বিখ্যাত চিত্ৰকৰ সতীশ গুজৰালৰ সৈতে বাৰ্তালাপ

সাক্ষাৎ গ্ৰহণ : সুৰুচি

অনুবাদ : আবিদ আজাদ

(সতীশ গুজৰাল – জন্ম : ২৫ ডিচেম্বৰ, ১৯২৫। স্থান : ঝিলাম, পাঞ্জাব, ব্ৰিটিছ ইণ্ডিয়া।)

ভাৰতীয় চিত্ৰকৰসকলৰ ভিতৰত সতীশ গুজৰাল এনে এজন আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চিত্ৰকৰ যাক প্ৰকৃত অৰ্থতেই সৃজনশীল বুলি ক’ব পৰা যায়। এয়া কেৱল এইকাৰণেই নহয় যে তেওঁ কলাৰ কেইবাটাও ক্ষেত্ৰত প্ৰভাৱশালী সৃষ্টি কৰিছে; বৰঞ্চ এইকাৰণেও যে তেওঁ যিকোনো পৰিৱৰ্তনৰ প্ৰতি মুক্ত হৈ থাকে। বিবিধতা তেওঁৰ কলাৰ বৈশিষ্ট্য। তেওঁৰ বাবে চিত্ৰকলা, মূৰ্তিকলা, স্থাপত্য নিৰ্মাণ কলা, ৰেখা চিত্ৰণ, ছেৰামিক্স চিত্ৰ আদিত বিচৰণ কৰা কোনো কঠিন কাম নহয়। তেওঁৰ সৈতে কথাবাৰ্তাৰ কিছু নিৰ্বাচিত আলাপ ইয়াত প্ৰস্তুত কৰা হ’ল।

images? আপোনাৰ শৈশৱক প্ৰভাৱান্বি কৰা এনেকুৱা এক অভিজ্ঞতাৰ কথা জনাব নেকি যি এতিয়াও আপোনাৰ জীৱন আৰু কলাক প্ৰভাৱান্বি কৰে, যাৰ চৰ্চা আপুনি আপোনাৰ আত্মকথাত কৰা নাই

@ মই আত্মকথাত সকলো লিখিছোঁ। এনেকুৱা কোনো ঘটনা নাই যি মই তাত চৰ্চা কৰা নাই। শৈশৱত মোৰ কাণ বেয়া নহ’লে কলাৰ প্ৰতি আগ বঢ়া মোৰ পক্ষে সম্ভৱ নহ’লহেঁতেন। সেই যুগত মধ্যবিত্তীয় পৰিয়ালে কলাক সুৰক্ষিত পেছা বুলি ভবা নাছিল। মোৰ শ্ৰৱণ শক্তি কমি গৈ থকাৰ বাবে সাধাৰণ শিক্ষাৰ সম্ভাৱনা নোহোৱা হৈ পৰিছিল। সেই সময়ত মই বেমাৰত পৰিছিলোঁ আৰু বিছনাতে বহি থাকিছিলোঁ। তেনেকৈ থাকি চিত্ৰ আঁকি থাকোতে সেইবোৰ দেখি দেউতাই ভাবিলে যে গ্ৰাফিক্স শিক্ষা গ্ৰহণ কৰা মোৰ বাবে যুগুত হ’ব। সেয়ে তেওঁ মোক আৰ্ট স্কুলত ভৰ্তি কৰাই দিছিলে।

? শৈশৱত শ্ৰৱণ শক্তি কমি যোৱা বাবে আপোনাৰ দৃষ্টিৰ প্ৰলতা বৃদ্ধি পোৱা বুলি ভাবে নেকি?

@ মই বৌদ্ধিক দিশেৰে কেতিয়াও ভবা নাই যে কি হৈছে, কিন্তু সাধৰণতে কোৱা যায় যে এটা sense আঁতৰি গ’লে আন এটা senseঅৰ প্ৰবলতা বাঢ়ে। সেয়ে শ্ৰৱণ শক্তি নোহোৱা হোৱা বাবে মোৰ দৃষ্টি আৰু অধিক সক্ষম আৰু গ্ৰহণযোগ্য হৈ পৰা যেন লাগে। নজৰ যেন অধিক সংবেদনশীল হৈ পৰিল।

download (1)? কোনো এনেকুৱা ঘটনা যি আপোনাৰ জীৱন আৰু বিচাৰধাৰাক প্ৰভাৱন্বিত কৰিছে?

