হালধীয়া হেঁপাহৰ অংকুৰ

প্রদ্যুম্ন কুমাৰ গগৈ

“হালধীয়া হৈ পৰিছে পৰ্দা, জপাই থ ঘুণেধৰা দৰ্জা” - 'সন্ধি-লগ্ন' নামৰ উক্ত দুশৰীয়া কবিতাটিৰ বিষয়ে কবিক সোধোতে হালধীয়া সাংবাদিকতাক লৈ লিখা বুলি জনাইছিল। কবিৰ কথা বাদ দিয়ক, কিন্তু কবিতাটো ভালদৰে অনুভৱ কৰিলে এডৰা সৰিয়হৰ ছবিহে চকুলৈ আহিব। সন্ধ্যা পৰ্দাখন যেন সৰিয়হডৰাৰ দৰে দেখা গৈছে, বা তেনেধৰণৰ ...। কাৰণ কবিতাটো যিখন সংকলনত আছে, নামেই হৈছে চৌদিশে এতিয়া সৰিয়হ হেঁপাহ। কিন্তু যদি কবিয়ে 'হালধীয়া সৰিয়হ এডৰা'ৰ সলনি 'হালধীয়া সাংবাদিকতা'তেই খামুচি থাকে, আমিও ক’ম যে সংকলনখনৰ শিৰোনামৰ লগত ভিতৰখনৰ একেবাৰে মিল নাই। শিৰোনামটোৱে সৰিয়হ-হালধীয়া স্বপ্নত বিভোৰ এজন তৰুণৰ পৰিচয় দিয়ে, অথচ কবিতাসমূহৰ প্ৰায়ভাগতে - কিমাননো নিমখীয়া অৱশ আকাশৰ ঘাম দুখী ডাৱৰৰ চকুলো ... (বৰষুণৰ পদ্য), অথবা ক'ব পাৰো নেকি যে সংকলনখনে সমগ্ৰ কবিজনকেই প্ৰতিফলিত কৰিছে, বাহিৰভাগত স্বপ্নবিভোৰ, আনহাতে ভিতৰভাগত - কোনে জানে বিষাদে বিদীৰ্ণ কৰা বুকুতেই যে লুকাই থাকে প্ৰতিটো বিপন্ন বৰ্ষৰ বসন্ত (আতচী কাঁচ)।

23_Pradumnayaউজনি অসমৰ মৰাণৰপৰা ওলাই আহি বৰ্তমান কটন কলেজৰ ছাত্ৰ অংকুৰ ৰঞ্জন ফুকন শেহতীয়া প্ৰজন্মৰ এক পৰিচিত কবি। পাঞ্চজন্যই প্ৰকাশ কৰা তেওঁৰ প্ৰথম কাব্য সংকলন চৌদিশে এতিয়া সৰিয়হ হেঁপাহত পৃথিৱীখন তেওঁ 'চহা চাকি'ৰে চাব বিচাৰিছে। তেওঁৰ কবিতাৰ আত্মাটো গাঁৱত আছে। সম্ভৱতঃ আধুনিক কবিতা প্ৰথমাৱস্থাত পঢ়ি ভাল নোপোৱা অংকুৰৰ হীৰুদাৰ স'তে আত্মিক সম্পৰ্ক প্ৰবল - 'ছিগো ছিগো চিলাই'ৰ কামিজটো এতিয়া মোৰ বাবে পৃথিৱীৰ প্ৰিয়তম পোছাক’ (কামিজ)। সংকলনখনৰ গ্ৰাম্য জীৱনকেন্দ্রিক কবিতাকেইটাই আমাৰ ভিতৰতো 'চহা চাকি' পুনৰ জ্বলাই তুলিছে। বিশেষকৈ ‘কেঁচু’, ‘নখ’ ইত্যাদি কবিতাসমূহ সাৰ্থক হৈছে। উজনি অসমৰ কথিত শব্দ, যেনে - লাওপানী, দৌতিৰ প্ৰয়োগে 'চহা চাকি'ৰ শলিতাৰ আয়ুস বঢ়াইছে। কিন্তু 'দৌতি' কবিতাটো একঘেয়ামী হৈছে। কিছু কাব্যিক চেষ্টা কৰা হ'লে ৰসোত্তীৰ্ণ হ'লহেঁতেন। কবিতাটোৰ বিষয়বস্তু সুন্দৰ, কিন্তু ৰুটিনগত যেন লাগিল। তদুপৰি তথ্যগত ভ্ৰান্তিয়েও আকৰ্ষণ হ্ৰাস কৰিছে - ‘নাজানো কিমানটা বসন্তৰ আঁচোৰে শোতোৰা শোতোৰ কৰে তেওঁৰ ছাল’। আনহাতে একেজন 'দৌতি'ৰেই - পিঠিৰ কুঁজটোৰ ভৰে গধুৰ কৰে চাৰে চাৰি কুৰিবছৰীয়া খোজবোৰ’। আনহাতে, ‘সন্ধি-লগ্ন’, ‘নখ’, ‘পলিথিন’, ‘ভেকুলী’, ‘হাবি পুৰি হোৱা নগৰখন’, ‘মৃত্যুৰ এটি স্তৱক’, ‘অবৈধ’ ইত্যাদি সংকলনখনৰ লেণ্ডমাৰ্ক। বিশেষকৈ 'মৃত্যুৰ এটা স্তৱক'ত নীলমণীয় প্ৰতীক আৰু চিত্ৰকল্পৰ ব্যৱহাৰে জীয়া পেইণ্টিং কৰি তুলিছে - ‘তোমাৰ বুকুৰ দীঘল কৰিড’ৰটোত লেম্প এটা জ্বলি আছে, ধোঁৱাই সোপা মাৰি ধৰা ছিমনিটোত এটি দুপৰীয়া খান্দিছো অকলশৰে ...’৷‘কয়েদী’, ‘শৰণাৰ্থী’, ‘বেশ্যা’, ‘চহৰখনৰ নাম নাগাছাকি’, ‘ডাইনী’, ইত্যাদিসমূহত ফুটি উঠিছে ৰূঢ় বাস্তৱৰ কাব্যিক ছবি।

