গ্রন্থ পৰিচয়

এইবাৰৰ বুক-ছেল্ফত

অবিৰতা নৃত্যাংগনা

1_SAMAJ_SANSKRITI১. সমাজ সংস্কৃতি ইতিহাস

লিখক : প্রসেনজিৎ চৌধুৰী

প্রকাশক : অসম প্রকাশন পৰিষদ

প্রথম প্রকাশ : ২০০৭

পৃষ্ঠা-সংখ্যা : ১৯৭

মূল্য : ১০০.০০ টকা

অসমৰ যিকেইগৰাকী চিন্তাবিদে অতি নিৰ্মোহ আৰু একান্ত বস্তুনিষ্ঠতাৰে অসমৰ ইতিহাস আৰু সমাজ-জীৱনৰ প্রপঞ্চসমূহৰ বিস্তাৰিত বিচাৰ-বিশ্লেষণ আগব‌ঢ়াই আহিছে, তাৰ ভিতৰত প্রসেনজিৎ চৌধুৰী অন্যতম। তেখেতৰদ্বাৰা ৰচিত গ্রন্থ প‌ঢ়াৰ অৰ্থই হৈছে এক অনন্য অভিজ্ঞতা, মনৰ দিগন্ত উন্মুক্ত কৰাৰ এক যৌক্তিক অভিযান। এই পুথিখনো তাৰ ব্যতিক্রম নহয়।

গ্রন্থখনিত অসমৰ সমাজ, সংস্কৃতি আৰু ইতিহাসৰ সৈতে সম্পৰ্কিত বহুকেইটা স্বল্পালোচিত দিশ আলোকিত হৈ উঠিছে। সমগ্র গ্রন্থখনি ভাগ কৰা হৈছে মুখ্যত:তিনিটা ভাগত : ১. সমাজ, ২. সংস্কৃতি আৰু ৩. ইতিহাস। তাৰ উপৰিও, “ওপৰঞ্চি” শিৰোনামেৰে চাৰিটা ভিন্ন প্রসংগৰ আলোচনা কৰা হৈছে।

১৯২৫ চনত নিৰ্ভেজাল জাতীয়তাবাদী চিন্তাৰে পৰিপূৰ্ণ আসামত বিদেশী নামৰ এখন পুথিৰ প্রকাশ হৈছিল। লিখক আছিল জ্ঞাননাথ বৰা। এই পুথিখনক কেন্দ্র কৰিয়েই ৰচিত হৈছে আমাৰ আলোচ্য পুথিখনৰ প্রথমটি প্রবন্ধ। প্রবন্ধটিত সেই সময়ৰ সমাজ-জীৱন আৰু ভাবধাৰাৰ বহুতো আনুষংগিক প্রসংগ ফঁহিয়াই চোৱা হৈছে। অন্য এটি প্রবন্ধত স্বাধীন অসমীয়া নামৰ এখনি দুষ্প্রাপ্য পুথিক কেন্দ্র কৰি প‌ঢ়িবলৈ পাব এক মনোগ্রাহী আলোচনা। অন্য এটা সুলিখিত প্রবন্ধত বড়ো সমাজত ব্রাহ্ম ধৰ্মৰ ঐতিহাসিক বিস্তাৰ আৰু প্রভাৱৰ বিষয়টো ফঁহিয়াই দেখুওৱা হৈছে। গ্রন্থখনিৰ সংস্কৃতিৰ ভাগটোৰ দুখন ৰচনাত ঐতিহ্যৰ প্রেক্ষাপটত অসমীয়া নাৰী আৰু বিহুৰ ঐতিহাসিক পৰিক্রমা,এই দুটি বিষয় বিস্তৃত তথ্যৰে আলোচনা কৰা হৈছে।