@ দুটা এনেকুৱা সময় আছিল যিয়ে মোৰ কেৰিয়াৰক সম্পূৰ্ণভাৱে প্ৰভাৱান্বিত কৰিছিল। এটা হৈছে দেশৰ বিভাজন। বিভাজনৰ সময়ত মই ছয় মাহ দেউতাৰ সৈতে পাকিস্তানত থাকি বহুতো মৰা-কটা আৰু হত্যালীলা দেখিছিলোঁ। সকলোবোৰ পীড়া দেখিছিলোঁ আৰু সহন কৰিছিলোঁ। সেইবোৰৰ প্ৰভাৱ মোৰ ওপৰত অতি গভীৰভাৱে পৰিছিল। দ্বিতীয় ঘটনাটো হৈছে - বিভাজনৰ কেইবছৰমান পাছত মই মেক্সিকোলৈ যাবলৈ এটা বৃত্তি পাইছিলোঁ। তালৈ যোৱাৰ ফলত মোৰ কলাই এক সম্পূৰ্ণ অন্য দিশ লাভ কৰিলে। স্বাধীনতাৰ পিছত ভাৰতীয় চিত্ৰকৰসকলে এনে বৃত্তি লাভ কৰি আছিল। আমাৰ কালৰ বহু শিল্পী তেনেকৈ বাহিৰলৈ যাব পাৰিছিল। কিন্তু তেওঁলোকে ইউৰোপ বা আমেৰিকালৈ গৈছিল। মাথোন মইহে গৈছিলোঁ মেক্সিকোলৈ। ই মোৰ কলাৰ ওপৰত এনেকুৱা এক ক্ৰান্তি আনিছিল যি সম্পূৰ্ণ বেলেগ আছিল; যি আনতকৈ পৃথক আছিল। এয়া আছিল মোৰ ওপৰত পৰা দ্বিতীয় গুৰুত্বপূৰ্ণ প্ৰভাৱ।

? কোনসকল ভাৰতীয় বা পাশ্চাত্য শিল্পীৰদ্বাৰা আপুনি প্ৰভাৱাম্বিত?

@ মই গোটেই জীৱন পৰিৱৰ্তনশীল হৈ আছোঁ। কোনো ক্ষেত্ৰতেই দহ বছৰতকৈ বেছি সময় লাগি থকা নাই। সেয়ে কোনো এগৰাকী চিত্ৰকৰৰ প্ৰভাৱৰ বিষয়ে ক’ব নোৱাৰিম যি গোটেই জীৱন মোক প্ৰভাৱান্বিত কৰিছে। বিভাজনৰ দিনবোৰত পশ্চিমৰ প্ৰভাৱ আৰু তাৰ পিছত বেছিভাগেই ভাৰতীয় লোককলাৰ প্ৰভাৱ পৰিছে।

? আপোনাৰ বিচাৰত পশ্চিমীয়া আৰু ভাৰতীয় কলাৰ মাজত কি পাৰ্থক্য? আজিৰ পৰিপ্ৰেক্ষিতত ইয়াৰ ওপৰত কিছু আলোকপাত কৰক

@ দুয়োটা বিচাৰধাৰাৰ বেলেগ বেলেগ দিশ আছে। ভৌতিক জগতৰ প্ৰতি পশ্চিম সচেতন আৰু তাক আওকাণ কৰা ঠিক নহয়। ই পূৰ্বান্তৰ যাত্ৰা আৰু সত্যৰ সূক্ষ্মতৰ ৰূপক জানিবলৈ চেষ্টা কৰি আহিছে।

? আজিকালি ভাৰতীয় চিত্ৰয়ো আন্তৰাষ্ট্ৰীয় বজাৰত বিশেষ স্থান দখল কৰিবলৈ লৈছে এনেকুৱা বজাৰীকৰণে, আপোনাৰ মতে, চিত্ৰৰ স্তৰত স্বচ্ছতা আনে নে নিম্নতা?