'সৰিয়হ হেঁপাহ'ৰ মাজতো কবি চাৰিওফালৰ সমাজখনৰপৰা বিচ্ছিন্ন নহয়। সেয়ে 'অনশনৰ আলাপ' শীৰ্ষক কবিতাটোৰ যোগেৰে সমাজৰ বৰমূৰীয়াসকলক কটাক্ষ কৰিছে -

সৰিয়হ খাই শকত হোৱা তোৰ তলপেট
তিলতিলকৈ লম্ভে ভূত
নীলা জুইৰ উত্তাপত শুকায়
আত্মাৰ অন্তিম কান্দোন

'শৰণাৰ্থী' এটা মৰ্মান্তিক কাব্যসৃষ্টি। বক্তব্যবহুলতাৰ বিপৰীতে নিঃস্বজনৰ সঁচা ছবি এখন তেওঁ চাৰি শাৰীৰে বান্ধি ৰাখি যেন কাৰোবাক ফুচফুচাইহে কৈছে -

হাত দীঘলৰ ভৰিৰ আঙুলিত
মূৰ গুঁজি
কঁপি কঁপি
কথমপি ...

এগৰাকী নবীন কবিৰ ক্ষেত্ৰত অগ্ৰজসকলৰ প্ৰভাৱ-অনুসৰণ-অনুকৰণ ইত্যাদিবিলাক কোনো অস্বাভাৱিক নহয়। অংকুৰৰ যিহেতু অংকুৰণ ঘটিছেহে, সেয়ে নিজাকৈ এটা কাব্য ভাষা আয়ত্ত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰখা অতি প্ৰয়োজন, তেওঁৰ ভাষাতে - ''কবিতাৰ অনাখৰী আখৰবোৰ মই এতিয়াও আয়ত্ত কৰিব পৰা নাই। সেইবাবে উপলব্ধি কৰিব পৰা নাই শব্দৰ শক্তি, বাক্যৰ তন্ময়তা, কবিতাৰ কল্লোলিত সৌষ্ঠৱ।” তথাপি তেওঁৰ চিত্ৰকল্প আৰু ভাববিলাসিতাত জোৰ আছে - 'বাঁহপাতৰ খচমচনিত ওৰে ৰাতি সাৰে থকা জেওৰাখন' তেওঁ দেখিছে। সেয়ে ‘পলিথিন’, ‘নখ’ৰ দৰে কাব্যসৃষ্টি কৰা কবিগৰাকীয়ে 'বতৰ ডাৱৰীয়া হোৱাৰ অজুহাতত খিৰিকীখন জপাই নিদিবা'ৰ দৰে কবিতা নিলিখিলেও হয়। তদুপৰি কবিতাৰ বহল ক্ষেত্ৰখন ভালদৰে অধ্যয়ন কৰি প্ৰতিটো কবিতা একঘেয়ামিৰ সলনি একক কৰি তোলক আৰু 'হালধীয়া হেঁপাহ'ৰ অংকুৰ এজোপা বৃক্ষ হ'বলৈ নিজেই সাৰ-পানী গোটাওক, তেতিয়া 'হাবি পুৰি নগৰ হোৱা নগৰখন আকৌ হাবিতলীয়া হ'ব'

Share Button
Print Friendly, PDF & Email

No Comments : "হালধীয়া হেঁপাহৰ অংকুৰ"

Leave a Comment

Your email address will not be published. Required fields are marked *