আমলখি - (মূল: এণ্টন ছেখভ; অনুবাদ: ড° বসন্ত কুমাৰ বৰা)

[অনুবাদকৰ টোকা : নিউয়ৰ্কৰ ড’ভাৰ পাব্লিকেশ্যনে ১৯৯০ চনত প্ৰকাশ কৰা ‘ফাইৱ গ্ৰেইট চৰ্ট ষ্ট’ৰিজ’ নামৰ এণ্টন ছেখভৰ ইংৰাজী গল্প-সংগ্ৰহটোৰপৰা অনূদিত। ‘আমলখি’ গল্পটো এণ্টন ছেখভে জীৱনৰ শেষৰ ফালে, ১৮৯৮ চনমানত, লিখিছিল । তেওঁ গল্পটোত তথাকথিত উচ্চকাংক্ষাৰ অৰ্থহীনতা দেখুৱাইছে আৰু একে সময়তে সামাজিক অন্যায়ৰ বিৰুদ্ধেও মাত মাতিছে । তেওঁ কৌশলপূৰ্ণভাৱে যেন তেওঁৰ উত্তৰসূৰী টলষ্টয়ৰ সেই মনস্তাত্ত্বিক প্ৰশ্নটোৰ উত্তৰ দিবলৈ চেষ্টা কৰিছে - মানুহক আচলতে কিমানখিনি মাটিৰ প্ৰয়োজন? ছেখভৰ প্ৰায় সকলোবোৰ গল্পৰ দৰেই আমলখি গল্পটোতো সৰু সৰু, দেখাত অপ্ৰয়োজনীয় যেন লগা, কিছুমান বৰ্ণনা পোৱা যায়; কিন্তু সাহিত্য-সমালোচক মৰিছ বাৰিঙে কোৱাৰ দৰে ছেখভে পাঠকক চকুত আঙুলি দি তেঁও ক’ব খোজা কথাখিনি ক’ব নোখোজে, তেওঁ সকলো সৰু-ডাঙৰ কথা সমান গুৰুত্বৰে বৰ্ণনা কৰে । পাঠকৰ দায়িত্ব হ’ল তাৰপৰা প্ৰকৃত ক’বলগীয়া কথাখিনি বিচাৰি লোৱা।]

পুৱাৰপৰাই আকাশখন ডাৱৰীয়া; সময়বিলাক নিথৰ, চেঁচা, আৰু আমনি-লগা। গোমা নিস্তেজ দিনবিলাকৰ দৰে – যেতিয়া পথাৰখনৰ ওপৰে ওপৰে ডাৱৰবোৰ বৰষুণ দিওঁ দিওঁ কৰি উৰি ফুৰে, কিন্তু বৰষুণ কেতিয়াও নাহে । পশু-চিকিৎসক ইভান ইভানিছ আৰু শিক্ষক ব’ৰ্কিন খোজ কাঢ়ি কাঢ়ি ভাগৰি পৰিছে আৰু পথাৰখন সিহঁতৰ অসীম যেন অনুভৱ হৈছে । ৰিনিকি ৰিনিকি দূৰত সিহঁতে মিৰ’উস্কি গাঁওখনৰ বতাহ-কলবিলাক দেখা পাইছে, সোঁফালে দীঘলীয়া হৈ এশাৰী পাহাৰ গাঁওখনৰ পিছফালে নেদেখা হৈ পৰিছে; সিহঁতে অনুমান কৰিব পাৰিছে যে সেয়া হ’ল ঘাঁহনিখন, সেউজীয়া উইল’ গছবিলাক আৰু পামঘৰবিলাকেৰে ভৰা নদীখনৰ পাৰটো। সেই টিলাবোৰৰ ওপৰৰপৰা চালে পথাৰখন অসীম যেনেই লাগিব, টেলিগ্ৰাফৰ খুঁটাবিলাক আৰু ৰে’লখন এটা বগাই অহা পলুৰ দৰে দেখা যাব, বতৰ মুকলি থাকিলে তাৰপৰা নগৰখনো দেখা যাব । সেই শান্ত পৰিবেশটোত, যেতিয়া প্ৰকৃতি হৈ পৰিছে শীতল আৰু বিষাদগ্ৰস্ত, ইভান ইভানিছ আৰু ব’ৰ্কিনৰ অন্তৰ যেন পথাৰখনৰ প্ৰতি মৰমেৰে উপচি পৰিছে; সিহঁতে অনুভৱ কৰিছে, গাঁওখন কিমান মহান আৰু ধুনীয়া ।
“যোৱাবাৰ যেতিয়া আমি প্ৰ’ক’ফিৰ পঁজাত ৰৈছিলো,” ব’ৰ্কিনে ক’লে, “তুমি মোক এটা কাহিনী ক’ম বুলিছিলা।”
“হয়, মই তোমাক মোৰ ভাইটিৰ কথা ক’ব খুজিছিলো ।”
ইভান ইভানিছে দীঘলকৈ এটা উশাহ টানি ল’লে আৰু কাহিনীটো কোৱাৰ আগে আগে তাৰ পাইপডাল জ্বলাই ল’লে । কিন্তু তেতিয়াই বৰষুণ পৰিবলৈ আৰম্ভ কৰিলে । আৰু পাঁচ মিনিটমানৰ ভিতৰতে, ৰোৱাৰ অকণো নাম নোলোৱাকৈ, ধাৰাসাৰে বৰষুণ পৰিবলৈ ধৰিলে । ইভান ইভানিছ ৰ’ল আৰু কি কৰোঁ কি নকৰোঁ কৰিবলৈ ধৰিলে; কুকুৰকেইটাও তিতি-বুৰি পিছ-ঠেং দুখনৰ মাজত নেজডাল সুমুৱাই সিহঁতলৈ দুখ মনেৰে চাবলৈ ধৰিলে ।
“আমি আশ্ৰয় বিচাৰিব লাগিল”, ব’ৰ্কিনে ক’লে, “আমি আলিয়’খিনহঁতৰ ঘৰলৈকে যাওঁ, ব’লা । ইয়াৰপৰা বেছি দূৰ নহ’ব ।”
“ঠিক আছে, ব’লা ।”
নৰানি এডৰাৰ ওপৰেদি ৰাস্তা চুটি কৰি সিহঁত সোঁফালে ঘূৰিল আৰু শেষত ৰাস্তাত উঠিলগৈ । তাৰ পিছত সিহঁত পপ্‌লাৰ গছৰ মাজে মাজে যাবলৈ ধৰিলে, তাৰ পিছত পালেগৈ এখন বাগিচা আৰু ভঁৰালবিলাকৰ ৰঙা চালবিলাক; নদীখন চকুত পৰিল আৰু সিহঁত এটা ডাঙৰ ৰাস্তা পালেগৈ । তাৰ পিছত পালে এটা কাৰখানা আৰু এখন বগা ৰঙৰ গা-ধোৱা চালি। এইখিনি ঠাইৰ নাম চ’ফিন’; তাতেই আলিয়’খিনহঁত বাস কৰে।
বৰষুণৰ শব্দ তল পেলাই কাৰখানাটো চলি আছিল আৰু মথাউৰিটো কঁপি আছিল । গাড়ীবিলাকৰ ওচৰে ওচৰে মূৰ তল কৰি ৰৈ আছিল বৰষুণত তিতা ঘোঁৰাবিলাক, মানুহবিলাকে বস্তাৰে মূৰ ঢাকি ঢাকি ইফালে-সিফালে ঘূৰি ফুৰিছিল । পৰিবেশটো আছিল সেমেকা, লেতেৰা আৰু অশান্তিদায়ক; নদীখনো চেঁচা আৰু নিস্তেজ যেন দেখা গৈছিল। ইভান ইভানিছ আৰু ব’ৰ্কিন একেবাৰে তিতি গৈছিল আৰু গোটেই গা-টো কেনেবা কেনেবা লাগিছিল; বোকাত খোজ কাঢ়ি কাঢ়ি সিহঁতৰ ভৰিবিলাক বিষাইছিল । ইটোৱে সিটোৰ লগত এটাও কথা নপতাকৈ নিঃশব্দে দুয়ো মথাউৰিটো পাৰ হৈ মৰণা-ঘৰটো পালেগৈ – যেন ইটোৰ সিটোৰ ওপৰত খংহে উঠি আছে !