@ এয়া সবাতোকৈ ডাঙৰ ভ্ৰান্ত ধাৰণা যে ভাৰতীয় কলা আন্তঃৰাষ্ট্ৰীয় হ’বলৈ লৈছে। বাহিৰত যিমান বিক্ৰী হৈ আছে সেয়া প্ৰবাসী ভাৰতীয়সকলৰ কাৰণে হৈ আছে। এইদৰে তেওঁলোকে স্বীকৃতি পাই আছে। মুখ্য ধাৰাত তাত ভাৰতীয় কলাৰ কোনো আকৰ্ষণ নাই। মেডিয়াই সাধাৰণতে যিকোনো তথ্যক নিজৰ ইচ্ছানুযায়ী প্ৰজেক্ট কৰি দিয়ে। মই আজিলৈকে শুনা নাই যে কোনো ইউৰোপীয় অথবা আমেৰিকান সংগ্ৰাহালয়ে সমকালীন ভাৰতীয় চিত্ৰ কিনিছে। ক্ৰেতা কেৱল ধনৱান প্ৰৱাসী ভাৰতীয়সকলহে। আমেৰিকাত আইন আছে যে আপুনি যিমান টকাত চিত্ৰ কিনিব সিমান টকাৰ ওপৰত টেক্স-ৰাহি হ’ব পাৰে। সেয়ে তেওঁলোকৰ বাবে এয়া এক বিনামূলীয়া কথাৰ দৰে। সেইকাৰণে তেওঁলোকে ক্ৰয় কৰি আছে। তেওঁলোকৰ কাৰণেই দাম বাঢ়িছে। সকলো চিত্ৰকৰৰে ইয়াতো লাভ হৈছে। তেওঁলোকে বেছি পইচা পাইছে। লোকচানৰ ক্ষেত্ৰত এইটো হৈছে যে যি চিত্ৰকৰ দাকত ওপৰলৈ যাব নোৱাৰে, মানুহে ভাবে যে তেওঁ ঠিক নহয়। সেয়ে তেওঁৰ মহত্ত্ব কম হৈ যায়। এয়া আধুনিক যুগৰ এক বিড়ম্বনা।

download (2)? আপোনাৰ প্ৰাৰম্ভিক কালৰ চিত্ৰবোৰত, যেনে দেশ বিভাজনৰ চাপ আছিল; পিছৰ কালৰ চিত্ৰবোৰত যদিও বিবিধতা বহু আছে কিন্তু সেই আগৰ দৰে উদাসীনতা বা গভীৰতা পৰিলক্ষিত নহয় ইয়াৰ কাৰণ কি বুলি বিচাৰে?

@ মই মোৰ আত্মকথাত এই কথা স্পষ্ট কৰিছোঁ। এই সংসাৰ এনেকৈয়ে চলে। বিভাজনে মোক বহুত বিচলিত কৰিছিল, সেয়ে মানৱীয় বেদনাক মোৰ বিষয় বনাইছিলোঁ। অন্যান্য চিত্ৰকৰেও বিভাজন দেখিছিল, কিন্তু কোনেও বিভাজনক চিত্ৰিত নকৰিলে। পিছত মই ভাবিলোঁ যে আচলতে বিভাজনৰ জৰিয়তে মই নিজৰ বিষাদগ্ৰস্ততাক চিত্ৰিত কৰিবলৈ প্ৰয়াস কৰিছোঁ আৰু সম্ভৱতঃ বিভাজন যদি নহ’লহেঁতেন মই এক বিভাজন বিচাৰি ল’লোহেঁতেন। কোনোবাই কৈছিলে যে জীৱন এক স্তম্ভৰ দৰে হয় যাৰ এটা ভাগ যদি পোহৰত থাকে আনটো অন্ধকাৰত থাকে। সেয়ে মই এয়াই উত্তৰ দিওঁ যে নিশ্চিতভাৱে জীৱনে দুয়োটা অংশক একে লগে ধৰি থাকে, কিন্তু এটা সময়ত মানুহে তাৰ এটা অংশহে দেখা পায়। সেই সময়ত মই তাৰ অন্ধকাৰ অংশক দেখিছিলোঁ, এতিয়া যদি পোহৰ অংশক দেখো তেন্তে তাকে চিত্ৰায়িত কৰিম; আৰু মই তেনে কৰিছোঁও।

? আপোনাৰ চিত্ৰত ভালেকেইটা মিলিজুলি প্ৰভাৱ চকুত পৰে তাত পাশ্চাত্য কলা, ভাৰতীয় কলা, লোককলাৰ উপৰিও আদিবাসী কলাৰ ঝলকো দেখা পোৱা যায় স্পষ্ট কৰিব নেকি?

@ যি সময়ত মোৰ জীৱনত বিভাজনৰ চোক সমাপ্ত হ’ল, সেই সময়ত মই নামি পৰিছিলোঁ ভাৰতীয় শিপাৰ সন্ধানত। মই দেখিলোঁ যে ভাৰতীয় আত্মা লোককলা আৰু আদিবাসী কলাত যিমান আছে সিমান আন ক’তো নাই। মই জনজাতীয় কলাৰ অধ্যয়ন কৰিলোঁ। ইয়াৰ প্ৰভাৱ মোৰ ওপৰত পৰিল। এই প্ৰভাৱ মোৰ কোনো এক বিশেষ ক্ষেত্ৰত মাথোঁ পৰা নাছিল, বৰং জনজাতীয় আৰু লোককলাৰ প্ৰভাৱ মোৰ প্ৰতিটো মাধ্যমতে পৰিছে। মৃৎকলা, চিত্ৰকলাত আদিতো পৰা দেখিবলৈ পাব। মোৰ ওপৰতো ইয়াৰ প্ৰভাৱ আছে।

? জীৱনত আপুনি কোনো বিশেষ বিচাৰধাৰা বা আদৰ্শৰদ্বাৰা প্ৰভাৱান্বিত নেকি? যেনেকৈ কোৱা যায় যে আপুনি সমাজবাদী বিচাৰধাৰাত আস্থা ৰাখে কমিউনিষ্ট বিচাৰধাৰাৰ সংকটৰ এই সময়ত আপুনি কি অনুভৱ কৰে?

@ সমাজবাদ মানৱতাবাদৰ ৰাজনৈতিক নাম হয়। কিন্তু মানৱতাবাদী বিচাৰধাৰাত আস্থা ৰখা যিসকল কট্টৰবাদী নাছিল সমাজবাদৰদ্বাৰা তেওঁলোকক উপেক্ষিত কৰা হ’ল। নিজৰ যুৱাৱস্থাত ময়ো মাৰ্ক্সবাদী বিচাৰধাৰাৰদ্বাৰা প্ৰভাৱান্বিত হৈছিলোঁ। তাৰ আধাৰ মাৰ্ক্সবাদী আদৰ্শ আৰু মোৰ নিজৰ চিন্তাৰ ৰুচি আছিল। কিন্তু সমাজবাদী ভেটি বুদ্ধিজীৱীৰ বিৰোধী। মোৰ বিচাৰত শিল্পী ‘বাদ’ৰদ্বাৰা প্ৰভাৱান্বিত হ’ব নালাগে। প্ৰকৃত শিল্পী কোনোধৰণৰ বিচাৰধাৰাৰদ্বাৰা প্ৰভাৱান্বিত নহয়। নিজৰ ভাবনাৰ আধাৰত সত্যৰ অন্বেষণ কৰি থাকে। কোনো ভাবধাৰাক আত্মীয়কৰণ কৰা মানেই শিল্পীৰ মৃত্যু।

download? সমাজবাদী বিচাৰধাৰাৰে প্ৰভাৱান্বিত আপোনাৰ সেই চিত্ৰবোৰৰ ক্ষেত্ৰত কি কয়?

@ মই আপোনাক কৈছোঁৱে যে কমিউনিজমৰ কোনো চেহেৰা বা নাক-নক্সা নাই। সমাজবাদ এক বিচাৰ আছিল, যিয়ে শিল্পীসকলৰ বিচাৰ আৰু ভাবনাক প্ৰেৰিত কৰিছিল। শিল্পীয়ে শিল্পত তাক মূৰ্ত ৰূপ দিয়ে। আপুনি যিয়ে কি নাখাওক কিয় সেয়া আপোনাৰ ছালৰ ওপৰততো ওলাই নপৰে, বৰং আপোনাক শক্তিহে প্ৰদান কৰে - ঠিক তেনেধৰণৰ কথা। শিল্পী এইদৰেই বিচাৰধাৰাৰদ্বাৰা প্ৰভাৱাম্বিত হয় আৰু এয়া তেওঁলোকৰ ভাবনা আৰু ‘ফৰ্ম’ত প্ৰকট হয়। মোৰ চিত্ৰত বিশেষ এনেকুৱা একো নাই য’ত সমাজবাদৰ কীৰ্তিৰ চৰ্চা কৰিব পৰা যায়।

? আপোনাৰ চিত্ৰত পিকাচোৰ প্ৰভাৱ দৃষ্টিগোচৰ হয় আপুনি মানে নে?

@ পিকাছোৱে এক নতুন দিশ দিছিল। এটা দিশ! সেয়া কোনো এক শৈলী নহয়। এক এনেকুৱা দিশ, যিয়ে প্ৰকৃতিক নকল কৰিবলৈ অমান্তি হৈছিল। প্ৰকৃতিক তেওঁ এনেকৈ চিত্ৰিত কৰিছিল যেনেকৈ আপুনি তাক অনুভৱ কৰে, এনেকৈ নহয় যেনেকৈ আপুনি সেয়া দেখে। সেয়ে আপুনি দেখিব - সেই দিশ বা প্ৰকৃতিৰ প্ৰভাৱ (পিকাছোৰ কোনো শৈলীৰ পোনপটীয়া প্ৰভাৱ) খোদ ইউৰোপতো নপৰিল।

? আপোনাৰ চিত্ৰত ৰহস্য, গভীৰতা, উদাসীনতা আৰু সামাজিক দুৰ্যোগৰ চিত্ৰায়ণ চকুত পৰে আপুনি এনেকুৱা চিত্ৰও আঁকিছে নেকি লঘ হাস্যময়তাও ফুটি উঠিছে?

@ এয়া মোৰ আৰম্ভণিৰ চিত্ৰবোৰত অৰ্থাৎ ষাঠীৰ দশকলৈ অঁকা চিত্ৰবোৰৰ বিষয়ত আছে, কিন্তু তাৰ পিছত এতিয়ালৈকে মই উদাসীনতাক চিত্ৰিত কৰা নাই। মই আগতে কৈছোৱেই যে আৰম্ভণিতে মই জীৱনৰ অন্ধকাৰৰ দিশে আছিলোঁ, কিন্তু পাছলৈ একেবাৰেই নহয়। হয়তো এই প্ৰশ্নটোৱেই সঠিক হোৱা নাই। উদাসীনতা আৰু উল্লাস প্ৰভাৱহে, বিষয় নহয়। কেতিয়াবা কোনো অন্য মুডত একেটাই বস্তু আপোনাৰ ওপৰত বেলেগধৰণৰ প্ৰভাৱ পেলাব পাৰে। কোনো পলত উদাসীনতা আৰু কোনো অন্য পলত উল্লাসে আপোনাক প্ৰভাৱান্বিত কৰিব পাৰে। প্ৰথ্ম পোন্ধৰ বছৰ উদাসীনতা, নিৰাশাৰ দৰে ভাবনাবোৰৰ প্ৰভুত্ব আছিল, কিন্তু ১৯৬০ৰ পাছত জীয়াই থকাৰ আনন্দৰ। এই ভাবনাকে আজিলৈকে বজাই ৰাখিছোঁ, জীৱনৰ প্ৰতি ‘এক বিস্ময়ৰ বোধ’ হিচাপে! এই বোধ মই নিজৰ চিত্ৰবোৰতো চিত্ৰিত কৰিছোঁ। বিচিত্ৰতাৰ প্ৰতি বিস্ময়বোধ অংকন কৰিছোঁ।

images (1)? কেনেকুৱাধৰণৰ কথা কোনো এক কলাকৃতিৰ অস্তিত্বত অহাৰ পূৰ্বে প্ৰথমে আপোনাৰ ভিতৰত আহে? আপুনি প্ৰেৰণা ৰপৰা পায়?

@ অজ্ঞাতে হোৱা সৃষ্টি হৈছে একোটা জাঁপৰ দৰে। চিত্ৰ অংকন কৰাৰ পূৰ্বে মই তাৰ বিষয়ে একো গম নাপাওঁ। প্ৰতি পুৱা উঠি মই ভাবিবলৈ চেষ্টা কৰোঁ যে কেনেকুৱাধৰণৰ বিচাৰ মনত উঠিছে। মই কেনভাছৰ সন্মুখত বহি যাওঁ আৰু তাৰ ওপৰত কাম কৰা আৰম্ভ কৰি দিওঁ। যেতিয়ালৈকে কামটো সমাপ্ত নকৰোঁ, একোকে গম নাপাওঁ সেয়া আচলতে কি হয়। যেনেকৈ মাতৃয়ে সন্তানক গৰ্ভত ধাৰণ কৰি থাকে, কিন্তু কেৱল তাৰ জন্মৰ পাছতহে তাক দেখিবলৈ পায়, তেনেদৰেই এজন চিত্ৰশিল্পীয়ে এটা বিচাৰৰ গৰ্ভধাৰণ কৰে, কিন্তু সেইটোৰ বিষয়ে একো নজনাকৈয়ে থাকে। যেতিয়া চিত্ৰই পূৰ্ণতা পায়, তেতিয়াহে তাক দেখা পাওঁ। সেয়ে ইয়াক পূৰ্বনিৰ্ধাৰিত ভাব বা বিচাৰ বুলি ক’ব নোৱাৰি।

? আপুনি চিত্ৰশিল্পীৰ উপৰিও এজন কুশল স্থাপত্যশিল্পী আৰু মৃৎশিল্পীও হয় এই গোটেইবোৰ ক্ষেত্ৰতেই আপুনি সমন্বয় আৰু সামঞ্জস্য কেনেকৈ বজা চলে? এইবোৰ ভিতৰত কোনটো ক্ষেত্ৰত আপুনি অধিক সহজ অনুভৱ কৰে?

