বিজ্ঞানমনস্কতাৰ সপক্ষে

গৌৰীশংকৰ ভূঞা

প্ৰস্তানা:

বিজ্ঞান কি?

বেলেগ বেলেগ বৌদ্ধিক স্তৰত বা বেলেগ বেলেগ দৃষ্টিভংগীৰে এই প্ৰশ্নটোৰ বেলেগ বেলেগ উত্তৰ পোৱা যায় অৱশ্যে সকলোবোৰ সংজ্ঞা‍ই প্ৰশ্নটোৰ ভাল উত্তৰ এটাতো দিব নোৱাৰে‍ই; বৰং জনপ্ৰিয় স্তৰৰ বহু সংজ্ঞা‍ই বিজ্ঞান কি বোলা প্ৰশ্নটোৰ সম্পূৰ্ণ ভল উত্তৰ এটাহে দাঙি ধৰে বিজ্ঞান মানেই যেন প্ৰযুক্তিৰ উপকৰণ - এই ধাৰণাটোৱেই এই ভুল সংজ্ঞাবিলাকৰ জন্ম দিয়ে আন কথাত এই ধাৰণাটোৱে বিজ্ঞানৰ সংজ্ঞাৰ সমস্ত ভুল ব্যাখ্যাবিলাকৰ প্ৰতিনিধিত্ব কৰা বুলি ধৰি ল’ব পাৰোঁ তেনেহ’লে বিজ্ঞাননো কি? আচলতে বিজ্ঞান হ’ল কেৱল অধ্যয়ন আৰু বিশ্লেষণখিনিহে তাৰপৰা উত্‍পাদিত উপকৰণবোৰ বিজ্ঞান নহয়, বিজ্ঞানৰ প্ৰয়োগহে গতিকে সেই উপকৰণবোৰৰ নেতিবাচক দিশখিনি বিজ্ঞানৰ নেতিবাচক দিশ বোলা কথাটো নিতান্ত‍ই অযুক্তিকৰ

এটা উদাহৰণেৰে বুজিবলৈ চেষ্টা কৰা যাওক ৰেফ্ৰিজাৰেটৰৰপৰা ওলোৱা CFC গেছে অজ’ন স্তৰত বিন্ধা কৰি পৃথিৱীলৈ ভাবুকি কঢ়িয়াই আনিছিল এয়া বিজ্ঞানৰ নেতিবাচক দিশ বা বিজ্ঞানৰ অভিশাপ বুলি লৰালৰিকৈ সিদ্ধান্ত দি দিব পাৰি কিন্তু আচল কথাটো হ’ল, ৰেফ্ৰিজাৰেটৰ মানে বিজ্ঞান নহয় বিজ্ঞানে পদাৰ্থৰ ধৰ্মবোৰ চালিজাৰি চাই পালে, কেনেকৈ এটা বন্ধ পৰিবেশৰ উষ্ণতা বাহ্যিক শক্তিৰে নিয়ন্ত্ৰ কৰিব পাৰি এইখিনিলৈকেহে বিজ্ঞান এই থিয়ৰিটো ব্যহাৰ কৰি ৰেফ্ৰিজাৰেটৰ বনোৱা কাৰবাৰটো বিজ্ঞান নহয় আকৌ, সেই ৰেফ্ৰিজাৰেটৰে অজন স্তৰত বিন্ধা কৰিছে বুলি গণনা কৰি উলিওৱাটো বিজ্ঞান ঠিক তেনেকৈ ৰেফ্ৰিজাৰেটৰৰপৰা CFC নোলোৱাকৈ কেনেকৈ উষ্ণতা নিয়ন্ত্ৰণ কৰিব পাৰি সেই অধ্যয়ন কৰাটো‍ও বিজ্ঞান দৰাচলতে বিজ্ঞান মানে মোটামুটিকৈ আমি অধ্যয়ন বুলিব পাৰোঁ; সেই অধ্যয়নৰ ফলবোৰ ব্যবহাৰ কৰি কিবা উপকৰণ তৈয়াৰ কৰাটো বিজ্ঞান নহয় কিন্তু উপকৰণবিধ তৈয়াৰ হোৱাৰ পাছত তাৰ প্ৰভাৱ কি হ’ব সেয়া অধ্যয়ন কৰাটো কিন্তু বিজ্ঞান হয়

অপ্ৰাসংগিক যেন লাগিলেও এটা কথা কৈ থওঁ এইখিনিলৈকে আলোচনাৰপৰা আমি বুজিলোঁ যে বিজ্ঞানৰ সংজ্ঞা ভুলকৈ বুজিলেহে “বিজ্ঞান আশীৰ্বাদ নে অভিশাপ” বিষয়ক আলোচনা সম্ভৱ হ’ব পাৰে অন্যথা এনে আলোচনাৰ মূল বিষয়টোৱেই অবান্তৰ কিন্তু এই বিষয়টো আমাৰ তৰ্ক প্ৰতিযোগিতাসমূহৰ (যুক্তিবাদ চৰ্চাৰ থলী?) এক জনপ্ৰিয় বিষয় এই কথাটোৰপৰা আমাৰ সমাজত যুক্তিবাদৰ পয়ালগা অস্থাৰ কথা ফটফটীয়াকৈ বুজিব পাৰি

বিজ্ঞানমনস্কতাৰ সপক্ষে

খণ্ড :

সকলো বৌদ্ধিক স্তৰৰ বাবে প্ৰযোজ্য হোৱাকৈ আমি থূলমূলকৈ বিজ্ঞান কি বোলা প্ৰশ্নটোৰ উত্তৰ এনেকৈ দিব পাৰোঁ - বিজ্ঞান হ’ল কোনো এক বিষয়ৰ প্ৰণালীবদ্ধ অধ্যয়ন। সহজবোধ্য আৰু ভুল নহ’লেও পিছে এই সংজ্ঞাটোৱে বিজ্ঞানৰ দৰ্শনটোনো কি তাক স্পষ্টকৈ ফুটাই তুলিব নোৱাৰে। সেয়ে ব্যক্তিগতভাৱে ম‍ই এই পুৰণি-জনপ্ৰিয় সংজ্ঞাটোতকৈ আন এটা সংজ্ঞাকহে অধিক প্ৰশস্ত বুলি ভাবোঁ। এই সংজ্ঞাটোৱে কয় - বিজ্ঞান আন একো নহয়, ই কেৱল এক আৰ্হি প্ৰস্তুতিকৰণৰ কাৰবাৰ (science is an exercise of making model)। এই আৰ্হি বা মডেল মানেনো কি প্ৰকৃততে? বিজ্ঞানৰ অধ্যয়নৰ দৰ্শনটোনো কেনেকুৱা? বা বৈজ্ঞানিক চিন্তাৰ ধৰণ-কৰণ (style) কেনেকুৱা? এই সম্পৰ্কে এক থূলমূল আলোচনা কৰাটোৱেই এই লেখাৰ উদ্দেশ্য।

বৈজ্ঞানিক চিন্তাৰ দৰ্শনটো বুজিবলৈ হ’লে প্ৰথমেই স্পষ্ট হ’ব লাগিব বিজ্ঞানৰ উদ্দেশ্য সম্পৰ্কে। বিজ্ঞান অধ্যয়নৰ উদ্দেশ্য ৰহস্যৰ উদ্ঘাটন। ৰহস্য মানে বিশেষকৈ প্ৰকৃতিজগতৰ ৰহস্য। ৰহস্য এটাৰ বিষয়ে অধ্যয়নৰ প্ৰথম খোজটো হ’ল সেই ৰহস্যময় পৰিঘটনাৰ পৰ্যবেক্ষণ (observation)। পৰ্যবেক্ষণৰ পাছৰ পৰ্যায়টো হ’ল প্ৰপঞ্চ নিৰ্মাণ (Hypothesis formation)। এই পৰ্যায়টোৱেই হ’ল আটাইতকৈ গুৰুত্বপূৰ্ণ পৰ্যায়। পৰ্যবেক্ষণ (observation)ত আমি যি পালোঁ সেয়া আমি কল্পনা কৰা Hypothesis বা প্ৰপঞ্চটোৱে সিদ্ধ কৰিব লাগিব।