এটা মৰণা-ঘৰত বা-দিয়া যন্ত্ৰটো চলি চলি সোপা-সোপে ধূলি উৰাই আছিল । দুৱাৰমুখত আলিয়’খিন নিজেই থিয় হৈ আছিল। তেওঁ এজন প্ৰায় চল্লিছ-বছৰীয়া লোক, ওখ আৰু হটঙা, দীঘল চুলি – তেওঁক দেখিলে এজন খেতিয়কতকৈ এজন অধ্যাপক অথবা চিত্ৰকৰ যেনহে লাগে । তেওঁৰ গাত আছিল এটা মলিয়ন-বগা চোলা আৰু এডাল ৰছীৰ পেটী । কঁকালত আছিল পেণ্টৰ সলনি এটা পায়জামা আৰু তেওঁৰ ভৰিৰ জোতাযোৰ বোকা আৰু খেৰেৰে পোত খাই আছিল । তেওঁৰ নাক আৰু চকুদুটা ধূলিৰে ক’লা হৈ পৰিছিল । তেওঁ ইভান ইভানিছক চিনি পালে আৰু পাই খুব আনন্দিত হ’ল ।
“হে’ৰা আলহীসকল; যোৱা, যোৱা; ঘৰলৈ সোমাই যোৱাচোন”, তেওঁ ক’লে, “মই এক মিনিটত গৈ আছোঁ ।”
ঘৰটো আছিল ডাঙৰ, দুমহলীয়া । আলিয়’খিনহঁত তলৰ মহলাৰ খেতিয়কৰ সুবিধাকৈ সজা সৰু সৰু খিৰিকিৰে দুটা কাষৰীয়া কোঠাত বাস কৰিছিল । পাম-ঘৰটো আছিল সাধাৰণ; তাৰপৰা ৰাই-ৰুটি, ভদকা আৰু চামৰাৰ গোন্ধ ওলাই আছিল । আলহীৰ কোঠাকেইটা মাত্ৰ কেতিয়াবা কেতিয়াবা আলহী আহিলেহে ব্যৱহাৰ হৈছিল । ইভান ইভানিছ আৰু ব’ৰ্কিনক এগৰাকী পৰিচাৰিকাই আদৰণি জনালে; তাই ইমান ধুনীয়া এজনী গাভৰু আছিল যে সিহঁত দুয়োজনেই নোচোৱাকৈ নোৱাৰিলে ।
“অহ, তোমালোকক দেখি মই কিমান যে ভাল পাইছোঁ, তোমালোকে সেয়া কল্পনাও কৰিব নোৱাৰিবা”, সিহঁতৰ পিছে পিছে হলঘৰটোলৈ সোমাই আহি আলিয়’খিনে কৈ উঠিল, “মই তোমালোকক কেতিয়াও আশাই কৰা নাছিলো । “পেলাগুয়া”, পৰিচাৰিকাগৰাকীলৈ চাই সি ক’লে, “এওঁলোকক কাপোৰ সলাই ল’বলৈ দিয়াচোন । ময়ো কাপোৰ সলাম, পিছে তাৰ আগতে গা ধুব লাগিব । বসন্ত সোমোৱাৰপৰা মই গা ধোৱাই নাই । গা-ধোৱা চালিখনলৈকে আহিবা নেকি তোমালোক? তেতিয়ালৈকে আমাৰ বস্তুবিলাকো সাজু হৈ যাব ।”
মৰমলগা আৰু ধুনীয়া পেলাগুয়াই চাবোন আৰু গামোচা আনি দিলেহি, আৰু আলিয়’খিনে আলহীসকলক গা-ধোৱা ঘৰলৈ লৈ গ’ল ।
“তাকেই,” আলিয়’খিনে ক’লে, “বহু দিন হ’ল, গা ধোৱা নাই । পিছে, মোৰ গা-ধোৱা চালিখন ঠিকেই আছে, দেখিছানে? দেউতা আৰু মই মিলি এইখন সাজিছিলো, পিছে মই গা ধুবলৈ দেখোন সময়েই নাপাওঁ ।”
তেওঁ চিৰিত বহি দীঘল চুলিখিনি আৰু গা-ত চাবোন ঘঁহিলে, আৰু তেওঁৰ চাৰিওফালে পানীখিনি মলিয়ন হৈ পৰিল ।
“গম পাইছো মই ।” ইভান ইভানিছে তালৈ চাই কওঁ-নকওঁকৈ ক’লে ।
“বহু দিন হ’ল, গা-ধোৱা নাইতো,” আলিয়’খিনে আকৌ গা-ত চাবোন লগাই লগাই লাজ-লাজকৈ ক’লে । আৰু তেওঁৰ গা-ধোৱা পানীখিনি এইবাৰ চিঞাহীৰ দৰে নীলা হৈ পৰিল ।
ইভান ইভানিছ চালিখনৰ তলৰপৰা ওলাই আহিল, জাঁপ মাৰি পানীত জঁপিয়াই পৰিল আৰু বৰষুণৰ মাজে মাজে হাতেৰে ঢৌ ঠেলি ঠেলি সাঁতুৰি থাকিল। পানীৰ হেন্দোলনিত বগা বগা ভেঁটফুলবিলাকে জোকাৰ খাই উঠিল । তেওঁ পুখুৰীটোৰ মাজলৈকে সাঁতুৰি গ’ল আৰু বুৰ মাৰিলে, পিছ মুহূৰ্ততে আন এঠাইত গৈ ওপৰলৈ ওলাই আহিল; এনেকৈ কেইবাবাৰো তেওঁ সাঁতুৰি-বুৰ মাৰি পুখুৰীটোৰ তলিখনলৈ যাবলৈ চেষ্টা কৰি থাকিল ।
“ৱাহ ! বঢ়িয়া !!” স্ফূৰ্তিত সি চিঞৰি উঠিল, “কি মজা !” – সি কাৰখানাটোলৈকে সাঁতুৰি গ’ল, খেতিয়ককেইজনৰ লগত কথা পাতিলে আৰু উভতি আহিল । পুখুৰীটোৰ মাজত ওপৰলৈ মূৰ কৰি থাকি মুখত বৰষুণ পৰিবলৈ দিলে । ব’ৰ্কিন আৰু আলিয়’খিন ইতিমধ্যে কাপোৰ-কানি পিন্ধি যাবলৈ সাজু হৈছিল, কিন্তু ইভান ইভানিছ সাঁতুৰি-নাদুৰিয়েই থাকিল ।
“সুন্দৰ !”, তেওঁ কৈ উঠিল, “অতি সুন্দৰ !”