অসমৰ এখন পুৰণি আৰু বৃহৎ চহৰ ডিব্রুগড়। এই চহৰখনৰ সন্দৰ্ভত অতি দুৰ্লভ উৎসৰপৰা তথ্যৰ সংগ্রহ কৰি চিন্তাবিদগৰাকীয়ে এটা চমৎকাৰ প্রবন্ধ আমাক উপহাৰ দিছে। এই নিবন্ধটো পুথিখনৰ ইতিহাস শীৰ্ষক ভাগত সন্নিবিষ্ট কৰা হৈছে। এই ভাগত থকা অন্য দুটা প্রবন্ধও (এটা বীৰ-বন্দনাৰ বিষয়ে, অন্যটি প্রাক-জোনাকী যুগৰ কাকত-আলোচনীক সংক্রান্তত) গভীৰ অধ্যয়ন আৰু তীক্ষ্ণধী বিশ্লেষণ শক্তিৰ অনুপম প্রকাশ। পুথিখনিৰ ওপৰঞ্চি উপভাগটিতো চাৰিটা ভিন্ন বিষয়ত আলোকপাত কৰা হৈছে।

২০০৭ চনতেই প্রকাশ হোৱা এই গ্রন্থখনিৰ বহুল প্রচাৰ আৰু পঠন কামনা কৰিলোঁ।

2_AXOMOT_BANGLADESHI২. অসমত বাংলাদেশী

লিখক : অনিল ৰায়চৌধুৰী

প্রকাশক : জাগৰণ সাহিত্য প্রকাশন

প্রথম প্রকাশ : ২০০৯

পৃষ্ঠা-সংখ্যা : ৬৮

মূল্য : ৭০.০০ টকা

বহুকেইটা দশকজুৰি “বাংলাদেশী অনুপ্রৱেশকাৰী” – এই কথাটোৱে অসমৰ সামাজিক-ৰাজনৈতিক পৰিমণ্ডলত তোলপাৰ লগাই আহিছে। বিদেশী, ঘাইকৈ বাংলাদেশী নাগৰিকৰ অনুপ্রৱেশৰ কথাটোক কেন্দ্র কৰি অসমৰ সমাজ-জীৱনত কিছুমান সুদূৰপ্রসাৰী প্রভাৱ পৰাও পৰিলক্ষিত হৈছে। অথচ, এই অতি প্রয়োজনীয় বিষয়টোত নিৰ্মোহভাৱে কৰা বিচাৰ-বিশ্লেষণ একেবাৰেই কম। বিষয়টো সন্দৰ্ভত কৰা বেছিভাগ আলোচনা অন্ধ জাতীয়তাবাদী আৱেগৰদ্বাৰা বৰ বেয়াকৈ আক্রান্ত। কিছুমান ল’ৰামতীয়া ৰচনাত আকৌ সমস্যাটোক ধৰ্মীয় সম্প্রদায়বাদী দৃষ্টিৰে ব্যাখ্যা কৰিবলৈ প্রয়াস কৰাও পৰিলক্ষিত হয়। সেইবাবেই সাধাৰণতে “অসমত বাংলাদেশী” – এই প্রসংগৰ সৰহভাগ ৰচনাৰ সিদ্ধান্ত হয় খণ্ডিত, নহয় একেবাৰেই ভ্রান্ত হৈ পৰে।

প্রবীণ চিন্তাবিদ অনিল ৰায়চৌধুৰীৰ অসমত বাংলাদেশী – এই সৰু পুথিখনত বিষয়টোক তথ্যৰ ভিত্তিত বিশ্লেষণ কৰা হৈছে একান্ত বস্তুনিষ্ঠতাৰে। সমস্যাটোৰ গভীৰলৈ সোমাই পুথিখনিত বহুতো দিশত আলোকপাত কৰা হৈছে। বিভিন্ন কাৰণত বহু যুগ আগৰেপৰা সংঘটিত হোৱা জন-প্রব্ৰজনে কেনেকৈ এটা সাম্প্রদায়িক ৰূপ ধাৰণ কৰিলে আৰু কেনেকৈ ই ভোটবেংকৰ ৰাজনীতিৰ সৈতে সম্পৰ্কিত হৈ পৰিল, তাৰ অতি যৌক্তিক আলোচনা এই পুথিখনত আছে।