কথাবোৰ স্পষ্ট হ’বৰ বাবে এটা উদাহৰণ প্ৰাসংগিক হ’ব। ধৰা হ’ল মানুহ এঘৰত চুৰি হ’ল। এই ঘটনাৰ অনুসন্ধান কেনেকৈ কৰা হ’ব? প্ৰথমেই চুৰি হোৱা ঘৰটোলৈ গৈ গোটেই পৰিস্থিতিটো ভালকৈ চোৱা হ’ব। অৰ্থাৎ পৰ্যবেক্ষণ কৰা হ’ব। পৰ্যবেক্ষণ কৰি থাকোতেই আমি দেখিলোঁ যে ঘৰৰ ওচৰৰ বোকা মাটিত জোতাৰ চিন আছে। আকৌ দেখিলোঁ যে চুৰি হোৱা কোঠাটোতো একেই জোতাৰ চাপ আছে। ইয়াৰপৰা আমি কি প্ৰপঞ্চ তৈয়াৰ কৰিব পাৰোঁ? আমি তৈয়াৰ কৰিব পৰা প্ৰপঞ্চটো হ’ব যে কোনোবা এজন জোতা পিন্ধা মানুহ সেই বোকা গচকি আহি এই কোঠাটোত সোমাইছিলহি। অন্ততঃ এই মুহূৰ্তত সেই প্ৰপঞ্চটোৱেই আমি কৰা পৰ্যবেক্ষণক সিদ্ধ কৰিব। সেই জোতা পিন্ধা মানুহজনেই চুৰি কৰিছিলেনে বা জোতাৰ দাগ চুৰি হোৱাৰ সময়ৰে হয় নে নহয় সেইবোৰ কথা আমি পাছৰ পৰ্যায়ত চাব লাগিব। সদ্যহতে আমি সেই ঘটনাটোৰ এটা মডেল তৈয়াৰ কৰিলোঁ, পৰ্যবেক্ষণৰ ভিত্তিত নিৰ্মাণ কৰা প্ৰপঞ্চৰ সহায়ত। বৈজ্ঞানিক অনুসন্ধানৰ ৰূপৰেখা এইটোৱেই।

এনেকৈ একোটা ঘটনাৰ পৰ্যবেক্ষণক সিদ্ধ কৰিবলৈ আমি একোটা প্ৰপঞ্চ বা hypothesis তৈয়াৰ কৰি লওঁ - এইটোৱেই হ’ল প্ৰকল্প নিৰ্মাণ বা model makingঅৰ একেবাৰে প্ৰাৰম্ভিক কথা। বিজ্ঞানৰ অধ্যয়নক আমি এনেকুৱা model বনোৱাৰ কাৰবাৰ বুলি ধৰি ল’লে বহুখিনি কথা সহজবোধ্য হৈ পৰে।

প্ৰাচীন কালৰ আকাশ অধ্যয়নৰপৰা মাধ্যাকৰ্ষণ সূত্ৰলৈকে এই দীঘলীয়া জ্ঞান-বিবৰ্তনৰ শিকলিডাল আচলতে মডেল বনোৱাৰ কছৰতেই। আকাশৰ তৰাবোৰ সদায় একে ঠাইতে নাথাকে; এই কথাটোৰপৰাই আৰম্ভ হয় পৰ্যবেক্ষণৰ। কিন্তু সকলো তৰা একেদৰেই ঘূৰে নে? ওহোঁ; সূৰ্যটোৱে এদিনৰ মূৰে মূৰে একে ঠাইত উপস্থিত হয়, কিন্তু কিছুমান তৰা ১০-১২ বছৰৰ মূৰতহে আকাশৰ একেই স্থানত দেখা যায়। এই পৰ্যবেক্ষণটোৰপৰা আমি কি hypothesis সৃষ্টি কৰিব পাৰোঁ বা কেনেকুৱা এটা মডেল কল্পনা কৰিব পাৰোঁ? প্ৰথমেই মনলৈ অহা প্ৰকল্পটো হ’ল পৃথিৱীখনৰ চাৰিওফালে সূৰ্যকে ধৰি বাকীবোৰ জ্যোতিস্ক ঘূৰি আছে। পিছে এই প্ৰকল্পত কিছু আসোঁৱাহে দেখা দিলে। দেখা গ’ল আকাশেদি সূৰ্যৰ পথটো যেনে সৰল, বাকীবোৰ গ্ৰহ-তৰাৰ তেনে সৰল নহয়। উদাহৰণস্বৰূপে, আকাশত মঙল গ্ৰহটোৰ অৱস্থানবোৰ বিভিন্ন সময়ত যদি ভালকৈ লক্ষ্য কৰোঁ, তেনেহ’লে দেখিম যে ই এটা স্প্ৰিঙৰ দৰে পথত আকাশেদি ভ্ৰমণ কৰে। ঠিক তেনেকৈ আনবোৰ জ্যোতিষ্কৰো তেনেকুৱা কিবা জটিল পথ পৃথিৱীৰপৰা দেখা যায়। জ্যোতিষ্কবোৰৰ গতিৰ অধ্যয়নৰ বাবে আমি যদি “পৃথিৱীখনৰ চাৰিওফালে সূৰ্যকে ধৰি বাকীবোৰ জ্যোতিষ্ক ঘূৰি আছে” বোলা প্ৰকল্পটো শুদ্ধ বুলি মানি লওঁ, তেনেহ’লে সকলো জ্যোতিষ্কৰ ভিন্ন পথক লৈ উত্তৰবিহীন স্থিতি এটাত পাকঘূৰণি খাব লগা হয়।

সেয়ে আৰম্ভ হ’ল নতুন চিন্তা। এনে এটা প্ৰকল্প উপস্থাপন কৰিব লাগিব যি জ্যোতিষ্কবোৰৰ গতিৰ পৰ্যবেক্ষণৰ ব্যাখ্যা সম্পূৰ্ণ ৰূপত দিয়ে। কেপলাৰে এনে এটা নতুন প্ৰকল্প দাঙি ধৰিলে। তেওঁ প্ৰস্তাৱ দিলে - ধৰি লোৱা হওক সূৰ্যটো স্থিৰ, পৃথিৱী আৰু ইয়াৰপৰা চকুৰে দেখা গ্ৰহবোৰ সূৰ্যৰ চাৰিওফালে ঘূৰি আছে। এনেকৈ ভাবি লৈ তেওঁ অনুমান কৰিবলৈ চেষ্টা কৰিলে, এনেকুৱা এটা পৰিস্থিতিত ঘূৰি থকা পৃথিৱীৰপৰা ৰৈ থকা সূৰ্য আৰু গতি কৰি থকা গ্ৰহবোৰৰ গতি কেনে দেখা যাব। গণিতৰো সহায় লোৱা হ’ল। আচৰিতধৰণে (প্ৰত্যাশিতভাৱে বুলি পঢ়িব) এই অনুমান পৰ্যবেক্ষণৰ লগত মিলি গ’ল। সেয়ে ১ নং প্ৰকল্পটো (“পৃথিৱীখনৰ চাৰিওফালে সূৰ্যকে ধৰি বাকীবোৰ জ্যোতিষ্ক ঘূৰি আছে” প্ৰকল্পটো) আমি বাদ দি দ্বিতীয় প্ৰকল্পটো গ্ৰহণ কৰিলোঁ।

এইখিনিতে আমি কি ধৰণৰ প্ৰকল্প গ্ৰহণ কৰিম আৰু কি ধৰণৰ প্ৰকল্প গ্ৰহণ নকৰিম সেই কথা আৰু অধিক স্পষ্ট হোৱাৰ চেষ্টা কৰোঁ। তাৰ বাবে প্ৰথম আৰু দ্বিতীয় প্ৰকল্পটোৰ মূলগত পাৰ্থক্য মন কৰা উচিত হ’ব।

যদি আমি প্ৰথম মডেলটো (“পৃথিৱীখনৰ চাৰিওফালে সূৰ্যকে ধৰি বাকীবোৰ জ্যোতিষ্ক ঘূৰি আছে”) অনুসৰণ কৰি অধ্যয়ন কৰোঁ, তেনেহ’লে প্ৰতিটো জ্যোতিষ্কই বেলেগ বেলেগ পথেৰে পৃথিৱীক প্ৰদক্ষিণ কৰি আছে বুলি ধৰি ল’ব লাগিব। কথাটো খেলিমেলি আৰু বৰ জটিল হৈ পৰিব। তাৰ সলনি দ্বিতীয় মডেলটো অনুসৰণ কৰিলে সকলো গ্ৰহক একেটা নিয়মৰ অধীন (সকলো গ্ৰহেই সূৰ্যক প্ৰদক্ষিণ কৰে নিয়মটো) কৰাটো সম্ভৱ হ’ব।

এইটো বিজ্ঞানৰ দৰ্শনৰ এটা গুৰুত্বপূৰ্ণ দিশ। এটা প্ৰকল্প বা মডেল তেতিয়াহে অধিক কাৰ্যক্ষম হয় যেতিয়া ই সকলো পৰ্যবেক্ষণক এটা প্ৰপঞ্চৰ আওতালৈ আনিবলৈ সক্ষম হয়। ইয়াক পৰ্যবেক্ষণৰ একত্ৰীকৰণ বা unification of observation বুলি ক’ব পাৰোঁ। Unification নোহোৱাকৈ প্ৰতিটো বস্তু বিক্ষিপ্ত ৰূপত অধ্যয়ন কৰিবলৈ চেষ্টা কৰিলে পৰ্যবেক্ষণবোৰৰ মাজৰ আন্তঃসম্পৰ্কক উলাই কৰা হয় আৰু অধ্যয়ন অগভীৰ হয়। এনে অধ্যয়ন এটা পৰ্যায়ত স্থবিৰ হৈ পৰে। এতিয়া গ্ৰহীয় গতিৰ কথাই ধৰক, যদি আমি পৃথিৱীখন কেন্দ্ৰত আছে বুলি ধৰি লওঁ (১ নং প্ৰকল্প) , তেন্তে প্ৰতিটো গ্ৰহৰ বাবে বেলেগ বেলেগ গতিপথ বুলি ধৰিব লাগিব। তাৰ পাছত অধ্যয়্ন কৰিবলৈ একো উৱাদিহ নাথাকিব। বিপৰীতক্ৰমে দ্বিতীয় প্ৰকল্পৰপৰা আমি সকলো গ্ৰহীয় গতিৰ সাধাৰণীকৰণ কৰি বিশ্লেষণ কৰাৰ সুবিধা থাকিব। থাওকতে কৈ থওঁ যে এই বিশ্লেষণৰপৰাই যুগান্তকাৰী মাধ্যাকৰ্ষণৰ নীতি আৱিষ্কাৰ কৰিছিল ছাৰ আইজাক নিউটনে।

থূলমূলকৈ এয়াই হ’ল বৈজ্ঞানিক যুক্তি নিৰ্মাণৰ মূল দৰ্শন। মাধ্যাকৰ্ষণৰ সূত্ৰ আৰু unificationঅৰ বিষয়ে বহলাই আলোচনা কৰিম পাছৰ লেখাত

Share Button
Print Friendly, PDF & Email

No Comments : "বিজ্ঞানমনস্কতাৰ সপক্ষে"

Leave a Comment

Your email address will not be published. Required fields are marked *