“বহুত সাঁতুৰিলা, দিয়া”, ব’ৰ্কিনে চিঞৰি উঠিল ।
সিহঁত ঘৰৰ ভিতৰলৈ সোমাল । ওপৰৰ মহলাৰ চ’ৰাঘৰত লেম্প জ্বলোৱা হ’ল; ব’ৰ্কিন আৰু ইভান ইভানিছে পাটৰ গৰম-কুৰ্তা আৰু গৰম চেণ্ডেল পিন্ধি চকীত আৰামকৈ বহিল; আলিয়’খিন নিজেই সাজি-কাচি, নতুন দীঘল কোট এটা পিন্ধি উম লগাই আনন্দ মনেৰে ইফাল-সিফাল কৰিবলৈ ধৰিলে; পেলাগুয়াই নিঃশব্দে ধুনীয়াকৈ হাঁহি এটাৰে ট্ৰে’ এখনত চাহ আৰু জাম লৈ আহিল – তেতিয়াহে ইভান ইভানিছে তেওঁৰ কাহিনী আৰম্ভ কৰিলে । এনেকুৱা লাগিল যেন তেওঁৰ কথাবিলাক কেৱল আলিয়’খিন আৰু ব’ৰ্কিনেই শুনি থকা নাই, দেৱালত লগাই থোৱা সোণালী ফ্ৰেমেৰে বন্ধোৱা ফটোবিলাকৰপৰা ডেকা, বয়সিয়াল মহিলা আৰু বিষয়াসকলে মনোযোগেৰে কাণ-পাতি শুনি আছে ।
“আমি দুজন ককাই-ভাই”, ইভান ইভানিছে আৰম্ভ কৰিলে, “মই ইভান ইভানিছ আৰু মোতকৈ দুবছৰ সৰু নিক’লাই ইভানিছ। মই পঢ়া-শুনা কৰি হ’লোগৈ এজন পশু-চিকিৎসক; আৰু ঊনৈশ বছৰমান বয়সত নিক’লাই সোমাল এখন ৰাজহ-আদালতত । আমাৰ দেউতা, ৎচিমচা-হিমালয়স্কি আছিল এজন মিলিটেৰি বিদ্যালয়ত পঢ়ি অহা মানুহ; কিন্তু তেওঁৰ এজন বিষয়া হিচাপে মৃত্যু হৈছিল আৰু তেওঁ আমাৰ কাৰণে এক আভিজাত্য আৰু এখন সৰু জমিদাৰি এৰি থৈ গৈছিল । তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ ধাৰবিলাক মাৰোতে জমিদাৰিখন প্ৰায় শেষ হ’ল। ফলত আমি আমাৰ ল’ৰালিকাল কটালো গাঁৱত । আমি খেতিয়কৰ ল’ৰা-ছোৱালীৰ দৰেই ডাঙৰ হ’লো – দিন-ৰাতি পথাৰ, হাবিত কটাইছিলো, ঘোঁৰা চেঁকুৰাইছিলো, লাইম-গছবিলাকৰ বাকলি গুচাইছিলো, মাছ ধৰিছিলো, ইত্যাদি ইত্যাদি … বুজিছানে, কোনোবাই যদি এদিনো গাঁৱত মাছ ধৰাৰ আনন্দ পায়, ফৰকাল শীতল হেমন্তৰ দিনবোৰত গাঁৱৰ আকাশত কেতেকী চৰাইবোৰে জাক পাতি উৰি ফুৰা দেখা পায়, সেইজন মানুহ আৰু কেতিয়াও সঁচা-সঁচি নগৰীয়া হ’ব নোৱাৰে; মৃত্যুপৰ্যন্ত তেওঁক গাঁৱৰ পৰিবেশে টানি থাকিব। ইফালে মোৰ ভাইটি আদালততে খোপনি পুতি বহিল । বহু বছৰ বাগৰি গ’ল, কিন্তু সি সেই একেই ঠাইতে বহি থাকিল, একেবোৰ কাগজেই লিখি থাকিল আৰু এটা কথাই ভাবি থাকিল – কেনেকৈ গাঁৱলৈ ঘূৰি যাব পাৰি । লাহে লাহে তাৰ এই আকাংক্ষা তাৰ মনত গোঁজ পুতি শিপা মেলি বহিল – কোনোবা নদী বা হ্ৰদ এটাৰ পাৰত এখন সৰু পাম কিনা ।
“সি ভাল মানুহ আছিল, ময়ো তাক ভাল পাইছিলো; কিন্তু মই কেতিয়াও এখন পামত নিজকে বন্ধ কৰি ৰখাৰ ধাৰণাটো সমৰ্থন কৰা নাছিলো । মানুহে মুখে মুখে কয় যে মানুহক মাত্ৰ ছ-হাত মাটিহে লাগে । কিন্তু ছ-হাত মাটি লাগে মৰা শ-কহে, মানুহক নহয় । আৰু মই শুনো যে আমাৰ জনা-শুনা মানুহবিলাকেও সৰহকৈ কিছু মাটি বিচাৰে আৰু পাম এখনৰ মালিক হ’বলৈ বিচাৰে । কিন্তু শেষপৰ্যন্ত ছ-হাত মাটিতহে ৰয়গৈ । নগৰ এৰি যোৱা, নগৰৰ জীৱনৰ ভাল-বেয়াবিলাক এৰি গৈ পামঘৰ এটাত লুকাই সোমাই থকাটো একো জীৱন নহয়, সেয়া হ’ল অহমিকা, এলাহ; সেয়া হ’ল একধৰণৰ নিষ্কৰ্ম বৈৰাগ্যবাদ । মানুহৰ বাবে কেৱল ছ-হাত মাটি, এখন পামেই যথেষ্ট নহয়; মানুহক লাগে গোটেই পৃথিৱীখন, সমগ্ৰ প্ৰকৃতি – য’ত তেওঁ স্বাধীনভাৱে নিজৰ মুক্ত আত্মাৰ সকলো গুণাগুণ প্ৰকাশ কৰিব পাৰে ।
“মোৰ ভাইটি নিক’লায়ে দপ্তৰত বহি বহি গোটেই চোতালখনত সুগন্ধি মলমলাই যোৱাকৈ কাঠফুলাৰ চুপ খোৱাৰ সপোন দেখিছিল; মুকলি আকাশৰ তলত বহি ভোজ খোৱাৰ, মুকলিত ৰ’দৰ উমত টোপনি যোৱাৰ, নঙলাৰ ওচৰত বহি পথাৰ আৰু হাবিলৈ ঘণ্টা ঘণ্টা ধৰি চাই থাকি নিজকে পাহৰি যোৱাৰ সপোন দেখিছিল । খেতি-বাতিৰ ওপৰত লিখা কিতাপ আৰু ভূ-চিত্ৰাৱলীৰ ওপৰত দিয়া শস্যৰ চিনবিলাক দেখি সি স্ফূৰ্তি পাইছিল, সেয়া আছিল তাৰ আত্মাৰ আহাৰ; সি বাতৰি-কাকতো ভাল পাইছিল, কিন্তু মাটি বেচাৰ বিজ্ঞাপনবিলাকহে । - যেনে, ইমানখিনি খেতি-মাটি অথবা ঘাঁহনি মাটি, এটা পামঘৰ, নদী, বাগিছা, ধান-কল, পুখুৰী । সি বাগিছাৰ দেৱাল, ফুল, ফল, চৰাইৰ বাহ, পুখুৰীৰ মাছবিলাক – গম পাইছানে – এইবিলাকৰে সপোন দেখিছিল । তাৰ এই কল্পনাবিলাক সি পোৱা বিজ্ঞাপনবোৰৰ ওপৰত নিৰ্ভৰ কৰি সলনি হৈছিল – কিন্তু প্ৰত্যেকটো সপোনতে এজোপা আমলখি গছ নিশ্চয় আছিল । এখন ঘৰ, এখন ৰোমাণ্টিক ঠাইৰ কথা সি এজোপা আমলখি অবিহনে সি কল্পনা কৰিব নোৱাৰিছিল ।
“গাঁৱৰ-জীৱনৰ বহুত সুবিধা” – সি প্ৰায়েই কৈছিল । “চাহ খাই খাই বাৰাণ্ডাত বহি থাকা, তোমাৰ হাঁহ পোৱালিবিলাক পুখুৰীত সাঁতুৰি থাকিব, কেউফালে থাকিব মিঠা গোন্ধ … আৰু থাকিব এজোপা আমলখি ।”
“সি প্ৰায়েই তাৰ পামখনৰ নক্সা আঁকিছিল, আৰু সদায় তাত একেখিনি বস্তুৱেই দেখুৱাইছিল – এটা পামঘৰ, আলহী-ঘৰ, পাচলিৰ বাগিছা, আমলখি গছ । সি বৰ টানি-টুনি চলিছিল, খোৱা-পিয়াত প্ৰয়োজনতকৈও কম খৰছ কৰিছিল; ভগৱানে জানে, কেনেকৈ পিন্ধা-উৰা কৰিছিল – একেবাৰে ধৰা ভিক্ষাৰীৰ নিচিনাকৈ, আৰু পইচাবিলাক বেংকত সাঁচি ৰাখিছিল । সি আছিল ভয়ংকৰ কৃপণ । মই তাক লগ পালেই দুখ লাগিছিল, তাক মই ক’ৰবাত ফুৰিবলৈ যাবলৈ পইচা দিছিলো; কিন্তু সি সেয়াও জমা থৈছিল । এবাৰ কাৰোবাৰ মনত এটা ধাৰণা লাগি ধৰিলে কৰিবলৈ আৰু একো নাথাকেগৈতো !
কেইবাবাছৰ পাৰ হ’ল; নিক’লাই বেলেগ এখন প্ৰদেশলৈ বদলি হ’ল । সি চাকৰিৰ চল্লিছটা বছৰ পাৰ হৈ যোৱাৰ পিছতো বিজ্ঞাপন পঢ়িয়েই থাকিল আৰু পইচা গোটায়েই থাকিল । তাৰ পিছত মই শুনিলো, সি বিয়া পাতিলে। বিয়াও সি একেই এজোপা আমলখি গছৰে সৈতে এটা পামঘৰৰ আশাৰেই পাতিলে; কেৱল পইচা থকা বাবেই কোনো ভালপোৱা অবিহনেই এগৰাকী বয়সিয়াল, আপচু বিধৱাক সি বিয়া কৰালে । তাইৰ সৈতেও সি একেদৰেই টানি-টুনি চলি থাকিল, তাইক আধাপেটীকৈ ৰাখি তাইৰ পইচাবিলাক সি নিজৰ নামত বেংকত জমা কৰিলে । তাই আছিল এজন পোষ্টমাষ্টৰৰ ঘৈণীয়েক, গতিকে তাই আছিল এটা স্বচ্ছল জীৱনত অভ্যস্ত; কিন্তু তাইৰ দ্বিতীয় পতিৰ লগত তাই আনকি খোৱাৰ জোখাৰে ক’লা-ৰুটিও নাপাইছিল । নতুন জীৱনত তিতা-কেঁহা লাগি, তিনি বছৰমানৰ ভিতৰতে তাই সিফলীয়া হ’ল । তাইৰ মৃত্যুৰ বাবে মোৰ ভাইটিয়ে কেতিয়াও মুহূৰ্তৰ বাবেও নিজকে জগৰীয়া কৰাৰ কথা নাভাবিলে। ভদকাৰ দৰে, পইচায়ো মানুহৰ লগত সাংঘাতিক খেল খেলিব পাৰে । এবাৰ আমাৰ গাৱঁত এজন বেপাৰীৰ মৰো মৰো অৱস্থা । মৰাৰ আগে আগে সি অলপ মৌ বিচাৰিলে, আৰু তাৰ সকলো পইচা আৰু পইচাৰ ৰছিদবিলাক মৌৰ লগত খাই পেলালে যাতে তেওঁৰ মৃত্যুৰ পিছত সেয়া কোনোৱে পাব নোৱাৰে । আকৌ এবাৰ মই এটা ষ্টেচনত এজাক ঘোঁৰা পৰীক্ষা কৰি থাকোঁতে এজন ঘোঁৰা-বেপাৰী ৰে’লগাড়ীৰ তলত পৰি ভৰি এখন কটা গ’ল। আমি তেওঁক জিৰণি-কোঠালৈ লৈ আনিলো; তেওঁ তেজেৰে তুমৰলি হৈ পৰিছিল – এটা ভয়ংকৰ দৃশ্য – কিন্তু তেওঁ কেৱল নিজৰ ভৰিখনৰ কথাই সুধি থাকিল কাৰণ তাৰ বুটযোৰৰ ভিতৰত পঁশিছ ৰুবল আছিল আৰু তেওঁ সেয়া কোনোমতেই হেৰুৱাব খোজা নাছিল।”
“তোমাৰ কাহিনীৰপৰা ফালৰি কাটি নাযাবা দেই”, ব’ৰ্কিনে ক’লে ।
“ঘৈণীয়েকৰ মৃত্যুৰ পিছত”, ইভান ইভানিছে এটা দীঘলীয়া বিৰতিৰ পিছত কৈ গ’ল, “মোৰ ভাইটিয়ে এখন পাম বিচাৰিবলৈ ধৰিলে । পিছে পাঁচ বছৰ বিচাৰিও তোমাৰ গেলা বৰালিত হাত পৰিব পাৰে । এজন প্ৰতিনিধিৰ সহায়ত নিক’লায়ে এটা লোন ল’লে আৰু তিনিশ একৰৰ মাটিৰ সৈতে এটা পামঘৰ, এটা আলহী-ঘৰ, এখন বাগিছা কিনিলে; কিন্তু তাত ফল-মূলৰ বাগিছা, আমলখি গছ, হাঁহৰ পুখুৰী – একোৱেই নাছিল । যিওবা এখন নদী আছিল, তাৰ পানীও আছিল কফি ৰঙৰ, কাৰণ পামখন আছিল এটা ইটাৰ ভাতা আৰু এটা জিলেটিন-কাৰখানাৰ মাজত । কিন্তু নিক’লাই সেই লৈ অকণো চিন্তিত হোৱা নাছিল; সি বিশজোপা আমলখি গছৰ পুলি কিনি আনি লগালে আৰু এটা গাঁৱলীয়া জীৱন কটাবলৈ ধৰিলে ।
যোৱা বছৰ মই এবাৰ তাক দেখা কৰিছিলো । মই ভাবিছিলো, মই গৈ চাম, সি কেনে আছে । তাৰ চিঠিত নিক’লায়ে তাৰ পামখন নাম শ্বিমবাৰ্ছভ কৰ্নাৰ অথবা হিমালয়স্ক’ বুলি কৈছিল । মই হিমালয়স্ক’ পাইছিলোগৈ আবেলি পৰত । বৰ গৰম পৰিছিল । কেউফালে আছিল লোঙা, জেওৰা, জোপোহা, কুমলীয়া ফিৰ-গছৰ শাৰী, ডাঙৰ গছ ইত্যাদি; কিন্তু কেনেকৈ পথাৰখন পাৰ হ’ব লাগে অথবা ক’ত তোমাৰ ঘোঁৰাটো বান্ধিব লাগে, তাৰ একো নিৰ্দেশনা নাছিল । মই ঘৰটো পালোগৈ আৰু এটা গাহৰিৰ দৰে শকত ৰঙা-চুলীয়া কুকুৰ লগ পালোগৈ । সি ভুকিব খুজিছিল, পিছে এলাহ কৰি বাদ দিলে । ৰান্ধনি-ঘৰৰপৰা খালী ভৰিৰে এজন ৰান্ধনি ওলাই আহিল, সিও আছিল গাহৰিৰ দৰেই শকত, আৰু ক’লে যে তাৰ গিৰিহঁতে আবেলিৰ টোপনি মাৰিছে । মই সোমাই গ’লো আৰু মোৰ ভাইটিক বিছনাৰ ওপৰত কম্বল এখনেৰে আঁঠুকেইটা ঢাকি বহি থকা দেখা পালো । তাক বুঢ়া, শকত আৰু লেধেমা দেখা গৈছিল, তাৰ গাল দুখন, নাকটো আৰু ওঁঠযোৰ ওলমি পৰিছিল । আৰু মই কেতিয়াও আশা কৰা নাছিলো যে সি নাকেৰে তেনেকৈ গাহৰিৰ দৰে ঘোৰ্ঘোৰাই থাকিব ।
আমি ইটোৱে সিটোক আনন্দত সাবটি ধৰিলো – কিন্তু একে সময়তে বেয়াও লাগিল যে আমিও এসময়ত ডেকা আছিলো, কিন্তু এতিয়া বুঢ়া হৈ মৃত্যুৰ ফালে গতি কৰিছো । সি কাপোৰ-কানি পিন্ধি তাৰ পামখন দেখুৱাবলৈ লৈ গ’ল।
“বাৰু, কেনে চলি আছে, ক-চোন ।” মই সুধিলো ।
“ভগৱানৰ কৃপাত ঠিকেই আছে । ভালেই চলি আছে ।”
“সি আৰু সেই দুখীয়া, ভাগৰুৱা চৰকাৰী কেৰাণী হৈ থকা নাছিল, সি হৈ পৰিছিল এখন পামৰ মালিক আৰু এজন গুৰুত্বপূৰ্ণ মানুহ । সি সেই ঠাইত খাপ খাই পৰিছিল আৰু তাত ভাল পাইছিল, খাই-বৈ স্ফূৰ্তিত আছিল, ৰুছিয়ান কায়দাৰ চেলুনত গৈ গা-ধুইছিল, শকত হৈ পৰিছিল, স্থানীয় পঞ্চায়ত আৰু উদ্যোগ পৰিচালনাৰ সদস্য হৈছিল, আৰু আধিয়াৰসকলে ‘মহাজন’ নুবুলিলে খং কৰিবলৈ লৈছিল । আৰু ভাল জমিদাৰৰ দৰে নিজৰ তলতীয়াসকলৰ যত্ন লোৱা দেখুৱাইছিল আৰু সমাজৰ গুৰুত্ব পাবলৈ ৰাজহুৱা কাম-কাজত জড়িত হৈ পৰিছিল । কেনেধৰণৰ ৰাজহুৱা কাম ? যেনে, সি আধিয়াৰসকলৰ সকলো ৰোগৰ দৰব দিছিল – একেই চ’দা আৰু এড়ী তেল, তাৰ জন্মদিনৰ দিনা গাঁৱৰ মাজত ধন্যবাদ-সূচক সভা পাতিছিল আৰু আধিয়াৰসকলক আধা বাল্টিকৈ ভদ্‌কা দিছিল – সি ভাবিছিল সেয়াই কামৰ লগৰ কাম । উঃ কিমান সস্তীয়া ভদ্‌কা ! আগদিনা মহাজনে নিজৰ মাটিৰে পাৰ হৈ যোৱা বাবে অধিয়াৰ এটাক ফাটেকত দিব আৰু পিছদিনা বন্ধ পাই তাক আধা বাল্টি ভদ্‌কা দিব ! তাকে খাই সি আনন্দত মচগুল হ’ব আৰু মহাজনৰ জোতা চেলেকিব ! ৰুছিয়ানবিলাকে আৰামত থাকিবলৈ পালে আৰু সোৱাদ-লগাকৈ খাবলৈ পালে অৰ্থহীনভাৱে দাম্ভিক হৈ পৰে । নিক’লাই ইভানিছ, যি এসময়ত কিবা কথাত মন্তব্য এটা দিবলৈকো ভয় কৰিছিল - ভাবি চোৱা – এতিয়া তাৰ কথাই হৈ পৰিছিল আইন ! কি কি কথা নকৈছিল সি – ‘শিক্ষা সৰ্বসাধাৰণৰ বাবে প্ৰয়োজনীয়, কিন্তু সিহঁত তাৰ যোগ্য নহয়’, ‘শাৰীৰিক শাস্তি সাধাৰণতে হানিকৰ, কিন্তু কিছু কিছু ক্ষেত্ৰত শাৰীৰিক শাস্তি দৰকাৰী’। এইধৰণৰ কথা ...”
‘মই এই মানুহবিলাকক চিনি পাওঁ আৰু জানো কেনেকৈ সিহঁতৰ লগত ব্যৱহাৰ কৰিব লাগে,’ সি কৈছিল, ‘মানুহবিলাকে মোক ভাল পায় । মই আঙুলি উঠালেই হ’ল, মই যি বিচাৰো, সিহঁতে তাকে কৰিব ।’
“আৰু এইবোৰ কথা সি এক মহাজ্ঞানীধৰণৰ মিচিকীয়া হাঁহিৰে কৈছিল । সি বাৰে বাৰে ‘আমি অভিজাতসকল’ অথবা ‘মই, এজন অভিজাত লোক হিচাপে’ – এইধৰণে কথা কৈছিল । সি চাগে’ পাহৰি গৈছিল যে আমাৰ ককা আছিল এজন আধিয়াৰ খেতিয়ক আৰু দেউতা আছিল এজন সাধাৰণ সৈনিক । আনকি আমাৰ অদ্ভূত ধৰণৰ চিমাছা-হিমালয়িস্কি বোলা বংশৰ নামটোও তাৰ সুশ্ৰাব্য, অভিজাত আৰু ভাল-লগা যেন বোধ হৈছিল ।”
“কিন্তু মই তাতকৈ মোৰ কথাহে ক’ব খুজিছোঁ । মই ক’ব খুজিছো, তাৰ ঘৰত থকা কেইঘণ্টামানৰ ভিতৰতে মই কিমান সলনি হৈ গ’লো । আবেলি আমি চাহ খাই থাকোঁতে ৰান্ধনিজনে প্লেট এখনত অলপ আমলখি আনি দিলেহি । আমলখিখিনি কিনা নাছিল, আছিল তাৰ নিজৰ খেতিৰে – সেয়া প্ৰথমবাৰৰ বাবে তাৰ নিজৰ গছৰপৰা ছিঙা আমলখি আছিল । নিক’লাই ইভানিছে আনন্দত হাঁহি উঠিল, কেইমূহূৰ্তমান নিৰৱে আমলখিকেইটালৈ চাই থকাৰ পিছত তাৰ চকুৰ কোণত চকু-পানী বিৰিঙি উঠিল । উত্তেজনাত সি বোবা হৈ পৰিল, এটা আমলখি তাৰ মুখত ভৰালে, শিশু এটাই নিজৰ প্ৰিয় পুতলাটো পোৱাৰ দৰে মোলৈ গৌৰৱেৰে চাই পঠিয়ালে আৰু ক’লে, ‘খাবলৈ ইমান বঢ়িয়া !’
“সি লুভীয়াৰ দৰে এটাৰ পিছত এটাকৈ খাই থাকিল আৰু কৈ থাকিল, ‘এটা খাই চোৱানা, কিমান সোৱাদ খাবলৈ !’”
“আমলখিবিলাক আছিল কঠুৱা আৰু টেঙা, কিন্তু পুস্কিনে কোৱাৰ দৰে দহ হাজাৰ সত্যতকৈও আমাৰ মনৰ ভ্ৰম অধিক শক্তিশালী । মই নিক’লাইৰ মাজত এজন সুখী মানুহ দেখা পাইছিলো, যাৰ এটা দীৰ্ঘ দিনৰ সপোন পূৰ্ণ হৈছে, যি জীৱনৰ লক্ষ্যত উপনীত হৈছে, যি বিচৰা ধৰণে সকলো পাইছে – আৰু নিজৰ ভাগ্য আৰু নিজক লৈ অতি সুখী । মোৰ ধাৰণা আছিল যে মানুহৰ জীৱনত সুখৰ লগে লগে কিছু দুখো মিহলি হৈ থাকে, কিন্তু এতিয়া এজন সুখী মানুহৰ সমুখত মই নিজকে অতি হতাশ অনুভৱ কৰিলো । নিশালৈ মোৰ সেই অনুভৱ আৰু বাঢ়ি আহিল। মোৰ বিছনাখন ভাইটিৰ কোঠাটোৰ কাষতেই পাৰি দিছিল আৰু মই গম পাই আছিলো যে সি ৰাতি শুব পৰা নাছিল, বাৰে বাৰে আমলখিৰ থালখনলৈ অহা-যোৱা কৰি আছিল । মই ভাবিলো – মানুহবিলাক যে কেনেধৰণে সুখী আৰু সন্তুষ্ট হয়! সুখী হ’বলৈ মানুহক কিমান মানসিক শক্তিৰ প্ৰয়োজন হয় ! জীৱনত কি দেখিছোঁ মই – দেখিছোঁ ক্ষমতাশালীজনৰ অহংকাৰ আৰু অলসতা আৰু দুৰ্বলজনৰ অজ্ঞতা আৰু পশুতুল্যতা – দেখিছোঁ ভয়ংকৰ দাৰিদ্ৰ, ঠেলা-হেঁচা, নিচা, মিছা দেশাচাৰ, ফাঁকি ... কিন্তু সৰ্বত্ৰ, সকলো ঘৰতে, সকলো পথতে বিৰাজ কৰিছে তথাকথিত শান্তি; নগৰখনৰ পঞ্চাশ হাজাৰ মানুহৰ কোনেও কেতিয়াও এই অৱস্থাৰ প্ৰতিবাদ কৰা নাই । ভাবি চোৱাচোন, মানুহবিলাক বজাৰলৈ বস্তু কিনিবলৈ গৈছে, খোৱাৰ সময়ত খাইছে, ৰাতি টোপনি মাৰিছে, ফাল্টু কথাৰ মহলা মাৰিছে, বিয়া কৰাইছে, বুঢ়া হৈছে, মৃতকৰ লগত শ্মশানলৈ গৈছে, – কেতিয়াও তেওঁলোকৰ কষ্টৰ কথা শুনিবলৈ পোৱা নাই, জীৱনৰ দুখ-শোক, উত্থান-পতন সকলো যেন আঁৰে আঁৰেই ঘটি আছে । দেখাত সকলো শান্ত, সমাহিত – কিন্তু আচলতে ভিতৰি ভিতৰি সমানে সমানে অশান্তি, অসন্তুষ্টিও চলি আছে । কোনোবা পাগল হৈ গৈছে, কোনোবাই মদ খাই মাতাল হৈ গৈছে, কিমান শিশুৰ অপুষ্টিত মৃত্যু ঘটিছে ! আৰু আমিও যেন আচলতে এয়াই বিচাৰো; সুখী মানুহ এজনৰ সুখৰ আঁৰত যেন থাকে এজন অসুখী মানুহৰ নিৰৱ দুখ, যাৰ কাৰণে সুখ যেন সদায় দূৰৰ পাহাৰ । এয়া হ’ল এক সন্মোহন। প্ৰত্যেকজন সুখী মানুহৰ দুৱাৰত এটা হাতুৰি থকা উচিত যাতে সেইটো বজাই তেওঁক মনত পেলাই দিব পাৰি যে দুখীয়া মানুহো আছে, আৰু যে তেওঁ যিমানেই সুখী নহওক, জীৱনে যেতিয়াই তেতিয়াই গতি সলাব পাৰে আৰু তেওঁলৈ নামি আহিব পাৰে অন্ধকাৰ ভৱিষ্যত – সেয়া ৰোগ-ব্যাধিয়েই হওক, দাৰিদ্ৰই হওক, কিবা লোকচানেই হওক; - আৰু তেতিয়া তেওঁক চাবলৈ অথবা তেওঁৰ কথা শুনিবলৈ কাষত কোনোৱেই নাথাকিব, যিদৰে তেওঁৰ হাতত এতিয়া আনৰ বাবে সময় নাই । কিন্তু কাৰো হাতত তেনে এটা হাতুৰি নাই, সুখী মানুহবিলাক প্ৰাত্যহিক জীৱনৰ উঠা-নমাৰ মাজেৰেই চলি থাকে, বতাহত দুলি থকা আস্পেন গছ এজোপাৰ দৰেই ।
“সেইদিনা মই উপলব্ধি কৰিছিলো, কিদৰে ময়ো আছিলো সুখী আৰু সন্তুষ্ট।” ইভান ইভানিছে কৈ গ’ল, “ময়ো খোৱাৰ পৰতেই হওক, চিকাৰ কৰিবলৈ যাওঁতেই হওক, জনতাৰ জীৱনৰ চিৰন্তন নিয়মবিলাকত সিমান গুৰুত্ব নিদিওঁ । ময়ো প্ৰায়েই কৈছিলো যে শিক্ষাদান মহৎ কাম, শিক্ষা-গ্ৰহণো প্ৰয়োজন, কিন্তু সাধাৰণ মানুহৰ বাবে কেৱল পঢ়া-লিখা কৰিব জনাই যথেষ্ট । স্বাধীনতা এক আশীৰ্বাদ – মই প্ৰায়েই কৈছিলো – স্বাধীনতা আমি উশাহত লোৱা বতাহৰ দৰেই প্ৰয়োজনীয়, কিন্তু তাৰ বাবে আমি অপেক্ষা কৰা উচিত । হয়, মই তেনেকৈয়েই কৈছিলো, কিন্তু এতিয়া মই প্ৰশ্ন কৰোঁ, ‘আমি কিয় অপেক্ষা কৰিব লাগে ?’” ইভান ইভানিছৰ যেন খং উঠিল; ব’ৰ্কিনলৈ চাই ক’লে, “মই তোমাক সুধিছোঁ, আমি কিয় অপেক্ষা কৰিম? আমি কিয় স্বাধীনতা বাবে আশা পালি থাকিম ? মই কোৱা শুনিছোঁ যে আমি একেলগে সকলো বিচৰা বস্তু পাব নোৱাৰো, আৰু সকলো সময়ত হৈ থাকিব । কোনে কয় সেই কথা ? তেনে হ’ব বুলি কি প্ৰমাণ আছে ? তুমি নিশ্চয় মোক প্ৰকৃতিৰ নিয়মৰ কথা ক’বা, কিন্তু এনেকুৱা কিবা প্ৰকৃতিৰ নিয়ম আছে নেকি যে মই এটা জানৰ কাষত জানটো পানীৰে ভৰালৈকে ৰৈ থাকিম নে শুকাই যোৱালৈ ৰৈ থাকিম যাতে মই জানটো জঁপিয়াই পাৰ হৈ যাব পাৰোঁ অথবা তাৰ ওপৰত এখন দলং সাজিব পাৰোঁ ? কোৱাচোন, আমি কিয় অপেক্ষা কৰিব লাগে ? জীয়াই থকাৰ শক্তি নোহোৱালৈকে জীয়াই থাকিব লাগে নে জীয়াই থকাৰ আশা থকালৈকে জীয়াই থাকিব লাগে ?”
“পিছদিনা পুৱাই মই ভাইটিৰ ঘৰৰপৰা গুচি আহিলো আৰু তেতিয়াৰপৰাই মই নগৰত থাকিব নোৱৰা হ’লো । নগৰৰ শান্ত-সমাহিত পৰিৱেশটোৱে মোক চেপি ধৰে । মই ঘৰবিলাকৰ খিৰিকিলৈ নাচাওঁ, কাৰণ মেজৰ চাৰিওফালে এটা সুখী পৰিয়াল বহি চাহ খাই থকা দৃশ্যটো মোৰ একেবাৰে সহ্য নহয় । এতিয়া মই এজন বৃদ্ধ, মোৰ সংগ্ৰাম কৰাৰ সক্ষমতা নাই আৰু । মই জীৱনটো দেৰিকৈ আৰম্ভ কৰিলোঁ। মই কেৱল মোৰ অন্তৰৰ ভিতৰত দুখ কৰিব পাৰোঁ, আৰু হতাশাত অস্থিৰ হ’ব পাৰোঁ। ৰাতি হ’লেই মোৰ মূৰটো চিন্তাই জুমুৰি দি ধৰে আৰু টোপনি নহা হয় । উস, মই ডেকা হৈ থকাহেঁতেন !”
ইভান ইভানিছে উত্তেজিতভাৱে কোঠাটোৰ ইমূৰৰপৰা সিমূৰলৈ অহা-যোৱা কৰি থাকিল আৰু কৈ থাকিল, “মই ডেকা হৈ থকাহেঁতেন !”
হঠাতে তেওঁ আলিয়’খিনৰ ওচৰলৈ গ’ল, প্ৰথমতে এখন হাতেৰে আৰু তাৰ পিছত দুয়োখন হাতেৰে জোকাৰি দিলে ।
“পাভেল ক’ষ্টানটিনিছ,” সি যেন কাকূতি কৰি কৈ উঠিল, “সহজে সন্তুষ্ট নহ’বা, নিজকে সুপ্ত কৰি নেপেলাবা ! যেতিয়া ডেকা হৈ আছা, শক্তিশালী হৈ আছা, সামৰ্থৱান হৈ আছা; ভাল কাম কৰিবলৈ নেৰিবা ! যদি জীৱনৰ কিবা অৰ্থ আছে, সেয়া আমাৰ স্বাৰ্থপৰ সুখবোৰত নাথাকে আৰু থকা উচিতো নহয়, – জীৱনৰ অৰ্থ হ’ল তাতোকৈ মহান আৰু যুক্তিকৰ । ভাল কাম কৰা !”
ইভান ইভানিছে এনেকৈ আকুতিৰে হাঁহিলে যেন তেওঁ নিজৰ বাবেহে কিবা এটা বিচাৰিছে ।
তাৰ পিছত তেওঁলোক আটাইকেইজন চ’ৰাঘৰৰ বেলেগ বেলেগ চুকত নীৰৱে বহি ৰ’ল । ইভান ইভানিছৰ কাহিনীটোৱে ব’ৰ্কিন অথবা আলিয়’খিনকো সন্তুষ্ট কৰিব নোৱাৰিলে । সোণালী ফ্ৰেমেৰে বন্ধোৱা জেনেৰেলকেইজন আৰু ভদ্ৰমহিলাকেইগৰাকীৰ জুইকুৰাৰ পোহৰত জীৱন্ত যেন লগা ছবিকেইখনৰ ওচৰত বহি আমলখি খোৱা এজন কৃপণ বিষয়াৰ কাহিনী শুনাটো আছিল অস্বস্তিকৰ ...। তেওঁলোকে শুনিবলৈ-ক’বলৈ খুজিছিল কোনোবা ৰসাল মানুহৰ কথা বা ধুনীয়া তিৰোতাৰ কথা । আৰু কোঠাটোত থকা সকলোবোৰ আচবাবেই – লেম্পটোৰ ৰঙীন ঢাকনিখন, চকীকেইখন, ভৰিৰ তলৰ দলিছাখন – সকলোৱেই যে সোঁৱৰাই আছিল যে ছবিকেইখনৰপৰা চাই থকা মানুহকেইজনে এদিন আহি তেওঁলোক বহি থকা কোঠাটোতেই খোজ কাঢ়িছিল, বহিছিল আৰু চাহ খাইছিল – তাৰোপৰি সুন্দৰী পেলাগুয়া যে কাষত বহি আছে – সেয়াই আছিল এই কাহিনীটোতকৈ অনেক ৰোমাঞ্চকৰ ।
আলিয়’খিনৰ খুব শুই পৰিবলৈ মন গৈছিল; সি পুৱা সোনকালে শুই উঠিব লাগিব – দুইমান বজাতে; তাৰ চকুদুটা জাপ খাই আহিছিল । কিন্তু সি আশংকা কৰিছিল যে তাৰ আলহীকেইজনে কিবা আকৰ্ষণীয় কথা ক’ব আৰু সি সেয়া শুনিবলৈ নাপাব – সেই কাৰণেই সি বিছনালৈ নোযোৱাকৈ আছিল । ইভান ইভানিছে কোৱা কথাবিলাক চতুৰ অথবা সত্য নে সেই ভাবি সি কষ্ট কৰা নাছিল – তাৰ আলহীকেইজনে খুন্দা শস্য, খেৰ, আলকতৰা – এইবোৰ কথাৰ সলনি তাৰ জীৱনৰ লগত কোনো সম্পৰ্ক নোহোৱা কিছুমান কথা কৈ আছিল – সি সেয়া শুনি ভাল পাইছে আৰু তেওঁলোকক কৈ যোৱাটোৱেই বিচাৰিছে ...
“যি কি নহওক, শুব লাগে আৰু,” ব’ৰ্কিনে উঠি উঠি ক’লে, “সকলোলৈকে শুভৰাত্ৰি ।”
আলিয়’খিনেও শুভৰাত্ৰি জনালে আৰু আলহীহঁতক এৰি তলৰ মহলালৈ নামি গ’ল । প্ৰত্যেকেই পুৰণি কাঠৰ বিছনা, ফুল-কটা আচবাব, আৰু একোটা হাতীৰ দাঁতৰ ক্ৰুছ থকা একোটাকৈ ডাঙৰ কোঠা পালেগৈ – বহল ধুনীয়া বিছনাবিলাক পেলাগুয়াই পাৰি দিয়া পৰিষ্কাৰ কাপোৰৰ গোন্ধেৰে মলমলাই আছিল ।
ইভান ইভানিছে মনে মনে কাপোৰ খুলি বিছনাত পৰিল ।
“মই মূঢ়মতিক ভগৱানে ৰক্ষা কৰিবা,” সি ভোৰভোৰালে আৰু গালৈ কাপোৰখন টানি ল’লে ।
ব’ৰ্কিনে মেজৰ ওপৰত থোৱা পাইপডালৰপৰা পচা ধঁপাতৰ গোন্ধ এটা ভাহি আহিল; গতিকে সি বেছি দেৰি শুই থাকিব নোৱাৰিলে, কাৰণ সি ধৰিব নোৱাৰিলে দুৰ্গন্ধটো ক’ৰপৰা আহিছে ।
গোটেই ৰাতি খিৰিকিখনৰ বৰষুণৰ টোপালবিলাকে খুন্দিয়াই থাকিল ।

Share Button
Print Friendly, PDF & Email

No Comments : "আমলখি - (মূল: এণ্টন ছেখভ; অনুবাদ: ড° বসন্ত কুমাৰ বৰা)"

Leave a Comment

Your email address will not be published. Required fields are marked *