হ'ব। আচৰিত হ'লেও তেওঁলোকে নেহৰুৰ এই মন্তব্যও মনত ৰখা উচিত : “অতীত আৰু বৰ্তমানত যিমানেই দুখ আৰু হানি-বিঘিনি নাথাকক,মাজত বিপদৰ অন্তৰায় থাকিলেও, ভৱিষ্যত কিন্তু আশাৰে উজ্জ্বল। যুক্তিহীন মতবাদৰপৰা মুক্ত আৰু বৈজ্ঞানিক দৃষ্টিভংগী থকাৰ বাবেই মই মাৰ্ক্সীয় মতবাদৰ প্ৰতি আকৃষ্ট হ'লো।”

Share Button
Print Friendly, PDF & Email

No Comments : "বস্তুনিষ্ঠ ইতিহাস চৰ্চা"

Leave a Comment

Your email address will not be published. Required fields are marked *