3_BIMAN_BAS3_U৩. Astrology: Sense or Nonsense

লিখক : বিমান বসু

প্রকাশক : নেশ্যনেল বুক ট্রাষ্ট

প্রথম প্রকাশ :২০০৮ (প্রথম পুনৰ্মুদ্রণ, ২০০৯)

পৃষ্ঠা-সংখ্যা :৮৭

মূল্য :৫০.০০ টকা

জ্যোতিষ এবিধ বহুলভাৱে প্রচলিত অন্ধবিশ্বাস। আনুষ্ঠানিক শিক্ষা-দীক্ষাৰ মাপকাঠিত বহুতো উচ্চশিক্ষিত মানুহেও জ্যোতিষ মানি চলে। ই এবিধ নিৰ্ভেজাল অন্ধবিশ্বাসতো হয়েই, তাৰ উপৰিও জ্যোতিষৰ মূল যিটো কথা, অৰ্থাৎ পূৰ্বনিৰ্ধাৰিত ভাগ্যৰ ভ্রান্ত ধাৰণাটোৱে মানুহক সংগ্রামবিমুখ কৰি পেলায়। সুখৰ কথা, জ্যোতিষৰ ব্যাপক প্রচাৰ আৰু প্রসাৰৰ মাজতো, জ্যোতিষবিৰোধী বিজ্ঞানসন্মত লিখা-মেলা তেনেই দুৰ্লভ নহয়। তাৰ এটা উদাহৰণ সুলিখক বিমান বসুৰ এই পুথিখনি।

পুথিখনি সৰু সৰু আঠোটা ভাগত বিভক্ত কৰি ৰচনা কৰা হৈছে। বিশ্বব্রহ্মাণ্ডৰ প্রকৃতি, সৌৰকেন্দ্রিক সৌৰজগতৰ ধাৰণাৰ উদ্ভৱ ইত্যাদি সন্দৰ্ভত অতি সহজ-সৰলকৈ আলোচনা কৰাৰ পাছত জ্যোতিষৰ আৰম্ভণি, বিস্তাৰ আদিৰ কথা বৰ মনোগ্রাহীকৈ বৰ্ণনা কৰা হৈছে পুথিখনত। লগে লগে জ্যোতিষৰ অন্ত:সাৰশূন্যতা উদঙাই দেখুওৱা হৈছে অত্যন্ত সজীৱ ভাষা আৰু ৰচনাশৈলীৰ সহায়েৰে। লগতে সন্নিৱিষ্ট কৰা ছবি আৰু আলোকচিত্রসমূহে পুথিখনৰ অধ্যায়সমূহ অধিক আকৰ্ষণীয় কৰি তুলিছে।

4_L_ROY৪. ভ্রান্তি বিলাসৰ পৰা কেতিয়া মুক্ত হ

লিখক :লক্ষেশ্বৰ ৰায়

প্রকাশক :স্পন্দন প্রকাশ।

প্রথম প্রকাশ :২০১৪

পৃষ্ঠা-সংখ্যা :২২৩

মূল্য :১৫০ টকা (পেপাৰবেক)।

লক্ষেশ্বৰ ৰায়ৰ পুথিখন অসমৰ যুক্তিবাদী ৰচনা-সম্ভাৰত এক উল্লেখযোগ্য সংযোজন। মুঠ ২৬টি চুটি চুটি প্রবন্ধৰে সংকলনখনি সমৃদ্ধ। একেবাৰেই সহজ-সৰল ভাষা,ঋজু প্রকাশভংগী। অন্ধবিশ্বাস-কুসংস্কাৰৰ স্বৰূপ উন্মোচনেই প্রবন্ধসমূহৰ মূল উপজীব্য। গল্প কোৱাৰ আংগিকত সৰহভাগ প্রবন্ধ ৰচনা কৰা হৈছে। সেইবুলি প্রবন্ধসমূহে যে গভীৰ চিন্তাৰ সাক্ষৰ বহন কৰা নাই,তেনে নহয়। পুথিখনিৰ “উৎসৰ্গা” আৰু “পাতনি”-ত প্রতিফলিত হৈছে লিখকৰ তীক্ষ্ম সামাজিক চেতনাবোধ।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *