বৰ্ণহীন

বৰ্ণালী বৰুৱা দাস

 

অফিচৰপৰা আহিয়েই বেগটো থৈ ৰিমা অৰিৰ ওচৰলৈ গ’ল‌। নিজৰ টেবুলত অৰিয়ে আপোনমনে ছবি আঁকি আছে‌। ৰিমা দুৱাৰৰ ওচৰত থিয় হ’ল‌।

-অৰি, গাখীৰ খালা?

-খালো মা‌।

-হ’ম-ৱৰ্ক কৰিলা?

-ওঁ‌।

আঁকি থকা ছবিখনৰপৰা মূৰ নোতোলাকৈ অৰিয়ে উত্তৰ দিলে‌।

এইটোৱে ৰিমাক বেছ সন্তুষ্টি দিয়ে যে অন্য মাকে সন্তানক লৈ কৰা হৈ-চৈবোৰ তাই সাধাৰণতে কৰিবলগা নহয়‌। তাই বান্ধি দিয়া ৰুটিনৰ প্ৰতিটো আখৰৰ আদেশ অৰিয়ে একান্ত বাধ্যভাৱে পালন কৰে‌। নকৰিয়েই বা উপায় কি! সৰুৰেপৰা সি দেখি আহিছে, আদেশ দিয়াটোৱেই মাকৰ কাম আৰু সেই আদেশ বিনা প্ৰতিবাদে পালন কৰাটো আনবোৰৰ কাম‌। দেউতাকৰ, তাৰ, আপীৰ‌।

 

ৰিমা আগ বাঢ়ি গ’ল‌। অৰিয়ে অঁকা ছবিখনলৈ ভুমুকিয়াই চালে‌। লগে লগে পৃথিৱীৰ সমস্ত হতাশাই যেন তাইক আবৰি ধৰিলেহি‌। আকৌ সেই একেই ছবি!!

আস্, কি হৈছে ল’ৰাটোৰ? কাৰ দোষৰ বাবে এনে হৈছে?

 

তাই একো নোকোৱাকৈ কোঠাটোৰপৰা ওলাই আহিল‌। চিঞৰ-বাখৰ কৰিলে লাভ নহব‌। ধৈৰ্যৰে তাই কিবা এটা সমাধানসূত্ৰ বিচাৰিব লাগিব‌। ল’ৰাটোক এই ভয়ংকৰ ৰোগৰপৰা ৰক্ষা কৰিবই লাগিব‌। কিন্তু তাকে কৰিবলৈ যাওঁতে বেছি হুলস্থূল কৰিলে তাৰ কুমলীয়া মনটো বিদ্ৰোহী হৈ উঠাৰহে সম্ভাৱনা‌। ধীৰে-সুস্থিৰে, খুব সাৱধানে আগ বাঢ়িব লাগিব‌।

 

তাই সাৱধানে আগ বাঢ়িল‌। বাৰাণ্ডাৰ চকীখনত লাহেকৈ বহি পৰিল‌। গিৰীয়েক সুৰজিতক ফোনত পায় নেকি আকৌ এবাৰ চেষ্টা কৰি চালে‌। নাই, সুৰজিতৰ ম’বাইল অফ‌্‌। আজিও বোধহয় মিটিং‌। তাই যেন আৰু হতাশ হ’ল‌। সেই হতাশাই তাইক আকৌ হাতবাউলি দিলে কলেজীয়া দিনবোৰলৈ‌। তাইৰে সহপাঠী মিতালী আৰু গিৰীয়েক সুৰজিতৰ দুটা ৰঙীন ছায়ামূৰ্তি যেন তাইৰ চকুৰ সন্মুখত পৰিস্ফুট হ’ল‌। ছায়ামূৰ্তি? আকৌ ৰঙীন? হাঁহিব নেকি ৰিমাই অলপ? নাই, আজি তাই হাঁহিব নোৱাৰে‌।

কোনে কাৰ জীৱনৰ ৰং কাঢ়ি আনিব পাৰে? হয়তো সেয়া এক বৰ্ণহীন জীৱনেই আছিল? ৰঙীন কাঁচৰ মাজেৰে প্ৰতিসৰিত পোহৰত নিজকে ৰঙীন যেন দেখিছিল।