@ মোৰ বাবে মাধ্যম বিশেষ গুৰুত্বপূৰ্ণ নহয়। সকলো শিল্পই; য’ত মই কাম কৰোঁ, মোক একেধৰণেই লাগে। কেৱল আপোনালোকেহে ইয়াক পৃথক কৰি চায়। যেনেকৈ তেল চিত্ৰণ নকৰি কেতিয়াবা এক্ৰিলিকৰ প্ৰয়োগ কৰা যায়। একেদৰে মূৰ্তিৰ সলনি স্থাপত্যৰ ওপৰত কাম কৰিলেও মোৰ বাবে বিশেষ পাৰ্থক্য যেন নালাগে। এনেকুৱা বহু শিল্পী আছে যি এই সকলো প্ৰকাৰৰ মাধ্যমতেই সমান কুশলতাৰে কাম কৰি আহিছে। মাইকেল এঞ্জেল’ৰ নাম এইক্ষেত্ৰত অগ্ৰগণ্য। সকলো শিল্পৰে শিপা কোনোবা এটা ঠাইতে আছে। লাগে সেয়া চিত্ৰকলাই হওক বা মূৰ্তিকলা - কেৱল মাধ্যমহে ভিন্ন হয়।

? আপুনি আপোনাৰ কোনবোৰ কলাকৃতিক সবাতোকৈ স্মৰণীয় বুলি বিচাৰে?

@ স্থাপত্যশিল্পৰ ক্ষেত্ৰত বেলজিয়ামৰ দূতাবাসৰ কথা ক’ব পাৰি। এয়া বৰ্তমান খুবেই প্ৰভাৱশালী হৈ পৰিছে। চিত্ৰ আৰু মূৰ্তিৰ ক্ষেত্ৰত কোনো এনেকুৱা বিশেষ সৃষ্টি নাই কৰা যাৰ নাম ল’ব পাৰোঁ।

? আপোনাৰ ভাল লগা সৃষ্টিবোৰক সেইবোৰৰ কি বিশেষত্বৰ বাবে আপুনি ন্দ কৰে?

@ মোৰ বোধেৰে মই যি অনুভৱ কৰো শিল্পত সেয়া অভিব্যক্ত কৰিব পাৰিব লাগিব। তেতিয়াহে তাক সফল কোৱা উচিত। যেনে ধৰক স্থাপত্যৰ ক্ষেত্ৰত, সেয়া এনেকুৱা হ’ব লাগিব যেন মাটিৰপৰা ওলাই আহিছে, যি ঠাইত সেয়া নিৰ্মাণ কৰা হয় সেই ঠাইৰ বিশেষত্ব তাত পৰিস্ফুট হ’ব লাগিব ইত্যাদি। মই সচৰাচৰ মৃতকলা আৰু চিত্ৰকলাৰ প্ৰতি বেছি আকৃষ্ট অনুভৱ কৰোঁ। স্থাপত্যকলা মাথোঁ এক পৰিৱৰ্তৰ বাবেহে কৰিছিলোঁ। সেয়া কোনো ব্যৱসায় হিচাপে লোৱা নাছিলোঁ। এয়া নিজক ব্যক্ত কৰা কেৱল আন এক মাধ্যম আছিল। মোৰ মুখ্য ক্ষেত্ৰ মূৰ্তি-নিৰ্মাণ আৰু চিত্ৰকলা হয়। এয়া মোৰ দৈনন্দিন চৰ্চাৰ এক প্ৰধান অংশ বুলিও ক’ব পাৰে।

(উৎস : সমকালীন কলা, সংখ্যা ৩৮-৩৯, ললিত কলা অকাডেমিৰদ্বাৰা প্ৰকাশিত, ২০০৯)

Share Button
Print Friendly, PDF & Email

No Comments : "বিখ্যাত চিত্ৰকৰ সতীশ গুজৰালৰ সৈতে বাৰ্তালাপ"

Leave a Comment

Your email address will not be published. Required fields are marked *