 

এনেকৈয়ে এটা সময়ত অতি সহজভাৱেই কথাটো উৰুৱাই দিব পাৰিছিল‌। ইমান বছৰে কোনোদিনেই গিৰীয়েক সুৰজিতৰ মিতালীৰ স’তে থকা প্ৰাক্ বৈবাহিক সম্পৰ্কৰ কথাটোৱে তাইক বিন্দুমাত্ৰ বিচলিত কৰিব পৰা নাছিল‌। কিন্তু আজি? আজি আৰু বহু বছৰৰ আগৰ সহপাঠিনী মিতালিৰ সেই কথাষাৰক আঙুৰ পাৰিবলৈ অক্ষম শিয়ালটোৰ উক্তিৰ স’তে একাকাৰ কৰাৰ সাহস ৰিমাৰ নাই‌। আজি বাৰে বাৰে ৰিমাই নাভাবোঁ বুলিও ভাবিবলৈ লৈছে— তাই বাৰু সঁচাকৈয়ে সুৰজিতক মিতালীৰপৰা আঁতৰাই আনি মিতালীৰ জীৱনৰ দিনবোৰ বৰ্ণহীন কৰি পেলালে নেকি? য’ত ৰং নাই‌। আছে কেৱল ক’লা আৰু ক’লাৰ সমাহাৰ? নিঃসীম অন্ধকাৰ? সঁচাকৈয়ে তাই কাঢ়ি ল’লে নেকি মিতালীৰ জীৱনৰ সকলো ৰং? আৰু সেইবাবেই তাই গোটেই জীৱন ভোগ কৰিব লাগিব নেকি এই শাস্তি? পুতেকৰ গাত লম্ভা এই অচিন ৰোগৰ যন্ত্ৰণা?

বৰ্ণহীন

অংকন : দীপামণি হীৰা

কলেজীয়া দিনবোৰত মিতালী আৰু সুৰজিত দুয়োটাই কবিতা লিখিছিল‌। আৰু বোধহয় কিবাকিবি সপোন দেখিছিল, দিন সলোৱাৰ সপোন‌। ৰিমাৰ বাবে যিবোৰ সপোন একেবাৰে অৰ্থহীন‌। তাই জানে, এনে মানুহে জীৱনৰ হিচাপ-নিকাচ কৰিব নাজানে‌। সপোনটোকে খামোচ মাৰি ধৰি থাকে‌। তাই সুৰজিতক হিচাপ-নিকাচ কৰিবলৈ শিকালে‌। সপোনৰ নহয়, বাস্তৱৰ হিচাপ। মিতালীৰপৰা ৰিমালৈ কিমাননো বাট? সুৰজিতে বাট চমুৱালে‌। ৰিমাই বৰ তৃপ্তিৰে লক্ষ্য কৰিলে যে সপোনবলিয়া মানুহটোৱে বৰ নিখুঁতভাৱে তাই শিকোৱা হিচাপবোৰ শিকি পেলালে‌। আনকি তাৰ হিচাপৰ দৌৰত বহু দ্ৰুতবেগী দৌৰবীৰো মুখথেকেচা খাই পৰি ৰ’ল‌। আৰু মিতালী? সপোনৰ ধ্বংসস্তূপত পৰি ৰ’ল মিতালী‌। “আমি বৰ ভাল বন্ধু আছিলো মিতালী”, বুলি কোৱা সুৰজিতক এবাৰলৈও তাই নুসুধিলে— বন্ধুত্বৰ ঠিক কোনটো পৰ্যায়ত দুজন নাৰী-পুৰুষে দুয়োৰে নামৰ অদ্যাক্ষৰ বিন্যাস কৰি সন্তানৰ নামৰ তালিকা সজায়‌।

ৰিমাই যেন মিতালীৰ জীৱনৰ সকলো ৰং কাঢ়ি নিলে‌— কাৰোবাৰ কাৰোবাৰ মুখত শুনা এনেবোৰ কথাত ৰিমাই পাত্তা দিয়া নাছিল‌। ৰিমাৰ মনত তেতিয়া যুদ্ধ জয়ৰ আনন্দ‌। পৰাজিত মৃত সৈনিকৰ শৱদেহ সংকাৰৰ দৰে মহান মানৱীয় গুণৰ পূজাৰী তাই মুঠেও নহয়‌। গতিকে আনৰ ৰং হেৰোৱাৰ বেদনাই তাইক কণমানো বিচলিত নকৰিলে‌। সুৰজিতৰ স’তে জীৱনৰ হিচাপ-নিকাচ নিৰ্ভুলভাৱে কৰিবলৈ তাই আগ বাঢ়িল‌।

 

এৰা‌। নিৰ্ভুল হিচাপেইতো‌। বিলাসী গাড়ী, প্ৰাসাদোপম ঘৰ, দুয়োজনৰে গজগজীয়া চাকৰি, সৰ্বোপৰি একান্ত বাধ্য, মেধাবী পুত্ৰ অৰি‌। কিন্তু সেই অৰিৰে শেহতীয়া আচৰণে ৰিমাক হিচাপৰ বহীৰ পাত পুনৰ লুটিয়াবলৈ আজি বাধ্য কৰিছে‌।

স্থাণুৰ দৰে একে ঠাইতে বহি ৰিমাই সন্মুখলৈ স্থিৰ দৃষ্টিৰে চাই ৰ’ল‌। সন্মুখৰ দেৱদাৰু শাৰী লাহে লাহে গাঢ় হ’বলৈ আৰম্ভ কৰিছে‌। আকাশৰ নীলা ৰংটোও‌। গাঢ় সেউজ, গাঢ় নীলা‌। তাৰ পাছত দুয়োটা ৰঙেই প্ৰায় একেই‌। ক’লা‌। সেই ক’লাৰ বুকুত একাকাৰ হৈ গৈছে দেৱদাৰুশাৰীৰ সীমাৰেখাডাল‌। আজি অমাৱস্যা নেকি? নে আকাশত ডাৱৰ আছে? ইমান ক’লা? কোনে ক’ব এই ক’লাৰ মাজতে লীন হৈ আছে দেৱদাৰুশাৰীৰ সেউজখিনি, আকাশৰ নীলাখিনি! মিতালীৰ জীৱনৰ ৰংবোৰ?

 

হঠাৎ গাড়ীৰ হে’ড-লাইটৰ পোহৰত দেৱদাৰুশাৰী পুনৰ এক ঝলক সেউজীয়া হৈ পৰিল‌। দিনটোৰ ব্যস্ততাৰ অন্তত অলসভাৱে গাড়ীৰপৰা নামিল সুৰজিত‌। বাৰাণ্ডাত ৰিমাক বহি থকা দেখি সুৰজিত কিছু আচৰিত হ’ল‌। এই সময়ততো ৰিমা ঘৰত থকাৰ কথা নহয়‌! স্বাস্থ্যসচেতন ৰিমা এই সময়ত জিমলৈ যায়‌।

- কি হ’ল,আজি জিমলৈ নগ’লা? - প্ৰশ্নটো কৰি ৰিমাৰ কাষৰ চকীখনতে সুৰজিত বহি পৰিল‌।

- ওঁহো‌।

- গা বেয়া নেকি? -সুৰজিতে কণ্ঠত যিমান পাৰি উদ্বিগ্নতা অনাৰ চেষ্টা কৰিলে‌।

- এতিয়ালৈকেতো ঠিকেই আছো‌। কিন্তু তুমি যদি একো এটা চেষ্টা নকৰা, তেন্তে গা বেয়া হ’বলৈ বেছি দিন নালাগিব‌।

- কিহৰ চেষ্টা? - সপ্ৰশ্ন দৃষ্টিৰে সুৰজিতে ৰিমালৈ চালে‌।

ৰিমাই ঘোপাকৈ সুৰজিতৰ ফালে চাই নিজৰ ম’বাইলটো আগ বঢ়াই দি ক’লে –

- ডা: কৃষ্ণ কিংকৰ বৰুৱাৰ এপইণ্টমেন্ট এটা লোৱা‌। কালিলৈকে অৰিক লৈ যাব লাগিব‌।

- ধেৎ তেৰি! তুমি কিয় যে ইমান ছিৰিয়াছ হৈছা! আৰু দুদিনমান বাট চোৱাচোন! ঠিক হৈ যাবও পাৰে‌। -সুৰজিতে পৰিস্থিতিটো সহজ কৰাৰ চেষ্টা কৰিলে‌।

- নহয় জিৎ, তোমাৰ কথামতে দুদিন বাট চালোঁ‌। ভাবিছিলো ঠিক হৈ যাব‌। কিন্তু আজিও মই আহি দেখিলোঁ, সি একেই ছবি আঁকি আছে‌। যিকোনো বেমাৰ ছিভিয়াৰ হৈ যোৱাৰ আগতেই দেখুওৱা ভাল‌।

- কিন্তু এইটো বেমাৰ বুলি কিয় ভাবিছা? এনেকুৱা বেমাৰৰ কথা মই কিন্তু ক’তো কেতিয়াও শুনা নাই‌।

- তুমি নুশুনিব পাৰা‌। কিন্তু মই ক’ৰবাত শুনিছো‌। শিশুৱে একো ৰং ব্যৱহাৰ নকৰি কেৱল ক’লা-বগা ছবি আঁকি থকাটো এটা ছিৰিয়াছ মানসিক ৰোগ‌। হ’বওতো পাৰে‌। আমিনো চাইল্ড ছাইক’ল’জিৰ কিটো জানো? আৰু তুমি নিজেই ভাবি চোৱাচোন! ইমান ধুনীয়া ধুনীয়া ৰঙীন ছবি অঁকা ল’ৰাটোৱে সকলো ৰং বাদ দি হঠাতে কিয়নো কেৱল ক’লা ৰঙৰ ছবি আঁকিব? ইমান সুন্দৰ কালাৰ কম্বিনেশ্বন কৰিব জানিছিল সি! তোমাৰ মনত আছে? নাৰ্ছাৰিত পঢ়ি থাকোঁতেই সি ক্লাছ ৱান-টুৰ ল’ৰাৰ লগত কম্পিট কৰি ফাৰ্ষ্ট হৈছিল!

 

সঁচাকৈয়ে, সেইদিনা আন আন অভিভাৱকৰ সন্মুখত ৰিমাৰ মুখখন গৌৰৱৰ জ্যোতিৰে জলমলাই উঠিছিল‌। কৃত্ৰিম অমায়িক সুৰ এটাৰে তাই অৱশ্যে কৈছিল,

- নাই কিনো আৰু, সৰু ল’ৰাৰ কথা‌! মন গ’লে ভালকে আঁকিব, মন নগ’লে নাই!

- আপোনাৰ ল’ৰা কিন্তু বিৰৰাট ব্ৰিলিয়েন্ট হ’ব দেই! যি মূলা বাঢ়ে, দুপাততে চিন!— কোনোবাই কৈছিল

- ইঃ নহয় দেই, চোকা হ’বলৈ কনচেনট্ৰেচন লাগিব নহয়! ইয়াৰ কনচেন্ট্ৰেচন কম!— অৱশ্যে পুতেকৰ কথা কওঁতে ৰিমাৰ কণ্ঠত লাগি থকা গৌৰৱৰ সুৰটো কৃত্ৰিম অবিশ্বাসৰ হাঁহিটোৱে ঢাকি ৰাখিব পৰা নাছিল‌।

 

ৰিমাই সপোন দেখিবলৈ আৰম্ভ কৰিছিল‌। দুপতীয়া মূলাৰ বাঢ়নৰ সপোন‌। বাঢ়িবলৈ সাৰৰতো অভাৱ নাই! আজিৰ পৃথিৱীত বিচাৰিলেই শৈশৱৰ সাৰ কিনা যায়‌। পাঠ্যপুথি, আৰ্ট, সাঁতোৰ, টেনিছ, গিটাৰ, কম্পিউটাৰ আৰু কত কি সাৰ! ফুল-পখিলা, বোকা-মাটিৰ অনাহুত জঞ্জালৰপৰা আঁতৰি অৰিৰ শৈশৱটোও ওপচি পৰিছিল অপৰিমিত সাৰেৰে‌। লগতে আমেৰিকা, ইংলেণ্ড আদি কোনো এখন সপোনপুৰীত খাপ খাব পৰাকৈ অৰিক অতি যত্নেৰে গঢ়ি তোলা হৈছিল‌।

 

সুৰজিতে ছাইকিয়াট্ৰিষ্ট ডাঃ কৃষ্ণ কিংকৰ বৰুৱাৰ নম্বৰকেইটা টিপিলে‌।

- হেল্ল’! ডাঃ কৃষ্ণ কিংকৰ বৰুৱা?

 

-------------০০০০------------

 

অৰিৰ আজি খেলিমেলি লাগি গৈছে‌। এনেকুৱা ৰুটিনৰ খেলিমেলিত সি মুঠেও অভ্যস্ত নহয়‌। ৰাতিপুৱা উঠি সি যি সময়ত পঢ়িবলৈ বহে সেই সময়ত তাক সাজি-কাচি ওলাবলৈ কোৱা হৈছে‌। ফুৰিবলৈ‌। ডিব্ৰুগড়লৈ‌।

- ডিব্ৰুগড়লৈ কিয় মা?

- অৰ্চনা মাহীৰ ঘৰলৈ‌।

অৰ্চনা মাহীৰ নামটো ৰিণিকি ৰিণিকিহে অৰিৰ মনত পৰিল‌। এবাৰ আহিছিল সিঁহতৰ ঘৰলৈ‌। তাৰ সমানেই ল’ৰা এটাও আছিল‌। তাৰ ৰিম’ট ক’ন্ট্ৰল গাড়ীখনৰ ৰিম’টটো ভাঙি থৈ গৈছিল‌। যোৱাৰ পাছত মাকে কৈছিল— অৰ্চনাই যে ল’ৰাটোক একেবাৰে মেনাৰ্ছ শিকোৱা নাই দেই‌। নামটোও ষ্টেডি হৈ ক’ব নাজানে‌।

 

সেই মেনাৰ্ছ নজনা ল’ৰাটোৰ ঘৰলৈকে সকলোবোৰ ৰুটিন ওলট-পালট কৰি যাবলৈ মাকৰ হঠাৎ কিয় যে মন গ’ল!

আজি দেওবাৰ‌। স্কুল নাথাকিলেও তাৰতো আজি দুইবেলা দুটা বেলেগ বেলেগ ক্লাছ আছে! টেনিছৰ ক্লাছটো খতি কৰিবলৈ দিলেও ‘পাৱা’ মানে ‘পাথ ৱে টু এমেৰিকা’ৰ ক’চিং ক্লাছটোতো মাকে কেতিয়াও খতি কৰিবলৈ নিদিয়ে‌। আনকি জ্বৰীয়া গাৰেও দৰব খাই সি সেই বিৰক্তিকৰ ক্লাছটোলৈ যাব লগা হয়‌। এদিনৰ খতিয়ে যেন আমেৰিকালৈ যোৱা ৰাস্তাটো দীঘল কৰিহে পেলাব‌।

 

সঁচাকৈয়ে মাক-দেউতাকৰ স’তে সি গাড়ীত বহিল‌। ডিব্ৰুগড়লৈ যাবলৈ‌।

ডিব্ৰুগড়ৰ য’ত আহি সিঁহতৰ গাড়ীখন ৰ’লহি সেয়াতো মানুহৰ ঘৰ যেন লগা নাই?

- অৰ্চনা মাহীৰ ঘৰ নেকি মা?

- নহয় অৰি, চিনাকি ডাক্টৰ আংকল এজনৰ ওচৰত সোমাই যাওঁ ৰ’বা‌। বহুদিনৰ মূৰত ডিব্ৰুগড়লৈ আহিছোতো!

মাকে হাতত ফাইল এটা লৈ নামিল‌। ফাইলত আকৌ সি অঁকা ছবিবোৰ‌। কি যে কৰে মাকে!

--------------০০০০০০০----------

 

ডাঃ কৃষ্ণ কিংকৰ বৰুৱাই কম বয়সতে বেছ নাম কৰি পেলাইছে‌। দেশৰ অন্যান্য ঠাইত নথকা অত্যাধুনিক যন্ত্ৰ-পাতি আনি ৰাখিছে‌। সেইবোৰৰ বিজ্ঞাপন প্ৰকাশ কৰি আছে নিয়মীয়াকৈ‌। বিজ্ঞাপন কেৱল যন্ত্ৰ-পাতিৰে নহয়, ডাঃ কৃষ্ণ কিংকৰ বৰুৱাৰো‌। ডাঃ কৃষ্ণ কিংকৰ বৰুৱাৰ মহানুভৱতাৰ বিজ্ঞাপন‌।

 

হাতত অৰিয়ে অঁকা ছবিৰ ফাইলটো লৈ ৰিমা সোমাই আহিল‌। ডাঃ বৰুৱাই মোলায়েম হাঁহি এটাৰে তাইক বহিবলৈ ইংগিত দিলে‌। হাতত যথেষ্ট টকা লৈ শাৰী কিনিবলৈ গ’লে দোকানীৰ ওচৰত যেনেকৈ সহজেই সহজ হোৱা যায় তেনে সহজ ভংগীত কথা পাতিবলৈ ডাঃ বৰুৱাৰ হাঁহিটোৱে তাইক সহায় কৰিলে‌।

 

ডাঃ বৰুৱাই মনোযোগেৰে ছবিবোৰ চালে‌।বিশাল আকাশ, ঘৰমুখী পখী, শান্ত নদী, জুপুৰি ঘৰ, ছৈ দিয়া নাও। সকলোৱে যেন বিলীয়মান পোহৰত ৰং হেৰুৱাই হাহাকাৰ কৰি আছে‌।

 

ছবিৰপৰা মূৰ তুলি ডাঃ বৰুৱাই চছমাযোৰ খুলি টেবুলত থলে‌। ভ্ৰূ-কুঞ্চিত কৰি আৰামী চকীখনত নিজকে এৰি দিলে‌। তাৰ পাছত ৰিমালৈ চাই প্ৰশ্ন কৰিলে‌।

- ঠিক কিমান দিনৰ পৰা সি এনেকুৱা ছবি আঁকিবলৈ আৰম্ভ কৰিছে?

- যোৱা দুদিনৰ পৰা‌।

- দুদিনত সি যথেষ্ট আঁকিছে‌। - ডাঃ বৰুৱাই আকৌ এবাৰ ছবিখিনি এনেয়ে লুটিয়ালে‌।

- হয়, সি প্ৰতিদিনে পঁইত্ৰিছ মিনিটকৈ আঁকে‌। -ৰিমাৰ কণ্ঠত আকৌ অকণমান গৌৰৱৰ সুৰে ভূমুকি মাৰিলেহি যেন‌!

ডাঃ বৰুৱা কিছু সময় মৌন হৈ ৰ’ল‌।

ডাঃ বৰুৱাৰ কোঠাৰ দুৱাৰত ওলমি থকা পৰ্দাৰ ফাঁকটোলৈ সচকিত দৃষ্টি দি ৰিমাই চকীখনৰপৰা নিজকে অলপ আগুৱাই দিলে‌।

- চাওক, মোৰ কিছু কথা ক’ব লগা আছে‌।

ৰিমাৰ দৃষ্টি অনুসৰণ কৰি পৰ্দাৰ ফাঁকটোলৈ ডাঃ বৰুৱায়ো এবাৰ চালে‌।

- আপুনি মোক নিৰ্ভয়ে সকলো ক’ব পাৰে‌।

ৰিমাই জড়তাবিহীন কণ্ঠৰে সকলো জনালে‌। তাইৰ কথা, সুৰজিতৰ কথা, মিতালীৰ জীৱনৰ ৰংবোৰ কাঢ়ি অনাৰ কথা‌। ঠিক যেন নাটকৰ শেষত খলনায়িকাৰ স্বীকাৰোক্তি‌।

 

অৱশেষত অৰিক ডাঃ বৰুৱাৰ কাষলৈ অনা হ’ল‌। ডাঃ বৰুৱাৰ ইংগিতত অৰিক কিছু সময় তেখেতৰ স’তে অকলে থাকিবলৈ দিয়া হ’ল‌। অৰিৰ জড়তা ভাঙিবলৈ ডাঃ বৰুৱাৰ বৰ বেছি সময় নালাগিল‌।

- অৰি, তুমি ইমান ধুনীয়া ছবি আঁকা‌। কোনে শিকালে?

- মই আৰ্টৰ স্কুললৈ যাওঁ নহয়! আমাৰ আৰ্টৰ চাৰে যে কিমান ধুনীয়া ধুনীয়া ছবি আঁকিব জানে!

- হয় নেকি? মইও যাম দেই তোমালোকৰ আৰ্টৰ স্কুললৈ‌। তোমাৰ আৰ্টৰ ছাৰে মোকো শিকাব নে বাৰু?

- ধেৎ, তালৈ চব সৰু ল’ৰা-ছোৱালীহে যায়‌। তুমি ইমান ডাঙৰ মানুহ!

- হ’লেনো কি হ’ল? মোৰ যে ছবি আঁকিবলৈ বৰ মন‌। - ডাঃ বৰুৱাই যেন অৰিৰপৰা সহায়হে বিচাৰিলে‌।

- তুমি ছবি আঁকিব একেবাৰে নাজানা নেকি?— অৰিৰো অকণমান সহানুভূতি আহিল‌।

- ওঁ, একেবাৰে নাজানো আকৌ‌।

- এটা কাম কৰিবা তুমি আমাৰ ঘৰলৈ যাবা‌। ময়ে তোমাক শিকাই দিম‌।

- হয় নেকি? বৰ ভাল কথা! কিন্তু অৰি মই যে ৰঙীন ছবিহে ভাল পাওঁ! ৰঙীন ছবি আঁকিবলৈ কাৰপৰা শিকিম? - ডাঃ বৰুৱাই আঁৰ চকুৰে লক্ষ্য কৰিলে‌।

- কিয়? মই শিকাম‌। মইওতো ৰঙীন ছবি ভাল পাওঁ!

- ক’তা তুমি দেখোন এখনতো ৰং দিয়া নাই? চব ক’লা ৰঙেৰে আঁকিছা?

- ইঃ, মোৰ ৰঙৰ পেকেটটো হেৰাল বুলিহে‌।

- কি? ৰঙৰ পেকেট হেৰাল? কেতিয়া? - ডাঃ বৰুৱা যেন সৰগৰপৰাহে পৰিল!

- দুদিন হ’ল, আৰ্টৰ স্কুলত এৰি থৈ আহিলো!

- ঘৰত কোৱা নাই কিয়?

- এনেই নাই কোৱা‌। আকৌ গ’লে পামেই নহয়‌। আৰ্টৰ ছাৰে থৈ দিব। মাক ক’লে কি ক’ব জানা?—“ইম্মান কেয়াৰলেছ হ’লে কেনেকৈ হ’ব? কালিলৈ-পৰহিলৈ গৈ ফৰেইনত থাকিব লাগিব‌। এতিয়াৰপৰা যদি ‘নিজ্জৰ’ বস্তুকেইটা ভালকৈ ৰাখিব নাজানা কেনেকৈ হ’ব‌?” - একেবাৰে মাকৰ কৰ্তৃত্বৰ সুৰ অবিকল নকল কৰি অৰিয়ে ক’লে‌।

 

সৰু ল’ৰাটোৱে কৰা মাকৰ অভিনয়ত ডাঃ বৰুৱাৰ হাঁহি উঠি গ’ল‌। চছমাযোৰ পিন্ধি তেওঁ প্ৰেছকিপচন লিখিবলৈ ল’লে‌। কি লিখিব এতিয়া তেওঁ? এক পেকেট ৰং পেঞ্চিল?

 

ডাঃ বৰুৱা থমকি ৰ’ল‌। ইমান সোনকালে কেছটো এৰি দিব নে? অন্ততঃ এখন ই চি জি . . . ?

--------------০০০০০০--------------

[কলিকতাৰ পৰা প্ৰকাশিত ‘মানব মন’ নামৰ ক্ষুদ্ৰ আলোচনীখনৰ ‘মনঃ চিন্তকেৰ ডায়েৰী’ত প্ৰকাশিত এটি ঘটনাৰ আলমত কাহিনীটো কল্পিত। ৰেখাংকন : মণিদীপা]

Share Button
Print Friendly, PDF & Email

No Comments : "বৰ্ণহীন"

Leave a Comment

Your email address will not be published. Required fields are marked *